November 30, 2021

Kanaklata Barua and Mukunda Kakoti in Assamese

কনকলতা বৰুৱা ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ

কনকলতা বৰুৱাৰ জন্ম হৈছিল শােণিতপুৰ জিলাৰ ছয়দুৱাৰ সমষ্টিৰ কলংপুৰ মৌজাৰ বৰঙাবাৰী গাঁৱত, ১৯২৬ চনত। তেওঁৰ পূৰ্বপুৰুষসকল আছিল আহােম যুগৰ দোলাকাষৰীয়া বৰুৱা বংশৰ লােক। তেওঁলােক শিৱসাগৰৰ বাসিন্দা আছিল। মানৰ আক্ৰমণৰ সময়ত আন বহুতৰ দৰে সেই পৰিয়ালটোৱেও শিৱসাগৰৰ পৰা আঁতৰি আহে আৰু বৰঙাবাৰীত ঘৰ-বাৰী সাজি বসবাস আৰম্ভ কৰে। কনকলতাৰ ককাক ঘনকান্ত বৰুৱা এজন প্রখ্যাত চিকাৰী আছিল। কনকলতাৰ পিতা কৃষ্ণকান্ত বৰুৱাও সমাজৰ এজন গণ্যমান্য ব্যক্তি আছিল। খেতিমাটিৰে আঢ্যৱন্ত আছিল তেওঁলােক, সােণগুটিৰে ভৰি আছিল তেওঁলােকৰ ভঁৰাল। কনকলতাৰ মাকৰ নাম আছিল কর্ণেশ্বৰী। কৃষ্ণকান্তই দুগৰাকী বিয়া কৰাইছিল। কর্ণেশ্বৰী বৰুৱানীৰ ফালৰ কনকলতা আৰু দুজন পুত্ৰ আছিল।

কনকলতা বৰুৱা

কনকলতাৰ প্ৰস্তৰ মূৰ্তি, বৰঙাবাৰী
জন্ম২২ ডিচেম্বৰ, ১৯২৪
বৰঙাবাৰী, গহপুৰ, দৰং জিলা (বৰ্তমান শোণিতপুৰ জিলা)
মৃত্যু২০ ছেপ্টেম্বৰ, ১৯৪২
বৰঙাবাৰী, গহপুৰ
বংশদ্ভূতঅসমীয়া
জনা যায়প্ৰথম মহিলা শ্বহীদ
ৰাজনৈতিক আন্দোলনভাৰতীয় স্বাধীনতা আন্দোলন

কনকলতাৰ মাথাে পাঁচ বছৰ বয়সতে মাকৰ মৃত্যু হৈছিল। কনকলতাৰ মাহীমাকৰ ফালৰাে তিনিটা সন্তান আছিল— মৃগেন্দ্ৰ বৰুৱা, অন্নদা বৰুৱা আৰু কালিচৰণ বৰুৱা। মাকে কম বয়সতে এৰি থৈ গ’লেও মাহীমাকে অহৰহ মৰমেৰে বুৰাই ৰাখিছিল তেওঁলােকক। সন্তানকেইটিৰ মাজত কোনােধৰণৰ ভেদভাব কৰা নাছিল কাহানিও Kanaklata Barua and Mukunda Kakoti in Assamese

১৯৩১চনৰ মে’ মাহ। কলংপুৰ মৌজাৰ গমিৰি উচ্চ ইংৰাজী বিদ্যালয় প্রাঙ্গনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ উদ্যোগত এখন ৰায়ত সভা অনুষ্ঠিত হৈছিল। মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগােস্বামীয়ে সভাপতিত্ব কৰা সভাখনৰ আন আন উদ্যোক্তাসকল আছিল ৰত্নকান্ত শর্মা, বাঠুৰাম ভূঞা, নৰেন্দ্ৰ মহন্ত আদি। মহিলা শাখাত সভাপতিত্ব কৰিছিল চন্দ্রপ্রভা শইকীয়ানীয়ে।

সভাৰ দিনা লােকে-লােকাৰণ্য হৈ উঠিল গােটেই অঞ্চলটো। জ্যোতি আগৰৱালা, পীতাম্বৰ দেৱগােস্বামী, চন্দ্রপ্রভা শইকীয়ানীৰ উদাত্ত ভাষণে ৰাইজৰ বুকুত স্বদেশপ্রেমৰ অগনি দুগুণে জ্বলাই তুলিলে, দেশৰ সেই প্রতিকূল পৰিস্থিতিত হাৰ নামানি সকলােৱে হাতত হাত ধৰি একগােট হৈ থিয় দিবলৈ আৰু ইংৰাজক পুলিয়ে পােখাই উৎখাত কৰিবলৈ প্রতিজ্ঞাবদ্ধ হ’ল। বগা সাজ আৰু গান্ধী টুপী পিন্ধা ভলন্টিয়াৰসকলে যেতিয়া বন্দে মাত’ ধ্বনি দি আগবাঢ়িল, তেওঁলােকক অনুসৰণ কৰিবলৈ সাজু হ’ল সর্বসাধাৰণ ৰাইজ।

…আৰু কনকলতা? কনকলতাই যেন বুজি উঠিল, কেৱল তাঁতশালত বহি মাকো মাৰিবলৈ, পথাৰত ভূঁই ৰুবলৈ অথবা ৰন্ধা-বঢ়া কৰিবলৈকে তাইৰ জন্ম হােৱা নাই! অৱশ্যে তাৰাে আগতেই কনকলতাৰ কোমল বুকুত অঙ্কুৰিত হৈছিল দেশপ্রেমৰ বীজ। কনকলতাৰ মােমায়েক দেবেন্দ্রনাথ বৰা আৰু যদুৰাম বৰা আছিল কংগ্ৰেছী নেতা। পুতলাৰে দৰা-কইনা খেলাৰ বয়সতে কনকলতাই শুনিবলৈ পাইছিল সাত সাগৰ তেৰ নদী সিপাৰৰ পৰা অহা ইংৰাজে ভাৰতবৰ্ষৰ মানুহৰ ওপৰত কৰা বিভিন্ন ধৰণৰ অত্যাচাৰৰ কথা, দেশৰ স্বাধীনতাৰ বাবে মৰণকো তুচ্ছ কৰা সংগ্রামীসকলৰ কথা, অহিংসাৰে ইংৰাজক উৎখাত কৰিবলৈ বদ্ধপৰিকৰ হােৱা মহাত্মা গান্ধীৰ কথা! মহাত্মাৰ ত্যাগ আৰু অহিংস আদর্শই হৃদয় চুই গৈছিল কনকলতাৰ। মােমায়েকৰ সুৰত সুৰ মিলাই কণমাণি কনকলতায়াে গাবলৈ চেষ্টা কৰিছিল—

কোন ক’ত আছ আহ অ’

তই সন্মুখত হ’ থিয়

 মাতৃ পূজাৰ ভাগ ল’বলৈ

 বেলি কৰ কিয় ?

 ভাৰত জুৰি জ্বলিছে সৌৱা

 যুঁজৰ অগনি শিখা

 তই অসমীয়া টোপনি নেৰিলি

 কিনাে কপালৰ লেখা।…

পাঁচ বছৰ বয়সত কনকলতাক গাঁৱৰে প্রাথমিক বিদ্যালয়ত নাম লিখাই দিয়া হ’ল। নিজৰ মেধাশক্তিৰ পৰিচয় দি কনকলতাই তৃতীয় শ্রেণীলৈকে পঢ়া-শুনা কৰিলে। কিন্তু তাৰ পাছত সেই সময়ৰ সমাজ ব্যৱস্থা অনুসৰি ছােৱালী হিচাপে তেওঁৰ আৰু পঢ়া নহ’ল। পৰিয়ালৰ মানুহে কনকলতাক ঘৰুৱা কাম-বন শিকাই বিৱাহৰ বাবে উপযুক্ত কৰাৰ কথাহে চিন্তা কৰিলে।

কনকলতাই শৈশৱ অতিক্ৰম কৰি কৈশােৰত ভৰি থ’লে। ইতিমধ্যে পথাৰত ভূই ৰােৱা, ধান দোৱা, জাকৈ মৰা, তাঁত বােৱা, পিঠা-পনা বনােৱা… মুঠতে গাঁৱৰ জীয়ৰী এগৰাকীয়ে কৰিব পৰা সকলাে কামতে পাকৈত হৈ উঠিছিল কনকলতা। ককাক-দেউতাকে আলেঙে আলেঙে খবৰ লৈছিল উপযুক্ত পাত্ৰৰ, মাহীমাকে জাপে জাপে কাপােৰ বৈ পেৰা ভৰাই পেলাইছিল। কিন্তু কেনেওতাে জনা নাছিল, অদৃষ্টই কনকলতাৰ বাবে ইমান সাধাৰণ ভবিষ্যৎ এটা নির্বাচন কৰি থােৱা নাই।

ইতিমধ্যে দ্বিতীয় মহাযুদ্ধ আৰম্ভ হ’ল। ১৯৩৯ত হিটলাৰৰ অধীনত জার্মান বাহিনীয়ে পােলেণ্ড আক্ৰমণ কৰিলে, লগে লগে বৃটিছ চৰকাৰে নিজৰ উপনিবেশিক দেশসমূহৰ স’তে কোনাে ধৰণৰ আলােচনা নকৰাকৈয়ে জার্মানীৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰে। সেই সময়ত ভাৰতৰ গৱৰ্ণৰ আছিল লর্ড লিলিঙ্গ’। কংগ্ৰেছ বা কেন্দ্রীয় বিধান মণ্ডলৰ সদস্যসকলৰ লগত কোনাে আলাপ-আলােচনা নকৰাকৈ যুদ্ধত সন্মতি দিয়া কাৰ্যক অবৈধ আৰু অগণতান্ত্রিক বুলি প্রতিবাদ জনালে কংগ্ৰেছে। বৃটিছ চৰকাৰক স্পষ্টভাৱে জনাই দিয়া হ’ল— স্বাধীনতা প্রদানৰ প্রতিশ্রুতি নিদিলে যুদ্ধত ভাৰতবাসীয়ে সহযােগ নকৰে। কংগ্ৰেছৰ দাবীৰ প্রতি কোনােধৰণৰ গুৰুত্ব নিদিলে বৃটিছ চৰকাৰে। অনিচ্ছা সত্বেও ভাৰতে যুদ্ধত যােগদান কৰিব লগা হােৱাটো সহজভাৱে গ্রহণ কৰিব নােৱাৰিলে কংগ্ৰেছে।

তীব্র গতিত চলিবলৈ ধৰিলে মহাসমৰ। প্ৰথম অৱস্থাত হিটলাৰৰ জার্মান বাহিনীৰ সমুখত মিত্রপক্ষ তিষ্ঠি থকাই অসম্ভৱ যেন দেখা গ’ল। মিত্রপক্ষৰ বিপর্যয় দেখি বৃটিছ চৰকাৰ চিন্তিত হৈ পৰিল, তেওঁলােকে ভাবিবলৈ বাধ্য হ’ল যে ভাৰতৰ পূর্ণ সহযােগ অবিহনে জার্মান বাহিনীক পৰাভূত কৰা সহজ নহ’ব। শেষত অন্য উপায় নেদেখি ১৯৪০ চনৰ ৮ আগষ্টত বৃটিছ চৰকাৰে এক ঘােষণা যােগে ক’লে যে এখন যুদ্ধ পৰিষদ গঠন কৰি গৱৰ্ণৰ জেনেৰেলৰ কার্যনির্বাহক পৰিষদখন সম্প্ৰসাৰণ কৰা হ’ব আৰু যুদ্ধৰ পাছত ভাৰতীয় প্রতিনিধিসকলক লৈ গঠিত সংবিধান সভাই নতুন সংবিধান ৰচনা কৰিব। এই ঘােষণাক ‘আগষ্ট প্রস্তাৱ ৰূপে জনা যায়। এই প্রস্তাৱত কংগ্ৰেছে সমর্থন নজনালে। এই প্রস্তাৱৰ প্ৰবাদত মহাত্মা গান্ধীয়ে সত্যাগ্রহ আৰম্ভ কৰিলে।

ইতিমধ্যে জাপানে চিংগাপুৰ আৰু ব্ৰহ্মদেশ অধিকাৰ কৰি ৰেংগুণত প্রৱেশ কৰাত বৃটিছ চৰকাৰ আতঙ্কিত হৈ উঠিল। তেওঁলােকৰ বুজিবলৈ বাকী নাথাকিল যে এনে অৱস্থাত ভাৰতবাসীৰ সহায়-সহযােগ অবিহনে জাপানক প্ৰতিৰােধ কৰা কোনােমতেই সম্ভৱ নহ’ব। ভাৰতৰে স’তে এক বুজা-পৰালৈ আহিবলৈ বৃটিছ পার্লায়ামেন্টে ছাৰ ষ্টেফর্ড ক্রিপচৰ নেতৃত্বত এটা সঁজাতী দল পঠিয়ালে। ক্রিশ্চৰ প্রস্তাৱত যে ইংৰাজৰ নিজৰ স্বার্থ জড়িত হৈ আছে, সেই কথা বুজিব পাৰি কংগ্ৰেছে। তাক অতি শীঘ্ৰেই অগ্রাহ্য কৰিলে।

১৯৪২ চন। মৌলানা আব্দুল কালাম আজাদৰ সভাপতিত্বত বােম্বাইৰ গােৱালিয়ৰ টেংক ময়দানত অনুষ্ঠিত কংগ্ৰেছৰ জাতীয় অধিৱেশনত ভাৰত ত্যাগ প্রস্তাৱ গৃহীত হয়। এই প্রস্তাৱত বৃটিছ চৰকাৰক সকীয়াই দিয়া হয় যে অনতিপলমে ভাৰত ত্যাগ নকৰিলে সমগ্র দেশজুৰি গণ আন্দোলন গঢ়ি তােলা হ’ব। এই সংগ্রামেই হ’ব স্বাধীনতাৰ অন্তিম সংগ্রাম। কৰিম বা মৰিম— এয়েই হওক সংগ্ৰামৰ মূল মন্ত্র।

বৃটিছ চৰকাৰে কংগ্ৰেছক বে আইনী ঘােষণা কৰি মহাত্মা গান্ধী প্রমুখ্যে জৱাহৰলাল নেহৰু, মৌলানা আব্দুল কালাম আজাদ, চৰ্দাৰ বল্লভভাই পেটেল আদি নেতাসকলক গ্রেপ্তাৰ কৰিলে। লগে লগে সমগ্র দেশ জ্বলি উঠিল। বিক্ষোভ, সত্যাগ্রহ, ধর্মঘটেৰে উত্তাল হ’ল সর্বত্র। অসমতাে আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিলে। বিষ্ণুৰাম মেধি, দেবেশ্বৰ শৰ্মা, হৰেকৃষ্ণ দাসৰ দৰে নেতাসকলক বন্দী কৰা হ’ল। বােম্বাই অধিৱেশনৰ পৰা উভতি অহাৰ বাটত গােপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শর্মাকো গ্রেপ্তাৰ হ’ল। ভাৰতৰ আন ৰাজ্যসমূহৰ দৰে অসমতাে প্রতিবাদ সভা, বিক্ষোভ, ধর্মঘট পূর্ণগতিত চলিবলৈ ধৰে। ইংৰাজ চৰকাৰে এই আন্দোলন কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰে। জ্যোতিপ্ৰসাদ আগৰৱালা, ব্রজনাথ শর্মা, বিমলা প্রসাদ চলিহা আদি নেতাসকলে আত্মগােপন কৰে। অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে অসম স্বেচ্ছাসেৱক বাহিনী গঠন কৰে। কুৰি হাজাৰৰাে অধিক শান্তি সেনাৰে গঠিত এই বাহিনীটোক বৃটিছ চৰকাৰে বে-আইনী ঘােষণা কৰে আৰু আন্দোলনকাৰীসকলৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত কৰে। ফলস্বৰূপে একাংশ আন্দোলনকাৰীয়ে অহিংসাৰ পথ ত্যাগ কৰি সশস্ত্র পন্থা হাতত ল’লে আৰু ৰেল লাইন উঠোৱা, চৰকাৰী কার্যালয় জ্বলাই দিয়া, চৰকাৰী সম্পদ নষ্ট কৰা, টেলিফোন সংযােগ বিচ্ছিন্ন কৰাৰ দৰে কূটাঘাতমূলক কার্যত লিপ্ত হল।

সমগ্র অসমৰ লগতে দৰং জিলাত ভাৰত ত্যাগ আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিলে। গহপুৰ, কলাবাৰী, বৰঙাবাৰী, ঢেকিয়াজুলি, জামুগুৰি, চতিয়া আদি সকলাে ঠাইৰ ডেকা-গাভৰু, পুৰুষ-মহিলাই আন্দোলনত সমানে ভাগ ল’লে। ইতিমধ্যে অমিয় কুমাৰ দাসৰ শাৰীৰিক অসুস্থতাৰ বাবে সংগঠনৰ দায়িত্ব পুষ্পলতা দাস আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই কান্ধ পাতি ল’লে।

সংগ্রামীসকলক দুটা দলত ভাগ কৰা হ’ল— শান্তি বাহিনী আৰু মৃত্যু বাহিনী। সুস্থ-সবল যিকোনাে লােকক শান্তি বাহিনীত অন্তর্ভুক্ত হ’বলৈ দিয়া হ’ল। তেওঁলােকৰ কাম হ’ল গঠনমূলক কামত অংশ লােৱা আৰু শান্তি-শৃংখলা অটুত ৰখা। আনহাতে মৃত্যু বাহিনীৰ বাবে বয়সৰ সীমা ধার্য কৰা হ’ল ১৮ ৰ পৰা ৫০বছৰ। যিসকলে হাঁহিমুখে মৃত্যুক আকোৱালি ল’বলৈ প্রস্তুত, তেওঁলােককহে মৃত্যু বাহিনীত যােগদান কৰিবলৈ দিয়া হ’ল। তেওঁলােকৰ একমাত্র উদ্দেশ্য হ’ব— কৰিম কিম্বা মৰিম। তৰিলে দেশ, মৰিলে স্বর্গ। শান্তি বাহিনী আৰু মৃত্যু বাহিনীৰ লােকসকলক উপযুক্ত প্রশিক্ষণাে দিয়া হ’ল।

ষােল্ল বছৰীয়া উঠন গাভৰু কনকলতা— কল্পনাৰ কাৰেং সজাৰ, উৰুলি এজোলােকা মূৰত লৈ আন এখন ঘৰ পােহৰাবলৈ যােৱাৰ বয়স এয়া। সমুখত পৰি আছে সম্ভাৱনাময় এটা সুদীর্ঘ জীৱন। কিন্তু যৌৱনৰ বলিয়া বানত উটি-ভাহি যাবলৈতাে জন্ম হােৱা নাই তেওঁৰ; দেশমাতৃৰ প্রতি ভালপােৱা যাৰ দেহত তেজ হৈ প্রবাহিত, তেওঁৰ বাবে ব্যক্তিগত সুখ নিতান্তই এক তুচ্ছ কথা। দৃঢ়তাৰে দাবী জনালে কনকলতাই তেওঁক মৃত্যু বাহিনীৰ সদস্যপদ দিয়া হওক। যদিও তেওঁৰ বয়স আৰু পৰিস্থিতিয়ে তাৰ সন্মতি নিদিয়ে, তথাপি কনকলতাৰ মনৰ দৃঢ়তা, সাহস আৰু দেশপ্রেম হৃদয়ঙ্গম কৰি তেওঁক মৃত্যু বাহিনীতে ভর্তি কৰা হ’ল।

আন্দোলনে ইতিমধ্যে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ লৈছে। আন্দোলনকাৰীসকলে এইবাৰ এক অভিনৱ কাৰ্যসূচী হাতত ল’লে— সকলাে আৰক্ষী চকী আৰু কাছাৰী ঘৰত জাতীয় পতাকা উত্তোলন কৰিব লাগিব। সেই অনুসৰি ২০ ছেপ্তেম্বৰৰ দিনা পতাকা উত্তোলনৰ সিদ্ধান্ত লােৱা হয়। কার্যসূচী সঠিকভাৱে ৰূপায়ণ কৰাৰ উদ্দেশ্যে ৮ তাৰিখে গহপুৰৰ ওচৰৰ জাৰনিয়াল সত্ৰৰ নামঘৰত এখনি সভা অনুষ্ঠিত কৰা হ’ল। সেই সভাত পুষ্পলতা দাসে সংগ্রামীসকলক তেওঁলােকৰ কর্তব্যৰ বিষয়ে অবগত কৰি কয় যে সকলােৱে শােভাযাত্রা কৰি গহপুৰ থানালৈ যাব। শােভাযাত্রাৰ একেবাৰে আগফালে থাকিব মৃত্যু বাহিনীৰ সদস্যসকল।

সকলােতকৈ আগত থকাজনে পতাকা দাঙি ধৰিব আৰু থানাত উত্তোলন কৰিব। আৰক্ষীৰ ফালৰ পৰা বাধা আহিলেও তেওঁ কিন্তু তেতিয়া পাছ হকিব নােৱাৰিব। কিবা কাৰণত প্ৰথমৰ গৰাকী ব্যর্থ হলে তেওঁৰ নিকটতম আন এজন মৃত্যু বাহিনীৰ সদস্যই সেই পতাকা দাঙি ল’ব আৰু নিজৰ কর্তব্য সম্পন্ন কৰিব। পুষ্পলতা দাসৰ পৰিকল্পনাক সকলােৱে একমুখে সমর্থন জনালে।

২০ছেপ্তেম্বৰৰ পতাকা উত্তোলন কার্যসূচীৰ প্রস্তুতি চলিবলৈ ধৰিলে। গহপুৰ আৰক্ষী থানাত পুষ্পলতা দাসে পতাকা উত্তোলন কৰাৰ কথা। সেই একে দিনাই ঢেকিয়াজুলিতাে পতাকা উঠোৱাৰ কৰাৰ কথা । সকলাে সিদ্ধান্ত হৈ গৈছিল। হঠাতে কনকলতাই আহি পুষ্পলতা দাসক অনুৰােধ জনালেহি— গহপুৰ আৰক্ষী থানাত পতাকা উত্তোলনৰ দায়িত্ব তেওঁক দিয়া হওক। আত্মবিশ্বাসী ছােৱালীজনীৰ সাহসক অসন্মান নকৰিলে পুষ্পলতা দাসে। গহপুৰ সমদলৰ নেতৃত্ব কনকলতাৰ ওপৰত দি তেওঁ নিজে ঢেকিয়াজুলিৰ দায়িত্ব ল’লে।

২০ ছেপ্তেম্বৰৰ দিনা নিচেই পুৱাতে সাৰ পালে কনকলতাই। শােৱাৰ পৰা উঠি বাহি বন কৰি গা পা ধুই দিনটোৰ বাবে প্রস্তুত হ’ল। কিন্তু কিয় জানাে কাহানিও দুর্বল নােহােৱা কনকলতা সেইদিনা যেন কিছু অস্থিৰ হৈ উঠিল। অজান আশঙ্কাত তেওঁৰ বুকুখনি দুৰু-দুৰুকৈ কপিবলৈ ধৰিলে। কিন্তু কিয়? মৃত্যুভয়কতাে তেওঁ কাহানিবাই জলাঞ্জলি দিছে! তেনেহ’লে কিহৰ এই ব্যাকুলতা?

ভনীয়েকক মৰমেৰে কাষলৈ মাতি আনি কনকলতাই ক’লে— আহচোন, আজি আমি দুয়াে একেলগে জলপান খাওঁ। কিয় জানাে আজি মনটো বৰ কেনেবা কৰিছে। কোনে জানে আজি ওলাই গৈ আৰু উভতিব পাৰাে বা নাই? সেয়া দেশমাতৃৰ আহ্বান মই স্পষ্ট শুনা পাইছাে মই যাবই লাগিব।… শেষবাৰৰ বাবে মৰমৰ ভনীয়েকক আকোঁৱালি লৈ মাকক মাত লগাই ওলাই গ’ল কনকলতা।

ইতিমধ্যে একত্ৰিত হৈছে ৰাইজ। জোনাৰাম ভূঞা, থানেশ্বৰ মহন্ত, মিনাৰাম বৰুৱা, জিতেন বৰা আদি কংগ্ৰেছী নেতাসকল ওলাই আহিছে। কেৱল সেই অঞ্চলৰ ৰাইজেই নহয়— হাৱাজান, হেলেম, কলাবাৰী, বালিজান, বুৰৈ আদি ঠাইৰ পৰাও শত সহস্র মানুহ আহি সমদলত মিলিত হ’ল। বীৰাঙ্গনাৰ দৰে ওলাই আহিল শত শত মহিলা। আন্দোলনকাৰীসকল এইবাৰ দুটা দলত বিভক্ত হ’ল। হাতত পতাকা লৈ মহিলাসকলৰ সবাতােকৈ আগত থিয় দিলে কনকলতাই। তেওঁৰ পাছত সােমেশ্বৰী, পূণ্যপ্রভা বৰুৱা, জোনাকী গগৈ, ভুগিলা বৰা, দেৱলতা বৰুৱা, মাইচেনা বৰুৱাকে ধৰি প্রায় পাঁচশ মহিলা। “জয়, মহাত্মা গান্ধীৰ জয়’, ‘স্বৰাজ আমাৰ জন্মস্বত্ব’, ‘ইংৰাজ ভাৰত ত্যাগ কৰা আদি ধ্বনিৰে আকাশ বতাহ কঁপাই সমদলটো আগবাঢ়ি গ’ল গহপুৰ আৰক্ষী থানা অভিমুখে।

সমদলটো গৈ আৰক্ষী থানাৰ সমুখত ৰ’লগৈ। তেওঁলােকে দেখিলে, থানাৰ মূল দুৱাৰখন বন্ধ হৈ আছে, এটা সৰু বাটহে খুলি থােৱা হৈছে। সেই সময়ত গহপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল ৰেৱতীমােহন সােম। ৰেৱতীমােহনে আৰক্ষীৰ এটা সশস্ত্র দল লৈ সমুখলৈ ওলাই আহিল আৰু সমদলকাৰীক আগভেটি ধৰিলে। তেওঁ সকীয়াই দিলে— এটা খােজ দিলেই বন্দুকৰ গুলী ফুটিব। যদি মৃত্যুলৈ ভয় আছে উভতি যােৱা। কিন্তু দেশমাতৃৰ বাবে প্ৰাণৰ আহুতি দিবলৈ পােৱাটো যিসকলে পৰম সৌভাগ্য বুলি ভাবে, সেইহেন স্বাধীনতা সংগ্রামীক কি ভয় খুৱাব বন্দুকৰ গুলীয়ে? হাতৰ পতাকাখন সজোৰে খামুচি ধৰিলে কনকলতাই আৰু ৰেৱতীমােহনলৈ চাই স্পষ্টভাৱে ক’লে— “আমাক যাবলৈ দিয়ক ককাইদেউ। আমি দেশমাতৃৰ হকে মহান কর্তব্য পালন কৰিবলৈ আহিছাে, আমাক বাধা নিদিব। আমি নিৰস্ত্ৰ আৰু অহিংসবাদী। আমাক আমাৰ কৰ্তব্য কৰিবলৈ দিয়ক।”

কিন্তু ৰেৱতীমােহনাে নিজৰ কৰ্তব্যৰ পৰা আঁতৰিবলৈ প্ৰস্তুত নহয়, কোনােমতেই আন্দোলনকাৰীক থানাৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে তেওঁ, প্রয়ােজন হলে শক্তিৰাে প্ৰয়ােগ কৰিব।

আমাক মৃত্যুৰ ভয় নেদেখুৱাব ককাইদেউ, বন্দুকৰ গুলীয়ে আমাৰ শৰীৰ ছিন্ন-ভিন্ন কৰিব পাৰিব, আমাৰ আত্মাক নহয়। কোনাে শক্তিয়ে দেশমাতৃৰ প্রতি আমাৰ ভালপােৱাক আমাৰ হৃদয়ৰ পৰা মচি নিব নােৱাৰে। আপুনি আপােনাৰ কর্তব্য পালন কৰক, আমি আমাৰ কৰাে….

কথাখিনি কৈয়ে আগবাঢ়িবলৈ উদ্যত হ’ল কনকলতা। তেতিয়াই হঠাৎ গজি উঠিল আৰক্ষী বিষয়া ৰেৱতীমােহনে—

ও ‘ফায়াৰ!

কোনেও তর্কিবই নােৱাৰিলে। সহকাৰী আৰক্ষী বিষয়া বগাই কোঁচৰ গুলীত তেজে তুমৰলি দেহেৰে বাগৰি পৰিল কনকলতা। তেওঁৰ হাতৰ পৰা ওলাই যাব ধৰা পতাকাখন থাপ মাৰি ধৰিলেহি মুকুন্দ কাকতিয়ে। পাছ মুহুর্ততে গুলীবিদ্ধ হৈ বাগৰি পৰিল মুকুন্দ কাকতিও। একে শাৰীতে থকা হেমকান্ত বৰুৱা, বগাই কছাৰী, থুলেশ্বৰ ৰাজখােৱা, খৰ্গেশ্বৰ বৰুৱা আদিও গুৰুতৰভাৱে আহত হ’ল।

অৱশ্যে কনকলতা-মুকুন্দৰ মৃত্যু এনেই নগ’ল। সেই উত্তেজনাময় পৰিৱেশৰ মাজতে কলাবাৰীৰ ৰামপতি ৰাজখােৱাই পাছফালৰ পৰা উঠি গৈ গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ সক্ষম হ’ল।… এয়ে কনকলতা। দেশৰ বাবে হাঁহিমুখে নিজৰ জীৱন উচৰ্গা কৰি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্রামৰ ইতিহাসত নিজৰ নাম তেওঁ সােণালী আখৰেৰে লিখি থৈ গ’ল।

২০ ছেপ্তেম্বৰৰ দিনা গহপুৰ আৰক্ষী থানাত পতাকা উত্তোলন কৰিবলৈ গৈ বগাই কোচৰ গুলীত কনকলতা যেতিয়া বাগৰি পৰিল, ঠিক তেতিয়াই তেওঁৰ ওচৰতে ৰৈ থকা মুকুন্দ কাকতিয়ে থাপ মাৰি ধৰিলে পৰি যাব ধৰা জাতীয় পতাকা। কিন্তু এখােজো আগুৱাবলৈ নাপালে মুকুন্দ কাকতিয়ে, আৰক্ষীৰ গুলীত তেঁৱাে এইবাৰ ধৰাশায়ী হৈ বাগৰি পৰিল। মুহুর্ততে নিঃশেষ হৈ গ’ল সম্ভাৱনাময় আৰু এটি ডেকা জীৱন।…

মুকুন্দ কাকতিৰ জন্ম হয় নলবাৰী জিলাৰ বৰভাগ মৌজাৰ সােণকানি গাঁৱত, ১৯১৯চনত। তেওঁৰ পিতাকৰ নাম মধুৰাম কাকতি আৰু মাকৰ নাম দীনবালা। চাৰিজন ভাই-ককাইৰ মাজৰ মুকুন্দ আছিল তৃতীয়। সৰু কালছােৱাত অসুখ-বিসুখে কাহানিও লগ এৰা নাছিল মুকুন্দৰ, ইটোৰ পাছত সিটো ৰােগে অহৰহ কাবু কৰি ৰাখিছিল তেওঁক। শাৰীৰিক অসুস্থতাৰ বাবেই ন’ বছৰ বয়সলৈকে মুকুন্দ স্কুললৈকে যাব পৰা নাছিল।

ন’ বছৰ বয়সত মুকুন্দ দতৰা গাঁৱৰ প্রাথমিক বিদ্যালয়ত নাম লগাই দিয়া হয়। প্রাইমাৰী বিদ্যালয়ৰ শিক্ষা শেষ হােৱাৰ পাছত মুকুন্দই বৰশলা মধ্য ইংৰাজী স্কুলত নামভৰ্ত্তি কৰে আৰু তাৰ পৰাই মাইনৰ বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰে। ঘৰৰ আর্থিক অৱস্থা ভাল নাছিল বাবে উচ্চ শিক্ষা গ্রহণত বাধা আহিল। কিন্তু পঢ়াৰ প্রতি তেওঁৰ আছিল প্রবল ধাউতি৷ কিতাপ-পত্ৰ টোপােলা বান্ধি নিজৰ ভাগ্যক ধিয়াই ঘৰৰ পৰা ওলাই আহিল মুকুন্দ কাকতি। ব্রিগড়, শিৱসাগৰ, যােৰহাট, গুৱাহাটী…. কত যে কিমান ঠাই ঘূৰি ফুৰিলে তেওঁ, কিন্তু ক’তাে পঢ়াৰ সুবিধা কৰিব নােৱাৰিলে। শেষত তেজপুৰৰ ওচৰৰ গমিৰি গাঁৱত থকা ককায়েক লােহিত কাকতিৰ কাষ চাপিল মুকুন্দ। এইবাৰ উচ্চ শিক্ষাৰ সপােন ত্যাগ কৰি অন্ততঃ আত্মনিৰ্ভৰশীল হ’ব পৰাকৈ সাধাৰণভাৱে এখন গেলামালৰ দোকানকে আৰম্ভ কৰিলে তেওঁ।

সেই সময়ত ভাৰতৰ স্বাধীনতা সংগ্রামে গণ আন্দোলনৰ ৰূপ পৰিগ্রহ কৰিছে। ভাৰত ত্যাগ প্রস্তাৱৰ প্রতি সমর্থন জনাই দেশৰ প্ৰতিটো চুক-কোণৰ পৰা ওলাই আহিছে হাজাৰ-হাজাৰ পুৰুষ-মহিলা, ডেকা-গাভৰু। মহাত্মা গান্ধীৰ অহিংস আদৰ্শৰে অনুপ্রাণিত হৈ দেশৰ বাবে জীৱন উচৰ্গা কৰিবলৈ কঁকালত টঙালি বান্ধিছে ডেকা-গাভৰুৱে। এনে সংকটৰ সময়ত ভাৰত মাতৃৰ আহ্বানে ব্যাকুল কৰিলে মুকুন্দ কাকতিকো। বুকুৰ মাজত তেওঁ অনুভৱ কৰিলে দেশমাত্র প্রতি গভীৰ দায়বদ্ধতা। …দেশ মাতৃৰ ঋণ শুজিবই লাগিব, বুকুৰ তেজ দি হলেও পৰাধীনতাৰ শিকলি ছিঙি, ভাৰতলৈ স্বাধীনতা আনিবই লাগিব— সংকল্প ল’লে মুকুন্দই। প্রথমে তেওঁ কংগ্ৰেছ স্বেচ্ছাসেৱী দলত ভর্তি হয়, কিছুদিনৰ পাছতেই পাছত মৌজাৰ ধােপাবৰ অঞ্চলৰ পৰিচালকৰ দায়িত্ব গ্রহণ কৰে। তাৰ পাছত আহিল সেই বিশেষ দিনটো— ‘৪২ৰ ২০ ছেপ্তেম্বৰৰ দিনা কনকলতাৰ নেতৃত্বত সমদলকাৰীসকল যেতিয়া থানা অভিমুখে আগবাঢ়িল তেতিয়া মুকুন্দ আছিল আগশাৰীতে। কনকলতা গুলী খাই বাগৰি পৰাৰ লগে লগে পতাকা তুলি ল’লে মুকুন্দই আৰু তাৰ পাছত তেঁৱাে বীৰদৰ্পে গ্রহণ কৰিলে মৃত্যুক।

অসম চৰকাৰে এই দুগৰাকী শ্বহীদৰ নামত তেজপুৰৰ অসামৰিক চিকিৎসালয়খন কনকলতা বৰুৱাৰ নামত আৰু নলবাৰীৰ অসামৰিক চিকিৎসালয়খন মুকুন্দ কাকতিৰ নামত উচৰ্গা কৰিছে।

References

  1. Asomar Swadhinata Sangrami written by Hemanta Kumar Bharali (Specially Thanks)
  2. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *