Jonbeel Mela History and Essay in Assamese | জোনবিল মেলাৰ ইতিহাস - assamintro.com
September 29, 2022

Jonbeel Mela History and Essay in Assamese | জোনবিল মেলাৰ ইতিহাস

Jonbeel Mela History and Essay in Assamese

জোনবিল মেলাৰ ইতিহাস History of Jonbeel Mela in Assamese

অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ’ল জোনবিল মেলা। মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত (গুৱাহাটী ৰ পৰা ৩২ কিমি) অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা। মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হয় ।

জোনবিল মেলাৰ তাৎপর্য

মৰিগাঁও জিলাৰ জাগীৰােড আৰু জাগী ভকত গাঁৱৰ মধ্যস্থানত থকা এখন বিলৰ নাম হ’ল ‘জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত মেলাই হৈছে ‘জোনবিল মেলা’। জোনবিল মেলাই অসমৰ প্রাচীন প্রথাক প্রতিনিধিত্ব কৰে। পাহাৰ আৰু ভৈয়ামত বসবাস কৰা তিৱা লােকসকলে নিজৰ নিজৰ ঠাইত উৎপাদিত দ্রব্যসামগ্রী নিজৰ আৰু আন আন জনগােষ্ঠীবােৰৰ লগত বিনিময় কৰে। জোনবিল মেলাৰ প্ৰধান তাৎপর্যটোৱেই হৈছে বিনিময় প্রথাৰ মাজেৰে জাতি-জনগােষ্ঠীৰ মাজত সম্প্রীতিৰ এনাজৰীডাল দৃঢ় কৰি ৰখা।

Jonbeel Mela History and Essay in Assamese
Jonbeel Mela History and Essay in Assamese

জোনবিল মেলাৰ উৎপত্তি

জোনবিল মেলাৰ আৰম্ভণি সম্পর্কে সঠিক তথ্য পােৱা নাযায়। ঐতিহাসিক গােভাৰাজ্য প্রতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হয় বুলি গৱেষকসকলে মত পােষণ কৰে। গােভা ৰজাকেই জোনবিল মেলাৰ জন্মদাতা বুলি কোৱা হয়। একাংশ পণ্ডিতৰ মতে, তিৱাসকলৰ গােভা ৰজা জোন সিঙৰ ৰাজ-অভিষেকৰ স্মৃতিৰে বিলখনৰ নাম ‘জোনবিল’ হৈছে। আৰু তেখেতৰ নামেৰেই ‘জোনবিল মেলা’ৰ উৎপত্তি হােৱা বুলি কোৱা হয়। জোনবিল মেলাৰ উৎপত্তি সম্পর্কত বিভিন্ন জনশ্রুতিৰ প্রচলন আছে। “গগাভাৰাজ্য প্রতিষ্ঠা কৰা ৰজাই এদিন ৰাণীৰ সৈতে বিহাৰ কৰি ঘূৰি ফুৰোঁতে এখন বিলৰ কাষ পাইছিল, বিলৰ ফটফটীয়া পানীত জোনৰ পােহৰ পৰি জিলিকি উঠিছিল। তাকে দেখি ৰজাৰাণীৰ মনত আনন্দ লাগিছিল আৰু তেতিয়াই ৰজাই ৰাণীক কৈছিল

‘হেবে ছনাই পিল হঙদ’ অর্থাৎ এইখন, জোনটোৰ দৰে বিল। তিৱা ভাষাত ছনাই’ মানে হৈছে জোন, এই ছাই পিলৰ পৰাই কালক্ৰমত অপ্ৰভ্রংশ হৈ ছাই পিল>জনাই পিল>জোনবিল হােৱা বুলি কোৱাৰ থল আছে। কোনাে কোনােৰ মতে বিলখনৰ আকৃতি কাঁচি জোনটোৰ দৰে হােৱাৰ কাৰণেও জোনবিল নামৰ উৎপত্তি হােৱা বুলি কোৱা হয়। আন এক জনশ্রুতি অনুসৰি “কিংবদন্তি আৰু কুঁৱলী কুঁৱলী ইতিহাসৰ পৰা দেখা যায় গােভা ৰাজ্যৰ প্রতিষ্ঠাতা ৰজাই (খেনােৰ মতে ৰজা পাণ্টেশ্বৰ) শুক্লপক্ষৰ সুন্দৰ ৰাতি ৰাণীৰ সৈতে বিহাৰ কৰি আহি এখন বিলৰ পাৰত অৱস্থান কৰে। তেতিয়াই বিলৰ ফটফটীয়া জলৰাশিত প্রতিবিম্বিত সুন্দৰ আকৃতিৰ জোনটি দেখি ৰজা ৰাণী আনন্দত অধীৰ হৈ পৰে। লগে লগে ৰজাৰ আদেশ মতে, তেতিয়াৰ পৰা বিহাৰত ৰজা ৰাণীক আনন্দ দিওঁতা সেই জোন প্রতিবিম্বিত বিলখনৰ নাম হৈ পৰে জোনৰ বিল— জোনবিল। আকৌ তাতে সেই ৰজাৰ আদেশমর্মে অনুষ্ঠিত হ’বলৈ ধৰিলে ৰজা-প্রজাৰ মিলনৰ এক অপূর্ব উৎসৱ মেলা— যি ক্রমে খ্যাত হৈ পৰিল বিখ্যাত ‘জোনবিল মেলা’ তথা ‘জোন-মেলা’ৰূপে। আন এক প্রবাদ অনুসৰি “জোনবিল মেলা গােভা ৰজাৰ ‘নােৱান’ অর্থাৎ ন-খােৱা উৎসৱৰহে এটি সন্মােহিত ৰূপ।

আঘােণ-পুহত খেতি চপােৱাৰ পাছত ন-ধানৰ ভাত খাবলৈ তিৱা ৰাজপৰিয়ালৰ লােকসকলে সুন্দৰ জোনবিলৰ পাৰত মিলিত হৈ তিৱা ধৰ্ম আৰু সাংস্কৃতিক পৰম্পৰাৰ ভেটিত নির্দিষ্ট বলি-বিধানেৰে ইষ্ট দেৱতাক পূজা-পাতল কৰি তেওঁবিলাকৰ পূৰ্বপুৰুষক বিধিপূর্বক ন-ধানৰ অন্ন-ব্যঞ্জন, লাওপানী আদি অর্পণ কৰি পাছত সকলােৱে লগ লাগি স্ফুর্তি-তামাচাৰে ভােজ-ভাত খায়। পৰৱর্তী সময়ত তিৱা গােভা ৰাজৰ এই ন-খােৱা উৎসৱৰ সোঁৱৰণি পৰ্বৰ আধাৰত সৃষ্টি হ’ল জোনবিল মেলা।”

জোনবিল মেলাৰ বৈশিষ্ট্য

পাহাৰ ভৈয়ামৰ জনগােষ্ঠীয় লােকৰ মধুৰ সম্পর্ক গঢ়া এই জোনবিল মেলাৰ আগমনৰ লগে লগে আজিও নগাঁও-মৰিগাঁওবাসীৰ মন আনন্দিত হয়। মৰিগাঁও জিলাৰ জাগীৰােডৰ সমীপৱৰ্তী জোনবিলৰ পাৰতেই মাঘ বিহুৰ সময়ত জোনবিল মেলা উদ্যাপিত হয়। এই মেলালৈ পাহাৰ-ভৈয়ামৰ তিৱা, খাছি, বড়াে, কছাৰী, কার্বি আদি জনজাতিৰ লােকসকল আহে। জোনবিল মেলাৰ মূল বৈশিষ্ট্যটো হ’ল ভালপােৱা, সমন্বয়-সম্প্রীতিৰ এনাজৰীডাল দৃঢ় কৰি ৰখা। পাহাৰৰ জনগােষ্ঠীয় লােকসকলে ভৈয়ামৰ এই জোনবিল মেলাত দ্রব্য বিনিময় কৰি দুদিন-দুৰাতিৰ পাছত মেলাস্থলীত সাজি লােৱা অস্থায়ী ঘৰবােৰ জ্বলাই নিজৰ ঘৰলৈ যায়গৈ। বিনিময়ৰ মাধ্যমেৰে পােৱা বস্তুবােৰ তেওঁলােকে ‘হােৰা’ত ভৰাই পিঠিত ওলােমাই লৈ যায়। ভৈয়ামৰ পৰা লৈ যােৱা দ্রব্যসামগ্ৰীৰেই পাহাৰীয়া লােকসকলে ভােগালী বিহু উউদ্যাপিত কৰে। সকলাে জাতি-জনগােষ্ঠীৰ লােকে জোনবিল মেলাত সমূহীয়াভাৱে মাছমৰাৰ পৰম্পৰা আছে।

পৰম্পৰা অনুসৰি গােভা ৰজাই জোনবিল মেলাস্থলীতে অস্থায়ী ৰাজদৰবাৰ পাতে। আৰু মেলাৰ শান্তি-শৃংখলা ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰদ্বাৰা তিৱা প্রশাসন আৰু ৰাজকার্যবাে আভাস পােৱা যায়। এই মেলাত তিৱা সংস্কৃতিৰ গীত-মাত, নৃত্য আদি পৰিৱেশন কৰা হয়। থলুৱা খাদ্যদ্রব্যৰ আদান প্রদান কৰাটো জোনবিল মেলাৰ আন এক বিশেষ বৈশিষ্ট্য। পাহাৰত বসবাস কৰা তিৱাসকলে তেওঁলােকৰ উৎপাদিত খাদ্য শস্য, বিভিন্ন সা-সামগ্রী ভৈয়ামৰ ৱািসকলৰ সৈতে বিনিময় কৰে। ভৈয়ামৰ লােকসকলে সান্দহ, পিঠা, মাছ ইত্যাদিৰ সৈতে পাহাৰৰ পৰা অনা আদা, কচু, হালধি, জলকীয়া, থেকে, লা, শালধুনা আদি নানা দ্রব্যৰ আদানপ্রদান কৰে। তিলপিঠা, সান্দহ, পাতত দিয়া পিঠা, শুকান মাছ, এড়ী চাদৰ, মুগা সূতা, পাটসূতা, কমলা, লাইশাক, দিনদুলি, কলডিল, বিচনাত পাৰিবলৈ আৰু গাত ল’বলৈ বহুবর্ণী আলা, ৰঙালাও, তিল, পাতত দিয়া পিঠা আদিৰ বিনিময় জোনবিল মেলাত পৰিলক্ষিত হয়। তিৱা জনগােষ্ঠীৰ বাহিৰেও আন আন জনগােষ্ঠীয় লােকসকলেও দ্রব্য বিনিময়ত সমানেই অংশ লয়।

জোনবিল মেলাৰ বিশেষত্ব

পূৰ্বৰ পৰম্পৰা অনুসৰি জোনবিল মেলাত তিৱাসকলৰ গােভা ৰজাই ডা-ডাঙৰীয়াসকলৰ সৈতে অস্থায়ী ৰাজদৰবাৰ পাতে আৰু মেলাথলীৰপৰা কৰ সংগ্রহ কৰে। ৰাজদৰবাৰলৈ কলতলীয়া খলা, নেলী, কুমৈ, বঘৰা, ডিমৰীয়া, চহৰী, তেতেলীয়া, দমাল, ঘগুৱা আদিৰ ৰজাসকলৰ লগতে আহােম ৰজাক বিশেষ অতিথি হিচাপে নিমন্ত্রণ জনােৱা হয়। জোনবিল মেলাত কুকুৰা যুঁজকে ধৰি বিভিন্ন খেল-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। তদুপৰি তিৱা সংস্কৃতিৰ কেতবােৰ সম্পদ ৰাজদৰবাৰত প্রদর্শিত হয়। এই মেলাৰ শেষৰদিনা বিলত সমূহীয়াভাৱে মাছ ধৰা হয়। পূর্বতে জোনবিল মেলালৈ ওচৰচুবুৰীয়া ৰাজ্যৰ বিভিন্নজন ৰজাৰ আগমন ঘটিছিল।

তিৱাসকলৰ জোনবিল মেলাৰ লগত সামাজিক, সাংস্কৃতিক, অর্থনৈতিক, ৰাজনৈতিক আদি দিশবােৰ জড়িত হৈ আছে। গীত-মাত, নৃত্য-বাদ্য, সাজপােছাক আৰু খাদ্যাভ্যাসৰ মাজেৰে নিজৰ পৰিচয় তিৱাসকলে জীয়াই ৰাখিছে।

তিৱা সংস্কৃতিৰ ঐতিহ্যক জোনবিল মেলাই সদায়েই কঢ়িয়াই ফুৰিছে। লা-লিহালালি’ গীতৰ ব্যৱহাৰ জোনবিল মেলাৰ এক মন কৰিবলগীয়া বিশেষত্ব।

যথা—

“লা-লি হিলালি লাই অ’ পিতাদেউ/ লা-লি হিলালি লাই।

হিলালি গীত গাওঁতে পলুৱাই আনিলে / অজলা লালুঙক পাই।”

১৭২৯ খ্রীষ্টাব্দৰ পৰাই মৰিগাঁও জিলাৰ জাগীৰােডৰ ওচৰৰ জোনবিলৰ পাৰত তিনিদিনীয়াকৈ জোনবিল মেলা অনুষ্ঠিত কৰা দেখা যায়। প্রাচীন তিৱা ৰাজ্যৰ বর্ণাঢ্য সংস্কৃতিৰ উমান এই মেলাৰ মাজেৰে পােৱা যায়। মূলতঃ গােভা ৰজাই কতলীয়া প্রাচীন সাতােৰজা পাঁচোৰজাৰ পৰা কৰ সংগ্ৰহৰ উদ্দেশ্যেই এই উৎসৱৰ আৰম্ভণি কৰিছিল বুলিও কোৱা হয়। প্রতি বছৰৰ মাঘ বিহুৰ পাছৰটো বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈকে এই জোনবিল মেলা অনুষ্ঠিত কৰি অহা হৈছে। সমন্বয়ৰ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত জোনবিল মেলা বিশেষভাৱে উল্লেখযােগ্য। তিৱা জাতিৰ জাতীয় স্বৰূপ তুলি ধৰা এই জোনবিল মেলা সমন্বয়-সংস্কৃতিৰ এক শক্তিশালী বার্তাবাহী হিচাপে সদায়েই বিবেচিত হৈ ৰ’ব।

মেলাৰ আৰম্ভণি

জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত আৰম্ভ হয়। সপ্তাহটোৰ মঙ্গল-বুধবাৰৰ পৰা মানুহৰ সমাগম হয় যদিও শুক্ৰবাৰ আৰু শনিবাৰেহে প্ৰধান মেলা হয়। মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত ৰজাৰ পাৰিষদবৰ্গ তথা বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট ব্যক্তিবোৰে মাছ মাৰে, ইয়াক ‘ৰজা মাছ’ মৰা বুলি কয়। সেই মাছেৰে জোনবিলৰ পাৰত ৰজাৰ সহিতে সকলোৱে মিলিজুলি ভোজভাত খায়। ইয়াৰ পিছদিনা সকলো ৰাইজলৈ এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়ে।

মেলাৰ মূল বিষয়

মেলাৰ মূল বিষয় হৈছে বিনিময় প্ৰথা। বৰ্তমান যুগত টকা-পইচাৰে ক্ৰয় বিক্ৰয় কৰাৰ সময়তে এই মেলাত থলুৱা খাদ্য দ্ৰব্যৰে আদান-প্ৰদান কৰি থকা প্ৰথা দেখা যায়। পাহাৰত বসবাস কৰা তিৱাসকলে তেওঁলোকৰ উৎপাদিত খাদ্য শস্য, কৃষি সামগ্ৰী যেনে- কচু, হালধি, বাঁহগাজ, জলকীয়া, ঠেকেৰা, লা, শালধূনা আদি ভৈয়ামৰ লোকসকলৰ সান্দহ, পিঠা, মাছ ইত্যাদিৰ সৈতে বিনিময় কৰে। এই মেলাত খাচিয়া, জয়ন্তীয়া, গাৰো, কাৰ্বি পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে। সকলোৱে নিজ নিজ দ্ৰব্য হোৰাত ভৰাই লয় আৰু মেলাত থাকিবৰ বাবে বিভিন্ন সা-সঁজুলি লৈ আহে। বিনিময় প্ৰথা আৰম্ভ হোৱাৰ সমান্তৰালভাৱে সেই ঠাইৰ ওচৰতে কুকুৰা যুঁজ আৰম্ভ কৰা হয়। আনহাতে গোটেই মেলাখন পৰিচালনা কৰিবৰ বাবে একোখন পৰিচালনা সমিতি থাকে। এই উদ্‌যাপন সমিতিয়ে যাৱতীয় সকলো সা-সুবিধাৰ ব্যৱস্থা কৰি দিয়ে।

You also read

References

  1. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

Leave a Reply

Your email address will not be published.