Table of Contents
উমানন্দ About of Umananda Island in Assamese
উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ। ই গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰায়ে দ্বীপটোৰ নাম উমানন্দ হল। ব্ৰিটিছ সকলে উমানন্দৰ আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বুলিছিল।

ধৰ্মীয় আখ্যান
উমানন্দ নাম উমা আৰু আনন্দ এই দুই শব্দৰে গঠিত। উমা পাৰ্বতীৰ আন এটি নাম। হিন্দু শাস্ত্ৰ মতে উমাৰ আনন্দৰ বাবে ভগৱান শিৱয়ে এই দ্বীপ সৃষ্টি কৰিছিল। জন বিশ্বাস মতে শিৱয়ে ইয়াত ভয়ানন্দ ৰূপেৰে বিৰাজমান।
কালিকা পুৰাণৰ এক আখ্যান মতে সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতা সকলে কামদেৱৰ সহায় ললে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱয়ে কামদেৱক এই স্থানতে ভস্ম কৰে। সেয়ে ইয়াৰ অন্য এক নাম হল ভস্মাঞ্চল।
ইতিহাস
১৬৯৪ চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহয়ে গড়গঞা সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল। ১৮৯৭ চনৰ ভূমিকম্পত এই মন্দিৰৰ বিস্তৰ ক্ষতি সাধন কৰিছিল। তাৰ পিছত স্থানীয় সদাগৰে ইয়াৰ পুনৰ নিৰ্মাণ কৰে। এই মন্দিৰত বৈষ্ণৱ আৰু শৈৱ দুয়ো শৈলীৰ মিশ্ৰিত আৰু স্পষ্ট নিদৰ্শন পোৱা যায়। ইয়াত শিৱ, পাৰ্বতী, গণেশ, বিষ্ণু আদিৰ লগতে অন্যান্য দেৱ-দেৱীৰ অসমীয়া শৈলীৰ মূৰ্তি পোৱা গৈছে। পুনঃনিৰ্মাণ আৰু মেৰামতিৰ সময়ত ইয়াৰ দেৱালবোৰত কিছুমান বৈষ্ণৱ লিপি খোদিত কৰা হৈছে। উমানন্দ দ্বীপত সিঁচৰঁতি হৈ থকা বিভিন্ন শিলত ভাস্কৰ্যৰ নমুনা দেখিবলৈ পোৱা যায়।
উৎসৱ
উমানন্দৰ উমানন্দ দেৱালয়ত প্ৰতি বছৰে ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। শিৱৰাত্ৰিৰ বাবে উমানন্দ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত মেলা বহে। ভগৱান শিৱৰ প্ৰতি উছৰ্গিত সোমবাৰ উমানন্দৰ বাবে পৱিত্ৰ বাৰ। প্ৰতি অমাবস্যা আৰু সোমবাৰে উমানন্দত দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম হয়।
জৈৱ বৈচিত্ৰ
উমানন্দ দ্বীপত বিপন্ন প্ৰজাতিৰ সোণালী বান্দৰ পোৱা যায় About of Umananda Island in Assamese
References
- I collected from Wikipedia
Learning, Awareness and Education is the purpose of this Blog/Website.
If any mistake or error please kindly inform us, thanks