July 1, 2022

Life History of Sukaphaa in Assamese | চুকাফা কোন আছিল?

Life History of Sukaphaa in Assamese

চুকাফাৰ জীৱনী Sukaphaa Biography in Assamese

চাওলুং চুকাফা  (অসম দিৱস) মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন চাওফা তথা টাই ৰাজ্য মৌঙ মাওৰ চাং বংশীয় চ্যু ফৈদৰ ৰাজকোঁৱৰ,আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। মং মাওৰ শান ৰাজকুমাৰ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত চৰাইদেউত স্থায়ীকৈ ৰাজধানী পাতে। চুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে। সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চুকফাৰ অৱদান সৰ্বস্ব। এনে কাৰণতে তেওঁৰ নামৰ আগত চাওলুং (চাও: ঈশ্বৰ, লুং: মহান) ব্যৱহাৰ হ’বলৈ ধৰে।

Life History of Sukaphaa in Assamese
ৰাজত্ব১২২৮ – ১২৬৮
অভিষেক২ ডিচেম্বৰ, ১২২৮
উত্তৰসূৰীচুতেওফা
সন্তান
চুতেওফা
সম্পূৰ্ণ নাম
চাও – লুং চ্যু-কা-ফা
বাসগৃহছ্যু ফৈদ, আহোম ৰাজবংশ
মাতৃব্লক খাম সেন
পিতৃচাও চাং নেও
সমাধিস্থলছে ৰাই দয়
ধৰ্মআহোম ধৰ্ম

জীৱনবৃত্ত Life History of Sukaphaa in Assamese

মং মাওত থকাৰ সময়

আহোমসকল মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত দক্ষিণ-পূব-এছিয়াৰ বৃহৎ জাতিৰ এটা শাখা। খ্ৰীষ্টীয় অষ্টম শতিকাৰ আৰম্ভণিতে টাই যুৱৰাজ পি-লকুৱে ছখন ক্ষুদ্ৰ ৰাজ্য জয় কৰি একত্ৰিত কৰে। ফলত টাই ৰাজ্য নানাচাও বৃহৎ সাম্ৰাজ্যত পৰিণত হয়। এই সাম্ৰাজ্যৰ পৰিধি ভাৰতৰ মগধ পৰ্যন্ত বিস্তৃত আছিল। লগতে ব্ৰহ্মদেশৰ উত্তৰ ভাগ আৰু অসমৰ কিছু অংশত এই সাম্ৰাজ্য অন্তৰ্ভুক্ত আছিল। এই সাম্ৰাজ্য কালক্ৰমত ভাগি পুনগঠিত হৈ মুঙ-ৰি-মুং-ৰামৰাজ্যত পৰিণত হয়। চীনদেশৰ য়ুন্নান প্ৰদেশৰ দক্ষিণ-পশ্চিমৰ কিছু অংশ, ওপৰৰ ব্ৰহ্মদেশ আৰু থাইলেণ্ডৰ কিছু অংশ সামৰি এই ৰাজ্য গঠিত হৈছিল। পূৰ্বতে এই ঠাই জনশূন্য আছিল। এই জনশূন্য ঠাইলৈ প্ৰব্ৰজন কৰি অহা টাই মংগোলীয়সকলৰ নায়ক আছিল খুলুং আৰু খুনলাই নামৰ দুজন ভাই-ককাই। খুনলুঙে ভায়েকক মুঙ-খু-মঙ্-য়াও নামৰ পৃথক ৰাজ্য এখন প্ৰতিষ্ঠা কৰি দি নিজে মুঙ-ৰি-মুং-ৰামৰ ৰজা হয়

খুনলাই প্ৰতিষ্ঠা কৰা মুঙ-ৰি-মুং-ৰাম ৰাজ্যৰে চাও-চাং-মুনৰ পুত্ৰ চাও-চাং-ন্যেউৱে দক্ষিণ দিশৰ ৰাজ্য মাও-লুং জয় কৰিবলৈ যুদ্ধ যাত্ৰা কৰে। কিন্তু যুদ্ধৰ বাবে প্ৰস্তুত নথকাত মাও-লুঙৰ ৰজা খুন-পাং-খামে নিজ ভনীয়েক নাং-ম’ঙব্লক-খাম-চেউক চাও-চাং-ন্যেউলৈ বিয়া দি সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। পিছত চাও-চাং-ন্যেউক মাও-লুঙৰ কৰতলীয়া ৰজা পাতি চাও-ফা (ৰজা) উপাধি দিয়ে। নাং-ম’ঙব্লক-খাম-চেউক গৰ্ভত চাও-চাং-ন্যেউৰ তিনি সন্তানৰ জন্ম হয়। ছুজৎ ফাছুখাম-ফা আৰু কনিষ্ঠ চুকাফা। চুকাফাৰ জন্মৰ আগতে মাক আহি পিতৃগৃহত আছিল বাবে পুঠায়েকৰ ঘৰতে চুকাফাৰ জন্ম হৈছিল। চুকাফাই ১৯ বছৰ কাল নিছায়েক খুন-পাং-খামৰ ঘৰত আছিল আৰু জন্মৰ পৰা চফল ডেকা বয়সলৈকে পিতৃৰ ৰাজ্যলৈ যোৱা নাছিল। ১২২০ চনত খুন-পাং-খামৰ মৃত্যু হোৱাত তেওঁৰ দুই পুত্ৰই পেহাক চাও-চাং-ন্যেউৰ ৰাজ্য অধিকাৰ কৰে। এই যুদ্ধত চুকাফাৰ ডাঙৰ ককায়েক ছুজৎ ফাক বধ কৰা হয়। পিছত মাও-লুংৰ ৰজাই চুকাফাক ম’ঙ-মিৎ-কুপ-ক্লি-নয়ৰ ৰজা নিয়োগ কৰে। এনেদৰে তলতীয়া ৰজা হিচাপে ১৮ বছৰ কাল থকাৰ পিছত এখন স্বাধীন ৰাজ্যৰ কথা ভাবি চুকাফাই গোপনে জা-যোগাৰ আৰম্ভ কৰে। এই সময়তে জুন-লুং নামৰ আন এখন ৰাজ্য জয় কৰিবৰ বাবে মাও-লুঙৰ ৰজা ছু-খান-ফাই চুকাফাক সহায় কৰিবলৈ আমন্ত্ৰণ জনালে। কিন্তু চুকাফাই সহায় নকৰাত তেওঁক বন্দী কৰিবলৈ আগবাঢ়ি আহিল। কিন্তু চুকাফাই নিজৰ মাতুল পক্ষীয় ভাইৰ লগত যুদ্ধ নকৰি ৰাজ্য ম’ঙ-মিৎ-কুপ-ক্লি-নয় পৰিত্যাগ কৰে আৰু নতুন ঠাইৰ সন্ধানত যাত্ৰা কৰে।

অসমলৈ আগমন Chukapha Arrival to Assam

চুকাফাই নতুন ৰাজ্যৰ সন্ধানত যাত্ৰা কৰাৰ সময়ত প্ৰথম অৱস্থাত সৰু ককায়েক ছু-খাম-ফাৰ নৰা ৰাজ্যত কিছুদিন আশ্ৰয় লয়। স্বৰাজ্য এৰি অহাৰ সময়ত চুকাফাই লগত ইষ্টদেৱতা চুমদেউ, মংগল চোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই, তিনিগৰাকী ৰাণী- আই মে চাও লো, নাংচেন-চুম-ফা আৰু য়িলো-কে-চি-চুম-ফা, দুজন পাত্ৰ মন্ত্ৰী, পাঁচজন কোঁৱৰ,, চাৰিজন ৰাজপুৰোহিত, দুজন বাইলুং আহিছিল। লগতে ১০৮০ সৈনিক, ৩০০ ঘোঁৰা, খাম, পেং নামৰ এটা দঁতাল হাতী আৰু এজনী মাখুন্দী হাতী। ককায়েক ছু-খাম-ফাই চুকাফাক নৰা ৰাজ্যৰ দক্ষিণ-পশ্চিম দিশে থকা দেশখন জয় কৰিবলৈ পৰামৰ্শ দিয়ে। চুকাফাই মাকৰ লগত নিছায়েকৰ ৰাজ্যত থাকোঁতেই নিছায়েকৰ পুত্ৰ কোঁৱৰ চাম-লুং-ফাই সৌমৰপীঠলৈ যুদ্ধাভিযান চলাই ১২১৫ খ্ৰীষ্টাব্দত মণিপুৰ আৰু কাছাৰৰ কিছু অংশ অধিকাৰ কৰিছিল। এই অভিযানৰ বিষয়ে চুকাফাই সকলোখিনি জানিছিল। সেয়ে তেওঁ সৌমাৰ বা মুহ-দুন-চুন-খাম জয় কৰাটোকে নিশ্চিত কৰে। সেয়ে চুকাফাই নৰা ৰাজ্যৰ পৰা হংকং উপত্যাকাৰে পাটকাই পৰ্বত পাৰ হৈ আহে

১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখে চুকাফাই সৌমাৰপীঠৰ টি-পাম (টি-ঠাই, পাম-চাপৰি)ত বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হয় আৰু ইয়াতেই তেওঁ নতুন এখন স্বাধীন ৰাষ্ট্ৰৰ সোপান ৰচনা কৰে। আহোম সকলৰ প্ৰথম ৰাজধানী খামজাং নামৰ ঠাইত পাতিছিল। আহোম গণনা অনুসৰি লাকনি তে কাও চন্দ্ৰবৰ্ষত (Lunaryear) উক্ত ঠাইত ৰাজধানী পাতিছিল। দ্বিতীয় ৰাজধানী নামৰূপত পাতিছিল আৰু দাপ ৰাও চন্দ্ৰবৰ্ষত (Lunaryear) নামৰূপ এৰিছিল। মৌঙ ক্লাঙ খ্ৰূ (অসমীয়াত অভয়পুৰত) প্ৰায় পাঁচবছৰ ৰাজধানী পাতি আছিল। তাত খুঁত চি ঙা , ৰাংমুত , তাওছা , কা ৰাও , কাপ মিত মুঠ পাঁচটা চন্দ্ৰবৰ্ষ (Lunaryear) ৰাজধানী হিচাপে থাকে। পঞ্চমখন ৰাজধানী আছিল হা-বুঙ , তাতে দাপ কাও, ৰাই-ছেও , মুঙ প্লাও আদি চন্দ্ৰবৰ্ষ (Lunaryear) ৰাজধানী হৈ থাকে। হাবুঙত বানপানীয়ে আমনি দিয়াত দিহিং নৈৰে ভটিয়াই গৈ দিখৌমুখ পায় আৰু ইয়াৰ পৰা দিখৌ নৈৰে উজাই দৰিকা আৰু নামদাং নৈ অতিক্ৰম কৰি চন্তকত উপস্থিত হয়। চন্তকত দুবছৰ থাকি পুনৰ দিখৌৰে ভটিয়াই শিমলুগুৰি পালেগৈ। ইয়াত কিছু দিন থাকি চুকাফাই কাষৰীয়া অঞ্চলবোৰ পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ লগত সহৃদয়তা স্থাপন কৰি নিজৰ ৰাজ্যৰ সীমা বহলাই নিয়ে। পিছত শিমলুগুৰিৰ পৰা অলপ দূৰত থকা পাহাৰীয়া ওখ ঠাইত ৰাজধানী পাতি থিতাপি লয়। এই ওখ ৰাজধানীখনৰ নাম দিয়ে চে-ৰাই-দয় (চে- নগৰ, ৰাই- জিলিকি থকা, দয়- পৰ্বত) অৰ্থাত পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ। পিছলৈ মুখ বাগৰি চে-ৰাই-দয় চৰাইদেউত পৰিণত হয়। অতি বীৰত্ব আৰু বিচক্ষণতাৰে চুকাফাই ৩৯ বছৰ ৪ মাহ ১৪ দিন ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্যৰ পাতনি মেলে।

তি-পাম

দৈ-কাও-ৰাং বা পাটকাই পৰ্বত পাৰ হৈ আহি সৌমাৰপীঠত ছৗ-কা-ফাই আহোম ৰাজত্বৰ প্ৰথম ৰাজকাৰ্য আৰম্ভ কৰিছিল। প্ৰথমে ছৗ-কা-ফাই তি-পামত তিনিবছৰ কটালে। তেখেতে তি-পামত খেতি কৰি ভঁৰাল বান্ধিলে।

উল্লেখযোগ্য যে সেই সময়ত এই মুলুকৰ মানুহে কেৱল আহু খেতি হে কৰিব জানিছিল। ছৗ-কা-ফাই উন্নত কৃষি পদ্ধতিৰে বিপ্লৱ সূচনা কৰিলে। এই ঠাইৰ বাসিন্দা সকলে কঠীয়া নপৰাকৈ বাম মাটিত আহু কৰিছিল। ছৗ-কা-ফাই সাপ- বেঙৰ ৰাজ্য হৈ পৰি থকা পিটনি গেৰেকণি চাফা কৰি দ মাটিত শালি খেতি কৰিলে। দ পিটনি গুচাই কৰা শালি খেতি নদন বদন হৈছিল। তাকে দেখি বাকী মানুহবোৰে তবধ মানিলে। ছৗ-কা-ফাই সূচনা কৰা এই কৃষি পদ্ধতিয়ে অৰ্থনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিলে। তাই সকলৰ এই ‘কৃষি অৰ্থনীতি’য়ে এখন ৰাজ্য প্ৰতিষ্ঠা কৰাত তাইসকলক ব্যাপকভাবে সহায় কৰিলে। কাৰণ তাইসকলৰ এই চমৎকাৰ কাৰ্যই সেই সময়ৰ খিলঞ্জীয়া মানুহখিনিক বাৰুকৈয়ে আকৃষ্ট কৰিলে আৰু কালক্ৰমত তেওঁলোকে তাই মানুহৰ ‘তলত’ কাম কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। এইবোৰৰ লগতে ছৗ-কা-ফাৰ ‘সাম্য আৰু মৈত্ৰী নীতি’য়েও বহু পৰিমাণে প্ৰভুত্ব স্বীকাৰ কৰি লোৱাত বিশেষভাৱে অৰিহণা যোগালে। বৰাহীসকলৰ বহুতেই এনেদৰে কোৱা-মেলা কৰিলে যে ” এই ৰজা প্ৰজাখন আহি আমাক ছলেৰে ৰণুৱা কৰি লোৱা স্বতেও আমাৰ বেয়া লগা নাই বৰং এইদৰে খাটি-লুটি অহা যোৱাকৈ থাকিবৰহে মন যায়। “

ছৗ-কা-ফাৰ  আগৰ অভিযানকাৰী ছাম-লুং-ফাই এই মুলুকত জয় কৰি যোৱা অঞ্চলসমূহৰ প্ৰজাসকলৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল। নগা, মৰাণ, বৰাহী,  চুতীয়া আদি প্ৰজাসকলৰ পৰা কৰ আদায় কৰিবলৈ ছাম-লুং-ফাই ইয়াত তিনিজন কৰতোলা বিষয়া পাতি থৈ গৈছিল। তেওঁলোকে নিয়মিয়াকৈ মাওছান ৰাজ্যলৈ কৰ পঠিয়াই আছিল। কিন্তু ছৗ-কা-ফা অহাত বিষয়া সকলে ছৗ-কা-ফাকে কৰ শোধাবলৈ ল’লে। ছৗ-কা-ফাই তেতিয়া তেওঁলোকক যথাযোগ্য উপাধি প্ৰদান কৰিলে। পুৰণি বিষয়াই ছৗ-কা-ফাই সহায় কৰিলত তেখেতে বিষয়া কৰ্মচাৰী নিয়োগ কৰি অসমত আহোম ৰাজত্বৰ সূচনা কৰিলে।

অভয়াপুৰ-হাবুং

তিপামত তিনি বছৰ কাল থকাৰ পাছত দিহিং নৈৰ বানপানীয়ে আমনি কৰাত ছৗ-কা-ফা অভয়াপুৰলৈ ভটিয়াই গ’ল। অভয়াপুৰত তিনি বছৰ  থাকি সুচল নাপাই শালগুৰিলৈ ভটিয়ালে। ইয়াৰ পিছতে ভটিয়ালে হাবুঙলৈ। তেতিয়া দিহিং আৰু লুইতৰ মাজৰ অঞ্চলটোৱেই আছিল হাবুং। বৰ্তমান সোৱণশিৰি আৰু লোহিত নদীৰ ঠাইখিনিয়েই হাবুং। বৰ্তমান সোৱণশিৰি আৰু লোহিত নদীৰ ঠাইখিনিয়েই হাবুং। হাবুঙত চাৰি পাচঁ বছৰ থাকি লুইতৰ বানপানীৰ অত্যাচাৰত ছৗ-কা-ফা দিখৌ নদী পালেহি। তেখেতে দিখৌ নাম দিলে খে-নাম-চাউ অৰ্থাৎ নিৰ্মল পানীৰ নৈ। সেই সময়ত দিখৌ লুইতত পৰাৰ সলনি দিহিঙতহে পৰিছিল। দিখৌৰ পাৰতো সুচল নেদেখি ছৗ-কা-ফাই দিখৌৱেদি উজাই দিলিহ নৈৰ মুখ পালেহি

দিলিহৰ ঘোদা পানী দেখি নাম থ’লে নাম-খুন অৰ্থাৎ ঘোলা পানীৰ নৈ। দিলিহৰ পৰাও উজাই গৈ নাম-দাং অৰ্থাৎ ৰঙচুৱা পানীৰ নৈৰ মুখ পালেগৈ। নাম-দাঙত ছৗ-কা-ফা নৰ’ল। কাৰণ এই ঠাইৰ আশে-পাশে অনেক জনবসতি। অচিন ঠাইত বিপদৰ সম্ভাৱনাও বেছি। তেখেতৰ নাম-দাঙেদি নগৈ পুনৰ দিখৌৱেদি উজাই গৈ ছং-টক (বৰ্তমান চণ্টক) পালেগৈ। ইয়াত ছৗ-কা-ফা চাৰি বছৰ থাকি এখন প্ৰদেশ পাতি তা-খুন লাকক শাসনকৰ্তা নিয়োগ কৰিলে। তাৰ পিছত সদলবলে শিমলুগুৰিৰ ফালে ভটিয়াই ফালে ভটিয়াই গৈ তাতে ৰৈ অঞ্চলটো কিছুদিন ধৰি পৰ্যবেক্ষণ কৰিলে।

শিমলুগুৰত থাকোঁতে ছৗ-কা-ফাই মৰাণ আৰু বৰাহী জাতিৰ মানুহক লগ পাইছিল।

চৰাইদেউ বা চে-ৰাই-দৈ

এওঁলোকৰ পৰা কোনোধৰণৰ আসৈ নাপাই শিমলুগুৰিৰ ভিতৰুৱা অঞ্চলবোৰলৈ সোমাই গৈ পৰ্যবেক্ষন কৰিলে। তাতে এটা পাহাৰ দেখি আগুৱাই গৈ পাহাৰটোত ১২৫৩ খ্ৰীষ্টাব্দত নুনি গছৰ তলত দুটা ঘোঁৰা বলি দি দেওধাই পণ্ডিতৰ হতুৱাই পূজা কৰোৱাই স্থায়ী ৰাজধানী পাতিলে। এই ৰাজধানীয়েই চৰাইদেউ অৰ্থাৎ পৰ্বতত জিলিকি থকা নগৰ। এই চৰাইদেউ বা চে-ৰাই-দৈ হৈছে আহোমৰ প্ৰথম ৰাজধানী। অসম আৰু অসমীয়া জাতিৰ প্ৰথমজন অসমীয়াই স্থাপন কৰা ইতিহাসৰ জীয়া সাক্ষী।

চুকাফাৰ অৱদান Sukafar Contribution

স্বৰ্গদেউ চুকাফাই টাইমংগোলীয় ভাষা-কৃষ্টি-সংস্কৃতিৰ লগত থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘ্টাত উৎসাহ যোগাইছিল। এই দূৰদৰ্শী বদান্যতাৰ ফলতেই টাই ভাষাৰ ঠাইত এক নতুন সমন্বয়ৰ ভাষা অসমীয়া ভাষা ৰাজকীয় ভাষা হৈ পৰিছিল। চুকাফাৰ আন এক বৃহৎ অৱদান হ’ল বুৰঞ্জী ৰচনা। স্বৰ্গদেউ চুকাফাই তেওঁৰ যাত্ৰা-পথত হোৱা সকলো ঘ্টনা আৰু দেউধাই-মহন-বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাৰ পৰাই অসম বুৰঞ্জীৰ আৰম্ভণি বুলিব পাৰি। তেওঁ সমসাময়িক অসমত বসবাস কৰা আৰু ৰাজ্য শাসন কৰা মৰাণ, বৰাহী, কছাৰী, নগা, চুতীয়া আদি সকলো জাতি-জনগোষ্ঠীকে একত্ৰিত কৰি পৰস্পৰৰ মাজত বিবাহ আৰু খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিছিল। লগতে বিভিন্ন উপাধি প্ৰদান কৰি সকলো প্ৰজাকে ৰাজ্যশাসনত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰি দিছিল। যাৰ ফলত অসমত শইকীয়া, বৰা, হাজৰিকা, বৰুৱা, ফুকন আদি নানান উপাধিৰ সৃষ্টি হৈছিল আৰু বামুণ, কলিতা, লালুং, কোচ সকলোৱে এই উপাধি লাভ কৰিছিল। সাতৰাজ মাৰি একৰাজ কৰা চাওলুং চুকাফাই হ’ল যথাৰ্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক।

মৃত্যু

১২৬৮ চনত চুকাফাৰ মৃত্যু হয়।

চুকাফা দিৱস অসম দিৱস Asom Divas in Assamese

প্ৰধান প্ৰবন্ধ: অসম দিৱস

বৰ-অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘অসম দিৱস’ বা ‘চুকাফা দিৱস’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি হয়।

References

  1. I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published.