July 24, 2024

Swanirbhar Nari Atmanirbhar Assam Scheme in Assamese | স্ব-নিৰ্ভৰ নাৰী – আত্মনিৰ্ভৰ অসম আঁচনি

গুৰুত্বপূৰ্ণ বিষয়

  • মহিলা সৱলীকৰণ হৈছে আঁচনিখনৰ মূল উদ্দেশ্য
  • আঁচনিখনৰ দ্বাৰা ৪ লাখ পৰিয়াল লাভাবাম্বিত হ’ব
  • মহিলাসকলক আত্ম সংস্থাপনৰ সুবিধা প্রদান কৰিব
  • প্রথম পর্যায়ত আঁচনিখন ২০৯ টা খণ্ডত ৰূপায়ণ কৰা হ’ব
  • আঁচনিখনৰ অধীনত ২.৮৫ লাখ আত্মসহায়ক গোট উপকৃত হ’ব

অৰ্থনৈতিক ভাবে দূৰ্বল নাৰীক সামান্য সকাহ প্ৰদানৰ অৰ্থে স্ব-নিৰ্ভৰ নাৰী – আত্মনিৰ্ভৰ অসম আঁচনিখন মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালে ২০২০ চনত উদ্বোধন কৰে। প্ৰথম পৰ্যায়ত প্ৰায় ৪ লাখ নাৰী এই আঁচনিৰ দ্বাৰা লাভাম্বিত হ’ব। নাৰী সবলীকৰণৰ উদ্দেশ্য এই আঁচনিখন আৰম্ভ কৰা হৈছে। স্ব-নিৰ্ভৰ নাৰী – আত্মনিৰ্ভৰ অসম আঁচনিখনৰ লক্ষ্য হৈছে প্ৰায় ৩.৭২ লাখ স্থায়ী ব্যক্তিগত আৰু ৮২২ সামূহিক সম্পদ সৃষ্টি কৰা।. 

বিভিন্ন ৰাজ্যিক বিভাগ আৰু অভিযানৰ সন্মিলনৰ সৈতে মহত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ সংস্থাপন প্ৰত্যাভূতিৰ (MGNREGA) অধীনত উল্লেখিত আঁচনিখন ৰূপায়ণ কৰা হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি আৰু উদ্যান বিদ্যা বিভাগ, মীন বিভাগ, পৰিবেশ আৰু বন বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়, ৰেচম সঞ্চালকালয়, পশুপালন আৰু পশু চিকিৎসা বিভাগ আদি এই আঁচনিখনৰ অন্তৰ্ভুক্ত ।

স্ব-নিৰ্ভৰ নাৰী – আত্মনিৰ্ভৰ অসম আঁচনিখনৰ জৰিয়তে সম্পদ সৃষ্টি

ব্যক্তিগত আঁচনিৰ ভিতৰত প্ৰথম পৰ্যায়ত ৫ টা কৰ্ম আঁচনি ২১৯ টা উন্নয়ন খণ্ডত আৰু ২০ টা কৰ্ম আঁচনি নিৰ্দিষ্ট উন্নয়ন খণ্ডত ৰূপায়ণ কৰা হ’ব। প্ৰথম পৰ্যায়ত আত্মসহায়ক গোটৰ ৪ লাখ পৰিয়াললৈ উৎপাদনশীল সমল প্ৰদানৰ জৰিয়তে অবিৰত তথা বহনক্ষম জীৱিকাৰ সুযোগ প্ৰদানেৰে ব্যক্তিগত আৰু গোটভিত্তিক আঁচনি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।

স্ব-নিৰ্ভৰ নাৰী – আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰয়োজনীয়তা

সতী জয়মতী, সতী সাধনী, কনকলতা বৰুৱা, মাগ্ৰী ওৰাং, ইন্দিৰা মিৰি আদি বহুতো উল্লেখনীয় মহিলা ব্যক্তিত্বই নাৰী শক্তি যে অসমীয়া সমাজৰ বিকাশত কোনো গুনে কম নহয় তাকেই প্ৰমাণিত কৰি আহিছে।অসমৰ নাৰী যথেষ্ট পৰিশ্রমী তথা স্বনিৰ্ভৰ নাৰী – আত্মনিৰ্ভৰ অসম আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোক খুবেই প্ৰতিশ্রুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীয়েও তেওঁৰ বক্তব্যত উল্লেখ কৰে।

স্ব-নিৰ্ভৰ নাৰী – আত্মনিৰ্ভৰ অসম আঁচনিৰ ৰূপায়ণ

মুখ্যমন্ত্ৰীয়ে আত্ম সহাযক গোটৰ লাভাৰ্থী সকলক পূৰ্ণ সমৰ্থন আগবঢ়াবলৈ পঞ্চায়ত ৰাজ সংস্থান সমূহক আহ্বান জনাইছে। এই প্ৰক্ৰিয়াই প্ৰতিনিধি সকলক কৰ্ত্তব্য পালনৰ ক্ষেত্ৰত সাধু, একাগ্ৰ তথা কৰ্মনিষ্ঠ হ’বলৈ উৎসাহ জনাব। আঁচনিখন ৰূপায়ণৰ সময়ত পঞ্চায়তৰ বিষয়ববীয়া সকল যদি দুৰ্নীতিগ্ৰষ্ট, বিসংগতি বা আওকাণ কৰা বুলি প্ৰমাণিত হয় তেন্তে অসম চৰকাৰে তাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব।

চৰকাৰে প্ৰণয়ন কৰা নিৰ্দেশনা সমূহ উচিত ৰূপে অনুপালন কৰি শ্রেষ্ঠ বুলি বিবেচিত হোৱা প্ৰথম তিনিখন পঞ্চায়তক প্ৰত্যেককে ক্ৰমে ৩ লাখ, ২ লাখ আৰু ১ লাখ টকাৰে পুৰস্কৃত কৰিব বুলি ঘোষণা কৰিছে। নাৰী সবলীকৰণৰ ক্ষেত্ৰত এই আঁচনিখনৰ প্ৰৱৰ্ত্তন এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে সকলো বিভাগৰ সৈতে দায়িত্ব সহকাৰে কৰ্ত্তব্য পালন কৰাৰ উপৰিও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ সমূহক পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছে। বৰ্ত্তমান ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যত সম বিকাশৰ সুনিশ্চিত কৰিবলৈ প্ৰয়াস কৰে।

ৰাজ্যৰ ক্ষুদ্ৰ চাহ উৎপাদক সকলক ভূমিৰ পট্টা যোগান ধৰাৰ লগতে সত্ৰ, নামঘৰ আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাটি সংৰক্ষণৰ বাবে যিসকল বেদখলকাৰীয়ে ঠাই সমূহ দখল কৰিছিল তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হৈছিল। ইয়াৰ উপৰি চৰকাৰে ৰাজ্যখনক ভ্ৰষ্টাচাৰ, অবৈধ প্ৰব্ৰজন, উগ্ৰবাদ আৰু প্ৰদূষণমুক্ত কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে।

You can Read Also

Reference

  1. assam.gov.in
  2. And I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *