July 24, 2024

ব’হাগ বিহু বা ৰঙালী বিহু ইতিহাস। Bohag Bihu / Rongali Bihu in Assamese

Bohag Bihu in Assamese

ব’হাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজ জীৱন উপভোগ কৰিবলৈ আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতপ্ৰোত সম্বন্ধ আছে।

About of Bohag Bihu in Assamese
Bohag Bihu
Assamese New Year
Observed byAssamese
TypeSocial, Cultural, Religious
SignificanceNew Year
Date1st Baisakh (13/14 April)
Frequencyannual
Related toSouth and Southeast Asian solar New Year
About of Bohag Bihu in Assamese

সাত বিহু

ব’হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক “সাত বিহু” বুলি জনা যায়। চ’তৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে মানুহ বিহুহাত বিহুচেনেহী বিহুমাইকী বিহুৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন গোঁসাই বিহু বুলিও পালন কৰা যায়। অৱশ্যে এই সাত বিহুৰ পৰম্পৰা বৰ্তমান বিলুপ্তপ্ৰায়।

কিছুমান ব্যক্তিয়ে আকৌ বহাগৰ বিহুৰ এই অনুষ্ঠানসমূহক তলত দিয়াৰ দৰে ভাগ কৰিছে:-

  1. চ’ত বিহু: চ’তৰ নিশা ডেকা-গাভৰুৱে বিহুৰ আখৰা কৰে আৰু আখৰা কৰা প্ৰথম নিশাটোয়ে হ’ল চ’ত বিহু।
  2. ৰাতি বিহু: চ’ত বিহুৰ আখৰাৰ পৰৱৰ্তী বিহু মৰা নিশাবোৰক ৰাতি বিহু বুলি কোৱা হয়।
  3. গৰু বিহু: চ’তৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। গধূলি ধূপ-ধূনা আদি দিয়া হয়।
  4. মানুহ বিহু বা চেনেহী বিহু: এক ব’হাগৰ দিনাখন এই বিহু পতা হয়। এই বিহুটোক আপোনজনে আপোনজনক বিহুৱান দিয়ে। বিহুগীত, হুঁচৰি গীত গাই অতি আনন্দ কৰে।
  5. কুটুম বিহু: ব’হাগৰ দ্বিতীয় দিনটো কুটুম বিহু। এই দিনা জী-জোঁৱাইসকল মাকহঁতৰ ঘৰলৈ যায়। ইষ্ট-কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা-সত্কাৰ কৰে।
  6. মেলা বিহু বা হাট বিহু: এই বিহুৰ দিনা পথাৰৰ মাজত এডাল গছক প্ৰতীক হিচাপে লৈ তাৰ তলত গাভৰুসকলে বিহু নাচে। গছ জোপালৈ বিহুৱান, তামোল-পাণ আদি আগবঢ়ায়। শিমলুগুৰি, নাহৰকটীয়া, টেঙাখাট আদি অঞ্চলত এই বিহু দেখা যায়।
  7. চেৰা বিহু বা এৰা বিহু: বহাগ বিহুত ডেকা-গাভৰুৱে নাচি-বাগি ভাগৰি পৰে আৰু সপ্তম দিনা অতি আদৰৰ বিহুটিক সমাপ্ত ঘটায়। সেই দিনাখন বিহুৱানবোৰ পুনৰ ধুই বিহুক বিদায় দিয়ে। Bohag Bihu in Assamese

গৰু বিহু

প্ৰথম বিহুটিৰ নাম গৰু বিহু। এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়। গাঁৱৰ আটাইবিলাক গৰু ওচৰৰ নদী , বিল বা আন তেনে ঠাইলৈ নি সকলোৱে গৰু ধুৱাই আৰু তলৰ গীতটো গাই গাই দীঘলতী, মাখিয়তী আদি গছৰ ডালেৰে কোবাই

দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত।
মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু।
লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।

সিদিনাই মানুহে মাহ, হালধি, আমৰ মল আৰু দৈৱজ্ঞই আগতে দি যোৱা সৰ্বৌষধিৰে গা ধোৱে। এইদৰে গা ধুলে অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়। দুপৰীয়া নামঘৰত নাম-কীৰ্তন কৰা হয়। গধূলি গৰুক নতুন পঘা দিয়ে আৰু লাড়ু পিঠা খুৱায়।

মানুহ বিহু

দ্বিতীয় দিনা বৰ বিহু বা মানুহৰ বিহু। সিদিনাও নামঘৰত সামুহিকভাৱে নাম-কীৰ্তন কৰা হয়। সাধাৰণতে বৰ বিহুৰ দিনা বিহুৱান লোৱা হয়। এই বিহুৱান নিজৰ লগতে পৰিয়ালৰ অন্যান্য অঙহী-বঙহী ইষ্ট-কুটুম্ব আৰু মৰমৰ জনকো দিয়া হয়। ইও এক ধৰণৰ পৰম্পৰা। ব’হাগ বিহুত খোৱা-বোৱাতকৈ ৰং-ধেমালিৰ ওপৰত বেছি গুৰত্ব দিয়া হয়। ডেকা-ডেকেৰী সকলে বিহু-উৎসৱ পাতি বিহুগীত, বিহু নাচ, হুঁচৰি, নানা ৰকমৰ খেল-ধেমালিৰ ব্যৱস্থা কৰে। লগতে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থক আৰ্শীবাদ দিয়ে। আনহাতে কোনো কোনো ঠাইত শেন-কনুৱাৰ যুঁজ, ম’হ যুঁজ, কণী যুঁজ আদি খেল-ধেমালিৰো ব্যৱস্থা আছে।

ৰাতি বিহু

আগৰ কালত চ’ত মাহৰ আৰম্ভণিৰ পৰাই ডেকা গাভৰু মিলি ‘ ৰাতি বিহু’ পতাৰ পৰম্পৰা আছিল। বৰ্তমান এই প্ৰথা প্ৰায় নোহোৱা হৈছে। ৰাতি বিহু কেৱল ডেকা গভৰুৰ বিহু। ডেকা গাভৰু মিলি ৰাতি ৰাতি আছুতীয়া ঠাইত বিহু নাচ, বিহু গীতৰে ইজনে সিজনক প্ৰেম নিবেদন কৰিছিল আৰু বিহু তলিৰ পৰাই বহুতে সাংসাৰিক জীৱন আৰম্ভ কৰিছিল। অৱশ্যে বৰ্তমান আধুনিক সভ্যতাৰ পৰশত এই বিলাক প্ৰথা একেবাৰে লোপ পাই গৈছে, কেৱল কেইটামান জনগোষ্ঠীৰ মাজত ‘গছ তলৰ বিহু’ নামৰে এই ৰাতি বিহুৰ অলপ পৰিবৰ্তিত ৰূপ প্ৰচলিত হৈ আছে। এই ৰাতি বিহুৰ শেষ হৈছিল গৰু বিহুৰ উৰুকাৰ দিনা।

জেং বিহু

এই বিহু নৃত্য আৰু গীত কেৱল মহিলাসকলৰ দ্বাৰা পৰিৱেশন কৰা হয়। পূৰ্বতে গাঁৱত মহিলাসকলে এনে বিহু নৃত্য পৰিৱেশন কৰোঁতে তাৰ চাৰিওফালে বাঁহৰ কিছুমান “জেং” গুজি লৈছিল। সেয়ে সময়ত ইয়াক “জেং বিহু” বুলি নামকৰণ কৰা হয়। ইয়াক গছ তলৰ বিহু বুলিও জনা যায়।

About of Bohag Bihu in Assamese

ব’হাগ বিহুৰ লোকবিশ্বাস

ব’হাগ বিহু বা ৰঙালী বিহু সম্পৰ্কীয় ভালেমান লোকবিশ্বাস পোৱা যায়। চ’তৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনাখনৰপৰাই সাদিনীয়া বহাগ বিহু আৰম্ভ হয়। গৰু বিহুৰ দিনাখন ৰাতিপুৱাই গৰুক মাহ-হালধি তেল সানি গা ধুৱাই নতুন পঘা আঁৰি দি দীঘলতি-মাখিয়তি পাতেৰে গৰুৰ গাত কোবোৱাৰ অন্তৰালত উৰ্বৰা বিশ্বাস জড়িত হৈ আছে। গধূলি পদূলিৰপৰা গোহালিলৈকে শুকান ধান খেৰ, তুঁহ, দীঘলতি, মাখিয়তি পাত আদি জ্বলাই ধোঁৱাময় কৰি তোলা হয়। এই ধোঁৱাই গোহালিৰ মহ-ডাঁহ আঁতৰোৱাৰ উপৰি অপদেৱতাক খেদি পঠায় বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰি আহিছে। ঠাই বিশেষে সাপ আদিৰপৰা ঘৰচীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ সেইদিনা গোহালিৰ চাৰিওকাষে নহৰু বটা পানীত ছটিওৱা হয়। গোটেই বছৰটোৰ বাবে গৰু-ছাগলীৰ ডিঙিত বগা, ৰঙা সূতা মেৰিয়াই দিয়া হয়।

অঞ্চল অনুযায়ী গৰু বিহুৰ দিনাখন গৰুক বিচনীৰ বিচ দিয়াৰ পিছতেহে মানুহে বিচনীৰ বা লয় আৰু এনে কৰিলে গোটেই বছৰটো শৰীৰ জুৰ পৰি থাকে বুলি বিশ্বাস কৰা হয়। বিহুৰ প্ৰথম দিনা কিছুমানলোকে স্নানাদি কৰোঁতে সৰ্বশুদ্ধি ব্যৱহাৰ কৰাৰ উপৰি ব্ৰাহ্মণ-জ্যোতিষাদিৰ কথানুষাৰে অনাগত বছৰটোত যাতে নিৰোগী হৈ থাকিব পাৰে সেই বিশ্বাসতে ৰাশি অনুযায়ী চেনি, নিমখ, মৌ, গাখীৰ আদি খায়। ‘বিহুত বিহোঁ অমৃত হয়’ বুলি এষাৰ কথা আছে। সেয়েই হয়তো কোনো কোনো অঞ্চলত স্বাস্থ্য ভালে থাকিবৰ বাবে গধূলি শোকোতা তিতা, কল পচলা, টেঙা আদিও খায়। এনে কৰিলে বছৰটোত সাপে খোঁটাৰ ভয় নাই বুলি বিশ্বাস কৰে। অঞ্চল বিশেষে গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যি কোনো এদিনত এশ এবিধ শাক খোৱাৰ নিয়ম আছে। কিছুমানে ইয়াক সাত শাকেতী বা সাথেক তোলা বা সাত শাক তোলা বিহু বোলে। এশ এবিধ শাকৰ যি ব্যঞ্জন তৈয়াৰী কৰা হয় সেয়া ৰোগৰ মহৌষধ। ‘সাত বিহুৰ শাক শুকতি দেহাত দেই বল’ বুলি বিশ্বাস কৰি এশ এবিধ নহ’লেও সাতবিধ বা নবিধ শাক তোলে।

ঠাই বিশেষে গৰু বিহু বা মানুহ বিহুৰ দিনাখন ধুমুহা বৰষুণৰ পৰা হাত সাৰিবলৈ শিৱক সন্তুষ্টি কৰি নাহৰৰ পাতত মংগলসূচক বচন লিখি ঘৰৰ ছালৰ পানীপচাত খুচি থোৱা হয়-‘‘দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ/বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে’’। অসমীয়া মানুহৰ মনত শিৱ কৃষি দেৱতা। সেয়েই হয়তো প্ৰথম বিহুৰ দিনাই ৰাতিপুৱা কামৰূপৰ কোনো কোনো অঞ্চলত বাঁহৰ আগ আৰু ভাং-ধতুৰাৰ গছ খেতি-পথাৰত পুতি থয়। জনবিশ্বাস মতে এনেদৰে শিৱৰ প্ৰিয় ভাং-ধতুৰাৰ গছ পুতি শিৱক সন্তুষ্ট কৰিলে খেতি ভাল হয়। পহিলা বহাগ বা মানুহ বিহুৰ দিনা গা ধুই গোসাঁইক সেৱা কৰি বিহুৱান লয় আৰু পিছত সৰুৱে মান্যজনক সেৱা-সৎকাৰ কৰি আশীৰ্বাদ লয় যাতে আগন্তুক বৰ্ষটো ভালে ভালে যাব পাৰে।

‘অতিকৈ চেনেহৰ বহাগৰ বিহুটি’ অহাৰ আগতেই অৰ্থাৎ চ’ত মাহ সোমোৱাৰ লগে লগেই অসমীয়া জীয়াৰী-বোৱাৰীৰ ‘চেনেহৰ বিহুৱান’খনি বৈ-কাটিবলৈ গাত ত’ত নাইকিয়া হয়। কিয়নো বিহুৰ পিছত ব’বলৈ থোৱা কোনো কাপোৰ বা বিহুৱান কোনো পুৰুষক দিয়া নহয়। বিশ্বাস ‘বিহুচেৰা’ বস্ত্ৰ পৰিধান কৰিলে লওঁতাৰ মৃত্যু কাষ চাপি আহে। অঞ্চল বিশেষে বিহুৰ সাতদিন পুৰুষে গাত তেল নলয়, সাতদিনৰ খোৱা পিঠা-পনা, লাৰু আদি থাকিলেও বিহুচেৰাৰ দিনা পেলাই দিয়া হয়। যদি বহাগ বিহুৰ মাহটো মলমাহ পৰে তেতিয়া নিজৰ অশুভ হ’ব বুলি বিশ্বাস কৰি কোনো নতুন কাপোৰ বা বিহুৱান গ্ৰহণ কৰা নহয়। বহাগ বিহুৰ সময়ত হুঁচৰি গোৱা আশীৰ্বাদ ল’লে স্বৰ্গত স্থান পায় বুলি বিশ্বাস কৰে। সেয়েহে অনাখৰী কবিয়ে গায়- ‘‘গৰু বিহু দিনাখন- ল’বা আশীৰ্বাদ/তেহে পাবা বৈকুণ্ঠত থান”। Bohag Bihu in Assamese

About of Bohag Bihu in Assamese

বিহুৰ খেল ধেমালি

বহাগ বিহু ৰং-ধেমালিৰ উৎসৱ। বিহু-বলিয়া ডেকা-গাভৰুৱে সেয়েই বহাগ বিহুত নানান খেল-ধেমালি কৰা দেখা যায়। তাৰ ভিতৰত কড়িখেল উল্লেখযোগ্য। কড়ি প্ৰজননৰ প্ৰতীক। কড়িখেলত যদি কোনো পুৰুষৰ কড়ি ফুটে তেন্তে সেই সেই পুৰুষৰ ভাগ্যোদয় হয় আৰু জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি কোনো কোনোৱে বিশ্বাস কৰে।

বিহুত শাক খোৱাৰ পৰম্পৰা

অসমীয়া সমাজত গৰু বিহুৰ দিনা এশ এবিধ শাক আৰু সাত বিহুৰ দিনা সাতবিধ শাক খোৱাৰ পৰম্পৰা আছে। গৰু বিহুৰ দিনা যি এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে তাত বিভিন্ন শাক-পাচলি, তৰু-লতা-তৃণ আদি অন্তৰ্ভুক্ত কৰা হয়। এই শাক-পাচলিবোৰত টেঙা, কেঁহা, তিতা গুণৰ সমাহাৰ হয়। স্বাভাৱিকতে এই সমূহ ঔষধি গুণ সম্পন্ন। অসমীয়া সমাজত খাদ্য প্ৰণালী সম্পৰ্কে বিভিন্ন নীতি-নিয়ম আছে। সেইদিনা গ্ৰহণ কৰা এশ এবিধ শাকত কোনো খাদ্যৰ অশুভ প্ৰতিক্ৰিয়া নাথাকে আৰু নিঃসংকোচে প্ৰত্যেকে ইয়াক গ্ৰহণ কৰে। বিহুৰ প্ৰথম দিনা ঔষধি গুণসম্পন্ন শাকপাত খাই অসমীয়া মানুহে বছৰটোলৈ বল বান্ধে। Bohag Bihu in Assamese

সাতবিহু

সাতবিহুত সাতবিধ শাক খোৱাৰ নিয়ম আছে। উজনি অসমত ই এক পৰম্পৰা য’ত উৎসৱৰ আনন্দ অধিক। নামনি অসমত কিন্তু মহিলাসকলৰ বাবে ই আনন্দৰ উৎসৱ। সেইদিনা ছোৱালীহঁতে দলবান্ধি সাজ-পোছাক কৰি চালনি লৈ শাক তুলিবলৈ যায় নাচ গান কৰি। শাকতোলা হ’লে ঘৰাঘৰি আহি চালনি থৈ গা ধুই শাক চাফা কৰি আমকলি মিহলাই খায়। বৈষ্ণৱ সংসঋতিৰ সমৃদ্ধ বৰপেটা অঞ্চল ১ আৰু ৬ ব’হাগৰ দিনা মহিলাসকলে বোৱাৰি পুৱাতে দলবান্ধি নৈৰ দাঁতিকাষৰীয়া অঞ্চল চাই সাতবিধ শাক তোলে। তাৰ আগত নদীত স্নান কৰে। নামকীৰ্তন কৰে। শাক তোলাৰ পিছত মঞ্চাভিনয় কৰে। আবেলি শাকৰ টোপোলা লৈ গীতপদ গাই ঘৰলৈ ঘূৰি সাতখন আঞ্জাৰে ভোজন কৰে। বহুতে বিহুৰ ১৪ দিনৰ দিনা ১৪ বিধ শাক খায়। ই অৱশ্যে বিশেষ গুৰুত্ব নাপায়।

You can read also

References

  1. assam.gov.in
  2. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *