May 16, 2022

Tarun Ram Phukan Biography in Assamese | তৰুণ ৰাম ফুকনৰ জীৱনী

Tarun Ram Phukan Biography in Assamese

তৰুণ ৰাম ফুকন ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা আছিল। তেখেত এগৰাকী সুদক্ষ বক্তা আছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক দেশভক্ত উপাধিৰে বিভূষিত কৰা হয়।

জন্ম আৰু শিক্ষা Tarun Ram Phukan Biography in Assamese

গুৱাহাটীৰ ভৰলুমুখত ১৮৭৭ চনৰ ২২ জানুৱাৰীত তৰুণ ৰাম ফুকনৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম বলৰাম ফুকন আৰু মাতৃ ভাগীৰথী। দেউতাক বলৰাম ফুকন এজন নিপুণ চিকাৰী আছিল। পেছাগতভাৱে তেওঁ বিজনীৰ ৰজাৰ দেৱান আছিল। তদুপৰি তেওঁৰ হাতীৰ মহল আৰু ব্যৱসায় আছিল। জীৱনৰ প্ৰথমছোৱাত তেখেতে ঘৰতেই গুৰুৰ অধীনত সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিল। পাছত গুৱাহাটীৰ কলেজিয়েট স্কুলত (Collegiate School) নাম লগাই, সেই স্কুলৰপৰা প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ১৮৯২ চনত। কলিকতাৰ প্ৰেছিডেন্সী কলেজৰপৰা তেওঁ এফ এ পাছ কৰি বি এ উত্তীৰ্ণ নোহোৱাকৈয়ে, তেখেতে লণ্ডনত ওকালতি স্নাতকৰ (Barrister-at-Law) অধ্যয়নৰ বাবে যায়। তেখেত আছিল অসমৰ তৃতীয়জন বেৰিষ্টাৰ।

Tarun Ram Phukan Biography in Assamese
জন্ম১৮৭৭ চন
ভৰলুমুখ, গুৱাহাটী, অসম
মৃত্যু১৯৩৯ চন
পেচাভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা
দাম্পত্যসঙ্গীবিদ্যুৎপ্ৰভা

সৰুৰে পৰা বহু বিষয়ত প্রতিভাধৰ আছিল তৰুণৰাম। পঢ়া-শুনাত যেনে পাকৈত, খেলা-ধূলাতাে আছিল আগৰণুৱা। সংস্কৃতৰ লগতে ইংৰাজী ভাষাত বক্তৃতা দি ছাত্ৰাৱস্থাতে সকলােৰে মন মুহিছিল। অতি দেখনিয়াৰ তৰুণৰামৰ শৈশৱতে নাম দিয়া হৈছিল কন্দর্প কুমাৰ’। চিকাৰতাে তেওঁ আছিল পাকৈত আৰু সাহসী। ঘোঁৰা চোৱাৰী হিচাপেও তেওঁৰ নাম আছিল।

গুৱাহাটীৰ কলেজিয়েট স্কুলৰ পৰা এস্ট্রেন্স পাছ কৰি কলিকতালৈ গৈ ফুকনে ইডেন হােষ্টেলত থাকি প্রেডিডেন্সী কলেজত নামভর্তি কৰে। অতি সুন্দৰকৈ ৰসাল কথা ক’ব জনা ফুকন আছিল সদালাপী আৰু বুদ্ধিমান। তেওঁ সৰুৰে পৰা পিন্ধাউৰা, ফুৰা-চকা সকলোেতে চৌখিন আছিল। সেই সময়ত কলিকতা হেন চহৰতাে বাইচাইকেলৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা আছিল। ফুকনে চাইকেল এখন কিনি সমগ্ৰ কলিকতাত ফুৰা-চকা কৰিছিল। তেৱেঁই আছিল বাইচাইকেলত উঠা প্রথম অসমীয়া ।

যথা সময়ত এফ.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ বি.এ. পৰীক্ষা নিদিয়াকৈ নিজ বুদ্ধিৰে অর্থ সংগ্রহ কৰি তেওঁ বিলাতলৈ বেৰিষ্টাৰী পঢ়িবলৈ যায়। তেওঁক এইক্ষেত্ৰত সহায় কৰিছিল গােৱালপাৰাৰ ‘মেছপাৰা ষ্টেট’ৰ জমিদাৰ ভােলানাথ চৌধুৰীয়ে। যথা সময়ত বেৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ আহি তেওঁ কলিকতা হাইক’ত ওকালতি আৰম্ভ কৰে। তেওঁ আছিল তৃতীয়গৰাকী অসমীয়া বেৰিষ্টাৰ। নিজৰ তীক্ষ্ণ বুদ্ধি, পৰিশ্ৰম শক্তি আৰু সুদর্শন ব্যক্তিত্বৰ বাবে অতি কম দিনতে বিখ্যাত উকীল হিচাপে প্রতিষ্ঠিত হয়। সেই সময়ত তেওঁ কলিকতাত ইমান জনপ্রিয় হৈ উঠিছিল যে কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে তৰুণৰামলৈ নিজৰ কন্যা এগৰাকী বিয়া দিবৰাে ইচ্ছা প্রকাশ কৰিছিল। কিন্তু নিজৰ পাৰিবাৰিক ঐতিহ্যক কৃতজ্ঞতা প্রদর্শন কৰা ফুকনে সেই প্রস্তাৱ সসম্মানে প্রত্যাখ্যান কৰিছিল।

বিবাহ জীৱন

পাছত ফুকন গুৱাহাটীলৈ আহে আৰু ওকালতি আৰম্ভ কৰে। তেতিয়া নতুনকৈ স্থাপিত হােৱা আর্ল ল’ কলেজতাে ১৯১৪ৰ পৰা তেওঁ অধ্যাপনা কৰে। ডিব্ৰুগড়ৰ ৰায়বাহাদুৰ পৰশুৰাম খান্দৰ তৃতীয় কন্যা বিদ্যুৎপ্রভা দেৱীক বিয়া কৰাইছিল ফুকনে। এই দম্পতীৰ আছিল দুজনী কন্যা আৰু দুজন পুত্র। প্রথমা কন্যা প্রতিভা দেৱীৰ বিয়া হৈছিল সাহিত্যিক দেশপ্রাণ লক্ষ্মীধৰ শৰ্মাৰ সৈতে। এই জী-জোঁৱাইৰ অকাল মৃত্যু ঘটিছিল। পত্নী বিদ্যুৎপ্রভাও বৰ বেছিদিনলৈ জীয়াই থকা নাছিল।…

কৰ্মজীৱন

লণ্ডনৰপৰা উভতি আহি তেখেতে কিছুদিন কলিকতাত ওকালতি কৰিবলৈ লয়। পাছত গুৱাহাটীলৈ উভতি আহি ওকালতি আৰম্ভ কৰে। ১৯১৪ চনৰ পৰা গুৱাহাটীৰ আৰ্ল ল কলেজত (Earle Law College) কিছুদিন শিক্ষকতা কৰে। ডিব্ৰুগড়ৰ পৰশুৰাম খাউণ্ডৰ জীয়ৰী বিদ্যুৎপ্ৰভাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান

১৯১৪ চনত তৰুণ ৰাম ফুকনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়ে।

তৰুণৰাম ফুকনে কলিকতাত পঢ়ি থাকোতেই ১৮৯৬ চনত কংগ্ৰেছৰ সদস্য পদ গ্রহণ কৰিলেও সক্রিয় কর্মী নাছিল। পাছত কর্মবীৰ নবীনচন্দ্ৰৰ উৎসাহত ওকালতিৰ লগতে কংগ্ৰেছী আন্দোলন সফল কৰিবলৈ তেওঁ তৎপৰ হৈছিল। ১৯১৭ত অসমৰ শাসন-সংস্কাৰ সংক্রান্তীয় কার্যৰ বাবে অসমৰ পৰা যােৱা সজাতী দলৰ অন্যতম সদস্য আছিল তেওঁ। মতিলাল নেহৰু, চিত্তৰঞ্জন দাস প্ৰমুখ্যে সর্বভাৰতীয় নেতাগণৰ লগত স্বৰাজ দলত যােগ দি এজন সর্বভাৰতীয় নেতাৰ মর্যাদা লাভ কৰিছিল ফুকনে। অসমৰ প্রতিনিধি হিচাপে ‘ভাৰতীয় ব্যৱস্থাপক সভা’ত কেইবাবছৰৰ তেওঁ কার্যনির্বাহ কৰিছিল। ১৯২১ত মহাত্মা গান্ধী অসমলৈ আহােতে তৰুণৰাম ফুকনৰ ঘৰতে আলহী হৈছিল। অসহযােগ আন্দোলন অসমত কৃতকার্য হােৱাৰ মূলতে আছিল ফুকন-বৰদলৈৰ অদমনীয়

দক্ষ আৰু জনপ্রিয় নেতা ফুকন গুৱাহাটী পৌৰ নিগম আৰু লােকেল বাের্ড চেয়াৰমেন হিচাপে নির্বাচিত হৈছিল কেইবাবাৰাে। অসম এছচিয়েছনৰ গােৱালপাৰা অধিৱেশন, অসম ছাত্ৰ সন্মিলনীৰ তেজপুৰ আৰু শিৱসাগৰৰ অধিৱেশনত দুবাৰকৈ সভাপতি হৈছিল। ১৯২৬ত পাণ্ডুত অনুষ্ঠিত কংগ্ৰেছ মহাসভাত আদৰণি সমিতিৰ সভাপতি হিচাপে তেওঁ অতি দৃঢ়তাৰে কাম কৰি সহযােগী নবীন চন্দ্ৰ বৰদলৈ আৰু ৰােহিণীকান্ত হাতীবৰুৱাৰ দৰে দেওলীয়া হৈছিল। বহু অনুষ্ঠান-প্রতিষ্ঠানৰ লগত জড়িত অদ্বিতীয় এই নেতাজনৰ বিষয়ে গােপীনাথ বৰদলৈয়ে কৈছিল— “যি ঠাইত ফুকনৰ উপস্থিতি, সেই ঠাইত নিৰানন্দ থাকিব নােৱাৰে, নৈৰাশ্যৰ ভাব আহিব নােৱাৰে, অসজ আৰু অন্যান্য কথা আলােচনা হ’ব নােৱাৰে।”

মহাত্মা গান্ধী প্ৰথমবাৰ অসমলৈ আহােতে ফুকনে নিজৰ টোলত এক বিৰাট সভাৰ আয়ােজন কৰিছিল। কোৱা হয়, সেই সভাত ২৫ হেজাৰ লােকে অংশগ্রহণ কৰিছিল। মহাত্মাই ইংৰাজীত বক্তৃতা দি গৈছিল আৰু ফুকনে সেয়া লগে লগে অনুবাদ কৰি ৰাইজক শুনাইছিল। তেতিয়া গান্ধীৰ ইয়ং ইণ্ডিয়া’ কাকতত লিখা হৈছিল— “বাস্তৱিকতে তৰুণৰাম ফুকনৰ ক্ষমতা অদ্ভুত মহাত্মাজীৰ বক্তৃতা শেষ হলেই তেওঁ অকণাে চিন্তা নকৰি তৎক্ষণাত তাক হুহু অসমীয়ালৈ ভাঙি ৰাইজক কৈ যায়। আশ্চর্য বিষয় এই যে আচল বক্তৃতাৰ এটা কথাও অনুবাদত বাদ নপৰে।” এনে বিচক্ষণ বক্তা আৰু নেতাই আদৰণি সমিতিৰ সভাপতিৰ দায়িত্ব লৈ পাণ্ডু কংগ্ৰেছ মহাসভাৰ সকলাে কাম দক্ষতাৰে সম্পন্ন কৰা দেখি বহুতেই আশা কৰিছিল, তেওঁ সর্বভাৰতীয় কংগ্ৰেছ দলৰ সভাপতি হ’বলৈ আৰু বেছি দূৰ নাই।

কিন্তু সেই দূৰত্ব পােৱাৰ আগতেই কংগ্রেছৰ সৈতে ফুকনৰ মনােমালিন্য হ’ল। এই মনােমালিন্য হৈছিল এটা নীতিক কেন্দ্ৰ কৰি। ১৯২৯ চনত লাহােৰত অনুষ্ঠিত কংগ্ৰেছত (সভাপতি আছিল জৱাহৰলাল নেহৰু) ভাৰতৰ মূল লক্ষ্য পূর্ণ স্বাধীনতা’ বুলি ঘােষণা কৰা হয়। তাৰ লগে লগে কংগ্ৰেছৰ পৰা নিদের্শ জাৰি কৰা হ’ল যে ভাৰতৰ জেনেৰেল এম্বেলিত যিসকল কংগ্ৰেছ সদস্যই প্রতিনিধিত্ব কৰি আছে, তেওঁলােকে ততালিকে সেই পদ ত্যাগ কৰিব লাগে। তৰুণৰাম ফুকনে কিন্তু এই নির্দেশ অমান্য কৰিলে। কাৰণ তেওঁ বুজিছিল যে ইংৰাজৰ সৈতে সমানকৈ বহি জেনেৰেল এছেম্বলিত বিভিন্ন দাবী জনালেহে ভাৰতে সােনকালে স্বাধীনতা পাব। তদুপৰি এই এছেম্বলিৰ সদস্যসকলে ৰাজনীতি আৰু গণতন্ত্রৰ বিষয়ে ইংৰাজ প্রশাসকৰ পৰা শিকিবলগীয়াও বহু কথা আছে। তেওঁ বুজিছিল যে নেতাসকলে ৰাজনীতি আৰু প্ৰশাসনৰ প্রকৃত জ্ঞান আৰু বিচক্ষণতা আয়ত্ব কৰিব নােৱাৰিলে এই দেশ স্বাধীন হলেও বিশেষ কামত নাহিব।

ফুকনৰ মনােভাৱ বুজিবলৈ তেতিয়া কংগ্রেছৰ সময় নাছিল। তেওঁ কংগ্ৰেছৰ পৰা ওলাই আহিল। অৱশ্যে তেওঁ বিতাৰিত হােৱাৰ নেপথ্যত যিটো নীতি আছিল, সেইনীতিক পুনৰ আঁকোৱালি ল’বলৈ কংগ্ৰেছৰ বেছিদিন নালাগিল। কংগ্রেছে পুনৰ জেনেৰেল এম্বেলিত যােগ দিয়াৰ কথা ঘােষণা কৰিলে। অৱশ্যে ফুকন পুনৰ কংগ্রেছলৈ উভতি নাহিল।

সাহিত্য

ৰাজনীতিৰ দৰেই সাহিত্যৰ ক্ষেত্ৰতাে তৰুণৰাম ফুকনৰ আছিল অবাধ বিচৰণ। আন এটি বিশেষত্ব এয়াই আছিল যে তেখেতৰ বঙালী, উৰিয়া, হিন্দী, সংস্কৃত, পাৰ্চী, উর্দু, ইংৰাজী আদি বহু ভাষা-সাহিত্যৰ যথেষ্ট জ্ঞান আছিল। দেশভক্ত ফুকনে অসহযােগ আন্দোলনত নেতৃত্ব দি কাৰবাস খাটিব লগা হােৱা সময়ছােৱাতাে প্রবন্ধকবিতা আদি লিখিছিল। প্রখ্যাত চিকাৰী ফুকনে চিকাৰ বিষয়ক লিখা বহু প্রবন্ধই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেওঁৰ ‘স্তুতিমালা’ কাব্যগ্রন্থই যথেষ্ট জনপ্রিয়তা পাইছিল। সর্বেশ্বৰ শৰ্মা কটকীয়ে ফুকনৰ বিষয়ে লিখিছে— “..ধুবুৰীত বহা সাহিত্য সন্মিলনীত দৈৱাৎ অসমীয়া আৰু বঙালী ভাষাৰ সম্বন্ধ লৈ এক বিষম সমস্যাৰ উদ্ভৱ হয় আৰু ডাঙৰ এটা সংঘর্ষ ঘটিবৰ উপক্রম হয়। সেই সভাত দেশভক্ত ফুকনে মাতৃভাষাৰ পৰিস্থিতি সম্পর্কে কেনে হৃদয়গ্রাহী, সময়ােপযােগী তেজোময়ী বক্তৃতাৰে দীপ্তিমান জন-মণ্ডলীক সাম্য কৰিছিল, তাক দেখােতাসকলে পাহৰিব নােৱাৰে, অসমীয়া ভাষাৰ প্ৰাণময়ী মূর্তি যেন ফুকনৰ মুখেদি প্রকাশিত হৈছিল।… তেওঁৰ অসমীয়া লিখাৰ নীতি সৰল আৰু ৰসময় আছিল; ভাষা প্রাঞ্জল

আৰু শব্দযােজনা মধুৰ আছিল। তেওঁ ঠাই বুজি খুহুটীয়া কথাৰ অৱতাৰণা কৰি শ্রোতা-পাঠকৰ মনত হাস্যৰসৰ উদ্রেক কৰিব পাৰিছিল, গভীৰ ভাবৰ কথাত সংস্কৃত, উর্দু আদি উক্তি দিব পাৰিছিল। তেওঁ মহাকবি ছেক্সপীয়েৰৰ বিখ্যাত উক্তিবােৰ মুখস্থ মাতিব পাৰিছিল।“

ৰাজনীতি, ওকালতি, সাহিত্য চর্চা, চিকাৰ আদি যিয়েই নকৰক, সকলােতে ফুকনে শ্রেষ্ঠতম প্রতিভাৰ পৰিচয় দিছিল। বিলাসিতা আৰু ভ্ৰমণত তেওঁ আছিল আগৰণুৱা। আজি অত কাইলৈ ত‘ত ঘূৰি ফুৰা ফুকনৰ স্বভাৱ আছিল। জীৱনত তেওঁ কেইবাবাৰাে বিলাতলৈ গৈছিল, ঠিক তেনেদৰে ঘূৰি ফুৰা বাহন মটৰ গাড়ীও সলাইছিল বাৰে বাৰে। পৰ্বতীয়া জনজাতীয় লােকসকলকো মুহিছিল তেওঁলােকৰ নিজৰ ভাষা বা দোৱানত ভাষণ দি। সকলাে জাতৰ, সকলাে ধৰ্মৰ মানুহৰ সৈতে তেওঁৰ আছিল হৃদয়ৰ সম্পর্ক।

অন্যান্য অৱদান Tarun Ram Phukan Biography in Assamese

তৰুণ ৰাম ফুকনক অসমৰ মানুহে দেশবন্ধু বুলি সন্মান দিছিল। ডেকা সকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ উদ্বুদ্ধ কৰাত তেখেতৰ অৱদান আছিল উল্লেখনীয়। ডেকা নেতাসকলত তৈয়াৰ কৰাতো তেখেতে যথেষ্ট অৰিহণা যোগাইছিল। অসমীয়াৰ বাহিৰেও তেখেতে উড়িয়া, হিন্দী, বঙালী, সংস্কৃত, ফাৰ্ছী আৰু উৰ্দু ভাষাত লিখা-মেলা কৰিব পাৰিছিল। সুদক্ষ বক্তা তৰুণ ৰাম ফুকনে অসমীয়া আৰু অসমত প্ৰচলিত অন্য দোৱানত সাৱলীল ভাষণ দিব পাৰিছিল। জীৱনৰ শেষৰ কেইটামান বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তৰুণ ৰাম ফুকনৰ বিৰোধ চলি আহিছিল যদিও, দেশপ্ৰেমৰ কামত তেওঁ কেতিয়াও পিছ হুঁহকি অহা নাছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক ‘দেশভক্ত’ উপাধিৰে বিভূষিত কৰা হয়।

তৰুণ ৰাম ফুকনে কলিকতাত পঢ়ি থকা অৱস্থাত কলিকতাৰ ৰাজ পথত চাইকেল চলোৱা প্ৰথম গৰাকী অসমীয়া আছিল।

মৃত্যু

ফুকনৰ মৃত্যু আছিল অতি আকস্মিক। সামান্য পানী লগা অসুখত ভুগিছিল। ১৯৩৯ ২৮ জুলাইৰ আবেলি গা ধােৱা ঘৰত পিছলি তেওঁৰ হৃদক্রিয়া বন্ধ হয়। তেওঁৰ মৃতদেহ হেজাৰ হেজাৰ মানুহে শােভাযাত্রা কৰি কঢ়িয়াই নিছিল কামাখ্যা শ্মশানলৈ। দেশভক্ত ফুকনৰ আকস্মিক মৃত্যুৰ বাতবিত ড°ৰাজেন্দ্র প্রসাদে মর্মাহত হৈ লিখিছিল— “ফুকনৰ মৃত্যুৰ বাতৰি পাই মর্মাহত হৈছাে। সেই তাহানিৰ অসহযােগ আন্দোলনৰ দিনৰ পৰা তেওঁক জানিবলৈ সুযােগ পাইছিলাে। তেওঁ এজন সাহসী আৰু সুনিপুণ যােদ্ধা আছিল। দেশৰ কাৰণে বিস্তৰ ত্যাগ কৰিছিল। যদিও শেহৰ কালডােখৰত সহকৰ্মীসকলৰ লগত মত-বিৰােধ হৈ অকলশৰীয়াকৈ জীৱন-যাপন কৰিছিল, তথাপি দেশকর্মী আৰু প্রসিদ্ধ নেতা হিচাপে তেওঁৰ স্থান অকণাে কমা নাছিল। এই সন্ধিক্ষণত তেওঁৰ মৃত্যু এটা ডাঙৰ ক্ষতি।”

নীতি-আদৰ্শৰ ক্ষেত্ৰত কাহানিও আপােচ নকৰা, ৰাইজক মন্ত্রমুগ্ধ কৰা বাগ্মী পুৰুষ ফুকনে ইচ্ছা কৰা হলে বহু সুবিধা ভােগৰ সুযােগ পালেহেঁতেন। কিন্তু সেয়া নকৰিলে, কাৰণ তেওঁ বুজিছিল যে জীৱনৰ মহত্ত্ব সেইখিনিতে, য’ত থাকে ত্যাগৰ মানসিকতা। সচৰাচৰ অৰ্থত তেওঁ ‘ভােগী’ হলেও তেওঁৰ তেজত আছিল যােগী‘ৰ চৰিত্ৰ। সেইবাবেই তেওঁ মহৎ।

You also Read

Reference

  • I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published.