April 14, 2024

Bhupen Hazarika Biography in Assamese। ভূপেন হাজৰিকাৰ জীৱনী

Bhupen Hazarika Biography in Assamese

ড॰ ভূপেন হাজৰিকা (১৯২৬-২০১১) অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবঙ্গ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড॰ হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গানত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ প্ৰভুত উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। সংগীত, সাহিত্য, পৰিৱেশ্য কলা (performing arts), চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব এছিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল।

জন্ম৮ ছেপ্টেম্বৰ, ১৯২৬
শদিয়া, অসম, ব্ৰিটিছ ভাৰত
মৃত্যু৫ নৱেম্বৰ, ২০১১ (৮৫ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তাভাৰতীয়
অন্য নামসুধাকণ্ঠ
শিক্ষানুষ্ঠানকটন মহাবিদ্যালয়, কাশী হিন্দু বিশ্ববিদ্যালয়, কলম্বিয়া বিশ্ববিদ্যালয়
পেচাসংগীতকাৰ, গায়ক, কবি, চলচ্চিত্ৰ নিৰ্মাতা, গীতিকাৰ
সক্ৰিয় হৈ থকা সময়১৯৩৯–২০১০
দাম্পত্যসঙ্গীপ্ৰিয়ম্বদা পেটেল (বি. ১৯৫০–৬৩)
পিতৃ-মাতৃনীলকান্ত হাজৰিকাশান্তিপ্ৰিয়া হাজৰিকা
সন্তানতেজ ভূপেন হাজৰিকা (জন্ম ১৯৫২)
আত্মীয়-স্বজনজয়ন্ত হাজৰিকা (ভাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদিভাৰত ৰত্ন (২০১৯, মৰণোত্তৰভাবে)
পদ্মবিভূষণ (২০১২, মৰণোত্তৰভাবে)
পদ্মশ্ৰী (১৯৭৭)
দাদাচাহেব ফাল্কে বঁটা (১৯৯২)
পদ্মভূষণ (২০০১)
সংগীত নাটক একাডেমী বঁটা (১৯৮৭)
অসম ৰত্ন (২০০৯)

সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড॰ হাজৰিকা কেৱল অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত নাটক একাডেমী বঁটাৰ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ড॰ হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতি আছিল। সংগীত নাটক একাডেমীৰ শ্বেয়াৰমেন পদ লাভ কৰোঁতা হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি।

তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৯ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।

জন্ম আৰু পৰিয়াল Bhupen Hazarika Biography in Assamese

ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। তেখেতসকলৰৰ ভাই-ভনী সকলো মিলি মুঠ দহটা সন্তান আছিল। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা। বাকী কেইগৰাকী হৈছে অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, সুদক্ষিণা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল, জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা। ভূপেন হাজৰিকাৰ অনুজ জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা, সুদক্ষিণা শৰ্মাও আগশাৰীৰ সংগীত শিল্পী। ড॰ হাজৰিকাই তেওঁৰ সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিবেশৰ পৰা লাভ কৰিছিল। তেখেতৰ পিতাক প্ৰথমে আছিল শিক্ষক, পিছলৈ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু শেষত মাটিৰ হাকিম হয়।

শদিয়াত থাকোঁতে ভূপেন হাজৰিকাৰ ঘৰৰ লগত আদিবাসী মানুহৰ খুউব মিলা-প্ৰীতি আছিল। তেওঁলোকৰ ঘৰৰপৰা বহু দূৰৈত থকা বনুং গাঁওখনৰ মানুহে আহি কেঁচুৱা ভূপেনক চোৱা-চিতা কৰিছিল। শান্তিপ্ৰিয়াক বৰ মৰম কৰিছিল তেওঁলোকে। পঞ্চলিছডাল জুইশলা কাঠী দিলে পঞ্চলিশদিন কাম কৰি দিছিল একোজনী আদিবাসী ছোৱালীয়ে। বোধহয় তেওঁলোক বিনিময় প্ৰথাত বিশ্বাস কৰিছিল। ভূপেন হাজৰিকা ডাঙৰ হ’লত ফুৰাবলৈ পেৰামবুলেটৰ (কেঁচুৱা ফুৰোৱা গাড়ী) কিনিবলৈ দেউতাক নীলকান্ত হাজৰিকাৰ ধন নাছিল। তেতিয়া ওচৰৰে চাহাব এজনে দেউতাকক মাতি নি তেওঁৰ ঘৰত থকা গাড়ী এখন উপহাৰস্বৰূপে দিছিল। সেইখন গাড়ীতে আদিবাসী ছোৱালীবিলাকে কেঁচুৱা ভূপেনক ঘূৰাই লৈ ফুৰাইছিল।

মাক-দেউতাকে তেওঁৰ নামটো ভূপেন্দ্ৰ কুমাৰ হাজৰিকা বুলি ৰাখিছিল। পিছে ঘৰত সদায়েই ডাঙৰমইনা বুলি মাতিছিল।

শৈশৱ আৰু শিক্ষা Bhupen Hazarika Biography in Assamese

ড॰ হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ‘Role of Mass Communication in India’s Adult Education’ (ৰ’ল অৱ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন) বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচ্চিত্ৰৰ ভূমিকা অধ্যয়নৰ বাবে লিছ্‌ল ফেল’শ্বিপ লাভ কৰিছিল।

প্ৰাইমেৰী বিদ্যালয়ৰ এছোৱা সময় ভূপেন হাজৰিকাই ঘৰতে পঢ়িছিল। কাৰণ, ভৰলুমুখৰ আইতাকৰ ঘৰখনত প্ৰায় আটাইবোৰ সদস্যয়েই শিক্ষা-বৃত্তিৰ লগত জড়িত আছিল। দেউতাক আছিল কটন কলেজিয়েট হাইস্কুলৰ শিক্ষক, মাহীয়েক ভৱপ্ৰিয়া দাস মাছখোৱা ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী আৰু ককাক ৰতিকান্ত দাসো আছিল এজন শিক্ষক। তেওঁলোক আটায়ে মিলি ভূপেন হাজৰিকাক অ-আ-ক-খ শিকাইছিল। অংক বিষয়ত ভূপেন হাজৰিকাৰ বৰ মন নাছিল। তৃতীয় শ্ৰেণীলৈকে তেওঁ ঘৰতে পঢ়িছিল। তাৰপিছতহে তেওঁক সোণাৰাম হাইস্কুলত নাম লগাই দিয়া হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল ছবছৰ।

ভৰলুমুখৰ ঘৰত থাকোঁতেই মাহীয়েক ভৱপ্ৰিয়া দাসে ভূপেন হাজৰিকাক এখন হাৰমনিয়াম আনি দিছিল। তেওঁলোকৰ ওচৰতে থকা দাসগুপ্ত নে সেনগুপ্ত নামৰ এক্সাইজ ছুপাৰিণ্টেডেণ্ট এজনে অৰ্গেনত ব্ৰাহ্মসংগীত বজাইছিল। ভূপেন হাজৰিকাই সেইবোৰ শুনিছিল। ভূপেন হাজৰিকাৰ মাকে পদ্মধৰ চলিহাৰ গীত, ব্ৰাহ্মসংগীত, বঙালী গীত, ৰবীন্দ্ৰসংগীত গাইছিল। ঘৰত বৰগীতৰ চৰ্চাও চলিছিল। এনেকৈয়ে সৰুতেই নিজৰ ঘৰখনত ভূপেন হাজৰিকাৰ সংগীতৰ লগত পৰিচয় হৈছিল।

কর্ম সংস্থান, বিবাহ

নিউয়র্কত থকাৰ সময়ত আমেৰিকাৰ ভাৰতীয় ছাত্রসন্থাৰ প্ৰধান সম্পাদক নির্বাচিত আৰু নিউ ইণ্ডিয়া ইংৰাজী কাকতৰ সম্পাদকৰ দায়িত্বও পালন কৰে। তাৰ পাচতে কিছুকাললৈ আকাশবাণীতে চাকৰি কৰে। ১৯৫৪ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালত অধ্যাপকৰূপে যােগদান কৰে। কিন্তু এবছৰৰ পাচতেই বিশ্ববিদ্যালয় বিসর্জন দি কলিকতালৈ যাত্ৰা কৰে। তাৰ পিছত ৰাজনীতিত নামি পৰে আৰু ১৯৬৭ চনৰ পৰা ৭২ লৈ নাওবৈছা সমষ্টিৰ বিধায়ক হিচাপে নির্বাচিত হয়। ১৯৫০ চনত গুজাৰটী যুৱতী প্রিয়ম্বদা পেটেলৰ সৈতে তেওঁ নিউয়র্কত যুগ্ম জীৱনৰ পাতনি মেলে। তাৰ ১৩ বছৰৰ পাছত তেওঁলােকৰ বিচ্ছেদ ঘটে। তেওঁলােকৰ একমাত্র সন্তান বর্তমান আমেৰিকাবাসী তেজ হাজৰিকা।

ড॰ হাজৰিকাই কিছুদিন বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত, উক্ত অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈছিল। ১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকা অসম বিধানসভাৰ সদস্য আছিল। নাওবৈচা সমষ্টিৰপৰা তেখেতে বিধায়ক নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত তেখেতে এটা ফিল্ম ষ্টুডিঅ’, এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে যুঁজ দিছিল।। তেখেতে কাৰ্যনিবাহ কৰা অন্য পদসমূহ হ’ল:

  • শ্বেয়াৰমেন, এপেলেট বডী অৱ চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চেঞ্চৰ্ছ, ভাৰত চৰকাৰ, ১৯৯০ ৰ পৰা আৰম্ভ কৰি ৯ বছৰ
  • মেম্বাৰ, স্ক্ৰীপ্ট কমিটী অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ইষ্টাৰ্ণ ইণ্ডিয়া
  • ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দ্য ব’ৰ্ড অৱ ডাইৰেক্টৰ্ছ অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ভাৰত চৰকাৰ
  • এক্‌জিকিউটীভ কাউনঞ্চিল মেম্বাৰ, চিল্ড্ৰেঞ্চ ফিল্ম ছ’চাইটী
  • মেম্বাৰ, ব’ৰ্ড অৱ ট্ৰাষ্টীজ, পুৱৰ আৰ্টিষ্ট্‌ছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ
  • শ্বেয়াৰমেন, জুৰী অৱ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড্‌ছ, ১৯৮৫
  • জুৰী মেম্বাৰ, জুৰী অৱ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড্‌‌ছ, ১৯৫৮-ৰ পৰা ১৯৯০-লৈকে কেইবাবাৰো
  • মেম্বাৰ, পি চি জোশী কমিটী। এই কমিটী ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰালয়ে টেলিভিছন কাৰ্যক্ৰমৰ সহায়ত একবিংশ শতিকাত ভাৰতত ছফ্টৱেৰ প্ৰ’গ্ৰেমিঙত প্ৰোৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান কৰিবলৈ নিয়োগ কৰিছিল।
  • মেম্বাৰ, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পলিচী মেকিং বডী, ভাৰত চৰকাৰ

সংগীত প্রতিভা

কৈশােৰ অৱস্থাতে ড° হাজৰিকাই কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান, নামৰে সুৰতে আনন্দত নাচিছিল পৱিত্ৰ বৰদোৱা থান মােৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান’ গীত ৰচনা কৰি গীতি সাহিত্যৰ নৈ বােৱাই সংগীত প্রতিভাৰ পৰিচয় দিছিল। পাচ বছৰ বয়সতে ১৯৩০ চনৰ ৩০ সংগীত প্রতিভা অক্টোবৰত গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলত অনুষ্ঠিত ৰাজহ্বা অনুষ্ঠানত গীত পৰিৱেশন কৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ তামােলৰ পিক সনা চুমাৰ পৰশ পাইছিল। হয়তাে ইয়ে ভূপেন হাজৰিকাৰ বাবে আছিল আর্শীবাদ স্বৰূপ। অসমী আই ৰূপহী গুণৰাে নাই শেষ ভাৰতৰে পূৰ্ব দিশত সূর্য উঠা দেশ’গীতটোত তেওঁ অসমী আইৰ যি ৰূপ আৰু বৈশিষ্ট্যৰ ছবি আঁকিলে, সেয়া যেন অসমীয়াৰ জাতীয় সংগীত তুল্য।‘হেহেহে’ ঢােলেডগৰে’, ‘মই এটি যাযাবৰ’, ‘সাগৰ সংগমত’, ‘বুকু হম হম কৰে মােৰ আইৰ’, ‘জিলিকাব লুইতৰে পাৰ’, ‘বিমূর্ত মােৰ নিশাটি যেন’, ‘অ’ বিদেশী বন্ধু’, ‘পখীৰাজ ঘোঁৰা’, ‘লুইতপৰীয়া ডেকা বন্ধু, এন্ধাৰ ৰাতিৰ নিশাতে’, ‘বৰদৈচিলা নে সৰু দৈ চিলা’, আদিকে ধৰি অজস্র গীতৰ সােৱাদ যিয়ে প্ৰকৃততেই লাভ কৰিছে আৰু তেওঁৰ জীৱন বৃত্তান্ত জানিব পাৰিছে, তেওঁ বুজিব যে ভূপেন হাজৰিকা ব্যক্তিত্ব কেনেধৰণৰ তেওঁৰ চিৰসেউজ গীতবােৰে তেওঁৰ সংগীত প্রতিভাৰে আভাস দিয়ে। তেওঁৰ | এই প্রতিভাৰ আপাহতে তেওঁ অসমীয়াৰ পিতৃস্বৰূপ।

সাহিত্যিক প্রতিভা

ভূপেন হাজৰিকাদেৱে কেবাখনাে পুথি প্রণয়ন কৰে। অ-আ-ক,খৰ অকণিৰ উপযােগীকৈ আন এখন পুথি প্রণয়ন কৰে। সাহিত্যৰ প্ৰতি থকা অনুৰাগৰ সাক্ষী এই পুথিবােৰেও মানৱক আন সাহিত্যিক প্রতিভা এক সুকীয়া আমেজ দি আছে। অসমীয়া সাহিত্যৰ পুঞ্জীটো টনকীয়াল কৰিবৰ বাবে তেওঁ এহােপুৰুষাৰ্থ কৰিছিল। বাস্তৱবাদী পুৰুষ হাজৰিকাৰ হাতৰ লেখনিয়ে এক সূকীয়া মানদণ্ড বজাই ৰাখিছে। ড° হাজৰিকাদেৱৰ অন্যান্য সাহিত্য কর্মৰ ভিতৰত সুন্দৰৰ ন দিগন্ত, সুন্দৰৰ সৰু বৰ আলিয়েদি, সময়ৰ পখী ঘোঁৰাত উঠি, সহস্রজনে মােক প্রশ্ন কৰে, কৃষ্টিৰ পথাৰে পথাৰে, জ্যোতি ককাইদেউ, বিষ্ণু ককাইদেউ, ব’হাগ মাথোঁ এটি ঋতু নহয়, বহ্নিমান লুইতৰ পাৰে পাৰে, নন্দনতত্ত্বৰ কৰ্মীসকল, সোঁৱৰণী মােৰ ৰাঙলী জীৱনৰ, সম্পাদকীয়, মােৰ দেশঃ মোেৰ মনৰ কথা, প্রসংগ সুন্দৰৰ ইত্যাদি প্ৰৱন্ধ সংকলন। সেইদৰে | জিলিকাব লুইতৰে পাৰ, সংগ্রাম লগ্নে আজি, আগলি বংহৰে লাহৰি গগনা, বহ্নিমান ব্ৰহ্মপুত্র, গীতাৱলী আদি গীতৰ সংকলন। দিহিঙে-দিপাঙে, মই এটি যাযাবৰ এই দুখন ভ্রমণ কাহিনী ইত্যাদি বিশেষভাবে উল্লেখযােগ্য।

সংগীত পৰিচালক হিচাপে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত

অসমৰ বহুকেইখন চলচ্চিত্ৰত তেওঁ সংগীত পৰিচালনা কৰাৰ বাহিৰেও ভাৰত বিভিন্ন আঞ্চলিক ভাষাত গীত গায় আৰু সংগীত পৰিচালনা কৰে। তেওঁ সর্বপ্রথম সংগীত পৰিচালনা কৰা চলচ্চিত্ৰখন হ’ল এৰাবাটৰ সুৰ’ ১৯৫৬ চন। তাৰ পিছত ক্রমে পিয়লি সংগীত পৰিচালক হিচাপে ফুকন’, ‘ধুমুহা’, ‘কেঁচা সােণ’, মণিৰাম দেৱান’, ‘চিকমিক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বিজুলী’, ‘কাঁচঘৰ’, ‘খােজ, ‘পলাশৰে ৰং’, বনহংস’, বনজুই’, ‘অকণ’, ‘অপৰূপা’, ‘মা’, ‘যুগে যুগে সংগ্রাম’, ‘প্রতিশােধ’, ‘প্রিয়জন’, ‘অশান্ত প্রহৰ’, আদি। হিন্দী আৰােগ (১৯৭৩) অপেক্ষা’, ‘একপল’, ৰুদালী’, ‘মিল গয়ী মঞ্জিল, মুঝে’, ‘পপিহা’, ‘মিয়া’, ‘গজগামিনী’, ‘চাজ’, ‘কিউ’। বাংলা জীৱন তৃষ্ণা’, ‘জোনাকীৰ আলাে’, ‘পড়ি ও কোমল’, ‘অসমাপ্ত’, ‘এখানে পিঞ্জৰ’, ‘দম্পতি আদি।অসমীয়াৰ উপৰিও তেখেতে ১৯৫৮ চনত ‘মাহুত বন্ধুৰে নামৰ বাংলা চলচ্চিত্ৰৰ পৰিচালক হিচাপে আত্ম প্রকাশ কৰে। সেইদৰে ১৯৭৭ চনত ‘মেৰা ধৰম মেৰী মা’ নামৰ হিন্দী চলচ্চিত্ৰৰ পৰিচালক হিচাপে কাম কৰে। অন্যান্য ভাষাৰ ক্ষেত্ৰত ভােজগুৰী (সত্ মাইয়া কা মহিমা) কাৰ্বি (ৰিং আং তং) বড়াে (জিউনি চিমাং) আদি চলচ্চিত্ৰতাে সংগীত পৰিচালক হিচাপে কাম কৰিছিল।

বঁটা আৰু সন্মান

  • ১৯৬১ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘শকুন্তলা’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
  • ১৯৬৪ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘প্ৰতিধ্বনি’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। এই ছবিখন ফ্ৰাঞ্চৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল।
  • ১৯৬৬ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘লটিঘটি’ প্ৰথম অসমীয়া ব্যংগ চলচ্চিত্ৰখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
  • ১৯৭৬ চনত আব্দুল মজিদৰ পৰিচালিত ‘চামেলি মেমচা’ব’ৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে। এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে ‘ৰজত কমল বঁটা’ আৰু নগদ দহ হেজাৰ টকাৰে সন্মান যাচে।
  • ১৯৭৮ চনত দুখন অসমীয়া গানৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ ‘আমি এক যাযাবৰ’ বুলি আঠোটা বঙালী গীতৰ এল পি ৰেকৰ্ড এইছ এম ভি ৰ পৰা এখন এম্বেচেদৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে।
  • ১৯৭৭ চনত পশ্চিমবঙ্গৰ ‘বঙালী চলচ্চিত্ৰ পুৰস্কাৰ সমিতি’ এ ‘দম্পতী’ ছবিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ যাচিছিল।
  • ১৯৭৭ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।
  • ১৯৭৮ চনত ‘সীমনা পেৰিয়ে’ৰ সংগীত পৰিচালনাৰ কাৰণে ‘বাংলাদেশ ফিল্ম ইণ্ডাষ্টিজ’ৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে সন্মানিত হৈছিল।
  • ১৯৭৬ চনৰ ২৬ জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক ‘মেৰা ধৰম মেৰি মা’ নামৰ হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সম্বৰ্দ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিল।
  • মহুৱা সুন্দৰী নাটকৰ শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা (১৯৭৯)
  • ১৯৮৭ চনত অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে।
  • ১৯৮৭ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।
  • ১৯৮৭ চনত ইন্দিৰা গান্ধী স্মৃতি বঁটা লাভ কৰে।
  • ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল।
  • ১৯৯৩ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
  • ১৯৯৩ চনত ড॰ হাজৰিকাক ১৯৯২ চনৰ বাবে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ‘দাদা চাহেব ফাল্কে বঁটা’ সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড॰ শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে।
  • ২০০১ চনত পদ্মভূষণ বঁটা লাভ কৰে।
  • ২০০১ চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা লাভ কৰে।
  • ২০০৬ চনত তেওঁৰ বঙালী গীত “মানুষ মানুষেৰ জন্য” বঙালীৰ শ্ৰোতা জৰীপত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বঙালী গীতৰ তালিকাত দ্বিতীয় স্থান লাভ কৰে। 
  • ২০০৮ চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যচাৰ্য সন্মান লাভ কৰে।
  • ২০০৯ অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা লাভ কৰে।
  • ২০১২ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে সন্মানিত হয়।
  • ২০১৯ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত হয়।

মৃত্যু

বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ড॰ হাজৰিকাই ৫ নৱেম্বৰ ২০১১ চন মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বাণী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ। তেওঁৰ নশ্বৰদেহ গুৱাহাটীলৈ অনা হয় আৰু ৯ নৱেম্বৰৰ দিনা অন্তিম সংস্কাৰ কৰা হয়, য’ত প্ৰায় ৫ লাখ লোকে ভাগ লয়। তেখেতৰ সমাধিক্ষেত্ৰ জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষত প্ৰতিষ্ঠা কৰা হয়। সমাধিক্ষেত্ৰখনত ‘সোণোৱালী সোঁৱৰণি’ নামৰ এক তিনি মহলীয়া সংগ্ৰহালয়ো আছে, য’ত ভূপেন হাজৰিকাৰ জীৱনৰ লগত জড়িত সামগ্ৰী আৰু আলোকচিত্ৰ আছে।

সামৰনি

এইজনা বিৰল প্রতিভাৰ মহাপুৰুষৰ কৰ্মৰাজী অর্থাৎ আদর্শেৰে আমি আদর্শবাদী হােৱা উচিত। এই মহান ব্যক্তিগৰাকীয়েই সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় নৃত্যৰ স্বীকৃতি প্রদানত মুখ্য ভূমিকা লৈছিল। তেওঁৰ জীৱন সংগ্রামখিনি যেন এক জীৱন্ত দলিল। জীৱন উৰণীয়া মৌ আৰু যাযাবৰ হৈ ফুৰা দুৰন্ত তৰুণ এই ব্যতিক্রমী শিল্পীজনৰ খােজত খােজ দি যাবলৈ আমি চেষ্টা কৰা উচিত। অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাই জনতাৰ বাবে গােটেই জীৱন পুত্ৰ পৰিয়ালৰ পৰা আঁতৰি সামৰণি থাকিল। অৱশ্যে হিন্দী চিনেমাৰ বিখ্যাত পৰিচালিকা কল্পনা লাজমীয়ে ভূপেনদাৰ মৃত্যু পর্যন্ত ছাঁৰ দৰে থাকি সহযােগিতা আগবঢ়াইছিল। ২০১১ চনৰ ৫ নৱেম্বৰ তাৰিখ শনিবাৰে অসমীয়াৰ হিয়াৰ আমঠু এই শিল্পীজনে বহুদিন ৰােগাক্রান্ত হৈ থাকি শেষ নিঃশ্বাস ত্যাগ কৰে। মুম্বাইৰ কোকিলাবেন হস্পিটেলত তেওঁৰ মৃত্যুত অসমীয়া জাতি আৰু সংগীতপ্রেমী লাখ লাখ জনতা স্রিয়মান হৈ পৰে আৰু দেশৰ অপূৰণীয় ক্ষতি হয়।

সদৃশ ৰচনাঃ ১। যাযাবৰ ভূপেন হাজৰিকা, ২। তােমাৰ দৃষ্টিত ড° ভূপেন হাজৰিকা, ৩। গীতিকাৰ সুৰকাৰ আৰু গায়ক হিচাপে ড° ভূপেন হাজৰিকা।

You can Read Also

Reference

  1. deepawali.co.in
  2. And I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *