March 28, 2024

Nelson Mandela Biography in Assamese। মুক্তিৰ মহানায়ক নেলছন মেণ্ডেলা

Nelson Mandela Biography in Assamese

নেলছন ৰোলিহলাহলা মেণ্ডেলা  বা চমুকৈ নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনৈতিক ব্যক্তি আছিল যিজনে ৰাষ্ট্ৰপতি হিচাপে ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ কাৰ্য্যভাৰ চলাইছিল। দক্ষিণ আফ্ৰিকাত তেওঁ মাডিবা (Madiba) আৰু টাটা (Tata) নামেৰেও জনাজাত আছিল। তেওঁ ১৯৯৩ চনত ন’বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। মেণ্ডেলাই তেওঁৰ জীৱনত ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছিল। তেওঁ দক্ষিণ আফ্ৰিকাৰ নেচনেল কংগ্ৰেছৰ নেতা আছিল।

Nelson Mandela Biography in Assamese
জন্মRolihlahla Mandela
১৮ জুলাই, ১৯১৮
Mvezo, Cape Province, South Africa
মৃত্যু০৫ ডিচেম্বৰ, ২০১৩ (৯৫ বছৰ)
Johannesburg, Gauteng, South Africa
মৃত্যুৰ কাৰণRespiratory infection
সমাধিস্থলMandela Graveyard
Qunu, Eastern Cape, South Africa
ৰাজনৈতিক দলAfrican National Congress
আন ৰাজনৈতিক
সম্পৰ্ক
South African Communist Party
দাম্পত্যসঙ্গীEvelyn Ntoko Mase (বি. ১৯৪৪; বিবি. ১৯৫৮)Winnie Madikizela (বি. ১৯৫৮; বিবি. ১৯৯৬)Graça Machel (বি. ১৯৯৮; his death ২০১৩)
সন্তান6 (including Makgatho, Makaziwe, Zenani and Zindziswa)
পিতৃ-মাতৃNosekeni Fanny
Gadla Henry Mphakanyiswa
শিক্ষানুষ্ঠানUniversity of Fort Hare, University of London, University of South Africa, University of the Witwatersrand
পেচাActivist Politician Philanthropist Lawyer
জনা যায়বৰ্ণবৈষম্য নীতি বিৰোধী আন্দোলন
বঁটাSakharov Prize (1988)ভাৰত ৰত্ন (1990)Nishan-e-Pakistan (1992)Nobel Peace Prize (1993)Order of Lenin Presidential Medal of Freedom

জন্ম, শিক্ষা আৰু বিবাহ Nelson Mandela Biography in Assamese

দক্ষিণ আফ্রিকাৰ ট্রান্সস্কেইকুনুনামৰ গাঁৱত ১৯১৮চনৰ ১৮ জুলাইত নেলছ মেণ্ডেলাই জন্মগ্রহণ কৰিছিল থেম্বুৰাজবংশৰ এক কৃষ্ণাংগৰাজপৰিয়ালত। সাত্মবয়সত অশিক্ষিত পিতৃ-মাতৃদ্বয়ে গৰুৰখীয়া মেণ্ডেলাখ প্রাথমিক শিক্ষাৰ বাবে স্থানীয় মেথডিষ্টব’র্ডিং স্কুললৈ পঠিয়ায়। পাছত কৃষ্ণাংগ আফ্রিকানসকলৰ বৃহত্তম বিদ্যালয় ব্লেকবেৰীব’র্ডিংইনষ্টিটিউটত মেণ্ডেলাই মাধ্যমিক শিক্ষা আৰম্ভ কৰে। ১৯৩৭ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে ফর্ট বিউফৰ্টৰ ৱেছলেইয়ান কলেজতনাম ভর্তিকৰে। ইয়াতে তেওঁবক্সিং আৰু দীর্ঘ দূৰত্বৰ দৌৰত পাৰদৰ্শিতা দেখুৱায়। ১৯৩৯ চনতকলেজৰ পৰা বিতাড়ণ লয় আৰুফৰ্টহাৰে বিশ্ববিদ্যালয়ৰ পৰাসংযােগী পাঠ্যক্ৰমৰ জৰিয়তে কলাত স্নাতক ডিগ্রী হয়। ১৯৪১ চনত জোহান্সবার্গলৈ গৈ আইন অধ্যয়ন কৰিবলৈ লয়। ১৯৪২ চনত উইট ৱাটাৰ্ছ ৰেণ্ড বিশ্ববিদ্যালয়ত আইন বিষয়তনামভর্তিকৰে।কিন্তু তেওঁবর্ণবৈষম্যবাদবিৰােধী বিদ্রোহ বাবে আইনৰ চূড়ান্তবৰ্ষত তিনিবাৰকৈ অনুতীর্ণ হয় আৰু ১৯৪৯ চনৰ ডিচেম্বৰত সেই আশা ত্যাগকৰে। পাছত দক্ষিণ আফ্রিকাৰ কেপ্টাউনত আইনৰ ডিগ্ৰী ল’বলৈ সক্ষম হয়।

১৯৪৪ চনত প্রথমা পত্নী ইভেলিন মেজৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু ১৯৫৮ চনত দুয়ােৰে বিচ্ছেদ ঘটে। ১৯৫৮ চনত সমাজকর্মী উইনি মেডিকিজেলাক বিয়া কৰায়। মেণ্ডেলাৰ পৰৱর্তী সংগ্রামী জীৱনত উইনিয়ে অনবদ্য ভূমিকা পালন কৰিছিল। উইনিৰ সৈতেও ১৯৯২ চনৰ ১৩ এপ্রিলত বিচ্ছেদ ঘটাত মেণ্ডেলাই আশীবছৰীয়া জন্মদিনত গ্ৰাচা মাচেলক বিয়া কৰায়।

কর্মজীৱন Career of Nelson Mandela in Assamese

জাতীয় মুক্তিৰ সংগ্ৰামৰ পৰা দেশৰ ক্ষমতালাভলৈকে নেলছ মেণ্ডেলাৰ পৰিক্ৰমা। মেণ্ডেলাৰ শৈশৱ কাল গৰখীয়া হিচাপে আৰম্ভ হৈছিল। সমনীয়াৰ সৈতে গৰু চৰােৱাত তেওঁ ব্যস্ত আছিল। ১৯৪১ চনৰ এপ্ৰিলত মেণ্ডেলা জোহান্সবার্গ চহৰত উপস্থিত হয় আৰু তাৰ ‘ক্রাউন মাইনছত তেওঁ নৈশ চকীদাৰ হিচাপে যােগদান কৰে। তাতে তেওঁ দক্ষিণ আফ্রিকাৰ পুঁজিবাদী শােষণ ব্যৱস্থাৰ মুখামুখি হয় প্রথমবাৰৰ বাবে আৰু তাৰ পৰা এদিন পলায়ন কৰি পাছত জর্জ গছ চহৰত থাকিবলৈ লােৱাৰ সময়তে মেণ্ডেলাৰ সাক্ষাৎ ঘটে এ এন চিৰ সদস্য ৱাল্টাৰ ছিছুলুৰ সৈতে। তেনেদৰেই তেওঁ উইটকিন, ছিডেলক্সি আৰু ইডেনমেন নামৰ আইনী প্রতিষ্ঠানত কাম কৰে। এই প্রতিষ্ঠানটোত এ এন চিৰ অনুগত বহু কর্মী ভৰি আছিল আৰু তাতে মেণ্ডেলাৰ মনত বর্ণবৈষম্যবাদবিৰােধী প্রবািদীমনটো প্রােথিত হয়। মেণ্ডেলাইআফ্রিকান নেচনেল কংগ্ৰেছত যােগ দিছিল ১৯৪২ চনত।ইয়াৰ সদস্য হিচাপে সুদীর্ঘ ২০ বছৰ ধৰি মেণ্ডেলাই দক্ষিণ আফ্রিকাৰ চৰকাৰৰ বিৰুদ্ধে গান্ধীৰ আদর্শেৰেশান্তিপূর্ণ অহিংসপ্রতিৰােধ গঢ়ি তােলে। ১৯৪৩ চনৰ আগষ্টতবর্ধিতবাছভাড়া প্রত্যাহাৰৰ দাবীত মেণ্ডেলাই বাছবর্জন’কাৰ্যসূচী এটাৰ নেতৃত্ব দিয়ে আৰু সেয়াই আছিল তেওঁৰ বিপ্লৱী মনটোৰ প্রথম বিস্ফোৰণ।

১৯৪৩ চনত উইটৱাটাৰ্ছ ৰেণ্ড বিশ্ববিদ্যালয়ত আইন পঢ়ি থকা কালত বর্ণবৈষম্যৰ মুখামুখি হােৱা মেণ্ডেলাৰ কেইবাজনাে উদাৰমনা আৰু কমিউনিষ্ট ভাবাপন্ন ইউৰােপিয়ান,ইহুদি আৰু ভাৰতীয় ছাত্ৰৰ লগত সাক্ষাৎ হয়।ইয়াৰ ভিতৰত জ’ছলভা, হেৰী স্কুৱার্জ আৰুৰুথফাষ্ট অন্যতম। এ এন চিত যােগদান কৰাৰে পৰা ৱাল্টাৰ ছিছুলুৰ ওলাণ্ডোত থকা ঘৰত মেণ্ডেলাহঁতৰ আড্ডা জমি উঠিছিল।ৰাজনীতিৰ প্রতি আগ্রহী হয় মেণ্ডেলাৰ দৰে বহু যুৱক। ১৯৪৯ চনলৈ তেওঁৰ এই বিপ্লৱী মনটো ভালদৰে ঠন ধৰি উঠে। ১৯৪৮ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত কেৱল শ্বেতাংগক ভােট দিয়াৰ অনুমতি দিয়া হৈছিল আৰু তাৰে প্রতিবাদত মেণ্ডেলা বিদ্রোহী হৈ পৰে। আৰম্ভ ১ নেচনেল কংগ্ৰেছৰ বেনাৰত বিদ্ৰোহৰ নতুন অধ্যায়। ১৯৫৫ চনৰ ফেব্ৰুৱাৰীত জোহান্সবার্গত অহিংস পদ্ধতিৰেকৃষ্ণাংগৰ এটা সংঘ ভাঙি পেলােৱাৰ প্রতিবাদ কৰিবলৈ গৈব্যর্থ হােৱা নেলছ মেণ্ডেলাই ঘােষণা কৰিছিল—এ এন চিঅহিংসনহয়; হিংস্ৰ আৰু সশস্ত্র বিপ্লৱ কৰিলেহেলক্ষ্যত উপনীত হ’ব পাৰি।ইয়াৰ বাবে তেওঁ চীনৰ পৰা অস্ত্র আনিবলৈ ঘনিষ্ঠ সতীর্থ ৱাল্টাৰ ছিছুলুক পৰামর্শ দিয়ে।

আফ্ৰিকাৰ জাতীয় কংগ্ৰেছত নেলছন মেণ্ডেলাৰ ভূমিকা

১৯২১ চনত প্ৰতিষ্ঠা হোৱা আফ্ৰিকান নেচনেল কংগ্ৰেছত নেলছনে যোগদান কৰিলে। ১৯৪৪ চনত এই কংগ্ৰেছৰ পৰিকল্পনাৰ দায়িত্ব গ্ৰহণ কৰে নেলছন মেণ্ডেলাই। সেই সময়ত ভাৰতত স্বাধীনতা সংগ্ৰাম চলিছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। নেলছনে আফ্ৰিকান কংগ্ৰেছক গণতান্ত্ৰিক ৰূপ দি-ইয়াৰ সম্পাদক পাতিলে ওৱাল্টাৰ চিচুলুক। তাৰ পাছতেই জনসাধাৰণে প্ৰধানমন্ত্ৰী স্মাট চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে বিদ্যালয়, মহাবিদ্যালয়, হোটেল, হাট-বজাৰ, সকলো ত্যাগ কৰি ৰাজপথলৈ বিদ্ৰোহ কৰিবলৈ ওলায় আহে। চৰকাৰে এই আন্দোলন প্ৰতিহত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা হাতত ললে। জনসাধাৰণে বিচাৰিলে নিজৰ দেশত নিজৰ স্বাধীনতা। আন্দোলনে তীব্ৰ জন জাগৃতি আনিলে। লগে লগে চৰকাৰে নেলছন মেণ্ডেলা, চিচুলু আৰু টেম্বোক কাৰাগাৰত আৱদ্ধ কৰিলে। তেওঁলোকক ৰাখিলেও ১৯৫৭ চনত stay at home ধৰ্মঘট পালন হল আৰু আন্দোলনে আফ্ৰিকান সংগ্ৰামী জনসাধাৰণে সমৰ্থন পালে। ১৯৬০ চনত আনকি কেইবাখনো ৰাজ্যলৈ স্বাধীনতা আহিল। লগে লগে নেলছন মেণ্ডেলাক কিছুদিনৰ বাবে মুক্তি দি, পুনৰ জেলত ভৰালে। এইবাৰ তেওঁক দক্ষিণ আফ্ৰিকাৰ কলিয়াপানী ৰোবেন দ্বীপত আবদ্ধ কৰি ৰখা হল। কাৰাগাৰত থাকিয়েই তেওঁ তেওঁৰ পুত্ৰ থেম্বিৰ মৃত্যুৰ বাতৰি আৰু ১৯৭৮ চনত জীয়াৰি জিন্দজিৰ কবি খ্যাতিৰ খৱৰ লৈছিল। ১৯৭০ চনত উইনীয়ে তেওঁক ৰোৱেন দ্বীপত দেখা কৰে। ১৯৭৫ চনত মোজাম্বিকে স্বাধীনতা পালে। ১৯৮০ চনৰ ১৩ জুনত ইউনাইটেড চিকিউৰিটি কাউন্সিলে প্ৰধানমন্ত্ৰী বোথো চৰকাৰক মেণ্ডেলাৰ মুক্তিৰ দাবী জনালে। ১৯৮২ চনত মেণ্ডেলাক ৰোবেন দ্বীপৰ পৰা পলাশমোৰ কাৰাগাৰলৈ স্থানান্তৰ কৰিলে। অৱশেষত ১৯৯০ চনৰ ১১ ফেব্ৰুৱাৰীৰ ৰবিবাৰে মেণ্ডেলাক ডব্লিউ এফ দি ক্লাৰ্ক চৰকাৰে মুক্তি দিলে। কাৰাগাৰৰ পৰা মুকলি হৈয়ে তেওঁ কৃষ্ণাংগ অধ্যুষিত অঞ্চলসমূহৰ পৰা জৰুৰী অৱস্থা প্ৰত্যাহাৰ আৰু সকলো ৰাজনৈতিক বন্দীক মুকলি কৰি দি শান্তি শৃঙ্খলা অটুট ৰাখিবলৈ চৰকাৰক দাবী জনায়।

১৯৯০ চনৰ ১৫ অক্টোবৰ তাৰিখে নেলছন মেণ্ডেলা ভাৰত ভ্ৰমণলৈ আহোঁতে ভাৰতে তেওঁৰ স্থিতিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়। তদুপৰি ২৭ বছৰ কাৰাবন্দী জীৱন কটোৱা আফ্ৰিকাৰ এই বাসত্তৰ বছৰীয়া জাতীয়তাবাদী নেতাগৰাকীক ১৯৯০ চনৰ বাবে ভাৰত চৰকাৰে শীৰ্ষতম বঁটা ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰে। ১৯৯৪ চনৰ পৰা নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হৈ কাৰ্য্যনিবাহ কৰে

বিপ্লৱ আৰু কাৰাবাস

১৯৫৫ চনৰ জুনত ক্লিপ্টাউনত তিনিহাজাৰ প্রতিনিধিৰ উপস্থিতিত এখনি অভিৱর্তন অনুষ্ঠিত হয়। কিন্তু আফ্রিকানাৰ চৰকাৰে এই অভিৱর্তন ব্যর্থ কৰে। পিচে মেণ্ডেলাৰ বাবে এই অভিৱৰ্তনখনৰ গুৰুত্ব পিছলৈ বহুলাংশে বৃদ্ধি পায় আৰু তেওঁ নেতৃত্ব ল’ব পৰা গুণবর্জন কৰে। এইসময়খিনিতে চৰকাৰে তেওঁক ৰাজহুৱা স্থানত উপস্থিত হােৱাত কেইবাবাৰাে বাধা নিষেধ আৰােপ কৰে। বিপ্লৱ আৰু অধিবক্তা হিচাপেবহুসময়ত চৰকাৰ বিৰােধী কার্যকলাপত লিপ্ত হােৱাৰ বাবে ১৯৫৬ কাৰাবাস চনত চৰকাৰে তেওঁক গ্রেপ্তাৰ কৰে যদিও প্রমাণৰ অভাৱত মুক্তি দিবলৈ বাধ্য হয়। অর্থাৎ ১৯৫৬চনৰ ৫ ডিচেম্বৰত মেণ্ডেলাক দেশদ্ৰোহৰ গােচৰত গ্রেপ্তাৰ কৰা হৈছিল। মেণ্ডেলাই ১৯৬১ চনত অহিংস আন্দোলনত বিশ্বাস হেৰুৱাইএটা সশস্ত্র বাহিনী গঠন কৰে আৰু চৰকাৰীবাহিনীক আক্ৰমণৰ লক্ষ্য কৰি লােৱাত তেওঁক গ্রেপ্তাৰ কৰে। ১৯৬১ চনৰ ২৯ মার্চত ছবছৰীয়া বিচাৰৰ অন্তত মেণ্ডেলাক দোষমুক্ত ঘােষণা কৰা হয়। কিন্তু ১৯৬২ চনৰ ৫ আগষ্টত মেণ্ডেলাক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু এই বছৰে নৱেম্বৰত পাঁচবছৰৰ কাৰাদণ্ডেৰে জোহান্সবার্গ মাছাল স্কোৱেৰ জেলত ৰখা হয়। প্রায় ১৭৩ জন সাক্ষী, হাজাৰৰাে অধিক নথি-পত্ৰ আৰু ফটোগ্রাফ মেণ্ডেলাৰ বিৰুদ্ধে উত্থাপন কৰি আৰম্ভ হয় ঐতিহাসিক বিভ’নিয়া বিচাৰ। দেশদ্রোহ, চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্র আদি দোষ জাপি দি ১৯৬৩ চনৰ ৯ অক্টোবৰৰ পৰা প্রিট’ৰিয়া ছুপ্রিম ক’ত আৰম্ভ হয় ভিনিয়া বিচাৰ। ১৯৬৪ চনৰ ১২ জুনত নেলছন মেণ্ডেলাক

চৰকাৰবিৰােধীৰাজনৈতিক কর্মকাণ্ডত জড়িত থকাৰ অভিযােগত যাৱজ্জীৱন কাৰাদণ্ডৰকুম দিয়া হয়। কিন্তু তাৰ পূর্বে ১৯৬২-১৯৮২ চনলৈ তেওঁকৰ’বেন দ্বীপৰ এটা নির্জনকুঠৰীতৰখাৰমদিয়া হৈছিল। বর্ণবৈষম্যবাদ বিৰােধী সংগ্ৰামৰ নেতাগৰাকীয়ে এইকাৰাগাৰতে ২৭ বছৰ কালবন্দীজীৱন অতিবাহিত কৰি মুক্তিকামী জনগণৰ মাজত প্রেৰণাৰ উৎস হৈ পৰে। কিন্তু ১৯৮২ চনত ৰ’বেন দ্বীপৰ পৰা তেওঁক পুনৰ পলছুমুৰ জে’ললৈ স্থানান্তৰ কৰি ইয়াত ১৯৮৮ চনলৈৰখা হয়। এইসময়খিনিতে তেওঁ যক্ষ্মা ৰােগত আক্রান্ত হয় আৰু সেই চনতে মেণ্ডেলাক ভিক্টৰ ভাৰ্ছষ্টাৰ জে’লত ৰখা হয়।

মেণ্ডেলাৰ মুক্তি আৰু বঁটা

১৯৮৯ চনত বার্লিনৰ প্ৰাচীৰ ভঙাৰ পিছতে মেণ্ডেলাৰ মুক্তিৰ দাবী সৰৱহয়। অৱশেষত ১৯৯০ চনৰ ২ ফেব্ৰুৱাৰীত তেওঁ কাৰামুক্ত হয়। জে’লৰ পৰা মুক্ত হৈয়ে তেওঁ ডেমণ্ড টুটুৰ ঘৰত আশ্রয় লয়। গঢ়ি তােলা সংগ্ৰামৰ অন্য এক বীৰত্বপূর্ণ ইতিহাস। তাৰ পাছত জোহান্সবার্গৰ ছ’কাৰ চিটিত একলাখ মেণ্ডেলাৰ মুক্তি জনতাৰ সন্মুখত মেণ্ডেলাইদক্ষিণ আফ্রিকাত পৰিৱৰ্তনৰ ক্ষণসমাগত বুলি ঘােষণা আৰু বঁটা কৰে। ১৯৯০ চনৰ পৰা ১৯৯১চনলৈ মেণ্ডেলাইআফ্রিকা মহাদেশ ভ্রমণৰ বাবে ওলায়। তেওঁ মুক্ত দক্ষিণ আফ্রিকা’ ধ্বনিৰে জাম্বিয়া, জিম্বাব’ৱে, নামিবিয়া, লিবিয়া, আলজেৰিয়া ভ্রমণকৰিছুইডেন হৈলণ্ডত উপস্থিত হয় আৰুইংলণ্ডত মার্গাৰেট থেচ্ছাক,ফ্রান্সত ফ্রাছােৱা মিটাৰেণ্ড, আমেৰিকাত জর্জ এইচ ডব্লিউ বুশ্বক সাক্ষাৎকৰি ৰাষ্ট্রনেতা হােৱাৰ কৰৎ আৰম্ভ কৰে। ১৯৯১ চনৰ জুলাইত মেণ্ডেলা এ এন চিৰ সভাপতি নির্বাচিত হয়। ১৯৯২ চনৰ ১৩ এপ্রিলত দ্বিতীয়া পত্নীউইনিৰ সৈতে ব্রিাহবিচ্ছেদ ঘটে। তেনেসময়তে মেণ্ডেলা আমিনাচাচালিয়ানামৰ এগৰাকী ভাৰতীয় মূলৰ মহিলাৰ প্ৰেমত পৰে। আফ্রিকান নেচনেল কংগ্রেছ(এ এন চি)ৰকৰ্মীইউচু চাচালিয়াৰ পত্নী আমিনাইইউচুফৰ মৃত্যুৰ পাছত অকলশৰীয়া জীৱন অতিবাহিত কৰিছিল। কিন্তু মেণ্ডেলাৰ প্রেম প্রস্তাৱ তেওঁনাকচকৰে। সেইপ্ৰস্তাৱনাকচনকৰাহ’লেআমিনা হ’লহেঁদেক্ষিণ আফ্রিকাৰ ফাষ্ট লেডী’।

১৯৯৪ চনৰ ২৭ এপ্রিলত দক্ষিণ আফ্রিকাত প্ৰথমবাৰলৈ এটা মুক্ত সাধাৰণর্বিাচন অনুষ্ঠিত হয়। সকলােৰে বাবে উৎকৃষ্টজীৱনৰকথা ঘােষণা কৰা মেণ্ডেলাৰ নেতৃত্বত এ এন চিয়ে ৬২ শতাংশ ভােট লাভ কৰে। তাৰ পাছত ১৯৯৪ চনৰ ১০ মে’ত মেণ্ডেলাইপ্রিট’ৰিয়াত ৰাষ্ট্ৰপতিৰূপেশপতগ্ৰহণ কৰে। এইশপতগ্রহণ অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্রান্তৰ চাৰি হাজাৰ প্রতিনিধি উপস্থিত আছিল।দক্ষিণ আফ্রিকাৰ প্রথমজনকৃষ্ণাংগৰাষ্ট্ৰপতিৰূপে নেলছ মেণ্ডেলাৰশপগ্রহণৰ এইদৃশ্য টেলিভিযােগেপ্রত্যক্ষকৰিছিল কেইবাকোটি লােকে।

মেণ্ডেলাৰ জীৱনকালত তেওঁ আঢ়ৈশৰাে অধিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্রীয় সম্মান লাভকৰিছিল।তাৰ ভিতৰত ১৯৯০ চনত ভাৰতৰ পৰা প্ৰদান কৰা ভাৰতৰত্ন’বঁটা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স্বাধীনতাৰ পদক লাভ কৰে। ভাৰত ৰত্ন’ৰ উপৰি ভাৰতৰ পৰা মেণ্ডেলাই কেইবাটাও বঁটা লাভ কৰে যেনেজৱাহৰলাল নেহৰু এৱার্ড ফৰ ইণ্টাৰনেচনেল আণ্ডাৰষ্টেণ্ডিং, ইন্দিৰা গান্ধী এৱাৰ্ড ফৰ ইণ্টাৰনেচনেল জাষ্টিচ এণ্ডহাৰমণি, ইন্টাৰনেচনেল গান্ধী পীচপ্রাইজ ইত্যাদিৰবাহিৰেও এইমহান নেতাগৰাকীৰ নামেৰে নতুন দিল্লীত এটা পথৰােনামাকৰণ কৰা হৈছে।উল্লেখযােগ্য যে খান আব্দুল গফুৰখানৰ পাছত নেলছ মেণ্ডেলাই হৈছে ভাৰত ৰত্ন’লাভ কৰা দ্বিতীয়গৰাকী বিদেশী ব্যক্তি। আন এক আদর্শমূলক কথা যে ১৯৯৩ চনত মেণ্ডেলাই তেতিয়াৰ দক্ষিণ আফ্রিকাৰ ৰাষ্ট্রপতি এফ ডব্লিউ ডি ক্লার্কৰ লগত একেলগে শান্তিৰ নােবেল বঁটা যুটীয়াকৈ গ্ৰহণ কৰিছিল। ১৯৯৫ চনত মেণ্ডেলাই তেওঁৰ বিভিন্ন ভাষালৈ অনুদিত হােৱা Long Walkto Freedom’নামৰ গ্ৰন্থখনৰ বাবে এলেন পেটন পুৰস্কাৰ লাভ কৰে। 1 নেলছ মেণ্ডেলাক ঘােৰ সমালােচকসকলে সন্ত্রাসবাদী আৰু কমিউনিষ্ট ভক্ত বুলি কয়। কিন্তু বিশ্বই জানে দক্ষিণ আফ্রিকাৰ এইজন কিংবদন্তি নায়ক আৰু বর্ণবৈষম্যবাদবিৰােধী তথা ঔপনিবেশিকতাবাদবিৰােধী বিপ্লৱীৰ মানৱ মুক্তি আন্দোলন কিমান শক্তিশালী আছিল। ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ দক্ষিণ আফ্রিকাৰ ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহকৰা মেণ্ডেলা আছিল এই পদৰ দায়িত্ব লােৱা প্ৰথমজন কৃষ্ণাংগ দক্ষিণ আফ্রিকাৰ লােক। দৰিদ্রতা দূৰীকৰণ, সামাজিক সংহতিৰক্ষা, বৈষম্য দূৰ কৰাৰ বাবে মেণ্ডেলাই চলােৱা প্রচেষ্টা সকলােৰে মুখে মুখে। তেওঁৰ ভাষ্য আছিল অতি শক্তিশালী। শ্বাস-প্রশ্বাসৰ দৰেই তেওঁৰ প্ৰতিটো কথাত নিহিত হৈআছিল তাৎপর্য।কৃষ্ণাংগৰ অধিকাৰ আৰু স্বাধীনতাৰ বাবে যুঁজ কৰা মেণ্ডেলাৰ প্রধান অস্ত্র আছিল। ১৯৬৪ চনত তেওঁৰ কূটাঘাত আৰুৰাজদ্ৰোহৰ গােচৰৰ বিচাৰত আত্মপক্ষ সমর্থনত তেওঁ কৈছিল—‘মই শ্বেতাংগৰ অৱদমনৰ বিৰুদ্ধে যুঁজ দিছোঁ আৰু মই যুঁজ দিছে কৃষ্ণাংগৰ অৱনমনৰ বিৰুদ্ধে।যিখন সমাজত সকলাে লােকে মিলাপ্ৰীতি আৰু সম অধিকাৰেৰে বসবাস কৰিব পাৰে। তেনে এখন গণতান্ত্রিক আৰুমুক্ত সমাজৰ মই পােষকতা কৰিছে। এয়া এটা আদর্শ আৰু ইয়াৰ বাবেই মই জীয়াই আছোঁ আৰু ইয়াকে মইলাভ কৰিব বিচাৰোঁ। এই আদৰ্শৰ বাবে যদিহে প্রয়ােজন হয়, তেন্তেইয়াৰ বাবে মই মৰিবলৈকো সাজু।

মেণ্ডেলা দিৱস

দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰা বাবে নেলছন মেণ্ডেলাক সন্মান জনাই তেওঁৰ জন্ম দিন ১৮ জুলাই তাৰিখে প্ৰতি বছৰে আন্তৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস উদযাপন কৰি আহিছে।

You also Read

Reference

  1. Nobel Bata Bijaye Bharatiya by Bipul Kr. Dihinga
  2. Abhijit Sarma Baruah …..
  3. Something I collected from Wikipedia
  4. Deepawali.co.in

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *