July 24, 2024

Christmas Day History in Assamese | বৰদিন বা খ্ৰীষ্টমাছৰ ইতিসাহ

Christmas Day History in Assamese

খ্রীষ্টান ধর্মাৱলম্বীসকলৰ এক পৱিত্ৰ তথা আনন্দদায়ক দিন হ’ল বৰদিন বা খ্রীষ্টমাছ। বছৰৰ ২৫ ডিচেম্বৰ তাৰিখে এই দিৱস পালন কৰা হয়। ইতিহাসৰ পাতত লিখা আছে যে চতুর্থ শতাব্দীত ইটালীৰ ৰােম চহৰত ২৫ ডিচেম্বৰ তাৰিখটো যীশুখ্রীষ্টৰ জন্মদিন হিচাপে ধৰি লৈ অনুষ্ঠান পতাৰ প্রথম পৰম্পৰা আৰম্ভ হয়। তাৰ পাছৰপৰাই এই অনুষ্ঠানটো ২৫ ডিচেম্বৰ তাৰিখে খ্রীষ্টমাছ ডে’ হিচাপে পালন কৰি অহা হৈছে। ইফালে ইউৰােপৰ কোনাে কেনাে ঠাইত ৬ জানুৱাৰীত খ্ৰীষ্টমাছ উদ্যাপন কৰা হয়। বৰদিন মানেই হ’ল বর্ণাঢ্য আয়ােজন, য’ত পৰিপূৰ্ণ হৈ থাকে কেক্, মম, কেৰল আৰু বিভিন্ন উপহাৰ। খ্রীষ্টমাছ যেনেকৈ ধর্মীয় দিশৰ ওপৰত ভিত্তি কৰি পতা হয়, ঠিক তেনেকৈ ইয়াৰ সামাজিক দিশাে আছে। সেইবােৰ হ’ল— ইজনে সিজনৰ লগত মিলন, উপহাৰ আদান-প্রদান, প্রীতিভােজ খােৱা ইত্যাদি।

Christmas Day History in Assamese | বৰদিন বা খ্ৰীষ্টমাছৰ ইতিসাহ
Christmas Day History in Assamese | বৰদিন বা খ্ৰীষ্টমাছৰ ইতিসাহ
অন্য নামখ্ৰীষ্টমাছ
নোয়েল
ইয়ুল
ফিষ্ট অফ নেটিভিটি
পালন কৰেখ্ৰীষ্টান
একাধিক অ-খ্ৰীষ্টান সম্প্ৰদায়
প্ৰকাৰখ্ৰীষ্টীয়, সাংস্কৃতিক
মহত্বপ্ৰথানুসাৰে যীশুখ্ৰীষ্টৰ জন্ম-তিথি
তাৰিখ২৫ ডিচেম্বৰ
আচাৰউপহাৰ প্ৰদান, গিৰ্জাত উপাসনা, পাৰিবাৰিক সন্মিলন, গৃহসজ্জা

বৰদিনৰ মূল অংগ হ’ল ছান্টাক্লজ আৰু খ্রীষ্টমাছ ট্রী। ইউৰােপৰ আর্মেনিয়ানসকলে ৬ জানুৱাৰীত পতা খ্রীষ্টমাছ ডে’টোক ছেন্ট নিকোলাছ ডে’ নামেৰে জনা যায়। এই নিকোলাছৰপৰাই ছান্টাক্লজৰ জন্ম হয় বুলি জনা যায়। নিকোলাছ আছিল তুৰস্কৰ মায়ৰ চহৰৰ গীর্জা এটাৰ বিছপ। তেওঁ বৰ দয়ালু আৰু দান কৰি ভাল পােৱা লােক আছিল। কিংবদন্তিমতে, নিকোলাছে দুখীয়া মানুহৰ ঘৰত মনে মনে নানা বস্তু উপহাৰ দি থৈ ত হছিল। এবাৰ তেওঁ তিনিজনী বিয়া দিব পৰা ছােৱালী থকা দুখীয়া মানুহ এঘৰত তিনি মােনা সােণ মনে মনে খিৰিকীৰে পেলাই থৈ আহিছিল। সােণৰ মােনা তিনিটা নিকোলাছে খিৰিকীৰে পেলাই দিওঁতে অলপমান সােণ খিৰিকীৰ দাঁতিত থৈ দিয়া মােজাৰ ভিতৰত পৰে। যিদিনা এই কামটো কৰা হৈছিল সেইদিনা আছিল খ্রীষ্টমাছ ইভ। উল্লেখ্য যে খ্রীষ্টমাছ ইভত খালী মােজা ওলােমাই থােৱা হয় আৰু এই কার্যৰ নায়ক নিকোলাছেই পাছলৈ পৰিচিত হয় ছান্টাক্লজ নামেৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৱিষ্কাৰৰ পাছত তালৈ বিভিন্ন দেশৰ মানুহ আহি বসবাস কৰিছিল। এই মানুহবােৰৰ ভিতৰত ওলন্দাজসকল আছিল অন্যতম। ওলন্দাজসকলেই নিকোলাছক ‘ছিণ্টাৰ ক্লাছ’ বুলি মাতিছিল আৰু এই ছিণ্টাৰ ক্লাছেই মানুহৰ মুখ বাগৰি বাগৰি অপভ্রংশ হৈ ছান্টাক্লজ’ হ’লহি। এনেদৰেই ছান্টাক্লজ খ্রীষ্টমাছ উৎসৱত জড়িত হৈ পৰিল।

এমুখ বগা দাড়ি, দেহত ৰঙা ৰঙৰ সাজত বগা পাৰিৰে সকলােৰে চিনাকি এই ছান্টাক্লজ। বিশ্বৰ সকলাে শিশুৰে প্রিয় এই বুঢ়াৰূপী ছান্টাক্লজ। ছান্টাক্লজে ৰেইন ডিয়াৰ নামৰ হৰিণে টনা শ্লেজ গাড়ীত উঠি উপহাৰৰ টোপোেলা ঘৰে ঘৰে বিলাই ফুৰে। ছান্টাক্লজ মংগলৰৰ প্রতীক। ছান্টাক্লজে মৃত্যু হােৱা শিশুক প্রাণ দান দিব পাৰে বুলি এতিয়াও বহু ঠাইত বিশ্বাস কৰা হয়।

ছান্টাক্লজৰ দৰে খ্ৰীষ্টমাছ ট্রীও বৰদিনৰ এক এৰাব নােৱৰা অংগ। এই খ্রীষ্টমাছ ট্রী কেনেকৈ খ্রীষ্টমাছৰ লগত জড়িত হৈ পৰিল তাৰ কেইবাটাও কাহিনী আছে। মানুহে বিশ্বাস কৰি অহা কাহিনীটো হ’ল— ইটালীৰ ৰােমত এটা দুখীয়া পৰিয়ালে বাস কৰিছিল। তেওঁলােকে কাঠ কাটি জীৱন যাপন কৰিছিল। পৰিয়ালটো অতি যীশুভক্ত আৰু মৰমিয়াল আছিল। এদিন এই পৰিয়ালটোৰ ওচৰলৈ ৰাতি শিশু এটা ঠাণ্ডাত কঁপি কঁপি আহে আৰু পৰিয়ালটোৱে শিশুটিক মৰম-চেনেহ কৰি খুৱাই বুৱাই নিজৰ বিছনাতে শুবলৈ দিয়ে। পাছদিনা পুৱা পৰিয়ালটিয়ে শুই উঠি দেখে শিশুটি দেৱশিশুৰ দৰে সােণালী ৰঙৰ সাজ পিন্ধি বিছনাত বহি আছে।

” পৰিয়ালটিয়ে শিশুটিক পৰিচয় সােধাত শিশুটিয়ে নিজকে যীশু বুলি চিনাকি দিলে। তাৰ পাছত শিশুটিয়ে পৰিয়ালটোক গছৰ ঠাৰি এডাল দি কয়, এই ঠাৰিডাল মাটিত পুতি দিয়াগৈ। প্রতি বৰদিনতে ই এজোপা আপেলৰ গছ হ’ব আৰু গছজোপাত থাকিব সােণালী আপেল। পৰিয়ালটিৱে শিশুটিৰ কথামতেই সকলাে কাম কৰি ফল পােৱাত গছজোপাৰ নাম দিলে খ্রীষ্টমাছ ট্ৰী বুলি। এনেকৈয়ে বৰদিনত খ্রীষ্টমাছ ট্ৰীৰ প্ৰৱৰ্তন হ’ল। বৰদিনক লৈ বিভিন্ন গীত, সাহিত্যৰৰ সৃষ্টি হৈছে। বৰদিন খ্রীষ্টান ধৰ্মাৱধী লোেকসকলৰ বাবে সঁচাকৈয়ে এক আনন্দদায়ক আৰু পৱিত্ৰ উৎসৱ, যি সকলােৰে মাজত মৰম-চেনেহ আৰু ভাতৃত্ববােধ গঢ়ি তােলে।

You can read also

References

  1. I collected from Wikipedia
  2. assam.gov.in
  3. sentinelassam.com

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *