দেৱালী, দিপাৱলী বা দ্বীপান্বিতা চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে। পােহৰৰ জৰিয়তে মানুহেজীয়াই থকাৰ প্রেৰণা বিচাৰে আৰু যি পােহৰৰ দ্বাৰা মানুহৰ হৃদয়ৰ কালিমা নাশ হয়, সেয়াই দেৱালী। শিশুৰ পৰা পৰা ডেকা বুঢ়ালৈকে সকলােৱে এই উৎসৱত বন্তি জুলাই চৌদিশ পােহৰাই তােলে। সেয়েহে এই সম্পর্কত উপনিষদতাে আছে তমসাে মা জ্যোতি গময়ঃ। মৃত্যু মা অমৃতং গময়ঃ’। অর্থাৎ হে ভগৱান আমাক আন্ধাৰৰ পৰা পােহৰলৈ নিয়া আৰু মৃত্যুৰ পৰা অমৰত্ব প্ৰদান কৰা। হিন্দু ধর্মালম্বী লােকসকলৰ অতি আকর্ষণীয় এই উৎসৱ কাতি মাহৰ কৃষ্ণা চতুদর্শী তিথিত উদ্যাপন কৰা হয়। এই উৎসৱত মানুহে মাটিৰ চাকি, মম আদি নিজ ঘৰ আৰু পদূলিত জ্বলাই পােহৰাই ৰাখে। অৱশ্যে বিংশ শতিকাৰ পৰা আতচবাজীৰ ব্যৱহাৰে পােহৰৰ উৎসৱটোক অধিক আকর্ষণীয় কৰি তুলিছে। দীপাৱলী উদ্যাপনৰ ইতিহাসৰ সৈতে কেইবাটাও কাহিনী বা লােকবিশ্বাস জড়িত হৈ আছে।

পালন কৰে | হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকল |
---|---|
প্ৰকাৰ | সাংস্কৃতিক, ধৰ্মীয় |
তাৰিখ | কাতি মাহৰ অমাবস্যা |
উদযাপন | পোহৰৰ উৎসৱ হিচাপে বন্তি প্ৰজ্বলন, আলোক সজ্জা আৰু বোমা-ফটকা ফুটুৱা, গৃহসজ্জা, ধৰ্মীয় অনুষ্ঠান |
সম্পৰ্কিত | গালুগান, বন্দী ছোড় দিৱস, তিহাৰ, স্বান্তী, চহৰাই, বান্দনা |
লোক বিশ্বাস অনুসৰি দীপান্বিতা হ’ল ভগৱান ৰামচন্দ্ৰই চৈধ্য বছৰ বনবাসৰ অন্তত ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰি যেতিয়া অযােধ্যাত প্রৱেশ কৰিছিল, তেতিয়া ৰামচন্দ্ৰৰ আগমনৰ আনন্দত সমগ্র অযােধ্যাবাসীয়ে ঘৰে ঘৰে বন্তি জ্বলাই চৌদিশ আলােকময় কৰি ৰামচন্দ্ৰক আদৰণি জনাইছিল। তেতিয়াৰ পৰাই এই পােহৰৰ উৎসৱ দীপান্বিতা সকলােৱে উদ্যাপন কৰি আহিছে বুলি বিশ্বাস কৰা হয়।

আনহাতে দীপান্বিতাৰ দিনা কালীপূজা উদ্যাপন কৰা হয়। কালী শব্দৰ অর্থহ’ল কাল অর্থাৎ অন্ধকাৰ। এইকাল সমস্ত ব্রহ্মাণ্ড ব্যাপি আছে। ইয়ে মহাকাল। কালিকা পুৰাণৰ মতে মহাকালী অর্থাৎ শিৱৰ পত্নী পার্বতীয়ে যেতিয়া অসুৰ বধ কৰি উগ্র ৰূপ ধৰি জীৱ মাত্রকে বধ কৰিবলৈ উদ্যত হয়, তেতিয়া শিৱই একো উপায় নাপাই পত্নীয়ে আৰু অথন্তৰ ঘটাব বুলি ভাবি পত্নীৰ গমনৰ পথত ওপৰমুৱাকৈ শুই পৰিল আৰু পার্বতীয়ে ৰণচণ্ডী ৰূপ ধৰি আহি শিৱৰ বুকুত ভৰি থােৱাত তেওঁ মহাকালীকে ধৰি দহগৰাকী দেৱীৰ ৰূপ লয়। সেইদিনাৰ পৰাই কলগ্রাসিনী, উগ্রমালী, চন্দেচৰী, কালিকাবদনী আদি নামেৰে জনা যায়।
যিদিনা পার্বতীয়ে এইরূপ লাভ কৰিছিল, সেইদিনটো আছিল কাতিমাহৰ অমাৱস্যা তিথি। লগতে কালী দেৱীৰ দেহৰ ৰঙো ক’লা ‘ আছিল। সেয়েহে সেইদিনা আন্ধাৰৰ বাবে চাকি-বন্তি জুলাই পােহৰ কৰা প্ৰথাৰ পৰা দীপান্বিতা উদ্যাপন কৰা হয়। তদুপৰি ভাৰতত যিটো দিনত দীপান্বিতা উদযাপন কৰা হয়, সেই দিনটোতে ঐশ্বর্য, সম্পদ আৰু ভাগ্যৰ উপাস্য দেৱী লক্ষ্মী ক্ষীৰ সমুদ্ৰৰ পৰা ওপজিছিল বুলি এক আখ্যান পােৱা যায়। অর্থাৎ এই দিনটোৱেই পৰৱৰ্তী সময়ত দীপান্বিতা হিচাপে উদ্যাপিত হৈ আহিছে। ইয়াৰ বাহিৰেও দ্বাপৰ যুগত প্ৰাগজ্যোতিষপুৰৰ অত্যাচাৰী শাসক নৰকাসুৰৰ অনৈতিক কার্যকলাপত বিতুষ্ট ভগৱান শ্রীকৃষ্ণই বধ কৰাৰ দিনটোকেই দীপাৱলী হিচাপে উদ্যাপন কৰা হয় কোনাে কোনাে পণ্ডিতে কয়।

ভাৰতৰ উপৰি ইংলেণ্ড, নিউজিলেণ্ড, নেদাৰলেণ্ড, কানাডা, কেনিয়া, মৰিচাছ, জাপান, ফিজি, ইণ্ডোনেছিয়া, মালয়ে িছয়া, ম্যানমাৰ, নেপাল, ছিংগাপুৰ, শ্রীলংকা, দক্ষিণ আফ্রিকা, টাঞ্জানিয়া, জামাইক, থাইলেণ্ড, ট্রিনিদাদ এণ্ড টবেগাে, চুৰিনাম আদি বিদেশী ৰাষ্ট্ৰতাে এই দীপাৱলী উদ্যাপন কৰা হয়। দীপান্বিতা হ’ল পােহৰৰ দিৱস। এই পােহৰৰদ্বাৰা হৃদয়ৰ দুখ দূৰ কৰি অনাগত সময়ত সুখৰ সন্ধান কৰাই হ’ল দীপান্বিতাৰ মূলমন্ত্র।