March 16, 2024

About of Muharram in Assamese। মহৰমৰ ইতিসাহ

About of Muharram in Assamese

মহৰমৰ ইতিসাহ History of Muharram in Assamese

মহৰম একেশ্বৰবাদী মুছলমানসকলৰ এটি পৱিত্র পর্ব। ই যদিও চিয়া মুছলমানসকলৰহে পৱিত্র পর্ব তথাপিও ইয়াৰ অন্তর্নিহিত ভাব আৰু অনুভূতিয়ে ইয়াক মুছলমানসকলৰ সার্বজনীন পর্বত পৰিণত কৰিছে। মহৰম জীৱনদান আৰু আত্মত্যাগৰ এক মহান স্মৃতিপর্ব। ই মিলনৰ উৎসৱ; কিন্তু সেই মিলন হাজাৰ হাজাৰ শােকার্ত, অশ্রুসিক্ত মানৱৰ হিয়াভগা কান্দোনেৰে বেদনা-বিধুৰ। মুছলমানসকলৰ তীব্র বেদনাৰ স্মৃতিবিজড়িত মহৰম মাহ অতি পৱিত্ৰ মাহ। এই মাহতেই মহাপুৰুষ হজৰত মহম্মদৰ আৱিৰ্ভাৱ হৈছিল। মুছলমানসকলৰ বিশ্বাস যে এই মাহতে সৃষ্টিকর্তা ভগৱানে পৃথিৱী সৃষ্টি কৰিছিল। ধর্মপ্রাণ হােছেনেও এই মাহতেই কাৰবালা মৰপ্ৰান্তৰত অতিশয় কৰুণভাৱে সপৰিয়ালে মৃত্যুবৰণ কৰিছিল; বছৰৰাে আদিমাহ মহম। সেয়ে এই পৱিত্ৰ মাহত অনুষ্ঠিত মহৰম এটি অতি পৱিত্র পর্ব।

মহৰমৰ কাহিনী

মহৰম পৰ্বৰ লগত বিজড়িত কৰুণ কাহিনীটি এনে ধৰণৰ ঃ হজৰত মহম্মদৰ কনিষ্ঠা কন্যা ফাতেমাক হজৰত আলিত বিয়া দিয়া হৈছিল। তেওঁৰ দুটি পুত্র হাছান আৰু হােছে। হজৰত আলি মুছলমান ধর্ম জগতৰ সর্বোচ্চ খলিফা পদত অধিষ্ঠিত হােৱাত চিৰিয়াৰ শাসনকর্তা মাবিয়া অতিশয় ঈর্ষাপৰায়ণ হৈ উঠে। হজৰত আলি ৰাজধানী কুফা নগৰলৈ যাত্ৰা কৰােতে গুপ্তঘাতকৰ হাতত মৃত্যুবৰণ কৰে। তেওঁৰ মৃত্যুৰ পাছত জ্যেষ্ঠ পুত্র হাচানে খলিফা পদ লাভ কৰে। মাবিয়াই মদিনাৰ খলিফা পদ লাভ কৰিব নােৱাৰি ঈর্ষাত জ্বলি পুৰি হাছানৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰে। আনফালেদি মাবিয়াৰ মহা অত্যাচাৰী, মদপী, ধর্মহীন পুত্র এজিদে হাছান হােছেনক হত্যা কৰি মদিনাৰ খলিফা পদ দখল কৰিবলৈ ষড়যন্ত্র কৰে। গতিকে হাছানে বাধ্য হৈ মাবিয়াৰ লগত এই চর্তত সন্ধি কৰিলে যে হাছানে খলিফা পদ ত্যাগ কৰিব আৰু মাবিয়া খালিফা হ’ব; কিন্তু মাবিয়াৰ মৃত্যুৰ পাছত হােছেনেহে খলিফা পদ লাভ কৰিব। এই চতত এজিদ সন্তুষ্ট হ’ব নােৱাৰিলে; তেওঁ ষড়যন্ত্র কৰি হাছানক বিহ খুৱাই হত্যা কৰে। আনফালেদি মাবিয়াই মৃত্যুৰ সময়ত সন্ধিৰ চৰ্ত মতে হােছেনকে খলিফা পদত অধিষ্ঠিত নকৰি এজিদকহে অধিষ্ঠিত কৰি যায়। গতিকে এজিদৰ লগত হােছেনৰ তীব্র বিৰােধৰ সৃষ্টি হয়। দুয়াে যুদ্ধত প্রবৃত্ত হৈ পৰে। কিন্তু দুর্দম আৰু নৃশংস এজিদক কোনাে মতেই পৰাস্ত কৰিব নােৱাৰিলে। ইফালেদি এজিদৰ অত্যাচাৰত অতিষ্ঠ কুফাবাসীয়ে হােছেনৰ সাহায্য ভিক্ষা কৰিলে। গতিকে হােছেনে কুফাবাসীৰ সহায়ত এজিদক পৰাভূত কৰাৰ মানসেৰে কিছু সৈন্য-সামন্ত লৈ সপৰিয়ালে কুফালৈ যাত্ৰা কৰিলে। কিন্তু তেওঁ আৰু কোনােদিনেই কুফাত হৈ উপস্থিত হ’ব নােৱাৰিলে। তেওঁলােক গৈ ইউফ্রেটিছ নৈৰ পশ্চিম পাৰৰ কাৰবালা মৰুপ্ৰান্তৰত উপস্থিত হােৱাৰ লগে লগেই কুফা নগৰত থকা এজিদৰ গৱৰ্ণৰ নিষ্ঠুৰ নৰ-পিশাচ ওবায়দুল্লাস কাৰবালা প্রান্তৰত সৈন্যৰ সমাৱেশ ঘটাই ইউফ্রেটিছ নৈৰ পাৰ অৱৰুদ্ধ কৰিলে। এফালে উত্তপ্ত, মৰুপথৰ ক্লান্তি, আনফালে প্রখৰ সূৰ্যৰ ডেইপুৰি নিয়া ৰ’দ। তৃষ্ণাত হােছেনৰ পৰিয়াল, বন্ধুবান্ধৱ, সৈন্য-সামন্ত জৰ্জৰিত। গতিকে মক্কালৈ ফিৰি যােৱাকে সিদ্ধান্ত কৰিলে; কিন্তু এজিদৰ সৈন্যই বাধা দিলে। উপায়ন্তৰ হৈ হােছেনৰ নিচেই তাকৰীয়া সৈন্যই এজিদৰ বিপুল বাহিনীৰ লগত যুঁজি খুঁজি শ্বহীদ হ’ব ধৰিলে। ল’ৰা-ছােৱালী, তিৰােতাৰ ভােক আৰু পিয়াহত কাতৰ ক্রন্দনে কাৰবালা প্ৰান্তৰত হাহাকাৰৰ সৃষ্টি কৰিলে। কাষতে অজস্র জলৰাশিৰে ইউফ্রেটিছ; কিন্তু এটোপা পানী পাবৰ উপায় নাই। তৃষ্ণাত বহুতে প্রাণ এৰিলে। হােছেনৰ কেঁচুৱা পুত্রটিৰাে পিয়াহত প্রাণ যায় যায়। নিৰুপায় হৈ হােছেনে কোলাতে মুমূর্ষ পুত্ৰক লৈ এজন শত্রু সৈন্যৰ ওচৰত এটোপা পানী ভিক্ষা কৰিলে। শত্রুসৈন্যই ভিক্ষা দিলে পুত্ৰক পিতৃৰ কোলাত এপাত শৰেৰে হত্যা কৰি। হােছেনে মৃত পুত্ৰৰ ৰক্তাক্ত দেহাটি মাকৰ কোলাত তুলি দিলে। কি মর্মন্তুদ, হিয়াবিদাৰক সেই দৃশ্য ! হােছেনে কৰুণ, অশ্রুসিক্ত নয়নেৰে বন্ধু-বান্ধৱ, আত্মীয় কুটুম্বৰ মৃত্যু-যন্ত্রণা চাই চাই সিহঁতৰ সৰ্গতিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনালে। নিজৰ এটি ৰুগ্ন পুত্র, দুহিতা, পত্নী, সকলােকে ভগৱানৰ চৰণত অৰ্পণ কৰিলে। তেওঁৰ লগৰ সকলােটিয়ে ভগৱানৰ চৰণত জীৱন-নৈবেদ্য প্রদান কৰিলে। এফালে এদল তৃষ্ণাতুৰ ৰক্ত-মাংসৰ মানুহ ক্ষুধা আৰু তৃষ্ণাত মৰুশয্যা সাবটি লৈ তিল্ তিকৈ মৃত্যুবৰণ কৰিছে আৰু আনফালে এজিদৰ নৰ-পিশাচ সৈন্যবােৰে পৈশাচিক আনন্দত উন্মত্তভাৱে দানৱীয় নৃত্যত মছগুল। তাৰ পাছত শিবিৰতে শত্রু সৈন্যই হােছেনক শিৰশ্চেদ কৰি এজিদৰ খলিফা পদ নিষ্কণ্টক কৰি তুলিলে।

মহৰম মাহৰ দহ তাৰিখে কাৰবালাৰ বুকুত নিৰীহ, নিৰপৰাধী আৰু ধর্মপ্রাণ মানুহৰ ৰক্তেৰে যি ইতিহাস ৰচিত হ’ল তাৰ দৃষ্টান্ত কোনাে কালে, কোনাে যুগে বিচাৰি পােৱা নাযাব। সেয়েহে বিশ্ব ইতিহাসৰ এই কৰুণতম মর্মস্পর্শী কাহিনীটো স্মৰণ কৰি মহম মাহৰ দহ তাৰিখে চিয়া মুছলমানসকলে পৰ্ব্ব দিন পালন কৰে। সেইদিনা ক’লা সাজ পৰিধান কৰি হােছেনৰ সমাধি মন্দিৰৰ অনুকৰণত নির্মিত সুসজিত তাজিয়া লৈ হাছান-হােছেনৰ নামত কৰুণ আর্তনাদ কৰি শােক-সমদল যাত্রা কৰে। ঘৰে ঘৰে, সভাই-সমিতিয়ে হাছান-হােছেনৰ কাহিনী শ্ৰৱণ কীর্তন কৰে। শ্বহীদসকললৈ শ্রদ্ধা নিৱেদন কৰি তেওঁলােকৰ আত্মাৰ সদগতিৰ কাৰণে ভগৱানৰ ওচৰত প্রার্থনা জনায়।

তাৎপর্য

মহৰমৰ তাৎপর্য মানেই হাছান-হােছেৰ আত্মত্যাগৰ নিদৰ্শনৰ জীৱন্ত কাহিনীৰ বাখ্যা। দুজন ধর্মপ্রাণ মুছলমানে সত্যৰ কাৰণে, ন্যায় প্রতিষ্ঠাৰ বাবে আৰু ধৰ্ম ৰক্ষার্থে জীৱন আহুতি দি এক মহান, অভিনৱ আদর্শ জগতত ৰাখি থৈ গৈছে। অকল মুছলমান জনগণ কিয়, সমগ্র বিশ্ববাসীৰ বাবে এই আত্মােৎসর্গই জগতত, সত্য, ন্যায় আৰু ধর্ম প্রতিষ্ঠাৰ ক্ষেত্ৰতত বিপুল প্ৰেৰণা উৎসাহ উদ্দীপনাৰ সৃষ্টি কৰিছে। এই কাহিনীৰ কৰুণতাই ধর্মীয় সীমা অতিক্ৰম কৰি চিৰন্তন মানৱ ধৰ্মক বুকুত প্রতিষ্ঠা কৰিছে। হাছান-হােছেননা মানুহ। মানুহৰ বাবে মানুহে কৰা আত্মােৎসর্গ সমগ্র মানৱ জাতিৰ বাবেই অনুকৰণীয়, অতুলনীয় আদর্শ।

মন্তব্য

মহৰমৰ এই মহান আদর্শই ধৰাৰ কলুষ কালিমা, জ্বালা-যন্ত্রণা, পাপ-তাপ, আতৰাই, ধুই নিকা কৰি পৃথিৱীক মনােৰম তীর্থক্ষেত্ৰত পৰিণত কৰক হাছান-হােছেনৰ নয়নৰ পৱিত্ৰ নীৰে শত শত ইউফ্রেটিছৰ সৃষ্টি কৰি চিৰদিন তৃষিতৰ তৃষ্ণা নিবাৰণ কৰি শান্তিয়নী জলেৰে জগত পৱিত্ৰ কৰক। এয়ে কামনা।

সদৃশ ৰচনা : ১। ইছলামীয় পর্ব; ২। মহৰম আৰু ইয়াৰ ইতিহাস; ৩। মহৰম আৰু আত্মত্যাগৰ কাহিনী।

অতিৰিক্ত পঢ়ক

মহৰম মুছলমানসকলৰ এটা মহান আৰু পৱিত্ৰ স্মৃতি-পর্ব, ই আচলতে ছিয়া সম্প্রদায় মুছলমানসকলৰ পর্ব যদিও ইয়াৰ বিষাদময়, কৰুণ স্মৃতিয়ে সকলো মুছলমানৰেই সার্বজনীন পর্বত পৰিণত হৈছে।

‘মহৰম’ মুছলমানৰ এটা মাহৰ নাম। এই মহৰম মাহতেই এই পৰ্ব পালন কৰা হয় ; সেইবাবে এই পর্বটো মহৰম নামেৰে জনাজাত।

ইচলাম ধর্ম-প্রৱর্তক হজৰত মহম্মদৰ নাতি হাচান আৰু হোচেনৰ হিয়া বিদাৰক, মর্মন্তুদ মৃত্যুৰ স্মৃতি উপলক্ষে এই পর্ব অনুষ্ঠিত হয়।

Islamic Calendar

মহৰম পৰ্বৰ লগত জড়িত শােকার্ত আৰু সকৰুণ কাহিনীটো এনে ধৰণৰ : হজৰত মহম্মদৰ কনিষ্ঠা কন্যা ফাতেমাকহজৰত আলিলৈ বিয়া দিছিল।তেওঁলোকৰ দুটি পুত্র সন্তান হয় ; ডাঙৰজনৰ নাম হাচান আৰু সৰুজনৰ নাম হোচেন।

হজৰত আলি মদিনাৰ খলিফা আছিল। খলিফা মানে ইচলাম ধর্ম-জগতৰ সর্বোচ্চ পদ। ইফালে চিৰিয়াৰ শাসনকর্তা মারিয়াই হজৰত আলি খলিফা পদত অধিষ্ঠিত হোৱা কাৰণে ভীষণ ঈর্ষাপৰায়ণ হৈ বিদ্রোহ ঘোষণা কৰে; কিন্তু হজৰত আলি ৰাজধানী কুফা নগৰলৈ যাওঁতে বাটতে গুপ্তঘাতকৰ হাতত মৃত্যুৰ মুখত পৰে। গতিকে কুফাবাসীসকলে হজৰত আলিৰ জ্যেষ্ঠ পুত্র ধর্মপ্রাণ ইমাম হাচানক মদিনাৰ খলিফা পদত অধিষ্ঠিত কৰে। কিন্তু কুটিল হিংস্র প্রকৃতিৰ মাৱিয়াই মদিনাৰ খলিফাপদ লাভ কৰিব নোৱাৰি ঈর্ষানলত জ্বলি-পুৰি হাচানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। মাবিয়াৰ দুর্দান্ত, নিষ্ঠুৰ আৰু হিংস্র প্রকৃতিৰ সৈন্যবিলাকৰ দৌৰাত্মত হাচানৰ ধর্মপ্রাণ, সৰল সৈন্যবোৰ অস্থিৰ হৈ পৰে। গতিকে বাধ্য হৈ হাচানে মারিয়াৰ লগত সন্ধিৰ প্ৰস্তার কৰে। সন্ধিৰ চৰ্ত এনেদৰে হয় যে হাচানে খলিফা পদ ত্যাগ কৰিব আৰু মাৱিয়া খলিফা  হব ; কিন্তু মাৱিয়াৰ মৃত্যুৰ পাছত হাচানৰ সৰু ভায়েক হোচেনেহে খলিফা পদ লাভ কৰিব।

ইফালে মাৱিয়াৰ চৰিত্ৰহীন, লম্পট, মহাঅত্যাচাৰী, ধর্মহীন পুত্র এজিদে এই চর্তত মান্তিহব  নোৱাৰিলে। এজিদৰ কুমন্ত্রণাতেই ইমাম হাচানক গোপনে বিহ খুৱাই বধ কৰালে About of Muharram in Assamese

আনফালে সন্ধিৰ চৰ্তমতে মাৱিয়াই মৃত্যুৰ সময়ত হোচেনক খলিফা পদত অধিষ্ঠিত নকৰি নিজ পুত্ৰ দুৰাচাৰ এজিদকহে অধিষ্ঠিত কৰি থৈ যায়। ফলত মক্কা, মদিনা আৰু কুফাৰ অধিবাসীসকলে মদপী, অত্যাচাৰী আৰু বিশ্বাসঘাতক এজিদ খলিফা হােৱাত সন্তুষ্ট হব নোৱাৰিলে। কাৰণ এজিদ চৰিত্রহীন, তদুপৰি খলিফা পদটো উত্তৰাধিকাৰী সূত্রে পাব নোৱাৰে ; সর্বসাধাৰণে নির্বাচিত কৰিব লাগে। গতিকে এজিদৰ লগত হোচেনৰ তীব্র বিৰোধৰ সৃষ্টি হয়।

ইপিনে দুর্দান্ত, হিংস্ৰ আৰু নৃশংস এজিদৰ অত্যাচাৰত অতিষ্ঠ হৈ এজিদৰপৰা মুক্তি লাভৰ কাৰণে কুফাৰ অধিবাসীসকলে হােচেনৰ সাহায্য বিচাৰিলে। হোচেনেও কুফাবাসীৰ সাহায্যত এজিদক পৰাভূত কৰাৰ মানসেৰে কিছু সৈন্য-সামন্ত লৈ ল’ৰা-তিৰোতা আদিৰে সৈতে সপৰিয়ালে কুফালৈ যাত্ৰা কৰিলে ; কিন্তু তেওঁ আৰু কুফাত উপস্থিত হ’ব নোৱাৰিলে। তেওঁলোকে ইউফ্রেটিছ নৈৰ পশ্চিম-পাৰৰ কাৰবালা মৰু-প্ৰান্তৰত উপস্থিত

হোৱাৰ লগে লগে কুফা নগৰত থকা এজিদৰ গৱৰ্ণৰ নৰ-পিশাচ ওবায়দুল্লাই কাৰবালা প্ৰান্তৰত সৈন্য-সমাৱেশ কৰি ইউফ্রেটিছ নৈৰ পাৰত তেওঁলোকক অৱৰুদ্ধ কৰিলে।

এফালেপৰিশ্ৰমৰ ক্লান্তি, আনফালে ভোক-পিয়াহতআতুব ;তদুপৰি হোচেনৰ পৰিয়ালবৰ্গ আৰু সৈন্য-সামন্তৰ মাজত পানীৰ কাৰণে হাহাকাৰ লাগিল। কাষতে ইউফ্রেটিছ নৈ জলৰাশিৰে পৰিপূৰ্ণ; অথচ এটোপা পানী পোৱাৰ উপায় নাই। বহুতে তৃষ্ণাত প্রাণ এৰিলে। উপায়হীন হৈ হচেনৰ নিচেই তাকৰীয়া সৈন্যই এজিদৰ বিপুল বাহিনীৰ লগত খুঁজি ছহিদ হবলৈ ধৰিলে।

হোচেনৰ পিয়াহ খোৱা কেঁচুৱা পুতেক আলি আছগৰে মাকৰ বুকুত গাখীৰ নাপাই তৃষ্ণাত আতুৰ হল। কোনো উপায় নেদেখি হোচেনে মুমূর্ষ কেঁচুৱাটোক কোলাত লৈ নিজৰ তিতা জিভাখন কেঁচুৱাৰ মুখত দি শত্রু সৈন্যৰ মুৰ দুৱাৰ মুখত থিয় হৈ এটোপা পানী খুজিলে। কিন্তু এজন হিংস্র প্রকৃতিৰ, নির্মম শত্রু-সৈন্যই পানী দিলে—পিতৃৰ কোলাত পিয়াহত আতুৰ হৈ থকা পুত্ৰক এপাট শৰেৰে হত্যা কৰি।

সপোন নে দিঠক হােচেনে ধৰিব নোৱাৰি থৰক বৰককৈ কঁপা হাতেৰে মৃত পুত্ৰৰ ৰক্তাক্ত দেহাটি মাকৰ কোলাত তুলি দিলে। কি হিয়া বিদাৰক, কি মর্মন্তুদ সেই দৃশ্য ! আনফালে এজিদৰ নৰ-পিশাচ সৈন্যবোৰে পৈশাচিক আনন্দত উন্মত্ত হৈ দানবীয় নৃত্যত মগুল।

হোচেনে অশ্রুসিক্ত নয়নেৰে আত্মীয়-স্বজন, বন্ধুবান্ধৱসকলৰ মৃত্যু-যন্ত্রণা চাই চাই তেওঁলোকৰ আত্মাৰ সৰ্গতিৰ কাৰণে আল্লাৰ ওচৰত প্রার্থনা জনালে। নিজস্ব ৰুগ্ন পুতেক এটা, ছােৱালী এজনী, শোকাতুৰা ঘৈণীয়েক আৰু আধা মৰা হৈ জীয়াই থকা আন আন বন্ধুবান্ধৱসকলক খোদাৰ ওচৰতগতাই দিলে ;এনেতেশত্রুসৈন্য আহি হোচেনৰ শিৰচ্ছেদ কৰি মূৰটো যাঠিত বিন্ধাই লৈ যায় আৰু পৰিয়ালৰ বাচি থকা কেইজনক বন্দী কৰি এজিদৰ ওচৰলৈ পঠিয়াই দি এজিদ খলিফা পদ নিষ্কন্টক কৰিলে।

মুছলমানী মাহ মহৰমৰ দহ তাৰিখে কাৰবালাৰ বুকুত এই ঘটনা ঘটিছিল। সেয়েহে প্রতি বছৰে এই তিথি অনুসৰি মুছলমানসকলে বিশ্ব ইতিহাসৰ এই কৰুণতম মর্মস্পর্শী কাহিনীটো স্মৰণ কৰি এই পৰ্বৰ অনুষ্ঠান কৰে। ধর্মপ্রাণ মুছলমানসকলে এই তিথিৰ দিনা দিনত একোকে নাখায়। কোৰাণ আৰু নামাজ পঢ়ি কাৰবালাৰ ছহিদসকলৰ আত্মাৰ সদ্‌গতিৰ কাৰণে আল্লাৰ ওচৰত প্রার্থনা জনায়।

ছিয়া সম্প্রদায়ৰ মুছলমানসকলে সেই দিনা কবৰৰ আকৃতিত কাগজ আদিবে ৰং-বেৰঙৰ তাজিয়া সাজি ‘হায় হােচেন, হায় হোচেন’ বুলি বুকুত চপৰিয়াই চপৰিয়াই শােকৰ গীত গাই বিলাপ কৰে। কাৰবালাৰ যুদ্ধৰ অনুকৰণত লাঠি, তৰােৱাল আদিৰে যুদ্ধাভিনয় দেখুৱাই সমদল উলিয়ায় About of Muharram in Assamese

মহৰম পর্ব জগৎবাসীৰ আগত হােচেনৰ ন্যায়, সত্য আৰু ধৰ্মৰ কাৰণে আত্মত্যাগৰ এক মহান আদর্শ সমগ্র মানৱ জাতিয়ে হোচেনৰ এই মহান আদর্শদ্বাৰা অনুপ্রাণিত হৈ পৃথিৱীৰ কলুষকালিমা,জ্বালা-যন্ত্রণা আঁতৰাই সত্য আৰু ধৰ্মৰ কাৰণে আত্মত্যাগকৰিলেহেকাৰবালাৰ ‘ ছহিকলৰ আত্মাই তৃপ্তি পাব।

References

  1. অসমীয়া ৰচনা, লিখক ……..
  2. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

One thought on “About of Muharram in Assamese। মহৰমৰ ইতিসাহ

Leave a Reply

Your email address will not be published. Required fields are marked *