April 14, 2024

Nirmal Prabha Bordoloi Biography in Assamese | প্রিয় কবি নির্মলপ্ৰভা বৰদলৈ

Nirmal Prabha Bordoloi Biography in Assamese

নির্মলপ্ৰভা বৰদলৈ জীৱন পৰিচয় Nirmal Prabha Bordoloi Biography in Assamese

মােৰ মনৰ গহ্ন কোণত ভাবৰ উদ্দীপনী শিখা প্রজ্বলিত কৰা প্রিয় কবি গৰাকী হ’ল—আজীৱন সাৰস্বত সাধনাৰে মহীয়সী, গৰিমাৰে গৰীয়সী, আধুনিক অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতখনত সােণালী আখৰেৰে লিখি থােৱা এটি নাম ড° নির্মলপ্ৰভা বৰদলৈ। ড’ নির্মল প্রভা বৰদলৈৰ প্রতিভা আছিল বহুধা বিভক্ত। তেওঁ আছিল একাধাৰে বিশিষ্ট কবি, গীকিাৰ, শিশু-সাহিত্যিক, ঔপন্যাসিক, নাট্যকাৰ আৰু পাচ্যতত্ত্ব গৱেষক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জৱাহৰলাল নেহৰু অধ্যাপিকা ড° বৰদলৈয়ে নিজ পাণ্ডিত্যৰ বলত বিশ্ববিদ্যালয় অনুদান আয়ােগৰ দ্বাৰা ৰাষ্ট্ৰীয় অধ্যাপিকা পদতাে নিযুক্ত হৈছিল। সাহিত্য কর্মৰ স্বীকৃতি হিচাপে এদিন ড° নির্মলপ্ৰভা বৰদলৈয়ে লাভ কৰিলে সাহিত্য অকাডেমী বঁটা। ১৯৯১ চনত অসম সাহিত্য সভাৰ সপ্তপঞ্চাশতম্ দুধনৈ অধিৱেশনৰ সমন্বয় ক্ষেত্রত পদ্মশ্রী নলিনীবালা দেৱীৰ পিছত দ্বিতীয় গৰাকী মহিলা সভানেত্রী হিচাপে অধিষ্ঠিত হ’ল সৰস্বতী’ নির্মলপ্ৰভা বৰদলৈ।

Nirmal Prabha Bordoloi Biography in Assamese
জন্ম২০ জুন, ১৯৩৩
শিৱসাগৰ, অসম
মৃত্যু১ জুন, ২০০৪ (৭০ বছৰ)
ছদ্মনামনীলা বাইদেউ
পেচাকবি, গীতিকাৰ, অধ্যাপিকা, প্ৰবক্তা আৰু লোক-সংস্কৃতিৰ গৱেষক
ৰাষ্ট্ৰীয়তা ভাৰত
সময়১৯৫৭-২০০৪
উল্লেখনীয় কৰ্মৰাজিবন ফৰিঙৰ ৰং
দেৱী
সুদীৰ্ঘ দিন আৰু ঋতু
চিল চিল চিলা বাগি চিল মিলা
উল্লেখযোগ্য বঁটাসাহিত্য অকাডেমি বঁটা (১৯৮৩)
শিশু সাহিত্যৰ ৰাষ্ট্ৰপতি বঁটা (১৯৫৮)
কনকলতা বৰুৱা বঁটা (২০০৪)

কবিগৰাকীৰ জন্ম হৈছিল ১৯৩৩ চনৰ ২০ জুনৰ দিনা, শিৱসাগৰৰ পুৰণা আমােলাপট্টিত। পিতৃৰ নাম ধর্মেশ্বৰ শৰ্মা বৰদলৈ, মাতৃ মুক্তাবালা। নির্মলপ্ৰভাৰ জন্ম হৈছিল এনে এক নৈষ্ঠিক ব্রাহ্মণ পৰিয়ালত—বাল্য বিবাহ যত বিধি নিরূপিত। সমাজৰ পৰম্পৰা অনুযায়ী এঘাৰ বছৰ নৌহওঁতেই ১৯৪৩ চনৰ ১৩ ডিচেম্বৰৰ দিনা ‘ৰােহিনী’ৰূপী নিৰ্মলপ্রভাই কইনাৰ সাজ পিন্ধিলে। ১৩ বছৰ বয়সত এটি কন্যা সন্তানৰ মাতৃ হ’ল। সিমানতে তেওঁ যুগ্ম সাংসাৰিক জীৱনৰাে সমাপ্তি ঘটিল। সেই ১৩ বছৰ বয়সৰে পৰা জীৱনৰ কন্টকময় পথ আত্মশক্তিৰে অতিক্ৰম কৰি নিৰ্মলপ্রভাই জয় কৰিলে জীৱনক। নিৰলস প্রজ্ঞাৰ সাধনাৰে তেওঁ নির্মাণ কৰিলে সৃষ্টিৰ এক স্বর্ণ দেউল।

কাব্য প্রতিভা

নির্মলপ্ৰভা বৰদলৈ যুদ্ধোত্তৰ কালৰ অসমীয়া কাব্যজগতত এগৰাকী শ্রেষ্ঠ কবি হিচাপে সু প্রতিষ্ঠিত। পঞ্চাশৰ দশকৰ পৰা পাঁচোটা দশকৰ ওপৰকাল তেওঁ বিচৰণ কৰিছিল শব্দৰ জগতত।

সেয়ে তেওঁ কৈছিল ?

“মই শব্দবােৰৰ মাজত

শব্দবােৰ মােৰ  মাজত

শব্দবােৰৰ মাজত মই।

নির্মলপ্ৰভাৰ অন্তৰত অমিতাভ শব্দই প্রথম ভুমুকি মাৰিছিল চতুর্থ শ্রেণীত পঢ়ি থাকোতেই। ‘জীৱন-জীৱন বৰ অনুপম’ আত্ম-জীৱনীত তেওঁ এনেদৰে সেই দিনটোৰ বর্ণনা দিছে ।

“প্রথম কবিতা লিখাৰ দিনটো আজিও সুন্দৰকৈ মােৰ মনত আছে। ৰ’দ-বৰষুণে জিলমিলকৈ থকা এটা আবেলি। পঢ়া কোঠাৰ কাষৰ হাচনাহানাজোপাৰ বগা ফুলবােৰ জকমকাই আছিল। মই খিৰিকিত উঠি খিৰিকিৰ ৰেলিং এডালত ধৰি দুলি আছিলাে। দোলনৰ লগে লগে মােৰ মনলৈ ছন্দ আহিছিল। ছন্দই ছন্দই কথাবােৰ মিলি মিলি যায়- কি যে ভাল লগা এই আখৰ মিলােৱা কামটো। চাওঁতে চাওঁতে এটা অর্থ থকা পদ্য মুখে মুখে হ’ল। মই লৰালৰিকৈ নামি কাগজ এখনত লিখি পেলালাে আৰু আনন্দৰ আতিশয্যত দেউতাৰ ওচৰ পালােগৈ।”

কবিতাক অন্তকৰণেৰে ভালপােৱা সেই কিশােৰী নিৰ্মলপ্রভা এদিন ডাঙৰ হ’ল।মূর্তমান হৈ উঠিল তেওঁৰ কাব্য প্রতিভা সর্বসাধাৰণ মানুহৰ সুখ-দুখ, প্রাপ্তি-অপ্রাপ্তি, প্রেম-বিৰহ, আনন্দ-বিষাদ, নিঃসংগতা, গ্রাম্য জীৱনৰ ৰূপৰস-গন্ধ-স্পর্শ আদি বিষয়ৰ লগতে সাম্প্রতিক ৰক্তাক্ত সময়ৰ এখন জলছবি তেওঁৰ কবিতাসমূহত বাংময় হৈ উঠিল।

কাব্য প্রতিভাৰ স্বীকৃতি

১৯৫০ চনতে ৰামধেনু’আলােচনীত প্রকাশিত বার্ণাড শ্ব’ কবিতাৰ জৰিয়তে কাব্যৰসিকৰ দৃষ্টি আকর্ষণ কৰা নিৰ্মলপ্রভাবৰদলৈৰ প্রথম কাব্য সংকলন বন ফৰিঙৰৰং’ ১৯৫৭ চনত প্রকাশ হয়। ক্রমশঃ তেওঁৰ কাপৰ পৰা সৃষ্টি হৈছে সমীপেষু’, ‘দিনৰ পাছত দিন’, ‘অন্তৰংগ’, সুদীর্ঘ দিন আৰু ঋতু’, শব্দৰ ইপাৰেশব্দৰ সিপাৰে’, ‘অমিতাভশব্দ’, ‘ড° নির্মলপ্ৰভা বৰদলৈৰ নির্বাচিতকবিতা’, বসন্তৰ এদিন’(যন্ত্রস্থ) আদিকাব্য সংকলনৰ।উল্লেখযােগ্য যে তেওঁ ‘দিনৰ পাছতদিন’কাব্য গ্রন্থৰবাবে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠকবিতাৰবঁটা (১৯৭৭) আৰু সুদীর্ঘ দিন আৰু ঋতু’কাব্যগ্রন্থৰ বাবে ১৯৮৩ চনৰ সাহিত্য অকাডেমীবঁটা লাভকৰে।

নির্মলপ্রভাবৰদলৈৰ ভালেমান কবিতা ইংৰাজীলৈ অনুবাদ হৈছে। অনুবাদকসকলৰ ভিতৰতবৰুৱা, ড° ৰাঘবেন্দ্ৰ ৰাও, ড°নৱনীতা দেৱসেন, ড° ভােলাভাই পেটেল, ড° প্রফুল্ল দত্ত গােস্বামী, ড° মহেন্দ্র বৰা, ড° হীৰেন গােহাঁই, ভবেন বৰুৱা, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, হীৰেন দত্ত, প্রদীপ আচার্য্য, অজিৎ বৰুৱা, অতুলানন্দ গােস্বামী আদি অন্যতম।

বিশ্বৰ বহুভাষালৈ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰূপান্তৰ আৰু তর্জমা হৈছে। তেওঁৰ হিন্দী আৰু ইংৰাজীলৈ অনুদিত কাব্যপুথি হ’ল–বন্দুকোকী আৱাজ চে সুবহ হােতী হেক্যা’আৰু The Dawn’। নির্মলপ্ৰভাৰ কবিতাত বিমুগ্ধ হৈঅৱসৰপ্ৰাপ্ত মানৱ সম্পদ বিভাগৰ সচিব আই.এ.এছ বিষয়া কে. কে. খুল্লৰে তেওঁক নাইটিংগেল অৱ আসাম’বুলি অভিহিত কৰিছিল।

You also Read

Reference

  • I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

3 thoughts on “Nirmal Prabha Bordoloi Biography in Assamese | প্রিয় কবি নির্মলপ্ৰভা বৰদলৈ

  1. বহুত ভাল লাগিছে।উপকৃত হ’লো মই।ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *