July 27, 2024

হোজাই জিলা | Hojai District Data and Facts

  •   Division: Central Assam
  •   Headquarter: Sankardev Nagar, Hojai
  •   Sub-Divisions: Nil
  •   Revenue Circles: 3
  •   Development Blocks: 5
  •   Geographical Area: 1685 sq. km
  •   Population: 9,31,218
  • District Commissioner – Shri Lachit Kumar Das, ACS
  • Official website click here

Helplines

  • Child Helpline: 1098
  • Fire Emergency: 102
  • Medical: 108
  • Women’s Helpline 181
  • Assam Police: 100
  • Fire Station: 102
  • All India Railway: 1512
চৰকাৰ
 – লোকসভা সমষ্টিনগাঁও লোকসভা সমষ্টি
 – বিধানসভা সমষ্টিযমুনামুখ, হোজাই, লামডিং
জনসংখ্যা (২০১১)
 – মুঠ৯,৩১,২১৮ জন

১৯৮৩ চনৰ ১৫ আগষ্ট তাৰিখে হোজাইক নগাঁও জিলাৰ মহকুমা হিচাপে ঘোষণা কৰা হৈছিল। মহকুমা ঘোষণা কৰাৰ ৩২ বছৰৰ পাছত অর্থাৎ ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱে হোজাই, যমুনামুখ আৰু লামডিং বিধানসভা সমষ্টিক সামৰি হোজাই জিলা হিচাপে চৰকাৰীভাৱে ঘোষণা কৰে। বৰ্তমান হোজাই জিলাৰ সদৰ ঠাই হৈছে হোজাই চহৰ (শংকৰদেৱ নগৰ)। হোজাই জিলাৰ প্ৰথমজন ভাৰপ্ৰাপ্ত উপায়ুক্ত হৈছে শ্ৰীমতী কাবেৰী বৰকাকতী শৰ্মা।

নামটোৰ উৎপত্তিঃ

মধ্যযুগত হোজাই ডিমাছা-কছাৰী ৰাজ্যৰ এটা অংশ আছিল। আহোম বুৰঞ্জী অনুসৰি ডিমাছা কছাৰী ৰাজ্য দিখু নদীৰ পৰা কলং নদীলৈকে বিয়পি আছিল৷ হোজাই অঞ্চলত বাস কৰা ডিমাছা-কছাৰীসকলক হোজাই কছাৰী বুলি জনা যায়। ডিমাছা গোষ্ঠীৰ এটা ফৈদ হ’ল হোজাই। এই ফৈদটোৰ নামৰ পৰাই হোজাই নামটোৰ উৎপত্তি হৈছে বুলি ধাৰণা কৰা হয়।

চাৰিসীমা :

জিলাখনৰ পূবে কাৰ্বি আংলং জিলা, পশ্চিমে পশ্চিম কাৰ্বি আংলং জিলা, উত্তৰে নগাঁও জিলা আৰু দক্ষিণে ডিমা হাছাও জিলা অৱস্থিত। মহকুমা, ৰাজহ চক্ৰ, উন্নয়ন খণ্ড ইত্যাদি :

জিলা হিচাপে ঘোষণা কৰাৰ আগলৈকে হোজাই, নগাঁও জিলাৰ অন্তৰ্গত আছিল। জিলাখনৰ প্ৰধান ঠাইসমূহ হ’ল— যমুনামুখ, হোজাই, ডবকা, নীলবাগান, লংকা, লামডিং আদি।

হোজাই জিলাৰ মুঠ মাটিকালি হৈছে ১,৬৮৫ বর্গ কিঃ মিঃ। নতুনকৈ গঠন হোৱা হোজাই জিলাত তিনিটা ৰাজহ খণ্ড আৰু চাৰিটা উন্নয়ন খণ্ড আছে। ৰাজহ খণ্ডকেইটা হৈছে : হোজাই ৰাজহ খণ্ড, লংকা ৰাজহ খণ্ড আৰু ডবকা ৰাজহ খণ্ড। উন্নয়ন খণ্ডকেইটা হৈছে: বিন্নাকান্দি উন্নয়ন খণ্ড, ওদালি উন্নয়ন খণ্ড, ধলপুখুৰী উন্নয়ন খণ্ড, লামডিং উন্নয়ন খণ্ড, যোগীজান উন্নয়ন খণ্ড। হোজাই জিলাত ৮টা মৌজা, ৭খন আৰক্ষী থানা আছে। জিলাখনত থকা বিধানসভা সমষ্টিকেইটা হৈছেঃ হোজাই, যমুনামুখ আৰু লামডিং। আটাইকেইটা সমষ্টি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত।

জনসংখ্যা :

২০১১ চনৰ লোকপিয়লমতে নতুনকৈ গঠন হোৱা হোজাই জিলাৰ মুঠ জনসংখ্যা ৯,৩১,২১৮ জন। ইয়াৰ ভিতৰত ৪,৯৯,৫৬৫ জন মুছলমান আৰু ৪,২৪,০৬৫ জন হিন্দু। মুছলমান জনসংখ্যাৰ হাৰ ৫৩.৬৫ শতাংশ আৰু হিন্দু জনসংখ্যা ৪৫.৫৩ শতাংশ। তাৰ ভিতৰত ডবকা ৰাজহ খণ্ডত আটইতকৈ বেছি মুছলমান জনসংখ্যা আছে।

শিক্ষা :

হোজাই জিলা আধুনিক শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া। জিলাখনত কেইবাখনো চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে আন কেইবাখনো বেচৰকাৰী আগশাৰীৰ শিক্ষানুষ্ঠান আছে। তাৰ ভিতৰত শংকৰদেৱ জুনিয়ৰ কলেজ, আৰিয়ান একাডেমী, বিবেকানন্দ কলেজ, আজমল কলেজ ইত্যাদি। কম্পিউটাৰ শিক্ষাৰ প্ৰসাৰৰ বাবেই হোজাইত কেইবাটাও কম্পিউটাৰ প্রশিক্ষণ কেন্দ্ৰ গঢ় লৈ উঠিছে। হোজাইতে হাজি আব্দুল মজিদ মেম’ৰিয়েল হস্পিটেল আৰু গৱেষণা কেন্দ্ৰ নামেৰে এখন ডাঙৰ গ্ৰাম্য চিকিৎসালয়ৰ লগতে সৰু-বৰ অনেক ক্ষুদ্র উদ্যোগ আছে। জিলাখনৰ অগৰু সুগন্ধি উদ্যোগৰ বজাৰ মধ্যপ্রাচ্যলৈকে বিয়পি পৰাৰ বাবে জিলাখনলৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতি আহিছে। শেহতীয়াকৈ অসম চৰকাৰে জিলাখনত ‘ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়’ নামেৰে এখন বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰাৰ কথা ঘোষণা কৰিছে।

যাতায়াত ঃ

হোজাই জিলালৈ ৰে’ল যোগাযোগ ব্যৱস্থা অতি সুচল। জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা ব্ৰডগজ ৰে’লপথে জিলাখনক ৰাজধানী চহৰ গুৱাহাটী আৰু নিউ তিনিচুকীয়া জংছনক সংযোগ কৰিছে। জিলাখনৰ পৰা গুৱাহাটী, নতুন দিল্লী আদিলৈ পোনপটীয়া ৰে’লসেৱা আছে। জিলাখনত থকা কেইটামান মূল ৰে’ল ষ্টেশ্যন হ’ল ঃ লামডিং, লংকা, হোজাই, যমুনামুখ ইত্যাদি। হোজাই জিলাৰ লামডিঙত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মাণ্ডলিক মুখ্য কাৰ্যালয় অৱস্থিত। লামডিঙৰপৰা জিলাখনৰ বিভিন্ন ঠাইলৈ যোৱাৰ সুব্যৱস্থা আছে। গুৱাহাটীৰপৰা হোজাই জিলাৰ সদৰলৈ স্থলপথেৰে দূৰত্ব ১৭৭ কিলোমিটাৰ। হোজাইৰ পৰা গুৱাহাটী, নগাঁও, লামডিং আদিলৈ পোনপটীয়া বাছসেৱা আছে। জিলাখনত বিমান বন্দৰ নাই।

You can also Read

References

  1. I collected from Wikipedia
  2. Official site
  3. and different books

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *