কাৰ্বিসকলৰ চমাংকান হৈছে মূলতঃ কাৰ্বিসকলে তেওঁলোকৰ স্বৰ্গগামী পূৰ্বপুৰুষ পিতৃ-পিতামহ আদিসকলক যথাযোগ্যভাৱে জনোৱা শ্ৰদ্ধাপূর্বক অনুষ্ঠান। সাধাৰণতে মাঘ-ফাল্গুন মাহত এই উৎসৱটি সমূহীয়াভাৱে তিনিদিনীয়াকৈ পালন কৰা হয়। ছং-নক্ (ঢাল-তৰোৱাল), ছেং (ঢোল), ছেংব্ৰোণ্ (সৰু ঢোল), টাৰ (ঢাৰি), হিজাপ (বিচনী), কুছাটা (জালি), থাইৰাংপাক্ (ধনুকাঁড়), খালোন (বেতৰ পাচি), চাটৰ (চুৰিয়া), পৌহৌ (পাগুৰি), ছই (চোলা) আদি বস্তুবোৰ যোগাৰ কৰি উৎসৱ পালনৰ বাবে সাজু হয়।
Table of Contents
চমাংকান উৎসৱ উদযাপনৰ সময়
ৰংকেৰ উৎসৱ উদযাপনৰ কোনো নিৰ্দিষ্ট ধৰাবন্ধা তাৰিখ বা সময় নাথাকে যদিও কাৰ্বি সংস্কৃতিৰ জড়িত বৰ্ষপঞ্জীৰ নৱবৰ্ষৰ আৰম্ভনিতে পালন কৰা হয়। কাৰ্বি নৱবৰ্ষৰ থাং থাং মাহ ৰোমান বৰ্ষপঞ্জীৰ ফেব্ৰুৱাৰী মাহত পৰে। গাঁৱৰ অধিবাসীসকলৰ সময় সুবিধাৰ্থে ভিন ভিন গাৱঁত এই উৎসৱ ভিন ভিন সময়ত পালন কৰা হয়।
চমাংকান কাৰ্বিসকলৰ কৃষ্টি-সংস্কৃতিৰ প্ৰধান উৎসৱ। চমাংকান শব্দৰ অৰ্থ হ’ল খাচীয়া নৃত্য৷ খাচীয়াসকলৰ ৰীতি-নীতিৰ মাজেৰেই মৃতকৰ আত্মাৰ শ্ৰদ্ধাৰ অনুষ্ঠান নৃত্যসহ পালন কৰা হয় বাবেই এই উৎসৱৰ নাম চমাংকান। চমাংকান তিনিধৰণৰ— ‘কানফ্লাফা’, ‘লাকটুক’ আৰু ‘হাৰনে’। ‘কানফ্লাফা’ সাধাৰণ শ্ৰেণীৰ, ‘লাংটুক’ আৰু ‘হাৰ্নে’ উচ্চ শ্ৰেণীৰ চমাংকান। সামাজিক অনুমতি সাপেক্ষে এইদুই শ্ৰেণীৰ চমাংকান পতা হয়। এই উৎসৱ তিনিদিন ধৰি অনুষ্ঠিত কৰা হয়। প্রথম দিনটোক ‘ৰূ-কেহুম’ (মৃতকৰ অস্থি সংগ্ৰহৰ দিন) বোলে। সিদিনা হাতত ঢালতৰোৱাল লৈ গীত-নৃত্য কৰি শ্মশানৰ পৰা মৃতকৰ অস্থি আনি ধান খেৰেৰে সজা মৃতকৰ প্ৰতিকৃতিৰ ভিতৰত সযতনে থৈ দিয়ে আৰু উৎসৱ শেষ নোহোৱালৈকে বৰঘৰৰ কোঠালিত শুৱাই ৰখা হয়। উৎসৱৰ দ্বিতীয় দিনটোক ‘কানছ’ (সৰু নাচ) আৰু তৃতীয় দিনটোক ‘কানপি’ (বৰ নাচ) বোলে। এই উৎসৱত কাৰ্বি ডেকাগাভৰু, ল’ৰা-ছোৱালীসকলে নানা গীত-মাতেৰে ঢোলৰ ছেওত নৃত্য কৰি আনন্দ লভে। চমাংকান উৎসৱৰ শেষত ‘বান্জাৰ’ কেকু’ অনুষ্ঠানৰ মাধ্যমেৰে মৃত ব্যক্তিজনৰ পাৰ্থিৱ সংস্কাৰ কৰা হয় । বুটলি অনা অস্থি ‘তিপিত’ (পৈত্রিক বংশৰ শ্মশানবেদী)ত পুনৰ দাহ কৰি তাৰ কাষত ‘বান্জাৰ’ (যমপুৰীৰ অলংকৃত গৃহস্বৰূপ) সজাই চমাংকান উৎসৱৰ সামৰণি মাৰে। এই চমাংকান উৎসৱৰ মাজেৰে কাৰ্বিসকলৰ জাতীয় পৰম্পৰা, ঐতিহ্য আৰু লোক-সংস্কৃতি সুন্দৰকৈ প্ৰতিফলিত হয়। এই চমাংকানতে কাৰ্বিসকলে তেওঁলোকৰ মৃতদেহ সন্মানৰ অৰ্থে প্ৰস্তুত কৰা লাওপানী, ভাতআঞ্জা আদি দ্ৰব্যবোৰ মৃত ব্যক্তিসকললৈ আগবঢ়াই পাছত সকলোৱে লগ লাগি স্ফূৰ্তি-তামাচা কৰি আনন্দ মনেৰে খায় আৰু সমাজৰ মিলা-প্ৰীতিৰ এনাজৰীডাল দৃঢ় কৰি তোলে৷
উপাসিত দেৱগণ
ৰংকেৰ উৎসৱৰ ধৰ্মীয় লোকাচাৰত ১২ জন দেৱ-দেৱীৰ উপাসনা জড়িত হৈ আছে। তেওঁলোক হৈছে
- লঙৰি চাৰ্প’ (Longri sarpo): অতিথিসেৱক গাৱঁৰ গ্ৰাম্য-দেৱতা আৰু অধিষ্ঠাতা। লংৰি (Longri) (অৰ্থাৎ ৰাজ্য বা অধিক্ষেত্ৰত কল্যাণৰ বাবে এইগৰাকী দেৱতা দায়িত্বশীল)।
- হেম্ফু (Hemphu): কাৰ্বি জনবিশ্বাসত সৰ্বোচ্চ পাৰিবাৰিক দেৱতা।
- মুকৰং (Mukrang): হেম্ফুৰ পিছতেই দ্বিতীয় স্থানৰ অধিষ্ঠাতা দেৱতা।
- ৰাচিঞ্জা (Rasinja): পাৰিবাৰিক দেৱী।
- বামুণ (Bamun): স্থানীয় নিৰামাষাহাৰী দেৱতা।
- নিংডিং চাৰ্প’ (Ningding Sarpo): ধৈৰ্যৰ দেৱতা।
- ৰিত্-আংলং (Rit-Anglong): কৃষিকৰ্মৰ দায়িত্ববাহী দেৱতা।
- থান (Than): অৰণ্যবাসী স্থানীয় দেৱতা, তেওঁ বন্য জন্তু আৰু অনিষ্টকাৰী কীট-পতংগ ইত্যাদিৰ পৰা শস্য আৰু জনসমাজক ৰক্ষাৰ দায়িত্ববাহী।
- মূৰ্তি (Murti): মাটিৰ তলৰ কূপত বসবাস কৰা শিৰহীন পৰশ্ৰীকাতৰ অনিষ্টকাৰী প্ৰেত।
- আৰ্ল’ক (Arlock): দুটা পাহাৰৰ মাজৰ ভূমিভাগত বাস কৰা দেৱতা।
- কুথেপী (Kuthepi): কুথেপী ৰাজ্যক্ষেত্ৰ তত্ত্বাৱধানকাৰী দেৱতা।
- থেং (Theng): অৰণ্যবাসী দেৱতা যি জ্বৰ, বিষ, মূৰৰ বিষ, দাঁত-বিষ আৰু অন্যান্য শাৰিৰিক বিষ ইত্যাদিৰ উপশম কৰিব পাৰে।
উপাসনা থলীৰ সজ্জা
ৰংকেৰ উৎসৱ উদযাপন থলীৰ পূৱদিশত দেৱ-দেৱীগণক প্ৰতিস্থাপিত কৰা হয় আৰু এই সকলো বিগ্ৰহৰ বিপৰীতে মাটিৰে নিৰ্মিত ১০ টা বেদী স্থাপন কৰা হয়। এই বেদীসমূহ দক্ষিণ-উত্তৰ মুৱাকৈ এটা শাৰীত সজা হয় আৰু বেদীসমূহক দেৱ-দেৱীসমূহৰ নামেৰেই নামকৰণ কৰা হয়। বেদীৰ আকৃতি এইভাৱে স্থিৰ কৰা কৰা হয় যাতে প্ৰতি বিগ্ৰহ ইয়াত সুচাৰুৰূপে স্থাপিত হয়। কাৰ্বি ধৰ্মীয় লোকাচাৰত যদিও ১২ গৰাকী দেৱ-দেৱীৰ উপাসনা কৰা হয়, কিন্তু ৰংকেৰ উৎসৱৰ থলীত কেৱল ১০ টা বেদীহে স্থাপিত হয়। ইয়াৰ কাৰণ হৈছে যে হেম্ফু আৰু ৰাচিঞ্জাক ভাতৃ-ভগ্নী হিচাপে আৰু মুকৰঙক ৰাচিঞ্জাৰ পতি হিচাপে বিশ্বাস কৰা হয়। সেয়ে তেওঁলোকৰ তিনিজনৰ বাবে কেৱল এটা বেদীহে স্থাপন কৰা হয়।
ওপৰফালে চিচা আৰু তলৰফালে শকত এবিধ বিশেষ লাওৰ খোলা চাউলেৰে তৈয়াৰী সুৰাৰে ভৰ্তি কৰি প্ৰতিটো বেদীত ৰাখি সেই বেদীৰ দেৱতালৈ উৎসৰ্গা কৰা হয়। সুৰা ভৰ্তি লাওৰ খোলাকেইটাৰ ব্যতিৰেকে আন একো দ্ৰব্য বেদীসমূহত ৰখা নহয় যদিও নিংডিং চাৰ্পৰ বেদীত দুটূকুৰা সৰু বাঁহ থিয়কৈ প্ৰতিস্থাপিত কৰা হয়। ইয়াৰ লগতে, মূৰ্তিৰ বেদীত তুলসীৰ কেইটামান থালি আৰু কেইডালমান বাঁহৰ শলা পোতা হয়। সেইদৰেই আৰ্ল’কৰ বেদীত ফংৰঙ (দেৱপূজাত ব্যৱহৃত এবিধ বিশেষ গছ)-ৰ ডাল পোতা হয়।
আচাৰানুষ্ঠান
ৰংকেৰ উৎসৱ তিনিদিন ধৰি উদযাপিত হয়। গাওঁৰ সকলো অধিবাসীয়েই ধনে-জনে বৰঙণি আগবঢ়ায়। প্ৰতিৱেশী অঞ্চলৰ শুভাকাংক্ষীসকলৰ পৰা দান ইত্যাদিও সংগ্ৰহ কৰা হয়। উৎসৱৰ আচাৰানুষ্ঠান চাৰিটা মুখ্য অংশত বিভক্ত।:
চেদি (Sadi)
এই প্ৰক্ৰিয়াত উপাস্য দেৱগণক আমন্ত্ৰণ জনোৱা হয়।
কাৰ্কলি (Karkli)
এই অনুষ্ঠানত উপাস্য দেৱগণক দুই ধৰণেৰে স্তুতি কৰা হয়- কিব’-কাবা (Kibo-kaba), কৈয়া-আবিদা (Koia-abida) আৰু দেৱগণলৈ খাদ্যসম্ভাৰ উৎসৰ্গা; দেৱগণলৈ তামোল আৰু পান উৎসৰ্গা। এই অনুষ্ঠানত সকলো পুৰুষেই ভাগ লয় আৰু উৎসৱৰ মূল দিনৰ পুৱা তেওঁলোক সকলো প্ৰয়োজনীয় বয়-বস্তুৰে সৈতে আহি উপস্থিত হয়। উপাসনাৰ কৰ্ম সম্পাদন কৰা মূল ধৰ্মযাজকগৰাকীক কুৰুচাৰ নামে জনা যায়। ধৰ্মীয় আচাৰানুষ্ঠানত অভ্যস্ত আন কেইগৰাকীমান ব্যক্তিয়ে তেওঁক সহযোগিতা কৰে। তেওঁলোক হৈছে, গাওঁবুঢ়া, কাৰ্বি ৰাজপ্ৰতিনিধি, গাওঁৰ যুৱনেতা আৰু কেইগৰাকীমান বয়োজ্যেষ্ঠ গঞা। আচাৰানুষ্ঠান আৰম্ভ হোৱাৰ আগেয়ে স্নান কৰাটো অপৰিহাৰ্য নহয় যদিও তেওঁলোকক পৱিত্ৰ তুলসী পাতেৰে পানী ছটিয়াই বিশুদ্ধীকৰণকৰণ কৰা প্ৰয়োজন। নিৰামাষাহাৰী বামুণ নামৰ দেৱগৰাকীৰ বাহিৰে বাকী সকলো দেৱতাৰ প্ৰতি খাদ্যসম্ভাৰ-বলি ইত্যাদি উৎসৰ্গা কৰা হয়। তাৰ পিছতেই থেক্-কেৰে নামেৰে জনাজাত ধৰ্মধাৰীজনে বলি দিয়া জন্তুবিলাকৰ কলিজা আৰু অন্ত্ৰত ধৰি গাওঁখনৰ ভৱিষ্যদ্বাণী কৰে। আচাৰানুষ্ঠানৰ শেষত ৰাজহুৱা ভোজ হয়।
ৰংফু-ৰংলিং-কাঙথিন (Rongphu-Rongling-Kangthin)
এই অনুষ্ঠানবিশেষক আজ’-ৰংকেৰ (Ajo-Rongker) নামেৰেও জনা যায় আৰু উৎসৱৰ দ্বিতীয় নিশা পালিত হয়। অনিষ্টকাৰী প্ৰেতবোৰক নৃত্যৰ জৰিয়তে গাৱঁৰ নামনিৰ পৰা উজনিৰ দিশলৈ খেদি পথিওৱা হয়। গাৱঁৰ এটা মূৰত এটা বিশেষ বেদী প্ৰতিস্থাপিত কৰি আজ’-এংতৰ্পি (Ajo-Angtarpi) নামত কুকুৰা বলি দিয়া হয়।
লংহে ৰংকেৰ (Langhe Rongker)
এয়া হৈছে ৰংকেৰ উৎসৱৰ অন্তিম অংশ আৰু উৎসৱৰ তৃতীয় দিনা উদযাপিত হয়। সেইদিনা নৈৰ ঘাটত এটা বেদী প্ৰতিস্থাপত কৰি এটা মতা কুকুৰা ব্যাঘ্ৰ দেৱতা আৰ্নাম-তেকেৰ নামত বলি দিয়া হয়। ইয়াৰ জৰিয়তে বাঘৰ আক্ৰমণৰ গাৱঁৰ সুৰক্ষা কামনা কৰা হয়।।
চমাংকান সময়ত পালিত নিষেধনীতি
ৰংকেৰ কাছিৰদম উৎসৱ চলাকালীন সামাজিকভাৱে কিছুমান নিষেধনীতি মানি চলা হয়। এইবোৰৰ ভিতৰত হৈছে: [2]
- ধান বনা নিষেধ
- উৎসৱৰ মূল পূজাত মহিলাৰ অংশ্ৰগ্ৰহণ অগ্ৰহণীয়
- কোনো ব্যক্তি কোনো কৃষিকৰ্মত জড়িত হোৱা নিষেধ
- কোনো গঞাই গাওঁ এৰি ক’লৈকো যোৱা বাৰণ
চমাংকান উৎসৱৰ সৈতে জড়িত কাৰ্বি শব্দাৱলীৰ কিয়দংশ
- দুৱান (Duwan): বেদী
- হৰবং (Horbong): হৰলাং (চাউলেৰে তৈয়াৰী সুৰা) ৰাখিবৰ বাবে ব্যৱহৃত এক বিশেষ লাওৰ খোলা
- হৰচ’ (Horso): উপাস্য দেৱতালৈ উৎসৰ্গা কৰা প্ৰথম প্ৰস্তুত হৰলাং (চাউলৰ পৰা তৈয়াৰী সুৰা)
- কুৰুচাৰ (Kurusar): মুখ্য ধৰ্মযাজক
- দেউৰী, বাৰ্ৱা, থেক্-কেৰে (Deuri, Barwa, Thek-kere): ধৰ্মীয় উপাচাৰৰ বিশেষজ্ঞ
- বুৰ্তমান (Burtaman): কাৰ্বি ৰাজপ্ৰতিনিধি
- ৰং-এ’-চাৰ্থে (Rong-A-sarthe): গাওঁবুঢ়া
- ৰিচ’-বাচা (Riso Basa): গাওঁৰ যুৱনেতা
- আৰ্নাম-তেকে (Arnam-teke): ব্ৰ্যাঘ্ৰ দেৱতা
- আৰ (Aar): ঝুম কৃষি
চমাংকান উৎসৱৰ উদ্দেশ্যে
ইয়াৰ নৃত্য-গীতবোৰৰ একাংশত পোৱা যায় কাৰ্বি সমাজৰ আধ্যাত্মিক চিন্তা-চৰ্চা, ধ্যান-ধাৰণা আদি — যিবোৰক সাধাৰণতে স্তুতি গীত বুলি ক’ব পাৰি। সেইদৰে আন একাংশত পোৱা যায় কাৰ্বি ডেকা-গাভৰুহঁতৰ প্রেম-ভালপোৱা, জীৱন-যৌৱন আদিৰ সন্মোহনী ৰূপ— যাক পূৰ্ণাংগ অৰ্থত জীৱন-প্ৰেমৰ গীত বুলিব পাৰি। সাধাৰণতে চমাংকান উৎসৱত প্ৰথমতে মৃতকৰ উদ্দেশ্যে গোৱা স্তুতি গীতবোৰ পৰিৱেশন কৰিহে পাছলৈ কাৰ্বি ডেকা-গাভৰুহঁতে তেওঁলোকৰ জীৱনযৌৱনৰ, প্ৰেম-প্ৰীতিৰ সুমধুৰ গীতবোৰ গাই গাই আপোন পাহৰা হৈ নৃত্য কৰে। চমাংকান উৎসৱৰ মাজেৰে কাৰ্বিসকলৰ নিজস্ব প্রেম-ভালপোৱা, ৰীতি-নীতি, সমাজ-ব্যৱস্থা আদিৰ সুন্দৰ প্ৰতিচ্ছবি ফুটি উঠে।
You also read
References
- Something I collected from Wikipedia
Learning, Awareness and Education is the purpose of this Blog/Website.