June 18, 2021

Life History of Mahatma Gandhi in Assamese

Table of Contents

জন্ম আৰু বংশ পৰিচয় Mahatma Gandhi Biography in Assamese

মহাত্মা গান্ধীৰ সম্পূর্ণ নাম মােহনদাস কর্মচান্দ গান্ধী।দেউতাক কৰমচান্দ (কাবা) গান্ধী। তেখেতে তেতিয়াৰ ফিফ্ট গুজৰাটী ষ্টেণ্ডার্ডলৈকেহে শিক্ষা গ্রহণ কৰিছিল যদিও তেখেত আছিল অভিজ্ঞতাৰে পুষ্ট। তেখেতৰ বুৰঞ্জী বা ভুগােলৰ আনুষ্ঠানিক শিক্ষা নাথাকিলেও ব্যৱহাৰিক ক্ষেত্ৰত জটিল সমস্যা সমান অনায়াসে কৰিব পাৰিছিল। আন বহু হিন্দুৰ দৰে ধৰ্মৰ প্রশিক্ষণ নল’লেও মন্দিৰলৈ সঘন আহ-যাহ আৰু ধর্মালােচনা শুনি শুনি তেওঁৰ ধৰ্মৰ জ্ঞান লৈছিল। এজন জ্ঞানী ব্রাহ্মণ বন্ধুৰ অনুৰােধত জীৱনত অন্তিম সময়ত গীতাখন পঢ়িছিল আৰু পিছত প্রতিদিনে প্রার্থনাৰ সময়ত দুই-এক ফাকি শ্লোক আওৰাইছিল।

মহাত্মা গান্ধীৰ চমু পৰিচয় Shot intro of Mahatma Gandhi in Assamese

জন্ম২ অক্টোবৰ, ১৮৬৯
পোৰবন্দৰ, গুজৰাট
মৃত্যু৩০ জানুৱাৰী, ১৯৪৮ (৭৮ বছৰ)
নতুন দিল্লী, ভাৰত
মৃত্যুৰ কাৰণহত্যা
ৰাষ্ট্ৰীয়তাভাৰতীয়
অন্য নামমহাত্মা গান্ধী, জাতিৰ পিতা, বাপু
শিক্ষাইউনিভাৰ্চিটি কলেজ, লণ্ডন
জনা যায়ভাৰতীয় স্বাধীনতা আন্দোলন
ৰাজনৈতিক দলভাৰতীয় জাতীয় কংগ্ৰেছ
ধৰ্মহিন্দু ধৰ্ম
দাম্পত্যসঙ্গীকস্তুৰবা গান্ধী
সন্তানহৰিলাল, মণিলাল, ৰামদাস, দেৱদাস
আত্মীয়-স্বজনগান্ধী পৰিয়াল
Mohandas Gandhi age 7
মহাত্মা গান্ধীৰ বিষয়ে এতিয়ালৈ আৱিষ্কৃত প্ৰথম আলোকচিত্ৰ, ৭ বছৰ বয়সত, চন: ১৮৭৬ (take wikipedia)

ককাদেউতাক উত্তমচান্দ গান্ধী ওৰফে ওটা গান্ধী পােৰবৰুৰ দেৱান বা প্রধানমন্ত্রী আছিল। দেউতাকৰ দৰে কাবা গান্ধীও পােৰবৰ দেৱান হৈছিল। কাবা গান্ধীয়ে চাৰিবাৰ বিয়া কৰাইছিল, প্রত্যেকবাৰে আগৰ গৰাকীৰ মৃত্যুৰ পাছত। একেবাৰে শেষ তথা চতুর্থ পত্নী পুতলীবাঈৰ কনিষ্ঠতম সন্তান আছিল মহাত্মা গান্ধী। ইয়াৰােপৰি তেওঁৰ এগৰাকী কন্যা আৰু দুগৰাকী পুত্র সন্তান ছিল । কাবা গান্ধীয়ে সদায় সঁচা কথা কৈছিল। তেওঁ আছিল অসীম সাহসী আৰু যিকোনাে পৰিস্থিতিৰ লগতে মােকাবিলা কৰিব পৰা মত থকা লােক। খঙো তেওঁৰ তৎক্ষণাত উঠিছিল। নিজে যিটো সস শুদ্ধ বুলি ভাবিছিল তাকেইহে কৰিছিল। কমচান্দ গান্ধীয়ে কেতিয়াও নিজকে ধনী কৰাৰ কথা ভবা নাছিল। সেয়ে তেওঁ খুউব কমসংখ্যক সম্পত্তি হে পৰিয়াল-পৰিজনলৈ এৰি গৈছিল। মাক পুতলীবাঈ এগৰাকী ধর্মপ্রাণা মহিলা আছিল। তেওঁ নিয়মিত পূজা-পাতল কৰিছিল আৰু তাৰ পাছতহে আহাৰ গ্ৰহণ কৰিছিল। নিয়মীয়াকৈ মন্দিৰলৈ গৈছিল আৰু তিথিয়ে-পার্বনে লঘােণ দিছিল। তেওঁ চতুর্মাঘ তিথি বৰ নিষ্ঠাৰে পালন কৰিছিল। এবাৰ এই তিথিত তেওঁ সংকল্প লেছিল যে সূর্য নেদেখাকৈ তেওঁ আহাৰ গ্ৰহণ নকৰে। ডাৱৰীয়া বতৰত কেতিয়াবা তেওঁৰ পেট মৰি গৈছিল। গান্ধীহঁতে চোতালত ৰৈ সূর্য দেৱতা ওলােৱাৰ ক্ষণ গণিছিল। কিন্তু মাকে ভ্রুক্ষেপেই কৰা নাছিল। এবাৰ চন্দ্রায়ান ব্রত পালন কৰি থাকোতে তেওঁ বেমাৰত পৰিছিল। তথাপি তেওঁৰ মুখত কোনাে অশান্তিৰ ভাব পৰিস্ফুত হােৱা নাছিল। তেওঁ ইটোৰ পাছত সিটোকৈ একেলগে দুই তিনিটা ব্রত অনায়াসে ৰাখিব পাৰিছিল।

এনে সৎ, আদর্শৱান, সত্যবাদী, ধর্মপ্রাণ পিতৃ-মাতৃৰ গৰ্ভস্থ হৈ ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পােৰবন্দৰত, যাক সুদামাপুৰী বুলিও জনা যায়, মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেওঁৰ সম্পূর্ণ নাম মােহনদাস কর্মচান্দ গান্ধী যদিও তেওঁ মহাত্মা, বাপুজী, বাপু আদি বিভিন্ন সম্বােধনেৰে খ্যাতিমন্ত হৈছিল। কবি ৰবীন্দ্রনাথ ঠাকুৰে ‘মহাত্মা’, জৱাহৰলাল নেহৰু আৰু বল্লভভাই পেটেলে, তেওঁক ‘বাপুজী আৰু তেওঁৰ ইংৰাজ শিষ্যা মেডেলাইন শ্লেড বা মীৰাবেনে তেওঁক প্রথমে বাপু’ বুলি সম্বােধন কৰিছিল।

বাল্যকাল

পােৰবন্দত গান্ধীৰ প্ৰাথমিক শিক্ষাৰ আৰম্ভণি হৈছিল। সাত বছৰ বয়সত গান্ধীৰ পিতৃ পােৰবন্দৰৰ পৰা ৰাজস্থানিক কৰ্টৰ সদস্য হৈ ৰাজকোটলৈ যাব লগা হােৱাত গান্ধীক তাৰ প্রাথমিক স্কুলত ভর্তি কৰি দিয়া হয়। গান্ধী পঢ়া শুনাত মধ্যমীয়া ছাত্র আছিল। বাৰ বছৰ বয়সত গান্ধী উচ্চ বিদ্যালয়ৰ ছাত্র। সেই সময়ছােৱাৰ ভিতৰত গান্ধীয়ে শিক্ষক, পিতৃ-মাতৃ বা সহপাঠীৰ আগত কেতিয়াও মিছা কথা কোৱা নাছিল। তেওঁ লাজকুৰীয়া স্বভাৱৰ বাবে কাৰাে লগ নলৈছিল। কিতাপেই তেওঁৰ একমাত্ৰ লগৰীয়া আছিল। সময়মতে বিদ্যালয়লৈ অহা-যােৱা কৰা তেওঁৰ অভ্যাসত পৰিণত হৈছিল। Life History of Mahatma Gandhi in Assamese

হাইস্কুললৈ যােৱাৰ প্ৰথম বছৰতে এটা ঘটনা ঘটিল। বিদ্যালয় পৰিদৰ্শক মিষ্টাৰ গিল বিদ্যালয় পৰিদৰ্শন কৰিবলৈ আহি গান্ধীহঁতৰ শ্ৰেণীত সােমাই পাঁচোটা ইংৰাজী শব্দৰ শুদ্ধ বানান লিখিবলৈ কলে। তাৰে কেলি (Kettle) বানানটো গান্ধীয়ে ভুলকৈ লিখিলে। শ্রেণী শিক্ষকে ইংগিতেৰে কাষৰ ল’ৰাজনৰ পৰা শুদ্ধ বানানটো লিখি ল’বলৈ ইংগিত দিলে। কিন্তু গান্ধীয়ে সেইটো আওকাণ কৰিলে, কাৰণ তেওঁ নকল কৰি লিখা কামটো সমর্থন নকৰিলে। তেওঁ ভাবিছিল শিক্ষকে ছাত্রক নকল কৰিবলৈ মানা কৰা উচিত। পৰিদৰ্শক ওলাই যােৱাৰ পিছত শিক্ষকজনে গান্ধীক ককৰ্থনা কৰিছিল। কাৰণ গান্ধীৰ বাহিৰে আন সকলাে ছাত্রই শুদ্ধকৈ লিখিছিল। অৱশ্যে ইয়াৰ কাৰণে তেওঁ শিক্ষকজনৰ প্রতি বীতশ্রদ্ধ হােৱা নাছিল।

এনেকুৱা আৰু দুটা উল্লেখযােগ্য ঘটনাই গান্ধীৰ বাল্যকালত শিশুমন প্রভাৱিত কৰিছিল। গান্ধীয়ে বাল্যকালত বিদ্যালয়ৰ পাঠ্যপুথিৰ বাহিৰে আন কিতাপ নপঢ়িছল।

তেওঁ প্রতিদিনৰ পাঠৰ কাম সময়মতে কৰি গৈছিল কাৰণ শিক্ষকক প্ৰৱঞ্চনা কৰা বা শিক্ষকৰ দ্বাৰা লাঞ্চিত হােৱাটো তেওঁ ভাল নাপাইছিল। কিন্তু এদিন পিতাকে কিনি আনি থােৱা শ্ৰৱণৰ পিতৃভক্তি’ নামৰ কিতাপখনৰ ওপৰত তেওঁৰ চকু পৰিল। গান্ধীয়ে

কিতাপখন বৰ মনপুতি পঢ়িলে আৰু শ্ৰৱণৰ পিতৃ-মাতৃৰ প্ৰতি থকা ভক্তিৰ পৰিচয় পাই বিস্ময় মানিলে। শ্ৰৱণে অন্ধ পিতৃ-মাতৃক কান্ধত কঢ়িয়াই নিয়া শ্ৰৱণৰ এখন চিত্রও পাইছিল। এই গ্রন্থই গান্ধীৰ মনত দকৈ সাঁচ বহুৱাইছিল।

‘শ্ৰৱণৰ পিতৃ-ভক্তিৰ দৰে হৰিশ্চন্দ্ৰনামৰ নাটকখনেও গান্ধীৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল। নাটক চাই গান্ধীয়ে হৰিশ্চন্দ্ৰৰ বচনবিলাক ঘৰত দিনে নিশাই আওৰাবলৈ লাগিল। জীৱনৰ কাল ধুমুহায়াে হৰিশ্চন্দ্ৰক সত্যৰ পৰা পিচলাব নােৱাৰাৰ কাহিনীয়ে তেওঁক বৰকৈ আকর্ষিত কৰিছিল। তেতিয়াৰ পৰা গান্ধীয়েও সদায় সত্যবাদী হােৱাৰ দৃঢ় সংকল্প ল’লে।

বাল্যবিবাহ

সেই সময়ত বাল্যবিবাহ প্রথাৰ প্ৰচলন আছিল বাবে মাত্র তেৰ বছৰ বয়সতে গান্ধী বিবাহপাশত আৱদ্ধ হ’ব লগা হৈছিল। যি বয়সত এটা শিশুৱে সংসাৰৰ কোনাে মায়া মােহ নুবুজি কেৱল খেল-ধেমালিৰ মাজেৰে দিন কটাইছিল সেই সময়তে গান্ধীয়ে নিজৰ সমবয়সীয়া কস্তুৰবাঈক বিয়া কৰাইছিল। বাল্যবিবাহৰ নিয়মমতে বিয়াৰ বন্দবস্ত কৰে ল’ৰা-ছােৱালীৰ পিতৃ-মাতৃয়ে। প্রথম অৱস্থাত এই বিষয়ে বৰ বা কন্যা দুয়াে সম্পূর্ণ অজ্ঞাত হৈ থাকে। অৱশ্যে প্রয়ােজন অনুসৰি এই বন্দবস্ত বাতিল কবিও পাৰিছিল। এনে বাতিলকৰণৰ পিছত দুয়ােপক্ষই পুনৰ বেলেগ বিয়াৰ বন্দবস্ত কৰিব পাৰিছিল। গান্ধীৰ ক্ষেএতাে তিনিবাৰৰ মূৰতহে আচল বিয়াখনৰ বন্দবস্ত হৈছিল। প্রথম দুবাৰত ঠিক হােৱা দুয়ােজনী ছােৱালীৰে মৃত্যু হৈছিল। তৃতীয়বাৰ তেওঁৰ সাত বছৰ বয়সত বিয়াৰ বন্দবস্ত হৈছিল আৰু অৱশেষত তেৰ বছৰ বয়সত কার্য সম্পন্ন হৈছিল।

Gandhi and Kasturbhai 1902
গান্ধী আৰু তেওঁৰ স্ত্ৰী কস্তুৰবা (১৯০২)

গান্ধীহতৰ পৰিয়ালটো আছিল যৌথ পৰিয়াল। গতিকে তেওঁলােকৰ পৰিয়ালে তিনিখন বিয়াৰ আয়ােজন একেলগে কৰিবলৈ ঠিৰাং কৰিলে। সেইমতে গান্ধী, গান্ধীতকৈ বয়সত দুই-তিনি বছৰৰ ডাঙৰ গান্ধীৰ দ্বিতীয়জন ককায়েক আৰু গান্ধীতকৈ এবছৰ ডাঙৰ এজন বৰদেউতাকৰ পুতেকৰ বিয়া একেলগে হৈছিল। বিয়াৰ আগে আগে গান্ধী আৰু ককায়েকক ৰাজকোটৰ পৰা পােৰবলৈ অনা হ’ল। কিন্তু দেউতাক কাবা গান্ধী ঘোঁৰাবাগীৰে পােৰবলৈ আহােতে বাটতে এটা দুর্ঘটনা হ’ল। ঘোঁৰবাগী বাগৰি পৰি কাবা গান্ধীয়ে শৰীৰ আঘাট পালে। পিছত বেণ্ডেজ বন্ধা অৱস্থাৰেই তেওঁ পুতেকৰ বিয়াৰ কাম সুকলমে সমাধা কৰিলে।

বিয়াৰ পিছত গান্ধী আৰু তেওঁৰ ককায়েক দুয়াে ৰাজকোটলৈ উভতি গ’ল। বিয়াৰ বাবে ব্যস্ত হৈ পৰাত তেওঁলােকৰ পাঠ গ্রহণত ব্যাঘাট জন্মিল আৰু ফলস্বৰূপে গান্ধীৰ এটা শৈক্ষক বছৰ নষ্ট হ’ল আৰু ককায়েকে স্কুলৰ পঢ়া-শুনা সিমানতে বাদ দিব লগা হ’ল।

গান্ধীৰ অসৎ সঙ্গ লাভ

অপৈনত বয়সতে গান্ধীয়ে মাজু ককায়েকৰ সহপাঠী অসৎ বন্ধু এজনৰ সঙ্গ লাভ কৰিলে। তেওঁ গান্ধীক অসৎ পথে নিবলৈ কৰা চেষ্ট গান্ধীয়ে বুজি উঠিছিল যদিও তেওঁক বিশ্বাসী জ্ঞান কৰিছিল কাৰণ বেয়া গুণসমূহৰ মাজত থকা সজ গুণসমূহ তেওঁ অনুধাৱন কৰিব পাৰিছিল। তেওঁ গান্ধীক সুন্দৰকৈ বুজাই দিছিল কেনেকৈ মাংস নােখােৱাৰ বাবে ভাৰতীয় সকল ব্ৰিটিছসকলতকৈ

তুলনামূলকভাৱে দুর্বল। ব্রিটিছৰ হাতৰপৰা শানস ঘূৰাই আনিবলৈ হলে জাতিটো শক্তিশালী হ’ব লাগিব আৰু তাৰ অৱলম্বন হিচাপে মাংস খােৱাটো যে অতিব প্রয়ােজনীয় সেই কথা তেওঁ গান্ধীক বুজাই দিছিল। তেওঁ গান্ধীক এই কথাত পতিয়ন নিয়াইছিল যে দেখাত বহুতাে গুণী-জ্ঞানী ব্যক্তি যেনে— তেওঁলােকৰ সহপাঠী আৰু শিক্ষকসকলৰাে বহুতে মনে মনে মাংস খায়। এনেদৰে ককায়েকৰ বধুজনে সময়ে সময়ে গান্ধীক মাংস খােৱাৰ প্ৰয়ােজনীয়তা আৰু উপকাৰিতাৰ দোহাই দি এসময়ত পতিয়ন নিয়াব পাৰিছিল আৰু গান্ধীৰ মনত মাংস খােৱাৰ আগ্রহ প্ৰকট হৈ উঠিছিল।

অৱশেষত এদিন ককায়েকৰ বন্ধুৰ লগত নদীৰ পাৰ এডােখ নির্জন ঠাইত মাংস ৰন্ধা আৰু খােৱাৰ আয়ােজন চলিল। মাজু ককায়েক, যিয়ে ইতিমধ্যে মাংস খােৱাৰ অভ্যাস গঢ়ি তুলিছিল বন্ধু লগলাগি তেওঁ বেকাৰীৰ ৰুটী আৰু মাংস লৈ আগতীয়াকৈ আঁচনি কৰি থােৱা ঠাইত উপস্থিত হৈছিল। ৰন্ধা-বঢ়া কৰিছিল সেই বন্ধুজনেই। কিন্তু মাংস খাই গান্ধীয়ে সিমান বেছি জুতি নাপালে। তদুপৰি মনে মনে খাবলগীয়া হােৱাত এফালে অনুশােচনা আনফালে সবল হােৱাৰ বাসনাই তেওঁক দোমােজাত পেললে। ঠিক ছেইক্সপীয়েৰৰ ‘হেমলেট’ নাটকৰ হেলমেট চৰিত্ৰৰ To be or not to be (কি কৰাে, কি নকৰাে)ৰ দৰে।

গান্ধী, ককায়েক আৰু ককায়েকৰ সেই বন্ধুজনৰ তুলনাত ক্ষীণ আৰু দুর্বল আছিল। তেওঁলােক খুউব সাহসী আৰু শক্তিশালী আছিল। ককায়েকৰ বন্ধুজনৰ কামবােৰে গান্ধীক বৰ উৎসাহ দিছিল তেওঁ খুউব খৰকৈ বহুদূৰ দৌৰিব পাৰিছিল। হাই’ আৰু ‘লংজাম্পত তেওঁ বৰ পাকৈত আছিল। তেওঁ দেহত হােৱা অতিমাত্রা বিষাে সহ্য কৰিব পাৰিছিল। তদুপৰি তেওঁ এনে কিছুমান আশ্চর্যজনক

কাম কৰিছিল গান্ধী বিস্ময়ত তভক মানিছিল। গান্ধী এনেবােৰ কামত অভ্যস্ত নাছিল আৰু তেওঁ আছিল অতি ভয়াতুৰ। আনকি ৰাতি অকলে ঘৰৰ বাহিৰ ওলাব নােৱাৰিছিল। আন্ধাৰত শােৱাৰ অভ্যাস তেওঁৰ নাছিল। শােৱাৰ কথা ভাবিলে এনে অনুমান হৈছিল যেন কেউফালৰ পৰা ভূত, চোৰ আৰু সাপে তেওঁক আগুৰি ধৰিব। গান্ধীৰ ককায়েকৰ বন্ধুজনে কৈছিল যে মাংস খােৱাৰ ফলস্বৰূপে তেওঁ হাতেৰে সাপ ধৰিব পৰা হ’ল, চোৰৰ মুখামুখী হােৱাৰ সাহস হল আৰু ভূত-প্রেত নামৰ অন্ধবিশ্বাসৰ পৰা হাত সাৰিল। সেই সময়তে গুজৰাটী কবি নর্মাড়ৰ এফাকি কবিতা বৰ জনপ্ৰিয় হৈ পৰিছিল যাৰ মূল কথা এনেধৰণৰ— শক্তিশালী ইংৰাজসকলক চোৱা, কেনেকৈ সৰু সৰু ভাৰতীয়সকলক শাসন কৰিছে, কাৰণ তেওঁলােকে মাংস ভােজন কৰি পাঁচ কিউবিত উচচতা লাভ কৰিছে।”

এই সকলােবােৰ কথাই গান্ধীৰ মনত দকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল যাৰ ফলস্বৰূপে গান্ধী সম্পূর্ণ আমীষভােজী হৈ পৰিছিল।

আকৌ সৰুতে খুড়াকক চুৰট হােপা দেখি গান্ধীৰাে চুৰটত হােপা দি মুখেৰে ধোঁৱা উলিওৱাৰ ইচ্ছা হৈছিল। সেয়ে তেওঁ সমবয়সীয়া এজন সম্বন্ধীয় ব্যক্তিৰ সৈতে খুড়াৰ আধাখােৱা চুৰটৰ টুকুৰাবিলাক মনে মনে বুটলি হুপিবলৈ ধৰিলে। লাগে লাহে তেওঁৰ মন বাঢ়ি গ’ল আৰু ঘৰত কাম কৰা লগুৱাৰ জেপৰ পৰা পইচা চুৰ কৰিবলৈ আৰম্ভ কৰিলে। তদুপৰি বজাৰ খৰচৰ পৰাও তেওঁ দুই এপইচাকৈ চুৰ কৰিবলৈ ধৰে। অকল এয়ে নহয় এবাৰ অবাবত খৰচ কৰাৰ বাবে গান্ধীৰ টকাৰ ধাৰ লাগিল। ফলত ককায়েকৰ সােণৰ বাজুৰপৰা এটুকুৰা সােণ কাটি বিক্ৰী কৰে।

অসৎ বন্ধুৰ সঙ্গত পৰি গান্ধীয়ে নিজৰ পত্নীৰ লগতাে অশালীন ব্যৱহাৰ কৰিছিল। পত্নীক তেওঁ সন্দেহৰ চকুৰে চাইছিল যাৰ বাবে তেওঁৰ পত্নীয়ে অসহ্য দুখ-বেদনা সহিব লগা হৈছিল। এইদৰে গান্ধীয়ে অসৎ বন্ধুৰ সঙ্গত পৰি বহু বেয়া কাম কৰিছিল।

অনুশােচনা আৰু প্রায়শ্চিত্ত

অসৎ সঙ্গত পৰি গান্ধীয়ে পিতৃ-মাতৃৰ আগত মিছা মাতিবলগীয়া হৈছিল। বন্ধুৰ লগত মাংস খাই ঘৰলৈ উভতি আহি ভাতৰ পাতত বহোঁতে গান্ধীৰ পেটত ভােক নাথাকে। মাকে কিয় কমকৈ খাইছে বুলি সুধিলে উত্তৰত গান্ধীয়ে মিছা কথাৰ আশ্রয় ল’বলগীয়া হয়। এই অভিজ্ঞতাই তেওঁৰ অন্তৰত বৰকৈ দুখ দিবলৈ আৰম্ভ কৰিলে। পিতৃ-মাতৃয়ে জীৱনত কেতিয়াও গম নাপালে যে তেওঁলােকৰ দুজন পুত্রই মাংস মুখত দিছিল।

পইচা আৰু সােণ চুৰি কৰি গান্ধী শান্তিৰে থাকিব পৰা নাছিল। অনুশােচনাত দগ্ধ হৈ তেওঁ পিতৃৰ ওচৰত দোষ স্বীকাৰ কৰা সংকল্প ল’লে। কিন্তু তেওঁৰ দুষ্কাৰ্যই পিতৃৰ মনত আঘাত দিব বুলি ভাবি তেওঁ বৰ ভয় খালে। তথাপি দোষ স্বীকাৰ কৰি ক্ষমা খুজি তেওঁ নিকা হ’বলৈ ঠিৰাং কৰিলে। সেয়ে তেওঁ এখন চিঠিত সকলাে কথা লিখি পিতাকৰ হাতত দিলে আৰু তেওঁ কাষতে ৰৈ থাকিল। চিঠিত তেওঁ তেওঁৰ দোষৰ বাবে উপযুক্ত শাস্তি দিবৰ বাবেও লিখিলে। লগতে গান্ধীয়ে এই কথাও লিখিলে যে তেওঁৰ দোষৰ বাবে পিতৃয়ে যেন নিজে নিজকে দোষণীয় বুলি গণ্য নকৰে। মুখেৰে তেওঁ একো নামাতিলে। খন্তেক চকু দুটা মুদি কিবা ভাবিলে আৰু পিছ মুহূর্ততে কাগজখিলা ফালি পেলালে। পিতৃৰ চকুপানী দেখি গান্ধীয়েও কান্দিলে। Life History of Mahatma Gandhi in Assamese

পতৃৰ মুকুতা-মণিৰ দৰে চকুপানীৰ টোপালবােৰে গান্ধীৰ অন্তৰৰ পাপ ধুই নিকা কৰি পেলালে। তেওঁ পিতাকে ক্ষমা কৰা যেন অনুভৱ কৰিলে। ৰােগী পিতাকৰ দয়া আৰু মৰমত গান্ধীৰ মন ফৰকাল হল আৰু পাপৰ প্রায়শ্চিত্ত হ’ল | মনৰ পৰা সকলাে বেয়া চিন্তা নিমিষতে আঁতৰি গ’ল। তেতিয়াৰে পৰা তেওঁৰ জীৱনত কোনাে লােভ প্রলােভনে দেখা দিয়া নাই।

পত্নীৰ প্ৰতি কৰা অন্যায়ৰ অনুভূতিও তেওঁৰ জাগি উঠিল। বন্ধুৰ উদ্যোগত পত্নীৰ প্ৰতি কৰা অন্যায় আচৰণৰ জ্ঞান অহাত তেওঁ বৰ লজ্জিত আৰু দোষী অনুভৱ কৰিছিল। তেওঁ কৈছিল অকল এগৰাকী হিন্দু পত্নীয়েহে পতীয়ে কৰা সন্দেহৰ বিষ সহ্য কৰিব পাৰে। সেয়ে তেওঁ মাইকী মানুহক সহ্যৰ শক্তিশালী প্রতীক বুলি গণ্য কৰিছিল। ভিত্তিহীনভাৱে নিজ পত্নীৰ ওপৰত সন্দেহৰ বীজ ৰােপণ কৰি তেওঁক যি দুখ দিলে তাৰ বাবে গান্ধীয়ে নিজকে কেতিয়াও ক্ষমা কৰিব নােৱাৰে বুলি আত্মপ্রকাশ কৰিছিল। অহিংসাৰ অৰ্থ ভালদৰে বুজি উঠাৰ পিছতহে গান্ধী সন্দেহৰ বেমাৰটোৰ পৰা সম্পূৰ্ণৰূপে আৰােগ্য লাভ কৰিছিল বুলি তেওঁ তেওঁৰ আত্মকথাত প্ৰকাশ কৰি গৈছে।

গান্ধীৰ বয়স তেতিয়া ষােল্ল বছৰ। তেওঁৰ পিতৃ কাবা গান্ধী ফিষ্টুলা ৰােগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। গান্ধীয়ে তেওঁৰ সেৱাশুশ্রুষাত অলপাে কৃপণালি কৰা নাছিল। স্কুললৈ যােৱা আৰু পিতৃৰ আলপৈচান ধৰাই তেওঁৰ প্রধান কাম আছিল। কিন্তু নিয়তিৰ বিধান কোনে খণ্ডাব পাৰে? কোনাে ধৰণৰ চিকিৎসাই তেওঁক ৰাখিব নােৱাৰিলে। অৱশেষত এদিন নিশা খুৰাকে গান্ধীক অলপ পৰৰ বাবে আজৰি কৰি দি নিজে ককায়েকৰ কাষত থাকিল। সেই মুহূর্ততে দেউতাকে ইহলীলা সম্বৰণ কৰিলে। অলপ সময়ৰ কাৰণে পিতৃক টান অৱস্থাত এৰি যােৱা আৰু শেষত মৃত্যুৰ আগমুহূর্ত এৰি যােৱা আৰু শেষত মৃত্যুৰ আগমুহূর্তত পিতৃৰ কাষত থাকিবলৈ নােপােৱাৰ দুখ তেওঁৰ গােটেই জীৱন থাকি গ’ল।

উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ যাত্রা

১৮৮৭ চনত গান্ধীয়ে মেট্রিকুলেশন পৰীক্ষা পাছ কৰে। গান্ধীৰ ককায়েকহঁতে গান্ধীক ভৱনগৰ নাইবা বম্বেৰ কলেজত পঢ়াৰ কথা কৈছিল। গান্ধীয়ে ভৱনগৰৰ সলমদাস কলেজত ভর্তি হােৱাৰ সিদ্ধান্ত ল’লে। কাৰণ সেই ঠাইলৈ দূৰত্ব কম আৰু সেইবাবে খৰচো কম হ’ব। কিন্তু কলেজৰ অধ্যাপকসকলৰ উচ্চমনৰ বক্তৃতা গান্ধীয়ে একো বুজি নাপালে। আৰু ঘৰলৈ উভতি অহা শেষ সিদ্ধান্ত ল’লে। ঘৰত আহি তেওঁ মাঞ্জী ভাঙে নামৰ এজন ব্যক্তিক লগ পালে আৰু তেওঁ গান্ধীক বুজালে যে বিদেশত শিক্ষা লাভ কৰিব নােৱাৰিলে গান্ধীয়ে জীৱনত একো কৰিব নােৱাৰিব। সেয়েহে তেওঁ বিদেশলৈ যােৱা উচিত আৰু তাত তিনিবছৰ বেৰিষ্টাৰী পঢ়িহে দেশলৈ ঘূৰি অহা উচিত হ’ব। ককায়েক, মাক আৰু গান্ধীয়ে বিষয়টোৰ ওপৰত গভীৰভাৱে আলােচনা কৰিলে যদিও তেওঁলােকে কোনাে সিদ্ধান্ত ল’ব নােৱাৰিলে। সেয়েহে ককায়েকে গান্ধীক পােৰবন্দৰত থকা মিষ্টাৰ লেলীৰ ওচৰলৈ সঠিক সিদ্ধান্তৰ কাৰণে পঠিয়াই দিলে। গান্ধীয়ে প্রথমতে গৈ খুৰাকক লগ ধৰিলে আৰু মাকৰ সিদ্ধান্তৰ কথা ক’লে। খুৰাকৰ গান্ধীক বিদেশলৈ পঠিয়াবলৈ মন নাছিল যদিও মাকে অনুমতি দিয়া বাবে কোনাে বাধা নিদিলে। কিন্তু ‘আলচা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি’, লেলীয়ে গান্ধীক বি এ পাছ নকৰাকৈ বিদেশলৈ যােৱাত সহায় কৰিব নােৱাৰিব বুলি ক’লে। কিন্তু গান্ধী আকোৰগােজ। যিটো কথা এবাৰ তেওঁৰ মনত সােমাল তাক তেওঁ বাস্তৱত পৰিণত কৰিবলৈ স্থিৰ সিদ্ধান্ত ললে। তেওঁ মদ, মাংস আৰু স্ত্রীৰ পৰা আঁতৰি থাকিব বুলি মাকৰ ওচৰত শপত খালে আৰু বিদেশ যাত্ৰাৰ বাবে সাজু হ’ল। বিদেশত পিন্ধিবৰ বাবে সাজপাৰ, খাবৰ বাবে দৰকাৰী খাদ্যৰ যােগাৰ আৰু জাহাজৰ দ্বিতীয় শ্রেণীৰ টিকট কৰিলে। বিদেশী-যাত্ৰাত গান্ধীৰ লগৰীয়া আছিল মজুমদাৰ নামৰ এজন উকীল আৰু এজন ইংৰাজ যাত্রী। দুয়ােজনেই গান্ধীক যাত্ৰাৰ পথত যিমান পাৰে সিমানেই উপদেশ দিছিল কিন্তু কিছুমান ক্ষেত্ৰত গান্ধী অচল অটল আছিল।

বিদেশত গান্ধীয়ে বিদেশী সাজ-পােছাক কিনিলে, নাচিবলৈ, বেহেলা বজাবলৈ শিকিলে আৰু ফৰাচী আৰু লেটিন ভাষা শিকিবলৈও আৰম্ভ কৰিলে। বিদেশীৰ দৰে নিজকে গঢ়িবলৈ গান্ধীয়ে যত্নৰ অলপাে ত্রুটি কৰা নাছিল কিন্তু লাহে লাহে গান্ধীৰ ভুল ভাঙিছিল আৰু নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে দৃঢ়সংকল্প লৈছিল। প্রথমতে তেওঁ মেট্রিকুলেশন পাছ কৰিলে আৰু তাৰ পিছত তেওঁ আইনৰ পাঠ্যক্ৰমত নাম ভর্তি কৰিলে। তিনি বছৰৰ পাছত গান্ধী সুখ্যাতিৰে বেৰিষ্টাৰ হ’ল আৰু ইয়াৰ পাছতে ভাৰতলৈ ঘূৰি আহিল।

Gandhi South Africa
১৮৯৫ চনত দক্ষিণ আফ্ৰিকাত গান্ধী (from wiki pedia)

দক্ষিণ আফ্রিকাত গান্ধী

ইংলেণ্ডৰ পৰা ঘূৰি আহি গান্ধীয়ে ওকালতি আৰম্ভ কৰিলে। কিন্তু তেওঁ বিশেষভাৱে সফল হ’ব নােৱাৰিলে। হঠাৎ গান্ধীৰ ভাগ্য উদয় হ’ল। দক্ষিণ আফ্রিকাৰ ‘দাদা আব্দুল্লা এণ্ড কোম্পানী’ নামৰ কোম্পানীটোৱে গান্ধীলৈ এটা প্রস্তাৱ আগবঢ়ালে যে তেওঁ দক্ষিণ আফ্রিকাত গৈ আইন উপদেষ্টা হিচাপে কাম কৰিব লাগে। এই খবৰে গান্ধীক আহ্লাদিত কৰি তুলিলে আৰু তেওঁ অতি সােনকালে দক্ষিণ আফ্রিকালৈ যাবৰ কাৰণে সাজু হ’ল। গান্ধীয়ে তালৈ যাবৰ কাৰণে

অতি সহজেই সাজু হােৱাৰ কাৰণ হ’ল দক্ষিণ আফ্রিকাত বহুতাে ভাৰতীয় মানুহ আছিল আৰু তেওঁলােক তালৈ কাম কৰিবৰ কাৰণে গৈছিল। এই মানুহবিলাকৰ ভিতৰত প্ৰধানতঃ তিনি শ্ৰেণীৰ মানুহ আছিল— ‘কুলি’, ‘মুছলমান বণিক আৰু খ্রীষ্টান ধৰ্মলৈ পৰিৱৰ্তন হােৱা লােকসকল। দক্ষিণ আফ্রিকাত গান্ধীয়ে ব্রিটিছৰ আদেশ নামানি নিজৰ ইচ্ছা অনুসৰি আইনমতে সকলাে কাম কৰি গৈছিল। এবাৰ গান্ধী প্রিট্র’ৰিয়ালৈ যাবলগীয়া হ’ল। তেওঁৰ ৰেলৰ ডবাত বহুত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ল আৰু তেওঁক ডবাৰ পৰা বাহিৰলৈ পেলাই দিলে। গান্ধীয়ে নীৰৱে এই দুর্ঘটনাটো সহ্য কৰিলে আৰু তাত থাকিয়েই এই ঘটনাৰ প্রতিবাদত বিপ্লৱ কৰাৰ কথা চিন্তা কৰিলে। জোহান্সবার্গলৈ যাওঁতে ঘোঁৰা গাড়ীটো গান্ধী অপমানিত হ’বলগীয়া হ’ল। গাড়ীৰ মালিকে গান্ধীক কাণত ধৰি অসন্মান কৰিলে। জোহান্সবার্গৰ পৰা প্ৰিট’ৰিয়ালৈ যাওঁতেও গান্ধীয়ে ৰে’লত পুনৰ আগৰ পৰিস্থিতিৰ সন্মুখীন হ’ল। এইদৰে গান্ধী ভাৰতীয় হােৱাৰ কাৰণেইমাৰিজবার্গ, ষ্টেণ্ডাৰটন, জোহান্সবার্গ, প্রিট্র’ৰিয়া আদি ঠাইত ইংৰাজ ব্যক্তিৰ দ্বাৰা বেয়াকৈ অপমানিত হ’ব লগা হৈছিল। তথাপিও দক্ষিণ আফ্রিকাৰ ভাৰতীয়সকলৰ উন্নতিৰ বাবেই তেওঁ তাত থকাৰ সিদ্ধান্ত ল’লে মাজতে এবাৰ ঘৰলৈ আহি ছমাহ থাকি পত্নী আৰু দুয়ােজন পুত্রকে লৈ গ’লহি। নাটালৰ দাৰৱান ষ্টেচনৰ ওচৰত মহাত্মাই ‘ফিনিক্স ফার্ম’ নামেৰে এখন ফার্ম খুলিলে আৰু ইয়াৰ কেইবছৰমান পাছতে ‘টলষ্টয় ফার্ম’ নামেৰে আন এখন ফার্ম খুলিলে। কর্মই ধর্মএয়েই আছিল পার্ম দুখনৰ মূল নীতি। সকলাে শ্ৰেণীৰ লােকে ইয়াত সমানে দৰমহা পাইছিল। গান্ধীৰ সম্পাদনাতেই ‘ইণ্ডিয়ান অপিনিয়ন নামৰ এখন কাকতাে নিয়মীয়াকৈ প্ৰকাশ হৈছিল আৰু দক্ষিণ আফ্রিকাত থকা ভাৰতীয়সকলে এই কাকতখনক সাদৰৰে গ্রহণ

কৰিছিল। ভাৰতীয়সকলৰ স্বাৰ্থত ব্রিটিছৰ বিৰুদ্ধে যুঁজি গান্ধী আৰু তেওঁৰ পৰিবাৰ কেইবাবাৰাে জেললৈ যাব লগা হৈছিল। প্রতিবাৰেই জেলৰ পৰা ওলাই আহিছিল যদিও পুনৰ আন্দোলনমুখী মনােভাবৰ বাবে জেললৈ যাবলগীয়া হৈছিল।

সৰল জীৱন যাপন

দক্ষিণ আফ্রিকাত থকা দিনবােৰত গান্ধী এজন সৰল জীৱন যাপন কৰা লােক আছিল। সাধাৰণ জীৱন যাপন আৰু উন্নত চিন্তাই’ তেওঁৰ জীৱনৰ মূল চাবিকাঠি আছিল। আদালতৰ পােছাক তেওঁ প্রথম অৱস্থাত ধােবাক ধুবলৈ দিছিল যদিও পিছত তেওঁ নজে ধুবলৈ ল’লে। ইস্ত্রীও নিজে কৰা হ’ল। এনে কৰাত তেওঁৰ সময় আৰু পইচা বহুতখিনি ৰাহি হ’ল। তাৰােপতি আগতে সময়মতে ধােবাই কাপােৰ ঘূৰাই নিদিয়াৰ বাবে তেওঁৰ যি বিপদ হৈছিল সেই বিপদৰ পৰাও হাত সাৰিছিল। তেওঁ এখন কিতাপ কিনি আনি কাপােৰ ধােৱা প্রণালীটো সুন্দৰকৈ শিকিছিল আৰু কস্তুৰবাকো নিজেই ধুই দেখুৱাই কাপােৰ ধােৱাত পাকৈত কৰি তুলিছিল।

Gandhi spinning
যঁতৰত সূতা কাটি থকা মহাত্মা গান্ধী, ১৯২০ৰ শেষ ভাগত (from wiki pedia)

মহাত্মা গান্ধীয়ে নিজেই নিজৰ চুলি কাটিও লৈছিল। এবাৰ প্রিট্ট’ৰিয়াত এজন নাপিতে তেওঁক অপমান কৰি দোকানৰ পৰা উলিয়াই পঠিওৱাৰ পিছৰে পৰা গান্ধীয়ে নিজে নিজে চুলি কাটিবলৈ লৈছিল। আইনা চাই চাই চুলি কটাৰ বাবে চুলিবােৰ খলপ খলপি হৈছিল আৰু লগৰ বেৰিষ্টাৰবােৰে খুউব হাঁহিছিল। কিন্তু গান্ধী আছিল নির্বিকাৰ। কোনেও হাঁহি তেওঁক নিজৰ শুদ্ধমতৰ পৰা আঁতৰাব নােৱাৰিছিল। এইদৰে গান্ধীয়ে পৰিবাৰ আৰু ল’ৰা-ছােৱালীকেইটাক স্বাৱলম্বী হােৱাৰ পাঠ দিছিল আৰু ইয়াৰ প্ৰভাৱ তেওঁলােকৰ ওপৰত মহাত্মা গান্ধী পৰিছিলাে।

ডাৰবানত থকা সময়ত তেওঁৰ লগত কেইবাজনাে কেৰাণী আছিল। কেৰাণী কেইজন বিভিন্ন সম্প্রদায়ৰ আছিল। এই কেৰাণীকেইজনে খােৱা-বােৱা কৰা থাল আৰু শৌচ-প্রশ্ৰাৱ কৰা ঘৰ কস্তুৰবাই চাফা কৰিবলৈ টান পাইছিল। বহু সময়ত তেওঁ গান্ধীক সুকী কৰিবলৈকে সেই কামসমূহ কৰিবলগীয়া হৈছিল। কিন্তু ভিতৰি ভিতৰি তেওঁ বৰ অশান্তিত আছিল। গান্ধীয়ে কস্তুৰবাৰ মনৰ কথা গম পাই নিজেই সেইবােৰ কাম কৰিবলৈ লৈছিল যদিও পিছত কস্তুৰবাৰ মন সলনি হ’ল আৰু অকণাে ঘিন নকৰাকৈ কৰিবলৈ ল’লে।

গান্ধীয়ে দুখীয়াক দান দি, ৰােগীক শুশ্রুষা কৰি ভাল পাইছিল। সেয়েহে তেওঁ তেওঁৰ পৰিয়ালৰ সদস্যসকল তেনে হােৱাটো বিচাৰিছিল। পাৰ্চী সদাগৰ ৰুস্তুমজীয়ে দান কৰা টকাৰে গান্ধীয়ে এখন চিকিৎসালয় খুলিছিল। তাত তেওঁ ডাক্তৰ, কম্পউণ্ডাৰ, ধাত্রী, শুশ্রষাকাৰী আদি সঠিক বেতনৰ বিপৰীতে ৰাখিছিল আৰু ৰােগীসকলক শুশ্রুষা কৰি মানৱ সেৱাত নিজৰ দেহ মন অর্পণ কৰিছিল।

ভাৰতলৈ প্রত্যাৱর্তন

১৯১৫ চনত কেইবাবছৰাে দক্ষিণ আফ্রিকাত থকাৰ পাছত গান্ধী ভাৰতলৈ ঘূৰি আহে। আফ্রিকালৈ যােৱাৰ সময়ৰ গান্ধী আৰু আফ্রিকাৰ পৰা ঘূৰি অহা গান্ধীজনৰ মাজত বহুত পার্থক্য আছিল। বিদেশত পােৱা অভিজ্ঞতাৰে পুষ্ট হৈ নিজৰ মাতৃভূমিক পৰাধীনতাৰ পৰা স্বাধীন কৰাৰ মানসিকতা তেওঁৰ কথা আৰু কৰ্মত সম্পূর্ণকৈ ফুটি উঠিছিল। ১৯১৫ চনত গান্ধীক কাইজাৰ-ই-হিন্দ সন্মানেৰে সন্মানিত কৰা হৈছিল। Life History of Mahatma Gandhi in Assamese

গান্ধীয়ে ভাৰতৰ বিভিন্ন ঠাইত ঘূৰি বিদেশত পােৱা তিতা-মিঠা অভিজ্ঞতাসমূহ মানুহৰ আগত প্ৰকাশ কৰিছিল আৰু সকলাে ভাৰতীয় একগােটনহ’লে যে ভাৰতৰ বিপদ সেই কথাও পৰােক্ষভাৱে সকলােকে বুজাবলৈ চেষ্টা কৰিছিল। পৰাধীন ভাৰতত হিন্দু, মুছলমান, খ্রীষ্টান, শিখ সকলােৱে যদি সমিলমিলেৰে স্বাধীন ভাৰতৰ কথা চিন্তা কৰে তেতিয়া যে সেই কথা বাস্তৱত পৰিণত হােৱাটো অকণাে কঠিন নহয় সেই কথাটোকো সকলােকে বুজাইছিল। গান্ধীৰ উদাত্ত কণ্ঠৰ দ্বাৰা প্রভাৱিত হৈছিল গােপাল কৃষ্ণ গােখলেৰ দৰে আগশাৰীৰ ব্যক্তিসকল। সেয়েহে গােখলেই গান্ধীক সক্রিয় ৰাজনীতিত তাংশগ্ৰহণ কৰিবলৈ অনুৰােধ জনাইছিল। ইতিমধ্যে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ গান্ধীৰ জনপ্রিয়তা বিয়পি পৰিছিল। গান্ধীয়ে যে বিপ্লৱী মনােভাবেৰে আফ্রিকাত থাকি ভাৰতীয়সকলৰ স্বাৰ্থৰ হকে যুঁজি জয়ী হৈছিল সেই কথা জানিও ভাৰতীয়সকলে তেওঁক মৰম আৰু শ্ৰদ্ধাৰে অতি সহজেইআদৰি লৈছিল।

গান্ধীয়ে সবৰমতী নদীৰ পাৰত আহমদাবাদ চহৰত এখন আশ্রম খুলিছিল। আশ্ৰমখনৰ নাম দিছিল সমতী আশ্রম। তালৈ গান্ধীৰ আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হােৱা বহুতাে ব্যক্তি আহিছিল। গান্ধীৰ নীতিৰ মূল বিষয়সমূহ আছিল—সত্য, অহিংসা, ব্রহ্মচার্য, ভীতিহীনতা, আত্মসংযম, অস্পৃশ্যতা দূৰীকৰণ, মাতৃ ভাষাৰ মাজেদি শিক্ষা গ্রহণ, আৰু খাদী আৰু স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ। এই বিষয়বিলাককে পিছত ভাৰতীয় জাতীয় কংগেছেও গ্রহণ কৰিছিল আৰু সমগ্ৰ ভাৰততে ‘সবমতী আশ্রম’ৰ নীতি বিয়পি পৰিছিল।

কলিকতাৰ অধিৱেশনঃ গান্ধীৰ অভিজ্ঞতা

১৯০১ চনত কলিকতাত বহা জাতীয় কংগ্রেছ মহাসভাৰ অধিৱেশনলৈ গান্ধী গৈছিল। লৈ তেওঁ যােৱাৰ উদ্দেশ্য আছিল আফ্রিকাত তেওঁ সন্মুখীন হােৱা সমস্যাসমূহ ভাৰতীয় নেতাসকলৰ লগত মুকলিকৈ আলােচনা কৰা। সভাত গান্ধীয়ে প্ৰস্তাৱটো উত্থাপন কৰিলে আৰু সকলােৱে প্ৰস্তাৱটো আলােচনা মর্মে গ্রহণ কৰিলে।

কলিকতাৰ অধিৱেশনত গান্ধীক থাকিবলৈ দিয়া কোঠাটো ইমানেই লেতেৰা আছিল যে তেওঁ মনটো বান্ধি ৰাখিব নােৱাৰিলে আৰু বাঢ়নী এটা লৈ নিজৰ কোঠাটোৰ বাহিৰেও শিবিৰৰ অন্যান্য কোঠাবিলাক চাফা কৰিছিল। অকল সিমানখিনি কৰিয়েই ক্ষান্ত নাথাকি গান্ধীয়ে পাইখানাও চাফা কৰিছিল। এইকার্যশিবিৰৰ আন আন লগৰীয়াসকলক প্ৰভাৱ পেলাইছিল যদিও কোনেও একো কোৱা নাছিল। সেই অধিৱেশনতে গান্ধীয়ে গােপালকৃষ্ণ গােখলে, ফিৰােজছাহ মেহতা, দীনেশ্ব ওৱাচা, বাবু ভূপেন্দ্র নাথ বসু আদি ব্যক্তিসকল লগ পাইছিল। গান্ধীৰ কাম আৰু কথা বতৰাত এই ব্যক্তিসকল বৰকৈ সন্তুষ্ট হৈছিল আৰু তেওঁলােকে গান্ধীক আঁতৰি আঁতৰি কাম কৰাতকৈ ভিতৰত সােমাই কাম কৰিবলৈ পৰামর্শ দিছিল। এইদৰে মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্রিয় সদস্য হৈ পৰিল আৰু ভাৰতৰ বিভিন্ন সমস্যাও তেওঁৰ নিজস্ব সমস্যাৰ দৰে হৈ পৰিল।

প্রকৃতি আৰু গান্ধী

প্রকৃতিৰ বিপৰীতে গ’লেই মানুহৰ বিপদ। সেয়েহে মানুহ প্রকৃতি বিৰােধী হ’ব নালাগে। ভগৱানৰ ওপৰত অগাধ ভক্তি আৰু বিশ্বাস থকা মহাত্মা গান্ধীয়ে মাটি, পানী, আকাশ, বতাহ আৰু সূৰ্যক ভগৱানে দিয়া প্রকৃতিৰ দান বুলি গ্ৰহণ কৰিছিল আৰু এই প্রকৃতিৰ উৎসসমূহৰ লগত সু-সম্পর্ক ৰাখি জীৱন যাপন কৰিবলৈ বিচাৰিছিল। তেওঁ

আনকো উপদেশ দিছিল যে প্রকৃতিৰ লগত মিত্রতা স্থাপন কৰি চলিব জানিলে মানুহৰ কোনাে ৰােগ হ’ব নােৱাৰে। প্ৰকৃতিয়ে আমাক সকলাে দিছে। আমিহে নিজৰ ভুলৰ কাৰণে প্ৰকৃতিৰ এই অমূল্য দানসমূহ গ্ৰহণ কৰিব পৰা নাই।

গান্ধীৰ মতে পৰিস্কাৰ-পৰিচ্ছন্নতা, শাৰীৰিক শ্রম, নিয়মিত আহাৰ গ্রহণ আৰু সময়মতে বিচনাৰ পৰা শােৱা আৰু উঠাই এজন ব্যক্তিক সুস্বাস্থ্য প্রদান কৰিব পাৰে। তেওঁ বেমাৰ হ’লে ঔষধ নিজে ব্যৱহাৰ নকৰিছিল আৰু আনকো কৰিবলৈ বাধা দিছিল। তেওঁৰ মতে মানুহে প্ৰকৃতিৰ নিয়ম ভংগ কৰিলেহে বেমাৰ হয়। প্রকৃতিৰ ওপৰত সম্পূর্ণকৈ নিৰ্ভৰ কৰি গান্ধীয়ে নিজৰ ৰােগ আৰােগ্য কৰিছিল আৰু আনৰ ক্ষেত্ৰটো কৃতকার্য হৈছিল।

এবাৰ গান্ধীৰ ডাঙৰটো ল’ৰা মনলালৰ খুউব জ্বৰ হৈছিল। ডাক্তৰে বহুতাে ঔষধ খাবলৈ দিছিল যদিও গান্ধীয়ে সকলাে ভগৱানৰ ওপৰত এৰি দি নিজেই চিকিৎসা কৰা আৰম্ভ কৰিছিল। তেওঁ পুতেকক মূৰত কাপােৰ তিয়াই বান্ধি দিছিল, পেটত বােকাৰ প্রলেপ দিছিল আৰু গাত গৰম কাপােৰেৰে মেৰিয়াই ধৰি আছিল। গান্ধীৰ চিকিৎসাত পিছত পুতেকে আৰােগ্য লাভ কৰিছিল। আকৌ এবাৰ তেওঁৰ তৃতীয় পুতেক ৰামদাসৰ হাত এটা ভাঙিছিল। ডাক্তৰে জোৰা লগােৱা টান হ’ব বুলি কৈছিল যদিও গান্ধীয়ে নিজৰ প্রকৃতিক চিকিৎসাৰেই পুতেকৰ হাতটো জোৰা লগাইছিল।

গান্ধীৰ মতে আমাৰ শৰীৰটো হ’ল প্রকৃতিৰ দান। সেয়েহে ভগৱানত বিশ্বাস ৰাখি প্ৰকৃতিৰ সমভাবাপন্ন হলে আমাৰ যিকোনাে কঠিন বেমাৰেই দূৰ হ’ব। মাত্র আমাক লাগে বিশ্বাস আৰু ধৈৰ্য্য

স্বদেশত গান্ধী

সৰবমতীৰ পাৰৰ আশ্রম প্রতিষ্ঠান সমগ্ৰ ভাৰততে জনপ্ৰিয় হৈ পৰা গান্ধীয়ে ভাৰতীয় কংগ্ৰেছৰ দ্বাৰা নিজৰ মানসিকতাক ব্যক্ত কৰিবলৈ সমৰ্থ হৈছিল। বিহাৰত হােৱা নীল খেতিৰ শ্ৰমিকসকলে মালিকসকলক বিনা পইচাৰে পথাৰত কাম কৰি দিবলগীয়া হৈছিল। মহাত্মা গান্ধীয়ে এই কথাটো গম পাই বিহাৰ পালেগৈ আৰু খেতিয়কসকলক সহায় কৰিম বুলি কথা দিলে। চৰকাৰে গান্ধীক অতি সােনকালে সেই ঠাই এৰি যাবলৈ ক’লে। কিন্তু গান্ধীয়ে সেই কথালৈ অকণাে ভ্রক্ষেপেইনকৰিলে। পাছত গান্ধী আটক হ’ল যদিও অতি কম সময়তে তেওঁক জেলৰ পৰা মুকলি কৰি দিলে। পিছত গান্ধীৰ নেতৃত্বত খেতিয়কসকলে নিজৰ প্রাপ্য অধিকাৰসমূহ পাইছিল আৰু দুখীয়া জনগণৰ মাজত গান্ধী দেৱতা সদৃশ হৈ পৰিছিল।

গান্ধীয়ে ভাৰতীয় লােকৰ মন প্রতিফলিত কৰিব পৰাকৈ দুখন বাতৰি কাকত প্রকাশ কৰিছিল। এখন আছিল ইংৰাজী ভাষাত প্রকাশ হােৱা ‘ইয়ং ইণ্ডিয়া’ আৰু আনখন গুজৰাটী ভাষাত প্ৰকাশ হােৱা নৱজীৱন’। গান্ধীয়ে এই কাকত দুখনত নিজৰ আদৰ্শৰ কথা প্রবন্ধৰ দ্বাৰা প্রকাশ কৰিছিল। ১৯২০ চনত মহাত্মাইআলি ভাতৃদ্বয়ৰ লগ লাগি ব্রিটিছচৰকাৰে কৰা খলিফাৰ ক্ষমতা কর্তনৰ বিৰুদ্ধে ‘

হিন্দু-মুছলমান কি জয়’ মন্ত্ৰেৰে ভাৰতীয়সকলৰ মাজত একতাৰ বাণী প্রচাৰ কৰাত লাগিছিল। ইয়াকে খিলাফৎ আন্দোলন বুলিও কোৱা হৈছিল। ১৯২২ চনত গান্ধীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে গান্ধীকাৰাগাৰলৈ যাব লগা হৈছিল। ১৯২৪ চনত হােৱা বেলগাঁৱৰ কংগ্ৰেছ অধিৱেশনত গান্ধীৰ নাম সভাপতি হিচাপে প্রস্তাৱিত হৈছিল কিন্তু গান্ধীয়ে এই বাব অমান্য কৰিলে আৰু সাধাৰণ সদস্য হৈ কাম কৰি থাকিবলৈহে মন

মেলিলে। ১৯২৭ চনত হােৱা চাইমন কমিছন বিৰােধী আন্দোলনৰাে নেতৃত্ব দিছিল গান্ধীয়ে। ব্রিটিছ চৰকাৰে নিমখৰ ওপৰত লগােৱা কৰা আৰু এইসম্পর্কীয় আইনৰ বাবে গান্ধীয়ে গান্ধী ১৯৩০ চনৰ পৰা আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল। তেওঁ সকলােকে বিস্তিত কৰি দাণ্ডী লৈ যাত্ৰ কৰিছিল আৰু সাগৰৰ পানীৰে নিমখ তৈয়াৰ কৰি চৰকাৰৰ আইন অর্থহীন বুলি জনসাধাৰণৰ ওচৰত দেখুৱাই দিছিল। এইসম্পর্কতে গান্ধী কাৰাগাৰত সােমাবলগীয়া হৈছিল যদিও ১৯৩১ চনৰ ২৬ জানুৱাৰীত তেওঁ মুক্তি পায়। বৃটেইন আৰু ভাৰতৰ মাজৰ সম্পর্ক সুদৃঢ় কৰিবৰ ববে। ১৯৩১ চনৰ ৫ মার্চত লর্ড আৰউইন আৰু গান্ধীৰ মাজত গান্ধী-আউইন চুক্তি স্বাক্ষৰিত হৈছিল।

১৯২০ চনৰ বিখ্যাত অসহযােগ আন্দোলনৰ নেতৃত্ব দিছিল মহাত্মা গান্ধীয়ে। তেওঁ গােটেই ভাৰততে বিভিন্ন কার্যসূচীৰ দ্বাৰা জনসাধাৰণক জগাই তুলিবৰ কাৰণে যত্ন কৰিছিল। এই অসহযােগ আন্দোলনৰ কাৰ্যসূচীবিলাকৰ ভিতৰত মূল আছিল— চৰকাৰী উপাধি ত্যাগ, চাকৰি, স্কুল, কলেজ বর্জন, আইন-আদালত বর্জন, বিলাতী বস্তু বর্জন, মাদকদ্রব্য বর্জন, খদ্দৰৰ প্ৰচলন ইত্যাদি।

১৯৩১ চনত লণ্ডনত বহা ঘূৰণীয়া মেজমেলত যােগ দিবলৈও গান্ধী গৈছিল। তাত তেওঁ ভাৰতৰ মুক্তি সম্পর্কত নিজৰ বক্তব্য ৰাখিছিল যদিও এই মেজমেলে ভাৰতৰ স্বাধীনতা প্রাপ্তিত বিশেষ অৰিহণা যােগাব পৰা নাছিল।

ভাৰত ত্যাগ আন্দোলন

দ্বিতীয় মহাসমৰৰ বতাহে সমগ্র পৃথিৱীকে কঁপাই গৈছিল। সেই সময়ৰ ভাৰতৰ ভাইৰয় লর্ড লিনলিথগােৱে ভাৰতীয় নেতাসকলৰ লগত আলােচনা নকৰাকৈয়ে ঘােষণা কৰি দিলে যে এই যুদ্ধত ভাৰতৰ পূর্ণ সমর্থন আছে। তেওঁৰ ঘােষণাই ভাৰতত এক নতুন পৰিৱেশৰ সৃষ্টি কৰিছিল। মাত্র মহাত্মাইহে ভাবিছিল যে ভাৰতৰ বৃহত্তৰ স্বাৰ্থৰ খাটিৰত বৃটেইনক সহায়ৰ হাত আগবঢ়োৱা উচিত হ’ব। ১৯৪২ চনত চার্চিলে ভাৰতৰ সহযােগ বিচাৰি ক্ৰীছৰ অধীনত এটা দল পঠিয়াই দিলে। কিন্তু ক্রীপছে প্রস্তুত কৰি অনা আঁচনিসমূহ মহাত্মা গান্ধীৰ মনঃপুত নাছিল। সেয়েহে এই আঁচনিসমূহৰ বিপৰীতে গান্ধীয়ে ‘ভাৰত ত্যাগ আন্দোলন’ ঘােষণা কৰিলে। ১৯৪২ চনৰ আগষ্ট মাহৰ ৭ আৰু ৮ তাৰিখে বােম্বাইত বহা নিখিল ভাৰত কংগ্রেছ কমিটীয়ে ‘ভাৰত ত্যাগ’ প্রস্তাৱ গ্ৰহণ কৰিলে । এই প্রস্তাৱ গ্ৰহণ কৰাৰ লগে লগেই মহাত্মা গান্ধী, মৌলানা আজাদ, নেহৰু, বল্লভভাই পেটেল আদি নেতাসকলক জেললৈ প্ৰেৰণ কৰা হ’ল। এই আন্দোলনৰ মূল কথা আছিল যে ব্রিটিছ চৰকাৰে ভাৰত এৰি নিজ দেশলৈ উভতি যাওঁক। ভাৰতে নিজেই নিজক শাসন কৰিব। কিন্তু এই আন্দোলনৰ সকলাে নেতাক জেললৈ লৈ যােৱাত মহাত্মাই জেলৰ পৰাই জনসাধাৰণক ‘কৰিম কিম্বা মৰিম’ বাণীৰে আন্দোলন চলাই যাবলৈ আহ্বান জনালে। কাৰাগাৰত থকা অৱস্থাতে ১৯৪৩ চনত মহাত্মাই আমৰণ অনশন আৰম্ভ কৰিছিল। এই অনশন ২১ দিন ধৰি চলিছল। গান্ধী কাৰাগাৰত থকা অৱস্থাতেই তেওঁৰ পত্নী কস্তুৰবা আৰু তেওঁৰ অতি প্রিয় মহাদেৱ দেশাইৰ মৃত্যু হৈছিল। ১৯৪৫ চনৰ ৬ মে’ত যুদ্ধ শেষ হােৱাৰ পাছতহে গান্ধী আৰু তেওঁৰ লগৰীয়াসকলক মুক্তি দিয়া হৈছিল। অৱশ্যে ইয়েই আছিল গান্ধীজীৰ জীৱনৰ শেষবাৰৰ কাৰাবাস। ইয়াৰ পাছত গান্ধীক আৰু জেললৈ পঠিওৱা নাছিল।

Gandhi and Nehru in 1946
গান্ধী আৰু নেহৰু, ১৯৪২ চনত (take wiki pedia)

স্বাধীন ভাৰত

২য় মহাসমৰ অন্ত হােৱাৰ লগে লগে সমগ্র পৃথিৱীতে এক শান্তিৰ পৰিৱেশৰ সৃষ্টি হৈছিল। ভাৰতৰে ভিতৰুৱা পৰিৱেশৰ বহুখিনি উন্নতি হৈছিল। ১৯৪৬ চনৰ ২২ জুলাইৰ দিনা লর্ড ৱাভেলে এখন অন্তৱর্তী চৰকাৰ গঠন কৰাৰ ইচ্ছা প্রকাশ কৰি কংগ্ৰেছ আৰু মুছলিম লীগক সদস্যৰ নাম দিবলৈ দিছিল। কংগ্ৰেছে নাম দিলে যদিও মুছলিম লীগে জীন্নাৰ নেতৃত্বত কোনাে নাম নিদিবলৈ স্থিৰ সিদ্ধান্ত ল’লে। কাৰণ তেওঁলােকৰ কথা আছিল যে মুছলমানৰ কাৰণে এখন সুকীয়া ৰাষ্ট্র তেওঁলােকক লাগিবই। সেয়েহে ৱাভেলে এখন অন্তৱৰ্তী চৰকাৰ গঠন কৰিলে। সেই চৰকাৰখনৰ সদস্যসকল আছিল– জৱাহৰলাল নেহৰু, পেটেল, গােপালাচাৰী, ৰাজেন্দ্র প্রসাদ, আছফ আলি, ড° জন মাথায়, জগজীৱন ৰাম আৰু শৰৎ চন্দ্র বসু। বহু বাক বিতণ্ডাৰ মূৰত মুছলিম লীগৰ কেইজনমান সদস্যও ইয়াত অন্তর্ভুক্ত হৈছিল। ইয়াৰ পাছত স্বাধীন ভাৰতৰ সংবিধান প্রস্তুত কৰাৰ ক্ষেত্ৰটো বহুখিনি খেলিমেলি হৈছিল। জীন্নাই সংবিধান প্রস্তুত কৰা কথাটো কোনােপধ্যে মানি লােৱা নাছিল আৰু মুছলমানসকলক পাকিস্তানৰ দাবীত আন্দোলন কৰিবৰ বাবে পাৰেমানে উচতাইছিল। জিন্নাই মন্তব্য কৰিছল পাকিস্তান একেবাৰে নােহােৱাতকৈ ঘূণে খােৱা পাকিস্তানেই ভাল।

লর্ড মাউণ্টবেটেনে স্বাধীনতা প্রদানৰ সময় ১৯৪৮ চনৰ জুন মাহ নিৰ্ধাৰণ কৰিছিল যদিও সামগ্রিক পৰিস্থিতি সূক্ষ্মভাৱে বিবেচনা কৰি এইসময়টো ১৯৪৭ চনৰ ১৫ আগষ্টকে খাটাং কৰিলে। সেইমর্মে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত দুভাগত বিভক্ত হ’ল। এভাগৰ নাম পাকিস্তান (পূব আৰু পশ্চিম পাকিস্তান) আৰু আনভাগৰ

নাম ভাৰত। জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী হ’ল। ভাৰত স্বাধীন হােৱাৰ আগতেই ২৬ জানুৱাৰী দিনটো ভাৰতৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হৈছিল। সেয়েহে ভাৰতৰ স্বাধীনতা দিৱস ২৬ জানুৱাৰী হ’ল। ভাৰতৰ স্বাধীনতাত মহাত্মা গান্ধী যিধৰণেৰে আনন্দিত হ’ব লাগিছিল ঠিক সেই ধৰণেৰে নহ’ল। পূর্ণ স্বাধীনতাৰ সপােনটো তেওঁৰ মনত তেতিয়াও যেন থাকি গ’ল। সেয়েহে তেওঁ কৈছিল— ‘মই এতিয়া অচল টকা। মই ১৫ আগষ্টৰ কোনাে উৎসৱত যােগদান কৰিব নােৱাৰাে।”

নুমাইও জ্বলি থকা বন্তি গছি

শেষবাৰ কাৰাগাৰৰ পৰা মুক্তি পােৱাৰ পাছত মহাত্মাই প্রতিদিনে আবেলি প্রার্থনা সভাত প্রার্থনা কৰিছিল। মহাত্মা য’লৈকে গৈছিল তাতেই মানুহৰ ভীৰ হৈছিল। সমূহীয়া প্রার্থনাৰ উপৰিও তেওঁ জনসাধাৰণক উদ্দেশ্যি ভাষণ দিছিল। ভাৰতবর্ষ দ্বিখণ্ডিত হােৱাৰ পাছত পাকিস্তানৰ ভাগত পৰা পশ্চিম পঞ্জাৱত হিন্দু শােক থাকিব নােৱাৰা হ’ল। তেওঁলােকৰ ওপৰত অমানুষিক অত্যাচাৰ চলােৱা হ’ল। বহুতৰে মৃত্যু হ’ল আৰু বহুতেই ঘৰবাৰী এৰি ভাৰতলৈ গুচি আহিল। মহাত্মা গান্ধীয়ে হিন্দু-মুছলমানৰ মাজৰ সম্প্রীতি নষ্ট হােৱাত দুখ পালে আৰু আমৰণ অনশন আৰম্ভ কৰিলে। পিছত পূৰ্বৰ দৰে সম্প্রীতি অক্ষুন্ন ৰখা হ’ব বুলি কথা দিয়াতহে গান্ধীয়ে অনশন ভংগ কৰিলে। মহাত্মাই মানুহক সম্প্রদায়ৰ ভিত্তিত নাচায় মানুহ হিচাপেহে নবলৈ সকলােকে অনুৰােধ কৰিছিল। ভাৰতীয় মুচলমান সকলৰ ত অত্যাচাৰ চলিলেও তেওঁ তেওঁলােকক ৰক্ষা কৰিবৰ বাবে গ লৈছিল। গান্ধীৰ এনে কাৰ্যক হিন্দু উগ্রপন্থীসকলে ভাল

পােৱা নাছিল। পাকিস্তানে ভাৰতক দিবলগীয়া টকা পৰিশােধ নকৰাকৈয়ে গান্ধীৰ দাবীত ভাৰত চৰকাৰে ৫৫ কোটি টকা পাকিস্তান চৰকাৰক পৰিশােধ কৰিছিল। সেয়েহে এক শ্ৰেণীৰ হিন্দুসকলে গান্ধীৰ আদর্শক সন্মান জনাব নােৱাৰা হৈছিল। ১৯৪৮ চনৰ জানুৱাৰীৰ ২০ তাৰিখে প্রার্থনা সভাৰ ওচৰত এটা বােমা বিস্ফোৰণ হৈছিল। কিন্তু কোনেও ভবা নাছিল যে গান্ধীক হত্যা কৰাৰ আঁচনি তলে তলে প্রস্তুত হৈছিল। এই বােমা বিস্ফোৰণটোক গান্ধীয়ে অকণাে গুৰুত্বই নিদিলে।

১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ দিনা গান্ধীয়ে আনদিনা যােৱাৰ দৰে বিৰলা ভৱনৰ প্রার্থনা সভাত যােগ দিবলৈ গৈছিল। তেওঁৰ লগত নাতিনীয়েক মনু আৰু আভা। কিন্তু হঠাৎ গান্ধীয়ে দেখা পালে এজন সুস্বাস্থ্যৰ ডেকা তেওঁৰ ফাললৈ বিপৰীত দিশৰ পৰা আহিছে। ডেকাজনে আগবাঢ়ি আহি গান্ধীৰ ভৰি চুবলৈ বুলি মূৰ দোৱাব ধৰিলে। গান্ধীয়েও নিজৰ স্বভাৱ সুলভতাৰে হাতযােৰ কৰিবলৈহে পালে, ডেকাজনে অলপে দেৰী নকৰাকৈ এটা স্বয়ংক্রিয় পিস্তলেৰে মহাত্মাৰ বুকুত তিনিজাই গুলী মাৰিলে। মাত্র এটা শব্দ শুনা গল— ‘হে ৰাম’। মহাত্মাৰ তেজেৰে লুতুৰী পুতুৰী হােৱা দেহা মাটিত বাগৰি পৰিল।

এইদৰে মহাত্মাৰ প্ৰাণবায়ু উৰি গ’ল। খবৰটো গােটেই বিশ্বতে বিয়পি পৰিল। পিছত গম পােৱা গ’ল মহাত্মা গান্ধীৰ হত্যাকাৰীজন আছিল নাথুৰাম বিনায়ক গডচে নামৰ এজন মাৰাঠী হিন্দু ডেকা।

Gandhi Jinnah 1944
মহাত্মা গান্ধী আৰু মহম্মদ আলি জিন্না, বোম্বে, ১৯৪৪

পৰিশিষ্ট

(ক) ভিন্নজনৰ দৃষ্টিত গান্ধী

১। “চকুকেইটাৰ বাহিৰে গান্ধীৰ মুখৰ প্ৰতিটো অঙ্গই আভজা বা আগঢ়ী, কিন্তু সামগ্রিকভাৱে তেওঁৰ মুখখন বৰ ধুনীয়া কাৰণ তাত এটা বিশেষ জ্যোতি আছে।……. তেওঁৰ মনত কোনাে বিদ্বেষ নাছিল৷ কাৰাে প্রতি তেওঁৰ ঘৃণাৰ ভাব নাছিল। দৰাচলতে তেওঁ ঘৃণা কৰাৰ অপৰাগ।” -লুই ফিছাৰ

২। “গােটেই জীৱন তেওঁ ইংলেণ্ডত থকা বছৰকেইটাৰ মধুৰ সোঁৱৰণ মনত জীপ দি ৰাখিছিল আৰু পাছত ইংলেণ্ডলৈ আহোঁতে পৰিচয় হােৱা ব্যক্তিসকলকো বন্ধুত্বৰ দোলেৰে বান্ধি ৰাখিছিল।”

-পেথিক লৰেন্স ৩। “নিজৰ চিকিৎসাৰ ক্ষেত্ৰত গান্ধীজীৰ লগত কাম কৰা বৰ টান। কাৰণ তেওঁ নিজৰ মন আৰু শৰীৰক এনেভাৱে গঢ় দি লৈছে যে মনেই তেওঁৰ শৰীৰক নিয়ন্ত্রণ কৰিব পাৰে।” —বিধান ৰায়

৪। “প্রত্যেক ষ্টেচনতে বহুতাে মানুহ গান্ধীক লগ পাবৰ উদ্দেশ্যেৰে পৰম আগ্ৰহেৰে ৰৈ থাকে। কি অসীম ধৈর্য আৰু আন্তৰিক স্নেহেৰে গান্ধীয়ে তেওঁলােকক আদৰনি জনায় আৰু কোনােবাই আগবঢ়োৱা বহুত বহীত নিজৰ হস্তাক্ষৰ কৰে তাক দেখিলে বিস্ময় মানিব লাগে।” -ড° ভেৰিয়াৰ এলউইন।

৫। “মই জীৱনত লগ পােৱা বিচাৰ শক্তিসম্পন্ন লােকসকলৰ ভিতৰত গান্ধী অন্যতম।” – ড° জাকিৰ হুছেইন

৬। “মই আচলতে ইমান মৰমলগা বয়সীয়া ব্যক্তিক লগ পাম বুলি আশাই কৰা নাছিলাে৷ এনে মানৱীয় গুণেৰে ভৰপূৰ; এনে মনােমােহা ব্যৱহাৰ; এনে সুন্দুৰ ৰসিকতাবােধ।”-লর্ড মাউণ্টবেটেন

৭। “যদিও কলিকতাত শান্তি ঘূৰাই অনাৰ অদ্ভুত কাম গান্ধীৰ বাবেই সম্ভৱ হৈছিল, তথাপি তেখেতে মুক্তকণ্ঠে এই কথা কৈছিল যে মই নােহােৱাহেঁতেন তেখেতৰ বাবে এই কাম সম্ভৱ নহ’লহেঁতেন। মই অৱশ্যে জানাে যে গান্ধীৰ এনে প্রশংসাৰ মই উপযুক্ত পাত্র নহওঁ।” হুছেইন শ্বহীদ সুহ্ৰাৱতী

(খ) গান্ধীয়ে কোৱা আৰু লিখা উল্লেখযােগ্য কথা

 (১) “মই স্বভাৱতে অগ্রজসকলৰ ভুলৰ প্রতি অন্ধ আছিলাে।” (২) “সকলাে মানুহ হৰিশ্চন্দ্ৰৰ দৰে সত্যবাদী নহয় কিয়?”

(৩) “মই হলাে এটা হােজা, সৰল মনৰ গাঁৱলীয়া মানুহ। মই গৃহসচিব চাৰ চামুৱেল হােক মাত্র ক’ম যে মই ভাৰতৰ মুক্তি বিচাৰিছোঁ , কোনাে বাদ বিবাদ বিচৰা নাই। তেওঁলােকে যদি দিয়ে মই ল’ম আৰু যদি নিদিয়ে, মই উভতি আহিম।”

(৪) যদি কোনােবা ব্যক্তিৰ বন্দুকৰ গুলিৰ আঘাতত মােৰ মৃত্যু হয়, তেন্তে সেই মৃত্যু মই হাঁহিমুখে আকোঁৱালি লােৱা উচিত।”

(৫) “মই জানিছিলাে মােৰ এই স্বীকাৰােক্তিয়ে মােৰ বিষয়ে পিতা সম্পূর্ণ আশ্বস্ত কৰিছিল আৰু মােৰ প্রতি তেওঁৰ বিশ্বাস আৰু স্নেহ বহুত বাঢ়িছিল।”

(৬) “মই এজন ছাত্র আৰু মই অধ্যয়নতহে লগা উচিত। মই বেৰিষ্টাৰৰ যােগ্যতা অর্জন কৰিবলৈহে ইয়ালৈ আহিছাে আৰু তাৰ বাবেহে চেষ্টা কৰা উচিত।”

(৭) “যদিও মই গৰু আৰু ম’হৰ গাখীৰ নাখাও বুলিছিলাে প্রকৃততে গৰু আৰু মহে সকলাে জন্তুকে আৱৰি লৈছিল। গতিকে ধর্মত মই কোনাে গাখীৰকেই খাব নালাগিছিল। তথাপি সকলাে জানিও আৰু বুজিও মই ছাগলীৰ গাখীৰ খাবলৈ সন্মতি দিছিলাে।”

(৮) “হিন্দু আৰু মুচলমান উভয়ে একে ভাই বন্ধুৰদৰে একলগে

বসবাস কৰিব – ভগৱান যেন মােৰ এই সপােন চৰিতাৰ্থ কৰে। ভাৰতৰ এক অংশত হিন্দুৱে বাস কৰিব আৰু একে ভাৰতবৰ্ষৰ আন এক অংশত মুচলমানসকলে বাস কৰিব – এনে শােকাবহ অৱস্থা দেখাৰ আগতে ঈশ্বৰে যেন মােক মাৰি নিয়ে।”

(গ) জীৱনত প্ৰভাৱ পেলােৱা গ্রন্থ

 (১)শ্ৰৱণৰ পিতৃভক্তি (২)হৰিশ্চন্দ্ৰ উপাখ্যান (৩)গীতা (৪)কোণ (৫)বাইবেল (৬)উপনিষদ (৭)আন টু দি লাষ্ট

(ঘ) গান্ধীয়ে প্ৰকাশ কৰা বাতৰিকাকত

কাকত                                                    স্থান

(১) ইয়ং ইণ্ডিয়া (ইংৰাজী) ভাৰতত

(২) নৱজীৱন (গুজৰাটী)    ভাৰতত

(৩) ইণ্ডিয়ান অপিনিয়ন (ইংৰাজী) দক্ষিণ আফ্রিকাত

(ঙ) গান্ধীয়ে খােলা ফার্ম

(১) ফিনিক্স ফার্ম (2) টলষ্টয় ফার্ম (চ) কোনে কি বুলিছিল (১) মহাত্মা’ – ৰবীন্দ্রনাথ ঠাকুৰ (২) “বাপুজী’ – নেহৰু আৰু পেটেল (৩) “বাপু’ – মীৰাবেন

(ছ) গান্ধীৰ দ্বাৰা প্ৰভাৱিত হােৱা ব্যক্তিসকল

(১) লুই ফিছাৰ (২) লর্ড পেথিক লৰেন্স (৩) ড° বিধান চন্দ্ৰ ৰায় (৪) জৱাহৰলাল নেহৰু (৫) ড° ভেৰিয়াৰ এলউইন (৬) ভীমৰাও ৰামজী আম্বেদকাৰ (৭) ড° জাকিৰ হুছেইন (৮) লর্ড মাউণ্টবেটন (৯) দিৱান চমনলাল (১০) চাৰ ৰবাৰ্ট ব্রুমফিল্ড (১১) প্যাৰেলাল নায়াৰ (১২) লর্ড হেলিফেক্স (১৩) ৰাজকুমাৰী অমৃত কৌৰ (১৪) হুছেইন শ্বহীদ সুৱতী (১৫) ক্লেয়াৰ কনচুৱেল স্বেৰিডান (১৬) মিছেচ মিলি গ্রাহাম প’লাক

(জ) গান্ধীক প্ৰভাৱিত কৰা ব্যক্তিসকল

 (১) গােপালকৃষ্ণ গােখলে (২) ফিৰােজ ছাহ মেহটা (৩) দীন ওৱাচা (৪) বাবু ভূপেন্দ্র নাথ বসু (৫) ৰবীন্দ্ৰ নাথ ঠাকুৰ (৬) মতিলাল নেহৰু (ঝ) গান্ধীৰ সৰ্বোদয় দৰ্শনৰ মূল কথা (১) ব্যক্তিৰ মঙ্গল সামাজিক মঙ্গলৰ লগত ওতঃপ্রােতভাৱে জড়িত। সামূহিক কল্যাণ বা মঙ্গলতহে ব্যাক্তিৰ নিজৰ মঙ্গল বা কল্যাণ নিহিত থাকে।

(২) নিজৰ কৰ্মৰ জৰিয়তে জীৱিকা উপার্জনত সকলােৰে সমান অধিকাৰ আছে। গতিকে আইনজীৱী এজনৰ আৰু নাপিত এজনৰ কামৰ মূল্য সমান।

(৩) শ্ৰমিকৰ জীৱনহে প্রকৃত জীৱন। নিজৰ জীৱিকাৰ বাবে প্রত্যেকেই শাৰীৰিক শ্ৰম কৰা নিত্যান্ত প্রয়ােজনীয়। মাটি চহাই জীৱিকা অর্জন কৰা শ্রমিক কৃষক আৰু নিজ হাতে শ্ৰম কৰা বাঢ়ৈ বা হস্তশিল্পীৰ জীৱনেই প্রকৃত শ্ৰমিকৰ জীৱন ।

(ঞ) শ্ৰমিকসকললৈ গান্ধীৰ চৰ্ত

(১) কেতিয়াও কোনাে পৰিস্থিতিত কোনাে ৰূপত হিংসাত্মক কার্য কৰিব নােৱাৰিব।

(২) ধর্মঘট কৰিব নােখােজা কোনাে শ্রমিকক কোনােৰূপে অত্যাচাৰ বা অসৎ আচৰণ কৰিব নােৱাৰিব

(3) ধর্মঘটৰ সময়ছােৱাত ভিক্ষা বা আনৰ সাহাৰ্যৰ ওপৰত কেতিয়াও নির্ভৰ কৰিব নােৱাৰিব ।

(৪) ধর্মঘট যিমান দীঘলীয়া নহওক লাগে ইয়াক দৃঢ়তাৰে চলাই যাব লাগিব আৰু ধর্মঘট চলি থকা সময়ছােৱাত আন কোনাে সদুপায়ে শ্ৰম কৰি জীৱিকা নির্বাহ কৰিব লাগিব।

(ট) কাৰাগাৰত গান্ধী

গান্ধীক সাতবাৰ কাৰাগাৰলৈ পঠোৱা হৈছিল। কিন্তু এবাৰ বিচাৰ হৈছিল। ন্যায়াধীশ মফিল্ডে বিচাৰ কৰি ছয়বছৰৰ বাবে কাৰাদণ্ডৰ আদেশ দিছিল কিন্তু ২২ মাহৰ পাছতে তেওঁক মুক্তি দিয়া হৈছিল। তেওঁ ভাৰতত মুঠ ২০৮৯ দিন আৰু দক্ষিণ আফ্রিকাত ২৪৯ দিন মুঠতে ২৩৩৮ দিন কাৰাগাৰত কটাইছিল।

(ঠ) অসহযােগ আন্দোলনৰ মূল কথা (১৯২০)

(১) চৰকাৰী উপাধি, চাকৰি, সভ্যপদ বর্জন (২) চৰকাৰী স্কুল-কলেজ বর্জন (৩) আইন-আদালত বর্জন (৪) বিলাতী বস্তু বর্জন (৫) মাদকদ্রব্য বর্জন (৬) খদ্দৰৰ প্রচলন

(ড) আইন অমান্য আন্দোলনৰ মূল কথা (১৯৩০) (১)

 সাগৰৰ পানীৰ লােণ প্রস্তুত কৰা (২) লোেন সম্পর্কীয় চৰকাৰী আইন অমান্য কৰা (ঢ) ভাৰত ত্যাগ আন্দোলনৰ মূলকথা (১৯৪২) ব্রিটিছ চৰকাৰে স্বইচছাৰে ভাৰত ত্যাগ কৰি নিজ দেশলৈ উভতি যাব লাগে। ভাৰতবাসীয়ে নিজে ভাৰতৰ শাসনকার্য চলােৱাৰ আৰু প্ৰতিৰক্ষাৰ ব্যৱস্থা ল’ব।

(ণ) গান্ধীৰ জীৱনৰ মূলমন্ত্র

 সত্য, দয়া, ক্ষমা, পৰােপকাৰ, ন্যায়।

 (ত) গান্ধীৰ জেলৰ সংগীসকল

(১) মৌলানা আজাদ (২) জৱাহৰলাল নেহৰু (৩) মতিলাল নেহেৰু (৪) গােপালকৃষ্ণ গােখলে (5) বল্লভভাই পেটেল (৬) পত্নী কস্তুৰবা (৭) মীৰাবেন।

(থ) মহাত্মা গান্ধীয়ে কোৱা যিবিলাক বাক্য বর্তমান মহৎ বাণী

হিচাপে ব্যৱহৃতঃ

(১) মানুহৰ হাতত অহিংসা শক্তিয়েই সর্বশ্রেষ্ঠ শক্তি। (২) অনাসক্ত কার্য শক্তিপদ, কাৰণ অনাসক্ত কার্যইঈশ্বৰৰ ভক্ত।

(৩) শৰীৰ, মন আৰু আত্মাৰ বিকাশ সাধনেই শিক্ষাৰ মূল লক্ষ্য হােৱা উচিত।

(৪) কোনােবাই কিবা কাম কৰি নিজৰ পতন হ’ব বুলি ভাবিলে অতি চেষ্টা কৰিলেও তেওঁ নিজকে আকৌ ওপৰলৈ তােলা বৰ টান হৈ পৰে।

(৫) প্রলােভনৰ উৰ্দ্ধত থাকিব পৰা জনেহে জীৱনক উপভােগ কৰিব পাৰে।

(৬) নিন্দাই মােক নীচ কৰিব নােৱাৰে। প্রশংসায়াে উচ্চ স্তৰলৈ নিব নােৱাৰে। মই যি আছে সেয়ে থাকিম।

(৭) স্বেচছাই নিজৰ দোষৰ কথা আনৰ আগত ব্যক্ত কৰি ভৱিষ্যতে তেনে নকৰিবলৈ শপত খােৱাটোহে সকলােতকৈ পৱিত্র প্রায়শ্চিত্ত ।

(৮) প্রেমবিহীন জীৱন, শলিতা নােহােৱা চাকিৰ দৰে।

(৯) নভবা-নিচিন্তাকৈ কোনাে প্রতিশ্রুতি নিদিবা। এবাৰ প্রতিশ্রুতি দিয়াৰ পাছত জীৱন দি হলেও তা পালন কৰিবা।

(১০) অন্তৰ পবিত্ৰ নহ’লে, ইন্দ্রিয় সংযম কৰিব নােৱাৰিলে শিক্ষিত বিদ্যান ব্যক্তি হ’ব নােৱাৰি।

(১১) ব্যক্তিগত জীৱনৰ সমষ্টিগত ত্যাগ দেশ গঠনৰ শ্রেষ্ঠতম আদর্শ।

(১২) মদপী গিৰীয়েক থকা ঘৈণীয়েকে জানে তেওঁৰ সংসাৰত কেনে অশান্তি আৰু ধ্বংসলীলা চলি আছে। ইতিহাসে প্রমাণ কৰিছে যে সুৰাপানৰ ফলতেই এখন সাম্রাজ্য কেনেকৈ ধ্বংসপ্রাপ্ত হয়। যি যদুবংশত শ্ৰীকৃষৰ জন্ম হৈছিল সেই যদুবংশ ধ্বংস হােৱাৰ একমাত্র কাৰণ সুৰাপান।

(১৩) লােকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক পৱিত্র কৰাটো তাতােকৈ বুদ্ধিমানৰ কাম।

(১৪) কোনাে ঠাইত বহিবলৈ পালে সেই ঠাইৰ পৰা ভৱিষ্যতে কেতিয়াও নুঠো বুলি নেভাবিবা।

(১৫) যদি দেশৰ লাখ লাখ মানুহ দেশ গঠনৰ কামত অগ্ৰসৰ নহয়, তেন্তে স্বাধীনতা হৈ থাকিব এক সপােন আৰু অহিংসাই হওঁক অথবা সহিংসাই হওঁক সকলাে প্ৰকাৰৰ পথেই ৰুদ্ধ হ’ব।

(১৬) যাৰ অন্তৰ মলিন তেওঁ অদৃশ্য, যাৰ অন্তৰ সঁচা সঁচাকৈয়ে স্বচ্ছ তেওঁ বাহিৰত অস্বচ্ছ হ’ব নােৱাৰে।

(১৭) যাৰ দুই চকু কুটিল তেওঁ অন্ধ নহয়, যি নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁহে প্রকৃততে অন্ধ।

(১৮) মানুহে আমাক অসন্তুষ্ট কৰিলে আমি সহযােগ কৰিবলৈ এৰিব লাগে।

(১৯) অহিংসা আৰু ক্ষমাৰ মাজত পার্থক্য তেনেই কম।

(২০) অহিংসা কেৱল ঋষি-মুনিৰ বাবে নহয়, ইজনতাৰ বাবেও। অহিংসা মানৱীয় ধর্ম, হিংসা পশুৰ ধর্ম।

(২১) ক্ৰোধত উন্মত্ত হৈ একো লাভ নাই। ক্ৰোধৰ পৰা আক্রোশৰ জন্ম হয় আৰু আক্রোশৰ পৰাই হিংসাত্মক ঘটনা ঘটে।

(২২) ভগৱানে কিছুমানক অস্পৃশ্য কৰি সৃষ্টি কৰিছে বুলি ভবাটো ভগৱানৰ নামত কলংক সনাহে হ’ব।

(২৩) ছাত্ৰসকলে দলীয় ৰাজনীতিত লিপ্ত হ’ব নােৱাৰে। সকলাে বিষয়ৰ কিতাপ পঢ়াৰ দৰে সকলাে দলৰ কথা তেওঁলােকে শুনিব পাৰে। কিন্তু তেওঁলােকৰ কাম হ’ল ইয়াৰ মাজৰ পৰা সত্যখিনি

গ্ৰহণ কৰি বাকীখিনি পৰিহাৰ কৰাটো। তেওঁলােকৰ কাৰণে এই কামেই উপযুক্ত।

(২৪) শিক্ষাৰদ্বাৰা মই শিশুৰ দেহ, মন আৰু আত্মাৰ সর্বতােমুখী বিকাশকে বুজে।

(২৫) স্বাক্ষৰতাই কেৱল শিক্ষাকেই নুবুজায়, সেয়ে মই শিশুৰ শিক্ষা এটি আৱশ্যকীয়া হস্তশিল্পৰদ্বাৰাইহে আৰম্ভ কৰিব বিচাৰাে, যাৰ ফলত প্রশিক্ষণৰ আৰম্ভণিতে উৎপাদন কৰিবও পাৰে।

(২৬) সত্যক জানিবলৈ চেষ্টা কৰা, ই তােমাক মুক্তি দিব। (২৭) ধর্ম নহলে কোনাে মানুহ জীয়াই থাকিব নােৱাৰে।

(২৮) প্রকৃত প্রেম মহাসাগৰৰ দৰে সীমাহীন, এই প্রেম এক অন্তৰৰ মাজত উঠা নমা কৰি আটাইবােৰ সীমা আৰু সীমান্ত অতিক্রম কৰি সমগ্ৰ জগতকে আৱৰি ধৰে।

(২৯) ঈশ্বৰে উচ্চ-নীচৰ চিন কেতবােৰ দি মানুহ সৃষ্টি কৰা নাই। জন্মৰ বিচাৰ কৰি মানুহক নীচ বা অস্পৃশ্য বুলি ক’বলৈ কোৱা শাস্ত্রই আমাৰ শ্রদ্ধাভক্তি লাভ কৰিব নােৱাৰে।

(৩০) আনক আঘাত নকৰা মানে অহিংসা নহয়। অহিংসা হল সর্বজীৱৰ প্রতি দয়া । মইশক ভাল পাওঁ। কিন্তু কু-প্রবৃত্তি প্রতিবােধ কৰোঁ।

(৩১) পাপী যিমান ডাঙৰ, সন্ন্যাসীও সিমানেই ডাঙৰ।

(৩২) প্রলােভনৰ উৰ্দ্ধত থাকিব পৰা জনেহে জীৱনক উপভােগ কৰিব পাৰে।

(৩৩) নীতিহীন ৰাজনীতি, কামত নলগােৱা সম্পত্তি , বিবেকহীন আনন্দ, চৰিত্রহীন জ্ঞান, নৈতিকতাহীন বাণিজ্য, মানৱতাহীন বিজ্ঞান আৰু ত্যাগহীন পূজা – এই নীতিবােৰ মহাদোষ।

(৩৪) যিবিলাক ৰিপুবিলাক দমন কৰিব পৰা নাই তেওঁৰদ্বাৰা কোনাে কাম নহয়।

(৩৫) মই যদি নাৰী হৈ জন্মগ্রহণ কৰিলােহেঁতেন তেন্তে পুৰুষে নাৰীক খেলৰ সামগ্ৰী হিচাপে গণ্য কৰি অহা ভ্রান্ত ধাৰণাৰ বিপক্ষে বিপ্লৱ কৰিলােহেঁতেন।

(৩৬) ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰায়েই শ্রেয়।

(৩৭) যি আনৰ সর্বনাশৰ চেষ্টা কৰে সি নিজৰেই সর্বনাশ মাতি আনে।

(৩৮) অহিংস যুদ্ধত তিৰােতাই পুৰুষৰ দৰে সমানে অংশগ্রহণ কৰিব পাৰে। অহিংস যুদ্ধৰ সৌন্দর্য এইখিনিতে।

(৩৯) যিজনে জীৱন ত্যাগ কৰিব পাৰে, সেইজনহে জীৱন ভােগ কৰিব পাৰে।

(৪০) পৱিত্ৰতাক যিসকল তিৰােতাই সর্বোত্তম ধর্ম বুলি জ্ঞান কৰে সেইসকলে তিৰােতাৰ কেতিয়াও সন্মান হানি হােৱাৰ ভয় নাই বুলি মই দৃঢ়তাৰে বিশ্বাস কৰোঁ।

(৪১) যি মাতৃয়ে ভালভাৱে লালন-পালন কৰি বুদ্ধিমান, স্বাস্থ্যবান সন্তান দেশক দিব পাৰে, সেই মাতৃয়ে সঁচাকৈয়ে দেশৰ প্রকৃত সেৱা কৰে।

(৪২) তিৰােতা ত্যাগৰ প্রতিমূর্তি। শুদ্ধ অন্তৰেৰে কাম কৰিলে তেওঁলােকে অসাধ্য সাধন কৰিব পাৰে।

(৪৩) ৰাইজৰ সেৱাত সম্পূর্ণ আত্মনিয়ােগ কৰিবলৈ হ’লে ব্রহ্মচর্য পালন কৰা উচিত।

(৪৪) যেতিয়া এজন লােক আদৰ্শৰ পিছত মৰে, তেতিয়া তেওঁক কোনােৱে বাধা দি ৰাখিব নােৱাৰে।

(৪৫) সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে, কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে

(৪৬) জাবৰ সাৰিলে যিদৰে ঠাইডােখৰ পৰিষ্কাৰ হয়, তেনেকৈ ভুল স্বীকাৰ কৰিলে আগতকৈয়াে অন্তৰ শুদ্ধ হয়।

(৪৭) বাহুবলৰ ওপৰত প্ৰকৃত শক্তি নির্ভৰ নকৰে, ই নিৰ্ভৰ কৰে অদমনীয় ইচ্ছাশক্তিৰ ওপৰতহে।

(৪৮) খেতিয়কেহে আমাৰ দেশৰ মুক্তি সাধিব পাৰিব। উকীল, চিকিৎসক, চহকী জমিদাৰসকলে নহয়।

(৪৯) তিৰােতাই নিজৰ লাজ ঢাকি ৰাখিব নােৱাৰে কিন্তু পুৰুষে কৃতকার্যতাৰে নিজৰ পৰা কাম লুকাই ৰাখিব পাৰে।

(৫০) সতীত্বক কৃত্রিমভাৱে বাকচত ভৰায় ৰাখিব নােৱাৰি। সতীত্ব আৰােপ কৰিবও নােৱাৰি, পর্দাৰে আৱৰি থৈ সতীত্বক ৰক্ষা কৰিব নােৱাৰি। সতীত্ব মানুহৰ ভিতৰুৱা বস্তু।

(৫১) বিয়া যদি এটা পৱিত্ৰ অনুষ্ঠান হয় আৰু বিয়া নতুন জীৱনৰ প্ৰৱেশদ্বাৰ হ’বলৈ হ’লে বিয়া হ’রলগীয়া ছােৱালীবিলাকৰ পূর্ণ বিকাশ হ’ব লাগিব। জীৱনসঙ্গী নির্বাচন কৰাত তেওঁলােকৰ হাত থাকিব লাগিব। তেওঁলােকৰ কাৰ্যৰ পৰিণামক তেওঁলােকে ভালকৈ উপলব্ধি কৰিব পাৰিব লাগিব।

(৫২) আৱশ্যকতকৈ বেছি ৰখাটো পাপ।

You also Read

References

  1. মহাত্মা গান্ধী- ধনেশ্বৰ ডেকা
  2. Rosona Bichitra by Dhormo Shing Deka
  3. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

One thought on “Life History of Mahatma Gandhi in Assamese

Leave a Reply

Your email address will not be published. Required fields are marked *