July 22, 2024

Amalprava Das Biography in Assamese | অমলপ্রভা দাসৰ জীৱনী

অমলপ্রভা দাস Freedom Fighter Amalprava Das biography in Assamese

৪৪ বছৰ বয়সতে ‘ভাৰত ৰত্ন’ৰ পাছতেই আমাৰ দেশৰ আটাইতকৈ ডাঙৰ অসামৰিক সন্মান ‘পদ্মবিভূষণ’ লাভ কৰিছিল কিন্তু সেয়া গ্ৰহণ কৰিবলৈ অসন্মত হৈছিল অমলপ্ৰভা দাস। ১৯৫৫ত চৰকাৰে যেতিয়া সমাজ সেৱিকা গৰাকীক এই বিৰল সন্মান প্রদান কৰিছিল, তেতিয়া দাসে প্রধানমন্ত্রী জৱাহৰলাল নেহৰুলৈ লিখিছিল— “মই সামান্যভাৱে যি কণ সেৱা আগবঢ়াইছোঁ, তাক স্বীকৃতি দিয়াৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছো— কিন্তু মই এই উপাধি ল’বলৈ অপাৰগ। কাৰণ ই মোৰ মনলৈ অহংভাব আনি দিব বুলি আশংকা কৰোঁ। সেয়ে এই উপাধি গ্রহণ কৰিব নোৱাৰিলো। ইয়াৰ বাবে মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰে যেন……।”

জন্ম১২ নৱেম্বৰ ১৯১১
ডিব্ৰুগড়, অসম
পেচাসমাজ কৰ্মী
জনা যায়সমাজ সেৱা
পিতৃ-মাতৃহৰেকৃষ্ণ দাস
হেমপ্ৰভা দাস
বঁটা, সন্মান, পুৰস্কাৰ আদিপদ্মশ্ৰী
যমুনালাল বাজাজ বঁটা

ডিব্ৰুগড়ত, ১৯১১ৰ ১২ নৱেম্বৰত জন্ম লোৱা অমলপ্ৰভা ঐতিহ্যমণ্ডিত পৰিয়ালৰ সন্তান। তেওঁৰ মাতৃ হেমপ্ৰভা আছিল বায়েক দুর্গাপ্রভা দত্তৰ সৈতে অসমৰ বাহিৰলৈ পঢ়িবলৈ যোৱা প্ৰথম অসমীয়া ছোৱালী। অমলপ্ৰভাৰ মাতৃ হেমপ্রভাই (১৮৮৬-১৯৪৫) হ’ল এফ.এ. পাছ কৰা প্ৰথম অসমীয়া মহিলা।… ১৮১৩ত ডিব্ৰুগড় ‘মডেল বালিকা স্কুল’ৰ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব লৈছিল। হেমপ্ৰভাৰ উদ্যোগত এই স্কুল পাছলৈ অসমৰ প্ৰথম ছোৱালী হাইস্কুল হৈছিলগৈ।… আনফালে অমলপ্ৰভাৰ পিতৃ ডাঃ হৰিকৃষ্ণ দাস (১৮৭৫-১৯৫৮) আছিল বৰপেটাৰ কনৰা গাঁৱৰ বিখ্যাত উকীল জুৰোৰাম দাসৰ পুত্ৰ আৰু কলিকতাৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লোৱা ডিব্ৰুগড়ৰ বেৰী হোৱাইট মেডিকেল স্কুলৰ অস্ত্রোপচাৰ বিভাগৰ শিক্ষক। (দ্রষ্টব্য—পৃষ্ঠা : ১৫৯)

ডাঃ হৰিকৃষ্ণ আৰু হেমপ্ৰভাৰ দুজনী কন্যা— তিলোত্তমা (জন্মঃ ১৯০৮ চন) আৰু অমলপ্ৰভা। দুয়োগৰাকীৰ স্কুলীয়া শিক্ষা আৰম্ভ হ’ল মডেল বালিকা স্কুলতেই। অসহযোগ আন্দোলত নামিলেও অমলপ্রভাই ডিব্ৰুগড় ছোৱালী হাইস্কুলৰ পৰা ১৯২৭ত মেট্ৰিকত অংক আৰু ভূগোলত লেটাৰসহ প্রথম বিভাগ পালে।

আন্দেলনকাৰী বুলি ইংৰাজে কটন কলেজত পঢ়াৰ অনুমতি নিদিলে অমল প্রভাক। কলকাতাৰ বেথুন স্কুলত আই.এছ.চিত নাম লিখালে। ১৯২১ৰ পৰা অমলপ্ৰভাই পুৱা-গধূলি সূতা কটা অভ্যাস কৰিছিল, কলেজলৈ গৈ হোষ্টেলত থকাৰ পাছতো সেই অভ্যাস থাকি গ’ল; য’তৰ-পাঁজি আদি তেওঁ সদায় লগতে ৰাখিছিল। ১৯২৯ত অমলপ্ৰভাই প্রথম বিভাগত আঁই এছ চি পাছ কৰিলে আৰু বি এছ চি পঢ়িবলৈ নাম লিখালে বেনাৰ্ছ হিন্দু বিশ্ববিদ্যালয়ত। কিন্তু ১৯৩০৩ সত্যাগ্রহ আন্দোলনে বিৰাট ৰূপ লোৱাত তেওঁ পঢ়া এৰি ঘৰলৈ উভতি আহি আন্দোলনত লাগিল। ইতিমধ্যে দাসৰ পিতৃ-মাতৃয়ো গুৱাহাটীলৈ আহি আন্দোলনত নামিছিল। তেওঁলোক থাকিব লৈছিল পাণবজাৰত আৰু ঘৰখন কংগ্ৰেছৰ কাৰ্যালয় স্বৰূপ হৈ পৰিছিল। ১৯৩৪ত মহাত্মা গান্ধী তৃতীয়বাৰৰ বাবে অসমলৈ আহোতে ডাঃ হৰিকৃষ্ণ দাসৰ ঘৰতেই আলহী হৈ আছিল।

সত্যাগ্রহ আন্দোলনৰ অন্তত বি.এছ.চি. পঢ়িবলৈ কলকাতাৰ স্কটিছ চার্চ কলেজত নাম ভৰ্তি কৰে অমলপ্ৰভাই। তাৰ পৰাই তেওঁ ১৯৩৩ত সুখ্যাতিৰে ডিষ্ট্ৰিংচনসহ বি.এছ.চি. পাছ কৰি, ৰসায়ন বিজ্ঞানত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম.এছ.চি. পাছ কৰিলে। অমলপ্ৰভাই অসমৰ প্ৰথম গৰাকী মহিলা এম.এছ.চি.।

১৯২৭ত চৰকাৰী চাকৰি এৰি হৰিকৃষ্ণ দাসে গুৱাহাটীত ক্লিনিক এখন খুলিছিল। অমলপ্রভাই কলিকতাৰ ‘ট্রিপিকেল স্কুল অব মেডিচিন’ত ছয় মাহৰ এটি প্রশিক্ষণ লৈ আহি দেউতাকৰ ক্লিনিকৰ কাষতে ‘ক্লিনিকেল লেবৰেটৰী’ খুলিলে। তাৰ মাজতে তেওঁ স্বাধীনতা আন্দোলনৰ কাম-কাজো চলাই গ’ল। ১৯৩৮ত তেওঁলোকৰ পৰিয়ালৰ সকলো গ’ল হৰিপুৰাত বহা কংগ্ৰেছ অধিৱেশনলৈ। তাৰ পৰা তেওঁলোক গান্ধীজীৰ আশ্ৰমলৈ গ’ল। আশ্রম দেখি উৎসাহী হৈ পাছৰ বছৰত মাকৰ সৈতে পুনৰ সেই আশ্ৰমলৈ গৈ অমলপ্ৰভাই তাত উৎপাদিত বিভিন্ন স্বদেশী বস্তু তৈয়াৰৰ বিষয়ে প্রশিক্ষণো ল’লে।

এইবাৰ অমলপ্ৰভাই নিঃস্ব-দুখীয়াৰ স্বাৰ্থত আজীৱন কাম কৰি যোৱাক নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি ল’লে। গান্ধীজীৰ আশ্ৰমৰ আৰ্হিৰে অমলপ্ৰভাই ঘৰুৱা উদ্যোগৰ প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ খুলি দৰিদ্ৰৰ স্বাৱলম্বনৰ ব্যৱস্থা কৰিলে। তাৰ পাছত পিতৃ-মাতৃৰ সহযোগত শৰণীয়াত চাবোন আৰু কাগজ তৈয়াৰৰ পৰা তাঁতশালত কাপোৰ বোৱা, সৰিয়হ পেৰিবলৈ ঘানি স্থাপন, মৌ পালন আদিৰে বিভিন্ন উদ্যোগ স্থাপন কৰিলে। এই কামবোৰ বাস্তবায়িত কৰি অমলপ্ৰভা হৈ উঠিল প্রকৃত সত্যাগ্রহী। ‘৪২ৰ আন্দোলনত জোৰদাৰ নামি পৰিল। ‘৪৩ৰ জানুৱাৰীত চৰকাৰে অমলপ্রভাক গ্রেপ্তাৰ কৰিলে। জে’লত সূতা কটাৰ উপৰি মহিলা কয়েদীসকলক লিখা-পঢ়া শিকোৱাৰ কামত অমলপ্ৰভাই আত্মনিয়োগ কৰিলে। ‘৪৪ৰ শেষৰ ফালেহে জে’লৰ পৰা মুক্তি পালে তেওঁ। তাৰ পাছত কস্তুৰবা গান্ধী (মৃত্যুঃ ১৯৪৪ৰ ২২ ফেব্ৰুৱাৰীত পুনাৰ আগা খাঁ জে’লত)ৰ স্মৃতি ৰক্ষাৰ্থে গঠন কৰা অসমৰ প্রাদেশিক সমিতিৰ সম্পাদিকাৰ দায়িত্ব ল’লে তেওঁ। স্মৃতি ৰক্ষাৰ্থে গঠিত পুঁজিৰ বাবে অমলপ্ৰভাৰ আপ্রাণ চেষ্টাত এক লাখ পঁচিছ হেজাৰ টকা সংগৃহিত হ’ল। সেই সময়তে অমল প্রভাৰ মাতৃৰ মৃত্যু হ’ল। মাতৃৰ আদৰ্শ শিৰোগত কৰি তেওঁ এইবাৰ কস্তুৰবা স্মাৰক নিধিৰ কামত দিনে-নিশাই ব্যস্ত হ’ল।

১৯৪৫ৰ জুলাইত অমলপ্ৰভা মহাৰাষ্ট্ৰৰ ৱাদ্ধালৈ গ’ল আৰু গান্ধী সেৱাশ্ৰমৰ ‘হিন্দুস্তানী তালিমী সংঘ’ত ‘নঈ তালিম’ আৰু ‘নিম্ন বুনিয়াদী’ শিক্ষাৰ প্ৰশিক্ষণ ল’লে ৷ তাৰ পাছতে গান্ধীয়ে তেওঁক ক’লে—“তোমালোকে কস্তুৰবা স্মাৰক নিধিৰ বাবে যি পুঁজি সংগ্ৰহ কৰিছা, সেইখিনিৰে এক স্বাৱলম্বী আঁচনি তৈয়াৰ কৰা।”

অমলপ্রভাই অশেষ কষ্ট কৰি আঁচনি ৰূপায়ণৰ বাবে আগবাঢ়িল। ১৯৪৬ৰ ৯ জানুৱাৰীৰ পুৱা মহাত্মা গান্ধীয়ে সাতগৰাকী মহিলা প্ৰশিক্ষার্থী লৈ শৰণীয়াত স্থাপন কৰা কস্তুৰবা গ্রাম সেৱিকা বিদ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে। গান্ধীজীয়ে চাৰিদিন শৰণীয়াত থাকি কৰ্মীসকলক বিভিন্ন ধৰণে দিহা-পৰামৰ্শ দিছিল।

ৰাষ্ট্ৰীয় কস্তুৰবা স্মাৰক নিধিৰ আঁচনি অনুসৰি প্ৰশিক্ষণৰ অন্ত পৰাৰ আগতেই তেওঁলোকৰ কৰ্মস্থল নিৰ্ধাৰণ কৰিব লাগিব যাতে প্রশিক্ষণৰ অন্তত প্ৰশিক্ষার্থীয়ে বিভিন্ন গ্রামসেৱা কেন্দ্ৰত কাম আৰম্ভ কৰিবগৈ পাৰে। অমলপ্ৰভাই স্মাৰক নিধিৰ সদস্যক লৈ বিভিন্ন জিলাত ১৪টা গ্ৰামসেৱা কেন্দ্ৰ নিৰ্মাণ কৰিলে। ‘৪৭ৰ জুনত গ্ৰামসেৱিকাসকলে গৈ বিভিন্ন কেন্দ্ৰত নিজৰ কাম আৰম্ভ কৰিলে। তাৰ পাছত ‘৪৯ৰ জুন মাহত দ্বিতীয়টো দলৰ প্ৰশিক্ষাৰ্থীয়ে প্রশিক্ষণ সমাপ্ত কৰাৰ পাছত নতুনকৈ পাঁচটা গ্ৰামসেৱা কেন্দ্ৰ স্থাপন কৰা হ’ল। তদুপৰি নতুন প্ৰশিক্ষাৰ্থীৰ বিদ্যাৰ প্ৰসাৰ ঘটাবলৈ গুৱাহাটী চিভিল হাস্পতালত ‘নাৰ্ছ’ৰো প্ৰশিক্ষণ দিয়াৰ কাম আৰম্ভ হ’ল। কস্তুৰবা স্মাৰক নিধিৰ লগতে ‘৪৯ চনত গঠন কৰা হ’ল ‘অসম সমগ্ৰ সেৱা সংঘ’। ১৯৫০ৰ আগষ্টত হোৱা প্ৰলয়ংকৰী ভূমিকম্পত ক্ষতিগ্রস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবেও কস্তুৰবা স্মাৰক নিধি আৰু অসম সমগ্ৰ সেৱা সংঘই বহু কাম কৰিলে। নাৰীৰ লগতে পুৰুষেও প্রশিক্ষণ ল’বলৈ ধৰিলে কস্তুৰবা আশ্ৰমত।

১৯৫১ লৈকে ‘কস্তুৰবা স্মাৰক নিধি’ৰ কৰ্ম পৰিসৰ ভৈয়ামৰ পাছপৰা অঞ্চল আৰু জনজাতীযসকলৰ মাজতে সীমাবদ্ধ আছিল। এইবাৰ ‘বনুৱা উন্নয়ন শিক্ষা কেন্দ্ৰ’ স্থাপনেৰে বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ বাবেও স্মাৰক নিধিয়ে বিভিন্ন কর্মপন্থা হাতত ল’লে৷ তাৰ পাছত আৰম্ভ কৰা হ’ল পাহাৰৰ জনজাতিসকলৰ উন্নয়নৰ বাবে বিভিন্ন কর্মপন্থা। মেঘালয়, মিজোৰাম, অৰুণাচল আদি বিভিন্ন ৰাজ্যত গ্ৰাম সেৱা কেন্দ্ৰ স্থাপন কৰা হ’ল। এইদৰেই গুৱাহাটীৰ শৰণীয়া আশ্ৰমতে কস্তুৰবা স্মাৰক নিধিৰ কাম আবদ্ধ নাথাকি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ ইয়াৰ ব্যাপ্তি ঘটিল৷ চৰকাৰৰ পৰা বিশেষ সাহায্য নোলোৱাকৈ নিজৰ উৎপাদিত দ্রব্য বিক্ৰী আৰু বিভিন্ন ধৰণে পুঁজি সংগ্ৰহ কৰি অতি পৰিশ্ৰমেৰে অমলপ্ৰভা দাসে সমগ্ৰ উত্তৰ-পূবতেই গ্রামসেৱা কেন্দ্ৰ স্থাপন কৰি স্বাৱলম্বিতাৰ বাবে আন্দোলন চলাই গ’ল।

মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা প্ৰবৰ্তনৰ বাবে গোপীনাথ বৰদলৈয়ে উদ্যোগ লৈ ‘অসম বুনিয়াদী শিক্ষা বিভাগ’ গঠন কৰিলে আৰু তাৰ অবৈতনিক উপদেষ্টাৰ দায়িত্ব ল’লে অমলপ্রভাই (১৯৪৮)। ‘সমাজ কল্যাণ উপদেষ্টা ব’ৰ্ড’ৰ অসম শাখাৰ অধীক্ষক আৰু ‘গান্ধী স্মাৰক নিধি (অসম)’ৰ সঞ্চালিকাৰ (’৫২) দায়িত্বও গ্ৰহণ কৰিলে। দাসৰ একান্ত চেষ্টাৰ ফলতেই ‘গান্ধী ঘৰ’ আঁচনি কাৰ্যকৰী কৰিবলৈ অসমত বিভিন্ন ঠাইৰ নটা সেৱা কেন্দ্ৰ স্থাপন কৰা হ’ল।

গাঁৱত বাস কৰা হতভগীয়া দৰিদ্ৰসকলক কিছু হ’লেও মাটি দান কৰিবলৈ ১৯৫১ৰ ১৮ এপ্ৰিলত ভূদান আন্দোলন আৰম্ভ কৰিলে আচাৰ্য বিনোৱা ভাবেই। অসমতো ভূদান সমিতিৰ এই প্ৰচাৰৰ অংগ হিচাপে অমলপ্ৰভা দাস, ৰবীন নবীশ আৰু খৰ্গেশ্বৰ ভূঞাৰ সম্পাদনাত ‘সৰ্বোদয়’ নামৰ স্মৰণিকা এখন প্রকাশ পালে। ১৯৫৪ত ‘অসম সমগ্ৰ সেৱা সংঘ’ৰ পৰা ভূদান আন্দোলনৰ ব্যাপকতা প্ৰচাৰৰ বাবে পদযাত্ৰাৰ অভিযান পৰিচালনা কৰিলে অমলপ্ৰভাই। প্রায় ডেৰ বছৰ কাল এই পদযাত্রা চলিছিল আৰু বিনোৱাজীৰ স’তে ছাঁৰ দৰে লাগি আছিল অমলপ্রভা। ইয়াৰ ফলত বহু মাটিহীনলৈ মাটি দান সম্ভৱ হৈ উঠে। বিনোৱা ভাবেৰ ‘স্ত্ৰী শক্তি জাগৰণ’ৰ কাৰ্যসূচীৰে ‘৭৩ৰ ২৭ জুলাইত হোৱা প্ৰাদেশিক পদযাত্ৰাৰো নেতৃত্ব লৈছিল অমল প্রভা দাসেই।
১৯৬০ত ভাষা আন্দোলনৰ সময়ত অসমীয়া আৰু বাঙালীসকলৰ মাজত সাম্প্রদায়িক সংঘর্ষ, ভুল বুজাবুজি আৰু অবিশ্বাসৰ ক’লা ধোঁৱাই অসম আৱৰি পেলোৱাৰ সময়তো অমলপ্ৰভা দাসৰ নেতৃত্বত সবোদয় সেৱা সংঘৰ বহু সদস্য শান্তিসেনাৰ কামত সোমাই পৰিল। মাথোঁ এয়াই নহয়, চীনা আক্ৰমণৰ সময়ত, অসম-নাগালেণ্ড বিবাদৰ সময়ত, অসমৰ বিভিন্ন সাম্প্রদায়িক সংঘর্ষ সংঘটিত হোৱাৰ সময়ত শান্তি আৰু মৈত্ৰী স্থাপনৰ বাবে অমলপ্রভা দাসে যি কার্যসূচী হাতত লৈছিল সেয়া যুগ যুগ ধৰি কৃতজ্ঞতাৰে স্মৰণ কৰি থাকিব অসমীয়া সুধী সমাজে।

১৯৭৭ৰ পৰা অসমত গীতাৰ বাণী প্রচাৰৰ অৰ্থে বিভিন্ন কাৰ্যসূচী চলালে অমলপ্রভা দাসে। সেই অনুসৰি বিভিন্ন ঠাইত গীতা সন্মিলন, গীতা শিৱিৰ আৰু গীতা পদযাত্ৰাৰ কাৰ্যসূচী ৰূপায়িত হ’ল। অসম আন্দোলন আৰম্ভ হোৱাৰ সময়তে অমলপ্ৰভা দাসে ইয়াৰ প্ৰতি পূৰ্ণ সহানুভূতি দেখুৱাই কৈছিল— “এই আন্দোলন শান্তিময় প্ৰক্ৰিয়াৰে চলিব লাগিব। এয়া আজি অসমৰ প্ৰাদেশিক সমস্যা নহয়, সমগ্র ভাৰতবৰ্ষৰে সমস্যা।”

১৯৮০ৰ আৰম্ভণিতে হৃদৰোগত আক্ৰান্ত হৈ অমলপ্ৰভা অসুস্থ হৈ পৰিল। ১৯৮২ত সমাজ কল্যাণত আগবঢ়োৱা অৰিহণাৰ বাবে তেওঁ লাভ কৰিলে ‘যমুনালাল বাজাজ বঁটা।’ এই বঁটাৰ এক লাখ টকা ‘কস্তুৰবা স্মাৰক নিধি’, ‘অসম গান্ধী স্মাৰক নিধি’, ‘শান্তিসেনা সমিতি, অসম’, উত্তৰ লক্ষীমপুৰৰ ‘মৈত্রী আশ্রম’, ‘অসমীয়া বিশ্ব নাগৰী পত্রিকা’, ‘সৰ্বোদয় সেৱক’, আৰু ‘গো-হত্যা নিবাৰণ সমিতিক’ দান কৰে। ১৯৮৩ত বিদেশী বিতাৰণ আন্দোলনৰ পৰিপ্ৰেক্ষিতত হোৱা বিভিন্ন সাম্প্রদায়িক সংঘৰ্ষ ৰোধ কৰাৰ বাবে গঠিত ‘অসম সহায়ক সমিতি’ৰ অধ্যক্ষা হিচাপে দক্ষতাৰ পৰিচয় দিছিল তেওঁ। তদুপৰি ভগ্ন শৰীৰেৰেই বিভিন্ন সংস্থা, সন্মিলনীৰ স’তে তেওঁ ওতপ্রোতভাৱে জড়িত হৈছিল।

শেষ বয়সত অমলপ্ৰভাৰ ‘আভা’ শেষ হৈ আহিছিল। থাকিব লৈছিল পাণবজাৰত বাইদেৱেক ডাঃ তিলোত্তমা ৰায়চৌধুৰীৰ স’তে। চকুৰেও প্ৰায় নেদেখা হৈছিল, স্মৃতিশক্তিও যথেষ্ট লোপ পাইছিল। ১৯৯৪ চনৰ ৩০ ডিছেম্বৰত এই গৰাকী মহান সমাজ সেৱিকাই দৰিদ্ৰজনৰ প্ৰতি থকা সকলো মায়া-মোহ ত্যাগ কৰি পৰলোকলৈ গতি কৰিলে।

You also Read

Reference

  • I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *