July 25, 2024

লােকবন্ধু ডাঃ ভুবনেশ্বৰ বৰুৱা | Dr Bhubaneswar Baruah Biography in Assamese

ডাঃ ভুবনেশ্বৰ বৰুৱাৰ জীৱনী freedom fighter Bhubaneswar Baruah Biography in Assamese

আদর্শবাদী, সাহসী, ত্যাগী, ক্ষমতাৰ প্রতি কোনাে আগ্রহ নথকা ব্যক্তিৰ কথা ভাবিলেই প্রথমে ভুবনেশ্বৰ বৰুৱাৰ কথাই মনলৈ আহে। আদৰ্শৰ ক্ষেত্ৰত কাহানিও আপােচ নকৰা, বহু লােভনীয় পদ বাৰে বাৰে প্রত্যাখ্যান কৰা বৰুৱাৰ বাবে অসমৰ উন্নতিয়েই আছিল প্রথম কথা আছিল। গােটেই ৰাজ্যখনেই আছিল যেন তেওঁৰ ঘৰ।

১৮৯৩ৰ চাৰি ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ খলিহামাৰীত, বহুতৰ মতে শদিয়াত বৰুৱাৰ জন্ম হৈছিল। পিতা আছিল জীৱেশ্বৰ আৰু গিৰিজা দেৱী। তেওঁলােকৰ মুঠ ১৩টা ল’ৰা-ছােৱালীৰ ভিতৰত ভুবনেশ্বৰ আছিল ষষ্ঠ সন্তান। পৰিয়ালৰ ১৫জন সদস্যৰ ভৰণ-পােষণ, পঢ়া-শুনাৰ খৰচ উলিওৱাটো নিম্নবিত্ত জীৱেশ্বৰ বৰুৱাৰ পক্ষে কঠিন কাম আছিল। সেইবাবে ১২ বছৰ বয়সলৈ ভুবনেশ্বৰে পঢ়াশালিৰ মুখ দেখা নাছিল। পাছত পলমকৈ হ’লেও গুৱাহাটীত থকা ভিনিহিয়েক ৰবি নাৰায়ণ বৰাৰ ঘৰত থাকি প্রাথমিক স্কুলত নাম লিখালে ভুবনেশ্বৰে। ১৯১২ত ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা আই.এছচি, পাছ কৰে।

তাৰ পাছতে শিক্ষা বিভাগৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে কামত সােমায়, আৰু কম দিনতে নিজৰ দক্ষতা প্রমাণ কৰিলে। তুৰাত (বর্তমান মেঘালয়ত) চাকৰি কৰি থাকোতে অসমৰ শিক্ষাধিকাৰ মিঃস্মল চাহাবে বৰুৱাৰ কাম দেখি অতি সন্তুষ্ট হয় আৰু চাকৰিৰ এবছৰৰ নৌহওঁতেই উপ-পৰিদৰ্শক হিচাপে পদোন্নতি দিব বিচাৰে। কিন্তু বৰুৱাই স্মল চাহাবক অন্য এটা অনুৰােধহে কৰিলে। ক’লে যে তেওঁৰ ডাক্তৰী পঢ়াৰ খুবেই ইচ্ছা, গতিকে পদোন্নতিৰ সলনি যদি এটা বৃত্তি দি কলিকতাত ডাক্তৰী পঢ়াৰ সুযােগ দিয়ে তেন্তে উপকাৰ হ’ব। মিঃ স্মলে বৰুৱাক ডাক্তৰী পঢ়াবলৈ বুলি বিশেষ বৃত্তি দিয়াৰ ব্যৱস্থা কৰিলে। ১৯১৫ত ভুবনেশ্বৰ বৰুৱাই কলিকতা মেডিকেল কলেজত নাম ভর্তি কৰে আৰু ছটা বছৰ অতি নিষ্ঠাৰে পঢ়া-শুনা কৰি এম.ডি. উপাধি লৈ ডিব্ৰুগড়লৈ উভতে।

গান্ধীজীৰ আদৰ্শৰে অনুপ্রাণিত হৈ বৰুৱা এইবাৰ অসহযােগ আন্দোলনত নামে। অসহযােগ আন্দোলনৰ পাছত ইংৰাজ চৰকাৰৰ চৰ্ত অনুসৰি বৰুৱাই চৰকাৰী চাকৰিত যােগ দি অসমৰ বিভিন্ন ঠাইত এছিষ্টেণ্ট চার্জন হিচাপে কার্যনির্বাহ কৰে। উজনিৰ চাবুৱা অঞ্চলত ডাক্তৰ হিচাপে কাম কৰি থকা অৱস্থাত তেওঁ বাল গঙ্গাধৰ তিলক’ ন্যাস পুঁজিৰ বাবে চান্দা তুলি থকা বুলি জানিব পাৰিলে ইংৰাজ চৰকাৰে, সেইবাবেই লগে লগে তেওঁৰ চাকৰি বদলি কৰি বৰপেটালৈ পঠিয়ালে। তাতে গৈ ডাক্তৰ বৰুৱাই মানুহৰ মাজত স্বাধীনতাৰ বাণী প্রচাৰ কৰিবলৈ ল’লে। তেওঁ চৰকাৰী চাকৰি কৰিছিল অথচ চৰকাৰৰ বিৰুদ্ধে আৰু স্বাধীনতাৰ সপক্ষে মাত মাতিবলৈ ভয় কৰা নাছিল।

এইবাৰ চৰকাৰী ডাক্তৰ হৈ বৰুৱা মঙলদৈলৈ আহি স্বাধীনতাৰ কামত লাগে। লগে লগে ইংৰাজে চাকৰিৰ পৰা খেদাৰ আগতেই আপােচহীন বৰুৱাই নিজে চাকৰিৰ পৰা ইস্তফা দিলে আৰু ১৯২৪ত গুৱাহাটীলৈ আহি শংকৰদেৱ ফার্মাচী’ খুলি প্রাইভেট প্রেক্টিছ আৰম্ভ কৰিলে। উল্লেখ্য যে দক্ষ চিকিৎসক হিচাপে প্ৰথমৰে । পৰা সুনাম থকা বৰুৱা মাথোঁ দেশূৰ সেৱকেই নাছিল, তেওঁ আছিল শংকৰী ধর্মসংস্কৃতিৰ একনিষ্ঠ সেৱক। সেইবাবে অসমৰ চিনাকি লােকে তেওঁক শংকৰদেৱ’ বুলিও মাতিছিল। সেইবাবেই হয়তাে ফার্মাচীৰ নাম শংকৰদেৱ ৰাখিলে।

মানৱসেৱী এইজনা ডাক্তৰ যেন নাৰায়ণৰ অন্য ৰূপহে আছিল। কোনাে ধৰণৰ মাচুল নােলােৱাকৈ তেওঁ দৰিদ্ৰসকলৰ সেৱা কৰিছিল। তেওঁ স্পর্শ কৰিলেই ৰােগী ভাল হয় বুলি নানা ধৰণৰ কিম্বদন্তীও প্ৰচাৰিত হৈছিল। বহু কঠিন ৰােগাে তেওঁ অনায়াসে ভাল কৰিছিল। কলিকতা মেডিকেলত পঢ়ি থাকোতেই তেওঁৰ চিকিৎসা ক্ষেত্ৰত থকা দক্ষতাৰ কাহিনী চাৰিওফালে প্রচাৰ হৈছিল। সেই সময়ত কলিকতা মেডিকেল কলেজৰ অধ্যাপক আছিল ডাঃ বিধান চন্দ্ৰ ৰায় (পশ্চিমবঙ্গ প্রথম মুখ্যমন্ত্রী)। ৰায়ৰ প্রিয় ছাত্র ভূবনেশ্বৰৰ প্রতি অসম্ভৱ বিশ্বাস আছিল। অসমৰ পৰা কোনাে ৰােগী ৰায়ৰ ওচৰলৈ গ’লেই তেওঁ কৈছিল— “তােমালােকে ভুবনেশ্বৰ বৰুৱাক দেখুৱাইছা নে নাই? তেওঁ পঠিয়ালেহে মােৰ ওচৰলৈ আহিবা।” ১৯২৭ চনত ভৰ বয়সত ভুবনেশ্বৰ বৰুৱাই বিয়া কৰাইছিল গােলাঘাটৰ কেশৱানন্দ বৰুৱাৰ কন্যা ইন্দুপ্রভাক, সেই বিয়াৰ দিনটোতাে তেওঁ ৰােগীৰ পিছে পিছে ঘূৰিছিল। বৰুৱাক জোৰকৈ ধৰি আনি অমিয় কুমাৰ দাসে নিজৰ ধুতি-পাঞ্জাৱী পিন্ধাইছিল, পিছদিনা নকইনাক নিয়েই তেওঁ টান ৰােগী-এজনক চাবলৈ লৰি গৈছিল।

আকৌ খােবা-খুবুনীৰ দিনা ডাঃ বৰুৱাই জানিব পাৰিলে যে, উত্তৰ গুৱাহাটীৰ কুৰুৱাত হাইজা ৰােগে মহামাৰী ৰূপ ধৰাত মানুহ মৰিল। লগে লগে সকলাে কাম এৰি তেওঁ অমিয় কুমাৰ দাসৰ সৈতে কুৰুৱালৈ গ’ল আৰু ৰােগীসকলক সেৱাশুশ্রুষাৰ বাবে লাগি গ’ল। এইদৰে পুৱাৰ পৰা মাজ ৰাতিলৈ ৰােগীৰ শুশ্রুষাৰ কামত ব্যস্ত থাকি সৰু নাও এখনৰে বহ্মপুত্ৰ পাৰ হৈ দাসৰ স’তে শেহ নিশা ঘৰ ওলালহি আৰু কাৰাে টোপনিত ব্যাঘাত জন্মােৱাটো উচিত নহয় বুলি দুয়াে ৰােগী শােৱা কাঠৰ বেঞ্চখনতে শুই পৰিল।…অমিয় কুমাৰ দাসৰ লগতে আন এক ঘটনা। মঙলদৈত থাকোতে কিশােৰ এজনক গােনামহ এটাই খুঁচি পেটৰ নাড়ী-ভূৰু উলিয়াই পেলালে আৰু মৃতপ্রায় অৱস্থাত কিশােৰজনক ডাক্তৰ ভুবনেশ্বৰ বৰুৱাৰ ওচৰলৈ অনা হ’ল। তেতিয়াৰ যুগত কোনাে ধৰণৰ আধুনিক চিকিৎসা সঁজুলি নাছিল। তথাপি বৰুৱাই হাৰ নামানিলে। অমিয় কুমাৰ দাসে চাকি দেখুৱালে আৰু ওৰে ৰাতি ডাঃবৰুৱাই ল’ৰাটোৰ পেটৰ নাড়ী-ভূৰবােৰ ঠিক-ঠাক কৰি অস্ত্রোপচাৰ কৰিলে। তাৰ পাছত ল’ৰাটোক নিজৰ লগতে ৰাখিলে। তেতিয়া ডাঃ বৰুৱাই বিয়া কৰােৱাই নাছিল। বৰলা ডাক্তৰজনৰ সহযােগী হিচাপে কম্পাউণ্ডাৰ আৰু নাছে নাছিল। সেইবাবেই অস্ত্রোপচাৰ কৰা ল’ৰাটোৰ ধােৱা-পখলাৰ কামত বৰুৱাই নিজেই লাগি যায়, আনকি প্রায়েই ৰােগীক ৰান্ধিও খুৱায়। এনেদৰে দুই মাহৰ অক্লান্ত পৰিশ্ৰমৰ মূৰত ল’ৰাটো সম্পূর্ণ সুস্থ হৈছিল। .

শংকৰদেৱ আৰু মহাত্মা গান্ধী আছিল ডাক্তৰ ভুবনেশ্বৰ বৰুৱাৰ জীৱনৰ আদর্শ। আদর্শ ডাক্তৰ, আদর্শ স্বামী আৰু পিতৃ তথা সমাজ সেৱক ডাক্তৰ বৰুৱাই চিনেমা, থিয়েটাৰ, নাটক আদিৰ লগতে খেল-ধেমালিৰ উৎকৰ্ষৰ বাবেও বহু কাম কৰিছিল। কুমাৰ ভাস্কৰ নাট্যমন্দিৰৰ স’তে তেওঁৰ আত্মিক সম্পর্ক আছিল। নাটক -থিয়েটাৰ আদি অনুষ্ঠিত হলে ডাক্তৰ বৰুৱাৰ তত নাইকিয়া হৈছিল।

এইবাৰ আহাে অসমৰ স্বাধীনতা আন্দোলন আৰু ৰাজনৈতিক দিশত ডাঃ বৰুৱাৰ অৰিহণাৰ কথালৈ। আগতেই কৈ অহা হৈছে মিঃ স্মল চাহাবৰ অনুগ্রহত ব্রিটিছ চৰকাৰৰ বৃত্তি লৈ তেওঁ চিকিৎসা বিজ্ঞান পঢ়িছিল। সেইবাবেই ব্রিটিছৰ অধীনত চাকৰি কৰি সেই ঋণ শুজিব বিচাৰিছিল। (পাছত অৱশ্যে ইংৰাজে দিয়া জলপানিৰ টকা সুতে-মূলে ওভতাই দিয়াৰ কথাও শুনা যায়। কিন্তু স্বাধীনতাৰ বাবে কাম কৰাৰ দোষত চৰকাৰৰ ৰােষত তেওঁ পৰিছিল আৰু চাকৰিও ত্যাগ কৰিছিল। অসহযােগ আন্দোলনৰ পৰা আৰম্ভ কৰি স্বাধীনতা লাভৰ কালছােৱালৈ ভুবনেশ্বৰ বৰুৱাই অসমৰ সকলােবােৰ আন্দোলনতেই বৃহৎ ভূমিকা গ্রহণ কৰিছিল। ১৯৩০ চনত মতিলাল নেহৰুৰ স’তে আন্দোলনৰ বিভিন্ন ৰণকৌশলৰ বিষয়ে আলােচনা কৰিবলৈ ত্যাগবীৰ হেম বৰুৱা আৰু যাদৱ প্রসাদ চলিহাৰ লগতে ভুবনেশ্বৰ বৰুৱাও কলিকতালৈ গৈছিল। নিজে বিষয়াবাব নিবিচাৰিলেও অসমৰ প্রাণকেন্দ্র গুৱাহাটীৰ নেতৃত্ব ল’বলৈ এগৰাকী সবল নেতাৰ প্রয়ােজন হােৱাত ১৯৩৯ত তেওঁ গুৱাহাটী জিলা কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰিছিল। মৃত্যু পর্যন্ত এই পদত থাকি কংগ্ৰেছক শক্তিশালী কৰিবলৈ অহােপুৰুষাৰ্থ কৰিছিল। তদুপৰি যিসকল কংগ্ৰেছী নেতা ৰােগাক্রান্ত হৈছিল, তেওঁলােকৰ চিকিৎসাৰ সম্পূর্ণ দায়িত্ব একচেটিয়াভাৱে ডাঃ বৰুৱাই গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল।

ভাৰত স্বাধীন হােৱাৰ পাছত বা তাৰ আগতেও ডাঃ ভুবনেশ্বৰ বৰুৱাক বাৰ মন্ত্রিত্ব যচা হৈছিল। কিন্তু মন্ত্রী-বিধায়ক হ’বলৈ তেওঁৰ সমূলি ইচ্ছা নাছিল। মন্ত্রিত্ব ল’বলৈ বাৰে বাৰে অনুৰােধ কৰাৰ পাছত তেওঁ কৈছিল— “মন্ত্রী-বিধায়কতকৈ ওপৰত থাকি কামবােৰ কৰিবলৈহে মই আছাে। কেবিনেটৰ ভিতৰ সােমালে সাহসেৰে কাকো একো কোৱাৰ থল নাথাকে, সেইবাবেই বাহিৰত থাকি তেওঁলােকৰ ভুলবােৰ আঙুলিয়াই দি তাক সংশােধন কৰাতহে মােৰ শক্তি খৰচ কৰিম।”

মানৱ প্ৰেমৰ প্ৰতীক ডাক্তৰ বৰুৱা, সকলাে ধর্ম জাতি-গােষ্ঠীৰ মাজৰ সেতু স্বৰূপ ডাঃ বৰুৱা, মানুহৰ সাহস, আত্মবিশ্বাস আৰু ত্যাগৰ অন্য নাম ডাঃ ভুবনেশ্বৰ বৰুৱা। ১৯৫৬ চনৰ ২৫ ছেপ্টেম্বৰত যেতিয়া এইজনা ‘লােকবন্ধু’ৰ মৃত্যু ঘটিছিল মাত্র ৬৩ বছৰ বয়সত, তেতিয়া সকলাে যেন বােবা হৈ পৰিছিল। তেওঁৰ মৃত্যুৰ ঘটনাটো কোনেও সহজভাৱে ল’ব পৰা নাছিল। পথৰ ভিক্ষাৰীৰ পৰা প্রবল প্রতাপী নেতালৈ সকলাে তেওঁৰ শ্মশান যাত্ৰাৰ সঙ্গী হৈছিল।

You also Read

Reference

  • I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *