April 25, 2024

Har Gobind Khorana Biography in Assamese। ড° হৰগােবিন্দ খােৰাণাৰ জীৱনী

Har Gobind Khorana Biography in Assamese

ড° হৰগােবিন্দ খােৰাণাৰ জীৱনী Har Gobind Khorana Biography in Assamese

পৰাধীন ভাৰতবৰ্ষৰ তেতিয়াৰ পঞ্জাৱৰ এখন ভিতৰুৱা গাঁৱত ১৯২২ চনত বিখ্যাত বিজ্ঞানী হৰগােবিন্দ খােৰাণাৰ জন্ম হৈছিল। তেওঁৰ জন্মভূমি ৰায়পুৰ নামৰ গাঁওখন এতিয়া পাকিস্তানৰ অন্তৰ্গত। ভাৰতবৰ্ষত তেওঁ জন্মগ্রহণ কৰিলেও পিছৰ কালত তেওঁ যুক্তৰাষ্ট্রৰ নাগৰিক হয়।

এটি অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্রহণ কৰা হৰগােবিন্দ খােৰাণাৰ পিতৃৰ নাম আছিল গণপত ৰায় আৰু মাতৃৰ নাম আছিল কৃষ্ণা দেৱী। চাৰিটি সন্তানৰ কনিষ্ঠ সন্তান হৰগােবিন্দই স্থানীয় প্রাথমিক বিদ্যালয় এখনতে শিক্ষা জীৱনৰ পাতনি মেলে। ভাৰতবৰ্ষত শাসন কৰি থকা ব্রিটিছ চৰকাৰৰ এজন পাটোৱাৰী হিচাপে কাম কৰা তেওঁৰ পিতৃ আছিল এগৰাকী শিক্ষিত ব্যক্তি। তেওঁ কেউটা সন্তানকে ভালদৰে পঢ়া-শুনা কৰাই উচ্চশিক্ষিত কৰাৰ সপােন দেখিছিল।

সৰুৰ পৰাই অতি মেধাসম্পন্ন হৰগােবিন্দই প্রাথমিক শিক্ষা সাং কৰি ড° হৰগােবিন্দ খােৰাণা

পৰাধীন ভাৰতবৰ্ষৰ তেতিয়াৰ পঞ্জাৱৰ এখন ভিতৰুৱা গাঁৱত ১৯২২ চনত বিখ্যাত বিজ্ঞানী হৰগােবিন্দ খােৰাণাৰ জন্ম হৈছিল। তেওঁৰ জন্মভূমি ৰায়পুৰ নামৰ গাঁওখন এতিয়া পাকিস্তানৰ অন্তৰ্গত। ভাৰতবৰ্ষত তেওঁ জন্মগ্রহণ কৰিলেও পিছৰ কালত তেওঁ যুক্তৰাষ্ট্রৰ নাগৰিক হয়।

এটি অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্রহণ কৰা হৰগােবিন্দ খােৰাণাৰ পিতৃৰ নাম আছিল গণপত ৰায় আৰু মাতৃৰ নাম আছিল কৃষ্ণা দেৱী। চাৰিটি সন্তানৰ কনিষ্ঠ সন্তান হৰগােবিন্দই স্থানীয় প্রাথমিক বিদ্যালয় এখনতে শিক্ষা জীৱনৰ পাতনি মেলে। ভাৰতবৰ্ষত শাসন কৰি থকা ব্রিটিছ চৰকাৰৰ এজন পাটোৱাৰী হিচাপে কাম কৰা তেওঁৰ পিতৃ আছিল এগৰাকী শিক্ষিত ব্যক্তি। তেওঁ কেউটা সন্তানকে ভালদৰে পঢ়া-শুনা কৰাই উচ্চশিক্ষিত কৰাৰ সপােন দেখিছিল।

সৰুৰ পৰাই অতি মেধাসম্পন্ন হৰগােবিন্দই প্রাথমিক শিক্ষা সাং কৰি হাইস্কুলীয়া শিক্ষা জীৱন আৰম্ভ কৰে পশ্চিম পঞ্জাৱৰ মূলতান চহৰত থকা ডি এ ভি স্কুলত। সেই স্কুলৰ বিজ্ঞান শিক্ষক ৰতনলালৰ অনুপ্ৰেৰণাই গােবিন্দ আপ্লুত কৰিছিল। যাৰ বাবে তেওঁৰ হাইস্কুলীয়া জীৱনৰ পৰাই বিজ্ঞানৰ প্রতি ধাউতি বাঢ়ি গৈছিল। হাইস্কুলীয়া শিক্ষা সুখ্যাতিৰে সাং কৰি তেওঁ উচ্চশিক্ষাৰ বাবে লাহােৰৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ ৰাওনা হয়।

ৰসায়ণ বিজ্ঞান বিভাগত ১৯৪৩ চনত স্নাতক ডিগ্রী লৈ সেই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ ১৯৪৫ চনত সেইবিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লয়। ৰসায়ণ বিজ্ঞানত গৱেষণাৰ বাবে মন মেলা হৰগােবিন্দই অৱশেষত বিদেশলৈ অধ্যয়নৰ বাবে যায়। বিশেষকৈ ব্রিটিছ চৰকাৰে তেওঁক বিদেশত গৱেষণাৰ বাবে এটা জলপানি দিয়াৰ ব্যৱস্থা কৰি দিছিল। সেই জলপানি লাভ কৰিয়েই তেওঁ ব্রিটেইনৰ লিভাৰপুল বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে নামভর্তি কৰে। ১৯৪৮ চনত তেওঁ সেই বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়ণ বিজ্ঞানত ডক্টৰেট ডিগ্রী লাভ কৰি স্বদেশলৈ উভতি আহে।

স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষৰনৱগঠিত ভাৰত চৰকাৰে তেওঁৰ অনুৰােধ মর্মে তেওঁক আৰু এটা জলপানি দি পুনৰ বিদেশত গৱেষণাৰ বাবে অনুপ্ৰেৰণা যােগায়। সেইবাৰ তেওঁ ছুইজাৰলেণ্ডৰ জুৰিখত থকা গৱেষণা প্রতিষ্ঠান ইউগেনছিক টেকনিক হকছুলত গৱেষণা কৰিবলৈ ৰাওনা হ’ল। বিখ্যাত ৰসায়ণ বিজ্ঞানী ভাদিমিৰ প্ৰেল’গৰ অধীনত প্রায় এবছৰদিন গৱেষণা কৰি পুনৰ ভাৰতবৰ্ষলৈ উভতি আহে।

ড° হৰগােবিন্দ খােৰাণাই অধ্যাপনা কৰাৰ সময়ত এটা শ্ৰেণীকোঠাত

ড° হৰগােবিন্দ খােৰাণা গৱেষণাগাৰত গৱেষণা কৰি থকা সময়ত

ৰসায়ণ বিজ্ঞান বিভাগত ডক্টৰেট ডিগ্রী লাভ কৰিও স্বদেশত চাকৰি বিচাৰি নাপাই তেওঁ পুনৰ বিলাতলৈ যাত্ৰা কৰে। সেইসময়তে তেওঁ বিখ্যাত কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰা নাফেল্ড ফেল’শিপ’ নামৰ এটা বৃত্তি লাভ কৰি গৱেষক ছাত্র হিচাপে কাম কৰে। গৱেষক ছাত্ৰ হৈ থকা কালত তেওঁ ছাৰ আলেকজেণ্ডাৰ টডৰ অধীনত গৱেষণা কৰিবলৈ সুবিধা পাইছিল। প্রায় দুবছৰ কাল তেওঁৰ অধীনত ‘

নিউক্লিক এচিডৰ ওপৰত গৱেষণা কৰিছিল। গৱেষক ছাত্র হৈথকা কালতে তেওঁ বিদেশৰে এলিজাবেথ নামৰ এগৰাকী গাভৰুক বিয়া কৰাইতাতে স্থায়ীভাৱে থাকিবলৈ লয়। পিছলৈ তেওঁ আমেৰিকাৰ নাগৰিকত্ব গ্রহণ কৰিছিল। বিবাহৰ পাছতে তেওঁ ১৯৫২ চনত ব্রিটিছ কলম্বিয়াস্থিত ভেংকুভাৰ বিশ্ববিদ্যালয়ত জৈৱ-ৰসায়ণ বিভাগত মুৰব্বী হিচাপে নিযুক্তি লাভ কৰে। সেই বিশ্ববিদ্যালয়ত উক্ত বিষয়ৰ ওপৰত সঞ্চালক হিচাপে থকা সময়তে নিউক্লিঅ’টাইডৰ গৱেষণা কৰে।

সেইবিশ্ববিদ্যালয়ত মুৰব্বী হৈ থকা কালতে ১৯৬০ চনত আমেৰিকাৰ উইছকছি বিশ্ববিদ্যালয়ত জৈৱ-ৰসায়ণ বিভাগৰ সহযােগী সঞ্চালক হিচাপে

ড° নিৰেনবাৰ্গ আৰু ড° হলিৰ লগত ড° হৰগােবিন্দ খােৰাণা

যােগদান কৰে। তাৰ পাছত তেওঁ সেই বিভাগত মুৰব্বী অধ্যাপক হিচাপে যােগদান কৰে। অধ্যাপনা কৰি থকা সময়তে তেওঁ জীৱ কোষৰ নিউক্লিয়াছত থকা ক্ৰমজমৰ ডি এন এক বিশেষ এনজাইম ব্যৱহাৰ কৰি খণ্ড খণ্ডকৈ কাটিব পাৰি বুলি তেওঁ গৱেষণাত ধৰা পেলায়। সেই এনজাইমৰ নাম নিউক্লিয়েজ। বিশেষকৈ জিনৰ ওপৰত গৱেষণা কৰি তেওঁ পৰীক্ষানলীতে জিন তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল।

তেওঁ ১৯৬৮ চনত ‘জিন’ৰ ওপৰত গৱেষণা কৰি প্ৰায় তিনিশৰাে অধিক গৱেষণাপত্র লিখি প্ৰকাশ কৰিছিল। তেওঁৰ সেই সফল পৰীক্ষাৰ বাবে ১৯৬৮ চনত ন’বেল বঁটা প্ৰদান কৰে। তেওঁ ড° নিৰেনবাৰ্গ আৰু ড° হলিৰ সৈতে যুটীয়াভাৱে ৰসায়ণ বিভাগত ন’বেল বঁটা লাভ কৰিছিল।

ভাৰত চৰকাৰে তেওঁক ১৯৬৯ চনত ‘পদ্মভূষণ’ উপাধি প্রদান কৰে। তাৰ পাছতে তেওঁ ১৯৭০ চনত মাছুছেটছ ইনষ্টিটিউট অৱ টেকন’ল’জিত ৰসায়ণ বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ অধ্যাপক হিচাপে যােগদান কৰে।

অধ্যাপনা কৰি থকা কালতে তেওঁ সদায়ে জীৱৰ ‘ডি এন এ বিষয়ত গৱেষণা কৰি আহিছিল। গৱেষণা কালত তেওঁ জিনক পৰীক্ষাগাৰত প্রস্তুত কৰিবলৈ সক্ষম হৈছিল। তেওঁ ২৪ গৰাকী সহযােগী গৱেষকক গৈ প্রায়ন বছৰ কাল জিনৰ ওপৰত গৱেষণা কৰি জিন প্রস্তুত কৰি ২০৭ টা জিনক একত্র কৰিবলৈ সক্ষম হৈছিল। যিবােৰ কার্যক্ষম। সেই কৃত্রিম জিন প্রাকৃতিক, ই কলাৰ দেহত

সংস্থাপন কৰি কার্যক্ষম কৰি তুলিছিল। সেই পৰীক্ষা বর্তমানেও হৈ আছে যদিও সেই কৃত্রিম জিন পৰীক্ষাগাৰৰ পৰা বহিঃ বিশ্বলৈ উলিয়াই অনা নাই। এনে হ’লে মানুহৰ শৰীৰৰ বিকৃত জিন সলাই চিকিৎসা পদ্ধতিৰ দ্বাৰা কৃত্রিম জিন লগাই দিব পৰা যাব। এনে হ’লে বহু ৰােগৰ পৰা পৰিত্ৰাণ পাব মানুহ।

জৈৱ ৰসায়ণবিদ গােবিন্দ খােৰাণাইভাৰতবৰ্ষত চাকৰি বিচাৰি হাবাথুৰি খাব লগা হৈছিল। কিন্তু তেওঁ বিদেশলৈ গৈ জৈৱ ৰসায়ণ বিজ্ঞান বিষয়ত গৱেষণা কৰি বিশ্বৰ আগশাৰীৰ বিজ্ঞানী হিচাপে পৰিচিত হৈ পৰে। মানুহৰ দেহৰ নিউক্লিয়টাইডৰ ওপৰত বিশেষভাৱে গৱেষণা কৰি সেই বিষয়ত বহুকেইটা তত্ত্ব আৱিষ্কাৰ কৰি সমগ্র বিশ্বতে জৈৱ ৰসায়ণত খলকনিৰ সৃষ্টি কৰিছিল। ‘ডি এন এ’ আৰু আৰ এন এ’ৰ ওপৰত বহু তত্ত্ব আৱিষ্কাৰ হােৱাৰ পাছতাে তেওঁ সেইনিউক্লিঅ’টাইডৰ ওপৰত গৱেষণা কৰি আৰু অধিক তথ্য উদঘাটন কৰিছিল। কর্নেল বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত হৈ থকা কালত ড° ৰবার্ট ডব্লিউ হলি, ড° নিৰেণবার্গৰ লগত ড° হৰগােবিন্দ খােৰাণাই একেলগে জিনৰ ওপৰত গৱেষণা কৰিবলৈ লয়। সেই গৱেষণাত জিন সংশ্লেষণ কৰি তাৰ পৰা ‘টাইৰছিন’ নামৰ এবিধ এমিন’ এচিডৰ সংকেতিকা বহন কৰা আৰ এন এ আৱিষ্কাৰ কৰে। তেওঁলােক তিনিজন গৱেষকে গৱেষণা পত্র প্রস্তুত কৰি ‘জেনেটিক কড’ৰ ব্যাখ্যা আগবঢ়ায়। এই গৱেষণাৰ বাবেই তেওঁলােক

তিনিওজনকে ৰসায়ণ বিজ্ঞান বিভাগত ১৯৬৮ চনত ন’বেল বঁটা আগবঢ়ায়।

উল্লেখ্য যে তেওঁ বিদেশত গৱেষণা কৰি ভাৰতলৈ ঘূৰি অহাৰ পাছত জন্মস্থানতে থাকি চাকৰি কৰাৰ কথা ভাবিছিল। সেই কথা ভাবিয়েই ডক্টৰেট হৰগােবিন্দই স্বদেশত চাকৰি বিচৰাত লাগে। প্রথমাৱস্থাত কলেজ, বিশ্ববিদ্যালয়ত অধ্যাপকৰ চাকৰি বিচাৰি বিভিন্ন ঠাইত আবেদন কৰিছিল। বহুদিন সেইদৰেই সময় অতিবাহিত কৰি চাকৰি বিচাৰিয়েই থাকিল। কিন্তু কোনাে ধৰণৰ ফলাফল লাভনকৰাত তেওঁ চাকৰি বিচাৰি বিদেশলৈ যাবলৈ ঠিৰাং কৰিলে। সেইসময়তে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁলৈ এখন পত্ৰ আহিল। তেওঁ প্রথমে সেই বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে তেওঁক নির্বাচিত কৰিছে বুলি ভাবিছিল যদিও পত্ৰখন পঢ়ি দেখে যে সেই বিশ্ববিদ্যালয়ত তেওঁতকৈও মেধাসম্পন্ন অন্য এগৰাকী প্রার্থীক নির্বাচিত কৰা হৈছে। তেওঁ কথাটো গম পাই ১৯৪৯ চনত বিদেশলৈ ৰাওনা হল।

ড° হৰগােবিন্দ খােৰাণাইসদায়ে বিশ্বাস কৰিছিল যে বিজ্ঞান চর্চাইসমাজৰ অগ্রগতি আনে। সেয়েহেবিজ্ঞান চর্চা অবিহনে সভ্যতা অটুটনাথাকে। সেইগৰাকী মহান বিজ্ঞানী ভাৰতীয় বংশােদ্ভৱ আৰু আমেৰিকাৰ নাগৰিক আছিল। ২০১১ চনৰ ৯ নৱেম্বৰত আমেৰিকাৰ কনকর্ড মাছছুছেটছত সেই গৰাকী ভাৰতীয় বংশােদ্ভৱৰ প্রায় ৯০ বছৰ বয়সত হৃদৰােগত আক্ৰান্ত হৈ মৃত্যু ঘটে।

You also Read

References

  1. Rosona Bichitra by Dhormo Shing Deka
  2. Nobel Bata Bijaye Bharatiya by Bipul Kr. Dihinga
  3. Abhijit Sarma Baruah …..
  4. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *