July 22, 2024

চৰাইদেউ জিলা | Charaideo District Data and Facts

  •   Division: Central Assam
  •   Headquarter: Sonari
  •   Sub-Divisions: 1
  •   Revenue Circles: 4
  •   Development Blocks: 4
  •   Geographical Area: 1069.15 sq. km
  •   Population: 471418
  •   Literacy: 71%
  •   Revenue Villages: 327
  •   Panchayats: 36
  • Official Website Click Here

Demographic Setup of Charaideo District

Total Area1069.15 sq. km.
Total Population4,71,418 (As per 2011 Census)
HeadquarterSonari
Co-ordinates27.0280° N, 95.0312° E
Elevation89.6m
Forest Areas1. Dilli Forest Reserve : 3108 Hectre2.Abhoypur Forest reserve: 5560 Hectre 3. Sapekhati Forest reserve: 736 Hectre4. Diroi Forest reserve: 4776 Hectre5. Chala Forest Reserve: 683.64 Hectre
Grazing & Grassland Area17083 Bigha
From Official website

Administrative Setup of Charaideo District

Revenue Circles1. Sonari 2. Sapekhati 3. Mahmora 4. Nazira (part)
Development Blocks1. Abhoypur (Sonari)  2. Mahmora 3. Sapekhati 4. Lakwa
Gaon Panchayats36 numbers
Revenue Villages327 numbers
MouzasBaruasali, Sapekhati, Abhoypur, Mahmora, Silakutu (Part), Dhopabor (Part)
Police Station1. Mathurapur  2. Sonari  3. Sapekhati  4. Borhat  5. Charaipung  6. Namtola  7. Moranhat  8. Lakuwa 9. Kakotibari
Fire Service Station1. Sonari  2. Borhat
Educational Blocks2 numbers (Sonari and Sapekhati)
Tea Estates54 numbers
Municipality BoardSonari Municipality Board
Town CommitteMoran Town Commitee
from official site
Charaideo District
চৰাইদেউ জিলাৰ বিখ্যাত চৰাইদেউ মৈদাম

চৰাইদেউ বুলি ক’লে ঘাইকৈ আহোম ৰজা আৰু ৰাজপৰিয়ালসকলৰ বৃহৎ বৃহৎ আকাৰৰ সমাধি মৈদামবোৰৰ কথাই মনলৈ আহে৷ চৰাইদেউত প্রায় দুকুৰিজনা স্বৰ্গদেউ আৰু অসংখ্য কোঁৱৰ-কুঁৱৰীৰ মৈদাম আছে।

নতুনকৈ ঘোষণা কৰা জিলাসমূহৰ ভিতৰত চৰাইদেউ হৈছে এখন অন্যতম জিলা। জিলা ঘোষণা কৰাৰ আগলৈকে চৰাইদেউ, শিৱসাগৰ জিলাৰ মহকুমা আছিল। শিৱসাগৰ জিলাৰ পৰা পৃথক কৰি চৰাইদেউ মহকুমাক এখন পূৰ্ণাংগ জিলা হিচাপে উন্নীত কৰা হয়। তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱে ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে (স্বাধীনতা দিৱসত) চৰাইদেউ জিলা হিচাপে চৰকাৰীভাৱে ঘোষণা কৰে। বৰ্তমান চৰাইদেউ জিলাৰ সদৰ ঠাই হৈছে সোণাৰি।

নামটোৰ উৎপত্তিঃ

চৰাইদেউ নামটোৰ উৎপত্তিৰ সন্দৰ্ভত বহুতৰ মাজত মতভেদ দেখিবলৈ পোৱা যায় ৷ আহোম ভাষাত চৰাইদেউ শব্দটোৰ অৰ্থ দুটা। এটা অৰ্থ মতে,‘চেৰা-ডেউ’ (চে-নগৰ, ৰা-চুতীয়া, ডেউ-দেৱতা) অৰ্থাৎ চুতীয়া দেৱতাৰ নগৰ। আন এটা অৰ্থ মতে, ‘চে-ৰাই-ডয়’ (চে-নগৰ, ৰাই-জিলিকি থকা, ডয়-পাহাৰ) অর্থাৎ জিলিকি থকা পাহাৰীয়া নগৰ। টাই বুৰঞ্জীত এই বিষয়ে কোনো উল্লেখ পোৱা নাযায়। হয়তো এই দুটা অৰ্থৰপৰাই পণ্ডিতসকলে ইয়াক অসমীয়া ৰূপ দি ‘চৰাইদেউ’ কৰিলে৷

ইতিহাস:

আহোমসকলৰ প্ৰথম ৰাজধানী চৰাইদেউ ধৰ্মৰ ফালৰপৰা প্ৰাক্‌-আহোম যুগৰ পৰম পৱিত্ৰ তীৰ্থস্থান আছিল। ১২৫৩ খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউক স্থায়ী ৰাজধানী হিচাপে লৈ অসমত প্ৰথম টাই ৰাজ্য প্রতিষ্ঠা কৰে। পৰৱৰ্তীকালত শাসনৰ সুবিধার্থে আহোম ৰাজ্যৰ ৰাজধানী সেই ঠাইৰপৰা স্থানান্তৰিত কৰা হয়। অৱশ্যে পৰম্পৰাগত ৰীতি-নীতি অনুসৰি মে-দাম-মে-ফি, শিঙৰিঘৰত উঠা, মৈদাম দিয়া আদিৰ কাৰণে চৰাইদেউ পৱিত্ৰ ঠাই হৈয়েই ৰ’ল ৷

চাৰিসীমা :-

জিলাখনৰ পূবে অৰুণাচল প্রদেশ আৰু ডিব্ৰুগড় জিলা, পশ্চিমে শিৱসাগৰ জিলা, উত্তৰে ডিব্ৰুগড় জিলা আৰু দক্ষিণে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড।

মহকুমা, ৰাজহ চক্ৰ, উন্নয়ন খণ্ড ইত্যাদি :

২০১৬ চনত অসম চৰকাৰে চৰাইদেউ মহকুমাক পূৰ্ণাংগ জিলাৰূপে ঘোষিত কৰে। ইয়াৰ আগতে চৰাইদেউ শিৱসাগৰ জিলাৰ অন্তৰ্গত আছিল। বৰ্তমান চৰাইদেউ জিলাৰ সদৰ ঠাই সোণাৰি। জিলাখনৰ একমাত্ৰ মহকুমাটো হ’ল চৰাইদেউ। জিলাখনৰ প্ৰধান ঠাইসমূহ হ’ল—– সোণাৰি, চৰাইদেউ, সাপেখাটী, লাকুৱা ইত্যাদি ৷ জিলাখনক থকা উন্নয়ন খণ্ড কেইটা হ’লঃ সাপেখাটী, সোণাৰি, লাকুৱা আৰু পশ্চিম অভয়াপুৰ। সোণাৰি, মাহমৰা আৰু সাপেখাটী এই ৩টা ৰাজহ চক্ৰত জিলাখনক ভাগ কৰা হৈছে। জিলাখনে সামৰি লোৱা বিধানসভা সমষ্টিদুটা হৈছে : সোণাৰি আৰু মাহমৰা। এই আটাইকেইটা বিধানসভা সমষ্টিয়েই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত। জিলাখনৰ লাকুৱাত অ’এনজিচিৰ কেইবাটাও তৈলখাদ আছে।

পর্যটন ঃ

শিৱসাগৰ নগৰৰ পৰা প্ৰায় ২৮ কিঃমিঃ দূৰৈত চৰাইদেউত থকা আহোম ৰজা আৰু ৰাজপৰিয়ালসকলৰ বৃহৎ বৃহৎ আকাৰৰ সমাধি মৈদামবোৰ পৰ্যটকসকলৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু ৷ ইজিপ্তৰ পিৰামিডৰ লগত তুলনা কৰা এই মৈদামবোৰৰে কেইটামানক সামৰি চৰকাৰৰ প্রত্নতাত্ত্বিক বিভাগে এখন উদ্যান গঢ়ি তুলিছে। এই মৈদামসমূহ চাবলৈ বিভিন্ন ঠাইৰ পৰা দেশীবিদেশী পর্যটকৰ আগমন হয়। চৰাইদেউত প্রায় দুকুৰিজনা স্বৰ্গদেউ আৰু অসংখ্য কোঁৱৰ-কুঁৱৰীৰ মৈদাম আছে।

চৰাইদেউত মৈদাম দিয়া অঞ্চল দিখৌ নৈৰ উত্তৰপাৰৰপৰা নিমনা নৈলৈকে প্ৰায় ৫ৰপৰা ১০ কিলোমিটাৰ ব্যাপি আছিল। সৰু সৰু পাহাৰৰ টিলাৰ দৰে এশাৰীৰ পিছত এশাৰীকৈ মৈদামবিলাক বন্ধা হৈছিল। চৰাইদেউ অঞ্চলত এতিয়াও শৱ ধোৱা পুখুৰী, কোৰ ধোৱা পুখুৰী আৰু শান্তি পুখুৰী আছে। ৰজাসকলৰ শৱ চৰাইদেউলৈ নিবৰ বাবে শৱ নিয়া আলি বা গোমোঠা নগৰ আলি নামৰ দুটা সুকীয়া আলি আছিল।

যাতায়াতঃ

চৰাইদেউ জিলাৰ বাছ আৰু ৰে’লৰ যোগাযোগ ব্যৱস্থা সুচল। গুৱাহাটীৰপৰা চৰাইদেউ জিলাৰ সদৰ সোণাৰিলৈ স্থলপথেৰে দূৰত্ব ৪০৯ কিলোমিটাৰ৷ সোণাৰিৰ পৰা গুৱাহাটী, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, নামৰূপ, দুলীয়াজান আদিলৈ পোনপটীয়া বাছসেৱা আছে। শিৱসাগৰ-সোণাৰি ঘাইপথে জিলাখনক ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ কৰিছে। জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা ব্ৰ’ডগজ ৰে’লপথে জিলাখনক ৰাজধানী চহৰ গুৱাহাটী আৰু নিউ তিনিচুকীয়া জংছনক সংযোগ কৰিছে। জিলাখনৰ পৰা গুৱাহাটী, নতুন দিল্লী আদিলৈ পোনপটীয়া ৰে’লসেৱা আছে। জিলাখনত থকা কেইটামান মূল ৰে’ল ষ্টেশ্যন হ’ল ঃ ভজো, লাকুৱা, সাপেখাটী, বৰহাট ইত্যাদি।

You can also Read

References

  1. I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *