July 23, 2024

Freedom Fighter Nabin Chandra Bardoloi Biography in Assamese | নবীন চন্দ্র বৰদলৈ

Nabin Chandra Bardoloi Biography in Assamese

ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা নবীন চন্দ্ৰ বৰদলৈ

নবীন চন্দ্ৰ বৰদলৈ  হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু এগৰাকী দক্ষ অধিবক্তা। অসমৰ প্ৰতি তেখেতৰ কৰ্ম আৰু অৱদানৰ চিনস্বৰূপে তেখেতক কৰ্মবীৰ উপাধিৰে সন্মানিত কৰা হয়। ‘গৃহলক্ষ্মী’ আৰু ‘কৃষ্ণলীলা ‘ তেওঁৰ মৌলিক নাট্য ৰচনা।

জন্ম১৮৭৫ চন
উত্তৰ গুৱাহাটী, অসম
মৃত্যু১৯৩৬ চন
ৰাষ্ট্ৰীয়তা ভাৰত
অন্য নামকৰ্মবীৰ
শিক্ষাকলিকতা বিশ্ববিদ্যালয়,
প্ৰেছিডেন্সী কলেজ
জনা যায়ভাৰতীয় স্বাধীনতা আন্দোলন
ধৰ্মহিন্দু ধৰ্ম
দাম্পত্যসঙ্গীহেমন্ত কুমাৰী দেৱী

জন্ম আৰু শিক্ষা

১৮৭৫ চনৰ ৩ নৱেম্বৰ তাৰিখে উত্তৰ গুৱাহাটীত নবীন চন্দ্ৰ বৰদলৈৰ জন্ম হৈছিল। ঘৰুৱা নাম আছিল নানু। পিতৃ সূৰ্য বিপ্ৰ কুলৰ ৰুদ্ৰখড়ি বৰদলৈৰ বংশৰ মাধৱ চন্দ্ৰ বৰদলৈ আৰু মাতৃ সোমেশ্বৰী দেৱী। পিতৃ ৰায়বাহাদুৰ মাধৱ চন্দ্ৰ বৰদলৈ হাকিম আছিল। ১৮৯২ চনত তেজপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা কলিকতা বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত বৃত্তি সহকাৰে উত্তীৰ্ণ হয়। ১৮৯৪ চনত ছেইণ্ট জেভিয়াৰ্ছ কলেজৰপৰা আই.এ পৰীক্ষাত উত্তীৰ্ণ হয়; আৰু ১৮৯৬ চনত প্ৰেছিডেন্সী কলেজৰপৰা বি.এ. ডিগ্ৰী লাভ কৰে। ১৮৯৯ চনত ৰিপন কলেজৰপৰা আইনৰ বি.এল. ডিগ্ৰী লাভ কৰে।

কলিকতাত থকা কালত বৰদলৈয়ে মুষ্টিযুদ্ধ শিকিছিল আৰু ভাল ‘বক্সাৰ’ ৰূপে জনাজাত হৈছিল। তেখেত এজন ভাল ফুটবল খেলুৱৈও আছিল

কৰ্মজীৱন

শিক্ষা সাং কৰি তেওঁ গুৱাহাটীলৈ উভতি আহে। চৰকাৰে তেওঁক হাকিমৰ পদ যাঁচে যদিও তেখেতে স্বাধীন ভাৱে কাম কৰাৰ ইচ্ছাৰ বাবে চাকৰিত যোগদান নকৰি ওকালতি আৰম্ভ কৰে। ১৯০৮ চনত তেখেত কলিকতালৈ গৈ কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ লয়। ১৯১৮ চনত তেখেতে আকৌ গুৱাহাটীলৈ উভতি আহে।

ৰাজনৈতিক জীৱন

ৰাইজে তেওঁক কর্মবীৰ’ আখ্যা দিছিল। প্রখ্যাত কংগ্ৰেছী নেতা ভুলাভাই দেশায়ে তেওঁক অসমৰ মুকুটবিহীন সম্রাট’ বুলি কৈছিল। সাহিত্য চর্চা, সাংগঠনিক দক্ষতা, সংগীত, ৰাজনীতি, খেলা-ধূলা, ওকালতি… সকলােতে বিশেষ প্রতিভা আছিল নবীন চন্দ্র বৰদলৈৰ।

নবীন চন্দ্ৰৰ জন্ম উত্তৰ গুৱাহাটীত, ১৮৭৫ চনৰ তিনি নৱেম্বৰত। তেওঁৰ পিতা ৰায়বাহাদুৰ মাধৱচন্দ্ৰ বৰদলৈ আৰু মাতৃ সােমেশ্বৰী দেৱী। দেউতাক উচ্চপদস্থ বিষয়াৰ লগতে কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ পৰীক্ষক আছিল। নবীন চন্দ্ৰই শৈশৱ অতিবাহিত কৰে উত্তৰ গুৱাহাটীত। তেতিয়া ঘোঁৰাত উঠা, নাও বােৱা, সাঁতােৰা, চিকাৰ কৰা আদি সকলােতে তেওঁ আছিল পাৰ্গত। পাছত দেউতাকৰ লগত থাকি ১৮৯২ চনত তেওঁ তেজপুৰ হাইস্কুলৰ পৰা এল্টেন্স পৰীক্ষাত উত্তীর্ণ হয়। কলকাতাৰ চেন্ট জেভিয়াৰ্ছ কলেজৰ পৰা ১৮৯৪ত এফ.এ. আৰু প্ৰেছিডেন্সী কলেজৰ পৰা ১৮৯৬ত বি.এ. পাছ কৰে। পাছত আইনী শিক্ষাৰ ডিগ্ৰী লৈ ১৮৯৯ত গুৱাহাটীলৈ আহি ওকালতি আৰম্ভ কৰে। ওকালতি কৰি তেওঁ যথেষ্ট সুনাম আৰু ধন-সম্পদ অর্জন কৰিছিল। সেই সময়ত তেওঁক চৰকাৰে মেজিষ্ট্রেট পদ যাচে যদিও ইংৰাজৰ অধীনত চাকৰি কৰিবলৈ তেওঁ মান্তি নহ’ল। পাছত ১৯০৮-‘১৮ চনলৈ কলিকতা হাইক’ৰ্টত ওকালতি কৰে। কলিকতাত থাকোতেই বিপিন চন্দ্র পাল, দেশবন্ধু চিত্তৰঞ্জন দাস আদিৰ সৈতে তেওঁৰ সম্পর্ক ঘটে আৰু আন্দোলনত মন-প্রাণ সঁপিবলৈ ইচ্ছা কৰে।.মাতৃৰ অসুখৰ বাবে তেওঁ গুৱাহাটীলৈ উভতি আহে। মাকৰ মৃত্যুৰ পাছত তেওঁ আকৌ কলিকতালৈ নগ’ল।

১৯০৩ চনত মাণিকচন্দ্ৰ বৰুৱা, ঘনশ্যাম বৰুৱা, জগন্নাথ বৰুৱা আদিৰ যত্নত ‘অসম এছচিয়েছন’ গঠিত হয়। অসমৰ জাতীয় বিকাশৰ বাবে স্থাপিত বৃহৎ অনুষ্ঠানটোত নবীনচন্দ্রই যােগ দিয়ে। ১৯১৪ত এছচিয়েছনৰ ডিব্ৰুগড় অধিৱেশনত বৰদলৈ সভাপতি হৈছিল। ১৯১৯ত ইংলেণ্ডৰ পাৰ্লিয়ামেণ্ট মহাসভাত ভাৰতৰ শাসন সংস্কাৰৰ বাবে মন্টেগু-চেমচফৰ্ড ৰিফর্ম’ আলােচনা হয় আৰু এই শাসনতন্ত্রৰ পৰা অসমক বাদ দিবলৈ সিদ্ধান্ত লয়। ইয়াৰ বিৰুদ্ধে এছচিয়েছনৰ সদস্যসকল সৰৱ হৈ উঠে আৰু বিৰােধিতাৰ বাবে নবীনচন্দ্ৰৰ নেতৃত্বত প্রতিনিধি দল বিলাতলৈ যায়। কর্মবীৰে অনেক যুক্তি-তর্ক কৰি অসমক মন্টেগু-চেমচফৰ্ড আইনৰ তলতীয়া কৰে। নহ’লে অসমখন ৰাজনৈতিকভাৱে বহির্ভূত অঞ্চল বুলি জনাজাত হ’লহেঁতেন।

১৯২০ৰ পৰা কংগ্ৰেছৰ অভিন্ন অঙ্গ হৈ উঠে বৰদলৈ। সেই বছৰৰে নাগপুৰ অধিবেশনত তেওঁ গান্ধীৰ নিৰ্দেশত ৰঙ্গস্বামী আয়েঙ্গাৰৰ সহকাৰী হৈ কংগ্ৰেছৰ নতুন নিয়মাৱলীৰ প্রণয়ন কৰে। ২১ এপ্রিলত অসহযােগ আন্দোলনৰ নায়ক হিচাপে গুৰুত্বপূর্ণ ভূমিকা লয়। দেশপ্রাণ চন্দ্ৰনাথ শৰ্মা আছিল তেওঁৰ প্রধান সহযােগী। দুয়ােজনে ওকালতি এৰি দেশৰ কামত আত্মনিয়ােগ কৰে। লাহে লাহে আন্দোলনে অসমত তীব্ৰ ৰূপ লয়। এয়া দেখি ইংৰাজে বৰদলৈক তিনিবাৰকৈ গ্রেপ্তাৰ কৰি মুঠ ডেৰ বছৰ কাৰাবাসৰ নির্দেশ দিয়ে।

কর্মবীৰে কাৰাবাসৰ সময়তে সাহিত্য প্রতিভাৰ বিকাশৰ সুবিধা পায়। সেই সময়তে ‘কৃষ্ণলীলা’ নাটক সহ ছখন কিতাপ লিখে। উল্লেখ্য, বৰদলৈয়ে ছাত্ৰাৱস্থাৰ পৰাই জোনাকী’, ‘

বিজুলী’ আদি কাকতত লিখি সাহিত্য সৃষ্টিত হাত পকাইছিল। পাছত তেওঁৰ দ্বাৰা ৰচিত গীত, কবিতা, প্রবন্ধ আদি উষা’, ‘বাঁহী’, ‘আসাম বান্ধৱ’ আদিতাে প্রকাশ পাইছিল। তেওঁৰ জাতীয় চেতনাৰে সমৃদ্ধ সংগীত— “ডেকাগাভৰুৰ দল/বীৰ বীৰাংগনাৰ দল/ নতুন তেজেৰে ৰাঙলী ৰূপহী/কৰহি ধৰণী তল/খােজৰ ভৰত কঁপক ধৰণী/তৰুণ চকুত জ্বলক অগনি/শত-সহস্র মৃত্যু নেওচি/বল আগুৱাই বল” বা “শ্যাম বৰণীয়া অসমী আই ধুনীয়া…” আদি গীতে সেই সময়ত দেশত নতুন উদ্দীপনা জগাই তুলিছিল। তেওঁ নিজেও গান গাইছিল আৰু বাদ্য বজাইছিল। শেক্সপীয়েৰৰ তিনিখন নাটক আৰু উর্দু ভাষাত লিখা হাতেম

তাই’ অসমীয়ালৈ অনুবাদ কৰিছিল। যশস্বী সাংবাদিক সতীশচন্দ্র কাকতিয়ে লিখিছিল “সাহিত্যৰ ক্ষেত্ৰত নবীন চন্দ্র স্থান প্রথম শ্ৰেণীত।

অসমৰ বিভিন্ন সমস্যা আৰু অভাৱৰ প্রতি তেওঁৰ দৃষ্টি আছিল ছাত্ৰাৱস্থাৰে পৰা। তেওঁ গভীৰভাৱে অনুভৱ কৰিছিল যে অসমত উচ্চ শিক্ষাৰ বাবে কলেজ এখনৰ খুবেই অভাৱ। তেওঁ হৈছিলগৈ কটন কলেজৰ প্রতিষ্ঠাতা স্বৰূপ মাণিকচন্দ্র বৰুৱাৰ অন্যতম সহযােগী। কলেজৰ প্রাণ প্রতিষ্ঠা কৰা কাৰ্যসূচীত নবীন চন্দ্রই আত্মহাৰা হৈ উদ্বোধনী গীতত ৰঘুনাথ চৌধাৰীৰ সৈতে হাৰমণিয়াম বজাইছিল।

পদ্মনাথ গােহাঞিবৰুৱাৰ সৈতে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ এন্ট্রেন্স আৰু এফ.এ. মহলাৰ অসমীয়া বিষয়ত যুটীয়া প্রশ্নকাৰ আৰু পৰীক্ষক আছিল বৰদলৈ। নিজৰে চেষ্টাত প্রতিষ্ঠিত আর্ল ল’ কলেজত তেওঁ প্রথমে শিক্ষকতাও কৰিছিল। শিক্ষক হিচাবেও আছিল ছাত্ৰৰ প্রিয়।

দেশভক্ত তৰুণৰাম ফুকনক ৰাজনৈতিক ক্ষেত্রলৈ আনিছিল নবীন চন্দ্রই। তৰুণৰাম ফুকনে নিজেই স্বীকাৰ কৰিছে যে নবীন চন্দ্রই যেতিয়া দেশ, বিশেষকৈ অসমৰ অৱস্থাৰ বিষয়ে ফুকনক বুজাবলৈ ধৰিলে, তেতিয়া আৰু ফুকনে হাত সাবটি বহি থাকিব নােৱাৰিলে। ১৯২১ চনত যেতিয়া মহাত্মা গান্ধী প্রথমবাৰৰ বাবে অসমলৈ আহে, তেতিয়া কংগ্ৰেছৰ নেতা বুলিবলৈ অসমত দুজন ব্যক্তিহে শীর্ষস্থানত আছিল। এই দুয়ােজনক ৰাইজে ‘ফুকন-বৰদলৈ বুলি একে ভাই-ককাই যেন জ্ঞান কৰিছিল। অসমলৈ অহা গান্ধীজীৰ অন্যতম সহযােগী কৃষ্ণ দাসে তেতিয়া কৈছিল—“বৰদলৈদেৱৰ আঙুলিৰ আগতে অসমৰ সকলাে সংবাদ থকা যেন ভাৱ হৈছিল। গান্ধীজীৰ সকলাে প্ৰশ্নৰ উত্তৰ বৰদলৈয়ে সলসলীয়াকৈ দি গৈছিল। মােৰ আৰু পুথি-পাঁজি খুঁচৰি মহাত্মাই বিচৰা বিৱৰণ উলিয়াব লগা নহ’ল। বৰদলৈ ডাঙৰীয়াই অসম সম্পর্কে জানিবলগীয়া সকলাে ধৰণৰ বিষয়েই আয়ত্ত কৰিছিল। তেনেদৰে আন কোনােৱে আয়ত্ত কৰা দেখা নগৈছিল।”

অসমক অন্তঃকৰণেৰে ভালপােৱা নবীনচন্দ্র ১৯২৫ত স্বৰাজ দলৰ যােগেদি অসম ব্যৱস্থাপক সভাৰ (বিধান সভাৰ দৰে) সদস্য নির্বাচিত হয়। চাৰি বছৰ তেওঁ এই ব্যৱস্থাপক সভাৰ সদস্য আছিল। অৱশ্যে যেতিয়া গান্ধীয়ে কংগ্ৰেছী লােকে ব্যৱস্থাপক পৰিষদ বর্জন কৰিব লাগে বুলি কলে, বৰদলৈয়ে ব্যৱস্থাপক সভা ত্যাগ কৰে। ১৯৩০-৩১ত যেতিয়া আইন অমান্য আন্দোলন আৰম্ভ হৈছিল, তেতিয়া উজান বজাৰত তেওঁৰ ঘৰত স্বেচ্ছাসেৱকৰ বাবে শিৱিৰ পাতি দিছিল।

১৯২৬ত গুৱাহাটীৰ পাণ্ডুত কংগ্ৰেছৰ মহাসভা পাতােতে বৰদলৈয়ে বহুখিনি

দায়িত্ব নিজৰ কান্ধত লৈ অধিৱেশন সাফল্যমণ্ডিত কৰিলে। সেই মহাসভাত জাতীয় শিল্প প্রদর্শনী, অসমীয়াৰ স্বদেশ প্রীতিৰ অলংকৰণসহ অন্যান্য আহিলা, ‘ডেলিগেট’ৰ জিৰণি চ’ৰাত বহা আসন, কপাহেৰে তৈয়াৰী বাটচ’ৰা, কংগ্ৰেছৰ বিৰাট খদ্দৰেৰে সজোৱা মণ্ডপ আদিৰে ইতিপূর্বে হােৱা কংগ্ৰেছৰ মহাসভাবােৰতকৈ বহুগুণে শ্রেষ্ঠ আছিল। দেশৰ অন্য ঠাইৰ প্রতিনিধিয়ে সেয়া দেখি আচৰিত হৈছিল। অৱশ্যে তাৰ পৰিণামত তৰুণৰাম আৰু নবীনচন্দ্ৰৰ ধাৰৰ বােজা বাঢ়ি যােৱাৰ বাবে নিজৰ বহু সম্পত্তিৰ বিক্ৰী কৰি ধাৰ মাৰিছিল। সেইদৰে প্রদেশ কংগ্ৰেছৰ সম্পাদক ৰােহিণীকান্ত হাতীবৰুৱা সাংঘাতিক দেওলীয়া হৈ পৰিছিল।

আকৌ কংগ্ৰেছে ১৯৩৪ত ঘােষণা কৰে যে কংগ্ৰেছী নেতা পুনৰ ব্যৱস্থাপক সভাৰ সভ্য হ’ব পাৰিব। সেই বছৰতে অনুষ্ঠিত গৱৰ্ণৰ জেনেৰেলৰ ইণ্ডিয়ান লেজিচলেটিভ এছেম্বলিৰ সদস্য নির্বাচনৰ বাবে দুই ভাতৃস্বৰূপ তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈয়ে পৰস্পৰৰ প্রতিদ্বন্দ্বী হৈছিল। বয়সত কিছু ডাঙৰ কংগ্ৰেছৰ প্রার্থী নবীনচন্দ্ৰই নির্বাচনত জয়লাভ কৰিছিল। এছেম্বলি মহাসভাত বৰদলৈয়ে অসমৰ স্বাৰ্থৰ হকে যুঁজি গৈছিল। শাণিত যুক্তি, বুদ্ধি আৰু কর্মোদ্যমে বৰদলৈক সমগ্র দেশৰে আগশাৰীৰ দেশনেতালৈ উত্তৰণ ঘটাইছিল। সেই সময়তে নেতাসকলে তেওঁক ভাৰত ব্যৱস্থাপক সভাৰ কাৰ্যকৰী সমিতিৰ সদস্য পাতে।..কিন্তু বৰদলৈৰ কৰ্মশক্তি দেখি নিষ্ঠুৰ নিয়তিয়ে যেন চক্রান্ত কৰাৰহে প্রয়াস কৰিছিল।

গুৱাহাটীত থকাৰ সময়ত তেওঁ জনগণৰ অভিভাৱক স্বৰূপ আছিল। বিপদৰ পৰা মানুহবােৰে তেওঁৰ ওচৰলৈ আহি যেন স্বস্তি পাইছিল। ৰােগীক পথ্য, বিপন্নক আশ্রয়, শােকাতুৰক সান্ত্বনা দিয়াটো যেন বৰদলৈৰ কৰ্তব্যৰ ভিতৰতহে পৰিছিল। গুৱাহাটীৰ থিয়েটাৰ হল কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ মাটি দান কৰাকে ধৰি উত্তৰ গুৱাহাটীত প্রথম ইংৰাজী স্কুল ‘কমলদেৱ ইষ্টিটিউচন’ স্থাপনলৈ বহু অনুষ্ঠানৰ তেওঁ পৃষ্ঠপােষক আছিল। তেওঁৰ অক্লান্ত পৰিশ্ৰমৰ ফলতেই গঢ়ি উঠিছিল শিল্প সমিতি, কৈৱৰ্ত সন্মিলনী, খাদী প্রতিষ্ঠান, সেৱক সংঘ, কৃষ্ণ সন্মিলনী, স্ত্রী শিক্ষা অনুষ্ঠান আদি বহু সামাজিক অনুষ্ঠান-প্রতিষ্ঠান।

গুৱাহাটী লােকেল বাের্ড চেয়াৰমেন হৈ থাকোতে প্রতিটো অঞ্চলৰ স্কুল, নাদ-পুখুৰী, দলং, হাস্পতাল, ৰাস্তা-ঘাট আদি ঠিকে-ঠাকে আছেনে নাই, সেয়া চাই ফুৰিছিল। তেওঁৰ দিনতেই দুর্গম পাহাৰ কাটি হাজোৰ তীৰ্থৰ বাট মুকলি কৰা হৈছিল অসম ছাত্র সন্মিলন, অসম সাহিত্য সভা, চাহ উদ্যোগ আদিৰ সৈতেও ওতপ্রােতভাৱে জড়িত আছিল তেওঁ।

বৰদলৈয়ে উজনিৰ চাহ খেতিয়ক মালভােগ বৰুৱাৰ কন্যা হেমন্ত কুমাৰী দেৱীক বিয়া কৰাইছিল। কালক্ৰমত তেওঁলােকৰ দুই পুত্ৰ আৰু দুগৰাকী কন্যাৰ জন্ম হয়। পুত্র দুজন—উমেশ (এম বি) আৰু অপূর্বই (বিলাতত পঢ়া ইঞ্জিনিয়াৰ) জীৱনত কৃতকার্যতা লাভ কৰিছিল যদিও কন্যা দুগৰাকীৰ এগৰাকী ভৰ বয়সতে বিধৱা (নলিনীবালা দেৱী) হৈছিল আৰু আনগৰাকী মৃণালিনীৰ অকাল মৃত্যু ঘটিছিল।

জীৱনৰ অন্তিম সময়ত বৰদলৈৰ ‘ঋণ’ যথেষ্ট বাঢ়িছিল। কাৰাবাসৰ কালতে লগ লৈছিল বহুমূত্র বেমাৰে। অযত্নৰ বাবেই এই বেমাৰে তীব্ৰ ৰূপ ধাৰণ কৰে। শ্বিলঙৰ পৰা নিজেই মটৰ গাড়ী চলাই আহােতে দুর্ঘটনাত পতিত হওঁতে ঘাঁ নুশুকালেই। তাৰ পাছত আৰম্ভ হল নৰিয়াপাটীৰ জীৱন। বিছনাত পৰি থকা সেই মাহটোত তেওঁ ‘আনন্দ বাজাৰ পত্রিকা’ত লেখিছিল আসামে বাঙাল খেদা আন্দোলন’ শীর্ষক এক দীঘলীয়া ৰচনা। সেই সময়ছােৱাত ‘অসম অসমীয়াৰ এই আন্দোলনে তীব্র ৰূপ ধাৰণ কৰিছিল। তাকে দেখি বঙ্গদেশৰ বাতৰি কাকতবােৰে অসমক বঙালী বিদ্বেষী বুলি কৈছিল। এই প্রতিক্রিয়াশীল বক্তব্যৰ যথােচিত উত্তৰ দিছিল বৰদলৈয়ে আৰু অসম অসমীয়াৰ যুক্তিৰ সার্থকতা প্রমাণ কৰিছিল। জীৱনৰ শেষ তিনিদিনৰ আগতে ভাৰতীয় ব্যৱস্থাপক সভাৰ সভাপতি নীলকণ্ঠ পাণ্ডেলৈ লিখিছিল যে বর্তমানে বা ভাৰত স্বাধীন হােৱাৰ পাছতাে যেন আমাৰ ৰাজ্যৰ অসম’ (Assam) নামটো সলােৱা নহয়। বৰদলৈ নৰিয়াপাটীত পৰি থকা কেইদিনত শ’ শ’ মানুহে তেওঁৰ চোতাল – ৰাস্তাত ভিৰ কৰিছিল। ৰাইজৰ সান্ত্বনাৰ বাবে ডাক্তৰে তেওঁৰ স্বাস্থ্যৰ ‘বুলেটিন অহৰহ প্ৰচাৰ কৰি থাকিবলগীয়া হৈছিল। অন্তিম ক্ষণত বাহিৰলৈ ওলাই ৰাইজক শেষবাৰৰ বাবে প্রণাম জনাই বৰদলৈ ডাঙৰীয়া ১৯৩৬ৰ ১৬ জানুৱাৰীত মৃত্যুৰ কোলাত শুই পৰিল। হেজাৰােধিক মানুহে তেওঁৰ শেষ যাত্ৰাত ভাগ লৈছিল।

মৃত্যু

১৯৩৬ চনৰ ১৬ ফেব্ৰুৱাৰীৰ দিনা নবীন চন্দ্ৰ বৰদলৈৰ পৰলোকপ্ৰাপ্তি ঘটে।

অন্যান্য অৱদান

ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক নেতৃত্ব দিয়াৰ উপৰিও নবীন চন্দ্ৰ বৰদলৈয়ে গুৱাহাটীৰ মংগলৰ বাবে কেবাটাও প্ৰকল্পত সক্ৰিয় ভাৱে হাত উজান দিছিল। কটন কলেজ আৰু আৰ্ল ল কলেজ প্ৰতিষ্ঠাৰ বাবে তেওঁ মাত মাতিছিল। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ আধাৰশিলা তেখেতেই স্থাপন কৰিছিল। তেখেতে উত্তৰ গুৱাহাটীৰ আনন্দ লাইব্ৰেৰী আৰু কমলদেৱ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ গুৰি ধৰিছিল। প্ৰচলিত আলোচনী জোনাকী, বিজুলী আদিত নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল।

কৰ্মব্যস্ত নবীন চন্দ্ৰ বৰদলৈক ‘কৰ্মবীৰ’ বুলি কোৱা হয়। ভুলাভাই দেসায়ে তেখেতক অসমৰ মুকুট-বিহীন ৰজা বুলি অভিহিত কৰিছিল।

You can read also

References

  1. I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *