July 27, 2024

3 Bihu Festivals in Assam | Bohag Bihu | Kati Bihu | Bhogali Bihu in Assamese | তিনি বিহু- বহাগ বিহু , কাতি বিহু আৰু ভােগালী বিহু।

3 Bihu Festivals in Assam | Bohag Bihu | Kati Bihu | Bhogali Bihu in Assamese |

বিহু শব্দৰ উৎপত্তি History of Bihu in Assamese

‘বিহু’ শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত ‘বিষুবত’ শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। বৈদিক ‘বিষুবন’ পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপি অনুষ্ঠিত হোৱা ‘সত্ৰ’ বা ‘যজ্ঞ’ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই ‘বিষুবত’ ৰূপে পৰিচিত। আন কিছু লোকৰ মতে, বড়োসকলৰ বৈচাগু, ডিমাছাসকলৰ বুচু, কোচসকলৰ বিচুৱা, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচুৰ দৰে উজনি অসমৰ বিহুৰ গুৰি আছে উজনি অসমৰ বড়ো মূলীয় চুতীয়া, দেউৰী, মৰাণ আৰু সোণোৱালসকলৰ “বিচু”ত। “বিচু” শব্দৰ অৰ্থ হৈছে “আটাইতকৈ পবিত্ৰ দিন”, ঠিক একে দৰে যেনেকৈ “চুতীয়া” মানে হৈছে “পবিত্ৰ পানীৰ কাষত থকা লোক”। পৰৱৰ্তীকালত অসমীয়া ভাষাত “চ” উচ্চাৰণটো “হ” লৈ ৰূপান্তৰিত হয় একে ধৰণে যেনেকৈ চিলৈ হিলৈ হʼল, চাৰি শাড়ী হʼল বা চাপ সাপ হʼল।

যিহেতু বিষুৱনৰ দিনদুটা ইংৰাজী কেলেণ্ডাৰৰ মাৰ্চ আৰু ছেপ্তেম্বৰ মাহত পৰে। এই দুটা দিনত অসমীয়া মানুহে কোনো এটা বিহু পালন নকৰে। গতিকে ইয়াৰ পৰাই পষ্ট যে “বিষুৱন/বিচু” শব্দৰ লগত অসমীয়াৰ বিহুৰ সম্বন্ধ নাই। বিহু হ’ল অসমীয়া মানুহৰ সম্পূৰ্ণ কৃষিভিত্তিক উৎসৱ। তাই আহোম শব্দ “পয়-বিহু/পিউ/পিহু” ৰ পৰাই “বিহু” শব্দৰ উৎপত্তি বুলি জনা যায়। যিহেতু আহোমসকলেই অসমলৈ বিহু সংস্কৃতি কঢ়িয়াই আনিছিল বুলি বুৰঞ্জীয়ে কয়।

নৃত্য গীত

খাদ্য

বিহু What is Bihu in Assamese?

বিহু অসমৰ জাতীয় উৎসৱ। অসমীয়া মানুহৰ ৰীতি-নীতি, ৰুচি-অভিৰুচি, আচাৰ-বিশ্বাস, জীৱনযাত্ৰাৰ প্ৰণালী আদি সকলোেবােৰ বিহুৰ যােগেদি প্রতিফলিত হয়। বিহু শব্দটোৱে কেৱল উৎসৱটোকে নহয়, ‘বিহুনাচ’ আৰু ‘বিহুনাম’ এই দুটাকো নির্দেশ কৰে।

বিহু আমাৰ প্রাচীন অধিবাসী, কৃষিজীৱী অষ্ট্রিকসকলৰ অৱদান বুলিব পাৰি। তেওঁলােকে খেতিত নমাৰ আগতে আৰু খেতি চপােৱাৰ পাছত পালন কৰা উৎসৱ দুটাই শেষত ৰঙালী বিহু আৰু ‘ভােগালী বিহু’ নাম ল’লে বুলি অনুমান কৰা যায়। অষ্ট্রিকগােষ্ঠীৰ পাছত ব্রহ্মপুত্র উপত্যকালৈ প্ৰব্ৰজন ঘটা আলপাইনসকলৰ সাংস্কৃতিক প্রভাৱে উৎসৱ দুটাৰ কিছু পৰিৱৰ্তন সাধন কৰে। পৰৱৰ্তী কালত বিহুৰ ক্ৰমবিকাশত ইন্ধন যােগায় তিবৃতবর্মী আৰু টাইআহােমসকলে। আহােম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে বিহুৱে অসমৰ জাতীয় উৎসৱৰ মর্যাদা লাভ কৰে। আনহাতে আহােমসকলৰ উপৰি অসমত অনেক জনগােষ্ঠীয়ে বসবাস কৰি আহিছে। এই জনগােষ্ঠীবােৰৰ মাজত প্রচলিত কিছুমান উৎসৱবাচক শব্দৰ সৈতে ‘বিহু’ অভিধাটোৰ নিকট সম্পর্ক আছে। যেনে— বড়ােসকলৰ বৈছাগু, ৰাভাসকলৰ বাইখাে, ডিমাছাসকলৰ বুস, দেউৰীসকলৰ ৱিচু আদি। ভাষাতাত্ত্বিক দৃষ্টিকোণৰপৰা উপযুক্ত জনগােষ্ঠীকেইটা চীন-তিবৃতীয় ভাষাগােষ্ঠীৰ অন্তৰ্গত।

বিহু শব্দটোৰ উৎপত্তি সন্দৰ্ভত পণ্ডিতসকলৰ মাজত মতভেদ আছে। সৰহসংখ্যক পণ্ডিতে ‘বিষুব’ শব্দৰপৰাই ‘বিহু’ শব্দৰ উৎপত্তি হৈছে বুলি মত প্রকাশ কৰিছে। কোনাে কোনােৱে বড়াে ভাষাৰ বৈশ্য’ শব্দৰপৰাহে বিহু শব্দৰ উৎপত্তি বুলি ক’ব খােজে।

বিহু তিনিটা The three Bihu Festivals in Assam

বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভােগালী বিহু।

ব’হাগ বিহু বা ৰঙালী বিহু Bohag Bihu or Rongali Bihu in assamese

ব’হাগ বিহুত তুলনামূলকভাৱে ধর্মীয় প্রভাৱ কম, ৰংৰহইচৰ গুৰুত্ব অধিক। সেয়ে ব’হাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়। ব’হাগ বিহু সাতদিন ধৰি পালন কৰা হয়। এই সাত বিহু হ’ল ঃ গৰু বিহু, মানুহ বিহু, গােসই বিহু, চেনেহী বিহু বা তঁতৰ বিহু, নাঙলৰ বিহু, মেলা বিহু বা হাট বিহু আৰু চেৰা বিহু।

চতৰ সংক্ৰান্তিৰ দিনাৰপৰা বহাগ বিহু পালন কৰা হয়। এই দিনটোক উৰুকা বুলি কোৱা হয়। সেই দিনটো হিন্দু দিনপঞ্জীৰাে শেষ দিন। ব’হাগ বিহুৰ প্রথমৰ দিনটো গৰু বিহু। সেইদিনা পুৱাই মাহ, হালধি আদিৰে গৰুক নােৱাই দীঘলতি আৰু মাখিয়তিৰ ডালেৰে কোবাই পৰম্পৰাগত বিধি পালন কৰা হয়। লাও, বেঙেনা, কেৰেলা, হালধি, থেকেৰা আদি চকলিয়াই ফলা বাঁহৰ মিহিকৈ সাজি লােৱা ‘চাট’ত গাঁথি লােৱা হয়। গৰুক গা ধােৱাওঁতে লাও, বেঙেনা আদিৰ টুকুৰা গালৈ মাৰি গােৱা হয়—

  • লাও খা বেঙেনা খা,
  • বছৰে বছৰে বাঢ়ি যা,
  • মাৰ সৰু বাপেৰ সৰ,
  • তই হবি বৰ গৰু।

image

তাৰ পাছত লাও, বেঙেনা ছটিওৱা চাটডাল আনৰ লগত সলনি কৰা হয়। বিশ্বাস আছে চাটডাল সলনি কৰিলে সম্প্রীতিৰ ভাব বাঢ়ে আৰু অপায়অমংগল দূৰ হয়।

গৰু বিহুৰ দিনা গধূলি গৰুবােৰক ‘বিহুৱান’ হিচাপে নতুন পঘাৰে বন্ধা হয়। পঘাডালত ৰঙা সূতা, তুলসী আদি মেৰিয়াই দিয়ে। গৰু-গাই বান্ধি গৰুক পিঠাগুড়িৰে প্ৰস্তুত কৰা পিঠা খুওৱা হয়। লগতে গৰুৰ অপায়-অমংগল নহ’বৰ বাবে গােহালিত জাগ দি ধোঁৱাবােৰ বিচনীৰে বিচি দিয়ে আৰু মাখিয়তিৰ ঠালেৰে গাত কোবাই গৃহস্থই কয়, মাখিয়তিৰ মাখিপাত, মাখি মাৰোঁ জাত জাত। গৰু বিহুৰ দিনাখন বছৰটোৰ বাবে মংগল কামনা কৰি গােহালিৰ লগতে ভঁৰালত বন্তি জ্বলােৱা পৰম্পৰাও পালন কৰা হয়।

ব’হাগ মাহৰ প্রথম দিনটো মানুহ বিহু’। এই দিনটোত প্রিয়জনক, আত্মীয়-স্বজনক সাধাৰণতে ‘বিহুৱান’ উপহাৰ দিয়ে। এই দিনটোত সকলােৱে নতুন সাজ পৰিধান কৰে। সকলােৱে মিলি পিঠা-পনা, জা-জলপান জুতি লগাই খায়। নতুন বছৰৰ প্ৰথম দিনাখনেই নাহৰৰ পাতত ‘দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ, বাত-বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে এই মন্ত্ৰটো লিখি ঘৰৰ চালত খুঁচি থােৱা ৰীতি আছে। বজ্ৰ আৰু ধুমুহা বৰষুণ নিবাৰণৰ প্রতিষেধক যাদুৰূপে এই মন্ত্ৰটো প্রয়ােগ কৰা হয়।

ব’হাগ বিহুৰ তৃতীয় দিনা গােসই বিহু হিচাপে পালন কৰা হয়। বহাগ বিহুৰ বিভিন্ন আচাৰ-অনুষ্ঠানৰ ভিতৰত সবাতােকৈ আকর্ষণীয় হ’ল হুঁচৰি। গৰু বিহুৰ গধূলিৰপৰাই পুৰুষসকলৰদ্বাৰা হুঁচৰি গােৱা পৰ্ব আৰম্ভ হয়। প্রথমে গাঁৱৰ নামঘৰৰ প্ৰাংগণত হুঁচৰি গােৱাৰ পাছত হুঁচৰি দলটোৱে গাঁৱৰ প্রত্যেক ঘৰলৈ গৈ চোতালত হুঁচৰি গাই গৃহস্থৰ মংগল কামনাৰে আশীর্বাদ দিয়ে। হুঁচৰি অনুষ্ঠানত গােৱা বিহুনামবােৰ সাধাৰণতে যৌনভাববর্জিত আৰু ধর্মীয়।

Click here to read Bohag Bihu ব’হাগ বিহু in assamese language

Image

কাতি বিহু

কাতি বিহুত বহু পৰিমাণে ধর্মীয় অনুলেপন বিদ্যমান। আহিন মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা বিহুটোৱেই কাতি বিহু বা কঙালী বিহু। এই সময়ত ৰাইজৰ ভঁৰাল উদং হৈ থাকে। সেয়ে ভােগৰ প্রাচুর্য এই বিহুত নাই। অভাৱঅনাটনৰ সময়ত পালন কৰা বাবে এই বিহুৰ নাম কঙালী বিহু। কাতি বিহুৰ দিনা পথাৰত চাকি দিয়া ৰীতিটো দৰাচলতে লখিমীক আদৰাৰ এক প্রস্তুতি। এই সময়ছােৱাত সমগ্ৰ পথাৰখন সেউজীয়া শস্যৰে উপচাই তুলি খেতিয়কৰ মন ভৰাই তােলে। পথাৰত খেতিয়কে আকাশ-বাতি জ্বলাই লখিমীক আদৰাৰ প্ৰাৰম্ভিক প্রস্তুতি জগতবাসীক জনায়। ইয়াক আকাশ-বন্তি বুলি কোৱা হয়। এয়া কাতি বিহুৰ এক সুকীয়া বিশেষত্ব।

পালন কৰেঅসমীয়া সকলে
প্ৰকাৰকৃষিভিত্তিক লোকউৎসৱ
তাৰিখআহিন-কাতিৰ সংক্ৰান্তি
উদযাপনতুলসীৰ তলত চাকি জ্বলোৱা, পথাৰত চাকি দিয়া, লখিমী আদৰা, আকাশ বন্তি

কাতি বিহুত তুলসী পূজা কৰাতাে এক পৰম্পৰা। নতুনকৈ মাটি তােলা সৰু ভেটি এটাত তুলসী পুলি ৰােৱা হয়। সন্ধিয়া সময়ত ইয়াতে সৰু সৰু ল’ৰা-ছােৱালীয়ে লগ লাগি মাটি-চাকি জ্বলায় আৰু প্রার্থনা কৰে। প্রার্থনাৰ অন্তত মাহ-প্ৰসাদ খােৱা নিয়ম। এইদৰে গাঁৱৰ প্ৰায় ভাগৰ ঘৰতে গৈ মাহপ্রসাদ খােৱাৰ এক আনন্দমুখৰ পৰিৱেশ কাতি বিহুত আছে। কাতি মাহৰ তিথিক পুণ্য হিচাপে গণ্য কৰি নাম-কীর্তন গােৱাৰ লগতে সকলােৰে মংগল কামনার্থে গোঁসাই ঘৰ, বাৰী, পদূলি আৰু থকা ঘৰত চাকি, ধূপ-ধূনা দিয়ে। নামনি অসমত তুলসী তলে তলে ঘূৰি সৰু সৰু ল’ৰা-ছােৱালীবােৰে নাম গায়—তুলসী তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্রই শৰ ধনু ধৰে।

ভোগালী বিহু বা মাঘ বিহু Magh Bihu or Bhogali Bihu in Assamese

মাঘৰ বিহুত ধর্মীয় ভাবৰ সমানে ৰং-আনন্দও আছে। পুহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। এই দিনটোক উৰুকা বােলে। উৰুকাৰ দিনা ৰাতিপুৱাৰেপৰা গাঁৱৰ বা চুবুৰিৰ ডেকা-বুঢ়া সকলােৱে মিলি নদীৰ পাৰত নতুবা আন মুকলি ঠাইত মেজি সাজে। মেজিৰ কাষতে অস্থায়ীভাৱে নৰা, কলমাৰলি আদিৰে এটা ঘৰ সজা হয়। এই ঘৰটোক ভেলাঘৰ বােলে। ভেলাঘৰতে সকলােৱে মিলি ভােজ-ভাত খায়। ল’ৰাহঁতে উৰুকাৰ গােটেই নিশা ভেলাঘৰত থাকে। উৰুকাৰ পিছদিনা কাহিলিপুৱাতে গা-পা ধুই তামােলপাণ লৈ পূর্বে সাজি থােৱা মেজিক সেৱা কৰি অগ্নিসংযােগ কৰে। ভেলাঘৰাে তাৰ পাছতে জ্বলাই দিয়া হয়। তাৰ লগে লগে মাঘ বিহুৰ শুভাৰম্ভ হয়।

মেজি শব্দটো সংস্কৃত ‘মেধঃ’ বা ‘মেধ্য’ শব্দৰপৰা আহিছে। মেধঃ বা মেধ্য শব্দৰ অর্থ হৈছে ‘হােম। হােমযজ্ঞত যিদৰে পুৱা আৰু সন্ধ্যা অগ্নিকুণ্ডত যজ্ঞীয় দ্রব্য দি মন্ত্র পাঠ কৰা হয়, সেইদৰে মেজি জ্বলাবৰ সময়তাে অগ্নিদেৱতাৰ সন্তুষ্টিৰ বাবে উপচাৰ আগবঢ়ায়। মেজি জ্বলােৱাৰ পাছত লাড়ু, পিঠা, মিঠা আলু, মাহ-কৰাই আদি খােৱা হয়। মেজি পােৰাৰ পাছত প্রত্যেকজন মানুহে আধাপােৰা বাঁহ এডােখৰ ঘৰলৈ আনে। সেই বাঁহেৰে তামােল, আম, জাম আদি গছত কোব দিয়ে। এনে কৰিলে ফলমূল বেছিকৈ লাগে বুলি বিশ্বাস কৰা হয়। মাঘ বিহুৰ দিনা পুৱা ঘৰৰ মূল মানুহজনে বাৰীৰ গছ-গছনি, ঘৰৰ খুঁটা আদিত কুমলীয়া বাঁহৰ তমালেৰে বান্ধি দিয়াৰ ৰীতি আছে। গছ বন্ধাৰ উদ্দেশ্যও ফল লাভ। ইয়াৰ উপৰি বাঁহৰ গুৰিত নতুন মাটি দিয়াৰ নিয়মমা আছে। কিয়নাে মাঘ বিহুত বাঁহৰ গুৰিত মাটি নিদিলে বাঁহৰ বংশ বৃদ্ধি নহয়।

মাঘ বিহুক ভােগালী বিহু বােলা হয়। এই সময়ত কাতি মাহৰ কঙাল অৱস্থাৰ অৱসান ঘটে। এই সময়ত খেতিয়কৰ ভঁৰাল ন-শস্যৰে পৰিপূৰ্ণ হৈ থাকে। সেয়েহে মাঘ বিহুত খেতিয়কৰ ঘৰে ঘৰে বিবিধ পিঠা-পনা আৰু জাজলপানেৰে উভৈনদী হৈ থাকে। আমন্ত্রণ ৰক্ষা কৰি মাঘ বিহুত ইজনে সিজনৰ ঘৰত গৈ পিঠা-পনা, জা-জলপান খাই ফুৰে।

মাঘ বিহুত অসমৰ বিভিন্ন ঠাইত ম’হ যুঁজ, কণী যুঁজ, কুকুৰা যুঁজ, বুলবুলি যুঁজ আদি খেল-ধেমালি অনুষ্ঠিত হয়। এই খেল-ধেমালিবােৰ অসমীয়া জাতীয় সংস্কৃতিৰ গুৰুত্বপূর্ণ অংগ আৰু শাৰীৰিক উৎকর্ষ সাধনৰ পৰিচায়ক।

মাঘ বিহুৰ সমধর্মী কিছুমান উৎসৱ অসমৰ বিভিন্ন জনগােষ্ঠীৰ মাজত স্বতন্ত্রভাৱে উদ্যাপিত হৈ আহিছে। সেইবােৰৰ ভিতৰত আহােমসকলৰ মে-দামমে-ফি, মিচিংসকলৰ আলি-আই-লিগাং, বড়ােসকলৰ খেৰাই আদি উল্লেখযােগ্য।

You can read also

References

  1. assam.gov.in
  2. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *