July 25, 2024

Freedom Fighter Pitambar Deva Goswami Biography in Assamese | পীতাম্বৰ দেৱগোস্বামীৰ জীৱনী

Pitambar Deva Goswami Biography in Assamese

পীতাম্বৰ দেৱগোস্বামীৰ জীৱনী Pitambar Deva Goswami Biography in Assamese

সাধক পুৰুষ পীতাম্বৰ দেৱগােস্বামী আছিল সমাজ সংস্কাৰক, সাহিত্যিক, প্রাচ্যতত্ত্ববিদ, মুক্তিযুঁজাৰু আৰু ৰাজনীতিক। ইচ্ছা কৰিলে তেওঁ প্ৰাক্ স্বাধীনতা আৰু স্বাধীনতাৰ পাছৰছােৱা সময়ৰ অসমৰ এগৰাকী দিকদৰ্ক ৰাজনীতিক হিচাপে চিহ্নিত হ’ব পাৰিলেহেঁতেন। কিন্তু বিষয়বাবৰ প্রতি কোনাে ধৰণৰ আগ্রহ নথকা এইগৰাকী কৰ্মীপুৰুষে ক্ষমতাৰ মােহ ত্যাগ কৰি সমাজৰ উন্নয়নৰ স্বাৰ্থত মাথোঁ পৰিশ্ৰমহে কৰিলে। অসমৰ ভৌগােলিক পৰিমণ্ডলৰ পৰা বিচ্ছিন্ন মাজুলীৰ দৰে অতি অনুন্নত ঠাইত ঊনবিংশ শতিকাত জন্মগ্রহণ কৰিও সীমিত সা-সুবিধাৰ মাজতে আজীৱন পৰিশ্ৰম কৰি সেই ঠাইখন শিক্ষা, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত উন্নত ঠাইৰূপে গঢ়ি তুলিবলৈ দেৱগােস্বামীয়ে আপ্রাণ চেষ্টা চলাইছিল আৰু বহু পৰিমাণে সফলতাও লাভ কৰিছিল।

Born10 June 1885
Sri Sri Garamur Satra, Majuli
Died20 October 1962 (aged 77)
ReligionHinduism
PhilosophyHumanity
HonorsSatradhikar (chief) of Vaishnavite monastery Garamur Satra of Majuli

বিভিন্ন জাতি-জনজাতিৰ সংমিশ্ৰণত গঢ় লৈ উঠা মাজুলীৰ সমাজখন আছিল চূড়ান্ত ধর্ম বিশ্বাসী আৰু কুসংস্কাৰেৰে পূৰ্ণ। ঊনবিংশ শতিকাৰ আৰম্ভণিতে অহা ইংৰাজ চিকিৎসক জন পীটাৰ ৱেডে তেওঁৰ Account’ত উল্লেখ কৰিছে যে, সেই সময়ৰ মাজুলীৰ সমাজ ব্যৱস্থা আছিল সম্পূর্ণ মধ্যযুগীয়া। সকলাে লােকেই আছিল চূড়ান্ত ধর্মান্ধ। বাহিৰৰ মানুহ বা পৃথিৱীখনৰ প্রতি তেওঁলােকৰ কোনাে ধৰণৰ কৌতূহল নাছিল। জনজাতীয় সমাজ আছিল মদ, কানি আৰু অন্যান্য নিচাত আক্রান্ত। এনে এক পৰিৱেশতে ১০ জুন, ১৮৮৫ চনত গড়মূৰ সত্ৰত জন্ম হৈছিল পীতাম্বৰ দেৱগােস্বামীৰ। পিতৃ চিত্ৰচন্দ্ৰ দেৱগােস্বামী আৰু মাতৃ দুর্গেশ্বৰী। ঘৰতে থাকি সংগীত শিক্ষা গ্রহণ কৰা আৰু ধর্মগ্রন্থ পঢ়িবলৈ শিকা পীতাম্বৰদেৱে বিদ্যালয়ত আধুনিক শিক্ষাৰ পােহৰ পােৱা নাছিল। অৱশ্যে সৰুৰে পৰা তেওঁ বাহিৰৰ সমাজখনৰ ধ্যান-ধাৰণাৰ স’তে পৰিচিত হৈছিল, যাৰ বাবে ১৯০৭ চনত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হােৱাৰ পাছৰে পৰা সমাজ সংস্কাৰ আৰু স্বাধীনতা আন্দোলনৰ কথা প্রচাৰ কৰিব লৈছিল।

তেওঁ সমাজৰ কুসংস্কাৰ গুচাবলৈ আধুনিক শিক্ষা ব্যৱস্থাৰ পােষকতা কৰিছিল আৰু সেইবাবে অন্ধবিশ্বাস বা বর্ণ বিদ্বেষ নিমূলকৰণৰ স’তে স্বাধীনতা আন্দোলনক সম্পৃক্ত কৰি পেলাইছিল। তেওঁৰ বিশ্বাস আছিল— বাল্য বিবাহ, অস্পৃশ্যতা, বর্ণবিদ্বেষ, ধর্মশাস্ত্রীয় নিষেধাজ্ঞা আদি নিঃশেষ নকৰিলে অথবা সাধাৰণ প্ৰজাৰ মাজত শিক্ষা বিস্তাৰ, বিধৱা বিবাহ আদি প্রচলন নকৰিলে হিন্দু সমাজ ঐক্যবদ্ধ হ’ব নােৱাৰে আৰু দেশেও স্বাধীনতা লাভৰ যােগ্যতা অর্জন কৰিব নােৱাৰে।

গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰৰ আসনত উপবিষ্ট হৈয়েই তেওঁ জনজীৱনত সত্ৰৰ প্রভুত্ব হ্রাস কৰি, ইয়াক শৃংখলাবদ্ধ আৰু সঠিকভাৱেহে ব্যৱহাৰ কৰিব বিচাৰিছিল। তেওঁ জন্মগতভাৱে লাভ কৰা প্রভুত্ব, মান-মর্যাদা, ৰক্ষণশীলতা আদি ত্যাগ কৰি সাধাৰণ ৰাইজৰ মাজৰে এজন হােৱাৰ মনােভাৱেৰে পুৰুষানুক্রমে ব্যৱহাৰ কৰি অহা ‘খাটোলা’ পৰিত্যাগ কৰি ১৯২১ৰ পৰা মটৰ গাড়ীৰে ফুৰিব লৈছিল আৰু তেওঁৰ ওচৰত যাতে বিনাদ্বিধাই সকলাে লােক আহি বহিব পাৰে, তাৰ ব্যৱস্থা কৰিছিল। শিষ্যসকলৰ পৰা বাধ্যতামূলকভাৱে লােৱা কৰ-কাটলৰ ব্যৱস্থাও ঢিলাই দিয়াৰ লগতে ভকতসকলক সফল গৃহস্থী জীৱন-যাপন কৰিবলৈ অনুপ্ৰেৰণা যােগাইছিল। আভিজাত্যৰ ঠেক গণ্ডীৰ পৰা তেওঁ বহল জনজীৱনলৈ ওলাই আহিছিল আৰু সকলােৰে অভাৱ-অনাটন, দুখ-বেদনাৰ বুজ লৈছিল। তেওঁ মাজুলীৰ প্ৰতিখন ঠাই ভ্রমণ কৰি মানুহবােৰক ৰক্ষণশীলতা ত্যাগ কৰি বহল জনসমাজলৈ ওলাই আহিবলৈ পৰামর্শ দিয়াৰ লগতে, ১৯১৯ত ‘সাদিনীয়া অসমীয়া’ কাকতত এলানি প্রবন্ধ লিখি বিভিন্ন প্ৰান্তৰৰ সত্ৰাধিকাৰ-ধর্মগুৰুসকলক তেওঁলােকৰ দায়িত্ব আৰু কর্তব্য সম্পর্কে সোঁৱৰাই দিছিল। Pitambar Deva Goswami Biography in Assamese.

মানুহক অজ্ঞতা শিকাই নিচাজাতীয় দ্রব্যই। যি লােকে নিচা সেৱন কৰে, তেওঁ কেতিয়াও শিক্ষাৰ পােহৰ অভিমুখে আগবাঢ়িব নােৱাৰে বুলি তেতিয়াৰ অসম উপত্যকাৰ আয়ুক্ত পি.আৰ.গর্ডনক সাক্ষাৎ কৰি কানি বৰবিহক অসমৰ পৰা

উচ্ছেদ কৰিবলৈ দাবী জনায় দেৱগােস্বামীয়ে। কিন্তু চৰকাৰে কোনাে ব্যৱস্থা নােলােৱাত তেওঁ নিজে কানি বৰবিহৰ বিৰুদ্ধে আন্দোলনত নামে আৰু বিভিন্ন ঠাই ভ্ৰমণ কৰি, সভা-সমিতি পাতি কানিৰ অপকাৰিতা সম্পর্কে মানুহক বুজাবলৈ ধৰে। তেওঁৰ যুক্তপূর্ণ বক্তব্য শুনি তেতিয়া বহু লােকে কানি বৰবিহ ত্যাগ কৰে।

চিৰকুমাৰ দেৱগােস্বামীয়ে ১৯২৩ৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে আৰু বিধৱা বিবাহৰ সপক্ষে এক জনজাগৰণ সৃষ্টিৰ বাবে বিভিন্ন ঠাইত সভা-সমিতি অনুষ্ঠিত কৰি ফুৰিছিল। বিধৱা বিবাহৰ সপক্ষে তেওঁ যুক্তি প্রদর্শন কৰি আনকি বাতৰি কাকততাে বহু প্রবন্ধ লিখিছিল। অবিবাহিত ভক্তসকলক বিবাহিত জীৱনৰ সপক্ষে বুজাই তিৰােতাক উচিত সন্মান কৰিবলৈ শিকোৱা এইজনা ব্যক্তিয়ে ১৯৫০ চনত গড়মূৰ সত্ৰৰ বংশীগােপাল নাট্যমন্দিৰত ৰাস উৎসৱ আৰম্ভ কৰি নিজে লিখি উলিওৱা শ্ৰীকৃষ্ণৰ ৰাসলীলা’ নাটকত ছােৱালীকো অংশগ্রহণ কৰিবলৈ অনুপ্রাণিত কৰে। আনকি কৈবর্ত, মিচিং আদি ছােৱালীকো আনি ৰাসলীলা, থিয়েটাৰত অংশ ল’বলৈ পৰামর্শ দিয়ে। তেতিয়াৰে পৰাই সকলাে জনগােষ্ঠীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশ লৈ এটা বহল অসমীয়া সমাজ গঠনৰ বাবে আগবাঢ়ি আহে। মহিলাক উৎকৃষ্টভাৱে শিক্ষিত কৰি ঘৰৰ ঠেক গণ্ডীৰ পৰা ওলাবলৈ বিভিন্ন ধৰণে অনুপ্রাণিত কৰা এইজনা ব্যক্তি আজিৰ আধুনিক মনৰ ব্যক্তিতকৈও অধিক ‘আধুনিক’ আছিল। সকলােৰে প্রতি সহানুভূতিশীল এইজনা ব্যক্তিয়ে ‘অসম কৈবর্ত সন্মিলনৰ (১৯৩০) গােলাঘাট অধিৱেশনত আৰু ‘মিচিং সন্মিলন’ (১৯২৩)ৰ সভাত সভাপতিত্ব কৰিছিল।

জনজাতিসকল অসমীয়া সমাজৰ প্রধান অংগ আৰু এওঁলােকক শিক্ষিত কৰিব নােৱাৰিলে অসমীয়া সমাজ সদায় অন্ধকাৰতেই থাকিব বুলি বিশ্বাস কৰা পীতাম্বৰ দেৱগােস্বামীয়ে ১৯৪৬ চনত কাৰ্বি আংলঙলৈ যাত্ৰা কৰিলে। প্রতিদিনে ১০/১১ মাইলকৈ পাহাৰীয়া পথত খােজকাঢ়ি তেওঁ কাৰ্বি আংলঙৰ জনজাতীয় সমাজৰ পৰা কু-সংস্কাৰ, নিচা জাতীয় দ্রব্য সেৱন আদি ৰােধ কৰিবৰ বাবে সভাসমিতি পাতি জনজাগৰণ আনিবৰ বাবে চেষ্টা কৰিলে। প্রায় দুবছৰ ধৰি তেওঁ সেই কামত লাগি ২০ খনতকৈও অধিক বিদ্যালয় স্থাপন কৰে। সেইদৰে নগাঁও জিলাৰ তিৱাসকলৰ মাজতাে ব্যাপক জাগৰণ গঢ়ি তােলাৰ বাবে চেষ্টা চলায়। অৱশ্যে অর্থসংকটৰ বাবে তেওঁ বহু কাম আধৰুৱাকৈয়ে ৰাখিবৰ বাবে বাধ্য হৈছিল। মাথোঁ অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ মাজতেই নহয়, চাহ জনগােষ্ঠীৰ মাজতাে শিক্ষা আৰু সংস্কৃতিৰ আলােক লৈ এইজন ব্যক্তি সােমাই পৰিছিল।

এখন সমাজৰ প্ৰগতিৰ বাবে প্রয়ােজনীয় বেংকিং ব্যৱস্থা আৰু পঞ্চায়তীৰাজৰ আৰম্ভণি পীতাম্বৰদেৱে কৰিছিল স্বাধীনতাৰ বহু আগতেই। দৰিদ্ৰ লােকসকলে যাতে উচিত মূল্যত ক্রয়-বিক্রয়ৰ সুবিধা পাব পাৰে, কম সুদত ঋণ লৈ উপকৃত হ’ব পাৰে, সেই উদ্দেশ্য সন্মুখত ৰাখিয়েই তেওঁ ১৯১৭ত ‘মাজুলী কো-অপাৰেটিভ বেংক এণ্ড পার্চেজ চেল ছ’চাইটি’ নামে এক সমবায় কেন্দ্র গঢ়ি তুলি তাৰ প্রধান কার্যালয় গড়মূৰ সত্ৰত ৰাখি বিভিন্ন অঞ্চলত কেবাটাও শাখা খােলে। মাজুলীৰ মধ্যযুগীয় যাতায়াত ব্যৱস্থাৰ উন্নতিৰ বাবে ৰাস্তা-পথ, মথাউৰি আদি নির্মাণৰ বাবে ৰাইজক, ছাত্র-ছাত্রীক অনুপ্রাণিত কৰি নিজে দা-কোৰ লৈ কামত নামি গৈছিল। এনেদৰে মাজুলীত অলেখ ৰাস্তা-ঘাট, মথাউৰি বন্ধাই এই কাম লখিমপুৰ আৰু শিৱসাগৰলৈকো বিস্তৃত কৰিছিল। লখিমপুৰৰ ৰঙানদী আৰু শিৱসাগৰৰ দিখৌ নদীত দেৱগােস্বামীয়ে নেতৃত্ব লৈ মথাউৰি বন্ধোৱা কামৰ বিষয়ে ৩০ৰ দশকৰ অসমৰ বিভিন্ন বাতৰি কাকতে ভূয়সী প্রশংসা কৰিছিল। গাঁৱৰ মানুহে অর্থনৈতিকভাৱে সমৃদ্ধ হ’বলৈ যাতে মাথোঁ পুৰাতন কৃষি কর্মতে লাগি নাথাকে, তাৰ বাবে পলু পােহা, পাটসূতা উৎপাদন কৰা, মাছ পােহা, শাক-পাচলিৰ খেতি কৰা আৰু এনে সামগ্ৰীৰ ব্যৱসায় আদি কৰিবলৈ ৰাইজক অনুপ্ৰেৰণা দিছিল আৰু নিজেও তেনে ধৰণৰ কামত লাগি গৈছিল।

স্বাধীনতা আন্দোলনৰ অন্যতম বিপ্লৱী দেৱগােস্বামীয়ে ১৯২৬ত পাণ্ডুত বহা কংগ্ৰেছৰ মহাসভাত যােগদান কৰি গান্ধীজীক সাক্ষাৎ কৰিছিল। কংগ্রেছ অধিৱেশনৰ সেই সভাথলীতে অনুষ্ঠিত হৈছিল সর্বভাৰতীয় হিন্দু মহাসভাৰ অধিৱেশন, য’ত গােস্বামীদেৱে আদৰণি সমিতিৰ সভাপতি হিচাপে দায়িত্ব লৈছিল। তদুপৰি অসমীয়া জাতি, ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গঢ় দিয়া ‘অসম সংৰক্ষণী সভা’ৰাে উদ্বোধন কৰা হৈছিল কংগ্ৰেছৰ সভামণ্ডপতে; য’ত সভাপতি আছিল পীতাম্বৰ মহাপ্রভু। পাছলৈ এই সভাক বৃহৎ অনুষ্ঠানৰূপে ‘অসম জাতীয় মহাসভা’ (১৯৩৬ চন) নামেৰে গঢ় দিয়া হৈছিল।

অসমৰ পৰা বিচ্ছিন্ন ভূখণ্ড মাজুলীত কংগ্ৰেছৰ যি তীব্র আন্দোলন গঢ়ি উঠিছিল, তাৰ অন্যতম হােতা আছিল পীতাম্বৰদেৱ। খদ্দৰৰ কাপােৰ ব্যৱহাৰ, বিদেশী বস্তু বর্জন, স্বাৱলম্বীতা, গান্ধীজীৰ আদৰ্শ আদিৰ শিক্ষা তেওঁৰ পৰাই পাইছিল মাজুলীবাসীয়ে। যুগ যুগ ধৰি অশিক্ষা, কু-সংস্কাৰ, জাতি বৈষম্য আৰু দৰিদ্ৰতাত ভােগা সমাজ এখনক নতুন আলােকেৰে আলােকিত কৰি অসম তথা

ভাৰতৰ সামগ্রিক সমাজখনৰ স’তে আগবাঢ়িবলৈ বাট দেখুওৱাটো দেৱগােস্বামীৰ দৰে উদাৰ আৰু পৰিশ্ৰমী লােকৰ পক্ষেহে সম্ভৱ। এই বিষয়ত জনসাধাৰণৰ পুৰণিকলীয়া মগজু ধুবলৈ তেওঁ নিজেই সকলোে কামেৰে আদৰ্শ দেখুৱাইছিল। কথা আৰু কামৰ মাজত সম্পূর্ণ সামঞ্জস্য ৰক্ষা কৰা পীতাম্বৰদেৱে ‘৪২ৰ গণ আন্দোলনত প্রদেশ কংগ্ৰেছ কমিটীৰ গুৰি ধৰি ইংৰাজ চৰকাৰৰ ৰােষত পৰি প্রথমতে গৃহবন্দীৰ যাতনা ভােগ কৰি দুবছৰ কাৰাবাসাে খাটিছিল।

ব্রাহ্মণ্যবাদৰ চূড়ান্ত আধিপত্যৰ উত্তৰাধিকাৰ ভােগ কৰিবলৈ সুবিধা পােৱা সত্ত্বেও সেই ক্ষেত্ৰত গুৰুত্ব নিদিয়া এইজনা ব্যক্তিৰ চিন্তা-চৰ্চা কিমান সাহসী আৰু আধুনিক মনৰ আছিল, ভাবিলে আচৰিত লাগে। এজন ধর্মাচার্য হৈয়াে ব্যতিক্রমী চিন্তাধাৰাৰ পীতাম্বৰ দেৱগােস্বামীয়ে ১৯৩২ চনত নিখিল ভাৰত ‘অস্পৃশ্যতা বর্জন । সংঘ’ আৰু গান্ধীজীয়ে গঢ় দিয়া ‘হৰিজন সেৱক সংঘ’ (১৯২৩)ৰ অসম শাখাৰ প্রতিষ্ঠাপক সভাপতিৰ দায়িত্ব গ্রহণ কৰি এই ক্ষেত্ৰত সবল আন্দোলন গঢ়ি তুলিছিল।

সাহিত্য ক্ষেত্ৰতাে যথেষ্ট হাত থকা এইজনা শক্তিশালী লেখকে অসমত ব্যাপকভাৱে বিদেশীৰ প্ৰব্ৰজন ৰােধ কৰিবলৈ ‘অসমত বিনা ৰক্তপাতে আক্রমণ শীর্ষক পুস্তিকা ছপাই, বিতৰণ কৰি সমস্যাটোৰ প্ৰতি ৰাইজক সচেতন কৰিবলৈ চেষ্টা কৰিছিল। বাতৰি কাকতত তেওঁৰ বহু লেখা প্রকাশ হােৱাৰ লগতে শ্রীকৃষ্ণৰ ৰাসলীলা, হৰিদাসৰ জীৱনী, বলিছলন, সপ্ত সুৰৰ উৎপত্তি, শ্রীমদ্ভাগৱত (একাংশ) আদি পুথি আৰু নাটক ৰচনা কৰিছিল। তেতিয়াৰ অশিক্ষিত সমাজত নাটক প্রদর্শনৰ দ্বাৰাহে শিক্ষা দিব পাৰি বুলি বিবেচনা কৰি দেৱগােস্বামীয়ে ১৯২০ত নিজা সত্ৰতে তৰুণ ৰঙ্গমঞ্চ নামৰ প্রেক্ষাগৃহ স্থাপন কৰি বিভিন্নজনক নাটক কৰিবলৈ প্ৰেৰণা দিছিল। তদুপৰি হিন্দু-বৈষ্ণৱ ধৰ্মৰ অন্যতম পৃষ্ঠপােষক এইজনা ব্যক্তিয়ে ১৯৫৩ত ‘সনাতন ধর্মৰ মুখপাত্র’ নামৰ তিনিমহীয়া আলােচনী এখনাে সম্পাদনা আৰু প্ৰকাশ কৰিছিল।

১৯৩৩ চনত মদনমােহন মালব্যৰ সভাপতিত্বত কাশীত অনুষ্ঠিত হােৱা হিন্দু মহাসভাত তেওঁ প্রায় আঢ়ৈ ঘণ্টা ধৰি সংস্কৃত আৰু হিন্দী ভাষাত দিয়া ভাষণে তাত উপস্থিত থকা সকলােকে মন্ত্রমুগ্ধ কৰি ৰাখিছিল, যাৰ বাবে সেই সভাতে গােস্বামীদেৱক প্ৰাচ্যৰ অদ্বিতীয় তত্ত্বদর্শী বুলি অভিহিত কৰা হৈছিল। বৃহৎ ভাৰতীয় সমাজক, বিশেষকৈ হিন্দু সভ্যতা-সংস্কৃতিৰ স’তে যুক্ত উত্তৰাধিকাৰীক একতাৰ ডােলেৰে বান্ধিবলৈ প্ৰয়াস কৰি দেৱগােস্বামীয়ে উজনি অসমত সংস্কৃত আৰু হিন্দী শিক্ষা প্রচাৰৰ অর্থে বহুকেইখন টোল, বিদ্যালয় আদি স্থাপন কৰিছিল।

আজিৰ অসমৰ সকলােৰে শ্ৰদ্ধাৰ পাত্ৰ নৱবৈষ্ণৱ ধর্মীয় আন্দোলনৰ নেতা, পণ্ডিত সােণাৰাম চুতীয়াও(১৯১৫) পীতাম্বৰ দেৱগােস্বামীৰ দ্বাৰা ভালদৰেই প্রভাবিত হৈছিল। অধস্ত’ চুতীয়া জাতিৰ এই সন্তানে জাতি-ধৰ্মৰ নামত হাৰাশাস্তি ভােগ কৰি এবাৰ খ্রীষ্টান ধর্ম গ্রহণ কৰিব খুজিছিল। কিন্তু জে’লত লগ পােৱা বিশিষ্ট পণ্ডিত শ্রীশ্রীপীতাম্বৰ গোঁসাইৰ সান্নিধ্য পাই চুতীয়াই বেদ, উপনিষদ, ভাগৱত গীতা আদি ধর্মশাস্ত্রবােৰ তন্ন তন্নকৈ পঢ়ি জাতিভেদ প্রথাৰ কোনাে শুংসূত্র বিচাৰি নাপালে আৰু হিন্দু তথা বৈষ্ণৱ ধৰ্মৰ সংস্কাৰৰ কামত লাহে লাহে তেওঁ জড়িত হৈ পৰিল।

স্ব-মহিমাৰে আলােকিত আছিল পীতাম্বৰ দেৱগােস্বামীৰ ব্যক্তিত্ব-প্রতিভা। কর্ম-সংস্কৃতিৰ এইজনা স্বনামধন্য কাণ্ডাৰী ১৯৩২ত অসম ছাত্ৰ সন্মিলনৰ সভাপতি হৈছিল। স্বাধীনতাৰ পাছত ১৯৫১ত কংগ্ৰেছৰ কাম কাজত অসন্তুষ্ট হৈ পৰি প্রজা ছ’চিয়েলিষ্ট পার্টিত যােগ দিয়া এইজনা ব্যক্তি জীৱনৰ শেষছােৱা সময়ত অসমলৈ পূর্ব পাকিস্তানী (এতিয়াৰ বাংলাদেশ)ৰ অবাধ প্ৰব্ৰজন দেখি থলুৱা অসমীয়াৰ অস্তিত্বৰ প্রতি সন্দিহান হৈ আতংকিত হৈ পৰিছিল। মৃত্যুৰ আগমুহূর্তত এই সম্পৰ্কত চৰকাৰে কোনাে ব্যৱস্থা নােলােৱাত ক্ষোভিত হৈ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুলৈ মুকলি চিঠি লিখিছিল।…. ১৯৬২ চনৰ ২০ অক্টোবৰত আধুনিক অসমৰ এইজনা শ্রেষ্ঠ সমাজ সংস্কাৰকে ইহলীলা সম্বৰণ কৰে। Freedom Fighter Pitambar Deva Goswami Biography in Assamese.

You also Read

Reference

  • I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *