March 29, 2024

Dev Kant Barooah Biography in Assamese | দেৱকান্ত বৰুৱাৰ জীৱনী

দেৱকান্ত বৰুৱা Freedom Fighter Dev Kant Barooah

স্বাধীনতাৰ লাভৰ পাছৰ অসমৰ ৰাজনীতিকসকলৰ ভিতৰত দেৱকান্ত বৰুৱাই আটাইতকৈ বিতর্কিত। ৰাজনীতি, সাহিত্য আৰু সংবাদ জগতৰ ঘনিষ্ঠ বৰুৱা আছিল ‘বিশেষ’ প্রতিভাবান। ইন্দিৰা গান্ধীৰ সময়ত কংগ্ৰেছৰ ‘সভাপতি’ৰ দৰে ক্ষমতা আৰু সন্মানৰ অধিকাৰী হোৱা বৰুৱাই মৃত্যু পর্যন্ত নিজৰ ‘বিতর্কিত’ ইমেজটোৰ পৰা আঁতৰি আহিবলৈ সক্ষম নহ’ল, যাৰ বাবে জীৱনৰ শেহৰ প্ৰায় দুটা দশক তেওঁ হৈ পৰিছিল নিঃসঙ্গ-গণবিচ্ছিন্ন। তদুপৰি ইণ্ডিয়া ইজ ইন্দিৰা এণ্ড ইন্দিৰা ইজ ইণ্ডিয়া’ বুলি ইন্দিৰা গান্ধীক নগ্ন তোষামোদ কৰা এইগৰাকী প্ৰতিভাৱান ৰাজনীতিকক অসমীয়াই হয়তো পাহৰণিৰ গৰ্ভলৈকে নিক্ষেপ কৰিলেহেঁতেন। কিন্তু তেওঁ ‘সাগৰ দেখিছা’ নামৰ কবিতা পুথিখনেৰেই অসমীয়াৰ হৃদয়ত এনেদৰে সোমাই পৰিছিল যে সেয়া জাৰি-জোকাৰি পেলোৱাটো সম্ভৱ নহয়।

জন্ম২২ ফেব্ৰুৱাৰী, ১৯১৪
মৃত্যু২৮ জানুৱাৰী, ১৯৯৬
পেচাৰাজনীতি, কবি

১৯১৪ৰ ২২ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত দেৱকান্তৰ জন্ম। শিক্ষা বিভাগৰ সহঃ পৰিদৰ্শক নীলকান্ত বৰুৱা আৰু স্বৰ্ণলতা বৰুৱানীৰ প্ৰথম এই সন্তানৰ শিক্ষা আৰম্ভ হ’ল বৰপেটাৰ স্কুলত। গুৱাহাটীৰ মাণিকচন্দ্ৰ এম.ই. স্কুল, কলেজিয়েট হাইস্কুল আদিত পঢ়ি নগাঁও হাইস্কুলৰ পৰা ১৯৩০ত প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় দেৱকান্ত বৰুৱা। প্ৰৱেশিকা পৰীক্ষাত বহিয়েই স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা বাবে ছমাহ জে’ল খটাৰ উপৰি ২০০ টকা জৰিমনাও ভৰিছিল।
প্ৰৱেশিকাত ভালদৰে উত্তীৰ্ণ হ’লেও ছমাহ জে’ল খাটি অহা দেৱকান্তক কটন কলেজত নামভৰ্তি কৰাৰ ক্ষেত্ৰত কৰ্তৃপক্ষই চৰ্ত দিলে যে ভবিষ্যতে মুক্তি সংগ্ৰামত অংশ নলওঁ বুলি প্ৰতিশ্ৰুতি দিব লাগিব। ডেকা মুক্তিযুঁজাৰুজনে সেই প্রতিশ্রুতি নিদিলে। কলিকতাৰ কলেজেও কটন কলেজৰ দৰেই চৰ্ত বান্ধিলে। উপায় নাপাই বেনাৰচলৈ গৈ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচার্য মদন মোহন মালব্যক লগ ধৰিলে ছমাহ জে’ল খাটি অহা প্ৰতিভাশালী ছাত্ৰ দেৱকান্তৰ হোষ্টেলত থকা আৰু কলেজৰ মাচুলখিনিও মাফ কৰি দিলে মালব্যই। তাত সম্পূৰ্ণ ছটা বছৰ পঢ়ি ইংৰাজীত স্নাতকোত্তৰৰ উপৰি আইনৰো ডিগ্ৰী লৈ দেৱকান্ত ঘৰলৈ উভতিল ১৯৩৬ত। বহুজন ভাৰতীয়ৰ দানৰ ফচলেৰে এনি বেচাণ্টে আৰম্ভ কৰা চেণ্ট্ৰেল হিন্দু কলেজখনেই পাছলৈ বেনাৰ্চ হিন্দু বিশ্ববিদ্যালয়ৰ ৰূপত মূৰ দাঙি উঠিছিল। ইংৰাজ চৰকাৰৰ এক্তিয়াৰৰ সম্পূৰ্ণ বাহিৰত থকা এই বিশ্ববিদ্যালয়ৰ বাবে অসমৰ সদাগৰ ভোলানাথ বৰুৱায়ো তিনি লাখ টকা দান দিছিল। ইংৰাজৰ দাসত্ব স্বীকাৰ নকৰা ভাৰতীয় শিক্ষা-সংস্কৃতিৰ উজ্জ্বল প্রতিষ্ঠান হিচাপে থিয় দি থকা বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ বিশ্বভ্রাতৃত্ববোধ আৰু দেশপ্ৰেমৰ ভাৱত উদ্বুদ্ধ হৈ দেৱকান্ত অসমলৈ গুচি আহিল আৰু কংগ্ৰেছ কৰ্মী হিচাপে পুনৰ মুক্তি সংগ্ৰামত লাগিল। ১৯৪১ত সত্যাগ্রহ কৰি চাৰি মাহৰ জে’ল খোৱাৰ পাছত বিয়াল্লিছৰ আন্দোলনত জঁপিয়াই পৰি ছমাহৰ জে’ল খটাৰ লগতে দুশ টকাৰ জৰিমনা ভৰিলে। জে’লৰ পৰা মুক্তি পোৱাৰ পাছত ‘ছিকিউৰিটি প্রিজনাৰ’ হিচাপে পুনৰ ছমাহৰ জে’ল হ’ল তেওঁৰ।

…১৯৪৬ত কবি ভোলানাথ দাসৰ কনিষ্ঠা কন্যা প্ৰিয়লতাৰ স’তে বৰুৱাৰ বিবাহ হয়। এইবাৰ তেওঁ ‘নতুন অসমীয়া’ কাকতৰ সম্পাদনাৰ দায়িত্ব (‘৪৫ৰ পৰা’ ৪৭ চনলৈ) গ্ৰহণ কৰে। তদুপৰি ‘৪৮ৰ পৰা ‘৪৯লৈ তেওঁ ‘দৈনিক অসমীয়া ৰো সম্পাদক আছিল। অসমৰ সাংবাদিকতাত বৰুৱাই এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল । ৪৫তে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সহকাৰী সম্পাদকৰ দায়িত্বত পাঁচ বছৰ ধৰি থকা দেৱকান্ত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সদস্য মনোনীত হয়। ‘৫২ত ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচনত লোকসভালৈ নিৰ্বাচিত হয় দেৱকান্ত বৰুৱা। তাৰ পাছৰটো বছৰত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য হিচাপে মনোনীত হয়। ৩৯ বছৰীয়া বৰুৱাই আছিল জৱাহৰলাল নেহৰু নেতৃত্বাধীন কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সর্বকনিষ্ঠ সদস্য। সাংসদ হিচাপে নির্বাচিত হোৱাৰ পাছতেই নেহৰুৱে দেৱকান্তক কংগ্ৰেছ সংসদীয় দলৰ ‘ডেপুটী চীফ হুইপ’ নিযুক্তি দিছিল। আনজন ‘ডেপুটী চীফ হুইপ’ আছিল লালবাহাদুৰ শাস্ত্ৰী। উল্লেখযোগ্য যে কোনো বিশিষ্ট নেতায়ো যদি প্রধানমন্ত্ৰীক লগ ধৰিবৰ প্ৰয়োজন হয় তেন্তে ‘ডেপুটী চীফ হুইপ’জনৰ যোগেদি যাব লাগে। গতিকে জৱাহৰলালৰ লগতে তেতিয়া প্ৰায় সকলো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ স’তে বৰুৱাৰ ঘনিষ্ঠতা গঢ়ি উঠিছিল। দেৱকান্ত হৈ পৰিছিল নেহৰু পৰিয়ালৰ ঘনিষ্ঠ মানুহ। তেওঁ নেহৰুৰ কিমানখিনি স্নেহধন্য আছিল সেইখিনি অনুমান কৰিব পৰা যায় ১৯৫৪ত বিখ্যাত কার্টুনিষ্ট শংকৰে অঁকা এক কার্টুনৰ পৰা। কার্টুনতো আছিল পণ্ডিত নেহৰুৱে এটা গছ পুলিত পানী দি আছে আৰু পুলিটো হৈছে দেৱকান্ত। সাংসদ হৈ থকা কালতেই অন্ধ্ৰপ্ৰদেশ আৰু পঞ্জাৱত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নিৰীক্ষক হিচাপে দেৱকান্তক পঠিয়াইছিল নেহৰুৱে।

১৯৫৭ত বিধায়ক নির্বাচিত হ’ল দেৱকান্ত। বিষ্ণুৰাম মেধিক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই চলিহাক সেই স্থানত অধিষ্ঠিত কৰাৰ নেপথ্যত আছিল বৰুৱাৰ এক বিৰাট ভূমিকা। বিধানসভাৰ ‘অধ্যক্ষ’ৰ দায়িত্ব ল’লে তেওঁ। কিন্তু বিধানসভা নিৰ্বাচনত তেওঁ প্রতিদ্বন্দ্বী কমিউনিষ্ট নেতা ফণি বৰাই নিৰ্বাচনত কংগ্ৰেছৰ দেৱকান্তই কাচাজি কৰা বুলি গোচৰ তৰিলে আৰু ন্যায়ালয়ে দিয়া ৰায় দেৱকান্তৰ বিৰুদ্ধে গ’ল। লগে লগে বিধানসভাৰ সদস্য পদ ত্যাগ কৰিবলৈ বাধ্য হ’ল তেওঁ। তাৰ পাছত বৰুৱা মনোনীত হ’ল গুৱাহাটী তেল শোধনাগাৰৰ চেয়াৰমেন।

১৯৬২ৰ বিধানসভা নির্বাচনত জয়লাভ কৰিলে আৰু বিমলা প্রসাদ চলিহা মন্ত্রীসভাত শিক্ষামন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে সমবায় আৰু পৰ্যটন বিভাগৰো দায়িত্ব গ্রহণ কৰিলে। শিক্ষামন্ত্রী হিচাপে শিক্ষকসকলৰ বেতন বৃদ্ধি কৰিলে। সকলো সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে বিভিন্ন বৃত্তিৰ সুবিধা পায়, তাৰ ব্যৱস্থা কৰিলে। সেই সময়তে প্রাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তি দিয়া স্কুল বোর্ডসমূহৰ চেয়াৰমেনক সাল-সলনি কৰিলে আৰু ভেটি দি চাকৰি লোৱা বহু শিক্ষককে বৰ্খাস্তও কৰিলে। অৱশ্যে এই সম্পৰ্কত বৰুৱাই— “কে’বাশ শিক্ষকক খেদিলো অথচ কুকুৰ এটায়ো নুভুকিলে” ধৰণৰ বিতর্কিত মন্তব্যও দিছিল। ১৯৬৮ৰ পৰা ‘৭০ চনলৈ অইল ইণ্ডিয়াৰ চেয়াৰমেন হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ পাছত ১৯৭১ত বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে তেওঁ।

দুবছৰৰ পাছতে অতি ওচৰৰ ব্যক্তি দেৱকান্তক ইন্দিৰাই তেওঁৰ মন্ত্ৰীসভাত স্থান দিলে। কেন্দ্রীয় কেবিনেটত বৰুৱাই পেট্ৰ’লিয়াম আৰু ৰসায়ন দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ’৭৪ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লয়। ‘৭৬ত তেওঁ অসমৰ পৰা ৰাজ্যসভাৰ সদস্য নির্বাচিত হয়। কংগ্ৰেছৰ সভাপতি হৈ বৰুৱাই কৰা উল্লেখযোগ্য কামৰ ভিতৰত আছিল তেতিয়ালৈ মুখ্য কার্যালয় নথকা কংগ্ৰেছ দলৰ এক বিৰাট কার্যালয় স্থাপন কৰি তাৰ নাম ৰাখে ‘জৱাহৰ ভৱন’। সাংবাদিক শংকৰ ঘোষৰ হতুৱাই ‘হিষ্ট’ৰি অৱ নেছনেল কংগ্রেছ নামৰ গ্ৰন্থখন লিখায় আৰু কংগ্ৰেছ দলৰ সকলো ৰেকৰ্ডৰ সংকলন কৰে।

চলিহাৰ পাছত মহেন্দ্ৰ মোহন চৌধুৰী (১৯০৮-১৯৮২) অসমৰ মুখ্যমন্ত্ৰী হৈছিল ১৯৭০ত’। ১৯৭২ত চৌধুৰীক আঁতৰাই ইন্দিৰা গান্ধীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব বিচাৰিছিল দেৱকান্তক। কিন্তু তেওঁ সেই পদ গ্ৰহণ নকৰিলে। ইয়াৰ যুক্তি হিচাপে বৰুৱাই কৈছিল যে বহুদিন ৰাষ্ট্ৰীয় ৰাজনীতি কৰাৰ পাছত পুনৰ অসমলৈ উভতি অহাৰ ইচ্ছা তেওঁৰ নাছিল। সেই সময়ত শৰৎচন্দ্ৰ সিংহক অসমৰ মুখ্যমন্ত্ৰী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল দেৱকান্ত বৰুৱাই।

ভাৰতীয় সংবিধানৰ জনক ড° বাবাচাহেব ভীমৰাও আম্বেদকাৰৰো ঘনিষ্ঠ বন্ধু হিচাপে খ্যাতি লাভ কৰা দেৱকান্ত বৰুৱা যে ইন্দিৰাৰ অতি ওচৰৰ মানুহ আছিল, সেই কথা সকলোৱে জানে। পাছৰ কালত ইন্দিৰাৰ বিষয়ে দেৱকান্তই কৈছিল— “প্রশাসনিক আৰু ৰাজনৈতিক ক্ষেত্ৰত ইন্দিৰা গান্ধীৰ অভিজ্ঞতা তেনেকৈ নাছিলেই নহয়। পঢ়া-শুনাও নাছিল তেনেকৈ। কামৰ প্ৰচেছ সম্পর্কেও অভিজ্ঞতা নাছিল। আৰু মহিলা হিচাপেও ঘূৰা-মেলা কৰাত কিছু অসুবিধা আছিল। ইন্দিৰা গান্ধী টেম্পাৰেমেণ্টেল আছিল…।” কিন্তু এদিন দেৱকান্তই ‘ইন্দিৰাই ইণ্ডিয়া আৰু ইণ্ডিয়াই ইন্দিৰা’ বুলি বিতর্কিত মন্তব্য কৰি ইন্দিৰাক সকলো বিতৰ্কৰ ঊৰ্ধ্বলৈ তুলিবলৈ যত্ন কৰিছিল। আৰু এয়াই আছিল কবি দেৱকান্তৰ, অধ্যয়নশীল পণ্ডিত দেৱকান্তৰ আনকি ৰাজনীতিক দেৱকান্তৰ জীৱনৰ শ্ৰেষ্ঠ ভুল। মাথোঁ এই এটা বাক্যৰ বাবেই তেওঁ হয়তো অনন্ত কাললৈ ধিক্কাৰ পাই থাকিব।… অৱশ্যে এই সম্পৰ্কত দেৱকান্তই আত্মপক্ষ সমর্থন কৰিছে এনেধৰণে— “সেই সময়টো ভাৰতৰ কাৰণে বৰ জটিল আছিল— খুব ক্রিটিকেল আছিল। পুৰণি নেতাসকলৰ ইন্দিৰাৰ প্ৰতি সহানুভূতি নাছিল। বহুত আঁতৰি গৈছিল। দেশৰ স্বাৰ্থৰ কাৰণে I wanted to utilise her authority. এইটো এটা Rhetorical Method”

১৯৭৬ত ৰাজ্যসভা, ’৭৭ত আকৌ লোকসভালৈ নিৰ্বাচিত হৈছিল দেৱকান্ত বৰুৱা। ১৯৭৪ৰ পৰা ’৭৭লৈ তিনি বছৰ কংগ্ৰেছ দলৰ সভাপতি হৈ থকা বৰুৱাৰ স’তে কোনো ধৰণৰ আলোচনা নকৰাকৈ ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল বুলি দেৱকান্তই পাছত কৈছিল এনেদৰে—- “ইমার্জেন্সী সম্পৰ্কে মোৰ লগত কোনো আলোচনা কৰা নাছিল। সিদ্ধার্থ শংকৰ ৰায়ৰ পৰামৰ্শ মতে ইমার্জেন্সী দিবলৈ ঠিক কৰি ফখৰুদ্দিন চাহাবৰ এপ্ৰভেল লৈছিল। মই মানা কৰিম বুলি জানিয়েই মোক একো জনোৱা নাছিল।”

১৯৫১ত নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত হোৱা কমনৱেলথ সম্মিলনলৈ ভাৰতৰ প্রতিনিধি হিচাপে যোৱাৰে পৰা দেৱকান্তৰ বিদেশ ভ্ৰমণৰ দুৱাৰ মুকলি হৈছিল। তাৰ পাছত ‘৫৪ আৰু ‘৫৫ত তেওঁ দুবাৰকৈ গৈছিল ৰাষ্ট্ৰসংঘলৈ। কৃষি আয়োগৰ সদস্য হিচাপে ১৯৫৬ত গৈছিল জাভা, ভিয়েটনাম, চীন, থাইলেণ্ড, জাপান, কম্বোদিয়া, ইন্দোনেছিয়া আদি বিভিন্ন দেশলৈ। ভাৰতীয় সাংস্কৃতিক দলৰ নেতৃত্ব লৈ ১৯৬৪ত তেওঁ গৈছিল আফগানিস্থানলৈ। ‘৭৪ত পেট্ৰ’লিয়াম মন্ত্ৰী হৈ আৰৱ, ইৰাণ, ইৰাক আদি মধ্যপ্রাচ্যৰ দেশ ভ্ৰমণ কৰে। ‘৭৫ত কংগ্ৰেছ সভাপতি হিচাপে এছিয়াৰ কুৱেট, চিৰিয়া, ইৰাক আৰু ইউৰোপৰ ৰোমানিয়া, বুলগেৰিয়া, যুগোশ্লাভিয়া আদি দেশলৈ যায়। তাৰো আগতে ছোভিয়েট ইউনিয়ন ভ্ৰমণ কৰিছিল (’৭৩৩)। ‘৭৬ চনত মধ্য আফ্ৰিকাৰ কে’বাখনো দেশ ভ্রমণ কৰে। বিশ্ব বুৰঞ্জীত বিশেষ দখল থকা দেৱকান্তই বিভিন্ন দেশ ভ্ৰমণ কৰোতে সেই দেশৰ ভিতৰছোৱাত লুকাই থকা ইতিহাসৰ অহৰহ সন্ধান কৰিছিল ।

সাংসদ, বিধানসভাৰ অধ্যক্ষ, শিক্ষামন্ত্রী, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যপাল আনকি সেই সময়ৰ কংগ্ৰেছ দলৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণৰ সুযোগ পোৱা দেৱকান্তক বহুতেই ‘সুযোগ সন্ধানী’ আৰু ‘স্বাৰ্থপৰ’ বুলি সমালোচনা কৰা শুনা যায়। অৱশ্যে নিজা কৰ্মৰ বাবেই এনে সমালোচনা তেওঁৰ প্ৰাপ্যও। কিন্তু কংগ্ৰেছক মাথোঁ ৰাজনৈতিক দল বুলি নকৈ জীৱন-যাপনৰ এক প্ৰণালী (কংগ্ৰেছ ইটছেলফ ইজ এ লাইফ ষ্টাইল) বুলি কোৱা দেৱকান্তই কাহানিও ‘অস্পষ্ট’ ধাৰণাৰ আশ্ৰয় লোৱা নাছিল। তদুপৰি হেজাৰ সুবিধা পোৱাৰ পাছতো তেওঁক ভোগবাদী প্ৰৱণতাই সামান্যও স্পৰ্শ কৰা নাছিল। নগাঁৱৰ পৈতৃক গৃহৰ বাহিৰে তেওঁৰ নাছিল বিশেষ স্থাৱৰ-অস্থাৱৰ সম্পত্তি। ৰাজনীতি কৰোতেও বা তাৰ পাছতো গোটেই জীৱন কাল তেওঁ ভাৰাঘৰতে বাস কৰিছিল। শিক্ষামন্ত্ৰী হৈ থকা কালত তেওঁৰ ঘৰত এটা ৰেডিঅ’ও নেদেখি পশ্চিমবংগৰ প্ৰখ্যাত নেতা অমূল্য ঘোষ আৰু প্ৰফুল্ল সেনে কলিকতাৰ পৰা বৰুৱালৈ এটা ৰেডিঅ’ উপহাৰ স্বৰূপে পঠিয়াইছিল।… তেন্তে জীৱন কালত সদনাম আৰু বদনাম সমানেই অৰ্জন কৰা দেৱকান্তই কি সম্পত্তি ঘটিলে? হয় হয়, তেওঁৰ আছিল সবাতোকৈ ডাঙৰ সম্পত্তি, সেয়া হ’ল ৫০ হেজাৰমান কিতাপৰ সংগ্ৰহ থকা এটা বিৰাট লাইব্ৰেৰী। ভাৰাঘৰত কিতাপ ৰাখিবলৈ ঠাই নোহোৱাত তেওঁ ভাটিয়া নামৰ বন্ধু এজনৰ ঘৰত ২০ হেজাৰমান কিতাপ থৈছিল। কিতাপ নপঢ়া আৰু নিকিনা মানুহ বুলি অসমীয়াৰ যি বদনাম আছে, সেই বদনামৰ পৰা জাতিটোক যেন উদ্ধাৰ কৰিব বিচাৰিছিল বৰুৱাই।

১৯৯৬ৰ ২৮ জানুৱাৰীত দিল্লীত মৃত্যুবৰণ কৰা বৰুৱাৰ শেষ দিনকেইটাৰ বিষয়ে জ্ঞানপীঠ বঁটা বিজয়িনী মামণি ৰয়ছম গোস্বামীয়ে লিখা কথাৰে এই নিবন্ধৰ সামৰণি মাৰিছো— “শেষবাৰৰ বাবে মই বৰুৱাদেৱক গঙ্গাৰাম হস্পিতালত দেখা কৰিব গৈছিলো। তেওঁক ‘ইনটেনচিভ কেয়াৰ ইউনিট’ত ৰখা হৈছিল। তিনি-চাৰিদিনৰ মূৰে-মূৰে ‘ডাইলেচিচ’ কৰি থাকিব লগীয়া হৈছিল। মই দুপৰীয়া তিনিটামান বজাত হস্পিতালত উপস্থিত হৈছিলো। … হস্পিতালৰ এপ্ৰ’ন আৰু জোতা পিন্ধি ভিতৰলৈ সোমাই গৈছিলো। কোঠাটোত তেওঁ অকলশৰেই আছিল। কিছু সময় আগেয়ে ডাইলেচিচ কৰা হৈছিল। ঘৰৰ মানুহবোৰ তেতিয়া আছিল যদিও এতিয়া এই মূহূৰ্তত কাষত কোনো নাছিল। মই অকলশৰে তেওঁৰ ওচৰত বহু সময় থিয় হৈ থাকিলো। –

…তেওঁৰ শৰীৰত একেবাৰে ঢিলা সাজ এযোৰ পিন্ধাই থোৱা আছিল ৷ চকু দুটা মুদ খাই আছিল। কিন্তু মুখখন সামান্যভাৱে মেল খাই আছিল৷ মাজে মাজে এক যন্ত্রণাকাতৰ শব্দ তেওঁৰ কণ্ঠেৰে বাহিৰ হৈ আহিছিল। এনে লাগিছিল, তেওঁ যেন ভিতৰি ভিতৰি এক নির্মম যন্ত্রণা পাই আছে। এই কথা মই গভীৰভাৱে উপলব্ধি কৰিছিলো। কেনেকৈ নাজানো পাছতহে গম পালো এঘণ্টাতকৈও অধিক সময় তেওঁৰ যন্ত্ৰণাকাতৰ শৰীৰৰ ওচৰত থিয় হৈ আছিলো। মানুহৰ অসহায়তাৰ এক নিৰ্মমছবিহে যেন চাই আছিলো ৷ চকু মেলি কথা ক’ব বুলি ভাবিছিলো—চকু তেওঁ মেলিব নোৱাৰিলে।

প্ৰায় ড্ৰেঘণ্টাৰ পাছত শ্ৰীমতী বৰুৱা আহিল। তেওঁৰ সৌম্য মূৰ্ত্তি দেখি শ্রদ্ধা হ’ল। …এসময়ত নৱকান্ত বৰুৱা ছাৰৰ পৰিবাৰ বীণা বাইদেৱো আহিল ৷ সকলোৱে বৰুৱাদেৱক শ্ৰদ্ধা জনাবলৈ আহিছিল । বৰুৱাদেৱে তেতিয়াও চকু মেলা নাছিল।

সেয়াই আছিল দেৱকান্ত বৰুৱাৰ স’তে মোৰ শেষ সাক্ষাৎ। এতিয়াও তেওঁৰ কথা মনলৈ আহিলে বাৰে বাৰে এসময়ৰ বিৰাট ক্ষমতাশালী মানুহজনৰ সেই অসহায়-যন্ত্রণাদগ্ধ ৰূপটোহে মোৰ চকুৰ আগত ভাঁহি উঠে।

You also Read

Reference

  • I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *