July 24, 2024

বিশ্বনাথ জিলা | Bishwanath District Data and Facts

Geography of Bishwanath District

LocationNorth bank of River Brahmaputra
Longitude range92° 16’E and 93° 43’E
Latitude range26° 30’N and 27° 01’N
Distance from State Capital263 kms ( via Nagaon )246 kms( via Mangaldoi)
Area1415.185 sq. km
BordersNorth: Arunachal Pradesh
South: River Brahmaputra.
East: Lakhimpur District.
West: Sonitpur District.
Major RiversIn the Biswanath Chariali sub-division: Brahmaputra, Ghiladhari, Burhigang, Borgang, Behali, In the Gohpur sub-division: Burhoi, Solengi, Kharoi, Balijan, Mornoi
Take from the Official website

Administration of Bishwanath District

Head Quarter Biswanath Chariali
Number of Sub-Divisions 2 (Biswanath  & Gohpur)
Number of Revenue Circles / Tehsils 4 (Biswanath Chariali, Gohpur, Halem, Naduar)
Number of Mouza 12
Number of Development Blocks8 (Naduar, Sootea, Biswanath, Sakomatha, Behali, Baghmara, Chaiduar,  Pub-Choiduar)
Number of Police Stations  7(Jamuguri PS, Sootea PS, Biswanath Chariali PS, Behali PS, Ginjia PS,  Helem PS, Gohpur PS)
Name of Gram Panchayats 76
Number of Revenue Villages769 No.
Number of Towns 2
Number of Municipality Board2(Biswanath Chariali, Gohpur)
Number Of Assembly Constituencies4(76 Biswanath LAC, 77 Behali LAC, 78 GohpurLAC, A part of 75 Sootea LAC)
Take from the Official Website

Map of Biswanath Wildlife Division

Map of Biswanath Wildlife Division

বিশ্বনাথ জিলা মাটিকালি, জনসংখ্যা

মাটিকালি
 – মুঠ১,১০০ কি.মি. 
(৪২৪.৭ বৰ্গ মাইল)
উচ্চতা৪৮ মিটাৰ (১৫৭.৪৮ ফুট)
জনসংখ্যা (২০১১)
 – মুঠ৫,৮০,০০০ জন
 – জনঘনত্ব৫২৭.৩ প্ৰতি বৰ্গ কি.মি. 
(১,৩৬৫.৬ প্ৰতি বৰ্গ মাইল)
স্বীকৃত
 – ভাষাঅসমীয়া ভাষা
from wikipedia

বিশ্বনাথ জিলা ইতিহাস (District Bishwanath History)

১৯৮৩ চনতে শোণিতপুৰ জিলাৰ মহকুমা হিচাপে পৰিগণিত হোৱা ঐতিহ্যমণ্ডিত বিশ্বনাথক ৩১ বছৰৰ পাছত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱে ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে (স্বাধীনতা দিৱসত) বিশ্বনাথ জিলা হিচাপে চৰকাৰীভাৱে ঘোষণা কৰে।

বিশ্বনাথ জিলাক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰাৰ আগতে ২০১৫ চনৰ জানুৱাৰী মাহৰ প্ৰথম দিনটোতে ভৰলীৰ পৰা হাৱাজানলৈ, বিশ্বনাথ আৰু গহপুৰ মহকুমা দুটাক লগ লগাই বিশ্বনাথ আৰক্ষী জিলা হিচাপে চৰকাৰে ঘোষণা কৰিছিল। নতুনকৈ ঘোষিত হোৱা আৰক্ষী জিলাখনে জামুগুৰিহাট আৰক্ষী থানাৰ পৰা গহপুৰ আৰক্ষী থানালৈকে প্ৰায় ৬ লাখ জনসংখ্যাক সামৰি লৈছিল। আৰক্ষী জিলাখনৰ প্ৰথমজন আৰক্ষী অধীক্ষক হিচাপে মানৱেন্দ্ৰ ৰায়ে কার্যভাৰ গ্ৰহণ কৰে।

২০১৬ চনৰ ১ মাৰ্চ তাৰিখে প্রশাসনিক জিলা হিচাপে বিশ্বনাথ জিলা উদ্বোধন কৰা হয়। জিলাখনৰ প্ৰথমজন উপায়ুক্ত হিচাপে পল্লৱ গোপাল ঝা ডাঙৰীয়াই কাৰ্যভাৰ গ্ৰহণ কৰে।

ইতিহাস History:

১৯৮৮ চনৰ পৰাই বিশ্বনাথ জিলা গঠনৰ বাবে চিন্তা-চৰ্চা আৰম্ভ হৈছিল। সেই সময়ত বিশ্বনাথ মহকুমাৰ প্ৰশাসনীয় ভৱন উদ্বোধনৰ বাবে আহোঁতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত বিশ্বনাথ জিলা ঘোষণাৰ দাবী অধিক জোৰদাৰ হৈ পৰে। ১৯৯৫ চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভাতো বিশ্বনাথক পৌৰসভা হিচাপে ঘোষণা কৰাকে ধৰি অন্যান্য বহুকেইটা দাবীৰ লগতে বিশ্বনাথ জিলা ঘোষণাৰ দাবীয়ে উল্লেখনীয়ভাৱে স্থান পায়। এই দাবীৰ সমৰ্থনত যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত কেইবালানিও আন্দোলনৰ কাৰ্যসূচী ৰূপায়িত হয়। একেদৰে আছুৰ উদ্যোগতো বিশ্বনাথ জিলা দাবীৰ সমৰ্থনত ১৯৯৮ চনত বৃহৎ সমদল উলিওৱা হয় ৷ বিশ্বনাথ চাৰিআলি নাগৰিক সন্থাৰ উদ্যোগত বিশ্বনাথ চাৰিআলি ৰামগাঁৱৰ নগৰ সমিতিৰ ভৱনত ২০০১ চনত তদানীন্তন বিশ্বনাথ, বিহালী আৰু গহপুৰৰ বিধায়কক সম্বর্ধনা জ্ঞাপন কৰি বিশ্বনাথ জিলা গঠনৰ ৰাজহুৱা প্ৰতিশ্রুতি আদায় কৰে। ইয়াৰ পিছতে বিশ্বনাথ জিলা ঘোষণাৰ দাবী অধিক জোৰদাৰ হৈ উঠে। বিশ্বনাথ জিলা দাবী সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু, বিশ্বনাথ চাৰিআলি নাগৰিক সন্থা, আটছা, আছা, আমছু, আগছু, কাৰ্বি ছাত্র সন্থা, আম্‌ৰি কাৰ্বি ছাত্ৰ সন্থা, বিশ্বনাথ জিলা সাংবাদিক সংস্থা, বিশ্বনাথ জিলা ক্রীড়া সংস্থা, কেন্দ্রীয় মহিলা সমিতি, বেংগলী জাতীয় পৰিষদ, বণিক সন্থা, অগপ, কংগ্ৰেছ, বিজেপি, চি পি আই (এম), চি পি আই (এম এল)কে ধৰি বিভিন্ন দল-সংগঠনৰ দীৰ্ঘদিনীয়া দাবীয়ে বিশ্বনাথ জিলা ঘোষণা হোৱাৰ লগে লগেইসাকাৰ ৰূপ পায়। (ইতিহাস সম্পৰ্কীয় তথ্যখিনি বিশ্বনাথ চাৰিআলিৰ সাংবাদিক নিৰঞ্জন হাজৰিকাৰ দ্বাৰা লিখিত অসমীয়া প্ৰতিদিনত প্ৰকাশিত বাতৰিৰ সৌজন্যত)

চাৰিসীমা :

পূবে লখিমপুৰ জিলা, পশ্চিমে জীয়াভৰলী, উত্তৰে অৰুণাচল প্ৰদেশ আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

মহকুমা, ৰাজহ চক্ৰ, উন্নয়ন খণ্ড ইত্যাদি :

২০১৬ চনৰ ১৫ জানুৱাৰী তাৰিখে অসম চৰকাৰে বিশ্বনাথ জিলাক পূৰ্ণাংগ জিলাৰূপে ঘোষিত কৰে। ইয়াৰ আগতে বিশ্বনাথ অবিভক্ত শোণিতপুৰ জিলাৰ অন্তৰ্গত আছিল। বর্তমান বিশ্বনাথ জিলাৰ সদৰ ঠাই বিশ্বনাথ চাৰিআলি ৷ জিলাখনক দুটা মহকুমাত ভাগ কৰিছে। সেয়া হ’ল – বিশ্বনাথ আৰু গহপুৰ। জিলাখনৰ প্ৰধান চহৰসমূহ হ’ল— গহপুৰ, বিশ্বনাথ চাৰিআলি, জামুগুৰি, চতিয়া, বৰগাং, হেলেম, বেদেতি, বিহালী ইত্যাদি। জিলাখনক থকা উন্নয়ন খণ্ড কেইটা হ’লঃ বিশ্বনাথ, বিহালী, চতিয়া, বাঘমাৰা আৰু চক’মাথা। বিশ্বনাথ, গহপুৰ, হেলেম, নদুৱাৰ (অংশ) আৰু বৰগাং এই ৫টা ৰাজহ চক্ৰত ভাগ কৰা হৈছে। জিলাখনে সামৰি লোৱা বিধানসভা সমষ্টিকেইটা হৈছে: গহপুৰ, বিহালী, বিশ্বনাথ আৰু চতিয়া। এই আটাইকেইটা বিধানসভা সমষ্টিয়েই তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত। ২০১১ চনৰ লোকপিয়ল অনুসৰি বিশ্বনাথ জিলাৰ জনসংখ্যা প্রায় ১২ লাখ। জিলাখনত এখন পৌৰসভা, এখন নগৰ সমিতি, এখন কাৰাগাৰ আৰু ৭খন আৰক্ষী থানা আছে।

অর্থনীতিঃ-

বিশ্বনাথ জিলাৰ অৰ্থনীতি কৃষিভিত্তিক। গ্রামাঞ্চলৰ অধিকাংশ লোকেই কৃষিকাৰ্যৰ লগত জড়িত। জিলাখনত চাহ, ধান, সৰিয়হ, কুঁহিয়াৰ, মৰাপাট, ঘেঁহু, আলু, মাহজাতীয় শস্য আদি প্ৰচুৰ পৰিমাণে উৎপাদন হয়। জিলাখনত কেইবাখনো চাহ বাগিচা আছে। লগতে জিলাখনত নামেৰি, বিশ্বনাথ, সমীৰণ আদি কেইবাটাও চাহ উদ্যোগ আছে। বিশ্বনাথ জিলাৰ ‘মোনাবাৰী চাহ-বাগিচা’ এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ বৃহৎ চাহবাগিচা।

পর্যটন :

বিশ্বনাথ জিলাত পর্যটকক আকৰ্ষণ কৰিব পৰাকৈ অনেক সমল আছে। ইতিহাসপ্রসিদ্ধ বিশ্বনাথ ধাম, বিশ্বনাথ ঘাট, বিহালীৰ গাংমৌথান, গহপুৰৰ কল্যাণী মন্দিৰ, নাগশংকৰ দেৱালয়ৰ দৰে ঐতিহাসিক ক্ষেত্রই বিশ্বনাথ জিলাক পৰ্যটনৰ ক্ষেত্ৰখনৰ বিকাশৰ ক্ষেত্ৰত অনন্য মাত্ৰা প্ৰদান কৰিছে। প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা জামুগুৰিহাটৰ ‘বাৰ্চেহৰীয়া ভাওনা মহোৎসৱ’লৈ বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকলৰ আগমন ঘটে। বিশ্বনাথ জিলাৰ গহপুৰতে জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ কনকলতা বৰুৱা, মুকুন্দ কাকতী আদি কেইবাগৰাকী স্বাধীনতা সংগ্রামী ছহিদ হৈছিল। গহপুৰত শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতিসৌধ আছে।

শিক্ষা :-

জিলাখনত কেইবাখনো উন্নতমানৰ বিদ্যালয়, মহাবিদ্যালয় আদি আছে। তাৰ ভিতৰত কেইখনমান উল্লেখযোগ্য মহাবিদ্যালয় হ’ল : বিশ্বনাথ মহাবিদ্যালয়, ছয়দুৱাৰ মহাবিদ্যালয়, টি এইচ বি কলেজ (জামুগুৰি), বি টি কলেজ ইত্যাদি। জিলাখনৰ বিশ্বনাথ চাৰিআলি সদৰত কৃষি মহাবিদ্যালয় আছে।

যাতায়াত :

বিশ্বনাথ জিলাত ৰে’লপথ আৰু স্থলপথৰ সুব্যৱস্থা আছে। অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা জিলাখনলৈ পোনপটীয়া দিবা-নৈশ বাছসেৱা আৰু ৰে’লসেৱা আছে। জিলাখনৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। বর্তমান উক্ত ঘাইপথটো চাৰিলেনযুক্ত ঘাইপথলৈ উন্নীতকৰণৰ কাম চলি আছে। গুৱাহাটীৰপৰা বিশ্বনাথ চাৰিআলিলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দূৰত্ব ২৪৮ কিলোমিটাৰ। জিলাখনৰ মাজেৰে পাৰহৈ যোৱা ব্ৰডগজ ৰে’লপথে উত্তৰ পাৰৰ লখিমপুৰ, জোনাই, মুৰ্কংচেলেকলৈকে আৰু দক্ষিণে তেজপুৰ, ৰঙাপাৰা, ৰঙিয়া, গুৱাহাটী আদিলৈকে সংযুক্ত কৰিছে। বিশ্বনাথ চাৰিআলিৰ নাতিদূৰত শোণিতপুৰ জিলাৰ তেজপুৰ (শালনিবাৰী) বিমান বন্দৰ অৱস্থিত।

You can also Read

References

  1. I collected from Wikipedia
  2. The Official Website
  3. Different Books

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *