November 29, 2024

Bijoy Chandra Bhagavati | Bimala Prasad Chaliha Biography in Assamese বিজয় চন্দ্ৰ ভাগৱতী- বিমলা প্রসাদ চলিহা

Bijoy Chandra Bhagavati Biography in Assamese

বিজয় চন্দ্ৰ ভাগৱতী (জানুৱাৰী ২০, ১৯০৫ – মে’ ৮, ১৯৯৭) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আছিল। ভাগৱতী ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ অসমৰ তেজপুৰ লোকসভা সমষ্টিৰ পৰা ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯২ চনত তেওঁ পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল।

Bimala Prasad Chaliha Biography in Assamese

বিমলা প্ৰসাদ চলিহা ( জন্ম:১৯১২ – মৃত্যু: ১৯৭১) হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৭১ চনত তেওঁক পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল।

বিজয় চন্দ্ৰ ভাগৱতী- বিমলা প্রসাদ চলিহা

শোণিতপুৰ জিলাৰ চতিয়াৰ সলাল গাঁৱত জন্মগ্রহণ কৰা আগশাৰীৰ স্বাধীনতা সংগ্রামী, চিন্তাবিদ, সাহিত্যিক-সাংবাদিক আৰু ৰাজনীতিক বিজয় চন্দ্ৰ ভাগৱতী কৈশোৰৰে পৰা গান্ধীবাদী আছিল ।

শিক্ষাগ্রহণৰ উদ্দেশ্যে ভাগৱতীয়ে তেজপুৰলৈ আহোতে লগ পাইছিল স্বাধীনতা সংগ্ৰামৰ এজন একনিষ্ঠ সেৱক, কর্মবীৰ চন্দ্ৰনাথ শৰ্মাক। শৰ্মাৰ সান্নিধ্যই ভাগৱতীৰ হৃদয়ৰ স্বদেশপ্রেমক অধিক তীব্রতা দান কৰিলে। মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্রাণিত বিজয় চন্দ্ৰ ভাগৱতীয়ে ১৯২১ত আৰম্ভ হোৱা অসহযোগ আন্দোলনত যোগ দি ছাত্ৰাৱস্থাতেই মদ-ভাং-কানিৰ দৰে ৰাগিয়াল বস্তু গ্ৰহণৰ অপকাৰিতাৰ বিষয়ে বুজাই সেইসমূহৰ পৰা বিৰত থাকিবলৈ ৰাইজক সচেতন কৰি ফুৰিছিল। কটন কলেজত পঢ়ি থকা কালছোৱাতে (১৯৩০) মহাত্মা গান্ধীৰ আইন অমান্য আন্দোলনত জড়িত হৈ পৰে তেওঁ আৰু অসমৰ তৎকালীন শিক্ষাধিকাৰ জন ৰিচাৰ্ড কার্নিংহামে জাৰি কৰা কার্নিংহাম চার্কুলাৰৰ প্ৰতিবাদত আনুষ্ঠানিক শিক্ষা আধাতে ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰে। তাৰ ফলস্বৰূপে বিজয় চন্দ্ৰ ভাগৱতীয়ে প্ৰথমবাৰৰ বাবে গুৱাহাটী কাৰাগাৰত ছমাহ কাৰাবাস খাটিবলগীয়া হয়। তাৰ পাছত ১৯৩২ত দুবছৰ চাৰিমাহৰ বাবে আৰু ‘৪২ত তিনিবছৰৰ বাবে মুঠ ছবছৰ কাল কাৰাগাৰত কটাবলগীয়া হৈছিল ভাগৱতীয়ে।
বিজয় চন্দ্ৰ ভাগৱতীৰ সবাতোকৈ উল্লেখযোগ্য কীর্তি হ’ল অসমক ভাৰতৰে স’তে সাঙুৰি ৰখাৰ ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা ভূমিকা। যি সময়ত ‘গ্রুপিং প্লেন’ৰ অধীনত অসমক বাংলাদেশৰ স’তে চামিল কৰাৰ ষড়যন্ত্র প্রায় সম্পূর্ণই হৈছিল, জৱাহৰলাল নেহৰুকে ধৰি আগশাৰীৰ নেতৃবৃন্দয়ো অসমক ভাৰতৰ পৰা বিচ্ছিন্ন হ’বলৈ এৰি দিছিল। যিসকলে এই ঘটনাৰ তীব্র বিৰোধিতা কৰি বিদ্ৰোহৰ সূচনা কৰিছিল, সেইসকলৰ ভিতৰত ভাগৱতী আছিল অন্যতম। তেওঁ সেই বিষয়ে আলোচনা কৰিবলৈ দেশৰ অন্যান্য আগশাৰীৰ ৰাজনৈতিক নেতাসকলক সাক্ষাৎ কৰিছিল আৰু স্বাধীনতা সংগ্রামী মহেন্দ্র মোহন চৌধুৰীৰ স’তে লগ লাগি অসমক যেন ভাৰতৰ পৰিসীমাৰ ভিতৰতে ৰখা হয় সেই অনুৰোধ জনাই অসমৰ তদানীন্তন মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহালৈ পত্ৰ প্ৰেৰণ কৰিছিল।

ডাঃ হৰেকৃষ্ণ দাসে ১৯৩৬ত গুৱাহাটীৰ পৰা প্ৰকাশ কৰা ‘অসম সেৱক’ নামৰ কাকতখনৰ দুবাৰকৈ (মুঠ আঠ বছৰ) সম্পাদক আছিল বিজয় চন্দ্ৰ ভাগৱতী। এই কাকতখনে দ্বিতীয় মহাযুদ্ধৰ সময়ত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ১৯৪৬ত বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত ভাগৱতী ’৫১ চনতো বিধায়ক পদত নির্বাচিত হৈছিল। ১৯৫৭ আৰু ‘৬২ত দুবাৰকৈ লোকসভাৰ সদস্য হিচাপে নির্বাচিত ভাগৱতী কেন্দ্রীয় মন্ত্রীসভাৰো সদস্য আছিল। পাছলৈ মন্ত্রী পদ ত্যাগ কৰি শ্ৰমিকসকলৰ স্বাৰ্থত গঠিত সদৌ ভাৰত ট্রেড ইউনিয়ন কংগ্ৰেছৰ সভাপতি হৈছিলগৈ আৰু নিখিল ভাৰত গ্ৰাম্য শ্রমিক সন্থাৰ স’তেও জড়িত আছিল তেওঁ। ১৯৯২ত পদ্মভূষণ উপাধি লাভ কৰা ভাগৱতীয়ে বহু কাকত-আলোচনীত চিন্তাশীল প্রবন্ধ লিখিছিল। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত— গান্ধীবাদ (১৯৪৮), সমীক্ষা(৬১), ভাৰতীয় সংস্কৃতিৰ ধাৰা (‘৬৪), জিজ্ঞাসাবাদ (’৭৪), ভাৰত ভূমি (’৭৫), ভাৰতৰ স্বাধীনতা আন্দোলনৰ ৰূপৰেখা (’৭৬) দৰ্শনৰ বিচাৰ (’৯২) আদি উল্লেখযোগ্য। ১৯৯৭ত বার্ধক্যজনিত কাৰণত ৯০বছৰ বয়সত ভাগৱতীৰ তেজপুৰত মৃত্যু হয়।

স্বাধীন অসমৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ জন্ম শিৱসাগৰত। পিতা কালীপ্রসাদ (১৮৫৯-১৯১৪) আছিল দক্ষ উকীল আৰু চাহ ব্যৱসায়ী। ’৭৮ত এণ্ট্ৰেন্স পাছ কৰি অসম চাহ কোম্পানীৰ কেৰাণীৰ চাকৰিৰে কৰ্মজীৱন আৰম্ভ কৰে যদিও ‘৮২ত বি এল পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰত ওকালতিৰ ব্যৱসায় আৰম্ভ কৰে। শিৱসাগৰৰ সকলো সামাজিক কামত আগভাগ লোৱা কালীপ্ৰসাদৰ নিজাকৈ আছিল বৃহৎ দুখনকৈ চাহ বাগিচা আৰু লগতে অন্য দুখন বাগিচাৰ তেওঁ আছিল । তেওঁৰ পত্নী নিকুঞ্জলতা আছিল মণিৰাম বৰভাণ্ডাৰ দেৱানৰ নাতিনী। নিকুঞ্জলতা আছিল নীতিনিষ্ঠ সামাজিক কৰ্মী আৰু ‘স্তুতিমালা’ নামৰ গীতপুথিৰ ৰচয়িত্ৰী। কালী প্রসাদ চলিহা প্ৰায় ডেৰকুৰি বছৰ ধৰি শিৱসাগৰ লোকেল ব’ৰ্ডৰ উপসভাপতি আছিল । ব্ৰিটিছৰ ‘ৰায়বাহাদুৰ’ সন্মান লাভ কৰিছিল ।

শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত কিছুদিন পঢ়ি বিমলা প্ৰসাদে ‘৩০ৰ আইন অমান্য আন্দোলনত নামি পৰিছিল। ‘৩৪ত খাদীৰ প্ৰশিক্ষণ ল’বৰ বাবে বিহাৰলৈ যোৱা চলিহাই ‘অল ইণ্ডিয়া স্পিনাৰ এছ’চিয়েছন’ৰ অসম শাখাৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল গান্ধীজীৰ আদৰ্শ বিভিন্ন ঠাইত প্ৰচাৰ কৰি ফুৰা চলিহাই ভাৰত-ত্যাগ আন্দোলনত যোগ দি দুবছৰ ধৰি কাৰাবাস খাটে। ‘৪৬ত অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা চলিহা ’৫০ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক আৰু ‘৫২ত সভাপতি মনোনীত হয়। ‘৫৩ত লোকসভাৰ সদস্য নির্বাচিত হোৱা চলিহাই ’৫৭ চনত অসমৰ মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে।

১৯৫৭ ৰ পৰা ‘৭০লৈ ১৩ বছৰ ধৰি অৰ্থাৎ একেৰাহে তিনিবাৰ অসমৰ মুখ্যমন্ত্রী পদত থকা এইগৰাকী ৰাজনীতিবিদে নিজৰ ব্যক্তিত্ব আৰু পাৰদৰ্শিতাৰ বলত তৎকালীন ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰো প্রিয়ভাজন হ’বলৈ সক্ষম হৈছিল। চলিহাই যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল; সেইসময়ত অসমৰ জাতি-জনগোষ্ঠীসমূহৰ স্বায়ত্তশাসনৰ দাবী, শোধনাগাৰ-ভাষা আন্দোলনৰ দৰে এশ-এবুৰি সমস্যাৰে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন ভাৰাক্ৰান্ত হৈ আছিল। গভীৰ অন্তদৃষ্টি আৰু গঠনমূলক চিন্তাৰ দ্বাৰা চলিহাই এই সমস্যাসমূহৰ মোকাবিলা কৰিছিল আৰু অসমত শান্তি প্ৰতিষ্ঠাৰ যৎপৰোনাস্তি চেষ্টা কৰিছিল। সংবাদ পত্ৰৰ প্ৰতি গভীৰ আস্থা পোষণ কৰা চলিহাই কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সময়ত আনকি বিৰোধী পক্ষৰ নেতাসকলৰ মতামতো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছিল, যাৰ বাবে সকলোৰে শ্ৰদ্ধা আৰু সম্ভ্রম লাভ কৰিছিল তেওঁ।

অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত দেখা দিয়া আসোঁৱাহসমূহ দূৰ কৰিবৰ বাবে বিমলা প্রসাদ চলিহাই অসম সাহিত্য সভাৰ সহযোগত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি অসমৰ শাসকীয় ভাষা অধিনিয়ম- ১৯৬০ৰ বিধিত সন্নিবিষ্ট অধিনিয়মসমূহৰ সংশোধন ঘটাইছিল। তাৰেই ফলশ্ৰুতিত অসমত অসমীয়া ভাষাই ৰাজ্যিক ভাষাৰূপে সাংবিধানিক স্বীকৃতি লাভ কৰে। ১৯৫৮ চনত চলিহাৰ উদ্যোগত অসম প্ৰকাশন পৰিষদ গঠন হৈছিল আৰু প্ৰথমতেই অনন্দৰাম বৰুৱাৰ গ্ৰন্থসমূহ প্ৰকাশ পাইছিল। বিমলা প্রসাদ চলিহায়েই প্ৰথমবাৰৰ বাবে অসমীয়া বিশ্বকোষ প্ৰকাশৰ পৰিকল্পনা হাতত লৈছিল।

অসমৰ এজন অন্যতম শ্রেষ্ঠ মুখ্যমন্ত্রী চলিহাই ৰাজ্যখনৰ অর্থনৈতিক স্বাৱলম্বীতাৰ কথা চিন্তা কৰি ঔদ্যোগিক উন্নয়নৰ বহুকেইখন আঁচনি গ্ৰহণ কৰিছিল। তেওঁৰ কাৰ্যকালতেই নাহৰকটীয়া আৰু মৰাণ তেলপথাৰ আৱিষ্কাৰ হোৱাৰ লগতে নামৰূপ থার্মেল উদ্যোগ, উমত্ৰু আৰু উমিয়াম জলবিদ্যুৎ প্রকল্পৰ কামো আৰম্ভ হৈছিল। এইগৰাকী নিৰ্ভীক, দূৰদৰ্শী, বিচক্ষণ ৰাজনীতিক ব্যক্তিয়ে সাহিত্য চর্চাও কৰিছিল।‘মৌ-পালন আৰু গাঁৱলীয়া অৰ্থনীতিৰ দৰ্শন’ আৰু ‘খাদী’ নামৰ দুখন পুথি চলিহাই ৰচনা কৰিছিল।

You also Read

Reference

  • I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *