July 22, 2024

Arundhati Gold Scheme in Assamese | অৰুন্ধতী স্বর্ণ আঁচনি

Arundhati Gold Scheme in Assamese

এতিয়াও আমাৰ দেশৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ কিছুমান কু ৰীতি-নীতি বা অন্ধবিশ্বাস আছে যেনে, বাল্যবিৱাহ, কন্যা ভ্ৰূণ হত্যা, যৌতুক প্ৰথা ইত্যাদি যাৰ প্ৰভাব বিশেষকৈ কন্যা সন্তানৰ ওপৰত পৰা দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত অসমীয়া সমাজ কিন্ত্ত সদায় ব্যতিক্ৰম, কাৰণ এনেধৰণৰ কু-প্ৰথাৰ প্ৰচলন নাই বাবেই অতীজৰে পৰা অসমখন ভাগ্যবান বুলি দোহৰাৰ প্ৰয়োজন নাই। যদিওবা অসমত যৌতুক প্ৰথাৰ প্ৰচলন নাই তথাপিও কন্যা সন্তানৰ বিৱাহৰ সময়ত অভিভাৱক সকলে নিজ কন্যাক কিছু ব্যৱহাৰোপযোগী সামগ্ৰী দিবলৈ হেঁপাহ পুহি ৰাখে। অভিভাৱক সকলে তেওঁলোকৰ সামাজিক আৰু অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে নিজ সন্তানক মৰম, ভালপোৱা, আশীৰ্বাদৰ উপৰিও সামান্য পৰিমানে হ’লেও উপহাৰ দিব বিচাৰে। কিন্তু আৰ্থিক দৈন্যতাৰ বাবে ইচ্ছা কৰিও কোনো কোনো পিতৃ-মাতৃয়ে তেওঁলোকৰ আশা পূৰণ কৰিব নোৱাৰে। সোঁণ বা সোঁণৰ গহণাক যিহেতুকে মাংগলিক বা মূল্যবান ধাতু হিচাপে গণ্য কৰা হয়, সেইবাবে অভিভাৱকে নিজ কন্যাৰ সামাজিক আৰু আৰ্থিক স্থিতি বঢ়াবলৈ সোঁণৰ অলংকাৰ উপহাৰ হিচাপে প্ৰদান কৰে।

গুৰুত্বপূৰ্ণ বিষয়

  • আঁচনিখনৰ বাবদ বছৰি নিৰ্ধাৰিত মূল্য ৮০০ কোটি টকা
  • প্রত্যেকজনী কইনাক ১০ গ্রাম সোণ উপহাৰ হিচাপে প্রদান কৰিব
  • ২০২০ চনৰ ১ জানুৱাৰী তাৰিখে আঁচনিখন উন্মোচন কৰা হৈছে
  • বিৱাহৰ আগতে দৰা-কইনাই আঁচনিৰ বাবে আবেদন কৰিব লাগিব
  • ছোৱালীৰ বছৰি আয় ৫ লাখ টকাৰ তলত হ’ব লাগিব

উদ্দেশ্য : ওপৰোক্ত আলোচিত বিষয়খিনিক সফল ৰূপ দিবলৈ অসম চৰকাৰে বিত্তীয় বৰ্ষ ২০১৯-২০ চনত “অৰুন্ধতী সোঁণ আঁচনি ” নামৰ নতুন আঁচনিখন প্ৰৱৰ্ত্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত বিত্তীয় বৰ্ষৰ বাজেট অধিবেশনতো এই সন্দৰ্ভত বিত্ত মন্ত্ৰীয়ে ৪০ নম্বৰ দফাত উল্লেখ কৰে।বর্তমান বজাৰ মূল্যৰ ৩৮ হাজাৰ টকাৰ এতোলাকৈ সোণ বিবাহৰ সময়ত দিবলৈ গ্রহণ কৰা ‘অৰুন্ধতী’ নামৰ এই অভিলাষী আঁচনিখন ব্রহ্মর্ষি বশিষ্ঠৰ পত্নী অৰুন্ধতীৰ পতিব্রতা গুণৰ প্রতি লক্ষ্য কৰি নামাকৰণ কৰা হৈছে’৷ যিসকল লোক আৰ্থিক ভাবে দুৰ্বল অথচ আন সকলো পিতৃ-মাতৃৰ দৰে তেওঁলোকেও নিজ সন্তানক সোঁণৰ গহণা উপহাৰ হিচাপে দিব খোজে কিন্তু আৰ্থিক দৈন্যতাৰ বাবে দিব নোৱাৰা পৰিলক্ষিত হয়, সেই সকল অভিভাৱকক সুবিধা প্ৰদান কৰাই হ’ল এই আঁচনিৰ প্ৰধান উদ্দেশ্য। এই আঁচনিৰ মূল লক্ষ্য বিবাহখন পঞ্জীয়ন কৰা। আঁচনিৰ লাভ পাবলৈ বিয়া পঞ্জীয়ন কৰাটো বাধ্যতামূলক। ছোৱালীৰ ১৮ বছৰ বয়স আৰু ল’ৰাৰ ২১ বছৰ হ’ব লাগিব লগতে ’Special Marriage Act 1954 ত পঞ্জীয়ন কৰাটো প্ৰয়োজনীয়। চক্ৰ বিষয়া কাৰ্যালয়তো বিয়া পঞ্জীয়ন কৰিব পাৰিব। ২০১৯ ডিচেম্বৰত সামাজিকভাৱে বিয়া পতা লোকে ১ জানুৱাৰী ২০২০ত পঞ্জীয়ন কৰিলে এই আঁচনিৰ সুবিধা পাব।আনহাতে আঁচনিৰ সুবিধা পাবৰ বাবে দৰা কইনা মেট্ৰিক পাছ হ’ব লাগিব। অৱশ্যে চাহ বাগিচা আৰু আদিবাসী লোক এই আঁচনিৰ বাবে মেট্ৰিক পাছ হোৱাটো বাধ্যতামূলক নহয় । সোণৰ দাম বাঢ়িলেও অৰুন্ধতী আঁচনিৰ টকা বৃদ্ধি নহয় বুলি বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰে। এই আঁচনিখনৰ বাবদ বছৰি ৮০০ কোটি টকা নিৰ্ধাৰিত কৰা হৈছে। আঁচনিৰ পৰা লাভ কৰা ধনৰাশি ছোৱালীজনীৰ একাউণ্টত জমা হ’ব। ছোৱালীজনীয়ে সোণ ক্ৰয় কৰি পঞ্জীয়কৰ ওচৰত ৰচিদ জমা দিব লাগিব। ছোৱালীৰ বছৰি আয় ৫ লাখ টকাৰ তলত হ’ব লাগিব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (পঞ্জীয়ন) বিভাগ হ’ব অৰুন্ধতী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত মুখ্য বিভাগ । আবেদনকাৰীয়ে অনলাইন আবেদন জনাবৰ বাবে revenueassam.nic.in এই লিংকটোত ক্লিক কৰিব পাৰে।

You can Read Also

Reference

  1. assam.gov.in
  2. And I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *