September 13, 2024

Brahmaputra River in Assamese। ব্ৰহ্মপুত্ৰ নদৰ ইতিহাস

Brahmaputra River in Assamese

ব্ৰহ্মপুত্ৰ নদ । History of Brahmaputra River in Assamese

ব্ৰহ্মপুত্ৰ হৈছে ভাৰত তথা অসমৰ এক প্ৰধান নদী। এই নদীক লুইতবৰলুইতচিৰিলুইতলৌহিত্য আদি নামেৰেও জনা যায়। প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। ই ভাৰতৰ একমাত্ৰ পুৰুষ নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত। সভ্যতা সদায় নদী-কেন্দ্ৰিক। প্ৰাগজ্যোতিষ-কামৰূপ-অসমৰ সভ্যতাক ব্ৰহ্মপুত্ৰ কেন্দ্ৰীক সভ্যতা আখ্যা দিব পাৰি। এই ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত অসমীয়া জাতি গঠন কৰিছে। Brahmaputra River in Assamese

Brahmaputra
মহাবাহু ব্ৰহ্মপুত্ৰ
শুক্লেশ্বৰ ঘাট, গুৱাহাটী, অসমৰ পৰা দেখা পোৱা এটা দৃশ্য
দেশসমূহবাংলাদেশ, ভাৰতবৰ্ষ, চীন
প্ৰদেশসমূহঅসম, অৰুণাচল প্ৰদেশ
স্বায়ত্ত্বশাসিত অঞ্চলতিব্বত
উপনৈ
 – বাঁওদিশতদিবং নদী, লোহিত নদী, ধনশিৰি নদী
 – সোঁদিশতকামেং নদী, ৰাইদাক নদী, জলঢাকা নদী, তিস্তা নদী
চহৰগুৱাহাটী
উৎসChemayungdung Glacier 
 – অৱস্থানহিমালয়, চীন
 – উচ্চতা৫,২১০ মি (১৭,০৯৩ ফুট)
 – স্থানাঙ্ক30°23′N 82°0′E
মোহনাবংগোপ সাগৰ
 – অৱস্থানGanges Delta, বাংলাদেশ
 – উচ্চতা০ ফুট (০ মি)
 – স্থানাঙ্ক25°13′24″N 89°41′41″E
দৈৰ্ঘ্য২,৯০০ কিমি (১,৮০০ মাইল) 
অৱবাহিকা৬,৫১,৩৩৪ বৰ্গকিমি (২,৫১,৫০০ বৰ্গমাইল)
প্ৰবাহ
 – গড়১৯,৩০০ ঘনমিটাৰ/ছেকেণ্ড (৬,৮১,৬০০ ঘনফুট/ছেকেণ্ড)
 – সৰ্বোচ্চ১,০০,০০০ ঘনমিটাৰ/ছেকেণ্ড (৩৫,৩১,৫০০ ঘনফুট/ছেকেণ্ড)

কিম্বদন্তি

ব্ৰহ্মপুত্ৰৰ উৎপত্তি সম্বন্ধে কালিকাপুৰাণত এটি আখ্যান আছে। অসমৰ পূবফালে মিচিমি পৰ্ব্বতৰ আগাৰিত ব্ৰহ্মকুণ্ড নামে এটা কুণ্ড আছে। ই হিন্দু সকলৰ অতি পবিত্ৰ তীৰ্থ। এই ব্ৰহ্মকুণ্ডতেই পৰশুৰামে পাপৰ পৰা উদ্ধাৰ হয়, অৰ্থাৎ ইয়াতেই তেওঁৰ হাতৰ পৰা কুঠাৰখন খহি পৰাত তেওঁ ইয়াৰ মহিমা দেখি ইয়াৰ পানী আনৰ উপকাৰৰ অৰ্থে তাৰ পাৰটো কাটি দিয়ে। ফলত ইয়াৰ পানী দেশ-দেশান্তৰলৈ যায়। এই দৰেই ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হয়। Brahmaputra River in Assamese

উৎপত্তি আৰু গতিপথ

ভাৰতৰ উত্তৰে অৱস্থিত তিব্বত মালভূমিৰ মানস সৰোবৰ হ্ৰদৰ পৰা চাংপো নামে এটি নৈ পূব মুৱাকৈ চীন আৰু ম্যানমাৰৰ মাজেৰে কিছুদূৰ বৈ আহি দক্ষিণ মূৱা হৈ প্ৰথমে চিয়াং তাৰ পিছত দিহাং নামেৰে অৰুণাচল ৰাজ্যৰ মাজেৰে বৈ গৈ অসমত প্ৰৱেশ কৰে। দিহাঙৰ লগত অৰুণাচলৰ দিবাং আৰু লোহিত নামৰ দুখন নৈ লগ লাগে। ইয়াৰ পিছৰ পৰা এই সন্মিলিত জলভাগে ব্ৰহ্মপুত্ৰ নাম লাভ কৰে। ব্ৰহ্মপুত্ৰই অসমৰ মাজেৰে বৈ গৈ যমুনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰি গংগাত লগ লাগে আৰু হুগলী আৰু পদ্মা নামেৰে দুভাগত বিভক্ত হয়। তাৰ পিছত ই বঙ্গোপ সাগৰত পৰেগৈ। ব্ৰহ্মপুত্ৰ আৰু গংগাৰ সঙ্গমস্থলীত বিশ্বৰ বৃহত্তম ব-দ্বীপ সুন্দৰবন অৱস্থিত।

ব্ৰহ্মপুত্ৰ আৰু অসম

ব্ৰহ্মপুত্ৰৰ সৈতে অসম আৰু অসমীয়াৰ ঘনিষ্ঠ সম্পৰ্ক। অসমীয়া জীৱন আৰু সমাজৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। অতি প্ৰাচীন কালতেই ইয়াৰ পাৰত প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, ধুবুৰী আদি নগৰ গঢ়ি উঠিছিল। এতিয়াও গোৱালপাৰা, পলাশবাৰী, গুৱাহাটী,তেজপুৰ, শিলঘাট, খাৰুপেতীয়া, বিশ্বনাথ, ডিব্ৰুগড় আদি অসমৰ বহু নগৰ আৰু ব্যৱসায় প্ৰধান ঠাই ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত। প্ৰাচীন কালৰে পৰাই ই অসমৰ এটা প্ৰধান জলপথ। ভাৰত বিভক্ত হোৱাৰ আগলৈকে কলিকতাৰ সৈতে বাণিজ্যৰ কাৰণে অসমৰ প্ৰধান জলপথ আছিল ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰচুৰ পৰিমাণে মাছ, কাছ, খৰি আদিৰো যোগান ধৰে। আনপিনে ব্ৰহ্মপুত্ৰৰ বুকুতেই ফেৰী নাও চলাই, মানুহ-দুনুহ পাৰ কৰি, বস্তু-বাহনি পাৰ কৰি এচাম মানুহে নিজৰ জীৱিকা চলাই আছে। পৃথিৱীৰ আটাইতকৈ বৃহত্তম আৰু ক্ষুদ্ৰতম নদী দ্বীপ ইয়াতে অৱস্থিত। উমানন্দ(peacock island) আৰু মাজুলী অসমৰ সাংস্কৃতিক মানচিত্ৰৰ সৈতে অংগাগীভাবে জড়িত। এতিয়াও নদী দ্বীপ মাজুলীৰ লগত একমাত্ৰ সংযোগ এই ব্ৰহ্মপুত্ৰৰ ওপৰত চলা নাও বা ফেৰী জাহাজ আদি। এই দৰে ব্ৰহ্মপুত্ৰই অসমৰ শিল্প, বাণিজ্য, উদ্যোগ আদিৰ বিকাশ আৰু অগ্ৰগতিত বিশিষ্ট স্থান অধিকাৰ কৰি আছে। Brahmaputra River in Assamese


ব্ৰহ্মপুত্ৰ নদীৰ পৰিসৰ বৰ বহল। নাৱেৰে এই নদী পাৰ হোৱাটো অসুবিধা আৰু বিপদজনক। ইয়াৰ ওপৰত নিৰ্মাণ হোৱা শৰাইঘাট দলঙে দুয়োপাৰৰ মানুহৰ মাজত সম্পৰ্ক গঢ়াত সহায় কৰিছে। ব্ৰহ্মপুত্ৰই যিদৰে বাৰিষা খেতি পথাৰত পলস পেলাই মাটি সাৰুৱা কৰি পথাৰত নানা তৰহৰ শস্যৰ পৰিমাণ বৃদ্ধি কৰে আনপিনে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বছৰি অসমৰ অনেক গাওঁ-ভুই, খেতি-পথাৰ আদি খহাই অসমৰ অৰ্থনীতিৰ বিস্তৰ ক্ষতি সাধন কৰে। ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিসমূহ মৰাপাট আৰু শাক-পাচলিৰ খেতিৰ বাবে বিখ্যাত। লুইতৰ বানপানী অসমৰ এটা প্ৰধান সমস্যা হৈ উঠিছে। Brahmaputra River in Assamese

অসমৰ ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদীসমূহ

সোৱণশিৰী, জীয়াভৰলী, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, ন-দিচাং, দিখৌ, দিচাং, জীজী, ভোগদৈ, ধনশিৰি, কপিলী, জীয়াঢ়ল, ৰঙানৈ, দিক্ৰং, বুৰৈ, বৰগাং, চম্পাৱতী, সৰলভাঙা, সোণকোষ, ডিব্ৰু, বুঢ়ীদিহিং, ডিগাৰু, কুলসী, শিংৰা, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আদি।

অসমৰ ব্ৰহ্মপুত্ৰৰ দলং সমূহ

শৰাইঘাট দলং, কলিয়াভোমোৰা দলং নৰনাৰায়ণ সেতু আৰু বগীবিল দলং

অসমৰ ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ

মাজুলী আৰু উমানন্দ। মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপসমূহৰ অন্যতম।. (মাটিকালি প্ৰায় ৯২৯ বৰ্গ কিলোমিটাৰ) আৰু উমানন্দ পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ (মাটিকালি ১৬.৩৩৫ বিঘা ২ কঠা ৫ লেচা)।

You can also Read

References

  1. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

2 thoughts on “Brahmaputra River in Assamese। ব্ৰহ্মপুত্ৰ নদৰ ইতিহাস

Leave a Reply

Your email address will not be published. Required fields are marked *