July 24, 2024

Freedom Fighter Kamala Miri Biography in Assamese | স্বাধীনতা যুঁজাৰু কমলা মিৰিৰ জীৱনী

Freedom Fighter Kamala Miri Biography in Assamese

কমলা মিৰি ওৰফে কমলা লুইং ( ২২ এপ্ৰিল ১৯৪৩ ) অসমৰ এগৰাকী স্বাধীনতা যুঁজাৰু আছিল। মিচিং সম্প্ৰদায়ৰ লোক মিৰিৰ ঘৰ আছিল গোলাঘাট জিলাৰ ৰঙামাটি মৌজাৰ ওপৰটেমেৰা গাঁৱত।

Kamala Miri Biography in Assamese

স্বাধীনতা যুঁজাৰু কমলা মিৰিৰ জীৱনী Kamala Miri Biography in Assamese

“লেখা দি যােৱাতকৈ জেলতেই মৰিম”— এইদৰে কৈছিল নিৰক্ষৰ হােজা নিভাজ এজন দেশপ্রেমিকে। তেওঁৰেই

নাম আছিল কমলা মিৰি। বর্তমান, গােলাঘাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটি মৌজাৰ অন্তৰ্গত ওপৰটেমেৰা নামৰ এখন পাছপৰা গাঁৱৰ ধান-শইচ, পশুধনেৰে নদন-বদন কৃষক পৰিয়ালত কমলা লইঙৰ জন্ম হৈছিল। প্রকৃত উপাধি লইং’ আছিল যদিও মিৰি সম্প্ৰদায়ৰ হােৱা বাবে বহুতেই মিৰি বুলি মতাৰ বাবে তেওঁ ‘কমলা মিৰি’ বুলিয়েই জনাজাত হৈছিল।

মিচিং গাঁৱতেই কমলা মিৰিয়ে শৈশৱ, কৈশােৰ, যৌৱন অতিবাহিত কৰিছিল। সেই সময়ত মিচিংসকলে বাস কৰা অঞ্চলবােৰ আছিল হাবি অৰণ্যৰে ভৰা। বাট-পথৰ অৱস্থা সুচল নাছিল। সেই অঞ্চলত শিক্ষা, স্বাস্থ্য আদি বিষয়বােৰ সপােনৰাে অগােচৰ আছিল। তেনে এক আদিম পৰিবেশতে কমলা ডাঙৰ-দীঘল হৈছিল। বিদ্যালয়ৰ শিক্ষা নাছিল বাবে লেখা-পঢ়া জনাৰ কথাই নাহে। গৰু-ম’হ চৰােৱা, হাতী-ঘোঁৰাত উঠা, ঢােল বজোৱা, নাও বােৱা, সাঁতােৰা, জাল-জকাই-পল’ মৰা, আদিৰ লগতে খেতি-খলাৰ কামত তেওঁ সৰুৰে পৰা ওস্তাদ হৈ উঠিছিল। শৈশৱৰে পৰা সাহসী আৰু স্পষ্টবক্তা হােৱাৰ বাবে গাঁও বা অঞ্চলটোৰ বিভিন্ন কামত তেওঁ লগৰবােৰক নেতৃত্ব দিব পাৰিছিল।

গাঁৱৰে কণিকী নামৰ এজনী গাভৰুৰ স’তে সংসাৰ আৰম্ভ কৰা কমলাক ৰঙামাটিৰ মৌজাদাৰে টেকেলাবােৰক খাজনা আদায়ৰ কামত সহায় কৰিবলৈ কৈছিল। তেওঁ উক্ত কামত সহায় কৰি দিছিল। ফলত মৌজাদাৰৰ পৰিয়ালৰ স’তে তেওঁ ঘনিষ্ঠ হৈ উঠে। তেনে সময়বােৰতে মৌজাদাৰৰ ঘৰলৈ গােপনে অহা স্বাধীনতা যুঁজৰ নেতাসকলক তেওঁ লগ পায়। এই সংগ্রামী নেতাসকলৰ ইংৰাজ বিৰােধী কথাবােৰে মিৰিৰ মনত দকৈ সাঁচ বহুৱালে। লাহে লাহে তেওঁ স্বাধীনতাৰ এজন পৃষ্ঠপােষক হৈ উঠিল আৰু ১৯২৮ চনত কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰি সাধাৰণ মানুহৰ মাজত আন্দোলনৰ কথা জোৰদাৰকৈ প্ৰচাৰ কৰিব ধৰিলে। বিদেশী বস্তু বর্জন আৰু কানি নিবাৰণ আন্দোলনে কমলা মিৰিক আকৃষ্ট কৰিলে। তেওঁ বিশেষকৈ মিচিং গাওঁসমূহত বিলাতী বস্ত্র পিন্ধা এৰি খাদী কাপােৰ বা হাতে বােৱা কপাহী কাপােৰ ব্যৱহাৰ কৰিবলৈ ৰাইজক খাটিছিল। কমলাই বহুতক প্রভাবিত কৰি তেওঁলােকৰ মন স্বাধীনতা আন্দোলনৰ ফালে ঢাল খুৱাইছিল। এইদৰেই তেওঁৰ সহযােগীৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ থাকিল। তেওঁলােকে গােলাঘাট অঞ্চলৰ বিভিন্ন সভা-সমিতিত অংশ লৈ আন্দোলনক ব্যাপক ৰূপ দিছিল।

১৯৩০ আৰু ১৯৩২ৰ আইন অমান্য আন্দোলনৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী সফল কৰিবলৈ মিৰিয়ে অতিকৈ পৰিশ্ৰম কৰিছিল। অসমত প্রতিষ্ঠা হােৱাৰ ১৫ বছৰৰ পাছতহে অর্থাৎ ১৯৩৬তহে গােলাঘাট প্রাথমিক কংগ্ৰেছ কমিটী গঠন কৰা হৈছিল। ৰঙামাটি আৰু ব্ৰহ্মপুত্ৰ অঞ্চলত বাস কৰা মিচিং সকলৰ মাজত কংগ্ৰেছ শক্তি বৃদ্ধিৰ অৰ্থে কমলাক ৰঙামাটি আঞ্চলিক সমিতিৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল। তেওঁ প্রথমে কমলা লইং, তাৰ পাছত কমলা মিৰি আৰু শেহত ‘কমলা সভাপতি’ নামেৰে জনপ্রিয় হ’বলৈ ধৰিলে। সাংগঠনিক দক্ষতা থকাৰ বাবেই ১৯৩৭ত গােলাঘাটত গঠন হােৱা শান্তি সমিতিৰৰ তেওঁ সভাপতি নির্বাচিত হৈছিল। এইদৰেই তেওঁ শান্তি বাহিনীৰ অধিনায়ক হৈছিলগৈ। ৰঙামাটি আৰু মহুৰা মৌজাৰ মিচিংসকলৰ ভলন্টিয়াৰক লৈ তেওঁ শান্তি বাহিনী গঠন কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়। ডিমাপুৰ পর্যন্ত গৈ এই বাহিনীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আহত হােৱা সৈন্যক সেৱা-শুশ্রুষা আগবঢ়াইছিল।

১৯৪২ৰ ন আগষ্টত মুম্বাইত অনুষ্ঠিত কংগ্ৰেছৰ কার্যনির্বাহক সভাত হােৱা সিদ্ধান্তমর্মে ভাৰতৰ পূর্ণ স্বাধীনতা ঘােষণাৰে জোৰদাৰ ৰূপত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হয়। এই বাতৰি পােৱাৰ লগে লগে সমগ্ৰ অসমৰ গাঁৱে

গাঁৱে আন্দোলনে ভয়ংকৰ ৰূপ ল’লে। কমলা মিৰিয়ে যেন এনে এটি ক্ষণৰ বাবেই অপেক্ষা কৰি আছিল। মাথাে পত্নী কণিকীক ক’লে-“মই দেশৰ কামত বুলি ওলালাে। ল’ৰা-ছােৱালীকেইটি লগত লৈ বন কৰি খাবি।”

গােলাঘাটৰ সদৰ কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ৰ দায়িত্বত আছিল কমলা। ঘৰসংসাৰৰ কথা একেবাৰে পাহৰি গৈ অহৰহ আন্দোলনতে লাগি থাকি ৰাতিটো যেনেতেনে কার্যালয়তে পাৰ কৰিছিল। এনে ব্যস্ততাৰ মাজতে ১৯৪২ ২৭ ছেপ্টেম্বৰৰ পুৱতি নিশা এই কংগ্ৰেছ কার্যালয়ৰ পৰাই মিৰিৰ লগতে তেওঁৰ ঘনিষ্ঠ সহযােগী ফটিক চন্দ্ৰ হাজৰিকা, ত্রিলােচন বৰা, যােগেশ্বৰ গগৈ, সর্বেশ্বৰ শ‍ইকীয়া, কেশৰাম গগৈ আদি মুক্তিযােদ্ধাক ব্রিটিছ চিপাহীয়ে গ্রেপ্তাৰ কৰি গােলাঘাট জেললৈ নিয়ে। ইংৰাজ বিষয়াৰ বিচাৰত কমলা মিৰি আঠমাহ সশ্রম কাৰাদণ্ডৰে দণ্ডিত হয় আৰু পুলিচে তেওঁক যােৰহাট কাৰাগাৰলৈ প্ৰেৰণ কৰে।

সেই সময়ত যােৰহাট কাৰাগাৰত আছিল গােপীনাথ বৰদলৈ, মহম্মদ তৈয়বউল্লা, বিমলা প্রসাদ চলিহা, ফকৰুদ্দিন আলী আহমেদ, শ্রীশ্রীপীতাম্বৰ দেৱগােস্বামী, বিষ্ণুৰাম মেধি, দেবেশ্বৰ শৰ্মা আদি প্রখ্যাত নেতা। এই বৰেণ্য নেতাসকলৰ সান্নিধ্য লাভ কৰিবলৈ পাই কমলাই নিজকে ধন্য মানিছিল। কাৰাগাৰৰ ভিতৰতে আন্দোলনৰ বিষয়ত বহা বিভিন্ন আলােচনাত কমলা মিৰিয়ে অংশ লােৱাৰ সুযােগ পাইছিল। ত্যাগী পুৰুষ কমলাৰ বাবে ইয়াতকৈ পৰম আকাংক্ষাৰ বস্তু কি হ’ব পাৰে? শুনা যায় সেই সময়তে লােকপ্রিয় বৰদলৈৰ ওচৰত কমলাক নিজৰ নামটো লিখিবলৈ শিকিছিল।

যৌবনৰে পৰা স্বাধীনতা সংগ্রামত আত্মনিয়ােগ কৰি ভ্ৰমি ফুৰা, খােৱাবােৱাৰ হিচাপ নৰখাৰ বাবে লাহে লাহে তেওঁৰ স্বাস্থ্য ভাঙি পৰিছিল। তদুপৰি প্ৰথমতে কাৰাগাৰত কমলাই খাদ্য খােৱাও নাছিল। পাছত সতীর্থসকলৰ বুজনিতহে খাদ্য খাবলৈ লৈছিল। খােৱাৰ খেলিমেলিৰ বাবেই জেলৰ ভিতৰত কমলা মিৰি অসুস্থ হৈ আহিল। তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিব ধৰাত ইংৰাজ বিষয়াই ক’লে যে আন্দোলনত অংশগ্রহণ নকৰাে বুলি লিখিতভাবে দিলে কমলাক মুকলি কৰি দিয়া হ’ব। কিন্তু কমলা মিৰিয়ে জনাই দিছিল যে দেশৰ মুক্তি অবিহনে নিজৰ মুক্তিৰ কথা ভাবি লাভ কি? গতিকে তেওঁ স্পষ্টভাবে কৈছিল- “লেখা দি যােৱাতকৈ জেলতেই মৰিম”।

কমলা মিৰিৰ স্বাস্থ্যই এইবাৰ ভয়াবহ রূপ ললে। সেয়া দেখি উপায়ন্তৰ হৈ ইংৰাজে কমলাক পেৰলত মুক্তি দিয়াৰ সিদ্ধান্ত ললে। পৰিয়ালৰ লােকক খবৰ দিয়া হ’ল।১৯৪৩ ২৩ এপ্রিলৰ দিনটো তেওঁক জেলৰ পৰা মুক্তিৰ দিয়াৰ দিন ধার্য কৰিলে। সেই কেইদিন দেৰগাঁৱৰ নৰেন শৰ্মা আৰু তিলেশ্বৰ বৰদলৈয়ে মিৰিৰ সেৱা-শুশ্রুষা কৰিছিল। তেওঁলােকে মিৰিৰ কাষতে বিছনা পাৰি লৈছিল। ২২ এপ্রিলৰ দিনা মিৰিয়ে হেনাে দুয়ােকে কৈছিল— “আজি গাটো বৰ বেয়া লাগিছে। ইহঁতে মােক লেখা দি ইয়াৰ পৰা ওলাই যাবলৈ বৰকৈ জোৰ দি আছে। কিন্তু ইহঁতক লেখা নিদিও। যদি দিবই লাগে তেন্তে ওপৰৰ গৰাকীজনাৰ ওচৰত লেখা দিমগৈ।” ১৯৪৩ ২৩ এপ্রিলৰ পুৱতি নিশা কমলা মিৰিয়ে জেলৰ ভিতৰতে চিৰদিনলৈ চকু মুদিলে।

সচেতন লেখক মাণিক চন্দ্র দাৱ-এ কমলা মিৰিৰ পঢ়া-শুনা সম্পর্কত ‘অগ্রদূত’ কাকতৰ পাতত লেখিছে ৪২ৰ স্বাধীনতা সংগ্রামত কমলা মিৰিক গ্রেপ্তাৰ কৰি যােৰহাট কাৰাগাৰত ভৰ্তি কৰাৰ সময়ত চহী কৰিবলৈ কোৱা হৈছিল। শহীদগৰাকীয়ে নামটো লিখিব নজনা কাৰণে ইংৰাজ চিপাহীয়ে ঠাট্টা কৰি কৈছিল—“নিজৰ নামটোকে লিখিব নাজান, আন্দোলন কৰিবলৈ আহিছ?” কমলাই স্বভাৱসুলভ ভাষাৰে উত্তৰত কৈছিল—“লেখিব পঢ়িব নজনা মানুহে বাত (ভাত) খাবও নাপায় নেকি?” কাৰাগাৰত থকা অৱস্থাত গােপীনাথ বৰদলৈয়ে কমলাৰ নামটো লিখিবলৈ শিকাইছিল বুলিও জানিব পৰা যায়। ইয়াৰ পৰা আমি স্পষ্ট হ’ব পাৰাে যে শহীদগৰাকীয়ে লিখা-পঢ়া জনা নাছিল।

মাণিক চন্দ্র দাৱ-এ আৰু জনােৱা মতে— স্বাধীনতা সংগ্ৰামত যােগদান কৰা অন্য কংগ্ৰেছ কৰ্মীসকল আছিল— কমলা মিৰিৰ জন্মস্থান ৰঙামাটি মৌজাৰ ওপৰটেমেৰা গাঁৱৰ কদ্দিক মৰাং, বলােৰাম মিৰিং (লটং), বেপুং পাঠৰি। দসুতিমুখৰ যাদব মদক, প্রমীলা মেদক। গুলুং পাঠৰি গাঁৱৰ সুন্দৰ পেগু আৰু মালীধৰ দলে। নামটেমেৰা গাঁৱৰ চাৰু চন্দ্র মিৰি (ইং) আৰু চেনি চন্দ্র লইং (দুয়াে ভাই-ককাই)। মহুৰা মৌজাৰ বংকোৱাল গাঁৱৰ — বিকাৰাম দাৱ সভাপতি, বেজিয়া মিৰি (দা), ভূটাই মিৰি (ভাই-ককাই) চেনিৰাম মৰাং সম্পাদক আৰু পােৰা মিৰি। গােটুং গাঁৱৰ—শম্ভৰাম মিৰি (মং)। নিকৰি গাঁৱৰ ধাতুম মিৰি পেণ্ড)। অফল গাঁৱৰ চিতে কামান আৰু বৰটিকা গাঁৱৰবগীমলা মৰাং।

Leave a Reply

Your email address will not be published. Required fields are marked *