May 17, 2022

Omeo Kumar Das Biography in Assamese | লােকনায়ক অমিয় কুমাৰ দাসৰ জীৱনী

অসমত স্বাধীনতা আন্দোলন প্রসাৰৰ ক্ষেত্ৰত অন্যতম ভূমিকা লােৱা লােকনায়ক দাস এগৰাকী প্রগতিশীল মনৰ মানুহ আছিল। যত কাৰােবাৰ বিপদ হৈছে, য’ত মহামাৰী হৈছে, য’ত ৰায়তৰ সভা বহিছে তাতেই তেওঁ উপস্থিত হৈছিল আৰু বিভিন্ন ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ আপ্রাণ চেষ্টা কৰিছিল। স্বাধীন অসমৰ প্ৰথমগৰাকী শিক্ষা আৰু শ্রমমন্ত্রী অমিয় কুমাৰ দাসে তেওঁৰ আত্মজীৱনী ‘জীৱন স্মৃতি’ত লিখিছে দার্শনিক ৰুছােৰ কথা— “মই যদি নিজৰ ধৰ্ম লৈ নিজৰ গাঁৱত পৰিয়ালৰ মাজত থাকিলেহেঁতেন, সাধাৰণ মানুহৰে মােৰ জীৱন শান্তিৰে গ’লহেঁতেন, শান্তিৰে মই মােৰ পৰিয়ালৰ মাজত নিজৰ জীৱন অন্ত পেলাব পাৰিলােহেঁতেন।” এই কথা পাছৰ জীৱনত তেওঁ অন্তৰেৰে বিশ্বাস কৰিছিল।

জন্ম

প্রকৃত জন্মৰ তাৰিখ অমিয় কুমাৰে নিজেই নাজানিছিল, স্কুলত নাম লিখাওতে মােমায়েকে লেখি দিছিল পাঁচ মে’ ১৮৯৫ চন। পিতা ডাঃ উদয়ৰাম দাসে কলিকতাৰ কেম্পবেল”মেডিকেল স্কুলৰ পৰা ডাক্তৰী পাছ কৰিছিল। তেওঁৰ বন্ধুত্ব আছিল গােপীনাথ বৰদলৈৰ পিতৃ ডাঃ বুদ্ধেশ্বৰ বৰদলৈ। উদয়ৰাম দাসে কলিকতালৈ গৈ ব্রাহ্ম সমাজৰ প্ৰভাৱত পৰি সেই ধর্ম গ্রহণ কৰিছিল। তেওঁ বাগিচাৰ ডাক্তৰ হিচাপে চাকৰিত সােমাইছিল। তেওঁ অতি কম দিনৰ জীৱনহে লাভ কৰিলে আৰু মৃত্যুৰ সময়ত তেওঁৰ দুই পুত্র বিনয় আৰু অমিয় আছিল সৰু সৰু। |

প্ৰাৰম্ভিক জীৱন

প্ৰাৰম্ভিক জীৱন শৈশৱতে পিতৃহাৰা অমিয় দাস ডাঙৰ-দীঘল হৈছিল ককাদেউতা লক্ষ্মীকান্ত বৰকাকতীৰ তত্ত্বাৱধাৱনত, যাৰ বাবে তেওঁৰ অধ্যয়নপুষ্ট মন এটাই গঢ় লৈ উঠিছিল আৰু দেশ-বিদেশৰ খবৰ বাতৰি জানিবলৈ ইচ্ছুক হৈ উঠিছিল। সৰুৰে পৰা ককাদেউতাৰ মুখেৰে তেওঁ ‘মােহন দাস কৰ্মচাঁদ গান্ধী’ৰ বিষয়ে শুনিছিল আৰু তেওঁকে অৱচেতন মনত ভগৱান যেন জ্ঞান কৰি কিবা কাম এটা কৰিবলৈ লওঁতে প্রথমে গান্ধীৰ নামটো স্মৰণ কৰিহে কামত আগবাঢ়িছিল। গান্ধীজীৰ অতি অনুৰাগী এইগৰাকী ব্যক্তিয়ে পাছলৈ My Experiment with truth খন ‘মােৰ সত্য অম্বেষণৰ কাহিনী’ নাম দি অসমীয়ালৈ অনুবাদ কৰি অসমীয়া মানুহক গান্ধীজীৰ জীৱনৰ মহামন্ত্রৰ গভীৰ শিক্ষা দান কৰিছিল।

শিক্ষা

১৯১২ত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ দাসে কটন কলেজত নাম লিখালে। নানা ধৰণৰ বেমেজালি আৰু ৰাজহুৱা কামত উঠি-পৰি লগা বাবে অমিয় কুমাৰে ১৯১৪ত আই.এ. পৰীক্ষাত উত্তীর্ণ হ’ব নােৱাৰিলে। তাৰ পাছত কলিকতাৰ চিটি কলেজত নামভৰ্তি কৰি প্রথম বিভাগত আই.এ. পৰীক্ষাত উত্তীর্ণ হ’ল। ১৯১৮ত ইয়াৰ পৰাই বি.এ. পাছ কৰি আইন কলেজত ভর্তি হয়। আইনৰ দুটা পৰীক্ষাত উত্তীর্ণ হােৱাৰ পাছত ১৯২১ত যেতিয়া অসহযােগ আন্দোলন আৰম্ভ হ’ল তেতিয়া তেওঁ পঢ়া-শুনা এৰি আন্দোলনৰ প্ৰচাৰৰ বাবে অসম পালেহি। গান্ধীজীৰ শিষ্য হৈ মন-প্রাণ সঁপি বৰ্তমানৰ শােণিতপুৰ জিলাত আন্দোলন তীব্রতৰ কৰি তুলিলে। মহাত্মাজীক অমিয় দাসে একেবাৰে ওচৰৰ পৰা পালে ১৯২১ত, তেজপুৰত।

ৰাজনৈতিক জীৱন

অসহযােগ আন্দোলনৰ প্ৰচাৰৰ বাবে ‘গান্ধী ভলন্টিয়াৰ হৈ গাঁৱে গাঁৱে ঘূৰি ফুৰাৰ সময়ত তেজপুৰত তেওঁৰ সতীর্থ আছিল চন্দ্ৰনাথ শৰ্মা আৰু লক্ষ্মীধৰ শৰ্মা। মহাত্মাই এওঁলােকৰ কাম-কাজ দেখি সন্তোষ প্রকাশ কৰিছিল। অসহযােগ আন্দোলন তীব্র ৰূপত চলিল আৰু সফলতা হ’ল। কিন্তু এইবাৰ আহিল জীৱন-জীৱিকাৰ প্রশ্ন। ইংৰাজৰ চাকৰি কৰাৰ কথা সপােনতাে নভবা দাসে এইবাৰ আৰম্ভ কৰিলে গেলামালৰ দোকান। পাছত সেয়া এৰি চন্দ্ৰকুমাৰ আগৰৱালাই প্রতিষ্ঠা কৰা সাপ্তাহিক অসমীয়াৰ সম্পাদক হৈ দাসে পেছাদাৰী সাংবাদিক জীৱনত প্ৰৱেশ কৰে। স্কুলীয়া জীৱনৰে পৰা লিখা-পঢ়াত ৰাপ থকা দাসক ‘গ্রন্থকীট’ বুলিলেও বঢ়াই কোৱা নহয়। প্রতিটো ক্ষেত্রতে তেওঁ নির্মোহ আৰু নিৰপেক্ষ মতামতে দিব পাৰিছিল। সেইবাবে সাপ্তাহিক অসমীয়াৰ সম্পাদক হিচাপে তেওঁ আছিল যথেষ্ট সফল। তদুপৰি অসহযােগ আন্দোলনৰ সময়তে মহাত্মাৰ ইয়ং ইণ্ডিয়া’ কাকতত প্রকাশিত প্রবন্ধ অসমীয়ালৈ অনুবাদ আৰু প্ৰকাশ কৰি সেয়া ৰাইজৰ মাজত বিলাই দিছিল। সেই সময়ত অমিয় দাসৰ দুটা লক্ষ্য আছিল—প্রথম, গাঁৱলীয়া ৰাইজৰ মাজত অসহযােগ আন্দোলনৰ বাতৰি প্ৰচাৰ কৰা আৰু আন্দোলন সম্পর্কে সকলােকে সজাগ কৰা আৰু দ্বিতীয়, ইংৰাজীৰে বুলেটিন উলিয়াই ভাৰতৰ মুখিয়াল লােকসকলক অসমৰ পৰিস্থিতিৰ বিষয়ে বুজোৱা, নেতাসকলক গ্রেপ্তাৰ কৰাৰ পাছত অসমত কিদৰে অত্যাচাৰ চলিব ধৰিছে, সেই সম্পর্কে ভাৰতৰ নেতৃস্থানীয় লােকসকলক জনােৱা। ১৯২৬ চনত শ্রীনিবাশ আয়েঙ্গাৰৰ পৌৰাহিত্যত বহা পাণ্ডুৰ কংগ্ৰেছ অধিৱেশনত অভ্যর্থনা সমিতিৰ সদস্য হিচাপে দাসে দেহেকেহে খাটিছিল আৰু নিজৰ সম্পাদনাত প্রকাশিত সাপ্তাহিক অসমীয়া’খন সকলােৰে মাজত বিলাই ফুৰিছিল। কাকতখনৰ যােগেদি দাসে স্বাধীনতাৰ মতাদর্শ প্রচাৰ কৰিছিল।

সমাজ সংস্কাৰক

১৯৩০ চনত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। প্রদেশ কংগ্রেছৰ সভাপতি হিচাপে সেই সময়ত আন্দোলনৰ নেতৃত্ব লৈছিল বিষ্ণুৰাম মেধিয়ে। তেওঁৰ মুখ্য সহযােগী দুজন আছিল ত্যাগবীৰ হেম বৰুৱা আৰু অমিয় কুমাৰ দাস। সেই বছৰতে দাস ‘অসম ছাত্ৰ সন্মিলনৰ সভাপতি হিচাপে নির্বাচিত হৈছিল। সভাপতিৰ ভাষণত তেওঁ কৈছিল— “কানিংহাম চাহাব ব্রিটিছ সাম্রাজ্যবাদৰ পুতলা মাত্র। তেওঁৰ বিৰুদ্ধে ছাত্ৰৰ সংগ্ৰাম নহয়, সংগ্রাম হ’ব লাগিব ব্রিটিছ সাম্রাজ্যবাদক ভাৰতবৰ্ষৰ পৰা আঁতৰাবৰ বাবেহে। যেতিয়ালৈকে ভাৰতবৰ্ষত ব্রিটিছ সাম্রাজ্যবাদৰ উচ্ছেদ সাধন নহয়, তেতিয়ালৈকে এক কানিংহাম নহয়, হেজাৰ কানিংহামৰ সৃষ্টি হৈ থাকিব৷’গতিকে ছাত্ৰসকলৰ মূলমন্ত্র হ’ব লাগিব- সাম্রাজ্যবাদৰ সম্পূর্ণ উচ্ছেদ সাধন।” ১৯৩০ চনৰ আন্দোলনত “অসম ছাত্র সন্মিলনে’ লােৱা ভূমিকা প্রচাৰৰ বাবে প্ৰচাৰ পত্রিকা লিখি সমগ্ৰ ভাৰততে প্রচাৰ কৰিছিল, যিটো দেখি মহাত্মা গান্ধীয়ে সন্তোষ পাইছিল আৰু তেনে কাম কৰিবলৈ ভাৰতৰ অন্যান্য প্রদেশসমূহকো পৰামর্শ দিছিল। অসহযােগ আন্দোলনত কৰাৰ দৰে ‘৩০ চনৰ আন্দোলনতাে অমিয় দাসক গ্রেপ্তাৰ কৰা হয় আৰু ছমাহৰ কাৰাবাস খাটি তেওঁ মুক্তি পায়। পুনৰ ৩২ চনত অমিয় দাসক গ্রেপ্তাৰ কৰে আৰু কেইমাহ মানৰ পাছতেই মুক্তি দিয়ে। ৩৩ চনত কংগ্ৰেছৰ অধিৱেশনলৈ যাওঁতে বিষ্ণুৰাম মেধি, অমিয় দাস প্রমুখ্যে কেইবাজনাে নেতা পুনৰ গ্ৰেপ্তাৰ হয়। 

১৯৩৪-৩৬ এই দুবছৰ কাল লক্ষ্মীনাথ বেজবৰুৱাই প্রতিষ্ঠা কৰা বাঁহীৰ সম্পাদনাৰ দায়িত্ব লৈছিল অমিয় কুমাৰে। পূর্বে কলিকতাত বি.এ. আৰু আইন পঢ়ি থাকোতে দাসে বাঁহীৰ সম্পাদনা-পৰিচালনাৰ কামত বেজবৰুৱাক সহায় কৰিছিল। ‘সাপ্তাহিক অসমীয়াৰ সম্পাদক হিচাপে তেওঁ লিখিছিল— “সকলাে সম্প্রদায়কে সামৰি সমূহ অসমীয়াৰ সেৱা আৰু মঙ্গল কামনাই অসমীয়াৰ মূল উদ্দেশ্য। অসমীয়া ৰাইজৰ মাজত স্বৰাজৰ প্রবল স্পৃহা আৰু স্বাধীনতাৰ অদম্য আকাংক্ষা জন্মােৱাই অসমীয়াৰ আছিল অন্যতম লক্ষ্য।”

বৈবাবিক জীৱণ

১৯৩৫ত ‘প্রাদেশিক স্বায়ত্ত শাসন’ ঘােষণা কৰা কৰাৰ পাছত দেশীয় ৰাজ্য চৰকাৰ গঠনৰ বাবে ১৯৩৭ত নির্বাচন অনুষ্ঠিত হয়। এই নিবার্চনত জয়লাভ কৰে দাসে। ১৯৪ত ব্যক্তিগত সত্যাগ্রহ কৰি তেওঁ ছমাহৰ কাৰাবাস খাটে। ১৯৪২ ভাৰত ত্যাগ আন্দোলন আৰম্ভ হােৱাৰ আগে আগে ৪৭ বছৰীয়া দাসে বিয়া কৰাইছিল বিদুষী নাৰী আৰু স্বাধীনতা যুঁজাৰু পুষ্পলতা শইকীয়াক। স্বভাৱতে লাজকুৰীয়া, অমায়িক দাসে বিয়া কৰােৱাৰ কথা ভবাই নাছিল কিন্তু ভুবনেশ্বৰ বৰুৱা, সিদ্ধিনাথ শৰ্মা আদিৰ নেৰা-নেপেৰা চেষ্টাত এই বিয়া সম্ভৱ হয়।

অমিয় কুমাৰ দাসতকৈ ২০ বছৰে সৰু পুষ্পলতা দাসে এক সাক্ষাৎ প্রসঙ্গত মােক কৈছিল— “তেওঁক মই প্ৰথমবাৰৰ বাবে দেখিছিলাে মােৰ ছবছৰ বয়সত। তেতিয়া তেওঁ বাতৰিৰ ৰিপ’ৰ্ট সংগ্রহ কৰিবলৈ আমাৰ বৰপেটালৈ গৈছিল। পাছলৈ মই যেতিয়া কংগ্ৰেছৰ কর্মী হৈ আন্দোলনত যােগ দিছিলাে, তেতিয়া তেওঁক ওচৰৰ পৰা পালাে। আচলতে কংগ্ৰেছেই আমাৰ বিয়াখন পাতি দিলে। তেওঁ মােক বিয়া কৰাব বিচৰা নাছিল। কাৰণ আমাৰ মাজত বয়সৰ পার্থক্য আছিল যথেষ্ট বেছি। তেওঁ হেনাে কৈছিল— “ইমান সৰু ছােৱালীক বিয়া কৰালে মােৰ পাপ লাগিব। … শেষত তেওঁ বাধ্য হৈ কৈছিল দহ টকাৰ ভিতৰতে বিয়াখন সম্পূর্ণ হ’ব লাগিব কিন্তু। অৱশ্যে আমাৰ বিয়ালৈ যিমান মানুহ আহিছিল, প্রত্যেকেই ১০ পইচা, চাৰিঅনা, এটকাকৈ চান্দা দিলে। তাৰ পৰাই উঠিল কেবা হেজাৰাে টকা। সেইখিনি টকাৰে ঢেকিয়াজুলি কলেজত এখন ট্রাষ্ট খােলা হ’ল। সেই ট্রাষ্টৰ সহায়ত প্রতিবছৰে ঢেকিয়াজুলি কলেজৰ সবাতােকৈ বেছি নম্বৰ পােৱা চাহ জনজাতি সম্প্রদায়ৰ ছাত্ৰ-ছাত্ৰীক একোটা বৃত্তি দি অহা হৈছে।”

কৰ্ম জীৱন

১৯৪৬ৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈ দাস পুনৰ বিধায়ক হয় আৰু একেৰাহে ‘৬২ চনলৈ এই পদত থাকে। ১৯৪৬ৰ পৰা ৫৭ চনলৈ গােপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধি মন্ত্রীসভাৰ শিক্ষা, শ্রম, কৃষি, যােগান আদি বিভাগৰ মন্ত্রিত্বৰ দায়িত্ব লৈছিল। মন্ত্রী হিচাপে তেওঁ দৰমহা লৈছিল মাহিলী মাথোঁ পাঁচ টকাকৈহে, তাকো টুকটাককৈ পৰিয়ালটো চলােৱাৰ স্বাৰ্থত। ত্যাগৰ পূজাৰী দাসে নিজৰ বাবে একো নকৰিলে। ১৯৫৫ত চাহ মজদুৰ ভৱিষ্যনিধি আইন তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰে কিন্তু সেইখন কেন্দ্রই অনুমােদনৰ বাবে টান পােৱাত মন্ত্রিত্বৰ গাদী এৰিবলৈ প্রস্তুত হৈছিল। নিজা সমষ্টি ঢেকিয়াজুলি আৰু তেজপুৰৰ নানা অনুষ্ঠান। প্রতিষ্ঠানৰ বাবে তেওঁ বহু কাম কৰিছিল। শ্রম মন্ত্রী থাকোতে জেনেভাত বহা আন্তঃৰাষ্ট্ৰীয় শ্রমিক সন্মিলনত দাসে ভাৰতীয় দলৰ নেতৃত্ব দিছিল।১৯৬২ত দাসে সক্রিয় ৰাজনীতি ত্যাগ কৰে। অৱসৰ লৈ তেওঁ ঢেকিয়াজুলিত থাকিব লৈছিল আৰু তেওঁ থকা ঘৰটো সাজি দিছিল স্থানীয় ৰাইজে।

সাহিত্য কীৰ্তি

ক্ষমতাৰ লােভ, সম্পদৰ লালসা আৰু আভিজাত্যৰ মােহৰ পৰা বহু দূৰত্বত অৱস্থান কৰা অমিয় কুমাৰ দাস এগৰাকী ত্যাগী আৰু দক্ষ ৰাজনীতিকেই নাছিল, তেওঁ আছিল এগৰাকী সফল সাংবাদিক, সম্পাদক আৰু সাহিত্যিক। জীৱন-স্মৃতি নামৰ আত্মজীৱনীখন পঢ়িলেই বুজিব পৰা যায় যে তেওঁৰ সাহিত্য কিমান পৰিপক্ক। গান্ধীৰ আত্মজীৱনী ‘মােৰ সত্য অম্বেষণৰ কাহিনী’ নামেৰে অসমীয়ালৈ অনুবাদ কৰা দাসে গান্ধী বিষয়ক বহু প্রবন্ধ আৰু পুথি— দক্ষিণ আফ্রিকাত মহাত্মা, অসমত মহাত্মা, বিলাতত মহাত্মা, মেজমেলত মহাত্মা, অনশনত মহাত্মা, মহাত্মা গান্ধী আমি তেখেতক কিদৰে বুজিলাে, গান্ধীজীৰ জীৱনী, গান্ধী কথামৃত আদি লিখে।

তদুপৰি কংগ্ৰেছৰ বুৰঞ্জী, ভাৰতৰ ৰাজকীয় ঋণ, অসহযােগ আন্দোলনত অসম আৰু কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেশভক্ত তৰুণৰাম কন, লক্ষ্মীধৰ শৰ্মা, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, বিষ্ণুৰাম মেধি আদি গ্রন্থ তেওঁ লেখিছিল। ভালেকেইখন যুগজয়ী সাহিত্য গ্রন্থ— শ্রীহৰ্ষৰ ৰত্নাৱলী, শূদ্ৰকৰ মৃচ্ছকটিকম, নব্য ৰুছিয়াৰ চিত্র, চেকভৰ গল্প, মীৰা বেনৰ আত্মজীৱনীৰ একাংশ, মুস্তাফা কামাল পাছা আদিৰ অনুবাদো কৰিছিল।

বঁটা আৰু সন্মান

ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৬৩ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে। ভাৰত চৰকাৰৰ অধীনস্থ ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ অন্তৰ্গত ‘অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান’ ১৯৯৫ চনত তেওঁৰ জন্মৰ শতবৰ্ষৰ উপলক্ষে তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। ভাৰতীয় ডাক বিভাগে তেওঁৰ সন্মানৰ্থে ১৯৯৮ চনত এলানি ডাক টিকট প্ৰৱৰ্তন কৰে। তেওঁ অসম বিধানসভালৈ তিনিবাৰ প্ৰতিনিধিত্ব কৰা ঢেকীয়াজুলি সমষ্টিত ‘লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়’ নামেৰে এখন কলা বিভাগৰ মহাবিদ্যালয় স্থাপন কৰা হৈছে।

মৃত্যু

১৯৭৫ চনৰ ২৩ জানুৱাৰী তাৰিখে তেওঁ মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী বিখ্যাত গান্ধীবাদী নেত্ৰী আৰু স্বাধীনতা সংগ্ৰামী, সংস্কাৰক আৰু ৰাজ্যসভাৰ সাংসদ পুষ্পলতা দাস আৰু এগৰাকী জীয়েকক এই সংসাৰত এৰি যায়। আশী বছৰীয়া জীৱন কালত অসম-অসমীয়া আৰু শ্রমিক-কৃষকৰ বাবে তেওঁ যি কৰি গ’ল, তাৰ বাবে অসমীয়াই ‘লােকনায়ক’ৰ কথা সদায় সোঁৱৰি থাকিব।

You also Read

Reference

  • I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published.