December 3, 2024

Durga Puja in Assamese। দুৰ্গা পূজা

Durga Puja in Assamese

দুৰ্গা পূজা History of Durga Puja in Assamese

হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম ত্ৰিপুৰা বিহাৰ ঝাৰখাণ্ড আৰু উৰিষ্যাত দুৰ্গাপূজা সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষনা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দু সকলেও দুৰ্গা পূজা পালন কৰে।

সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয়। আৰু পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয়। Durga Puja in Assamese

অন্য নামশাৰদোৎসৱ, বিজয়া দশমী, দশেৰা
পালন কৰেহিন্দু সম্প্ৰদায়ে
প্ৰকাৰহিন্দু উৎসৱ
(প্ৰধানত পশ্চিমবংগ, অসম আৰু বিহাৰত উদযাপন কৰা হয়)
আৰম্ভ হয়সাধাৰণতে মহা ষষ্ঠীত (ক্ষেত্ৰ বিশেষে কুলাচাৰ অনুসৰি, ভাদৰ কৃষ্ণাষ্টমী বা মহালয়া)
শেষ হয়বিজয়া দশমী
তাৰিখআহিনৰ শুক্ল পক্ষ অথবা চ’তৰ শুক্ল পক্ষ
উদযাপনপ্ৰথা অনুসাৰে পালন কৰা হয়, দহ বা পাঁচ দিন
সম্পৰ্কিতমহালয়া, দশেৰা, জগদ্ধাত্ৰী পূজা

আৰম্ভণি

দেৱতাৰ বাসভূমি ভাৰতত মানুহৰ আশা-আকাংক্ষা, কামনা বাসনা পূৰণৰ কাৰণে দেৱ-দেৱীক পূজা উপাসনা কৰা, দেৱ-দেৱীৰ আশীর্বাদ লাভ কৰিবৰ কাৰণে মহা তপস্যাত ব্ৰতী হােৱাৰ উদাহৰণ অক্ষয় অপাৰ। দুর্গাদেৱী শক্তিৰ অধিষ্ঠাত্রী দেৱীৰূপে যুগে যুগে এক শ্ৰেণীৰ ভক্তৰ দ্বাৰা পূজিতা হৈ আহিছে। বর্তমান যুগত দুর্গাপূজা বংগদেশৰ জাতীয় উৎসৱৰূপে পৰিগণিত হৈছে। সেইবাবে এই পূজা বংগদেশত ব্যাপক আৰু সার্বজনীনভাৱে মহাসমাৰােহেৰে অনুষ্ঠিত হৈ আহিছে। আমাৰ ব’হাগ বিহুৰ যি আনন্দ-উচ্ছ্বাস, উলহ মালহ, প্রীতি আৰু মিলনৰ মধুৰ সমাবেশ,অপৰিমেয় উৎসাহ-উদ্দীপনাৰ স্বতঃস্ফুর্ত আৰু জীৱন্ত প্রকাশ, সেইসকলােখিনিয়েই দুর্গাপূজাৰ ক্ষেত্ৰতাে প্রযােজ্য। জাতীয় উৎসৱৰ যােগেদি একোটা জাতিৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, দৈনন্দিন জীৱনৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, জীৱনৰ ব্যথা-বেদনা, সুখ-দুখ আদি পৰিহাৰ কৰি মনৰ কলুষ কালিমা, সংকীর্ণতা আতৰাই মানুহে জাতীয় বৃহৎ কল্যাণৰ উদ্দেশ্যেৰে জাতীয় উৎসৱসমূহত মিলিত হয়।

অতীত ইতিহাস History of Durga Puja in Assamese

বছৰৰ যিকেইটা ঋতুৱে প্রাকৃতিক জগতক ৰং ৰূপহেৰে সজাই-পৰাইমনােৰম আৰু মােহনীয় কৰি তােলে, পৃথিৱীলৈ অপাৰ সৌন্দর্য কঢ়িয়াই আনি জীৱ জগৎ, জড়জগত সকলােতে আনন্দ, ৰঙৰ মেলা পাতি জগত জোনালীময় কৰি তােলে, সেই শৰৎ আৰু বসন্ত ঋতুতেই দুর্গাপূজা অনুষ্ঠিত হয়। পুৰাণৰ মতে গিৰিৰাজ হিমালয়ৰ ঔৰসত মেনকাদেৱীৰ গৰ্ভত দুর্গাদেৱীৰ জন্ম হয়। দেৱাদিদেৱ মহাদেৱ দুর্গাদেৱীৰ স্বামী। দুর্গাদেৱী ৰণচণ্ডী, কালী, কাপালী, নৃমুণ্ডমালিনী আদি বিভিন্ন নামে অভিহিতা। সত্যযুগত সুৰথ নামৰ এজন ৰজাই শত্ৰুৰ হাতত পৰাস্ত হৈ ৰাজ্য হেৰুৱাই মেধস মুনিৰ আশ্ৰমত গৈ মুনিৰ শৰণাপন্ন হয়। মুনিৰ পৰামর্শ মতেই সুৰথৰজাই মধুময় বসন্তৰ পৰিৱেশত সর্বপ্রথম দুর্গাপূজা অনুষ্ঠিত কৰি দেৱীৰ প্ৰসাদ লভি শত্রুক পৰাভূত কৰে আৰু হৃত ৰাজ্য উদ্ধাৰ কৰে। বসন্তকালত অনুষ্ঠিত হােৱাৰ বাবে সেই পূজা বাসন্তী পূজা নামে অভিহিত হয়।

কৃত্তিৱাসী ৰামায়ণৰ মতে ত্রেতাযুগৰ শ্ৰীৰামচন্দ্ৰই ৰাৱণক বধ কৰিবলৈ শক্তি লাভৰ কাৰণে অকালতে শৰৎকালত দুর্গাদেৱীৰ পূজাৰ আয়ােজন কৰে। সেই সময়ৰ প্ৰচলিত বিধিৰ ব্যতিক্রম ঘটাই ৰামচন্দ্ৰইঅকালতে দেৱীক আহ্বান জনােৱাৰ বাবে ৰামচন্দ্ৰইঅনুষ্ঠিত কৰা শাৰদীয় পূজাকে অকালবােধন বুলি কোৱা হয়। অৱশ্যে বাল্মীকি ৰামায়ণত ৰামচন্দ্রই পতা দুর্গাপূজাৰ কোনাে উল্লেখ নাই। তথাপি সেইদিন ধৰি বঙালীসকলে শাৰদীয় অনুষ্ঠানকেই দুর্গা আৰাধনাৰ অনুষ্ঠান হিচাপে পৰিগণিত কৰি আহিছে। বংগদেশত প্রায় চাৰে তিনিশ বছৰৰ আগতে তাৰেপুৰৰ ৰজা কংশ নাৰায়ণে সর্বপ্রথমে দুর্গাপূজা অনুষ্ঠিত কৰিছিল বুলি প্রবাদ আছে।

অন্তর্নিহিত অর্থ Meaning of Durga Puja in Assamese

দুর্গাদেৱী দশভুজা। দশ হস্তে দহ পাত শাণিত অস্ত্র, সিংহৰ পিঠিত আৰহণ কৰি তেওঁ পৰম পৰাক্ৰমী মহিষাসুৰক নিধন কৰিবৰ কাৰণে উদ্যতা। তেওঁৰ সাে কাষত ঐশ্বর্য বিভূতিৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ,বাও কাষত বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সর্বশুক্লা আই সৰস্বতী আৰু বীর্যৱান দেৱতাসকলৰ সেনাপতি কার্তিক। একেখন বেদীতে এইসকল দেৱ-দেৱীৰ স্থাপনত এক বিশেষ অর্থ নিহিত আছে। অসুৰ জগতৰ সকলাে অশুভ শক্তিৰ প্রতীক। এই অশুভ শক্তিয়ে দশােদিশৰপৰা মানুহক আক্রমণ কৰি জীৱন দুর্বিষহকৰি তােলে, জগতত দুর্যোগৰ সৃষ্টি কৰে। জগতৰ আদ্যাশক্তি দুর্গাইদহহস্তে দহ অস্ত্র লৈ দশােদিশৰ এইমহাবীর্যৱন্ত অসুৰৰূপী অশুভ শক্তিক দমন কৰি, নির্মুল কৰি ঐশ্বর্যবিভূতি, শিক্ষা দীক্ষাৰে জগত জোনালী-সােণালী কৰি বিশ্ববাসীৰ মাজত মহাশান্তি প্রতিষ্ঠা কৰিব।

পূজাৰ সময় আৰু অনুষ্ঠান Timing of Durga Puja in Assamese

আহিন মাহৰ শুক্লা ষষ্ঠী তিথিত (এই তিথি কোনাে কোনাে বছৰত কাতি মাহতাে পৰেগৈ) দেৱীৰ বােধন কাৰ্য আৰম্ভ কৰি আৱাহন আৰু অধিবাস কার্য সম্পন্ন কৰে। সপ্তমী, অষ্টমী আৰু নৱমী এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰােহিতৰ পৰিচালনাত ষােড়শােপচাৰে দেৱীক পূজা কৰি ভক্তি অঞ্জলি প্রদান কৰে। অষ্টমী আৰুনৱমী তিথিৰ সন্ধিক্ষণত যি বিশেষ পূজা অনুষ্ঠিত হয়, তাক সন্ধি পূজা বােলে। দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰ সকলাে কাম সমাপ্ত হয় আৰু দেৱীক বিসর্জন দিয়া হয়।নানা বাদ্য-ভাণ্ডাৰে শােভাযাত্রা কৰি কোনাে নদীত বা জলাশয়ত প্রতিমা উটুৱাই দিয়া হয়।

পূজাৰ এইপৱিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হােমৰ গন্ধই, ডবা,কাহ, শংখ,ঘণ্টাৰ সন্মিলিত সময়ে মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পৱিত্ৰতা সানি দিয়েহি।হিংসা, দ্বেষ,কপটতা বিসর্জন দিভক্তসকলে দেৱীৰ চৰণত মূৰদোৱাই শক্তি, বিদ্যা বুদ্ধি, ঐশ্বর্যবিভূতি কামনা কৰে। মানুহেৰে উদুলি-মুদুলি পূজামণ্ডপ যেন বৈকুণ্ঠধামত পৰিণত হয়। ভাওনা, থিয়েটাৰ আদিয়ে পূজাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

বিজয়া

দেৱী বিসর্জনৰ পাছত পুৰােহিতৰ দেহ-মন ক্লান্তিৰে ভৰি পৰে; মন আচ্ছন্ন হৈ যায়। ভক্তসকলৰ অন্তৰতাে, দেৱী-বিসর্জনৰ বিচ্ছেদে বিষাদৰ সৃষ্টি কৰে। বঙালীসকলে আত্মীয়স্বজনৰ সৈতে হােলিংগন কৰি পৰস্পৰক শ্রদ্ধা, ভক্তি আৰু শুভেচ্ছা নিবেদন কৰে। এই অনুষ্ঠানটি বিজয়া নামে জনাজাত।

জাতীয় উৎসৱ

দুর্গাপূজা প্রকৃতপক্ষে এটি ধর্মীয় অনুষ্ঠান। কিন্তু বর্তমান সময়ত সকলাে শ্ৰেণীৰ হিন্দুৱেই সহযােগিতা কৰাৰ ফলত ই এক উদাৰ সামাজিক অনুষ্ঠানত পৰিণত হৈছে। মানুহৰ মিলনৰ মহা-মহােৎসৱে ইয়াৰ পৰিসৰ এনে ব্যাপক কৰি তুলিছে যে ইয়াক সমূহীয়া জাতীয় উৎসৱ হিচাপে গণ্য কব্বি পৰা যায়।অসমৰ বিভিন্ন ঠাইত উলহ-মালহেৰে দুর্গাপূজা অনুষ্ঠিত হয়।

তাৎপর্য

দুর্গাপূজা চাৰিদিনতে সমাপ্ত হয়; তাতকৈ বেছিদিন পূজা নহয়।ইয়াৰ এটা অন্তর্নিহিত লৌকিক কাহিনী বঙালীসকলৰ মাজত প্ৰচলিত আছে। হিমালয়ৰ কন্যা উমাই (দুর্গাই) বিবাহৰ বহু বছৰৰ পাছত পুত্রকন্যা সমন্বিতে মাত্র তিনিদিনৰ বাবেহে পতি-গৃহৰপৰা পিতৃগৃহলৈ আহিছিল আৰু মাতৃ-মেনকাক কন্দুৱাই চতুর্থদিনাই পুনৰ পতি-গৃহলৈ গমন কৰিছিল। সেইবাবেই পূজাৰ চতুর্থ দিনা দেৱীৰ বিসর্জন হয়।বঙালীসকলৰ পাৰ্বিাৰিক জীৱনতাে এই কাহিনীৰ সামঞ্জস্য তেওঁলােকে দেখিবলৈ পায়। বিবাহিতা কন্যাৰ পিতৃ-গৃহলৈ আগমনত অন্যান্যসকলৰ লগতে মাতৃৰ অন্তৰ আনন্দত উদ্বেলিত হৈ উঠে। সেইদৰে স্বামী-গৃহলৈ প্রত্যাগমনৰ দিনা বিদায়বেলাত মাতৃৰ অন্তৰেই আটাইতকৈ বেদনাসিক্ত হৈ পৰে; অঞনীৰে বেদনা-সাগৰ পূৰ্ণ হৈ যায়;এইসাদৃশ্যই, সামঞ্জস্যই দুর্গাপূজাক বঙালীসকলৰ অতি দৰদৰ, অতি মৰমৰ প্ৰাণৰ আপােন কৰি তুলিছে। Durga Puja in Assamese

মিলন উৎসৱ

দুর্গাপূজা বঙালীসকলৰ পাৰিবাৰিক জীৱনত মিলনৰাে উৎসৱ বুলি ক’ব পাৰি। সুদীর্ঘ প্রবাসী জীৱন যাপনৰ পাছত পূজাৰ সময়ত ভাই-ককাই, বাই-ভনী, আত্মীয়-স্বজন ঘৰলৈ ফিৰি আহি মাতৃৰ স্নেহৰ স্নেহময়ী কোলাৰ আচলত জিৰণি লৈ হিয়া শাত পেলায়। অতদিনে উৰুঙা-উৰুঙা, ৰিঙা-ৰিঙা লগা ঘৰখন আনন্দমুখৰ হৈ উঠে। পিতৃ-মাতৃৰ অন্তৰ আনন্দত গৰৱত নাচি উঠে। সেয়েহে ই মিলনৰাে উৎসৱ।

পৌৰাণিক উপাখ্যান

ব্ৰহ্মবৈবৰ্ত পুৰাণ

ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গা পূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ। দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়। কোৱা উচিত হ’ব যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই

দেৱী ভাগৱত পুৰাণ

দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তী নিৰ্মাণ কৰি আৰাধনা কৰে। আৰু এই সময় খিনিত তেওঁ তিনি বাগ্ভব বীজ জপ কৰে লগতে আহাৰ আৰু শ্বাস গ্ৰহণ পৰিত্যাগ কৰি বছৰ বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে। আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিলে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওক। মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছোঁ। বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা।

মূৰ্তি সমূহ

দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। এই মূৰ্তি সমূহৰ মধ্য স্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক। কলিকতাত পোন প্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল।

দুৰ্গা

‘দ’-আখৰে দৈত্য নাশ, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা। দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে। আই দুৰ্গা দেৱীৰ ৰূপ ন বিধ। শাস্ত্ৰত বৰ্ণনা কৰা মতে সেইবোৰৰ নাম আৰু বৈশিষ্ট্য হ’ল –

১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী।

১.“শৈলপুত্ৰী” :

মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত। পৰ্ব্বত ৰাজ হিমালয়ৰ তাত পুত্ৰী ৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্ৰী” নাম হৈছিল। বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁ হাতত শূল আৰু বাওঁহাতত কমল পুষ্প সুশোভিত। ন-গৰাকী দুৰ্গাৰ মাজত এখেত হ’ল প্ৰথম দুৰ্গা। ইয়াৰ পূৰ্ব জন্মত এখেতে প্ৰজাপতি দক্ষৰ কন্যা ৰূপে জন্ম গ্ৰহণ কৰিছিল। তেতিয়া এখেতৰ নাম আছিল “সতী”। ভগৱান শংকৰৰ সৈতে এখেতৰ বিবাহ হৈছিল। কিন্তু প্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল। এবাৰ প্ৰজা পতি দক্ষই বৰ ডাঙৰকৈ এটা যজ্ঞ অনুষ্ঠিত কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰিত নকৰিলে। পিছে সতীৰ প্ৰবল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিলে। পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত, চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাবহে পৰিপূৰ্ণ। নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল। তেওঁ তৎক্ষণাত তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে। যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পিছত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰী ৰূপে পৰৱৰ্তী জন্ম গ্ৰহণ কৰিলে। তেওঁ তেতিয়া “শৈলপুত্ৰী”নামেৰে জনাজাত হ’ল। ‘পাৰ্বতী’, ‘হৈমৱতী’ও তেখেতৰে নাম। উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতা সকলৰ দৰ্প চূৰ্ণ কৰিছিল। ‘শৈলপুত্ৰী’ৰ বিবাহো ভগৱান শংকৰৰ সৈতেহে হৈছিল। ন-গৰাকী দুৰ্গাৰ মাজত প্ৰথম ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত। নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয়।

২.“ব্ৰহ্মচাৰিণী” :

মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ৰ। ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। “বেদস্তত্ত্ব তপো ব্ৰহ্ম। ” এই ব্ৰহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভব্য। এখেতৰ সোঁহাতত জপ মালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান। হিমালয়ৰ তাত পুত্ৰী ৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মতো নাৰদৰ উপদেশ মতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেখেতে অতি প্ৰচণ্ড তপস্যা কৰিছিল। তেনে দুষ্কৰ তপস্যা কৰা বাবেহে তেখেতক “তপচাৰিণী” বা “ব্ৰহ্মচাৰিণী” নামেৰে অভিহিত কৰা হৈছিল। মা-দুৰ্গাৰ এই দ্বিতীয় স্বৰূপটো ভক্ত আৰু সিদ্ধ সকলৰ অনন্ত ফলপ্ৰদ। ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃদ্ধি পায়। জীৱনৰ কঠিন সংঘাত বোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয়। দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয়।

৩.“চন্দ্ৰঘণ্টা”:

মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা’। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা এখেতৰে বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয়। এখেতৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী। এখেতৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্ৰ থাকে। সেইকাৰণে তেখেতক ‘চন্দ্ৰঘণ্টা দেৱী’ বোলা হয়। এখেতৰ শৰীৰৰ বৰণ সূবৰ্ণৰ দৰে উজ্জ্বল। এখেত দশভুজা। এই দহোখন হাত খড়্গ আদি শস্ত্ৰৰেৰে আৰু বাণ আদি অস্ত্ৰৰেৰে বিভূষিত। এখেতৰ বাহন হ’ল সিংহ। যুদ্ধৰ বাবে সদায় সাজু হৈ থকা এখেতৰ ভাৱ-মুদ্ৰা! ঘণ্টাৰ নিচিনা এখেতৰ প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্ৰকম্পিত হৈ থাকে। নৱৰাত্ৰিৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ত্ব অত্যধিক।

৪.“কূষ্মাণ্ডা”:

মা দুৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল কূষ্মাণ্ডা। নিজৰ মৃদু–মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড উৎপন্ন কৰা হেতুকে তেখেতক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে। সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল, চাৰিওপিনে অন্ধকাৰ, কেৱল অন্ধকাৰ হে পৰিব্যাপ্ত হৈ আছিল, তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্ৰহ্মাণ্ড ৰচনা কৰিছিল। গতিকে এখেত হে হ’ল সৃষ্টিৰ আদি স্বৰূপা, আদি শক্তি। এখেতৰ আঠখন হাত থকা বাবে এখেত অষ্টভুজা দেৱী নামেৰেও বিখ্যাত। এখেতৰ সাতোখন হাতত আছে ক্ৰমে কমণ্ডলু, ধেনু, কাঁড়, কমল পুষ্প, অমৃত পূৰ্ণ কলহ, চক্ৰ আৰু গদা। সকলো সিদ্ধি আৰু নিধি প্ৰদান কৰোঁতা জপ মালা থাকে এখেতৰ বাওঁহাতত। এখেতৰ বাহন হ’ল সিংহ। সংস্কৃত ভাষাত কূষ্মাণ্ডৰ অৰ্থ হ’ল কোমোৰা। বলি সমূহৰ ভিতৰত কোমোৰা-বলি এখেতৰ আটাইতকৈ প্ৰিয়। নৱৰাত্ৰিৰ চতুৰ্থ দিনত এই কূষ্মাণ্ডা দেৱীৰ স্বৰূপৰ উপাসনা কৰা হয়।

.“স্কন্দমাতা”:

মাতৃ দুৰ্গাদেৱীৰ পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। ভগৱান স্কন্দ ‘কুমাৰ কাৰ্তিকেয়’ নামেৰেও জনাজাত। প্ৰসিদ্ধ দেৱা সুৰ সংগ্ৰামত এখেত দেৱ–সেনাপতি হৈছিল। পুৰাণ বোৰত ‘কুমাৰ’ আৰু ‘শক্তি ধৰ’ আখ্যা দি এখেতৰ মহিমা বৰ্ণোৱা হৈছে। এখেতৰ বাহন হ’ল, ‘ময়ূৰ’ বা ম’ৰা চৰাই। সেইকাৰণে ‘ময়ূৰ-বাহন’ নামেৰেও অভিহিত। এই ভগৱান স্কন্দৰ মাতৃ হোৱা বাবে মা দুৰ্গাদেৱীৰ উক্ত পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। এখেতৰ উপাসনা নৱৰাত্ৰি পূজাৰ পঞ্চম দিনা অনুষ্ঠিত হয়। ভগৱান স্কন্দ শিশু ৰূপে কোলাত বহি থকাটো এখেতৰ বিগ্ৰহত দৰ্শিত হয়। স্কন্দমাতৃস্বৰূপিণী দেৱী চতুৰ্ভুজা।

.“কাত্যায়নী” :

মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল, “কাত্যয়নী”। এখেতৰ নাম ‘কাত্যায়নী’ হোৱাৰ আখ্যানটো হ’ল এনে ধৰণৰ— ‘কত’ নামৰ এজন প্ৰসিদ্ধ মহৰ্ষি আছিল। তেওঁৰ পুত্ৰ হ’ল, ঋষি কাত্য। এই কাত্য গোত্ৰত বিশ্বপ্ৰসিদ্ধ মহৰ্ষি কাত্যায়ন উৎপন্ন হৈছিল। ভগৱতৰ উপাসনাত বহু বছৰ ব্যাপী তেওঁ বৰ কঠিন তপস্যা কৰিছিল। “আই ভগৱতী তেওঁৰ কোলাত পুত্ৰী ৰূপে জন্ম লওক” -তেওঁৰ মনোকামনা এয়ে আছিল। আই ভগৱতীয়ে তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছিল। কিছু কালৰ পিছত পৃথিৱীত দানৱ মহিষাসুৰৰ অত্যাচাৰ বৰকৈ বাঢ়ি যোৱাত, ভগৱান বিষ্ণু, ব্ৰহ্মা আৰু মহেশ্বৰ এই তিনিও গৰাকীয়ে নিজ-নিজ তেজৰ অংশ প্ৰদান কৰি মহিষাসুৰ বিনাশ হেতু এগৰাকী দেৱীক উৎপন্ন কৰিলে। মহৰ্ষি কাত্যায়নে সৰ্ব প্ৰথমে এই দেৱীৰ পূজা-অৰ্চনা কৰিছিল। তাৰ বাবে এখেতে ‘কাত্যায়নী’ আখ্যা পালে। মহৰ্ষি কাত্যায়নৰ তাত পুত্ৰী ৰূপেও এখেত উপজিল বুলি আখ্যানো আছে। আহিন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত জন্ম গ্ৰহণ কৰি, শুক্ল পক্ষৰ সপ্তমী, অষ্টমী আৰু নৱমী লৈ তিনিদিন তেখেতে কাত্যায়ন ঋষিৰ পূজা গ্ৰহণ কৰি দশমী তিথিৰ দিনা মহিষাসুৰক বধ কৰিছিল। দুৰ্গাপূজাৰ ষষ্ঠ দিনাখন এখেতৰ স্বৰূপৰ উপাসনা কৰা হয়।

৭.“কালৰাত্ৰি”:

মা দুৰ্গাৰ সপ্তম শক্তি ‘কালৰাত্ৰি’ ৰূপে জনাজাত। এখেতৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰৰ নিচিনা সম্পূৰ্ণৰূপে ক’লা। মূৰৰ চুলিবোৰ অবিন্যস্ত। গলত বিদ্যুতৰ দৰে জিলিকি থাকে মালা ধাৰি। এখেত ত্ৰিনেত্ৰা, তিনিওটা চকু ব্ৰহ্মাণ্ডৰ নিচিনা ঘূৰণীয়া। সেইবোৰৰ পৰা বিদ্যুতৰ নিচিনা উজ্জ্বল ৰশ্মি বিকিৰিত হৈ থাকে। এখেতৰ নাসিকাৰ উশাহ-নিশাহৰ পৰা ভয়ংকৰ প্ৰচণ্ড অগ্নি শিখা বোৰ ওলাই থাকে। এখেতৰ বাহন হ’ল গৰ্দভ অৰ্থাৎ গাধ। আই ‘কালৰাত্ৰি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ কিন্তু তেখেতে সদায় শুভ ফল হে প্ৰদান কৰে। তাৰ কাৰণে এখেতৰ এটা নাম হ’ল ‘শুভঙ্কৰী’। গতিকে ভক্ত সকলে মাতৃ কালৰাত্ৰিৰ স্বৰূপ দেখি ভয়ভীত বা আতংকিত হব নালাগে। দুৰ্গাপূজাৰ সপ্তম দিনা আই কালৰাত্ৰিৰ উপাসনাৰ বিধান আছে।

৮.“মহাগৌৰী”:

মা দুৰ্গাদেৱীৰ অষ্টম শক্তিৰ নাম হ’ল ‘মহাগৌৰী’। এখেত সম্পূৰ্ণৰূপে গৌৰ বৰ্ণা। এই গৌৰ বৰণৰ গৌৰতাৰ উপমা শংখ, চন্দ্ৰ আৰু কুন্দ ফুলৰ সৈতে দিয়া হয়। মান্যতা অনুসৰি এখেত হ’ল আঠ বছৰীয়া। এখেতৰ সকলো বস্ত্ৰ আৰু আ-অলঙ্কাৰো শ্বেত বৰ্ণৰ। নিজৰ পৰৱৰ্তী ৰূপত এখেতে ভগৱান শিৱক পতি ৰূপে পাবলৈ বৰ কঠোৰ তপস্যা কৰিছিল। এনে কঠোৰ তপস্যা কৰা হেতু এখেতৰ বৰণ সম্পূৰ্ণৰূপে ক’লা পৰি গ’ল। এখেতৰ তপস্যাত প্ৰসন্ন আৰু সন্তুষ্ট হৈ যেতিয়া ভগৱান শিৱই এখেতৰ শৰীৰক ঘঁহি-ঘঁহি গংগাৰ পবিত্ৰ পানীৰে গা ধুৱালে, তেতিয়া তেখেতৰ শৰীৰ বিদ্যুত প্ৰভাৰ নিচিনা অতি কান্তি মান গৌৰ হৈ উঠিল। তেতিয়াৰ পৰা এখেতৰ নাম ‘মহাগৌৰী’ হ’ল। দুৰ্গাপূজাৰ অষ্টম দিনা ‘মহাগৌৰী’ৰ উপাসনাৰ বিধান আছে।

৯.“সিদ্ধিদাত্ৰী”:

মা দুৰ্গাদেৱীৰ নৱম শক্তিৰ নাম হ’ল,- ‘সিদ্ধিদাত্ৰী’। এখেতে সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। মাৰ্কণ্ডেয় পুৰাণৰ মতে অণিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ঈশিত্ব আৰু ৱশিত্ব-সিদ্ধি এই আঠ বিধ। ব্ৰহ্মবৈবৰ্ত পুৰাণৰ শ্ৰীকৃষ্ণ জন্ম খণ্ডত এনে সিদ্ধিৰ সংখ্যা ওঠৰ বুলি কোৱা হৈছে। সেইবোৰৰ নাম-

১.অণিমা, ২.লঘিমা, ৩.প্ৰাপ্তি, ৪.প্ৰাকা্ম্য, ৫.মহিমা, ৬.ঈশিত্ব, ৭.সৰ্ৱকামাৱসায়িতা, ৮.সৰ্বজ্ঞত্ব, ৯.দূৰ শ্ৰৱণ, ১০.পৰকায়প্ৰৱেশন, ১১.বাক্ সিদ্ধি, ১২.কল্পবৃক্ষত্ব, ১৩.সৃষ্টি, ১৪.সংহাৰ কৰণ সামৰ্থ্য, ১৫.অমৰত্ব, ১৬.সৰ্ব নায়কত্ব, ১৭.ভাৱনা আৰু ১৮.সিদ্ধি।

ভক্ত আৰু সাধক সকলক আই সিদ্ধিদাত্ৰীয়ে উক্ত সকলো ধৰণৰ সিদ্ধি প্ৰদান কৰিবলৈ সমৰ্থ। দেৱী পুৰাণৰ মতে এখেতৰে কৃপাত ভগৱান শিৱই এইবোৰ সিদ্ধি লাভ কৰিছিল। এখেতৰে অনুকম্পাত ভগৱান শিৱৰ অৰ্ধ শৰীৰ দেৱীৰ হৈছিল আৰু তাৰে বাবে তেওঁ অৰ্ধ নাৰীশ্বৰ নামেৰে বিশ্ব প্ৰসিদ্ধ হৈছিল। আই সিদ্ধিদাত্ৰী চতুৰ্ভুজা। বাহন হ’ল সিংহ। নৱ দুৰ্গাৰ মাজত আই সিদ্ধিদাত্ৰী হ’ল অন্তিম। অন্য অষ্ট দুৰ্গাৰ পূজা-উপাসনা শাস্ত্ৰীয় বিধি-বিধানেৰে কৰাৰ পিছত ভক্তই দুৰ্গা পূজাৰ নৱম দিনা এখেতৰ উপাসনাত প্ৰবৃত্ত হয়। এই সিদ্ধিদাত্ৰী আইৰ উপাসনা পূৰ্ণ হোৱাত ভক্ত আৰু সাধকৰ সকলো বিধ মনোকামনা পূৰণ হৈ যায়।

You can read also

References

  1. I collected from Wikipedia
  2. Something i collected from Rosona Bichtra by Darmosing Deka

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *