September 16, 2021

Maniram Dewan Biography in Assamese । মণিৰাম দেৱান জীৱনী

মণিৰাম দেৱানৰ জীৱনী Maniram Dewan Biography in Assamese

অসম ৰাজ্যৰ এক সন্ধিক্ষণৰ সময়ছােৱাত জন্ম লৈছিল মণিৰাম দেৱানে। তেওঁ আছিল অসম্ভৱ চোকা বুদ্ধিৰ আৰু উচ্চাকাংক্ষী ব্যক্তি। ১৮২৬ৰ ইয়াণ্ডাবু সন্ধি’ৰ যােগেদি অসম ইংৰাজৰ হাতলৈ যােৱাৰ সময়ত মণিৰাম আছিল ২০ বছৰীয়া চফল ডেকা। সেই অর্থত অসমৰ ইতিহাসত আটাইতকৈ ঘটনাবহুল সময়ৰ সাক্ষী আছিল তেওঁ। আহােম ৰাজবংশই কেলােপ-কেলােপকৈ ক্রমশঃ মৃত্যুমুখত পৰাৰ কালত তেওঁ আছিল ৰজাৰ দুখৰ দিনৰ বন্ধু, আনফালে ইংৰাজ কোম্পানীয়ে অসম অধিকাৰ কৰাৰ সময়ছােৱাত আছিল অন্যতম পৰামৰ্শদাতা। অৱশ্যে মণিৰামৰ এই দুই ভিন্নধর্মী চৰিত্ৰ পাছত একেটা বিন্দুত গৈ মিলিছিল। এই বিন্দুটো হ’ল আত্মপ্রেম, স্বজাতিপ্ৰেম আৰু সর্বশেষত দেশপ্রেম।

মণিৰাম দত্ত বৰুৱা
জন্মমণিৰাম দত্ত বৰুৱা
এপ্ৰিল ১৭ , ১৮০৬
চাৰিং, শিৱসাগৰ, অসম
মৃত্যুফেব্ৰুৱাৰী ২৬ , ১৮৫৮ (৫১ বছৰ)
যোৰহাট, অসম
মৃত্যুৰ কাৰণফাঁচী
অন্য নামমণিৰাম বৰভাণ্ডাৰ বৰুৱা, মণিৰাম দেৱান
পেচাদেৱান, চাহ খেতিয়ক
সংস্থাআচাম টি কোম্পানী
জনা যায়১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ, অসমৰ চাহ খেতিৰ উদ্ভাৱক
উল্লেখযোগ্য কৰ্মবুৰঞ্জী বিবেক ৰত্ন (১৮৩৮)
অপৰাধ আৰোপঅসমৰ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা
অপৰাধৰ শাস্তিফাঁচী দি মৃত্যু

কায়স্থ’ জাতৰ মণিৰামৰ জন্ম হৈছিল ১৮০৬ৰ ১৭ এপ্রিলত। সেই সময়ত মণিৰামৰ দেউতাক আহােম ৰজা কমলেশ্বৰ সিংহৰ দোলাকাষৰীয়া বৰুৱা আছিল। মাথাে মণিৰামৰ দেউতাক ৰামদত্তই নহয়, মণিৰামৰ পূৰ্বপুৰুষে স্বৰ্গদেৱ চুহুংমুং বা দিহিঙীয়া ৰজাৰ (১৪৯৭-১৫৩৯) দিনতে কনৌজৰ পৰা অসমলৈ আহিছিল। তেওঁৰ পূৰ্বপুৰুষ গৌৰধ্বজ আহিছিল অসম আক্ৰমণকাৰী তুর্বকৰ সৈন্যদলৰ এজন সৈনিক হিচাপে। অসমক ভালপাই তেওঁ ইয়াতে স্থায়ীভাৱে বসবাস কৰিবলৈ ল’লে। তাৰ পাছৰ পৰা গৌৰধ্বজৰ উত্তৰপুৰিয়ে বিভিন্ন পদৰ ৰাজবিষয়া

হিচাপে কার্যনির্বাহ কৰি গ’ল। মণিৰামৰ পূৰ্বপুৰুষ আহােম ৰজা প্রতাপ সিংহৰ দিনত (১৬০৩-১৬৪১) চাংকাকতী পর্যায়লৈ উন্নীত হৈছিল। তাৰ পাছতে অন্যান্য ৰাজকীয় পদ লাভ কৰা মণিৰাম দেৱানৰ পূৰ্বপুৰুষসকল অতি সম্রান্ত বুলি জনা গৈছিল, মণিৰামৰ মাতৃদেৱীও আছিল বাৰভূঞা’ বংশৰ জীয়ৰী।

মণিৰামৰ চাৰি বছৰ বয়সত ১২ বছৰীয়া চন্দ্রকান্ত আহােম ৰাজপাটত উঠে। ১৮১৭ত মান সৈন্যই প্রথমবাৰৰ বাবে অসম আক্ৰমণ কৰা, চন্দ্রকান্ত সিংহ পুতলা ৰজা হােৱা, বদন বৰফুকনে চলােৱা অৰাজকতা, মাজতে ৰুচিনাথ বুঢ়াগােহাঞিৰ সহায়ত পুৰন্দৰ সিংহই ৰাজপাট দখল কৰা আদি আহােম ৰাজ্যৰ কাল সন্ধিয়াৰ সময়ছােৱাত মণিৰাম ক্রমান্বয়ে শৈশৱৰ পৰা কৈশােৰলৈ উত্তীৰ্ণ হৈছিল। মানৰ তাণ্ডৱত যেতিয়া বহু আহােম বিষয়া পলাই গৈ বিভিন্ন ঠাইত সিঁচৰিত হৈছিল, সেই সময়তে ৰামদত্ত দোলাকাষৰীয়া বৰুৱা পলাই গৈ বেঙ্গলৰ চিলমাৰীত আছিল। ইয়াতেই মণিৰামৰ শিক্ষাৰ আৰম্ভণি হয়। নৱদ্বীপৰ শিক্ষকে তেওঁক পঢ়ুৱাইছিল। পাছত চিলমাৰীৰ পৰা গােৱালপাৰালৈ পৰিয়ালটো উঠি অহাত আৰু তাতেই মণিৰামৰ বিদ্যা-শিক্ষাৰ পূর্ণতাপ্রাপ্তি ঘটে। তেওঁ ভূগােল, বুৰঞ্জী, ৰাজনীতি, অর্থনীতি আদি বিষয়ত পৰিপক্ক হৈ উঠে আৰু ইংৰাজৰ দৃষ্টিত পৰে মণিৰাম।…

সেই সময়ত গােৱালপাৰা চহৰ ইংৰাজ বণিকসকলৰ ব্যৱসায়ৰ এক অন্যতম ক্ষেত্র হৈ উঠিছিল। সেই সময়ত কিশােৰ মণিৰামৰ ব্রিটিছ বিষয়াসকলৰ সৈতে হলি-গলি আৰম্ভ হৈছিল। ভূগােলৰ যথেষ্ট জ্ঞান থকা মণিৰাম ব্রিটিছে গুৱাহাটী দখল কৰাৰ পাছত ব্রিটিছ চাহাবসকলক অসমৰ বিভিন্ন ঠাইলৈ নিছিল। চিংফৌ আদিসহ বিভিন্ন জনজাতিৰ সৈতে বন্ধুত্ব বৃদ্ধিৰ ক্ষেত্ৰত তেওঁ ব্রিটিছক বিভিন্ন ধৰণে সহায় কৰিছিল। লাহে লাহে ব্রিটিছৰ বিশ্বাস আদায় কৰি মণিৰামে তহচিলদাসহ অন্যান্য পদ লাভ কৰিবলৈ সমৰ্থ হৈছিল।

১৮২৩ চনত ব্ৰছ চাহাব আহিল অসমলৈ। এওঁকে ‘অসমৰ চাহৰ আৱিষ্কাৰক’ বুলি কোৱা হয়। তেৱেঁই অসমৰ শদিয়া অঞ্চলত বনৰীয়া চাহ আৱিষ্কাৰ কৰিছিল। ব্ৰছৰ অন্যতম সহযােগী আছিল মণিৰাম। অৱশ্যে চেমুৱেল ৱেইল্ডন নামৰ এজন ইংৰাজ লােকে তেওঁৰ Tea in Assam’ নামৰ গ্ৰন্থখনত মণিৰামকহে অসমৰ চাহৰ আচল আৱিষ্কাৰক বুলি কৈছে। Tea Industry in India’ নামৰ গ্ৰন্থত মণিৰাম দেৱান সম্পর্কত এইদৰে উল্লেখ আছে ঃ The first attempt to Compete with the Britishers was made by Maniram Dewan, who is regarded as the first Indian discoverer of Indig

enous tea plant in Assam. যি কি নহওক, অসমলৈ ডেভিদ স্কটৰ আগমনৰ পাছত ব্রিটিছ পুঁজিপতিসকলে ইয়াত চাহ বাগিচা পতাৰ সম্ভাৱনা দেখি আনন্দিত হলেও দুর্গম অৰণ্য আৰু যাতায়াতৰ বিভিন্ন সমস্যা দেখি বিমােৰত পৰিছিল। সেই সময়তাে ইংৰাজক সহায় কৰাৰ প্রতিশ্রুতিৰে আগুৱাই গৈছিল মণিৰাম

১৮৩৩ চনৰ পহিলা বহাগত পুৰন্দৰ সিংহক উজনি অসম (পুৰণি শিৱসাগৰ আৰু লক্ষীমপুৰ জিলা)ৰ কৰতলীয়া ৰজা পাতে ব্রিটিছে। মণিৰাম বৰভাণ্ডাৰী বা ঘাইমন্ত্রী নিযুক্ত হয় আৰু তেওঁ ব্রিটিছৰ যােগাযােগ মাধ্যম হৈ উঠে।

চুক্তি ভঙ্গ কৰা বুলি ইংৰাজে পুৰন্দৰ সিংহৰ ৰাজ্য কাঢ়ি লয়। এই ঘটনাৰ পাছত ১৮৩৯ চনৰ জুন মাহত মণিৰাম আসাম কোম্পানীৰ দেৱান নিযুক্ত হ’ল। তেতিয়াৰ দিনতে মণিৰামক দৰমহা দিয়া হৈছিল মাহিলি ছশ টকাকৈ। ইতিমধ্যে বিভিন্ন ধৰণে বহু সম্পদৰ অধিকাৰী হৈছিল মণিৰাম।..ব্রিটিছৰ অধীনত দেৱান’ খাটি মণিৰাম নিশ্চয় সুখী হােৱা নাছিল। নহ’লে অসম আৰু নিজৰ স্বাৰ্থত ইংৰাজ ক্ষুন্ন হােৱাকৈ তেওঁ কোনাে কামেইনকৰিলেহেঁতেন। মণিৰামৰ জ্ঞান আৰু বুদ্ধিমত্তা দেখি প্রথমে ব্রিটিছ তেওঁৰ প্রতি সহানুভূতিশীল হ’লেও ৰজা-প্রজা সকলােৰে সৈতে ফেৰ মাৰি কাম কৰিব পৰা সাহস দেখি তেওঁলােকে ভয় খাইছিল। তাৰ পাছতে মণিৰামৰ বিৰুদ্ধে নানা কূট-কৌশলত নামি পৰিছিল ইংৰাজ। প্রচুৰ ভুমিৰ মালিক, মণিৰামক অর্থনৈতিকভাৱে বিধ্বস্ত কৰিবৰ বাবে মাটিৰ খাজনা বৃদ্ধি কৰিলে। মণিৰামে দিবলগীয়া খাজনা পাঁচশ টকা হ’লগৈ। মণিৰামৰ দৰমহা প্রায় দুশ টকালৈ হ্রাস কৰা হ’ল।… দেৱানৰ পদ হেৰুৱালে, মণিৰামৰ অধীনৰ মৌজা কাঢ়ি লােৱা হ’ল। তথাপি দৃঢ়মনৰ মণিৰাম নল’ৰিল।

ইতিমধ্যে মণিৰামে বাগিচা খােলাৰ কামত আগবাঢ়িছিল। সেই সময়ত পাঁচশ টকাৰ খাজনা ভৰি নিজাববীয়াকৈ চাহ বাগিচা পাতি কোম্পানীৰ সৈতে প্রতিদ্বন্দ্বিতাত নমাটো কম সাহসৰ কথা নহয়। কিন্তু মণিৰামে যাতে এই কাম কৰিব নােৱাৰে, তাৰ বাবে ব্রিটিছে বিভিন্ন কূট-কৌশল চলালে। কিন্তু সকলােকে বিফল কৰিলে মণিৰামে। প্রায় এটা দশকৰ অক্লান্ত চেষ্টা আৰু অধ্যৱসায়ৰ মূৰত মণিৰামৰ চাহ বাগিচাই ঠন ধৰি উঠিল। ব্রিটিছৰ আৰ্হিৰে চেংলুং আৰু চেনিমৰাত দুখন বাগিচা খােলে মণিৰামে। মণিৰামৰ উন্নতি দেখি ব্রিটিছতাে বাদেই আপােন মানুহবােৰেও তলে তলে তেওঁৰ বিৰুদ্ধে গৈছিল। উল্লেখ কৰা ভাল যে ১৮৫২ চনলৈকে শিৱসাগৰত গাইগুটীয়াকৈ পতা তিনিখন বাগিচাৰ দুখনেই আছিল মণিৰামৰ (এখন ব্রিটিছৰ)। মণিৰামৰ বিশ্বাস আছিল যে ৰাজ্যখনক উন্নতিৰ

খােজলৈ আগুৱাই নিবলৈ হ’লে বিভিন্ন উদ্যোগ আৰু কৃষি ক্ষেত্ৰৰ উৎপাদন বঢ়াব লাগিব। তদুপৰি ৰাষ্ট্র এখন স্বতন্তৰীয়াকৈ সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল কৰিবলৈ হ’লে বাহিৰা ৰাজ্যৰ সৈতে সম্পর্কটো যিমানেই হ্রাস কৰিব পাৰি, সিমানেই স্বাধীনতাৰ স্থায়িত্ব নিৰাপদ। সেইবাবে বয়স বাঢ়ি যােৱাৰ লগে লগে মণিৰামৰ ইংৰাজ বিদ্বেষ বাঢ়ি গৈছিল।

মাথোঁ ভূগােল আৰু বুৰঞ্জীতেই নহয়, অর্থনীতিৰ ওপৰতাে মণিৰামৰ জ্ঞান যথেষ্ট আছিল। মনপুতি তেওঁ বিভিন্ন কিতাপ-পত্ৰ পঢ়িছিল। মণিৰামে নিজৰ বাগিচা দুখনত উৎপাদিত চাহপাত বাহিৰলৈ পঠিয়াই অসমতে বিক্ৰী কৰিবলৈ এক বৃহৎ বজাৰ গঠনৰ বাবে তৎপৰ হৈছিল। সেই সময়ত স্থানীয় লােক আৰু নগাসকলৰ মাজত পানীয় হিচাপে চাহ যথেষ্ট জনপ্রিয় হৈছিল। এইদৰেই মণিৰাম বিচক্ষণ ৰাজকৰ্মীৰ পৰা লাহে লাহে পুঁজিপতিৰ শাৰীলৈ উত্তীৰ্ণ হৈছিল আৰু ব্রিটিছৰ সৈতে ফেৰ মাৰিছিল। তেৱেঁই চাহ বাগিচাৰ ‘প্রথম ভাৰতীয় মালিক। কিন্তু ইংৰাজৰ স্বাৰ্থপৰতা, কু-অভিসন্ধি দেখি সাহসী, বিচক্ষণ আৰু স্বাধীনতাপ্রিয় মণিৰামে শেষত চাহৰ ব্যৱসায়তে ব্যস্ত নাথাকি অসমৰ স্বাধীনতাৰ বাবেও আগবাঢ়ি আহিছিল।

বৰভাণ্ডাৰ বা দেৱান হৈ থকা দিনৰে পৰা মণিৰাম আছিল যথেষ্ট জনপ্রিয়। ‘কলিতা ৰজা’ হিচাপে খ্যাত তেওঁক বহুতে আচল ৰজা বুলিয়েই ভাবিছিল। দেৱানক সেই সময়ত দাঁতি কাষৰীয়া নগা, মিৰি, চিংফৌ আৰু ফাকিয়ালবােৰে দেৱতা দেখাদি দেখিছিল। মণিৰামাে আছিল জনজাতিৰ অতিশয় শুভাকাংক্ষী। মিলচ চাহাবক দিয়া আৱেদনত দেৱানে অসমৰ জনজাতিসকলৰ সপক্ষে পৰামর্শ দিছিল এইদৰে ১৭ টা পৰ্বতীয়া জাতি আৰু তেওঁবিলাকৰ চৌতাং কটকীসকলক ৰজাৰ দিনত যি খাল-পাম-বিল আৰু বঁটা বাহন দিয়া হৈছিল, সেইবােৰ এতিয়া কোম্পানীৰ দিনত ৰহিত কৰা হ’ল। সেয়া উচিত কাম হােৱা নাই…।

মণিৰামে অসমত আহােম ৰজাৰ শাসন দেখিছিল, মানৰ উপদ্ৰৱ দেখিছিল আৰু ব্রিটিছ আগমনৰাে তেওঁ আছিল অন্যতম সাক্ষী। অসম বুৰঞ্জীৰ এই বিভিন্ন চাকনৈয়াৰ অভিজ্ঞতা আৰু ইতিমধ্যে ৰচিত অসমৰ বুৰঞ্জী পঢ়ি তেওঁ অসমৰ ইতিহাস লিখিবলৈ মনস্থ কৰিলে। বহু ঐতিহাসিক তথ্য গােটাই আৰু নিজৰ অভিজ্ঞতাক সজীৱ কৰি তেওঁ বুৰঞ্জী বিবেকৰত্ন’ লিখি উলিয়ালে। মূলতঃ আহােম যুগক কেন্দ্ৰ কৰি লিখা তেওঁৰ এই বুৰঞ্জীত ৰজা-মন্ত্রী, সত্ৰ-সভাৰ বিভিন্ন বর্ণনাৰ লগতে সাধাৰণ মানুহৰ কথা আৰু সৰু সৰু আখ্যানবােৰেও ঠাই পাইছিল।

কটন কলেজৰ অধ্যাপক উপেন্দ্র চন্দ্ৰ লেখাৰুৱে প্ৰস্তুত কৰিছিল এই গ্রন্থৰ নকল কপি। এয়া দেখি অনুমান কৰা যায় বুৰঞ্জী বিবেকৰত্ন’ দুটা খণ্ডত লিখা হৈছিল। তাৰে যিটো খণ্ড উদ্ধাৰ হৈছে সেয়া দ্বিতীয়হে। প্রথম খণ্ড ক’ত কেনেকৈ আছে অথবা নষ্ট হ’ল– তাৰ কোনাে তথ্য পােৱা নগ’ল। অসমীয়াৰ বাহিৰেও এই গ্রন্থত সংস্কৃত, বাংলা, ফার্চী, উর্দু, ইংৰাজী আদি বিভিন্ন ভাষাৰ সমাবেশ ঘটিছে। ‘বুৰঞ্জী বিবেকৰত্নক মণিৰামৰ মহৎ কৃতি বুলিয়েই ধৰিব লাগিব।

যিয়েই নহওক দেৱানে বাগিচা পাতি আৰু নিজে ধনী হােৱাতে ব্যস্ত নাথাকি অসমক স্বাধীন কৰাৰ ক্ষেত্ৰতাে আগবাঢ়িল। তেওঁ কলিকতাৰ ইংৰাজ বিচাৰপতিৰ ওচৰত দাবী জনালে যে যুৱৰাজ ঘনকান্ত সিংহক ৰজা পাতি আহােম শাসন পুনৰ প্ৰৱৰ্তন কৰা উচিত। চাহাবক জিলাধিপতি পাতিব নালাগে। সৰু পঞ্চায়ত, বৰ পঞ্চায়ত আৰু চৰাচৰি পঞ্চায়তৰ দ্বাৰাহে বিচাৰ কার্য চলাব লাগে। ২০ বছৰৰ ভিতৰত অসমৰ পৰা কানি বৰবিহ নির্মূল কৰিব লাগে। পৰ্বতীয়া জাতিবােৰৰ মাজত কন্দল লগােৱাটো বন্ধ কৰি দেশত উদ্যোগ, বেহাবেপাৰ, বাঢ়ৈ-খনিকৰী বিদ্যাৰ প্ৰসাৰ কৰাত উৎসাহ দিব লাগে। ১৮৫৩ত মণিৰামে ঘােষণা কৰিলে যে সাধাৰণ প্ৰজাক যদি ন্যায়-ধৰ্মৰে পালন কৰা নহয়, তেন্তে এদিন ইয়াৰ পােটক তােলা হ’ব।

১৮৫৭ চনত চিপাহী বিদ্রোহৰ আগে আগে সমগ্ৰ ভাৰতবৰ্ষত গুঞ্জৰিত হােৱা স্বাধীনতাৰ প্রতিধ্বনি অসমতাে শুনা গৈছিল। কোৱা বাহুল্য যে সঘনে কলিকতালৈ যােৱা আৰু সকলাে খবৰ ৰখা মণিৰামেই এই প্রতিধ্বনি বিয়পাইছিল। ঐতিহাসিক বেণুধৰ শৰ্মাই ‘মণিৰাম দেৱান’ গ্ৰন্থখনত লিখিছে – “বিদ্ৰোহৰ বহ্নিত বা দিও মণিৰামৰ সোঁহাত পিয়লি বা মহেশ্চন্দ্র গাভৰু মেলীয়া বৰুৱা, বাহাদুৰ গাঁওবুঢ়া খনিকৰ, দুতিৰাম বৰুৱা, মধুৰাম কোচ আদি কৰি ৩০ গৰাকী লােকৰ বিৰুদ্ধে ব্রিটিছৰ চোৰাংচোৱাসকলে স্ব-ধর্ম আৰু স্বৰাজ্য প্রতিষ্ঠা কৰা বিপ্লৱত সক্রিয়ভাৱে অংশগ্রহণ কৰাৰ প্রমাণ দিলে। আদালতত এওঁলােকৰ বিচাৰ হ’ল। প্রথম জগৰীয়া বুলি ঠাৱৰ কৰা হ’ল আহােম ৰাজবংশৰ কন্দপেশ্বৰ সিংহক। এওঁক আলিপুৰ জেললৈ পঠিওৱা হ’ল। দ্বিতীয় আচামী মধুৰাম কোঁচে সাত বছৰৰ কাৰাদণ্ড মূৰ পাতি ল’লে। তৃতীয় আচামী হ’ল পিয়লি বৰুৱা। স্বাধীনতা যুদ্ধৰ ঘাই মস্তিষ্ক মণিৰাম দেৱানে জপা মন্ত্ৰ আৰু পাঙি যােৱা পৰিকল্পনা-খিনি যাৰ মুখ-হাতেদি কেওফালে প্রচাৰ হৈছিল, তেৱেঁই পিয়লি বৰুৱা। চতুর্থজন আচামী হিচাপে অভিযুক্ত হ’ল মণিৰাম দেৱান।”

এইকেইজন স্বাধীনতাকাংক্ষীক নিঃশেষ কৰিবৰ বাবে যােৰহাটত বিচাৰৰ ভেঁকো-ভাওনা চলিল। ১৮৫৮ চনৰ ফেব্ৰুৱাৰীত মণিৰাম দেৱানক আলিপুৰৰ পৰা আটক কৰি জাহাজেৰে যােৰহাটলৈ অনা হ’ল। ২৩ ফেব্ৰুৱাৰীত যােৰহাটত সামৰিক আদালত পাতি কেপ্টেইন হলৰয়ডে ৰায় দিলে যে ইংৰাজ দ্রোহী মণিৰামক ফাঁচি দিব লাগে। ৫২ বছৰীয়া মণিৰামৰ লগতে ইতিমধ্যে মৃত্যুদণ্ডৰ আদেশ স্থিৰ হৈ থকা পিয়লিকো একেলগে ২৬ ফেব্ৰুৱাৰীত ফাঁচি দিবৰ বাবে ইংৰাজ বাহিনী সাজু হ’ল।

ফাঁচিৰ বাতৰিয়ে মণিৰামৰ মন কিঞ্চিতে বিচলিত কৰিব পৰা নাছিল। জন্ম হলে মৃত্যু অনিবার্য’ এই কথা অন্তৰেৰে বিশ্বাস কৰা মণিৰামক সেই কেইদিনত যি মানুহে দেখিছিল, তেওঁলােকে ধীৰ-গম্ভীৰ, দয়া-ক্ষমাৰ এখনি ফল্গ বৈ থকা দেখা পাইছিল। ফাঁচিৰ আগদিনা পুতেক এজনে দেখা কৰিবলৈ অহাত মণিৰামে কৈছিল— “কাইলৈ মােৰ নশ্বৰ দেহা এৰা পৰিব। তহঁতে একো বেজাৰ নকৰিবি। তহঁতে ভাই-ককাই কেউটি মিলা-প্ৰীতিৰে থাকিবি। চেংলুং আৰু চেনিমৰা বাগিচা দুখনকে সােণৰ গছ বুলি ভাবিবি।”

অৱশেষত ফাঁচিৰ দিন ২৬ ফেব্ৰুৱাৰী আহিল। মাথে যােৰহাটৰে নহয়, ৰংপুৰ, গােলাঘাট, মাজুলীৰ পৰা হেজাৰ হেজাৰ মানুহে আহি দিছৈ পাৰৰ (যােৰহাট)আলিপদুলিত হুৱা-দুৱা লগালেহি। ফাঁচি কাঠলৈ উঠি যােৱাৰ ঠিক আগেয়েও মণিৰামৰ হাতত দেখা গ’ল ধোঁৱা খােৱাটো। তেওঁৰ মন আছিল চিৰ প্রফুল্ল। অন্তিম সময়ত ধোঁৱা খােৱাটোত কেইহঁপামান মাৰি সেইটো দাৰােগাৰ হাতত দি চাঙ্ পৰাই সমবেত প্রজাসকললৈ চাই ক্ষমা খুজিলে— “হে প্রজাসকল, মই বিষয়া হৈ থাকোতে মােৰ পৰা তােমালােকে যি দুখ-বেজাৰ পাইছিলা, এনে সময়ত সেই সকলােবােৰ তােমালােকে ক্ষমা কৰি দিব লাগে।”

…প্রথমছােৱাৰ দৰে যদি মণিৰামে ইংৰাজৰ সৈতে সহযােগ কৰি থাকিলেহেঁতেন তেন্তে তেওঁ নিশ্চয় আনন্দ, সম্ভোগেৰে এক দীঘলীয়া জীৱন পৰিক্ৰমাৰ অধিকাৰী হ’লহেঁতেন। কিন্তু তেওঁৰ উচ্চাকাংক্ষা, বিচক্ষণতা, সাহস আৰু স্বাধীনতাৰ প্ৰতি থকা আস্থাৰ বাবেই এসময়ৰ অতি সমৃদ্ধিশালী মণিৰামে মাথোঁ ৫২ বছৰ বয়সতে ফাঁচি কাঠত উঠিবলৈ ভয় নকৰিলে।

You also Read

Reference

  1. Asomar Swadhinata Sangrami by Hemanta Kumar Bharali
  2. Nobel Bata Bijaye Bharatiya by Bipul Kr. Dihinga
  3. Frenz, H. (editor) (1969), Rabindranath Tagore—Biography, Nobel Foundation, r কৰা হৈছে: 2009-11-26
  4. Robinson, A., “Rabindranath Tagore”, Encyclopædia Britannica, r কৰা হৈছে: 2009-11-26
  5. Abhijit Sarma Baruah …..
  6. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *