March 3, 2021

About of Paglartek Shiva Mandir in Assamese

Paglartek Shiva Mandir Gate

বৰভিটা গাওঁৰ ইতিবৃত্ত

     গোৱালপাৰাৰ পৰা প্রায় ১৫ কিঃমিঃ পশ্চিমত ব্রহ্মপুত্র নদীৰ দক্ষীণ পাৰত অৱস্থিত পাগলাৰটেক শিৱ মন্দিৰ অন্যতম । পাগলাৰটেক মন্দিৰৰ দুই কিঃমিঃ ঠাইলৈকে আগুৰি থকা গাওঁখনেই হৈছে বৰভিটা গাওঁ । এই গাওৰ মানুহখিনি মানৰ তৃতীয় আক্রমণৰ সময়ত উজনি অসমৰ পৰা পলাই আহিছিল । মানসকলেও এই মানুহখিনিক পিছে পিছে খেদি আহিছিল । সেই সময়ত বৰ্ত্তমান বৰিভিটা অঞ্চলটো ঘন জংগলেৰে ভৰপুৰ আছিল । মানৰ সৈন্যৰ ভয়ত মানুহখিনি এই জংগলৰ মাজত আশ্ৰয় লৈছিল । মান সকলে মানুহখিনিক খেদি আহি ছত্ৰপুৰ পাহাৰৰ পৰা নামি অহা দাৰাৰ কাষলৈ আহি মানুহখিনিক নাপাই উভতি যায় যাৰ কাৰণে এই দাৰাটোক মানেহেলা দাৰা বুলি কোৱা হয় । উল্লেখিত সেই সময়ৰ মানেহেলা দাৰাটো বর্তমান গড়কাপ্তানী পছটোৰ ওপৰত সৰু এটা কালভার্টত পৰিনত হৈছে । কালভার্টটো এম , ভি , স্কুলখনৰ প্রায় সন্মুখতেই আছে About of Paglartek Shiva Mandir in Assamese

মানসকলে উভতি যোৱাৰ পিছৰ পৰা এই ভগনীয়া মানুহখিনি এই অঞ্চলটোত স্থায়ী থকাৰ সিদ্ধান্ত লয় । কিন্তু এই অঞ্চলটো আছিল বৰ দ অঞ্চল সেই কাৰণে এই ভগনীয়া মানুহখিনিয়ে বৰ ভিটা বান্ধি ঘৰ সাজি থাকিবলৈ লয় । তেতিয়াৰ পৰাই এই গাওঁখনক বৰভিটা নাম হয় বুলি প্রবাদ আছে । বৰভিটা গাওঁত প্রায় ৩৫০ টা পৰিয়াল আছে । দেশ বিভাজনৰ পিছত কেইঘৰমান গাড়ো আৰু কেইঘৰমান অনুসূচিত জাতিৰ বাহিৰে বাকী মানুহখিনি কলিতা মানুহ । বৰভিটা গাওঁৰ উত্তৰে ব্ৰহ্মপুত্র নদী , দক্ষিনে ছত্রপুৰ পাহাৰ , পূৱে পাগলাৰটেক , পশ্চিমে জিনাই বিল । বৰভিটা গাওঁখন দেখাত এখন ধেনুভাৰীয়া গাওঁ যেন লাগে । কাৰণ গাওঁখনৰ সন্মুখৰ অর্থাৎ দক্ষিনত থকা ছত্ৰপুৰ পাহাৰ এনেকুৱাভাৱে অৱস্থিত হৈ আছে যেনিবা এখন প্রকৃতিয়ে বনাই লোৱা ধেনুহে । এই ছত্ৰপুৰ পাহাৰখনৰ ওপৰত শৃংগটোত এটা মন্দিৰ আছে , সেই মন্দিৰটোত প্রত্যেক বছৰ বহাগ বিহুৰ সময়ত বৰভিটা গাওঁৰ পুৰুষসকলে শৃংগটোলৈ গৈ নাম কীৰ্ত্তন কৰে আৰু পাহাৰৰ নামনিত গাওঁৰ তিৰোতাসকলে পূজা – পাতল , নাম কীৰ্ত্তন আদি কৰে ।

জনশ্রুতি মতে ছত্রপুৰ ঠাকুৰ আৰু ভৈৰৱ ঠাকুৰ দুই ভাই ককাই আছিল । কিন্তু ছত্রপুৰ ঠাকুৰ  ইয়ালৈ আহি ৰাভা সম্প্রদায়ৰ ছোৱালী এজনীক বিয়া কৰায় । তেতিয়াৰ পৰাই ভৈৰৱ ঠাকুৰ আৰু ছত্ৰপুৰ ঠাকুৰৰ মাজত মনোমালিন্য হয় আৰু তেতিয়াৰে পৰাই ভৈৰৱ ঠাকুৰ ছত্ৰপুৰ ঠাকুৰৰ ওচৰলৈ নহা হল আৰু বৰভিটা গাওঁখনৰ উত্তৰত থাকিবলৈ ললে । বর্তমান চাপৰৰ উত্তৰৰ সেই ঠাইখনেই ভৈৰৱ ঠাকুৰৰ নাম অনুসৰি ভৈৰৱ পাহাৰ হয় বুলি জন সমাজৰ মাজত এটা প্রবাদ আছে । আনহাতে ছত্রপুৰ ঠাকুৰৰ নাম অনুসৰি বৰভিটা গাওঁত অৱস্থিত পাহাৰখন ছত্রপুৰ পাহাৰ হল বুলি জন প্রবাদ আছে । ছত্র মানে হল ছাতি আৰু পুৰ মানে নগৰ , অর্থাৎ এই অঞ্চলত ছত্রপতি কোনো ৰজা মহাৰজাই ৰাজত্ব কৰিছিল বুলি বহুতে কব খোজে । এই ছত্রপুৰ পাহাৰখনৰ পশ্চিমৰ নামনিত শিৱবাৰী থানখন । এই শিৱবাৰী থানখনত এতিয়াও প্রত্যেক দিনে পুৰেহিতে পূজা – পাতল কৰে । থানখনত থকা ঠাইখিনিক বৰঝৰা বুলি কয় । কাৰণ , ছত্রপুৰ পাহাৰখনৰ পৰা ওলাই অহা ঝৰনাটো শিৱবাৰী থানখনৰ কাষেৰে বছৰ ধৰি বৈ থাকে । অৱশ্যে খৰালি বছৰত ঝৰনাটোৰ পানীৰ শ্ৰত কিছু ক্ষীন গতিত বয় । এই শিৱবাৰী থানখনৰ গাত গা লাগি তকা দক্ষিণত অৱস্থিত আনখন পাৰেঙা পাহাৰ ।

বর্তমান নৰনাৰায়ন সেতু নির্মাণৰ কাৰণে শিলৰ আৱশ্যক হোৱাত অবিৰাম গতিত গাওঁখনৰ এই ছত্ৰপুৰ পাহাৰ আৰু মাৰেঙা পাহাৰখনৰ বুকুত নির্মাণৰ ব্লাষ্টটিঙৰ উৎপাত । ব্লাষ্টিঙৰ ভয়ত মানুহ বাদেই জন্তু , চৰাই চিৰিকুটিও বহু বহু দূৰলৈ গুচি যাবলগীয়া হয় । পাহাৰ দুখন আৰু বসতিপূর্ণ গাওঁখনৰ মাজভাগতেই খেতি পথাৰখন । এই খেতি পথাৰখনৰ ফচলৰ ওপৰতেই নিৰ্ভৰ কৰে বৰভিটা গাওঁৰ জনসাধাৰণৰ আর্থসামাজিক মানদণ্ড । খেতি পথাৰখন আৰু বসতিপূর্ণ গাওঁখনৰ মাজেৰেই গৈছে বিভাগীয় গড়কাপ্তানী পথটো । পথটো বিভাগী কর্তৃপক্ষৰ তত্ত্বাৱধানত আছে যদিও , বৰভিটা জনসাধাৰণৰ পাট্টামাটিৰ ওপৰত বৰ্ত্তমান লৈকে জনসাধাৰণে চৰকাৰৰ পৰা পথটো বনোৱাৰ পাট্টা মাটিৰ ক্ষতিপুৰণ পোৱা নাই । বর্তমান ছত্রপুৰ পাহাৰ আৰু মাৰেঙা পাহাৰৰ পৰা লৰীমটৰেৰে নৰনাৰায়ন সেতুৰ বাবে শিল কঢ়িওৱাৰ সুবিধাৰ কাৰণে গড় কাপ্তানী বিভাগৰ জড়িয়তে ৰেলৱে বিভাগে ৰাজহুৱা পথটো পকী কৰি লৈছে । অন্যথা পথটো পকী হোৱাৰ বা কিমান বছৰ পৰিকল্পনাৰ আবশ্যক হলহেতেন । ৰাজহুৱা পথটো আৰু বিশাল ব্ৰহ্মপুত্র নদীৰ মাজভাগৰ মাটিখিনিতেই পুৱা পশ্চিমাকৈ দুমাইলৰো দীঘলীয়া বসতিপূর্ণ ইতিহাস প্রসিদ্ধ সোণৰ মুদ্ৰা পোৱা বৰভিটা গাওঁখন । গাওঁখনৰ পৰিয়াল সকলোৰ পান – তামুল , বাঁহ , আম , জামৰ বাৰীবোৰৰ লগতেই লাগিথকা অসমৰ গৌৰৱ বজাই ৰখা বৰ্তমানৰ বিশাল মহা পৰাক্ৰমী ব্রহ্মপুত্র নদীটো । কিন্তু এটা সময়ত বাৰীবোৰৰ পিছপিনৰ ( State Record ) মতে চাকুলীৰ দাৰা নামৰ দাৰা এটা আছিল যদিও বর্তমান ব্রহ্মপুত্র নদীৰ কবলত পৰি দাৰাটো লুপ্ত অৱস্থাত আছে About of Paglartek Shiva Mandir in Assamese

বৰ্তমানৰ বৈ থকা ব্রহ্মপুত্র নদীটোৰ মাজবুকুতেই এটা সময়ৰ বিখ্যাত কাটালামাৰী চৰ । চৰটোত মুছলিম সম্প্রদায়ৰ মানুহেই বসবাস কৰিছিল । কিন্তু ব্রহ্মপুত্র নদীৰ গড়াখহনীয়াই চৰটোত বসবাস কৰি থকা মানুহখিনিক সিঁচৰিত কৰি পেলালে ।

বৰ্ত্তমান গাওঁখনত সামগ্রীক ভাবে পাঁচখন পাৰা বা চুবুৰী আছে । যেনে- ছত্ৰপুৰ পাৰা । এই পাৰাখনত আৰু সৰু সৰু দুখন পাৰা আছে । উল্লেখ কৰি অহামতে আগৰেপৰা গাড়ো সম্প্রদায়ৰ পৰিয়াল কেইটা থকা কাৰণে গাড়োপাৰা আৰু দেশ বিভাজনৰ পিছত আহি আশ্রয় লোৱা অনুসূচিত পৰিয়াল কেইটা থকা কাৰণে ছত্রপুৰ মাঝিপাৰা বুলি কয় । মাজৰ পৰা এই পাৰাখনৰ মাজভাগতেই মানুহ , গৰু আদি নদীৰ পাৰলৈ যাব পৰা এটা গোপ্তাবাট আছে । তাক হালদ বুলি কোৱা হয় । এই হালদটোৰ পূৱৰ অংশক উজানপাৰা আৰু পশ্চিম অংশক ভাটিপাৰা বুলি কয় । পুৰনি পাৰা অৰ্থাত্ মানৰ ভয়ত পলাই আহি মানুহখিনিয়ে যিখিনি ঠাইত প্রথম অৱস্থাত লুকাই আছিল বা আশ্রয় লৈছিল কালক্ৰমত সেই ঠাইখিনিয়েই পুৰণি পাৰা বুলি অভিহিত হল নয়াপাৰা । উল্লেখিত ঠাইখিনিত ক্রমাগত ভাবে মানুহৰ সংখ্যা বাঢ়ি অহাত বসবাসৰ ঠাই নাটনি হোৱা দেখি তাৰেই পৰা কিছু সংখ্যক মানুহ উঠি আহি পুৰণি পাৰা ঠাইখনৰ ঠিক প্রায় পাঁচশ মিটাৰমান দক্ষিনত নতুনকৈ পাৰা এখন কৰিলে । আৰু তাতেই মানুহখিনিয়ে বসবাস কৰি থাকিবলৈ ললে । নতুনকৈ পাৰাখন তৈয়াৰ কৰি থাকিবলৈ লোৱা কাৰণেই সেই পাৰাখনক নয়াপাৰা বুলি এই

 Naranayan River with Paglartek mundir
Naranayan River with Paglartek mundir

নয়াপাৰাখনৰ সন্মুখত অর্থাৎ দক্ষিন পিনত বৰ্তমানৰ হাগিৰীদোৱা , সৰু গৰৈমাৰী বিল , ডাঙৰ গৰৈমাৰী । বিল , নয়াটিলা আৰু জিনাই বিল আদি এইবোৰ আছে । মানুহে এইবোৰত মাছ মাৰে , বড়োধান আদি ৰোৱে । মাজৰ পাৰাখন ( উজানপাৰা , ভাটিপাৰা ) আৰু ছত্ৰপুৰ পাৰাৰ মাজত থকা কাৰণেই হয়তো মাজৰ পাৰা  বুলি কয় । বানিৰাম পাৰা বা কালাদাঙা পাৰা । অতিতত বৰভিটা গাওঁখনত বানিৰাম পাৰা বা কালাদাঙা পাৰা বুলি কোৱা পাৰা নাছিল । মৌখিক প্রবাদ মতে বহুযুগ পিছত অর্থাৎ সৌ সিদিনা বুলি কলে ভুল কোৱা নহয় ।

 বৰভিটা গাওঁখনৰ ৫০ কিঃমিঃ মান দূৰত অৱস্থিত চুনাৰীৰ ওচৰৰ ব্ৰহ্মপুত্র নদীৰ দক্ষিণ পাৰে অৱস্থিত টিয়ামাৰী চৰৰ ( পুৰণি জাহাজখনি ) কালাদাঙা নামৰ বিল  এটা আছিল । কিন্তু ইং ১৯৯৭ চনত ডাঙৰ ভূমিকম্প এটা হয় সেই ভূমিকম্পৰ ফলতেই হয়তো ব্রহ্মপুত্র নদীৰ গড়াখহনীয়াৰ মানুহখিনিয়ে সেই অঞ্চলত স্তিস্থি থাকিব নোৱাৰি সেই অঞ্চলেৰে কিছুমান মানুহ আহি বৰভিটা গাওঁখনৰ পশ্চিম প্রান্তত অর্থাৎ মানেহেলা দাৰা আৰু সানাম ঠাকুৰ , জিনাই বিল দাৰা অর্থাৎ যি জিনাই বিলৰ পানী দাৰাটোৰে আহি ব্রহ্মপুত্র নদীত পৰিছে সেই কাৰণে তাক জিনাই বিল দাৰা বুলি কোৱা হয় । উল্লেখিত এই মাজৰ ঠাই খিনিত থিতাপি লয় , আৰু কালক্ৰমত চিৰস্থায়ী ভাবে বৰভিটা গাওঁখলতেই থাকিবলৈ লয় । মানুহখিনিৰ মুৰব্বীজনৰ নাম আছিল বামিম মেধী । সেয়ে মুৰব্বীজনৰ নাম অনুসৰিয়েই পাৰা খনৰ নাম হল বানিৰাম পাৰা । আনহাতে কালাদাংঙা বিলৰ পৰা অহা কাৰণে পাৰাখনক কালাদাংঙা পাৰা বুলিও কয় ।

Paglartek mondir at river

আজিৰ পৰা প্রায় ১৭ বছৰ পূৰ্ব্বে গোৱালপাৰা চহৰৰ পশ্চিমত অৱস্থিত প্রায় ১৫ কিলোমিটাৰ মান দূৰত এই বৰভিটা গাওঁখনৰ পূৱত থকা পাগলাৰটেক মন্দিৰৰ কাষৰ পশ্চিম পিনত ৰাজহুৱা হাট বজাৰ বহুৱাৰ উদ্যেশ্যৰে  কাৰ্য্য চলোৱাৰ ফলত অনুমান দ্বিতীয় চন্দ্রগুপ্ত ৰজাৰ মূর্তী থকা সোণৰ মুদ্ৰা কিছুমান ওলায় । স্থানীয় ৰাইজে মুদ্রা কিছুমান পায় । কিন্তু সেই সময়ৰ মহকুমা ধিপতি শ্ৰীযুত তাৰিণী নাথ বৈশ্য ডাঙৰীয়াই সেই সকল ৰাইজক তেখেতৰ কাৰ্যালয়লৈ মাতি নি জন প্রতি পচিশ টকাকৈ ৰচিদ দি সেই মুদ্ৰাবোৰ কাৰ্যালয়ত ৰাখি থয় । তাৰ পিছত পৰা চৰকাৰে বিশেষজ্ঞ আনি বৰভিটা গাওঁৰ পাগলাৰটেক মন্দিৰৰ ওচৰে পাজৰে বহুদিন ধৰি পৰীক্ষা  নিৰিক্ষা চলায় । শেষত অনুমান ১৩/০৫/১৯৭২ তাৰিখত চৰকাৰী বিশেষজ্ঞৰ  পৰীক্ষাৰ ফলত মাটিৰ কিছু তলত প্রায় দুই ফুটমানৰ ওখ সোণৰ মুদ্ৰা পৰিপূৰ্ণ দুটা মাটিৰ ভুৰুকা ধৰণৰ কলহ ওলায় । কিন্তু দূঃখ আৰু পৰিতাপৰ বিষয় , স্থানীয় ৰাইজে অনুৰোধ কৰা সত্বেও কলহ দুটাৰ ভিতৰত সোণ থকা বুলি ৰাইজক প্রতিশ্রুতি দি পুলিচ , মিলিটাৰীৰ সহায়ত উক্ত সোণৰ মুদ্ৰা পৰিপূৰ্ণ কলহ দুটা আবেলি ৫ বজাত গোৱালপাৰা মহকুমা ধিপতিৰ কার্যালয়লৈ লৈ যায় ।

Pancharatna Bridge
Pancharatna Bridge

কিন্তু গাওঁৰ স্থানীয় ৰাইজে শ্রী অশ্বিনী দাস , শ্ৰী পৰ্শ অধিকাৰী , শ্ৰী নিথিল দাস আৰু শ্ৰী পৰেশ দাস এই চাৰজনক প্রতিনিধি হিচাপে পুলিচ মিলিটাৰীৰ লগত কলহ দুটা কত ৰখা হয় তাক চাবলৈ পঠিয়ায় । পুলিচে কলহ দুটা চার্কিত হাউচত অনাৰ লগে লগে সেই সময়ৰ মহকুমাধিপতি শ্ৰীযুত তাৰিনী নাথ বৈশ্য মহোদয় আৰু জেষ্ঠ অতিৰিক্ত আয়ুক্ত শ্ৰীযুত নন্দ বর্মণ মহোদয় আৰু আন আন বহুতো উচ্চ পদস্থ বিষয়াও উপস্থিত আছিল । তাৰ পিছত সোণৰ মুদ্ৰা পৰিপূৰ্ণ কলহ দুটা পুলিচৰ সহায় লৈ স্থানীয় ট্রেজাৰীত ৰাখি থয় । সেই সময়ৰ ট্রেজাৰী অফিচত কাম কৰা একাউন্টেন্ট শ্ৰীযুত বিমল বৰকাকতী দেৱে উপস্থিত আছিল । কিন্তু তাৰ পিছত কেইবা বছৰলৈকে সোণৰ মুদ্ৰা পৰিপূৰ্ণ কলহ দুটা কত কিভাবে ৰখা হৈছে সেই বিষয়ে গাওঁবাসী ৰাইজে ভালদৰে জানিবলৈ পোৱা নাছিল । সেয়েসে গাওঁবাসী ৰাইজে উক্ত সোণৰ মুদ্ৰা পৰিপূৰ্ণ কলহ দুটা কত কিভাবে ৰখা আছে তাক চৰকাৰৰ ফালৰ পৰা জানিবলৈ বিচাৰিলে । কিন্তু আচৰিত কথা বিশেষজ্ঞ আৰু কর্তৃপক্ষই গাৱলীয়া হোৱা ৰাইজক কলহ দুটাৰ ভিতৰত সম্পূর্ণ সোণৰ মুদ্ৰা থকা বুলি প্রতিশ্রুতি দি অনাৰ কেইবা বছৰ পিছত কলহ দুটাৰ ভিতৰত সোণৰ মুদ্ৰাৰ পৰিবৰ্ত্তে সম্পূর্ণ মাটি ভৰি থকা বুলি তেওঁলোকে স্থানীয় কর্তৃপক্ষক জানিবলৈ দিয়ে । কিন্তু বৰ্ত্তমান লৈকেও সেই বিষয়ে ৰাইজে ভালদৰে জানিবলৈ পোৱা নাই ।

সেই কাৰণে আজিও এই অঞ্চলৰ ৰাইজৰ মাজত এই ৰহস্যজনক ঘটনালৈ চাঞ্চল্যৰ সৃষ্টি হৈ আছে । দুখৰ বিষয় সেই সময়ত চৰকাৰী ৰচিদ দি ৰাখি থোৱা মুদ্ৰাবোৰ আজি সেই সময়ৰ মহকুমা ধিপতিৰ কার্যালয় আৰু বৰ্ত্তমানৰ জিলাধিপতিৰ কাৰ্যালয়ত নাই । চৰকাৰী ৰচিদ দি ৰাখি থোৱা সোণৰ মুদ্ৰবোৰ সত্য সত্যতা উদঘাটন কৰাৰ উদ্যেশ্যে ইং ১৯৭৯ চনৰ কোনোবা এটা সময়ত মহকুমাধপতি শ্ৰীযুত ৰঞ্জন চেটার্জী ( আই , এ , এছ ) ডাঙৰীয়াই তেখেতৰ সেই সময়ৰ সহকর্মী । মহকুমা পৰিকল্পনা কৰা শ্ৰীযুত ৰাজেন্দ্র নাথ হাজৰিকা ডাঙৰীয়াক বৰভিটা গাওঁলৈ পঠিয়ায় । গাওঁৰ যিসকল মানুহ বা ব্যক্তিয়ে সেই সময়ৰ শ্ৰীযুত তাৰিনী নাথ বৈশ্য ডাঙৰীয়া মহকুমাধিপতি থকা কালত নিজৰ নিজৰ সাোৰ মুদ্ৰাৰ পৰিৱৰ্ত্তে পচিশ টকা সহ পোৱা চৰকাৰী ৰচিদ লৈছিল , ৰচিদবোৰ শ্ৰীযুত হাজৰিকা দেৱে মহকুমাধিপতি শ্ৰীযুত ৰঞ্জন চেটাৰ্জী দেৱক জানিবলৈ দিয়ে । ছোভিয়েটৰ পৰা ঘূৰি অহাৰ পিছত ১৯৮২ চনত সেই সময়ৰ গোৱালপাৰা মহকুমা পৰিকল্পনা বিষয়া শ্ৰীযুত ৰাজেন্দ্র নাথ হাজৰীকা ডাঙৰীয়াৰ তত্বাবধানত গ্রম্য বিনিয়গ আঁনিমতে শ্রী শ্রী সূৰ্য্যগিৰী মহল্পীঠস্থানত পুখুৰী এটা কন্দা হয় । সেই পুখুৰীটোতেই এটা পাথৰৰ মুৰ্ত্তী ওলায় । ৰাইজৰ মতে সেই মূৰ্তিটো চতুর্ভূজ বিষ্ণুমূর্তি বুলি কব খোজে । মূৰ্তিটো ওখ প্রায় দুই ফুটমান আৰু ২০ কিলোগ্রাম মান ওজনৰ হব । উক্ত মূৰ্তিটোৰ বাতৰি চৰকাৰে পোৱাত ইং ২৩/০৪/৮২ তাৰিখত অসম ৰাজ্যিক মিউজিয়াম বিষয়া ড ° আৰ  ডি  চৌধুৰী আৰু তেখেতৰ লগত উপ গৃহ সচিব শ্ৰীযুত এন  কে দাস ডাঙৰিয়াই মূৰ্তিটো ৰাজ্যিক মিউজিয়ামলৈ লৈ যাবৰ কাৰণে গোৱালপাৰালৈ আহে ।

সেই পৰিপ্ৰেক্ষিতত গোৱালপাৰা চার্কিত হাউচৰ ২ নং কোঠাত জিৰনী লয় । তেখেত সকলে অহাৰ বাতৰি পোৱাত এজন লেখকে দেখা কৰে আৰু বিভিন্ন বিষয়ত আলোচনা কৰে । আলোচনাৰ প্রসঙ্গত বৰভিটা গাওত পোৱা সোণৰ মুদ্ৰা পৰিপূৰ্ণ কলহ দুটাৰ কথা ওলাই পৰাত তাত সোণৰ মুদ্ৰা নাছিল বুলি তেখেত সকলে কলে । সেই লৈয়ে তাত তেওঁলোকৰ মাজত যতেষ্ট বাক বিতান্দা হয় । শেষত তেখেতে কলে- বৰ্ত্তমান ৰাজ্যিক মিউজিয়ামত পাঁচটা ( ৫ টা ) সোণৰ মুদ্রা আছে । উল্লেখ্য তথ্য পাতিবোৰৰ পৰাই অনুমান হয় , বৰ্ত্তমানৰ এই বৰভিটা গাওঁখনৰ এটা সমত কোনোবা নহয় কোনোবা ছত্রপতি ৰজা মহাৰজাৰ নগৰ বা তেনে কোনো বিলাসপূর্ণ ঠাই যে আছিল তাৰ কোনো সন্দেহ নাই । আৰু তাকেই হয়তো ছত্ৰপুৰ বুলি নামাকৰণ কৰিছিল । কিন্তু কালৰ গতিত হয়তো এই নগৰ বা বিলাসপূর্ণ  ঠাইখন প্রাকৃতিক দুর্যোগত পৰি লুপ্ত হয় বা সাগৰৰ তলিত বুৰ যায় । কিন্তু কিছুযুগ পিছত হয়তো ঠাইখনে পুনৰ সাগৰৰ তলৰ পৰা জাগ্রত হয় । সেই খনেই হয়তো আজিৰ বসবাসৰ উপযোগী বৰভিটা গাওঁ ।

Rest temple of paglartek mondir

বৰভিটা গাওঁখনৰ ৰেভিনিউ গাওঁ কেইখন হল এনেধৰণৰ- পাগলাৰটেক এন ছি নিজ ছত্ৰপুৰ , মুন্সিৰ ভিটা , নিদ বৰভিটা আৰু বানিৰাম পাৰা । মুন্সিৰ ভিটা নামাকৰণৰ ক্ষেত্ৰত বিজনি ৰজাৰ আমোলত হয়তো এই পদবী দি কোনোবা এজনক গাওঁখন কোনোবা ঠাইৰ তত্বাবধান কৰিবলৈ দিছিল । সেই পদবী অনুসৰিয়েই হয়তো মুন্সিৰ ভিটা ৰেভিনিউ হৈছে যেন লাগে । ভৰভিটা গাওঁৰ পাগলাৰটেক শিৱ মন্দিৰৰ ওপৰত যিখিনিঠাইত নাট মন্দিৰ অর্থাৎ যত শিৱ ৰাত্ৰিৰ মেলা বহে , গান বাজনা হয় সেই ঠাইখিনিৰ তলভাগ ।

এটা সময়ত মন্দিৰটোৰ কাষতে লাগি থকা সুৰুঙাটোৰে মানুহ কিছুদূৰলৈ সোমাই যাব পাৰিছিল । বৰ্ত্তমানো সুৰুঙাটো আছে কিন্তু এতিয়া সেই সুৰুঙাটোৰে মানুহ ভিতৰলৈ সোমাই যোৱাটো সম্ভৱ নহয় । মেলা বহুৱা বা গান বাজনা কৰা ওপৰৰ ঠাইখিনি কাটি সমান  কৰাৰ সময়ত বহুতো পুৰনি কলিয়া ইটা , শিলৰ কিছুমান বস্তু আদি ওলায় । ইয়াৰ ওপৰিও খানন কাৰ্যৰ সময়ত মন্দিৰটোৰ ফবৱ ফালত প্রকাণ্ড গুহা এটা ওলায় । শিৱ পূজাৰ মেলাৰ সময়ত সেই গুহাটোতেই সন্যাসী কিছুমান আশ্রম পাতি বহে । এই পাগলাৰটেক মন্দিৰটোত শিৱ পূজাৰ সময়ত একেৰাহে তিনিদিন ধৰি শিৱ মেলা হয় । এই মেলাত সকলো সম্প্রদায়ৰ মানুহ আহে । হিন্দু সম্প্রদায়ৰ মানুহৰ উপৰিও মুছলমান সম্প্রদায়ৰ মানুহেও কুকুৰা , ছাগলী আদি দি সন্দেহ দূৰ কৰাৰ কথা উল্লেখনীয় । মন্দিৰটোৰ ওপৰভাগত খনন কাৰ্য্যৰ সময়ত যিবোৰ বস্তু ওলাইছিল তাৰ পৰা অনুমান কৰিব পাৰি মন্দিৰটোক কেন্দ্ৰ কৰি সম্পূর্ণ এই ঠাইখনত প্রকাণ্ড অট্টালিকা বা তেনে ধৰণৰ কিবা পকী ঘৰ আছিল । আৰু অট্টালিকা বা ঘৰটো সপ্তম অষ্টম শতিকাৰ আছিল ইয়াৰ ইটাৰ গাথনিৰ পৰা অনুমান কৰিব পাৰি । খনন কাৰ্য্য চলালে এতিয়াও বহুযুগীয়া পুৰনি বস্তু পোৱা যাব তাৰ কোনো সন্দেহ নাই ।

Paglartek shib mundir
Paglartek shib mundir

 উল্লেখিত শিৱৰ মূৰ্ত্তি , গুহা , পুৰনিকলিয়া ইটাৰ ভাঙা , সোণৰ মুদ্ৰা আৰু সোণৰ মুদ্ৰা পৰিপূৰ্ণ মাটিৰ কলহ দুটাৰ পৰা অনুমান কৰিব পাৰি মানৰ আক্ৰমণৰ বহুযুগ আগৰ পৰাই এই অঞ্চলটোত মানুহ বসবাস কৰিছিল । বৰভিটাৰ জনসাধাৰণৰ মাজত এটা বিশ্বাসৰ কথা শুনিবলৈ পোৱা যায় । সেই বিশ্বাস হল এনে ধৰণৰ বৰভিটা গাওঁখনৰ পূৱে পাগলাৰটেক মন্দিৰ বা শিৱ মন্দিৰ , পশ্চিমে জিনাই বিল দাৰৰ লগত সোণাৰাম ঠাকুৰ । ইয়াত প্রায় পুৰুষ মহিলা সকলে পূজা পাতল বা নাম কীৰ্ত্তন কৰে । উত্তৰে বিশাল ব্রহ্মপুত্র নদী আৰু দক্ষিণে ছত্রপুৰ পাহাৰৰ শৃংগটোত থকা ছত্ৰপুৰ ঠাকুৰ আৰু পাহাৰখনৰ পশ্চিমৰ নামনিত থকা শিৱবাৰী থান খন উল্লেখিত পঞ্চত দুৱৰীয়ে গাওঁখনৰ চাৰিসীমাত দৃষ্টি ৰখা হেতুকে গাওখনক কোনেও অন্যায় কৰিব নোৱাৰে বুলি গাওঁবাসী জনসাধাৰণৰ এটা বিশ্বাস । এই বিশ্বাসে গাওঁবাসী জনসাধাৰণৰ গৌৰৱৰ কাৰণ About of Paglartek Shiva Mandir in Assamese

বৰ্তমানৰ বৰভিটা গাওঁখনত তিনিটা দাৰা আছে । যেনে- ছত্ৰপুৰ দাৰা , ষ্টেট ৰেকৰ্ড মতে হাতী মেধিৰ দাৰা । হাতী মেধিৰ দাৰাটোক পুৰনি দাৰা বুলিও কয় । আৰু জিনাই বিল দাৰা । উল্লেখিত দাৰা তিনিটাৰে ব্ৰহ্মপুত্র নদীৰ পানী সোমাই বিশেষকৈ বাৰিষাৰ সময়ত খেতি পথাৰ নষ্ট কৰে । এই দাৰা তিনিটাত যদি চৰকাৰৰ ফালৰ পৰা ছুইজ গেটৰ ব্যৱস্থা কৰে তেতিয়াহলে বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ পৰা খেতি পথাৰ ৰক্ষা পৰিব । এই বৰভিটা গাওঁখনৰ তেনে কোনো বুৰঞ্জী প্রসিদ্ধ ইতিহাস নাই । কিন্তু ইতিহাস প্রসিদ্ধ বহু বস্তু যে অঞ্চলটোত সিচৰিত হৈ আছে , সেই বিষয়ে সন্দেহ নাই । ইচ্ছা কৰিলে চৰকাৰৰ ফালৰ পৰা দায়িত্ব লৈ সেইবোৰ উদঘাটন কৰাৰ কাৰণে চেষ্টা এটা লব পাৰে । গাওঁখনৰ লিখিত ইতিহাস নহলেও মনুহৰ মুখে মুখে গাওঁখনৰ ইতিবৃত্ত কিছুমান শুনিবলৈ পোৱা যায় । কিন্তু তাত কিমান সত্য সত্যতা লুকাই আছে তাক বিজ্ঞান সন্মত ভাবে বিচাৰ বা অনুসন্ধান নকৰিলে প্রকৃত ভাবে থিৰাং কৰাটো সম্ভৱ নহয় । গতিকে ভালদৰে এটা অনুসন্ধান চলাব লাগে । এই হল ইতিহাস প্রসিদ্ধ সোণৰ মুদ্ৰা আৱিষ্কাৰ হোৱা বৰভিটা গাওঁখনৰ কথিত প্রবাদ মতে চলি অহা থুল মুল ইতিবৃত্ত ।

পাগলাৰটেক মন্দিৰৰ ঔতিহাসিক পটভূমি

বৰভিটা গাওঁৰ পাগলাৰটেক মন্দিৰটো জনশ্রুতি মতে চান্দোসদাগৰ এজন জমিদাৰ আছিল আৰু তেওঁৰ ঘৰ আছিল ছয়গাওঁ তম্পক নগৰত । বৰ্ত্তমান ছয়গাওঁ নগৰখন বিদ্যমান । চান্দো সদাগৰ শিৱৰ এজন মহান ভক্ত আছিল । শিৱৰ বাহিৰে তেখেতে হেনো কাকো পুজা পাতল নকৰিছিল । শিৱৰ ভোক্ত হিচাবে চান্দোসদাগৰে পদ্মাদেৱীক পূজা দিছিল । চান্দোসদাগৰৰ এনেকুৱা ব্যৱহাৰত পদ্মাদেৱীয়ে চান্দোসদাগৰৰ ওপৰত ক্ৰধ হৈ পৰিছিল । আৰু সেই খঙতেই পদ্মাদেৱীয়ে চান্দোসদাগৰৰ এটা এটাকৈ সেহতীয়া সপ্তম পুত্র লক্ষীন্দাৰোকো বিয়াৰ ফুল শয্যাৰ ৰাতিয়েই সর্প দংশণৰ দ্বাৰায় মৃত্যুবৰণ কৰাইছিল । পদ্মাদেৱীয়ে সিমানতেই ক্ষ্যান্ত নাথাকিল । চান্দোসদাগৰৰ ওপৰত ভাল দৰে পতাক তোলাৰ উদ্যেশ্যে পদ্মাদেৱীয়ে আৰু বিভিন্ন ধৰণৰ উপায় ললে । যেতিয়া চান্দোসদাগৰে সাতখন দিঙাত মণি , মুকুতা, সোণ , ৰূপসহ বানিজ্যৰ বস্তু লৈ সাগৰেৰে আহে সেই অৱস্থাত হেনো চান্দোসদাগৰৰ সাতখন দিঙা সাগৰৰ বুকুত বুৰাই দিবলৈ হনুমানক কলে । কিন্তু শিৱ ভক্ত চান্দোসদাগৰে প্রথমখন দিঙাত শিৱৰ মূৰ্তিটো পূজা কৰি থাপনা দি ৰখাত শিৱ ভক্ত হনুমানেও গুৰুৰ হৈতে দিঙা কেইখনপানীৰ তলত বুৰাই দিবলৈ টান পালে । কিন্তু যিকোনো উপায়েই দিঙা পানীৰ তলত বুৰাই দিবলৈ পদ্মাদেৱীয়ে নির্দেশ দিয়াত বাধ্য হৈ হনুমানে দিঙাৰ পৰা শিৱৰ মূৰ্তিটো সাগৰৰ পাৰৰ কাষত থকা পাহৰখনৰ দাতিত থাপনা কৰি থলে । তেতিয়াৰ পৰাই পাগলাৰটেক বা শিৱ মন্দিৰৰ জন্ম হল ।

শিৱৰ মূৰ্তিটো হনুমানে সেইদৰে পাহাৰৰ দাতিত স্থাপনা কৰি ৰখাৰ পিছত চান্দোসদাগৰৰ সাতখন দিঙা মানি মুকুতা , সোণ , ৰূপ সহ বানিজ্যৰ সকলো বস্তু সাগৰৰ বুকুত বুৰাই দিলে ।

Paglartek shib mundir
Paglartek shib mundir

সেই সময়ৰ সাগৰটো বর্তমান ব্ৰহ্মপুত্র নদীত হৈছে । যিখিনি সাতখন দিঙা বুৰাই দিয়া হল সেই ঠাইখিনিয়েই কালক্ৰমত চানেদোদিঙা পাহাৰ হল । এই চান্দোৰদিঙা পাহাৰখন ব্রহ্মপুত্র নদীৰ পোনে পোনে পাগলাৰটেকৰ পৰা প্রায় দহ কিলোমিটাৰমান উত্তৰ পশ্চিম কোনত বিলাসীপাৰাৰ ওচৰত অৱস্থিত । এই চান্দোৰদিঙা পাহাৰখনৰ ওচৰতেই নুনমাটি বুলি এখন গাওঁ আছে । গাওঁখনৰ কোনে কোনে ঠাইৰ মাটি নিমখৰ দৰে হোৱা কাৰণে গাওঁখনৰ নামাকৰণটো নুনমাটি হৈছে বুলি কয় ।। প্রবাদ মতে চান্দোসদাগৰে মণি , মুকুতা , সোণ , ৰূপ আদিৰ লগত নিমোখো দিঙাত ভৰাই আনিছিল । তাৰেই পৰিণতি হিচাপে ঠাই খিনিৰ কোনো কোনো মাটি নিমোখীয়া হোৱা বুলি কব খোজে । চান্দোৰদিঙা পাহাৰ আৰু নুনমাটি গাওঁখনৰ নিচেই ওচৰতে সোনামুখি নামৰ আন এখন গাওঁ আছে । এই গাওঁখনৰ নদীৰ পাৰত এতিয়াও আশকাষ্টমীৰ সময়ত মানুহ গাধোৱে পূজা পাতল আদি কৰে । অনুমান হয় চান্দোসদাগৰে মণি , মুকুতাৰ লগত সোণ আদিও বানিজ্য কৰি আনিছিল । সাতখন দিঙা বুৰি যোৱাত সোণবোৰ ইয়াতেই হয়তো পৰিছিল । সেই অনুসৰিয়েই হয়তো এই ঠাইখিনিক সোনামুখী বুলি কয় About of Paglartek Shiva Mandir in Assamese

মন্দিৰৰ ভৌগলিক অৱস্থা

গোৱালপাৰা জিলাৰ ভিতৰত অতি প্রাচীন । ঔতিহ্যমণ্ডিত বৰভিটা গাওঁৰ এই পাগলাৰটেক মন্দিৰটো এক প্রাকৃতিক মনোমোহা পৰিৱেশত অৱস্থিত । এই মন্দিৰৰ দক্ষিনত ছত্রপুৰ পাহাৰ , উত্তৰত বানিস্যৰ গোপা , পূৱত ব্ৰহ্মপূত্র নদী আৰু পশ্চিমে বভিটা গাওঁ ।

মন্দিৰৰ মাটিকালি

গোৱালপাৰা চহৰৰ পৰা প্রায় ১৫ কিলোমিটাৰ নিলগত মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিন পাৰত প্রাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ এই পাগলাৰটেক মন্দিৰটো অৱস্থিত । এই মন্দিটো ছত্ৰপুৰ পাহাৰৰ উত্তৰৰ টেকটোত অর্থাৎ ব্ৰহ্মপুত্ৰৰ পাৰতেই এই পাগলাৰটেক মন্দিৰটো অৱস্থিত এই মন্দিৰৰ মুঠ মাটিকালি প্রায় ১২৬ বিঘা ।

field of paglartek mundir
field of paglartek mundir

মন্দিৰত অনুষ্ঠিত পূজা পাতল

জনপ্রবাদ মতে হনুমানে যেতিয়া চান্দোসদাগৰৰ দিঙাৰ পৰা মহাদেৱৰ মূৰ্তিটো নমাই আনি বৰ্ত্তমান যত পাগলাৰটেক শিৱ মন্দিৰটো অৱস্থিত তাতে হনুমানে স্থাপনা পাতি থৈছিল । তেতিয়াৰে পৰাই এই মন্দিৰটোত পূজা পাতল চলি আহিছিল যদিও নিয়মিত ভাৱে এই মন্দিৰটোত সম্ভৱত ১৯৬৪-৬৫ চনত যেতিয়া চন্দ্রমহোন চৌধৰী অসম বিধান সভাৰ ৰাজহ মন্ত্রী আছিল তেখেতে কিবা কাৰণ বসত গোৱালপাৰা চহৰত পৰিদৰ্শন কৰিবলৈ আহি পাগলাৰটেক মন্দিৰত অৱস্থিত হৈছিল । আৰু মন্দিৰ সচনীয় অৱস্থাটো দেখি বৰভিটা গাওঁৰ ৰহিনী দাসৰ ঘৰত বহি স্থানীয় গাওঁবাসী মুৰব্বীক মাতি পাগলাৰটেক মন্দিৰৰ পৰিচালনা কমিটি গঠন কৰি দিয়ে । আৰু তাতে প্রত্যেক বছৰ ফাগুন মাহৰ শিৱ ৰাত্ৰীৰ দিনা এখন মেলা অনুষ্ঠিত কৰিবলৈ পৰামর্শ দিয়ে । তেতিয়াৰ পৰাই নিয়মিত ভাৱে মন্দিৰটোত পূজা – পাতল কৰাৰ উপৰিও প্রত্যেক বছৰত ফাগুণ মাহৰ শিৱ ৰাত্ৰিৰ দিনা এখন মেলা অনুষ্ঠিত হয় । পূজাৰ সময়ত অসমৰ বাহিৰে ভাৰতৰ বিভিন্ন প্রান্তৰ পৰা ভক্ত সকলৰ আগমণ ঘটে । এই শিৱ ৰাত্রি উপলক্ষে এই মন্দিৰটোত তনি দিনৰ কাৰণে মেলা অনুষ্ঠিত হয় । এই মেলাত গোৱালপাৰা জিলাৰ উপৰিও অসমৰ বিভিন্ন প্রান্তৰ বহু মানুহৰ আগমন ঘটে । মেলাত বিভিন্ন ধৰণৰ খাদ্য বস্তুৰ উপৰিও মানুহৰ প্রয়োজনীয় বিভিন্ন সামগ্ৰীৰ আমদানি হয় । এই মন্দিৰটোত বছৰৰ প্রায় প্রত্যেকটো দিনোতে বিভিন্ন প্রন্তৰ পৰা হাজাৰ হাজাৰ ভোক্তৰ আগমন হয় । এই প্রাঙ্গনত সমাজিক অনুষ্ঠান বিবাহ কাৰ্য্যও সম্পন্ন হয় । শিৱ ৰাত্ৰীৰ সময়ত হোৱা এই মেলাত বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ খাদ্য বস্তু সাজ – পোছাক বিভিন্ন ধৰণৰ সামগ্ৰী আদি পোৱা যায় । এই মেলাত কেৱল হিন্দু জনগোষ্ঠীয়েই নহয় মুছলমান সকলেও দান আদি কৰে ।

মন্দিৰলৈ দর্শনার্থীৰ আগমন

অসমৰ ভিতৰত ঐতিহ্যমণ্ডিত মন্দিৰ বিলাকৰ ভিতৰত গোৱালপাৰা জিলাৰ বৰভিটা গাওঁত সক প্রাকৃতিক মনোমোহা পৰিৱেশত অৱস্থিত পাগলাৰটেক মন্দিৰ এটি জাগ্রত মন্দিৰ হিচাবে কেৱল অসমৰে নহয় ভাৰত বৰ্ষৰ বিভিন্ন প্রান্তৰ পৰা শ শ দর্শনার্থীৰ আগমন ঘটে । প্রায় প্রতি দিনেই গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা শ শ দর্শনার্থীৰ আগমন ঘটে । আনকি প্রত্যেক বছৰ ফাগুণৰ শিৱ ৰাত্ৰিৰ সময়ত অসমৰ উপৰিও ভাৰত বৰ্ষৰ বিভিন্ন প্রান্তৰ পৰা হাজাৰ হাজাৰ দর্শনার্থীৰ আগমন ঘটে । পূজা – পাতলৰ উপৰিও এই পাগলাৰটেক মন্দিৰটোত বিভিন্ন জাতি জনগোষ্ঠীয়ে বলি বিধান দিয়াৰ উপৰিও সামাজিক অনুষ্ঠান বিবাহ কাৰ্য্যও ইয়াত সম্পাদন কৰে

মন্দিৰলৈ চৰকাৰৰ আর্থিক অনুদান

জনশ্রুতি মতে হনুমানে চান্দোসদাগৰৰ দিঙাৰ পৰা মহাদেৱৰ মূৰ্তিটো বৰ্ত্তমান পাগলাৰটেক শিৱ মন্দিৰ যত উপস্থিত তাতেই স্থাপনা  হোৱাৰ পিছৰে পৰা পূজা – পাল চলি আছে । কিন্তু লাহে লাহে স্থানীয় বিশেষকৈ বৰভিটা গাওঁৰ মানুহখিনিক ৰাইজৰ দান বৰঙণিৰে এই মন্দিৰটো নিৰ্মাণ কৰিছে । চৰকাৰৰ ফালৰ পৰা কিছু টকা অনুদান দিছে যদিও সেইখিনি যথেষ্ট নহয় । এতিয়াও মন্দিৰটোত খোৱা পানীৰ যোগান ব্যৱস্থা নাই , ভোক্ত সকলৰ থকাৰ বাসস্থান নাই , মন্দিৰটোও আটোক ধুনীয়াকৈ বনোৱা হোৱা নাই । তদুপৰি বর্তমান মন্দিৰটোৰ চাৰিওফালে যিটো দেওৱাল আছে সেই দেওৱালটো বৰভিটা গাওঁৰ ৰাইজে মিলি সম্পন্ন কৰিছে । কিন্তু চৰকাৰৰ ফালৰ পৰা প্রত্যেক মাহত পূজা – পাতলৰ সময়ত চাকি বন্তি জলাবৰ নিমিত্তে টকা দিয়া বুলি কৈছে কিন্তু আজিলৈকে দিয়া হোৱা নাই ।

গোৱালপাৰা জিলাৰ উপায়ুক্ত জহৰি চাহাবে মন্দিৰৰ উন্নতিৰ কাৰণে এক লাখ টকা দিব বুলি কৈছে কিন্তু সেই টকাও আজিলৈকে দিয়া নাই । জিলা প্রশাসনে গেষ্ট হাউচৰ কাৰণে চৰকাৰৰ ফালৰ পৰা অনুদান দিব বুলি কৈছে কিন্তু আজি লৈকে দিয়া নাই

Gate of Paglartek mondir

মন্দিৰৰ পৰিচালনা সমিতি

আগতে মন্দিৰ পৰিচালনাৰ বাবে কোনো কাৰ্য্য নির্বাহৰ সমিতি নাছিল । বৰভিটা গাওঁৰ ৰাইজে মিলিজুলি মন্দিৰৰ কাম কাজ কৰিছিল । কিন্তু ১৯৬৪-৬৫ চনত মহন্দ্র মোহন চৌধৰী যেতিয়া ৰাজহ মন্ত্রী আছিল তেতিয়া এবাৰ তেখেতে বিশেষ কামৰ বাবে গোৱালপাৰা চহৰলৈ আহি পাগলাৰটেক শিৱ মন্দিৰত অৱস্থিত হৈছিল । আৰু মন্দিৰ অৱস্থা দেখি তেওঁ বৰভিটা গাওঁৰ ৰহিনী দাসৰ ঘৰত বহি বভিটা গাওঁৰ মুখিয়াল ৰাইজক মাতি মন্দিৰটো পৰিচালনা কৰাৰ বাবে পোন প্ৰথমবাৰৰ বাবে পৰিচালনা কমিটি গঠন – কৰি দিছিল ।

সেই কমিটিৰ সভাপতি আছিল গোৱালপাৰা জিলাৰ পৌৰ সভাপতি মনিকান্ত দাস । সম্পাদক আছিল ৰহিনী দাস , সদস্য আছিল মনিকান্ত দাস ( বৰভিটা ) , জিতেন্দ্র নাৰায়ন দাস আদি ।

তেতিয়াৰ পৰাই পাগলাৰটেক শিৱ মন্দিৰটো পৰিচালনা কৰাৰ বাবে তিনি বছৰ মূৰে মূৰে কমিটি নতুনকৈ গঠিত হয় ।

বৰ্ত্তমান পাগলাৰটেক শিৱ মন্দিৰটোৰ পৰিচালনা কমিটিখন তলত দিয়া ধৰণৰ

সভাপতি- বালিজানা চক্ৰ বিষয়া দীলিপ মেধী ।

সম্পাদক- মুকুল দাস ।

ধন ভড়ালী সদস্যসকলৰ নাম- গজেন্দ্র দাস , নগেন্দ্র দাস , পুৰন্দৰ দাস , গবিন্দ দাস , দীপক দাস পসেন দাস ।

উপ সভাপতি- নগেন কলিতা । সহকাৰী সম্পাদক- মৃণাল দাস ।

Parking place of Paglartek

মন্দিৰৰ ভৱিষ্যত পৰিকল্পনা

ঐহ্যিমণ্ডিত পাগলাৰটেক মন্দিৰটোৰ পৰিচালনা কমিটি গঠন হোৱাৰ পিছৰে পৰা তেওঁলোকে পৰিকল্পিত মন্দিৰটোৰ আন্তঃ গাথনি কাম কিছু কিছু কৰি আছে । কিন্তু পর্যাপ্ত পৰিমানে টকাৰ অভাৱত কমিটিখনে পাগলাৰটেক মন্দিৰটো নকৈ সজাই তোলাৰ যিটো পৰিকল্পনা কৰিছে সেইটো বাস্তবায়িত হোৱা নাই । এই কমিটিখনে মন্দিৰটোক নতুনকৈ সজাই তোলাৰ বাবে পৰিকল্পনা এটা হাতত লৈছে । কেৱল অসমতেই নহয় ভাৰত্বৰ্ষৰ ভিতৰত এই পাগলাৰটেক শিৱ মন্দিৰটো অত্যাধুনিক মন্দিৰ হিচাপে বনাবলৈ নক্সা ইমিধ্যে তৈয়াৰ কৰি উলিয়াইছে । তাৰ উপৰিও এই মন্দিত ভোক্তসকলৰ থকাৰ কাৰণে গৃহ নির্মাণ , খোৱা পানীৰ যোগান ব্যাৱস্থা , চুইমিং পুল , চাৰিওফালে ফুলৰ বাগিচা তৈয়াৰ কৰাৰ পৰিকল্পনা বৰ্ত্তমান কমিটিখনে হাতত লৈছে

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *