April 14, 2024

About of Bogibeel Bridge in Assamese। বগীবিল দলং

Bogibeel Bridge in Assamese

বগীবিল দলং History of Bogibeel Bridge in Assamese

বগীবিল দলং অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিল নামৰ ঠাইত নিৰ্মাণ কৰিবলৈ লোৱা ব্ৰহ্মপুত্ৰৰ ওপৰৰ চতুৰ্থখন দলং। ১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবৰগাঁৱৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই এই দলঙৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত ২০০২ চনত সেই সময় ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দলং নিৰ্মাণৰ শুভাৰম্ভ কৰে আৰু ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি ডাঙৰীয়াই শুভাৰম্ভ কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ এই চতুৰ্থখন দলং ৰে’ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা ভাৰতৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং হ’ব। দুখলপীয়া দলংখনত ওপৰৰ খাপত তিনিটা লেনযুক্ত পথ থাকিব। Bogibeel Bridge in Assamese

বহন কৰেতিনি লেনযুক্ত পথ, দুই লেনযুক্ত ৰেলপথ
স্থানীয়ধেমাজী জিলা আৰু ডিব্ৰুগড় জিলা, অসম,  ভাৰত
ডিজাইনTruss bridge
পদাৰ্থষ্টিল, কংক্ৰিট
মুঠ দৈৰ্ঘ্য৪.৯৪  কিমি
Longest span১২৫  মিটাৰ
Number of spans৪২
নিৰ্মাণ আৰম্ভ হয়২১ এপ্ৰিল ২০০২
নিৰ্মাণ শেষ হয়২০১৮
মুকলি২৫ ডিচেম্বৰ ২০১৮
স্থানাঙ্ক27°24′31″N 94°45′37″E
Bogibeel Bridge in Assamese

নিৰ্মাণৰ অগ্ৰগতি

২০০০ চনত মেছাৰ্ছ ৰে’ল ইণ্ডিয়া টেকনিকেল এণ্ড ইক’নমিক ছাৰ্ভিচেজে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি আনুমানিক ১৭৬৭ কোটি টকাৰ বাজেটেৰে ইয়াৰ কাম-কাজ আৰম্ভ কৰা হয়। পৰিকল্পনা অনুসৰি ২০১৮ চনত প্ৰকল্পটোৰ সকলো কাম শেষ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰ ২০১৮ ত দলং ৰ শুভ উদ্বোধন কৰে । Bogibeel Bridge in Assamese

দলঙৰ নাম বিতৰ্ক

বৰ্তমান দলংখনৰ নাম ‘বগীবিল দলং’ বুলিয়েই পৰিচিত যদিও এই দলংখনৰ নামকলৈ বিভিন্ন বিতৰ্কৰো সৃষ্টি হৈছে। অসমৰ বহুকেইটা জনগোষ্ঠীয়ে তেওঁলোকৰ স্মৃতিবিজড়িত উপৰিপুৰুষৰ নামেৰে দলংখনৰ নামকৰণ কৰিবলৈ দাবী জনাইছে। এই ক্ষেত্ৰত চুতীয়াসকলে বীৰাংগনা নাৰী সতী সাধনীৰ স্মৃতিত ‘সতী সাধনী সেতু’, আহোমসকলে চাওলুং ছুকাফাৰ স্মৃতিত ‘ছুকাফা সেতু’, মিচিং জনগোষ্ঠীয়ে ‘ছহিদ কমলা মিৰি সেতু’ বা ‘মিৰি জিয়ৰী সেতু’, দেউৰীসকলে ‘ভীমবৰ দেউৰী সেতু’, সোণোৱাল কছাৰীসকলে ‘সলালী সেতু’, মুছলমানসকলে ‘আজান পীৰ সেতু’, আদি অনেক নামেৰে নামকৰণ কৰাৰ দাবী তুলিছে। আনহাতে নিৰপেক্ষভাৱে বহুতে ‘শংকৰ-মাধৱ সেতু’, ‘কুলাজান-বগীবিল সেতু’, ‘বৰলুইত সেতু’ আদি নামেৰে নামকৰণ কৰিবলৈ অনুৰোধ কৰিছে । Bogibeel Bridge in Assamese

You can also Read

References

  1. I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *