November 29, 2021

About of Majuli in Assamese। মাজুলীৰ ইতিহাস

মাজুলী Majuli in Assamese

মাজুলী  অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ নৱগঠিত জিলা। ২৭ জুন ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩খন হ’ল। পূৰ্বতে ই যোৰহাট জিলাৰ এটা মহকুমা আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহ লৈ ই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্ৰ। মাজুলীক ‘সত্ৰ নগৰী’ বুলিও কোৱা হয়। পূৰ্বে মাজুলীৰ মাটিকালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮৩ বৰ্গমাইল) আছিল, কিন্তু খহনীয়াৰ ফলত ২০০১ চনত ইয়াৰ মাটিকালি হয়গৈ ১২৫০ বৰ্গকিলোমিটাৰ (১৬৩ বৰ্গমাইল)। ইয়াক আৱৰি থকা নদীৰ বিস্তৃতি বাঢ়ি অহাৰ লগে লগে মাজুলীৰ সংকোচন হৈছে । Majuli in Assamese

দেশ ভাৰত
ৰাজ্যঅসম
চৰকাৰ
 – লোকসভা সমষ্টিলক্ষীমপুৰ
 – বিধানসভা সমষ্টিমাজুলী
মাটিকালি
 – মুঠ১,২৫০ কি.মি. 
(৪৮২.৬ বৰ্গ মাইল)
জনসংখ্যা (২০০১)
 – মুঠ১,৪০,০০০ জন
 – জনঘনত্ব১১২ প্ৰতি বৰ্গ কি.মি. 
(২৯০.১ প্ৰতি বৰ্গ মাইল)

দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱণশিৰি নদী লগ লাগি নদীদ্বীপটোৰ গঠন কৰিছে। যোৰহাট নগৰৰ পৰা ফেৰীৰে মাজুলীলৈ অহা-যোৱাৰ সুবিধা আছে। অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা ই পূবে প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

ইতিহাস History of Majuli in Assamese

মাজুলীয়ে নদীদ্বীপৰ আকাৰ লোৱাৰ আগতেই দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠাইখণ্ডক মজালি বা মাজালি বোলা হৈছিল। “মাজুলী” নামৰ উৎপত্তিৰ দিশৰ পৰা সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা দেৱে সন্ধি ভাঙি দেখুওৱাইছে যে “মা”+”জুলী”= মাজুলী হৈছে। য’ত “মা= মা লক্ষ্মী” আৰু “জুলী= জোলোঙা/ভঁৰাল। ” এসময়ত শস্যে- মৎস্যে নদন-বদন অৱস্থাৰ হোৱাৰ বাবেই মাজুলীক মা লক্ষ্মীৰ জোলোঙা বা ভঁৰাল বুলি অভিহিত কৰা যেন ধাৰণা হয়। নকুল চন্দ্ৰ ভূঞাই বাৰ ভূঞাৰ চমু বুৰঞ্জীত স্বৰ্গদউ জয়ধ্বজ সিংহৰ দিনতেই উপদ্বীপ মাজুলীয়ে নদী দ্বীপৰ আকাৰ লয় বুলি উল্লেখ কৰিছে। ড॰ জে পি ৱেডে অষ্টাদশ শতিকাতে মাজুলী শব্দটো ব্যৱহাৰ কৰিছিল। ইয়াৰ দীঘ ১৬০ আৰু প্ৰস্থ ৬০ ব্ৰিটিছ মাইল বুলিও ৱেডে উল্লেখ কৰি গৈছে। Gazetter of Bengal and North East India ৰ তথ্য মতে ১৯০১ খ্ৰীষ্টাব্দত মাজুলীৰ আয়তন আছিল ৪৮৫ বৰ্গমাইল Majuli in Assamese

ভৌগোলিক তথ্য

Majuli

মাজুলী ২৬° ৪৮′ ৰ পৰা ২৭° ১২′ উত্তৰ অক্ষাংশ আৰু ৯৩° ৩৯′ ৰ পৰা ৯৪° ৩৫′ দ্ৰাঘিমাংশত অৱিস্থত অসমৰ যোৰহাট জিলাৰ উত্তৰ দিশত মাজুলী অৱস্থিত। মাজুলীৰ সমতলভূমিৰ আকাৰ এটা শিলিখা ফলৰ দৰে। এসময়ত মাজুলীৰ ভৌগোলিক মাটিকালি ১২৫০ বৰ্গ কিলোমিটাৰ আছিল যদিও ব্ৰহ্মপুত্ৰৰ খহনীয়াত এই মাজুলীৰ ভূখণ্ড সংকীৰ্ণ হৈ ২০১২ চনত ৫০৮°১৩ বৰ্গ কিলোমিটাৰ হৈ পৰিছে। ইয়াৰ উত্তৰ দিশত লখিমপুৰ জিলা আৰু ধেমাজি জিলা, দক্ষিণে যোৰহাট, পূবে শিৱসাগৰ জিলা আৰু পশ্চিমে গোলাঘাট জিলা আৰু শোণিতপুৰ জিলা।

মাজুলীৰ জলবায়ু

মাজুলীৰ জলবায়ু বলিলে মৌচুমী জলবায়ু বুলিয়ে কোৱা যায়। জলবায়ু বিজ্ঞানৰ ফালৰ পৰা মাজুলীৰ জলবায়ুক উপক্ৰান্তীয় মৌচুমী জলবায়ু বোলা হয়। ঋতু অনুসৰি উত্তাপ পৰিবৰ্তন হোৱাৰ ফলত চাপৰ সালসলনি হৈ এই মৌচিমী বায়ু প্ৰৱাহৰ সৃষ্টি হয়। মাজুলীৰ জলবায়ু সাধাৰণতে গৰম আৰু সেমেকা। শীতকালত বৰষুণ আৰু তাপৰ মাত্ৰা কম হৈ ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি হয়। গৰমকালি মাজুলীৰ তাপমাত্ৰা ২২° ৰ পৰা ৩৪° চেলচিয়াছ হোৱাৰ লগতে শীতকালত ১০° ৰ পৰা ১২° চেলিচয়াছ হয়। নিয়মীয়া মৌচুমী বায়ুৰ প্ৰৱাহ থাকিলে মাজুলীত ২০০ ৰ পৰা ৩০০ ছেণ্টিমিটাৰ বৰষুণ হয়।

জন-গাঁথনি

মাজুলীৰ বৰ্তমান জনসংখ্যা ১৪০,০০০। মাজুলীৰ জনগাথনি মিশ্ৰিত, ইয়াত বিভিন্ন জাতি জনজাতিৰ লোকে বাস কৰে। মিচিং জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠটা থাকিলেও যথেষ্ট সাধাৰণ শ্ৰেণী, অনুসুচীত জাতি, সোণোৱাল কছাৰী আৰু দেউৰী সম্প্ৰদায়ৰ লগতে আৰু কিছুসংখ্যক বঙালী হিন্দু আৰু নেপালী সম্প্ৰদায়ৰ লোকে বাস কৰে।

সংস্কৃতি

লোক-সংস্কৃতিৰ দিশৰ পৰা মাজুলী অতিকে চহকী। মাজুলী সত্ৰীয়া পৰম্পৰাৰ কেন্দ্ৰস্থল। অসমৰ শংকৰী কৃষ্টি-সংস্কৃতিৰ কোন্দ্ৰস্থল। বিভিন্ন জনগোষ্ঠীৰ মিলনে মাজুলীক বাৰে ৰহনীয়া কৰি তুলিছে। অনবৰেত সত্ৰীয়া গীত-মাত, খোল-তাল, নাচ-গান, ভাওনা-সবাহ, অদূৰৰ মিচিং গাৱৰ পৰা ভাঁহি অহা মিচিং গাভৰুৰ ঐনিতমৰ সুৰ আদিয়ে মাজুলীৰ জন-জীৱন মুখিৰত কৰি ৰাখে। সত্ৰীয়া সংস্কৃতি মাজুলীৰ মূল দিশ। মৃৎশিল্প,মুখাশিল্প,বাহঁ বেতৰ শিল্প,গোগোল গছ আৰু কুঁহিলা গছৰ পৰা নিৰ্মিত বিভিন্ন সামগ্ৰীৰ বাবেও মাজুলী জনাজাত About of Majuli in Assamese

যাতায়ত

মাজুলীলৈ যোৰহাট আৰু লখিমপুৰ দুয়ো দিশৰ পৰা যাব পৰা যায়। যোৰহাটৰ পৰা যাবৰ বাবে নগৰখনৰ উপকণ্ঠৰ নিমাতী ঘাটৰ পৰা ফেৰীৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এক আমোদজনক যাত্ৰা কৰিব লগা হয়। নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী, দক্ষিণপাট, চুমৈমাৰী, অফলামুখ, শালমৰা, ফুলনি (বগৰীগুৰি) আদি পাৰ ঘাটলৈ যাব পৰা যায়। যাত্ৰীৰ উপৰিও লঘু যান-বাহন পাৰাপাৰ কৰাৰ ব্যৱস্থাও ফেৰী সমূহত আছে। আন্যহাতে, লখিমপুৰৰ পৰা লুইত আৰু খাবলু নামৰ দুবাৰকৈ দুটা ঘাট পাৰ হ’ব লগা হয়। লখিমপুৰ জিলাৰ বিহপুৰীয়া হৈ মাজুলীলৈ যাব পৰা আন এটা বাট আছে। ই তুলনামুলকভাবে সুচল। বালিচাপৰীৰ পৰা ধূনাগুৰি ঘাট পাৰ হৈ লখিমপুৰ জিলালৈ নিয়মীয়া ভাবে যান বাহনৰ অহা যোৱা হয়।বগীবিল দলং সম্পূৰ্ণ হোৱাৰ পিছত ধেমাজী ঢকুৱাখনা হৈ সকলো বতৰৰ উপযোগী এটা বিকল্প পথো বৰ্তমান ব্যৱহাৰ কৰা হয়।

অনুষ্ঠান-প্ৰতিষ্ঠান

অনুষ্ঠান-প্ৰতিষ্ঠান বুলিলে মাজুলীৰ সত্ৰ সমূহৰ কথাই প্ৰথমেত উল্লেখ কৰিব লাগিব। পঞ্চদশ শতিকাতে মহাপুৰুষ শংকৰদেৱে মাজুলীৰ ধূঁৱাহাট-বেলগুৰিত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰি অসমীয়া সংস্কৃতি তথা ভক্তিধৰ্মক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে কছাৰীসকলৰ লগত বাৰভূঞাসকলৰ সংঘৰ্ষ হোৱাত বৰদোৱা এৰি আহি বিশ্বনাথত কিছুদিন আশ্ৰয় লয়। তাৰপিছত বিশ্বনাথৰ পৰা উজাই আহি কেইবাঠাইতো ৰৈ অৱশেষত মাজুলীৰ ধূঁৱাহাট-বেলগুৰিত সত্ৰ স্থাপন কৰে। ১৮৩৭ শকৰ বাৰিষা ব্ৰহ্মপুত্ৰই মহাপুৰুষজনাৰ ঐতিহাসিক বেলগুৰি সত্ৰ খহাই নিয়াত পিছত এই সত্ৰখন লখিমপুৰ কাচিকটালৈ উঠি যায়। অসমৰ বৈষ্ণৱ সংস্কৃতিৰ বিকাশৰ থলীস্বৰূপ সত্ৰসমূহ অসমীয়া সমাজৰ প্ৰাণকেন্দ্ৰ। অসমৰ সত্ৰসমূহ ভক্তি আন্দোলনৰ বাহক। সত্ৰ শব্দটো বিভিন্ন অৰ্থত ব্যৱহাৰ কৰিলেও মহাপুৰুষ শংকৰদেৱে ভিক্তধৰ্ম প্ৰৱৰ্তন, ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এইক্ষেত্ৰতমাজুলীৰ চাৰি সত্ৰৰ ভূমিকাক বিশেষভাবে স্বীকৃতি দিয়া হৈছে। চাৰিসত্ৰ আউনীআটী, কমলাবাৰী, গড়মূৰ আৰু দক্ষিণপাট সত্ৰই অসমীয়া সমাজত উচ্চ আসন অধিকাৰ কৰি আছে।

How to reach

Majuli is 20 kilometers from the district of Jorhat in Assam. Jorhat is well connected by air, with daily flights from Guwahati, and four flights a week from Calcutta. From Guwahati, Jorhat is a seven-hour bus ride. Buses leave early mornings and at nights.

From Jorhat it is only fourteen kilometers to Neemati Ghat. There are at least two ferry rides to Majuli every day, one around 10 a.m., the other around 3 p.m. Exact times can be ascertained from the private bus stand at Jorhat, from where buses leave for Neemati.

The first ferry ride lasts about an hour – after that transfer to a bus for a ten-minute bus ride across Major Sapori, another island en route Majuli. Then a short ferry ride, and yet another bus ride to Kamalabari, the main town on the island. You can also hire a taxi, either from Jorhat or in Majuli. The taxi can cross over on the ferry.

Where to stay?

Majuli does not have a developed infrastructure for tourism. There are no hotels. Some satras have guestrooms. If you write in advance, they would certainly be available. The Satras that have such facilities and can deal with visitors easily are NatunKamalabari, Uttar Kamalabari, Auniati, Bhogpur and Dakhinpat. The first two are walking distance from Kamalabari. The second two are slightly further afield (about six kilometers away), and Dakhinpath is at one end of the island. In case you wish to go to Dakhinpath, there is a ferry from Neemati direct to Dakhinpath as well. In addition to the Satra facilities, there are Inspection Bungalows at some points on the island (the one at Kamalabari is well located), and a Circuit House at Garamur, which is the sub-divisional headquarters. For the Inspection Bunglows and Circuit House, you could write to the Sub-Divisional Officer, Garamur, Majuli, Assam. 

What to see? 

There are 21 Satras on the island of Majuli – several of them still very active in the tradition and training of dance, drama, music, art and craft. You can hire a boat and cruise down the river in the early morning, bird-watching; and also visit fields and homes to see the cultivation and weaving for yourself first hand.
When to visit? 

The best time to visit Majuli is during Rasleela, at the time of the full moon in the month of Kartik (November). However, Majuli can be visited all year around. It is better to avoid travel during the rainy season as much of the island is flooded.

You can also Read

References

  1. I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *