Hemchandra Barua Biography in Assamese | স্বাধীনতা সংগ্ৰামী ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা - assamintro.com
September 30, 2022

Hemchandra Barua Biography in Assamese | স্বাধীনতা সংগ্ৰামী ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা

Hemchandra Barua Biography in Assamese

ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱাৰ জীৱনী Freedom Fighter Hemchandra Barua Biography in Assamese

অসমীয়াই ত্যাগবীৰ সন্মানেৰে বিভূষিত কৰা অসীম ত্যাগৰ প্রতীক হেমচন্দ্ৰ বৰুৱা প্রকৃত স্বাধীনতা যুঁজাৰুৱেই নাছিল তেওঁ কিতাপৰ পােক আছিল, সাহিত্য-চর্চাও কৰিছিল। তেওঁৰ কেবাখনাে কিতাপ প্রকাশ পাইছিল। সেই সময়ৰ কাকত-আলােচনীত বিশেষকৈ অসমৰ খিলঞ্জীয়াসকলৰ বিপর্যস্ত অর্থনৈতিক অৱস্থাৰ বিষয়ে বিশদভাৱে অধ্যয়ন কৰি বহু প্রবন্ধ লিখিছিল আৰু এই বিষয়ত সকলােকে সচেতন কৰিছিল।

১৮৯৩ৰ ২৫ এপ্রিলত তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত হেমচন্দ্ৰৰ জন্ম। শৈশৱতে পিতৃ পােৱালচন্দ্ৰ বৰুৱাৰ মৃত্যু হােৱাত ককায়েক প্রিয়লাল বৰুৱাৰ তত্বাবধানত থাকি হেমচন্দ্ৰই ১৯১৫ত এন্ট্রেন্স, পৰীক্ষা পাছ কৰিলে। কটন কলেজৰ পৰা ১৯১৯ত ইংৰাজীত অনাছসহ বি.এ. পৰীক্ষাত উত্তীর্ণ হ’ল। ১৯১৮ত বৰুৱা কটন কলেজ ছাত্র ইউনিয়নৰ সম্পাদক আৰু ১৯২০ৰ গােলাঘাট অধিৱেশনত অসম ছাত্ৰ সন্মিলনীৰ সম্পাদক নির্বাচিত হয়। তেৱেই ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ স্মৃতিক শ্রদ্ধা জনাই ‘হেমচন্দ্র সোঁৱৰণী গ্রন্থাৱলী’ নামে এটা ছিৰিজ প্রকাশ কৰে।

গুৱাহাটীৰ আর্ল ল’ কলেজত ওকালতিৰ প্রথম বার্ষিক পৰীক্ষাত উত্তীর্ণ হােৱাৰ পাছতে ১৯২১ৰ শেষভাগত কলেজ এৰি কংগ্ৰেছৰ নেতৃত্বত পূর্ণোদ্যমে চলি থকা অসহযােগ আন্দোলনত তেওঁ যােগ দিয়ে। বৰুৱাৰ পাঁচ মাহৰ সশ্রম কাৰাদণ্ড হয়। সেই সময়তে বৰুৱাৰ সুন্দৰ স্বাস্থ্য ভাঙি পৰে। জে’লৰ পৰা ওলাই অহাৰ পাছতেই বৰুৱা প্রদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক নিযুক্ত হয়। তাৰ পাছত তেওঁ অসীম দক্ষতাৰে মহাত্মাৰ আন্দোলনৰ কাৰ্যসূচী অসমত চলাই নিয়ে।

হেমচন্দ্ৰ বৰুৱাই অসমত অসহযােগ আন্দোলনৰ পৰিচালনা আৰু সফলতা সম্পর্কে লিখিছে এনেদৰে— “অসমীয়া ছাত্ৰসকলে দলে বলে স্কুল-কলেজ এৰি আহি কংগ্ৰেছ চলাবৰ বাট মুকলি কৰি দিলে যদিও এই ছাত্ৰসকলৰ বেছিভাগেই কিছুদিনৰ পাছতে স্কুল-কলেজত পুনৰ যােগ দিলে। বাকী এমুঠি ছাত্রই আৰু তেওঁলােকৰ লগ লগা আন গাঁৱলীয়া ৰাইজে অসাধ্য সাধিলে। তেওঁলােকৰ সেই সময়ৰ কাৰ্য দেখি আন প্ৰদেশৰ মানুহে শলাগিছিল। কংগ্ৰেছে দাঙি ধৰা কাৰ্য তালিকা মতে তেওঁলােকে গাঁৱে-ভূঞে সােমাই কানিৰ গীত অচেতন হৈ পৰি থকা অসমীয়াক কানি, মদ, ভাং, চিগাৰেট এৰি স্বদেশী গ্রহণ কৰি, অস্পৃশ্যতা বর্জন কৰি মানুহ হ’বলৈ বুজনি দি ফুৰিছিল। মহাত্মা গান্ধী অসমলৈ আহি তেওঁৰ বাণী প্রচাৰ কৰাত কংগ্ৰেছৰ এই তৰুণ কর্মীসকল স্বদেশ ভক্তিৰ সাধনাত আত্মহাৰা হৈ উঠিল। তেওঁলােকৰ এই প্ৰচাৰৰ ফলত ১৯২১-২২ চনত আগৰ বছৰৰ হিচাপ মতে ১৬৯৪ মােন কানিৰ ঠাইত ১০১৩ মােন এক সেৰ কানি বিক্ৰী হৈছিল। আন্দোলনৰ ১২ মাহৰ ভিতৰত ৬০১ মােন কানিৰ, ১৮০ মােন ১০ সেৰ ভাঙৰ আৰু আগৰ বছৰতকৈ শতকৰা ৫০ ভাগ মদৰ প্ৰচলন কমিল। এই প্রচাৰ কার্য চলাওঁতে সেৱকসকলে জোৰ-জুলুমৰ আশ্রয় লােৱা নাছিল। তথাপিও অসমৰ সেৱক সংঘবিলাক বে-আইনী বুলি ঘােষিত হােৱাত দলে দলে সেৱক গ্রেপ্তাৰ হ’বলৈ ধৰিলে।…. ডিচেম্বৰ মাহৰ প্রথম সপ্তাহৰ পৰা ভাৰতজুৰি গ্ৰেপ্তাৰৰ বান উঠিল।, অসহযােগ আন্দোলনত ৩৩ কোটি ভাৰতবাসীৰ ভিতৰত ২৫ হেজাৰে জেল খাটিছিল। ১৯২১ চন শেষ হােৱাৰ আগতেই প্রত্যেক প্ৰদেশৰ কৰ্মীসকল জেললৈ গ’ল। গােটেই দেশ কর্মীশূন্য হ’ল।”

দেশ-জাতি আৰু ৰাইজৰ বাহিৰে তেওঁৰ আন কোনাে ধৰণৰ বৈষয়িক চিন্তা নাছিল। জীৱন কালতেই এক অনুষ্ঠানত পৰিণত হােৱা এইজনা ব্যক্তি কিন্তু দেশ বা ৰাইজৰ স্বাৰ্থত ‘অন্ধ’ নাছিল। নৈতিকতাৰ পূজাৰী এইজনা ব্যক্তিয়ে প্ৰতিটো কথাই যুক্তি আৰু বিবেকেৰে চালিজাৰি চাইছিল। সেই বাবেই বহুতেই তেওঁক নাস্তিক আখ্যাও দিছিল। এইখিনিতে এটা কথা প্রকাশ কৰাটো উচিত হ’ব যে ভাৰতৰ স্বাধীনতাৰ বাবে তেওঁ যিমানখিনি চিন্তা-ভাৱনা কৰিছিল, তাতকৈ অধিক  চিন্তা আছিল অসমৰ পৰা কানি, ভাং; আদি মাদকদ্রব্য নিঃশেষ কৰা বিষয়টোতহে। কাৰণ তেওঁ এই

কথা স্পষ্টকৈ বুজিছিল যে মাদকদ্রব্যৰ গ্ৰাসৰ পৰা জনসাধাৰণ মুক্ত হ’ব নােৱাৰিলে, ইংৰাজৰ অধীনৰ পৰা মুক্তি পােৱাৰাে বিশেষ অর্থ নাথাকে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ভিতৰত ‘৪২ৰ ভাৰত ত্যাগ আন্দোলনেই ত্যাগবীৰক আটাইতকৈ বেছি আকৃষ্ট কৰিছিল। এই বৃহৎ গণ আন্দোলনৰ স্বতঃস্ফূর্ত ৰূপ দেখি তেওঁৰ বিশ্বাস জন্মিছিল যে ৰাইজে ইচ্ছা কৰিলে সকলাে কাম কৰিব পাৰে। এই সম্পর্কত হেমচন্দ্ৰই কৈছিল— “আন্দোলনেই আন্দোলনৰ সাফল্য। ই জাতিক স্বাধীনতাৰ চৰম যুদ্ধৰ কাৰণে শিক্ষা, শক্তি আৰু একাগ্রতা দিছে, তৈয়াৰ কৰিছে।”

ত্যাগবীৰ আছিল চিৰকুমাৰ। তেওঁৰ বিশ্বাস আছিল— “যি বাট লৈছাে সমাজ সেৱাৰ, দেশৰ মুক্তিৰ, এনে এটা বাটলৈ সাংসাৰিক জীৱনৰ বান্ধোনত সােমােৱাটো মহাপাপ।” অবশ্যে তেওঁ অহৰহ ককায়েক প্রিয়লাল বৰুৱাৰ ঘৰখনৰ বিষয়ে চিন্তাভাৱনা কৰিছিল, কেনেবাকৈ ঘৰখনক সহায় কৰিব পাৰে নেকি তাৰেই চেষ্টাত আছিল।

১৯২৩ চনত কংগ্ৰেছেও নির্বাচন খেলি কাউন্সিললৈ সদস্য পঠিয়াই স্বাধীনতাৰ দাবী তীব্ৰ কৰিবলৈ মনস্থ কৰিলে। সেই সময়ত বৰুৱাক বহুতেই কংগ্ৰেছৰ প্রার্থী কৰিব খুজিছিল, কিন্তু অহৰহ ত্যাগৰ মনােভাবত বিশ্বাসী বৰুৱাই আনৰ বাবে খাটিহে তৃপ্তি পাইছিল। সেই সময়ছােৱাতে কংগ্ৰেছৰ পুঁজি প্রায় শূন্য হৈ পৰিল। কংগ্ৰেছৰ পুঁজি টনকিয়াল কৰাৰ বাবে চান্দা বিচাৰি ঘূৰাতকৈ নিজেই আয়ৰ পথ মুকলি কৰাৰ কথা চিন্তা কৰি হেমচন্দ্ৰ আৰু অমিয় কুমাৰ দাসে মিলি গুৱাহাটীত গেলামালৰ দোকান দিলে। এই দোকান কেইমাহমান চলাৰ পাছত কংগ্ৰেছৰ পুঁজি কিছু টনকিয়াল হলেও মহাজনে হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালৰ গুৱাহাটীত থকা মাটি এটুকুৰাকে নিজৰ নামত লিখাই ল’লে। গেলামালৰ দোকান উছন হােৱাৰ পাছত দাস আৰু বৰুৱাই বাতৰি কাকত আৰু সৰু সৰু পুস্তিকা বিক্ৰীৰ কাম কৰাৰ লগতে হাবিত সােমাই কাঠৰ ব্যৱসায় কৰি কংগ্ৰেছৰ পুঁজি কিছু টনকিয়াল কৰিলে। কংগ্ৰেছৰ অধিৱেশনৰবাৰলৈ যাওঁতে তেওঁলােকে লগত চাহপাত, এড়ি-মুগাৰ কাপােৰ আনকি কোমল চাউল লৈ গৈ বিক্ৰী কৰি ভ্ৰমণৰ খৰচ উলিয়াইছিল।

১৯২৪ত হেমচন্দ্ৰই স্বাধীনভাৱে ওকালতিৰে কিছু ধন উপার্জন কৰাৰ পাছত আইন পঢ়িবলৈ বুলি কলিকতালৈ গুচি গ’ল। বহুদিন একাডেমীক পঢ়া-শুনাৰ পৰা আঁতৰি থাকি, আন্দোলনত সর্বস্ব ত্যাগ কৰাৰ পাছত এইদৰে পুনৰ কলিকতালৈ পঢ়িবলৈ যােৱাটো কম ধৈর্য আৰু নিষ্ঠাৰ কথা নহয়। তাৰ আগতেই অৱশ্যে তেওঁ  প্রথম বার্ষিকৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১৯২৫ চনত বৰুৱাই বি.এল, পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীত ওকালতি ব্যৱসায় আৰম্ভ কৰে। ওকালতি কৰা কেইদিনত তেওঁ যিদৰে অকাট্য যুক্তিৰে নিজৰ মক্কেলক বিজয়ী কৰিছিল, সেই কথা তেতিয়াৰ প্রায় সকলে উকীলেই শলাগিছিল। কিন্তু ওকালতি ব্যৱসায়ত লাগি থাকিলে আন্দোলনত মন-প্রাণ সঁপিব নােৱাৰি বুলি বৰুৱাই ওকালতি বাদ দিলে।

১৯৩০ৰ আইন অমান্য আন্দোলনত অসমৰ ছাত্ৰশক্তিৰ অৰিহণা লেখত ল’ব লগীয়া। এই ছাত্রশক্তিক নেতৃত্ব দিয়া গুৱাহাটী জিলা কংগ্ৰেছৰ সভাপতি হেমচন্দ্ৰৰ এমাহৰ জে’ল হয়। জে’লৰ পৰা মুক্তি পায়েই তেওঁ কংগ্ৰেছ সংগঠনক শক্তিশালী কৰাৰ কামত লাগে। ১৯৩১ত তেওঁক আকৌ যেতিয়া অসম প্রদেশ কংগ্ৰেছৰ। সম্পাদকৰ দায়িত্ব দিয়া হ’ল, তেতিয়া সমগ্র অসমেই তেওঁৰ ঘৰ হৈ পৰিল। সংগঠনক পূৰ্ণৰূপত শক্তিশালী কৰাৰ কামত তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমি ফুৰিবলৈ ধৰিলে। সেই বছৰৰে জুন মাহত শিৱসাগৰৰ বলীয়াঘাটত হােৱা বিশাল ৰায়তৰ সভাত সভাপতিত্ব কৰি দিখৌ নৈৰ পাৰে পাৰে উভতি আহি থাকোতে হঠাৎ গৰা খহি যােৱাত তেওঁ ৩০ ফুট তলত পৰিল, ফলত ৰাজহাড় আৰু কঁকালত বিষম আঘাত পালে আৰু কাললৈ ঘূণীয়া হ’ল। তাৰ পাছত বিভিন্ন বেমাৰে উক দিবলৈ ধৰাত তেওঁৰ স্বাস্থ্যও লাহে লাহে পৰি আহিবলৈ ধৰিলে।

তাৰ পাছততা ভগ্ন স্বাস্থ্য লৈয়েই দৃঢ়ভাৱে দেশৰ কামত লাগি থাকিল হেমচন্দ্ৰ বৰুৱা। এই সম্পর্কত পুষ্পলতা দাসে লিখিছে – “বৰুৱাদেৱে হেৰুওৱা স্বাস্থ্য পুনৰ ঘূৰাই পােৱাৰ আগতেই ১৯৩২ চনৰ আন্দোলনে আকৌ দেশ কঁপাই তুলিলে। বীৰ সৈনিকৰ আগত নিজৰ প্ৰাণতকৈও দেশৰ স্বাৰ্থ ডাঙৰ। তেওঁ আগপাছ, নগনি আকৌ জঁপিয়াই পৰিল। তেওঁৰ ভগ্ন স্বাস্থ্যৰ কাৰণে বহুতে তেওঁক বাধা দিলেও জাতীয় সন্মানৰ আগত সকললা তুচ্ছ হৈ ৰ’ল।… বৰুৱাই এই কালছােৱাত ভগ্ন স্বাস্থ্য লৈয়েই কংগ্ৰেছ অনুষ্ঠানটোক ভৱিষ্যৎ সংগ্ৰামৰ কাৰণে প্রস্তুত কৰি তােলে। যি সময়ত তেওঁৰ শৰীৰে অলপ জিৰণি বিচাৰিছিল, অলপ আশ্রয় বিচাৰিছিল, সেই সময়তে ভাগ্যই তেওঁক বিৰামহীন, আশ্রয়হীন কৰিলে। তথাপি অজস্র অসুবিধাক বাধা নুবুলি তেওঁ পূর্ণ উদ্যমেৰে নিজৰ কৰ্তব্য কৰি গৈছিল।”

১৯৩৩ৰ পাঁচ ছেপ্টেম্বৰত কানিৰ দোকান বন্ধ কৰা আৰু স্বাধীনতা আন্দোলন তীব্ৰ কৰাৰ বাবে কৰা তেওঁৰ আপ্রাণ চেষ্টা দেখি ইংৰাজে গ্রেপ্তাৰ কৰিলে আৰু ডেৰ বছৰৰ কাৰাদণ্ড ঘােষণা কৰিলে। জে’লত দেহৰ অন্যান্য ৰােগৰ উপৰি বহুমূত্র ৰােগে তেওঁক অতি দুর্বল কৰিলে। অৱশ্যে কাৰাবাসৰ ম্যাদ ডেৰ বছৰ নৌহওঁতেই ‘৩৪ৰ মে’ মাহত পাটনাৰ কংগ্ৰেছ অধিৱেশনৰ পাছত ইংৰাজকংগ্ৰেছৰ চুক্তি অনুসৰি অন্যান্য কর্মীৰ লগতে জুলাইত তেৱোঁ মুক্তি পায়।

জে’লৰ পৰা ওলায়েই তেওঁ জেনেৰেল এছেম্বলিৰ নিৰ্বাচনৰ কামত দেহেকেহে খাটি নবীনচন্দ্ৰ বৰদলৈক বিজয়ী কৰে। ১৯৩৫ৰ দুই জুলাইত নতুন ‘ভাৰত চৰকাৰ আইন’ গ্ৰহণ কৰা হ’ল। যুক্তৰাষ্ট্ৰীয় বিভাগ আৰু প্রাদেশিক স্বায়ত্তশাসন বিভাগ নামেৰে আইনখনক দুটা ভাগত বিভক্ত কৰা হ’ল। এই নতুন আইন অনুসৰি ১৯৩৭ত প্রাদেশিক কাউন্সিল নির্বাচনৰ কাম আৰম্ভ হােৱাত কংগ্ৰেছেও এই নির্বাচনত যােগ দিলে। এই নির্বাচনত কংগ্ৰেছে বহুকেইখন আসন পালেও অসমত ছাদুল্লা মন্ত্রীসভা গঠন হ’ল। এই মন্ত্রীসভাক ওফৰাবলৈ ত্যাগবীৰ প্ৰমুখ্যে সকলাে কংগ্ৰেছ নেতাই ৰণকৌশল তৈয়াৰ কৰিলে। তাৰ ফলশ্রুতিতেই ১৯৩৮ চনৰ ছেপ্টেম্বৰত অসমত গােপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছৰ মিলিত মন্ত্রীসভা গঠিত হ’ল। ১৯৩৯ৰ ২৯ জানুৱাৰীত হেমচন্দ্ৰ বৰুৱাক প্রদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হয়। অসমৰ কংগ্ৰেছী মন্ত্রীসভাই যাতে অহৰহ ৰাইজৰ স্বাৰ্থত কাম কৰে আৰু গঠনমূলক দৃষ্টিভংগীৰে আঁচনিবােৰ ৰূপায়িত কৰি যায়, তাৰ বাবে বৰুৱাই অহৰহ সকীয়াই থাকিল। নিজৰ বক্তৃতা আৰু লেখাত তেওঁ কৈছিল— “কংগ্ৰেছে মন্ত্রিত্বৰ ভাৰ লৈছে কাৰণে স্বাধীনতাৰ যুঁজ শেষ হ’ল বুলি নেভাবিব। যুদ্ধৰ ই কেৱল এটা কৌশল। কংগ্ৰেছে আদেশ কৰিলেই মন্ত্রীসকলে কাম এৰিব লাগিব। সমুখত এখন ডাঙৰ যুদ্ধ দেখা গৈছে। আজি দেখাত ভাৰতৰ ৰাজনৈতিক আকাশ পৰিষ্কাৰ। কিন্তু ধুমুহা হােৱাৰ লক্ষণ আছে।”

পৰি অহা স্বাস্থ্য, আনকি লঘােনীয়া শৰীৰেৰে তেওঁ মাইলৰ পাছত মাইল খােজ কাঢ়ি, কেতিয়াবা নাৱত অথবা গৰু গাড়ীৰে গৈ সংগঠনৰ কাম কৰাৰ লগতে অনর্গল বক্তৃতা দিছিল। নিজৰ শৰীৰৰ প্ৰতি তেওঁৰ নাছিল অকণাে ভ্রক্ষেপ। অর্জুনে মার্থে চৰাইৰ চকুটো দেখাৰ দৰে হেমচন্দ্ৰই অর্থনৈতিকভাৱে আৰু শিক্ষাৰে সমৃদ্ধ ভাৰতৰ স্বাধীনতাৰ লক্ষবিন্দুহে প্রত্যক্ষ কৰিছিল।

১৯৪২ৰ পৰা বৰুৱাৰ স্বাস্থ্য সাংঘাতিকভাৱে পৰিল। ইয়াৰ আগতে তেওঁ স্বাস্থ্যজনিত কাৰণতে কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰি ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ নেতা মৌলানা মহম্মদ তৈয়বুল্লা চাহাবক অপ্রতিদ্বন্দ্বীভাৱে প্রদেশ কংগ্ৰেছৰ সভাপতি পাতিবলৈ অপ্রাণ চেষ্টা কৰি সফল হৈছিল। ‘৪২ৰ আন্দোলনত ‘মৃত্যু নহ’লে মুক্তি’ মনােভাৱেৰে আন্দোলন কৰি হাড়ে-ছালে লগা বৰুৱা ‘৪৩ চনৰ ফেব্ৰুৱাৰীত চিৰিৰ পৰা বাগৰি পৰি বহুদিন কলিকতাত থাকি চিকিৎসাধীন হ’বলগা হয়। সেই সময়ত তেওঁৰ লগত লাগি আছিল ডাঃ ভুবনেশ্বৰ বৰুৱা। কলিকতাৰ পৰা উভতি আহি আকৌ নতুন উদ্যমেৰে আন্দোলনত ত্যাগবীৰ নামি পৰিছিল। বনুৱা, কৃষক, ছাত্র, নাৰীশক্তি সকলােৱে যাতে নিজে স্বাৱলম্বী হােৱাৰ এই মুক্তি আন্দোলনত নামি পৰে, তাৰ সকলােবােৰ ৰণকৌশল ৰচনা কৰিছিল হেমচন্দ্ৰ বৰুৱাই।

১৯৪৫ চনৰ ১১ আগষ্টৰ আবেলি পৰলৈকে বৰুৱাই উফুল্লিত ভাবেৰেই কংগ্ৰেহী নেতাসকলৰ স’তে দেশৰ কথা আলােচনা কৰি আছিল। ত্যাগবীৰৰ মুখাবয়ৱত ক্লান্তি দেখা গৈছিল যদিও আন্দোলন সম্পর্কে তেওঁৰ আগ্ৰহৰ অন্ত নাছিল। এই ক্লান্তিৰ কথা বুজিব পাৰি বৰুৱাৰ স’তে কথা পাতি থকা অমিয় কুমাৰ দাস, সিদ্ধিনাথ শর্মা, দেৱেশ্বৰ শৰ্মা আদিয়ে ত্যাগবীৰক অলপ বিশ্রাম ল’বলৈ কৈ তাৰ পৰা গুচি গ’ল। তাৰ কিছু সময়ৰ পাছতেই তেওঁ চিৰনিদ্ৰাত ঢলি পৰিল।

এইদৰে মাথোঁ ৫২ বছৰ বয়সতে অহৰহ সংগ্রামী, ত্যাগী, জিতেন্দ্রিয় হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু ঘটিল। গােটেই জীৱন ধৰি মাথোঁ ৰাইজৰ দুখ-দুর্দশা নিবাৰণৰ বাবে চেষ্টা কৰা বৰুৱাই স্বাধীনতা আন্দোলন আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত যি কৰ্ম কৰি গৈছে, সেয়া উত্তৰ পুৰুষৰ বাবে প্রেৰণাদায়ক। কংগ্রেছৰ বুৰঞ্জী, দেশৰ আয়-ব্যয়ত ভুমুকি, ভাৰতৰ ৰাজকীয় ঋণ, বিলাতত মহাত্মা, মেজমেলত মহাত্মা আদি বহুতাে পুস্তিকা আৰু মুছােলিনীৰ ওপৰত ডাণ্টেৰ প্ৰভাৱ, ৰাছিয়াৰ বিশ্বকর্মা, ভাৰত চৰকাৰৰ চাকৰিয়াল, নতুন শাসন-সংস্কাৰত মন্ত্রী, নতুন শাসনতন্ত্রত অসমৰ বাজেট, চৰকাৰী ৰাজহ, ইউৰােপ আৰু ভাৰতত কানিৰ নিৰিখ, ৰুছ সাহিত্যত বলছেভিজিম, ধর্ম আৰু শাসনযন্ত্র, বনুৱাৰ দুর্দশা, কমৰেড গাের্কি উপন্যাসৰ আভাস আদি অলেখ প্রবন্ধৰ স্ৰষ্টাবৰুৱাৰ সাহিত্য পঢ়িলেই বুজিব পাৰি কিমান প্রখৰ আছিল তেওঁৰ জ্ঞানৰ দীপ্তি।

Leave a Reply

Your email address will not be published.