March 16, 2024

Care of Pregnant Women and Child Health in Assamese। গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি

Care of Pregnant Women and Child Health in Assamese। গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি

Table of Contents

গর্ভৱতী মহিলাই প্রসৱৰ পূর্বে, প্ৰসৱৰ সময়ত তথা প্ৰসৱৰ পিছত ল’বলগীয়া যতনৰ হাতপুথি Care of Pregnant Women and Child Health in Assamese

এই হাতপুথিখনৰ জৰিয়তে গৰ্ভৱতী মহিলা আৰু নৱজাতক শিশুৰ প্ৰতি ল’ব লগা বিভিন্ন গুৰুত্বপূর্ণ ব্যৱস্থাৱলী যেনে গৰ্ভাৱস্থাত ল’বলগীয়া যতন তথা সাৱধানতা, সন্তানটিৰ জন্মৰ ঠিক পিছতে কৰণীয় যেনে টীকাকৰণ, পুষ্টিসাধন, শিশুটিক নিৰােগীকৈ ৰাখিবলৈ ল’ব লগা সাৱধানতা ইত্যাদি বিষয়ে সম্যক জ্ঞান দিব বিচৰা হৈছে। এই বিষয়ে আৰু অধিক জানিবলৈ হ’লে আপুনি আপােনাৰ নিচেই ওচৰতে থকা স্বাস্থ্যকেন্দ্ৰলৈ যাওক অথবা আপােনাৰ গাঁৱৰ আশা কর্মীগৰাকীক লগ ধৰক

Care of Pregnant Women and Child Health in Assamese। গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি
Care of Pregnant Women and Child Health in Assamese। গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি

সুৰক্ষিত মাতৃত্ব

গৰ্ভৱতী মহিলাগৰাকীৰ সুস্বাস্থ্য তথা শিশুটিৰ সুৰক্ষিত প্ৰসৱৰ উদ্দেশ্যে চৰকাৰে লােৱা কিছুব্যৱস্থাঃ

এই ব্যৱস্থাৰ জৰিয়তে –

  • জননী সুৰক্ষা যােজনাৰ অধীনত গাঁও অঞ্চলৰ পাবলগীয়া ১৪০০/-টকাৰ কুপন প্রদান কৰা হ’ব।
  • প্রসুতি মাতৃ আৰু নৱজাতকৰ সু-স্বাস্থ্য নিশ্চিত কৰাৰ বাবে জননী শিশু সুৰক্ষা কার্যসূচী।
  • অসম বিকাশ যােজনাৰ অন্তৰ্গত মা-মণিৰ জৰিয়তে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক গৰ্ভাৱস্থাত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিবলৈ ১০০০/-টকাকৈ দুটা কিস্তিত প্ৰদান কৰা হ’ব।
  • প্ৰসৱপূর্বক স্বাস্থ্যপৰীক্ষাৰ সময়ত উপ স্বাস্থ্য কেন্দ্র বা গাঁও স্বাস্থ্য আৰু পুষ্টিদিনত এ.এন এম.ৰ পৰা মামণিৰ চেক্ লাভ কৰিব।
  • তৎকালীন সময়ত গৰ্ভৱতী মহিলা গৰাকীক ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ প্রেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই সুবিধাৱলী লাভ কৰিবলৈ হ’লে—

প্রথমে, গৰ্ভাৱস্থা নিশ্চিতকৰণৰ পাছত ওচৰৰ স্বাস্থ্যকেন্দ্ৰত নিজৰ নাম পঞ্জীয়ন কৰাওঁক।

দ্বিতীয়তে, ওচৰৰ যিকোনাে বেংকত মহিলাগৰাকীৰ নামত এটা একাউন্ট খুলি লওঁক যাতে উণিমূলক মাননিসমূহ পােৱাত সহজ হয়।

মহিলাৰ স্বাস্থ্য সম্বন্ধে জানিবলগীয়া কিছু কথা

  • গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখক।
  • পৰিস্কাৰ পৰিৱেশ আৰু স্বাস্থ্যকেন্দ্ৰতহেমহিলাগৰাকীৰ পৰীক্ষা কৰাওক।
  • পতি-পত্নীয়ে বিচাৰিলেহে গৰ্ভধাৰণৰ কথা চিন্তা কৰক। মাক আৰু সন্তানৰ স্বাস্থ্যৰ প্রতি পৰিয়ালৰ প্রত্যেকে যত্ন লওঁক। তেতিয়াহে মাতৃ-সন্তান সুস্বাস্থ্যৰ অধিকাৰী হ’ব। এয়া সম্ভৱ হ’ব তেতিয়াহে –

– যেতিয়া গাঁৱত সকলােৱে এই বিষয়ে জানিব।

– যেতিয়া প্রত্যেক দম্পতিয়ে নিজৰ ইচ্ছা আৰু সুবিধা অনুযায়ী পৰিয়াল কল্যাণ সেৱা গ্ৰহণ কৰিব।

এই সন্দৰ্ভত পুৰুষ সকলেও নিজৰ দায়িত্ব উপলব্ধি কৰি পত্নীসকলক গৰ্ভাৱস্থাত ল’বলগীয়া স্বাস্থ্য যতনত সহযােগ কৰক আৰু এই প্রক্রিয়াৰে প্রসূতি আৰু শিশু স্বাস্থ্যৰ সেৱাৰ সুফল গাঁৱৰ প্রতিটো পৰিয়ালেই উপভােগ কৰক।

প্রজনন আৰু শিশু স্বাস্থ্যৰ সৈতে জড়িত কিছু গুরুত্বপূর্ণ কথা

  • মহিলাসকলে মাহেকীয়া ঋতুস্ৰাৱ হােৱাৰ দিনৰ সঠিক হিচাব ৰাখিব লাগে।
  • গর্ভধাৰণৰ চিনাক্তকৰণ নিম্নলিখিত লক্ষণসমূহৰ দ্বাৰা কৰা হয়
    • মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হােৱা।
    • বমি হােৱা, বিশেষকৈ ৰাতিপুৱা সময়ত (সকলাে মহিলাৰনহয়)
    • স্তনৰ আকাৰ ডাঙৰ হােৱা।
    • পেটৰ আকাৰ ডাঙৰ হােৱা।

ইয়াৰােপৰিপ্ৰস্ৰাৱ পৰীক্ষা কৰিও গর্ভধাৰণ নির্ণয় কৰিব পাৰি।

  • গর্ভধাৰণৰ লগে লগেই স্বাস্থ্যকেন্দ্ৰতনাম পঞ্জীয়ন কৰাই নিয়মিত পৰীক্ষা কৰাওক।
  • গৰ্ভৱতী অৱস্থাত নিয়মিতভাৱে পুষ্টিকৰ আহাৰ খােৱাটো নিশ্চিত কৰক, যাতে নিজৰ আৰু গৰ্ভত থকা সন্তানটোৰ আৱশ্যকীয় পুষ্টিসাধন হয়।
  • টিটেনাছ বেজী লওক আৰু আয়ৰণ ফলিক এচিডৰ এটাকৈ বৰি ১০০ দিনলৈকে খাওক। তেজ কম থকা সকলে দিনে দুটাকৈ বৰি ১০০ দিনলৈ খাওক।
  • পৰিপুষ্টিআৰুপ্ৰসৱৰ বিষয়ে স্বাস্থ্য কর্মীৰ পৰা পৰামৰ্শ লওক।
  • গৰ্ভৱতী মহিলাসকলে প্রয়ােজনতকৈ অধিক শ্ৰম কৰিব নালাগে আৰু গধুৰ বস্তু দাঙিব নালাগে। পর্যাপ্ত আৰাম কৰক আৰু খােজ কঢ়া বা তেনেধৰণৰ সাধাৰণ কাম-কাজ কৰক।
  • গৰ্ভাৱস্থাৰ আৰম্ভণিৰ পৰা সন্তান প্রসৱৰ সময়লৈকে মহিলাগৰাকীৰ ওজন ১০-১২ কেজি বাঢ়িব লাগে!
  • প্রতিবাৰ প্ৰসৱপূর্বক পৰীক্ষাৰ সময়ত ওজন, হিম’গ্লবিন পৰীক্ষা আৰু ৰক্তচাপ নিয়মীয়াকৈ চাওঁক।যদি ওজন কম বা বেছিহয় তেন্তেডাক্তৰৰ পৰামৰ্শ ল’ব লাগে।
  • গৰ্ভাৱস্থাত জটিলতা ধৰা পৰিলে চিকিৎসকৰ পৰামর্শ মতে ব্যৱস্থা ল’ব লাগে।

মাক আৰু সন্তানৰ স্বাস্থ্যৰ বাবে কেতিয়া আহিব পাৰে সমস্যা

গর্ভধাৰণৰ আগতে

  • মহিলাগৰাকীৰ বয়স ১৮ বছৰৰ কম বা ৩৫ বছৰৰ বেছিহলে।
  • মহিলাগৰাকীৰ উচ্চতা ৫ ফুটতকৈ কম হলে (১৪৫ ছে. মি.)।
  • মহিলাগৰাকীৰ ওজন ৩৮ কি.গ্রা. তকৈ কম হলে।
  • আগৰটো মৃত সন্তান জন্ম হােৱা বা আগতে গর্ভপাত হােৱা।
  • চাৰিটাতকৈ অধিক সন্তান হলে। ০ আগৰটো প্রসৱ কষ্টেৰে বা অপাৰেশ্যনৰ দ্বাৰা কৰা হ’লে।
  • আগতে ২ কে. জি.তকৈ কম ওজনৰ সন্তান বা সময়তকৈ আগতে সন্তান জন্ম হােৱা৷
  • শেহতীয়া সন্তানটোৰ বয়স যদি ২ বছৰতকৈ কম হয়।
  • গৰ্ভাৱস্থাত যদি হৃদৰােগ,মধুমেহ আদি ৰােগত আক্রান্ত হয়।
  • মহিলাগৰাকী যদি প্ৰৱল ৰক্তাল্পতাত ভূগি আছে।

Care of Pregnant Women and Child Health in Assamese গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি

গভাৱস্থাত

  • অতিপাত বমি।
  • প্রথম দুই-তিনি মাহত তলপেটৰ বিষ বা লগতে ৰক্তস্রাৱ।
  • গৰ্ভাৱস্থাৰ শেষৰ ফালে বিষ নােহােৱাকৈ ৰক্তস্রাৱ হলে।
  • হাত, ভৰি, মুখমণ্ডল ফুলি উঠা।
  • মূৰ ঘূৰনি / চকুৰে জলক-তবক দেখা।
  • অতিপাত জ্বৰ হােৱা।
  • অন্য উপসর্গ দেখা দিলে।

এনে বিপদজনক অৱস্থাত চিকিৎসকৰ পৰামৰ্শৰ অতি প্রয়ােজন আৰু ওচৰৰ চিকিৎসালয়ত চিকিৎসকৰ দ্বাৰা বা অৰ্হতাসম্পন্ন স্বাস্থ্যকর্মীৰ দ্বাৰা পৰীক্ষা কৰাব লাগে। গৰ্ভাৱস্থাৰ সময়চোৱাত দেখা দিয়া বিপদজনক সংকেতসমূহৰ বাবে অতি সােনকালে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে আৰু ওচৰৰ সুব্যৱস্থা থকা চিকিৎসালয়লৈ নিয়া উচিত।

সুৰক্ষিত প্ৰসৱৰ বাবে নিম্নলিখিত সাৱধানতাসমূহ পালনকৰা আৱশ্যক

  • প্রসৱ কোনাে সু ব্যৱস্থা থকা স্বাস্থ্য কেন্দ্ৰত কৰাওক।
  • সন্তান জন্ম হােৱাৰ লগে লগেই, অর্থাৎ আধা ঘন্টাৰ পৰা এক ঘন্টাৰ ভিতৰতে স্তনপান কৰাওক।
  • পিচৰ সন্তানৰ বাবে উচিত ব্যৱধান (অতি কমেও তিনিবছৰ) ৰাখিবৰ বাবে পৰিয়াল পৰিকল্পনাৰ কোনাে উপায় গ্রহণ কৰক।

প্রথম কৰণীয়

আপােনাৰ যদি মাহেকীয়া ঋতুস্ৰাৱ হােৱা নাই বা গৰ্ভধাৰণ কৰিছে বুলি সন্দেহ আছে তেন্তে তৎক্ষণাত ওচৰৰ আশাকর্মী গৰাকীক লগ ধৰক।

  • যদি আপুনি গৰ্ভৱতী তেন্তে সন্তান জন্মৰ আগৰ, প্ৰসৱৰ সময়ত, প্ৰসৱৰ পিছত ল’বলগীয়া সকলাে সেৱাৰ সবিশেষ আশাকর্মীগৰাকীয়ে আপােনাক জনাব।
  • গৰ্ভৱতী মহিলা তথা শিশুৰ পঞ্জীয়ন, টীকাকৰণ, বিপদকালীন সময়ত বিনামূলীয়াকৈ বাহনৰ দ্বাৰা স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ আদি সকলাে সময়তে আশা কর্মীগৰাকী আপােনাৰ লগত থাকিব।
Care of Pregnant Women and Child Health in Assamese। গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি
Care of Pregnant Women and Child Health in Assamese।
গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি

গৰ্ভাৱস্থাৰ সময়ত ল’ব লগা যতন

পৰিয়ালে নিশ্চিত কৰিব

  • গৰ্ভাৱস্থাৰ সময়ত যাতে মহিলাগৰাকীয়ে যথেষ্ট পৰিমাণে পুষ্টিকৰ আহাৰ খায় আৰু এইছােৱা সময়ত যাতে তেওঁব্রত পালননকৰে।
  • গৰ্ভাৱস্থাৰ সময়ত সুৰা আৰু ধুমপান কৰা অনুচিত।
  • চিকিৎসকৰ পৰামৰ্শ লৈহেঔষধসেৱন কৰা উচিত।
  • এগৰাকী গৰ্ভৱতী মহিলাই দিনৰ ভাগত কমেও দুঘন্টাকৈ বিছনাত শুই জিৰণি ল’ব।
  • ঘৰুৱা কাম-কাজৰ মাজে মাজে দিনৰ ভাগত অলপ সময়ৰ বাবে জিৰণি লােৱা আৱশ্যক। জিৰণি লওঁতে কাটি হৈ শুব।

গৰ্ভৱতী মহিলাৰ আহাৰ

একোগৰাকী গৰ্ভৱতী মহিলাই অধিক পৰিমাণে আহাৰ খােৱা দৰকাৰ, কিন্তু এবাৰতে বেছিকৈ খাব নালাগে। কম কমকৈ ঘনাই খােৱা উচিত।

  • ভাত, ৰুটি আদিৰ লগতে সেউজীয়া শাক-পাচলি, ফল মূল, ডাইল, কণী, চয়াবিন, মাছ-মাংস, গাখীৰ আৰু
  • গাখীৰৰপৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্য তেওঁ খােৱা উচিত।
  • তেওঁ কেৱল আয়ােডিনযুক্ত নিমখহে খােৱা উচিত।
  • আয়ােডিনযুক্ত নিমখ খালে গর্ভপাত হােৱা, মৃত সন্তান প্ৰসৱ কৰা, নির্দিষ্ট সময়ৰ আগতে প্ৰসৱ হােৱা আদি ঘটনা নঘটে।

  • নিমখ বা নিমখীয়া বস্তু কমকৈ খাব লাগে, অধিকমাত্ৰাত নিমখ খালে, ৰক্তচাপ বঢ়া, ভৰি ফুলা আদিহ’ব।

সঠিক মাত্রাত খােৱা-বােৱা কৰিলে গৰ্ভাৱস্থাৰ সময়ত প্রয়ােজনীয় দৈহিক ওজন লাভ কৰিব পাৰি। ইয়াৰ ফলত গর্ভস্থ সন্তানটিৰাে ওজন বৃদ্ধি পায়।

গৰ্ভাৱস্থাত আৱশ্যকীয় ঔষধ

  • গৰ্ভাৱস্থাত হােৱা ৰক্তাল্পতাৰ ফলত নির্দিষ্ট সময়তকৈ আগতেই প্ৰসৱ হ’ব পাৰে। তদুপৰি মৃত শিশু বা কম ওজনৰ শিশু জন্ম হ’ব পাৰে।
  • অত্যাধিক ৰক্তাল্পতাৰ ফলত সংকটজনক অৱস্থাটো পৰিব পাৰে। সেয়েহে চিকিৎসকৰ পৰামর্শ মতে আইৰণ আৰু ফলিক এচিডৰ টেবলেট খাব লাগে।
  • ফলিক এচিড ঃ গৰ্ভাৱস্থাৰ আৰম্ভণিৰ পৰা ৩ মাহলৈ ফলিক এচিডৰ টেবলেট (5mg.) দিনে এটাকৈ চিকিৎসক। এ. এন. এম. ৰ পৰামর্শ মতে খাব লাগে। ফলিক এচিডে ভ্ৰণৰ বিকাশত সহায় কৰে আৰু শৰীৰত তেজবঢ়ায়।
  • আইৰণ ঃ গৰ্ভাৱস্থাৰ তিনি মাহৰ পিছৰ পৰা দিনে এটাকৈ আইৰণ ফলিক এচিড (আই. এফ. এ.) টেবলেট খাব লাগে। অতি কমেও ১০০ টা আইৰণ টেবলেট খােৱা উচিত। তেজ কম থকা বা ৰক্তাল্পতাত ভােগা মহিলাসকলে দিনে দুটাকৈ অতি কমেও ১০০ দিনলৈ আইৰণৰ টেবলেট খােৱা উচিত। প্রসৱৰ পিছৰ ৩/৪ মাহলৈও এই টেবলেট খাই থাকিব পাৰিলে ভাল হয়।
  • কেলচিয়ামঃ আইৰণ আৰু ফলিক এচিডৰ উ পৰিও গভাৱস্থাৰ সময়ত কেলচিয়াম টেবলেটও খাব লাগে। গৰ্ভাৱস্থাৰ ৩ মাহৰ পৰা প্রসবৰ পিচত কেঁচুৱাক গাখীৰ খুৱাই থকালৈকে এটাকৈ দিনে কেলচিয়ামৰ টেবলেট খাব লাগে।

ৰক্তাল্পতাৰ লক্ষণবিলাক হৈছে

Care of Pregnant Women and Child Health in Assamese। গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি
গৰ্ভৱতী মহিলাৰ লক্ষণ

প্ৰসৱপূর্বক পৰীক্ষা

গর্ভবতী মহিলাগৰাকীয়ে কমেও চাৰিবাৰ প্ৰসৱপূর্বক পৰীক্ষা কৰাওক। প্রতিবাৰে পৰামৰ্শ ল’বলৈ আহােতে ৰক্তচাপ পৰীক্ষা কৰাব।

  • উচ্চ ৰক্তচাপ শিশু আৰু মাতৃ উভয়ৰে বিপদৰ কাৰণইব পাৰে।
  • ৰক্তচাপ ১৩০/৮০ ৰ অধিক হলে চিকিৎসক পৰামৰ্শ ল’ব।
  • তেজৰ হিম’গ্লবিন পৰীক্ষা কৰাটো অতি আৱশ্যক।
  • প্রতিবাৰ পৰামৰ্শৰ বাবে আহােতে গৰ্ভৱতী ৰক্তচাপ মহিলাগৰাকীয়ে ওজন পৰীক্ষা কৰাব।
  • গৰ্ভাৱস্থাৰ সময়ছােৱাত ওজন ১০-১২ কেজিমান বৃদ্ধি পােৱা দৰকাৰ। শেষৰ ছয়মাহত মাহে কমেও ২ কেজিকৈ বৃদ্ধি হােৱা দৰকাৰ।

ওজন লােৱাটো প্রয়ােজনীয়

  • ওজন কমকৈ বাঢ়িলে জন্মৰ সময়ত শিশুটিৰ আকৃতি সৰুহ’ব পাৰে। ফলত শিশুটিৰ বৃদ্ধি কমকৈ হােৱাৰ উপৰি স্বাস্থ্যও ভালে নাথাকিব পাৰে। শিশুটিৰ ওজন ২.৫কেজিতকৈ কম হ’লে ৰুগীয়া হােৱাৰ সম্ভাৱনা থকাৰ লগতে এনে শিশুবােৰৰ মৃত্যুৰ হাৰাে অধিক হয়

Care of Pregnant Women and Child Health in Assamese গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি

টি টি (টিটেনাছ টক্সাইড) ইঞ্জেকশ্বন

গৰ্ভৱতী মহিলা এগৰাকীয়ে টি টি ইঞ্জেকশন লােৱা উচিত |

  • গৰ্ভাৱস্থাৰ প্রথম ৪-৫ মাহৰ ভিতৰত প্ৰথমটো টি টি ইঞ্জেকশ্বন অর্থাৎ ধনুষ্টংকাৰ প্ৰতিৰােধী বেজী ল’ব লাগিব। দ্বিতীয়টো ইঞ্জেকশ্বন ল’বলাগিব ইয়াৰ এমাহৰ পাছত। ।
  • মহিলাগৰাকীয়ে যদি শেহতীয়া সন্তান জন্মৰ তিনিবছৰতকৈ কম সময়ৰ পূর্বে গর্ভধাৰণ কৰিছিল আৰু সেই সময়ত যদি তেওঁ টি টি ইঞ্জেকশ্বন লৈছিল তেন্তে তেওঁ এটা টিটিইঞ্জেকশ্বন ললেই হ’ব।
  • কোনাে কাৰণত টি টি ইঞ্জেকশ্বন যথা সময়ত লােৱা নহলে। প্রসৱৰ এমাহ পূর্বে এই ইঞ্জেকশ্বন লােৱা পর্ব শেষ কৰা উচিত।
    • গৰ্ভাৱস্থাৰ সময়ত টি টি ইঞ্জেকশ্বনে মাক আৰু শিশু উভয়কে টিটেনাছৰ দৰে মাৰাত্মক ৰােগৰ পৰা ৰক্ষা কৰে।

গর্ভবতী মহিলাই কৰিবলগীয়া কাম

  • যিহেতু আপুনিয়েই গর্ভস্থ সন্তানটিৰ বাবে প্রয়ােজনীয় সকলাে পৰিপুষ্টিৰ উৎস, সেয়ে আপুনি পুষ্টিকৰ আৰু সুষম আহাৰ গ্ৰহণ কৰাটো অতি গুৰুত্বপূর্ণ। কম পৰিমাণত আৰু সঘনাই আহাৰ গ্ৰহণ কৰিব লাগে আৰু যথেষ্ট পৰিমাণে পানীখাব লাগে।
  • আপােনাৰ দৈনিক আহাৰৰ তালিকাত গাখীৰ আৰু গাখীৰজাতীয় বস্তু, সেউজীয়া শাক-পাচলি, ডাইল আৰু মাহ জাতীয় খাদ্য, ফল-মূল, কণী, মাছআৰুমাংস অন্তর্ভূক্ত কৰক।
  • পৰাপক্ষত গৰ্ভাৱস্থাৰপ্রথম তিনিমাহলৈকে কোনাে ধৰণৰ ঔষধ সেৱন কৰিব নালাগে।
  • কেৱল চিকিৎসকৰ পৰামর্শ মতেহে ঔষধ সেৱন কৰিব।

গৰ্ভৱতী মহিলাই কি কৰা অনুচিত

আহাৰ

তেলত ভজা, নিমখীয়া, মছলাযুক্ত আৰু অত্যধিক মিঠা আহাৰ পৰিত্যাগ কৰিব। বাহিৰত খােৱা-বােৱা নকৰিব, মাদক দ্রব্য, ধূমপান আৰু আন নিচাযুক্ত ঔষধ ব্যৱহাৰ নকৰিব।

ভ্রমণ

গৰ্ভধাৰণৰ প্রথম তিনিমাহত আৰু প্ৰসৱৰ পূৰ্বৰ তিনিমাহত কষ্টকৰ ভ্ৰমণ, দুচকীয়া । তিনিচুকীয়া বাহনত ভ্রমণ নকৰিব।

ঔষধ

নিজে নিজে ফার্মাচীৰ পৰা ঔষধ কিনি নাখাব।

Care of Pregnant Women and Child Health in Assamese গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি

সাৱধানতা

  • আপােনাৰ গৰ্ভস্থ সন্তানটিৰ যদি সঞ্চালন অনুভৱ নকৰে, তেন্তে অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওঁক।
  • শাৰীৰিক কষ্ট বা মানসিক চাপ পৰা কোনাে কাম নকৰিব।
  • আপােনাৰ নিত্য প্রয়ােজনীয় সামগ্রীসমূহ হাততে পােৱাকৈ ৰাখক।
  • কুহুমীয়া গৰম পানীৰে নিয়মীয়াকৈ গা ধুব, অত্যাধিক গৰ্ম বা অত্যাধিক ঠাণ্ডা পানীৰে গানুধুব।
  • গাধােৱা ঘৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব।

সাৱধানতা

গৰ্ভাৱস্থাত বিপদৰ লক্ষণ

গৰ্ভাৱস্থা বা প্ৰসৱৰ সময়ত ৰক্তস্রাৱ হােৱা মহিলাক ততালিকে চিকিৎসালয়লৈ নিয়া আৱশ্যক।

  • গৰ্ভাৱস্থাৰ সময়ত বা পাছত সাধাৰণভাৱে বা অত্যাধিকভাৱে ৰক্তস্রাৱ হােৱাটো মাতৃ আৰু শিশু বা দুয়ােৰে বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে।
অত্যাধিক ৰক্তাল্পতা

অত্যাধিক ৰক্তাল্পতাত ভােগা গৰ্ভৱতী মহিলাক চিকিৎসালয়ত ভর্তি কৰােৱা আৱশ্যক।

  • গৰ্ভাৱস্থাত ৰক্তাল্পতাত ভূগিলে প্রসৱৰ সময়ত হৃদযন্ত্র বিকল হােৱা, নির্দিষ্ট সময়ৰ আগতেই প্ৰসৱ বেদনা হােৱাৰ উপৰিও ৰােগৰ সংক্রমণ। ঘটিবও পাৰে।
  • অত্যাধিক ৰক্তাল্পতাত ভােগা মহিলাৰ চকুৰ পতা,নখ আৰু হাতৰ তলুৱা তাে হৈ পৰে। অৱশ্যে এনে মহিলাইউশাহ-নিশাহ লওতে কষ্ট পােৱাৰ লগতে বুকু ঢঢপনি হয়।

গৰ্ভাৱস্থাৰ সময়ত বা প্ৰসৱৰ এমাহৰ ভিতৰত অতিমাত্রা জুৰত ভােগা

গৰ্ভাৱস্থাৰ কালত বা সৰৰ এনাহৰ ভিতৰত যদি মহিলাগৰাকীৰ অতিমাত্রা জ্বৰ হয় তেন্তে তেওঁক ততালিকে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিব ।

  • অতিমাত্রা জ্বৰ হােৱাতাে মহিলাগৰাকীৰ দেহত কোনাে ৰােগৰ সংক্রমণ হােৱাৰ লক্ষণ। গভত বাঢ়ি তাহা শিশুটি ইয়াৰ ফলত ক্ষতিগ্রস্থ হ’ব পাৰে।
  • জ্বৰ কমাবলৈ মূৰত শীতল পটি দিয়া উচিত।

মূচ্ছা যােৱা, চকুৰে জলকতবক দেখা, মূৰ কামােৰণি, বমি আৰু ভৰি উখহা

গৰ্ভাৱস্থাৰ শেষৰ ফালে আৰু প্ৰসৱৰ সময়ত বা প্ৰসৱৰ ২-৩ দিনৰ ভিতৰত মহিলাগৰাকীব হাত ভৰি অস্বাভাবিকভাবে জোকাৰণি খাই মূচ্ছা যােৱা, চকুৰে জলক-তবক দেখা, অত্যাধিক মূৰ কামােৰণি হােৱা বা ভৰি ফুলা আদি লক্ষণে দেখা দিব পাৰে। এনেধৰণৰ লক্ষণসমূহে দেখা দিলে চিকিৎসকৰ পৰামর্শ লােৱাটো অতি আৱশ্যক।

  • এনে অৱস্থা হলে মাতৃ-শিশু উভয়ৰে সংকটজনক অৱস্থা হ’ব পাৰে।

চকুৰে জলক-তবক দেখা, মূৰ কামােৰণি হােৱা আৰু ভৰি ফুলিবলৈ ধৰিলে বাঘিনী প্রসূতাৰ (এক্লেমচিয়া) পূর্বাভাস হবও পাৰে আৰু গৰ্ভৱতীক চিকিৎসকৰ পৰামর্শ মতে ততালিকে চিকিৎসালয়ত ভর্তি কৰােৱা হয় ।

মনত ৰাখিব — ঘণ্টাতকৈ অধিক সময় ধৰি প্ৰসৱ বেদনাত ভোগা

মহিলাগৰাকী ১২ ঘন্টাতকৈ অধিক সময় প্রসৱ বেদনাত ভূগিলে ততালিকে তেওঁক চিকিৎসালয়লৈ লৈ যাব।

  • চিকিৎসকৰ উপস্থিতিত প্ৰসৱ কৰাব।
  • সময়মতে প্ৰসৱনহলে শিশু আৰু মহিলা উভয়ৰে বিপদজনক অৱস্থা হ’ব পাৰে।

প্ৰসৱ বেদনা নােহােৱাকৈয়ে পানী যােৱা

প্রসৱ বেদনা নােহােৱাকৈয়ে কোনাে মহিলাৰ পানী ভাঙিলে তেওঁক ততালিকে চিকিৎসালয়ত ভর্তি কৰাব লাগে।

  • পানী ভাঙিলে মহিলাগৰাকীৰ উপৰি শিশুটিৰাে সংক্রমণ হােৱাৰ যথেষ্ট সম্ভাৱনা থাকে।
  • মহিলাগৰাকীক ততালিকে চিকিৎসালয়লৈ নিয়া উচিত।

জননী শিশু সুৰক্ষা কার্যক্রম (JSSK) ৰ সুবিধা সমূহ ঃ

  • প্ৰসৱৰ বাবে চিকিৎসালয়লৈ অহা প্ৰতিগৰাকী গভৱতী মহিলাই লাভ কৰিব সম্পূর্ণ বিনামূলীয়া পঞ্জীয়ন, চিকিৎসাৰ খৰচ তথা প্রসবকালীন তাৰপ্ৰসৱোত্তৰ স্বাস্থ্য পৰীক্ষা।
  • প্রসূতিৰ বাৰে কৰিবলগীয়া তেজ পৰীক্ষা, প্ৰত্রৰ পৰীক্ষা, চনােগ্রাফী, এক্স-ৰে আৰু চিটি স্কেনা গাদি পৰীক্ষা সমূহ বিনামূলীয়াকৈ কৰা হ’ব।
  • সাধাৰণ প্ৰসৰ বা চিজাৰিয়ান অস্ত্রোপচাৰৰ ক্ষেত্ৰত ঔষধ তথা আন যিকোনাে আনুসংগিক খৰচ সম্পূর্ণ ৰেহ্যই ।।
  • চৰকাৰী চিকিৎসালয়ত ভর্তি হৈ থকাৰ সময়ত বিনামূলীয়া পথ্য আৰু আহাৰ যােগান ধৰাৰ লগতে চিকিৎসালয়ৰ পৰা ছুটি লােৱাৰ সময়ত ৫০০ গ্রামৰ এপেকেট মাদাৰচ হলিঙ্গোদিয়া হ’ব।
  • ৰক্তদানৰ বাৰে বাৰতীয় নির্ধাৰিত পৰীক্ষা সম্পূর্ণ বিনামূলীয়াহ’ৰ।
  • প্ৰসৰৰ কাৰণে প্রসূতি মহিলাই ঘৰৰ পৰা চিকিৎসালয় তথা এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ ৰেকাৰ কৰাৰ ক্ষেত্ৰত আৰু চিকিৎসালয়ৰ পৰা ঘৰলৈ যােৱাৰ বাবে বিনামূলীয়া বাতায়াত ব্যৱস্থা লাভ কৰিব।

নৱজাতকৰ জন্মৰ পৰা এৰছৰ বয়সলৈকে চিকিৎসাৰ ক্ষেত্ৰত

  • জন্মৰ পৰা চিকিৎসাৰ বাবদ সকলাে বিনামূলীয়াহ’ব।
  • দৰৱ তথা যাবতীয় স্যমগ্ৰীৰ বিনামূলীয়া যােগান ।
  • ৰােগ নির্ণয়ৰ বাবে কৰিবলগীয়া পৰীক্ষা সমূহ যেনে- তেজ পৰীক্ষা, প্রত্ৰাৱ পৰীক্ষা, তাল্টাচাউণ্ড আদি বিনামূলীয়াকৈ কৰাৰ ব্যৱস্থা।
  • ৰক্তদানৰ বাবে যাৱতীয় নির্বাৰিত পৰীক্ষাৰ বাবদ কোনো খৰচদিৰনালাগে।
  • চিকিৎসালয়ত পঞ্জীয়ন তথা ৰিছাৰ মাচুল আদি সম্পূর্ণ বিনামূলীয়া হ’ব।
  • চিকিৎসালয়লৈ তানা নিয়াৰ বিনামূলীয়া ব্যৱস্থা।

নৱজাতকৰ যতন

প্রসৱৰ ঠিক পাছৰে পৰাই নৱজাতকৰ যতন লােৱা আৱশ্যক

  • নাভিনসৰালৈকে শিশুটিক গা নুধুৱাব।
  • শিশুৰ গা, হাত-ভৰি, নিতম্ব আদি কুহুমীয়া পানীৰে মচি, লগতে শুকান কাপােৰেৰে মােহাৰি গােটেই গাটো শুকান আৰু গৰম কৰি ৰাখিব।
  • প্রতিবাৰ চাব বা শৌচ কৰাৰ পিছত একেদৰে কুহুমীয়া পানীত টিওৱা মিহি কপাহী কাপােৰেৰে মােহাৰি শুকান কৰি থব।
  • জন্মৰ ঠিক পাছৰে পৰাই একমাত্র স্তনপান কৰাব, পানী বা আন একো নুখুৱাব।
  • জন্মৰ পাছতে শিশুটিৰ ওজন ল’ব।
  • শিশুটিৰ ওজন ২.৫ কেজিতকৈ কম হলে বিশেষ যতন ল’ব।

অসুস্থ লােকৰ পৰা শিশুটিক আঁতৰাই ৰাখিব ।

  • অসুস্থ লােকৰ পৰা শিশুটিক আঁতৰাই ৰাখিব ।

Care of Pregnant Women and Child Health in Assamese গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি

শিশুটিৰ দেহা গৰম কৰি ৰাখিব

  • জন্মৰ ঠিক পাছতেই কোমল চাফ কাপােৰ এখনেৰে শিশুটিৰ দেহটো মচি দিব।
  • শিশুটিক কাপােৰেৰে কেইতৰপীয়াকৈ মেৰিয়াই ৰাখিব যাতে শিশুটিয়ে ঠাণ্ডা
  • কোঠাটো গৰম হৈ থকাটো বাঞ্চনীয়। কোঠাটোতবতাহ বলিবলৈ নিদিব। গৰ্ভাৱস্থাত উষ্ণ আৰু নিৰাপদ পৰিৱেশত থকা হেতুকে জন্মৰ পাছত শিশুটিক ঠাণ্ডা নলগাকৈ ৰখা দৰকাৰ।
  • নিজৰ দেহাটো উষ্ণ কৰি ৰাখিবৰ বাবে নৱজাতক শিশু এটিৰ দেহত যথেষ্ট তাপৰ সৃষ্টি নহয়। সেয়েহে মাকৰ দেহৰউমেৰে শিশুটিৰ দেহউকৰি ৰাখিব লাগে ।

Care of Pregnant Women and Child Health in Assamese গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি

নাভি নসৰালৈকে (এসপ্তাহ) শিশুটিকগা নুধুৱাব

জন্মৰ এসপ্তাহৰ পাছলৈকে শিশুটিক পানীত জুবুৰিয়াই গানুধুৱাব। গা ধুৱালে শিশুটিৰ ঠাণ্ডা লাগিব, ফলত বিপদ ঘটিবও পাৰে।

জন্মৰ ঠিক পাছৰে পৰা একমাত্র মাতৃদুগ্ধ খুৱাবলৈ আৰম্ভ কৰিব। পানী বা আন একো বস্তু নুখুৱাব।

  • গর্ভফুল আতঁৰাৰ আগতেই শিশুটিক মাকৰ স্তনপান কৰাব। মাক আৰু শিশু উভয়ৰ বাবেইই উপকাৰী।

শিশুটিৰ ক্ষেত্ৰত হব পৰা উপকাৰ

  • স্তনৰ পৰা সােনকালে গাখীৰ ওলােৱাত ইসহায় কৰে।
  • স্তনৰ পৰা প্রথম ওলােৱা গাখীৰে (কল’ষ্ট্রাম) শিশুটিক ৰােগৰ পৰা ৰক্ষা কৰে।
  • মাতৃ আৰু শিশু উভয়ৰ মাজত গভীৰ আৰু স্নেহপূর্ণ, আবেগিক সম্পর্ক গঢ়ি উঠে।
  • শিশুৰ শৰীৰ গৰমাই ৰাখে।

মাতৃৰ ক্ষেত্ৰত হব পৰা উপকাৰ

  • গর্ভফুল ওলাই অহাত আৰু গৰ্ভাশয় সংকোচন হােৱাত সহায় কৰে।
  • প্রসৱৰ পাছত অত্যাধিক ৰক্তস্রাব হােৱাৰ পৰা মাতৃগৰাকীকৰক্ষা কৰে।
  • শিশুক কেৱলমাত্র মাতৃদুগ্ধ পান কৰাই থাকিলে মাতৃগৰাকীয়ে পুনৰ গৰ্ভধাৰণ কৰাৰ সম্ভাৱনা কম

স্তনপানৰ পৰা উপকৃত হ’বলৈ হ’লে শিশুটিক প্রকৃত অৱস্থানত ৰাখি ভালকৈ গাখীৰ খুওৱা দৰকাৰ।

শিশুটিক এইদৰে প্রকৃত অৱস্থানত ৰাখিব পাৰি

  • শিশুটি কোলাত লৈ থাকোতে মূৰ আৰু তলফালেও নাথাকিব। ধৰি থাকিব, অকল মূৰ বা বাহুত ধৰি
  • শিশুটিক গাৰ কাষ চপাইল’ব।
  • শিশুটিৰ মুখখন স্তনৰ ফালে আৰু নাকটো স্তনবৃন্তৰ বিপৰিত ৰাখিবা।

শিশুটিৰ মুখখন ভালদৰে মাকৰ স্তনত লগাব লাগে এনেকৈ

  • শিশুটিৰ গুটুৰিটোৱে মাকৰ স্তন স্পর্শ কৰিব লাগিব।
  • শিশুটিৰ মুখখন বহলকৈ মেল খাব লাগিব।
  • তলৰ ওঠটো বাহিৰফালে ঘােৰ খাই থাকিব লাগিব।
  • স্তনবৃন্তৰ চাৰিওফালে থকা কলা অংশটোৰ সৰহ অংশ শিশুটিৰ মুখত সােমাব লাগিব।
  • শিশুটিয়ে যেতিয়াই যিমান সময় ধৰি বিচাৰে স্তনপান কৰাব। দিন-ৰাতিয়ে কমেও ৮-১০ বাৰ শিশুটিক স্তনপান কৰাব।
  • বেছিকৈ স্তনপান কৰালে গাখীৰ বেছিকৈ ওলায়। শিশুটিয়ে যিমানে গাখীৰ খাব, গাখীৰৰ পৰিমানাে সিমানে বাঢ়িব।
  • দুয়ােটা স্তনৰ পৰা খুৱাব।
  • মাতৃ বা শিশুৰ ৰুগীয়া অৱস্থাটো স্তনপান বন্ধ নকৰিব।

চেনিপানী, মৌ, গৰু/ছাগলীৰ গাখীৰ, পানী বা অন্যান্য জুলীয়া বস্তু বা অন্য খাদ্য শিশুটিক নুখুৱাব

আন খাদ্য বা জুলীয়া বস্তু খুৱালে শিশুটিৰ তলত দিয়া অপকাৰ হ’ব পাৰে –

  • মাকৰ গাখীৰৰ পৰিমাণ কমি যাব পাৰে।
  • পানী বা আন জুলীয়া বস্তু খুৱাবলৈ ব্যৱহাৰ কৰা পাত্রৰ পৰা শিশুটিৰ দেহত জীৱাণু প্রৱেশ কৰিব পাৰে। ইয়াৰ ফলত শিশুটিৰ ডায়েৰীয়া হ’ব পাৰে।
  • গৰু-ছাগলীৰ গাখীৰৰ পৰা শিশুটিয়ে যথেষ্ট পৰিমাণে আইৰণ ভিটামিন আৰু ৰােগ প্ৰতিৰােধকৰী ‘ইমুনিটি’ নাপায়। ফলত শিশুটি ৰক্তহীনতা আৰু আন আন ৰােগত ভুগিব পাৰে।
  • শিশুটিৰ এলার্জি হ’ব পাৰে।
  • জন্তুৰ গাখীৰ শিশুটিয়ে হজম কৰিব নােৱাৰিব পাৰে, সেয়ে ইয়াৰ ফলত ডায়েৰীয়া, ৰঙাপৰা আদি ৰােগে দেখা দিব পাৰে। ডায়েৰীয়া দীর্ঘদিন ধৰি হ’বও পাৰে।
  • অসুস্থ লােকৰ পৰা শিশুটিক আঁতৰাইৰাখিব।
  • জ্বৰ, কাহ, ছালৰ ৰােগ, ডায়েৰীয়া ইত্যাদিত আক্রান্ত হৈ থকা লােকৰ পৰা শিশুটিক আঁতৰতে ৰাখিব। এনে লােকক শিশুটি স্পর্শ কৰিবলৈ নিদিব।
  • নৱজাতক শিশুটিক অসুস্থ শিশুৰ ওচৰলৈ নিনিব।
  • মানুহৰ সমাগমৰ মাজলৈ শিশুটিক নিয়া অনুচিত।
  • নৱজাতক শিশু এটি সহজেই ৰােগত আক্রান্তহ’ব পাৰে।

শিশুটিৰ বাবে প্রয়ােজনীয় পানী মাতৃদুগ্ধতে থাকে। আনকি গৰমকালিও শিশুটিক অতিৰিক্ত পানীৰ প্রয়ােজন নহয়

শিশুটিক কোলাত কেনেকৈ লােৱা উচিত

টীকাকৰণ

  • টীকাকৰণ সম্পূর্ণ নিৰাপদ।
  • টীকা দিলে দেহত ৰােগ প্ৰতিৰােধ কৰাৰ ক্ষমতা বৃদ্ধি পায়।
  • সাতটা মাৰাত্মক ৰােগৰপৰা শিশুক টীকা দিৰক্ষা কৰিব পাৰি।
  • এই ৰােগকেইটাৰ ফলত বিকলাঙ্গ হােৱাৰ উপৰিও শিশুটিৰ মৃত্যু ঘটিব পাৰে।
  • এই ৰােগকেইটা প্ৰতিৰােধ কৰিবৰ বাবে দিয়া টীকাসমূহ হৈছে

………………………

……………………….

You also read

References

  1. I collected from ‘মা-মণি’ গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *