Lakshmidhar Sarma Biography in Assamese | দেশপ্রাণ লক্ষ্মীধৰ শৰ্মাৰ জীৱনী - assamintro.com
September 28, 2022

Lakshmidhar Sarma Biography in Assamese | দেশপ্রাণ লক্ষ্মীধৰ শৰ্মাৰ জীৱনী

মাথোঁ ৩৬ বছৰীয়া জীৱন কালত লক্ষ্মীধৰ শৰ্মাই দেখুৱাই থৈ গ’ল যে দেশ আৰু জাতিৰ বাবে কাম কৰিবলৈ, জ্ঞানৰ মন্দিৰত উপাসনা কৰিবলৈ বৰ বেছিদিনৰ জীৱন নালাগে। ইচ্ছা, অধ্যৱসায় আৰু পৰিশ্ৰম শক্তি থাকিলে এই পৃথিৱীলৈ ক্ষন্তেক সময়ৰ বাবে আহিও বহুখিনি কাম কৰিব পাৰি। ১৮৯৭ৰ (মতভেদে ১৮৯৮) ১০ অক্টোবৰত বিশ্বনাথ চাৰিআলিৰ ভীৰগাঁৱত লক্ষ্মীধৰ শৰ্মাৰ জন্ম। স্বৰ্গদেৱ ৰুদ্ৰ সিংহই হিন্দু ধর্ম গ্রহণ কৰি এই ধৰ্মৰ প্রচাৰ আৰু প্ৰসাৰৰ বাবে অসমৰ বিভিন্ন প্রান্তৰত দ’ল-দেৱালয় প্রতিষ্ঠা কৰে। এই বােৰৰ পৰিচালনাৰ বাবে দেৱভাষা সংস্কৃতত পাণ্ডিত্য থকা ভাৰতৰ বিভিন্ন প্রান্তৰৰ ব্রাহ্মণ ব্যক্তিক আমন্ত্রণ জনােৱা হৈছিল। নাভাৰ পৰা এটা ব্রাহ্মণ পৰিয়ালক বিশ্বনাথ দেৱালয় চোৱাচিতাৰ বাবে অনা হৈছিল। এই বংশৰে পুৰুষ গােপালদেৱৰ ঔৰসত দুই পুত্ৰৰ জন্ম হয়। ফণীধৰ আৰু হলধৰ। এই হলধৰ শৰ্মা বৰুৱাৰে চাৰিজন পুত্ৰৰ তৃতীয়জন হ’ল লক্ষ্মীধৰ শৰ্মা। লক্ষ্মীধৰ সৰু হৈ থাকোতেই পিতৃ হলধৰৰ মৃত্যু হােৱাত বৰদেউতাক ফণীধৰ বৰুৱাৰ তত্ত্বাৱধানত লক্ষ্মীধৰ ডাঙৰ-দীঘল হয়। ফণীধৰ আছিল চাহ বাগিচাৰ কৰ্মচাৰী আৰু বিশ্বনাথ দেৱালয় চলােৱা ব্যক্তি।|

লক্ষ্মীধৰ শৰ্মাৰ শিক্ষা

ক) প্রাথমিক শিক্ষা

পানীভঁৰাল প্রাথমিক বিদ্যালয়ত লক্ষ্মীধৰৰ বিদ্যাৰম্ভ হয়। সেই বিদ্যালয়ৰ পৰাই ১৯০৪ত বৃত্তি লাভ কৰি উত্তীর্ণ হয়। সেই সময়ত বিশ্বনাথ চাৰিআলিত উচ্চ ইংৰাজী শিক্ষাৰ বিশেষ কোনাে বিদ্যালয় নথকাৰ বাবে ১৯০৫ত তেজপুৰ চৰকাৰী হাইস্কুলত তেওঁ নাম লগায়। তেজপুৰত পঢ়া আৰম্ভ কৰােতে কর্মবীৰ চন্দ্রনাথ শৰ্মাৰ সান্নিধ্য পায়। ১৯১৪ত তেওঁ চন্দ্রনাথ শৰ্মাৰ সহায়ত গুৱাহাটীলৈ যাত্ৰা কৰে আৰু কটন কলেজিয়েট হাইস্কুলত নৱম শ্ৰেণীত নামভর্তি কৰে। ইয়াৰ পৰাই তেওঁ অসমৰ ভিতৰত তৃতীয় আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম হৈ প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। প্রৱেশিকাত কুটিকীয়া বৃত্তি আৰু মেডেল লাভ কৰা লক্ষ্মীধৰে কটন কলেজত নাম লগালে।

স্কুলীয়া জীৱনৰ পৰাই শৰ্মাৰ সামাজিক আৰু ৰাজনৈতিক কার্যকলাপ আৰম্ভ হয়। ১৯১৬ত গুৱাহাটীত লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হােৱা ‘অসম ছাত্ৰ সন্মিলনী’ৰ অধিৱেশনৰ লক্ষ্মীধৰ আছিল অন্যতম উদ্যোক্তা। ১৯১৮ত তেওঁ আই.এ. পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হ’ল। তাৰ আগৰ বছৰটোত কটন কলেজৰ প্রতিষ্ঠাতা ‘মাণিক চন্দ্ৰ বৰুৱা ফাণ্ড’ গঠনৰ বাবে সমগ্ৰ অসমতে তেওঁ চান্দা তুলি ফুৰিছিল।

খ) কলেজীয়া শিক্ষা

আই.এ.ৰ পাছত কটনতে ইংৰাজীত বি.এ. পঢ়িলে। অতি চোকা বুদ্ধিৰ জাতীয় প্রেমত উদ্বুদ্ধ এই ছাত্ৰজনৰ বিষয়ে তদানীন্তন কটন কলেজৰ ইংৰাজীৰ অধ্যাপক ড° বাণীকান্ত কাকতিয়ে পাছৰ কালত লিখিছিল—“মােৰ মৰমৰ পুৰণি ছাত্র স্বর্গীয় লক্ষ্মীধৰ শৰ্মা এম.এ, বি.এল, দেৱ আমাৰ কলেজৰ তৃতীয় বার্ষিক ইংৰাজী অনাৰ্ছ শ্ৰেণীৰ ছাত্ৰ আছিল। প্রতিভাশালী স্বর্গীয় লক্ষ্মীধৰে কোমল বয়সতেই পুৰণি অসমীয়া সাহিত্যৰ মােল উপলব্ধি কৰি সেই বিষয়ত আলােচনা কৰিবলৈ সদায় মােৰ ওচৰলৈ অহা-যােৱা কৰিছিল। পাছৰ কালৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিষয়ত এম.এ. পৰীক্ষা দি প্রথম শ্রেণীৰ প্রথম স্থান লৈ বিশ্ববিদ্যালয়ৰ সােণৰ পদক লাভ কৰি আধুনিক ভাৰতীয় তথা অসমীয়া সাহিত্যৰ গুণগ্রাহিতাৰ যথেষ্ট পৰিচয় দিছিল।…’

কৰ্মজীৱন

১৯১৯ত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনী সাফল্যমণ্ডিত কৰাত বিশেষ উদ্যোগ লােৱা লক্ষ্মীধৰ শৰ্মাই পাছৰ বছৰতেই নাগপুৰত বহা ভাৰতীয় ছাত্র সন্মিলনৰ অধিৱেশনত অসমৰ প্রতিনিধি হিচাপে যােগ দিছিল। ১৯২১ৰ প্রথম ভাগতে তেওঁ কলেজ বর্জন কৰে’ আৰু অসমলৈ আহে। অসমত তেওঁ তীব্র ৰূপে আন্দোলন গঢ়ি তােলে, বিশেষকৈ ছাত্র সমাজত। অসমৰ ছাত্র সমাজে যাতে স্কুলকলেজ বর্জন কৰি আন্দোলনত নামি পৰে, তাৰ বাবে অহৰহ চেষ্টা কৰাৰ লগতে কংগ্ৰেছত যাতে ৰুজন পৰিমাণৰ ছাত্ৰই অংশগ্রহণ কৰে, তাৰ বাবে তেওঁ সাংগঠনিক কাম-কাজৰ দায়িত্ব লয়। ব্রিটিছ সাম্রাজ্যবাদৰ যি আগ্রাসন তাক প্ৰতিৰােধ কৰিবলৈ মাত মতাটোৱেই যেন লক্ষ্মীধৰ শৰ্মাৰ একমাত্র কাম হৈ পৰিল। কর্মবীৰ চন্দ্ৰনাথৰ লগত তেজপুৰৰ পৰা কলাবাৰীলৈ চাইকেল মাৰি, খােজকাঢ়ি ঘূৰি শােণিতপুৰ জিলাত অসহযােগ আন্দোলনক শক্তিশালী কৰাৰ দায়িত্ব লক্ষ্মীধৰেই ল’লে। ১৯২১ৰ ডিচেম্বৰত শৰ্মাক গ্রেপ্তাৰ কৰা হয়। পাছৰ বছৰত জে’লৰ পৰা খালাচ পােৱাৰ পাছতে তেজপুৰৰ বিভিন্ন গাঁৱত কলেৰাই মহামাৰী ৰূপে দেখা দিয়ে। বিভিন্ন আক্রান্ত লোকক সাহায্য-শুশ্রুষাৰ দায়িত্ব লৈ লক্ষ্মীধৰে গাঁৱে গাঁৱে ঘূৰি ফুৰিব ধৰিলে। এই সম্পর্কত লক্ষ্মীধৰ শৰ্মাই জীৱন স্মৃতিত লিখিছে- “তেজপুৰৰ ওচৰৰ কৈৱর্ত গাঁৱত কলেৰা লাগি বহুত মানুহ মৰিছে। কাপ্তান (অমিয় কুমাৰ দাস) আৰু মই খবৰ কৰিবলৈ গৈ অৱস্থা দেখি স্তম্ভিত হ’লাে।… তাৰ পাছত আমি চালফিউৰিক এচিডত থেকে পেলাই গাঁৱৰ মানুহক দুবেলা নিজে খুৱাবলৈ ধৰিলাে। লগে লগে পানীৰ কাৰণে পটাচ পাৰমেঙ্গেনাট কিনাবলৈ ধৰিলাে। আৱশ্যক মতে ডাক্তৰ হেমচন্দ্র দাসে আমাক সহায় কৰিছিল। মানুহে কলেৰাক আই’ বুলি ভাবি ডাক্তৰী ঔষধ খাবলৈ আপত্তি কৰাত আমি থাকি পেলাইহে ঔষধ খুৱাব পাৰিছিলাে। …”ৰক্ষণশীলতা কুসংস্কাৰৰ বিৰুদ্ধে মাত মাতি আহিলেও সেইবাৰ বামুণৰ সন্তান লক্ষ্মীধৰে কৈৱর্ত গাঁৱৰ মৃতকৰ সৎকাৰ কৰি অভূতপূর্ব কাণ্ডৰ সূচনা কৰিছিল।

সমাজৰ বিভিন্ন কুসংস্কাৰক পুলিয়ে-পােখাই উভালি পেলাবলৈ যেন দৃঢ়প্রতিজ্ঞ আছিল লক্ষ্মীধৰ শৰ্মা। সাম্প্রদায়িকতা, জাত-পাতৰ তেওঁ আছিল ঘােৰ বিৰােধী। হিন্দু-মুছলমান ধর্ম আৰু জাত-পাতৰ ঊর্ধ্বত উঠি দেশৰ বাবেহে চিন্তা কৰিবলৈ সকলােকে আহ্বান জনােৱা লক্ষ্মীধৰ শৰ্মাই সম্প্রীতিৰ লক্ষ্য আগত ৰাখিয়েই ‘চিৰাজৰ দৰে বিখ্যাত গল্প লিখিছিল। এই গল্পত হিন্দুৰ ছােৱালী এজনীক চিৰাজ নামৰ মুছলমানজনে তুলি-তালি ডাঙৰ-দীঘল কৰাৰ কাহিনী বর্ণনা কৰি, চিৰাজক হিন্দু-মুছলমানৰ সমন্বয় সাধক হিচাপে বর্ণোৱা হৈছে। তেওঁ আছিল প্রখৰ যুক্তিবাদী আৰু মানৱপ্রেমী। কলিকতাত এবাৰ ‘ধর্ম বর্তমান জগতত অচল পদার্থ আৰু তাক দূৰ নকৰিলে সমাজ কল্যাণ নহয়’ শীর্ষক আলােচনা চক্র অনুষ্ঠিত হৈছিল। সেই আলােচনাৰ নেতৃত্ব লৈছিল লক্ষ্মীধৰ শৰ্মাই।

তেওঁ ভাবিছিল পৃথিৱীত প্ৰতিটো ধৰ্মৰ মানুহৰে প্ৰকৃত অনুভৱ আচলতে একেই। পৰস্পৰে পৰস্পৰক বুজিবলৈ যত্ন কৰিলেই ধৰ্মৰ গণ্ডী ভাঙি প্রত্যেকৰ মাজত ভালপােৱাৰ ভাবৰ উদ্রেক হয়, তাৰ পাছত আৰু ভালপােৱা মানুহজনৰ ধৰ্মৰ কথা মনলৈ নাহেই।

১৯২৬ত গুৱাহাটীৰ পাত অনুষ্ঠিত হােৱা কংগ্ৰেছৰ অধিৱেশন সুচাৰুৰূপে সম্পন্ন কৰিবলৈ শর্মাই দেহেকেহে খাটে। সেই সময়ত তেওঁ আদৰণি সমিতিৰ সভাপতি দেশভক্ত তৰুণৰাম ফুকনৰ সোঁহাত হৈ উঠে। প্রখৰ বুদ্ধিমত্তা ব্যক্তিত্বৰ এই যুৱকৰ কার্যকলাপ দেখি মােহিত হৈ ফুকনে তেওঁলৈ জীয়ৰী প্রতিভা দেৱীক বিয়া দিয়ে। বিয়াৰ পাছত শর্মাই গুৱাহাটীত ওকালতি আৰম্ভ কৰে। |

সাহিত্যৰাজি

কংগ্ৰেছী আন্দোলনৰ তীব্রতা সিমান নথকাৰ সময়ত তেওঁ গল্প-প্রবন্ধ-নাটক আদি লিখাত লাগি যায়। আৱাহন’ত তেওঁ প্রায় নিয়মীয়াকৈ লেখিছিল। সেইবােৰ বহুখিনি কালৰ গৰ্ভত হেৰাই গ’লেও নতুন সাহিত্য পৰিষদে তেওঁৰ ৰচনাৰাজি ইতিমধ্যে দুটা খণ্ডত প্ৰকাশ কৰিছে। ইয়াৰে প্ৰথমটো খণ্ডত প্রকাশন উপ-সমিতিৰ তৰফৰ পৰা লক্ষ্মীধৰ শৰ্মাৰ সাহিত্যৰাজিৰ মূল্যায়ন কৰা হৈছে এনেদৰে “ভাৰতীয় মুক্তি সংগ্ৰামৰ এগৰাকী সাহসী, তেজাল, ওজস্বী আৰু অক্লান্ত কর্মী হিচাপে যিদৰে তেওঁ জনমানসত পৰিচিত হৈছিল, তেনেদৰে দূৰদৃষ্টিসম্পন্ন সমাজ সচেতক তথা সামাজিক দায়বদ্ধ চিন্তাশীল বুদ্ধিজীৱীৰ যি চৰিত্ৰ, সি তেওঁৰ লেখাৰ মাজেৰে ফুটি তুলিছিল।তেওঁৰ ৰচনা সমূহ তলত উল্লেখ কৰা হল-

গল্প

চিৰাজ, বিদ্ৰোহিনী, পৰাজয়, ৰবীন, বিধৱাৰ ল’ৰা,ব্যৰ্থতাৰ দান ইত্যাদি লক্ষ্মীধৰ শৰ্মাৰ উল্লেখযোগ্য গল্পৰ নামতেওঁৰ জীৱন কালত প্ৰকাশিত গল্প সংকলনখনৰ নাম “ব্যৰ্থতাৰ দান”।

নাটক

তেওঁৰ পূৰ্ণাংগ নাটকখন হৈছে “নিৰ্মলা”(১৯২৪-২৫ৰ ভিতৰত ৰচিত)। তদুপৰি প্ৰজাপতিৰ ভুল, কবিৰ জীৱন, শৃংখল বিচাৰ, ,সতী জয়মতী আদি কেইবাখনো চুটি নাটিকা আৱাহনৰ পাতত লিখিছিল। গ্ৰন্থৰূপত প্ৰকাশিত তেওঁৰ নাটখনৰ নাম “দেশৰ কথা”।

কবিতা

ঈশ্বৰ, পখিলা, নাৰী আৰু মৰণ দেৱতা। (নতুন সাহিত্য পৰিষদে প্ৰকাশ কৰি উলিওৱা দুটা খণ্ডৰ ৰচনাৱলীত সন্নিৱিষ্ট।)

আত্মজীৱনী

তেওঁৰ আত্মজীৱনীখনৰ নাম “জীৱন স্মৃতি”।

অন্যান্য

তদুপৰি তেওঁ “কামৰূপৰ প্ৰাচীন শাসনাৱলী”, “চন্দ্ৰনাথ”, “অসমীয়া নাৰী সম্বন্ধে আষাৰ চেৰেক” ইত্যাদি গুৰুত্বপূৰ্ণ প্ৰবন্ধ ৰচনা কৰিছিল। সমাজৰ নিপীড়িত শ্ৰেণীৰ শোষণ নিৰ্যাতনৰ বলিষ্ঠ উপস্থাপনেই হ’ল তেখেতৰ সাহিত্য কৰ্মৰ মূল উপজীব্য।

কিহৰ বাবে অসমৰ জনগণৰ দুৰৱস্থা, ভাৰতীয় মুক্তি সংগ্রাম কিদৰে আগবাঢ়িব লাগিব আৰু বিশ্বৰ শােষিত জনগণে কি ভাবাদর্শ আৰু কর্ম ধাৰাৰে মুক্তি পাবলৈ, সুখী-সমৃদ্ধিশালী, শশাষণমুক্ত সমাজ গঠনৰ বাটত অগ্ৰসৰ হৈছে— এই সকলােবােৰ তেখেতৰ দূৰদৃষ্টিৰ পৰা আঁৰ হােৱা নাছিল। … মুক্তি সংগ্ৰামত লিপ্ত হেজাৰ ৰণুৱা, সমাজৰ অসংখ্য অস্পৃশ্য আৰু অৱহেলিত প্রজাসাধাৰণ, শােষিত শ্রমিক-কৃষক সৰা শেৱালিৰ দৰে কৰুণ বিধৱা, সমাজত অধিকাৰৰ পৰা বঞ্চিত নাৰী, সংখ্যালঘু আৰু মুক্তি সন্ধানী বিপ্লৱী, সাম্যবাদী বৈপ্লৱিক প্রেৰণাৰে উদ্বুদ্ধসকলৰ প্রতি দেশপ্রাণ লক্ষ্মীধৰৰ অতলস্পর্শী দৰদৰ স্বাক্ষৰ তেওঁৰ ৰচনাৰাজিত আছে। সেইবাবেই লক্ষ্মীধৰৰ সাহিত্যৰাজি আজিও নতুন। নাৰী, প্রেম, যৌন জীৱনৰ বিভিন্ন জটিল আৰু মানৱীয় সমস্যাৰ সাহসী, বলিষ্ঠ আৰু সুস্থ চিন্তাধাৰা তেওঁৰ ব্যর্থতাৰ দান, নির্মলা আদি লেখাবােৰত কাঁচিয়ালি ৰ’দৰ দৰে সুন্দৰ হৈ জিলিকি আছে।”

সাংগঠনিক

১৯৩০ত লক্ষ্মীধৰৰ পত্নী প্রতিভাৰ অকাল বিয়ােগ হয়। তেওঁ পত্নী শােকত স্রিয়মাণ হৈ কাকো নােকোৱাকৈ লক্ষ্যহীনভাৱে গুচি যায়। তেওঁ চিটাগং হৈ ব্রহ্মদেশত পদার্পণ কৰে। ব্রহ্মদেশত তেওঁ বিভিন্ন বন্ধুৰ স’তে স্বাধীনতা আন্দোলন সম্পর্কে আলােচনা কৰিছিল। সেই সময়ত সুৰেশ ভট্টাচার্যই ‘ঙ্গুেন-মেইল সম্পাদনা কৰিছিল। ৰেনত থকা সেই ২০-২৫ দিনত লক্ষ্মীধৰে ভট্টাচাৰ্যৰ বিভিন্ন কামত সহায়াে কৰি দিছিল। ৰেঙ্গুন গৈ পােৱা আৰু তাত থকা কেইদিনত ৰসাল কাহিনী লক্ষ্মীধৰ শৰ্মাই তেওঁৰ জীৱন-স্মৃতি’ত বর্ণনা কৰিছে।

ঙ্গুেনৰ পৰা কলিকতা আৰু কলিকতাৰ পৰা অসমলৈ আহি তেওঁ পুনৰ কংগ্ৰেছৰ সাংগঠনিক কামত লাগে আৰু ১৯৩০ত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হােৱা আইন অমান্য আন্দোলনত নামে। অসমৰ বিভিন্ন সভা-সমিতিত ওজস্বী ভাষণ দি সকলােৰে দৃষ্টি আকর্ষণ কৰে। শৰ্মাই এই কথাও কৈ ইংৰাজক প্রত্যাহ্বান জনাব ধৰিলে যে, যদি মহাত্মাৰ অহিংসা পদ্ধতিৰে নহয়, তেন্তে স্বাধীনতা লাভ কৰিবলৈ হিংসাত্মক পদ্ধতি অৱলম্বন কৰিবলৈও তেওঁ কুণ্ঠাবােধ নকৰিব। ইংৰাজ চৰকাৰে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰে আৰু পাছত তেওঁ মুক্তি পায়। প্রজাপতিৰ ভুল, সতী জয়মতী, হৃদয়ৰ মূল্য আদি নাটক আৰু চিৰাজ, বিদ্রোহিনী, ব্যর্থতাৰ দান, বিধৱাৰ ল’ৰা, গৌৰী আদি কালােত্তীর্ণ গল্পৰ লগতে বহু প্রবন্ধ লেখক, চিৰ বিপ্লৱী লক্ষ্মীধৰ শৰ্মাই কংগ্ৰেছী আন্দোলনত নামিলেও, তেওঁৰ চিন্তাধাৰা মহাত্মা গান্ধীৰ আদৰ্শৰ মাজতেই সীমাবদ্ধ নাছিল। কর্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ লগতে সুৰ মিলাই লক্ষ্মীধৰে বহু সময়ত মহাত্মা গান্ধীৰ কাৰ্যপন্থাকো তীব্রভাৱে সমালােচনা কৰিছিল। …

মৃত্যু

১৯৩০ৰ ডিচেম্বৰত তেওঁৰ দেহত যক্ষ্মাৰােগ ধৰা পৰে। অসহ্য যন্ত্রণাত ভুগি ১৯৩৩ৰ তিনি মে’ত ছিলঙৰ লাইমুখ্রাত দেশপ্রাণ লক্ষ্মীধৰে শেষ নিশ্বাস ত্যাগ কৰে।

You also Read

Reference

  • I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published.