Chandraprabha Saikiani Biography in Assamese | চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনী - assamintro.com
September 28, 2022

Chandraprabha Saikiani Biography in Assamese | চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনী

নাৰীয়ে পুৰুষৰ সমানেই কাম কৰিব পাৰে, সেই কথাই বাৰে বাৰে প্ৰতিপন্ন কৰিব বিচাৰিছিল চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে। নাৰীৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে অসমলৈ জনজাগৰণ অনা চন্দ্ৰপ্ৰভাই পূর্ব স্বাধীনতা কালত দেশৰ সমগ্ৰ মানুহৰ কল্যাণৰ বাবে সকলো অশুভ শক্তিৰ বিৰুদ্ধেই যুঁজিছিল।

জন্মচন্দ্ৰপ্ৰিয়া
১৬ মাৰ্চ, ১৯০১
দৈশিঙৰী গাঁও, বজালী, বৰপেটা জিলা
মৃত্যু১৬ মাৰ্চ, ১৯৭২
গুৱাহাটী
পেচাশিক্ষয়িত্ৰী, ঔপন্যাসিকা
ভাষাঅসমীয়া
ৰাষ্ট্ৰীয়তাভাৰতীয় 
বংশদ্ভূতঅসমীয়া
নাগৰিকত্বভাৰতীয়
মাতৃশিক্ষায়তননগাঁও মিছন স্কুল
সময়১৯১৮-১৯৭২
উল্লেখনীয় কৰ্মৰাজিভাৰতৰ স্বাধীনতা আন্দোলন
উল্লেখযোগ্য বঁটাপদ্মশ্ৰী বঁটা
দাম্পত্যসংগীদণ্ডিনাথ কলিতা
সন্তানতৰুণ শইকীয়া

জন্ম

১৯০১ৰ ১৬ মার্চত বজালীৰ দৈশিঙ্গৰী গাঁৱত চন্দ্ৰপ্ৰভাৰ জন্ম। গাঁওবুঢ়া ৰাতিৰাম মজুমদাৰ আৰু গংগাপ্ৰিয়াৰ এই কন্যা সৰুৰে পৰা বেলেগ সাঁচত গঢ়া ছোৱালী। সেই কালত ছোৱালীয়ে তেনেদৰে প্ৰতিষ্ঠানিক শিক্ষা গ্ৰহণ কৰাটো সমাজৰ ৰীতি-নীতি বিৰুদ্ধ। শিক্ষানুৰাগী পিতৃ-মাতৃৰ বাবেই ১৯১১ত চন্দ্ৰপ্ৰভাই ৰূপৰ পদক লাভ কৰি প্ৰাথমিক শিক্ষা সাং কৰে। তাৰ পাছত দূৰৈৰ কৈঠালমাৰীত থকা ল’ৰাৰ এম.ভি. স্কুলত ভৰ্তি হৈ সবাতোকৈ অধিক দক্ষতা দেখুৱায়।

সেই সময়ৰ প্রথানুসৰি চন্দ্ৰপ্ৰভাৰো বাল্য বিবাহ হ’লেও সেয়া ভেঁকোভাওনা বুলি স্বামীগৃহ পৰিত্যাগ কৰিছিল চন্দ্ৰপ্ৰভাই। তেতিয়াৰ পৰাই বাল্য বিবাহৰ বিৰুদ্ধে জোৰদাৰ প্ৰচাৰ আৰম্ভ কৰিছিল। ১৩ বছৰ বয়সতে অকয়া গাঁৱত এখন ছোৱালীৰ বিদ্যালয় খুলি বাল্য বিবাহ নহয়, ছোৱালীক শিক্ষা-দীক্ষাহে দিয়া উচিত বুলি সৰ্বত্ৰ প্ৰচাৰ কৰি ফুৰিছিল অগ্নিকন্যা চন্দ্ৰপ্ৰভাই।

শিক্ষা আৰু সংগ্ৰাম

তেতিয়াৰ স্কুল ইন্সপেক্টৰ নীলকান্ত বৰুৱাই বৃত্তিৰ ব্যৱস্থা কৰি দিয়াত ভগ্নী ৰজনীপ্ৰভাক লগত লৈ এইবাৰ নগাঁৱৰ মিছন স্কুলত ভর্তি হয় আৰু নৰ্মাল শিক্ষা লাভ কৰে। এই মিছন স্কুলত পঢ়ি থাকোতেই চন্দ্ৰপ্ৰভাই লক্ষ্য কৰিছিল যে স্কুল কৰ্তৃপক্ষই ছোৱালীবোৰক ধৰ্মান্তৰিত কৰিব বিচাৰে। সেই সময়তে এগৰাকী দৰিদ্ৰ হিন্দু ছোৱালীয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ নকৰাত তাইক হোষ্টেলৰ পৰা আঁতৰাই গুদামত থাকিবলৈ বাধ্য কৰোৱা হয়। চন্দ্ৰপ্ৰভাই স্কুলৰ ছাত্ৰীসকলক সংঘবদ্ধ কৰি এই কাৰ্যৰ তীব্র প্রতিবাদ জনালে। শেহত নতশিৰ হৈ কৰ্তৃপক্ষই ছোৱালীজনীক পুনৰ হোষ্টেলত ঠাই দিবলৈ বাধ্য হ’ল। অন্যায়ৰ বিৰুদ্ধে যুঁজত নামি পৰিলে যে সেই সংগ্রামে সফলতা পাবই, সেয়া তেতিয়াই গভীৰভাৱে উপলব্ধি কৰে চন্দ্ৰপ্ৰভাই। সেইবাবে পাছৰ জীৱনত চূড়ান্ত হতাশা-গ্লানি-পৰাজয়ে আগুৰি ধৰাৰ পাছতো তেওঁ নিজা আদৰ্শ ত্যাগ নকৰি বলিষ্ঠভাৱে যুঁজি যাব পাৰিছিল।

মিছন স্কুলৰ পৰা নৰ্মাল শিক্ষা লৈ নগাঁৱতে এখন স্কুল খুলি শিক্ষকতা কৰিলে চন্দ্ৰপ্ৰভাই। তাৰ পাছত তেজপুৰত ছোৱালীৰ বাবে নতুনকৈ গঢ়ি উঠা এম.ভি. স্কুলৰ প্রধান শিক্ষয়িত্ৰীৰ দায়িত্ব ল’লে। তেজপুৰলৈ গৈ চন্দ্ৰপ্ৰভাই বিখ্যাত আগৰৱালা পৰিয়ালত আশ্রয় পায়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স’তে তেওঁৰ বন্ধুত্ব গঢ়ি উঠে আৰু জ্যোতিৰ মাতৃ কিৰণময়ী আগৰৱালাৰ তত্ত্বাৱধানত চন্দ্ৰপ্ৰভা থাকিবলৈ লয়। সেই সময়ছোৱাতে তেওঁ লক্ষ্মীধৰ শৰ্মা, চন্দ্ৰনাথ শৰ্মা, অমিয় কুমাৰ দাস আদিৰ সংস্পৰ্শলৈ আহে আৰু স্বাধীনতা আন্দোলনৰ বহ্নি শিখা চাৰিওফালে বিস্তাৰৰ বাবে চেষ্টা কৰে। ১৯২০ত তেজপুৰত ছাত্ৰ সন্মিলনৰ অধিৱেশনত স্বেচ্ছাসেৱিকা দলৰ নেতৃত্ব লয় আৰু কানি নিবাৰণৰ সপক্ষে অমিয় কুমাৰ দাসৰ বক্তব্যক সমর্থন কৰি ভাষণ দিয়ে। সেই সময়ত সমাজৰ কঠোৰ নিয়ম-নীতিত আবদ্ধ এগৰাকী নাৰীয়ে ৰাজহুৱা সভা এখনত ভাষণ দিয়াটো সঁচাই আচৰিত কথা আছিল। তেনে বিশাল জনসমুদ্ৰৰ সন্মুখত ভাষণ দিয়া প্রথম অসমীয়া নাৰী বোধহয় চন্দ্ৰপ্ৰভাই।

প্ৰেম আৰু বিবাহ

স্বাধীনতা আন্দোলনৰ পৃষ্ঠপোষকতাত চন্দ্ৰপ্ৰভাই তেজপুৰত নাৰীবাদী আন্দোলনো গঢ়ি তুলিছিল। পুৰুষৰ দৰেই নাৰীয়েও যে সমাজৰ সকলো ক্ষেত্ৰতে সম অধিকাৰ পাব লাগে, এই মতামত তেওঁ সজোৰে ব্যক্ত কৰিছিল। সাহিত্য ক্ষেত্ৰতো আগ্রহ থকা চন্দ্ৰপ্ৰভা এই সময়ছোৱাতে প্ৰেমত পৰিছিল তেজপুৰৰ ডেকা সাহিত্যিক দণ্ডিনাথ কলিতাৰ। প্ৰাক-কৈশোৰতে বাল্য বিবাহৰ বিৰুদ্ধাচৰণ কৰি শহুৰৰ ঘৰৰ পৰা ওলাই আহি স্বাধীন জীৱন-যাপন কৰিব বিচৰা চন্দ্ৰপ্ৰভা আৰু দণ্ডিনাথৰ সম্পৰ্ক বহুদূৰ আগুৱাই গ’ল আৰু সমাজৰ চকুৰ আঁৰতেই তেওঁলোক গন্ধর্ব বিয়াতো আবদ্ধ হ’ল। কিন্তু দণ্ডিনাথ কলিতাই বোৱাৰীৰূপে চন্দ্ৰপ্ৰভাক নিজৰ ঘৰলৈ নিব নোৱাৰিলে। কাৰণ সুতকুলীয়া বংশৰ কন্যা চন্দ্ৰপ্ৰভাক বোৱাৰী হিচাপে গ্ৰহণ কৰিবলৈ পৰিয়ালৰ কোনো লোকেই সন্মত নহ’ল। …

চন্দ্ৰপ্ৰভাই চাইকেল চলাই ফুৰা অসমৰ প্ৰথম মহিলা। সকলো ঘৰুৱা দায়িত্ব কান্ধ পাতি লোৱা স্বাধীন মনৰ এই নাৰীয়ে ভগ্নী ৰজনীপ্ৰভাক কলিকতালৈ ডাক্তৰী পঢ়িবলৈ পঠিয়াইছিল। অসমৰ প্ৰথম মহিলা এম.বি.বি.এছ. আছিল ৰজনীপ্রভা। অৱশ্যে পাছত এওঁ মানসিক বিকাৰগ্ৰস্ত হোৱাটো তীব্র আঘাত আছিল চন্দ্ৰপ্ৰভাৰ বাবে।… কিন্তু যিমানেই দুখ-সংঘাতে চন্দ্ৰপ্ৰভাক ক্ষতবিক্ষত কৰে, সিমানেই তেওঁ বেছি জেদী-উজ্জ্বল হৈ উঠে; মনটো বহল হয়, কর্মক্ষেত্রও হৈ পৰে বিস্তৃত।

স্বাধীনতা আন্দোলনত যোগ

১৯২১ত চন্দ্ৰপ্ৰভাই তেজপুৰত মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰাৰ পাছৰে পৰাই মন-প্ৰাণ সঁপি স্বাধীনতা আন্দোলনত নামি পৰিল আৰু খদ্দৰৰ কাপোৰ পিন্ধি গান্ধীজীৰ আদৰ্শ প্রচাৰত লাগিল। কংগ্ৰেছৰ কামৰ লগতে নাৰীমুক্তিৰ সংগ্ৰামত নামি পৰা চন্দ্ৰপ্ৰভাই তেজপুৰ ত্যাগ কৰি বজালীলৈ আহি এখন স্কুলত যোগদান কৰিছিল আৰু নানা কটু মন্তব্যক আওকাণ কৰি চাইকেলত উঠি স্কুললৈ অহা-যোৱা কৰিছিল। ১৯২৫ত নগাঁৱত ৰজনীকান্ত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনত চন্দ্ৰপ্ৰভাই শিশু পুত্র অতুলক কোলাত লৈ পুৰুষৰ লগত একেলগে মঞ্চত বহিছিল। তেতিয়াৰ দিনত সেয়া আছিল নোহোৱা-নোপোজা কাণ্ড। অথচ সেই অধিৱেশনত আনবোৰ মহিলা ওৰণিৰে আবৃত হৈ বাঁহৰ চিকৰ আঁৰত এনেদৰে বহিছিল যাতে পুৰুষসকলে তেওঁলোকক ভালদৰে দেখা নাপায়। অধিৱেশনস্থলীত তেওঁৰ ওজস্বী ভাষণত চন্দ্ৰপ্ৰভাই কৈছিল যে বাঁহৰ চিকৰ তলত নাৰীয়ে তেনেকৈ বহি থকা আৰু এজাক জীৱ-জন্তুক লোৰ গড়ালত সুমুৱাই থোৱাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। পুৰুষ প্রাধান্যতাৰ এই শিকলি ছিঙি নাৰীক আগবাঢ়ি আহিবলৈ চন্দ্ৰপ্ৰভাই আহ্বান জনাইছিল। চন্দ্ৰপ্ৰভাৰ সেই বক্তৃতা ইমানেই শক্তিশালী আছিল যে সেইদিনা সমবেত নাৰী সমাজে বাঁহৰ বেৰা ভাঙি উন্মুক্ত প্রাংগনলৈ ওলাই আহিছিল। সঁচা অৰ্থত সেইদিনাৰ পৰাই যেন অসমীয়া নাৰী সমাজত প্ৰচলিত পৰ্দা প্ৰথাৰ অৱসান ঘটিল।

কৰ্মজীৱন

ইতিমধ্যে চৰকাৰী চাকৰি ত্যাগ কৰি চন্দ্ৰপ্ৰভাই অসমৰ নাৰী সমাজৰ উন্নতিৰ বাবে জীৱন উৎসৰ্গা কৰিবলৈ ওলাল। ১৯২৬ত তেওঁ অশেষ চেষ্টাৰ বলত স্থাপন কৰিলে ‘অসম প্রাদেশিক মহিলা সমিতি’। সমিতিৰ যোগেদি অসমৰ নাৰীয়ে শিক্ষা লাভ কৰাৰ উপৰি অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ লগতে নিজৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰে, সেই বিষয়ত তেওঁ অহৰহ দৃষ্টি দিছিল। এই সমিতিৰ শাখাসমূহ গাঁৱে ভূঞে প্রতিষ্ঠা কৰিবৰ বাবে তেওঁ অসমৰ বিভিন্ন প্ৰান্তৰত ঘূৰি ফুৰিব ধৰিলে। এই মহিলা সমিতি গঠনৰ সম্পৰ্কত চন্দ্ৰপ্ৰভাই এবাৰ কৈছিল— “আমাৰ গাঁওবোৰ ইমান পিছপৰা, মানুহবোৰ শিক্ষা-দীক্ষা সকলোতে পিছপৰা, কু-সংস্কাৰে সকলোৰে মনবোৰ এনেকৈ পুতি থৈছে যে তাৰ মাজত মাইকী মানুহবোৰ আৰু কিমান পিছপৰি থাকিব পাৰে ভাবাচোন! গতিকে তেওঁলোকক আগুৱাই নিবলৈ মহিলা সমিতি গঠন কৰাৰ খুব প্রয়োজন বুলি মই ভাবোঁ।”…১৯২৬ৰ পৰা ‘৬৩ চনলৈ ৩৭ বছৰ ধৰি চন্দ্ৰপ্ৰভাই সাধাৰণ সম্পাদিকা আৰু ‘৬৩ৰ পৰা ছবছৰলৈ তেওঁ এই সমিতিৰ সভানেত্ৰী হৈ অনুষ্ঠানটোক নাৰীৰ আশা-আকাংক্ষাৰ প্ৰতীক হিচাপে গঢ় দিছিল।

১৯২৯ত আৰম্ভ হোৱা আইন অমান্য আন্দোলনত জঁপিয়াই পৰি গুৱাহাটীৰ কটন কলেজত তেওঁৰ প্ৰথমটো, ৰাজনৈতিক বক্তৃতা দিছিল শইকীয়ানীয়ে। আন্দোলনৰ নেত্ৰী হিচাপে তীব্ৰভাৱে কার্যকলাপ চলাই ১৯৩০ত কে’বামাহো কাৰাবাস খাটিবলৈ বাধ্য হয় চন্দ্ৰপ্ৰভা। তদুপৰি ‘৪২ৰ ভাৰত ত্যাগ আন্দোলনতো কে’বামাহৰ জেল খটা চন্দ্ৰপ্ৰভাই অন্য সময়তো কাৰাবাস খাটিবলৈ বাধ্য হৈছিল। ‘৩২ চনত তেওঁ গহপুৰৰ ‘ছয়দুৱাৰ ৰায়ত সভা’ৰ মহিলাৰ অশ্বাৰোহী দলৰ নেতৃত্ব লৈছিল। কাৰাগাৰৰ বাহিৰত থকাৰ সময়ছোৱাতো চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীয়ে চান্দা তুলি জে’লত থকা দুখীয়া ব্যক্তিৰ পৰিয়ালক বিভিন্ন ধৰণে সহায়ৰ লগতে কৰ্তৃপক্ষৰ অনুমতি লৈ বন্দীসকলক চাবোন, তেল, আঁঠুৱা আদিৰ যোগান ধৰিছিল।

সাহিত্যকৃতি

১৯৩৭ত তেওঁ প্ৰকাশ কৰি উলিয়ায় ‘পিতৃ-ভিঠা’ উপন্যাস। পাছত কণ্ঠমালা, অপৰাজিতা, শেষ আশ্রয় আদি কে’বাখনো উপন্যাস তেওঁ লিখিছিল। ১৯৪৭ৰ পৰা প্ৰকাশিত ‘অসম মহিলা সমিতি’ৰ মুখপত্র ‘অভিযাত্রী’ৰ সম্পাদিকা আছিল শ‍ইকীয়ানী নিজেই। তদুপৰি নতুন অসমীয়া, দৈনিক অসম, অসম বাতৰি, অসম বাণী আদি অসংখ্য কাকতে-পত্ৰই চন্দ্ৰপ্ৰভাই বহু লেখা লিখি থৈ গৈছে। ১৯৬৯ত ‘মহাত্মা গান্ধীৰ শেষ কথা’ নামৰ পুথিখন তিনি ভাগত অনুবাদ কৰিছিল।…

মৃত্যু আৰু সন্মান প্ৰদান

বিনোৱা ভাবেৰ সহযোগী হৈ ভূ-দান আন্দোলনত তেওঁ অন্তঃকৰণেৰে নামিছিল। ‘৭২ত শ‍ইকীয়ানীয়ে লাভ কৰিছিল ‘পদ্মশ্ৰী’। মুক্তি যুঁজাৰু আৰু সাহসী নাৰীৰ উজ্জ্বল প্রতীক চন্দ্ৰপ্ৰভাই ১৯৭২ৰ ১৬ মাৰ্চত ইহলীলা সম্বৰণ কৰে।

১৯৬৯ চনৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটাত শইকীয়ানী সামাজিক কাম-কাজৰ পৰা অব্যাহতি লয়। ১৯৭২ চনৰ ১৬ মাৰ্চ তাৰিখে কৰ্কট ৰোগত গুৱাহাটীতে তেওঁ মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ কেইমাহমান আগতে ভাৰত চৰকাৰে তেওঁক, ১৯৭২ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰে। ২০০২ চনত ডাক বিভাগৰ অধীনত যেতিয়া সমাজ সংস্কাৰক সকলৰ নামেৰে স্মাৰক ডাক টিকট জাৰী কৰা হৈছিল, তেতিয়া তেখেতৰ নামতো এটা ডাক টিকট জাৰী কৰি তেওঁক সন্মানিত কৰা হৈছিল। উত্তৰ-পূব ভাৰতত মহিলাশিক্ষাৰ প্ৰচাৰৰ বাবে ২০০৯ চনত গুৱাহাটীৰ কামৰূপত চৰকাৰী পলিটেকনিক  তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল। তাৰ বাহিৰেও তেজপুৰ বিশ্ববিদ্যালয়ে তেওঁৰ নামত চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰ স্থাপন কৰিছল।

তেখেতৰ নামত চাৰিখন জীৱনী নথিভুক্ত কৰা হৈছে:

পুষ্পলতা দাসৰ দ্বাৰা অগ্নিস্নাতা চন্দ্ৰপ্ৰভা (১৯৯৮)

অচ্যুত কুমাৰ শৰ্মাৰ দ্বাৰা চন্দ্ৰপ্ৰভা চাইকিয়ানি (২০০১)

হিৰোন্ময়ী দেৱীৰ দ্বাৰা মুক্তিসংগ্ৰামী চন্দ্ৰপ্ৰভা (২০০২)

অঞ্জলি শৰ্মাৰ দ্বাৰা চন্দ্ৰপ্ৰভা (২০১১)

অভিযাত্ৰী, প্ৰখ্যাত অসমীয়া ঔপন্যাসিক আৰু হোমেন বৰগোহাঞিৰ পত্নী নিৰুপমা বৰগোঁহাঞিৰ এখন উপন্যাস হৈছে শইকীয়ানীৰ জীৱনৰ এক কাল্পনিক বিৱৰণ  আৰু উপন্যাসখনে ১৯৯৬ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। পিছলৈ প্ৰদীপ্ত বৰগোহাইয়ে ‘অভিযাত্ৰীঃ ৱান লাইফ মেনি ৰিভাৰ্ছ’ নাম দি উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰে।

Leave a Reply

Your email address will not be published.