July 27, 2024

Subrahmanyan Chandrasekhar Biography in Assamese। ড° সুব্রাহ্মণ্যন চন্দ্রশেখৰ

Subrahmanyan Chandrasekhar Biography in Assamese

ড° সুব্রাহ্মণ্যন চন্দ্রশেখৰ জীৱনী Subrahmanyan Chandrasekhar Biography in Assamese

ভগৱানক বিশ্বাস নকৰা ভাৰতীয় বিজ্ঞানীসকলৰ ভিতৰত অন্যতম আছিল সুব্রাহ্মণ্যন চন্দ্রশেখৰ। তেওঁ কৈছিল— ‘যিকোনাে অর্থতেই নহওঁক কিয়, মই ধার্মিক বা ধর্মবিশ্বাসী নহওঁ।

জন্ম১৯ অক্টোবৰ, ১৯১০
লাহোৰ, পঞ্জাব, ব্ৰিটিছ ইণ্ডিয়া
(এতিয়াৰ পঞ্জাব, পাকিস্তান)
মৃত্যু২১ আগষ্ট, ১৯৯৫
চিকাগ’, ইলিনয়, আমেৰিকা যুক্তৰাষ্ট্ৰ
বাসস্থানভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ
জাতীয়তাভাৰতীয়, আমেৰিকান
ক্ষেত্ৰজ্যোতিৰ্পদাৰ্থবিজ্ঞান
সাধাৰণ আপেক্ষিকতাবাদ
তৰল গতিবিজ্ঞান
বিকিৰণ
কৰ্মস্থানচিকাগ’ বিশ্ববিদ্যালয়
য়াৰ্কছ্ অবজাৰ্ভেটৰী
বেলিষ্টিক ৰিচাৰ্ছ লেবৰেটৰী
কেমব্ৰিজ বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠানমাদ্ৰাজ বিশ্ববিদ্যালয়ট্ৰিনিটি কলেজ,কেমব্ৰিজ
ডক্তৰেল পৰামৰ্শদাতাৰাফ্ এইচ্ছ্ ফাউলাৰ
আৰ্থাৰ এডিংটন
ডক্তৰেল বিদ্যাৰ্থীডনাল্ড এডৱাৰ্ড অষ্টাৰব্ৰকগিড’ মাঞ্চ্ৰ’নাল্ড্ উইনষ্টনজেৰে’মিয়াহ্ পি. অষ্ট্ৰিকাৰজেৰম ক্ৰিষ্টিয়ানয়ুছেফ চ’বৌটিএন্ বাৰবাৰা আণ্ডাৰহিলআৰ্থাৰ ক’ডসুৰিন্দৰ কুমাৰ ত্ৰিহান[1]
জনা যায়চন্দ্ৰশেখৰ সীমাচন্দ্ৰশেখৰ সংখ্যাচন্দ্ৰশেখৰ-কেণ্ডাল ফলনচন্দ্ৰশেখৰৰ H-ফলনএমডেন-চন্দ্ৰশেখৰ সমীকৰণচন্দ্ৰশেখৰ-পে’জ সমীকৰণচন্দ্ৰশেখৰ টেনছৰChandrasekhar virial equationsবাটছে’লৰ-চন্দ্ৰশেখৰ সমীকৰণস্কনবাৰ্গ-চন্দ্ৰশেখৰ সীমাচন্দ্ৰশেখৰৰ শ্বেত বাওনা সমীকৰণচন্দ্ৰশেখৰৰ X- আৰু Y- ফলনDiscrete Ordinates Method
উল্লেখনীয় বঁটাৰয়েল চ’ছাইটিৰ সভ্যপদ (১৯৪৪)আদামছ্ প্ৰাইজ (১৯৪৮)পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা (১৯৮৩)ক’প্লে’ মেডেল (1984)নেশ্বনেল মেডেল অৱ্ চায়েন্স্ (১৯৬৬)ৰয়েল মেডেল (১৯৬২)পদ্মবিভূষণ (১৯৬৮)হে’ইনমেন প্ৰাইজ (১৯৭৪)
দাম্পত্যসঙ্গীললিথা ডৰাইস্বামী (১৯৩৬-১৯৯৫)

বিজ্ঞান হ’ল সদায়ে পৰীক্ষামূলকভাৱে প্রমাণিত তত্ত্বৰ আধাৰ। ধর্মত ঈশ্বৰৰ ব্যাখ্যা আৰু বিজ্ঞান তথা বিজ্ঞানীৰ দৃষ্টিত ঈশ্বৰৰ কোনাে অস্তিত্ব নাই। কিন্তু একাংশ শিক্ষিত ব্যক্তিয়ে আনুষ্ঠানিক ধর্মসমূহৰ দ্বাৰা সৃষ্টি ঈশ্বৰৰ অস্তিত্বক অস্বীকাৰ কৰিলেও ৰহস্যময় সুন্দৰ সত্তাৰ তত্ত্বৰ অন্তৰালত ঈশ্বৰ নামৰ এক ৰহস্যময় সত্তাৰ অস্তিত্ব স্বীকাৰ কৰে। সেইৰহস্যময় সত্তাৰ বিশেষ কেন্দ্ৰটোৱেই হৈছে বিজ্ঞানৰ ভাষাত মহানাদ তত্ত্ব।

এনে ৰহস্যময় সত্তাৰ ওপৰতেই গৱেষণা কৰি মহাবিশ্বৰ তত্ত্ব আৱিস্কাৰ কৰাৰ বাবে ভাৰতীয় মূলৰ বিজ্ঞানী সুব্রাহ্মণ্যন চন্দ্রশেখৰক ১৯৮৩ চনত পদার্থ

পিতৃ-মাতৃ আৰু ভগ্নীৰ লগত শিশু সুব্রাহ্মণ্যন।

বিজ্ঞানত ন’বেল বঁটা প্ৰদান কৰিছিল। তেওঁ মহাকাশৰ গধুৰ তৰাৰ বিকাশৰ পর্যায়সমূহৰ বিষয়ে তাত্ত্বিক ধাৰণা দিয়াৰ বাবে সেই সম্মান প্রদান কৰিছিল। এই বঁটা তেওঁ আমেৰিকাৰ জ্যোতিঃপদার্থবিজ্ঞানী উইলিয়াম এ ফাউলাৰৰ লগত যুটীয়াভাৱে লাভ কৰিছিল।

মহানাদ তত্ত্বৰ বিষয়ে গৱেষণা কৰি যােৱা সুব্রাহ্মণ্যন চন্দ্রশেখৰ হ’ল ১৯৩০ চনত ন’বেল বঁটা লাভ কৰা ভাৰতীয় বিজ্ঞানী ছাৰ চি ভি ৰমনৰ ভতিজাক। ১৯১০ চনৰ ১৯ অক্টোবৰত তেতিয়াৰ ভাৰতবৰ্ষৰ অন্তৰ্গত পঞ্জাৱৰ লাহােৰ চহৰত জন্মগ্রহণ কৰা সুব্রাহ্মণ্যনৰ পিতৃ সুব্রাহ্মণ্যন আয়াৰ এগৰাকী সংগীতৰ বিশেষজ্ঞ হােৱাৰ লগতে ভাৰতবৰ্ষ শাসন কৰি থকা ব্রিটিছ চৰকাৰৰ ডেপুটি একাউন্টটেন্ট বিষয়া আছিল।

চাকৰি সূত্রে লাহােৰৰ পৰা লক্ষ্ণৌ চহৰলৈ বদলি হােৱা সুব্রাহ্মণ্যনৰ পিতৃৰ লগতে পৰিয়ালটো ঢাপলি মেলিছিল। বিদ্যালয়ত নামভর্তি নকৰাৰ পূর্বে

শিশু অৱস্থাত সুব্রাহ্মণ্যনক পিতৃয়ে আজৰি সময়ত পঢ়াইছিল। বিশেষকৈ গণিত বিষয়ত সুব্রাহ্মণ্যনক বেছি গুৰুত্ব দি পঢ়াইছিল।

১৯২১ চনত সুব্রাহ্মণ্যনক মাদ্ৰাজৰ ট্রিপলিকেন হিন্দু হাইস্কুলত পিতৃয়ে নামভৰ্তি কৰাইদিছিল। ইয়াৰ পূর্বে প্রাথমিক শিক্ষা তেওঁ ঘৰতে সমাপন কৰিছিল। সেই স্কুলত পঢ়ি থকা কালত ইংৰাজী আৰু গণিত বিষয়ত অধিক পাৰ্গত হৈ উঠিছিল। ১৯২৫চনত হাইস্কুল উত্তীর্ণ হােৱাৰ পাছত তেওঁ মাদ্ৰাজৰ প্রেডিডেন্সী কলেজত নামভর্তি কৰে। পদার্থ বিজ্ঞান, ৰসায়ণ বিজ্ঞান আৰু গণিতত সর্বাধিক নম্বৰ লাভ কৰি সুখ্যাতিৰে ইণ্টাৰমিডিয়া উত্তীর্ণ হয়। তাৰ পাছত তেওঁ সেই কলেজৰ পৰাই পদার্থ বিজ্ঞানত মুখ্য বিষয় হিচাপে স্নাতক ডিগ্রী লাভ কৰে। কলেজৰ ছাত্ৰ হৈ থকা কালতে তেওঁ কলেজৰ বিভিন্ন অনুষ্ঠান তথা প্রতিযােগিতাত অংশগ্ৰহণ কৰিছিল।তর্ক প্রতিযােগিতাত অংশগ্রহণ কৰাৰ লগতে খেল-ধেমালি প্রতিযােগিতাতে অংশগ্রহণ কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল।

১৯২৮ চনত পদার্থ বিজ্ঞান বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্রী লাভ কৰি তেওঁ মাদ্রাজ বিশ্ববিদ্যালয় আৰু পাছত কেন্ত্রিজ বিশ্ববিদ্যালয়ৰ অধীনস্থ ট্রিনিটি কলেজত উচ্চ শিক্ষাৰ বাবে পঢ়িবলৈ যায়। সেইসময়ত তেওঁ পদার্থ বিজ্ঞানৰ ছাত্র যদিও গণিতৰ প্রতি অতি আকর্ষিত হােৱাৰ বাবে সময় উলিয়াইঅধ্যাপক অনুমতি লৈ গণিতৰ শ্ৰেণীকোঠাতাে পাঠ গ্ৰহণ কৰিছিল। ১৯৩০ চনত তেওঁ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰা ৰেকৰ্ড মার্কসহপ্রথম শ্রেণীৰ প্রথম স্থান লাভ কৰি

গৱেষণা কৰা সময়ৰ সুব্রাহ্মণ্যন আৰু পিছৰ কালৰ সুব্রাহ্মণ্যন চন্দ্রশেখৰ

অধ্যয়নৰত অৱস্থাত সুব্রাহ্মণ্যন

পদার্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। সুব্রাহ্মণ্যনৰ এনে ফলাফলক ভাৰতশাসিত ব্রিটিছ চৰকাৰে সন্মান জনাই গৱেষণা কৰাৰ বাবে তেওঁক এটি বৃত্তি প্রদান কৰে। বৃত্তি লাভ কৰি তেওঁ পদার্থ বিজ্ঞান বিভাগৰ অন্তৰ্গত জ্যোতিঃপদার্থ বিজ্ঞান বিষয়ত গৱেষণা কৰিবলৈ মন মেলে। গৱেষণাৰ বাবে তেওঁ ইংলেণ্ডৰ ট্রিনিটি কলেজত গৱেষণা কৰিবলৈ যাত্ৰা কৰে৷কুৰি বছৰ বয়সতে গৱেষণাৰ বাবে কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনস্থ সেই কলেজৰ পৰা ফেল’ লৈ গৱেষণাত লাগি যায়।

প্রায় তিনি বছৰ কাল গৱেষণা কৰাৰ অন্তত ১৯৩৩ চনত সুব্রাহ্মণ্যনে ডক্টৰেট ডিগ্রী লাভ কৰি সেই কলেজতে অস্থায়ীভাৱে অধ্যাপনা কৰে। প্রায় ৩ বছৰ ধৰি অধ্যাপনা কৰি থকা কালতে তেওঁ ১৯৩৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৱেষণাৰ বাবে যাত্রা কৰিছিল। চিকাগাে চহৰস্থিত ‘ইয়র্কছ বীক্ষণাগাৰত সহযােগী অধ্যাপক হিচাপে যােগদান কৰাৰ ঠিক দুবছৰৰ পাছত ১৯৩৮ চনত তেওঁ চিকাগাে বিশ্ববিদ্যালয়ৰ জোতির্বিজ্ঞান বিভাগৰ সহযােগী অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। সেই বিশ্ববিদ্যালয়তে তেওঁ পিছলৈ মুৰব্বী অধ্যাপক হিচাপে নিযুক্ত হয়। ১৯৪২ চনত তেওঁক কেম্ব্রিজ বিশ্ববিদ্যালয়ে ডি এছ চি উপাধি প্রদান কৰে। তাৰ দহবছৰৰ পাছত তেওঁ জ্যোতিঃবিজ্ঞানৰ মৰটন দিহাল প্রফেছৰ হিচাপে কেম্ব্রিজ বিশ্ববিদ্যালয়ত নিযুক্তি লাভ কৰে।

১৯৫৩ চনত আমেৰিকাৰ নাগৰিকত্ব লাভ কৰি তেওঁ নিগাজিকৈ চিকাগােতে থাকিলৈ লয়। কলেজীয়া জীৱনৰে সহপাঠিনী ললিতাৰ লগত বিবাহ পাশত আবদ্ধ হৈ দুয়াে একেলগে তাতে থাকিবলৈ লয়।

জ্যোতিঃপদার্থ বিজ্ঞান বিভাগত গৱেষণা কৰি তেওঁ নবেল বঁটা লাভ কৰা বহু বছৰ পূর্বে মহানাদ তত্ত্বৰ বিষয়ে অধিক তথ্য দিবলৈ সক্ষম হৈছিল। প্রায় ৫০ বছ পূর্বে গৱেষণা কৰা বিষয়ৰ ওপৰত অৱশেষত তেওঁক বিশ্বই স্বীকৃতি দিছিল সেই বিৰল সন্মান ন’বেল বঁটা প্ৰদানৰ জৰিয়তে। ১৯৩৫ চনতে সুব্রাহ্মণ্যন চন্দ্রশেখৰে তাৰকাৰ বিৱৰণ তত্ত্ব বিষয়ক এখন গৱেষণা পত্ৰৰ দ্বাৰা বিশ্বতে মহাকাশ বিজ্ঞানৰ এক নৱতম তথ্য সংযােগ কৰিব বিচাৰিছিল যদিও সেই সময়ত বিখ্যাত জ্যোতিঃবিজ্ঞানী আর্থৰ এডিংটনে সেই তথ্য ভুল বুলি আঙুলিয়াই দি নানা তথ্য দিছিল। কিন্তু গৱেষক সুব্রাহ্মণ্যনে কথাটো স্বীকাৰ নকৰিলে। তেওঁৰ মহানাদ তত্ত্বটো শুদ্ধ বুলি ক’বলৈ বহু তথ্যৰে মন্তব্য আগবঢ়াইছিল যদিও অৱশেষত আৰ্থৰৰ যুক্তিত তেওঁৰ তথ্যবােৰ তল পৰি গৈছিল। কিন্তু তথাপিও তেওঁ তেওঁৰ তত্ত্বটো ভুল বুলি স্বীকাৰ নকৰি পুনৰ অধিক তথ্য সংযােগেৰে মহানাদ তত্ত্বক এক মাত্রা প্রদান কৰিছিল। ১৯৩৯ চনত তেওঁ সেইতত্ত্বসম্পর্কে এন ইন্ট্রডাকশ্যন টু ষ্টেলাৰ স্ট্রাকচাৰনামৰ এখন মহৎ গ্রন্থ ৰচনা কৰি প্ৰকাশ কৰিছিল। তাৰ পাছতে তেওঁ “নিউট্রন নক্ষত্ৰৰ আৱিষ্কাৰ আৰু‘ব্লেক হােল’ বিষয়ক সুদীর্ঘ সময়ৰ গৱেষণাৰ দ্বাৰা সুব্রাহ্মণ্যনে এডিংটনে

গৱেষণাগাৰত জ্যেষ্ঠ বিজ্ঞানীসকলৰ লগত সুব্রাহ্মণ্যন চন্দ্রশেখৰ

মহানাদ তত্ত্বৰ পাছত গধুৰ তৰাৰ বিষয়ে তত্ত্ব উদ্ভাৱক গৱেষক সুব্রাহ্মন্যন চন্দ্রশেখৰে গৱেষণাৰ বাবে ব্যৱহাৰ কৰা আকাশৰ আলােকচিত্র

ভুল বুলি প্রমাণ কৰা তত্ত্বক শুদ্ধবুলি প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল।

১৯৫৭ চনত আমেৰিকান একাডেমি অৱ আৰ্টছ এণ্ড ছায়েন্স নামৰ এক সংস্থাই তেওঁক ৰামফ’র্ড’ সন্মান দিছিল। ১৯৬২ চনত তেওঁ ৰয়েল ছ’চায়িটিৰ পৰা ৰয়েল মেডেল’ লাভ কৰিছিল। ইয়াৰ পূর্বে তেওঁ ১৯৫৩ চনত ৰয়েল এষ্ট্রনৈমিকেল ছ’চায়িটিৰ পৰা সােণৰ পদক লাভ কৰিছিল। ভাৰত চৰকাৰেও ১৯৬৮ চনত তেওঁক ভাৰতবৰ্ষৰ অসামৰিক সন্মান ‘পদ্মবিভূষণ’ সন্মান প্রদান কৰিছিল। ১৯৮২ চনত ‘দ্যা মেথমেটিকেল থিঅ’ৰি অৱ ব্লেক হ’লছ’ আৰু ‘এ’ফিজিক্স জানে নামৰ মূল্যবান গ্রন্থ ৰচনা কৰি প্ৰকাশ কৰিছিল। ১৯৮৩ চনত পদার্থ বিজ্ঞানত ন’বেল বঁটা লাভ কৰাৰ পাছত ১৯৮৪ চনত কপলি মেডেল’কে ধৰি বহু সন্মানেৰে বিভূষিত হৈছিল সুব্রাহ্মণ্যম চন্দ্ৰশেখৰ।

১৯৯৫ চনৰ ২১ আগষ্টত জ্যোতিঃবিজ্ঞান, পদার্থবিজ্ঞান আৰু গণিত এই কেওটা বিষয়ৰ ওপৰতেই গৱেষণা কৰি যােৱা এই মহান বিজ্ঞানীগৰাকী ৮৫ বছৰ বয়সত হৃদৰােগত আক্ৰান্ত হৈ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ ঠিক চাৰি বছৰ পাছত অর্থাৎ ১৯৯৯ চনত তেওঁৰ স্মৃতিত ‘চন্দ্র’ নামে এটি মহাকাশ দূৰবীণ নাছাই উৎক্ষেপণ কৰে।

You also Read

References

  1. Deepawali.co.in
  2. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *