May 17, 2022

Madhupur Satra History and Essay in Assamese |  ভেলা-মধুপুৰ সত্ৰৰ ইতিহাস

Madhupur Satra History and Essay in Assamese

ভেলা-মধুপুৰ সত্ৰৰ Madhupur Satra in Assamese

মধুপুৰ সত্ৰ অসমীয়া জাতিৰ বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম তীৰ্থভূমি। বৰ্তমান পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ মধুপুৰত অৱস্থিত এই এই স্থানত মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱে দেহ ত্যাগ কৰিছিল। ইয়াৰ উপৰিও ইয়াত আন বহুতো ভকতৰো সমাধি আছে। জীৱনৰ অন্তিম সময়চোৱা শঙ্কৰদেৱে ইয়াত থাকি ধৰ্ম চৰ্চা কৰাৰ লগতে বহুতো সাহিত্যিক আৰু সাংস্কৃতিক কৃত্তিও ৰচনা কৰিছিল। এই মধুপুৰ সত্ৰক দহমুকুতৰ থান বুলিও কোৱা হয়। দহমুকুত (মুকুট = মুক্ত) মানে হ’ল শঙ্কৰদেৱৰ দহজন শিষ্যৰ ইয়াত থকা ভেটি।

Madhupur Satra History and Essay in Assamese

ভেলা-মধুপুৰ সত্ৰৰ নিৰ্মাণ

১৬ শতিকাৰ কোচৰাজ্যৰ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত এই সত্ৰ নিৰ্মাণ কৰা হৈছিল।

ভেলা-মধুপুৰ সত্ৰৰ ইতিহাস History of Madhupur Satra in Assamese

মধুপুৰৰ আগৰ নাম আছিল চন্দনচৌৰা । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ শ্ৰীমাধৱদেৱে তেৰাসকলৰ জীৱনৰ শেষ সময়ছােৱা কোচবেহাৰত কটাইছিল। ১২০ হাত দীঘল আৰু ৬০ হাত বহল বৃন্দাবনী বস্ত্রখন (স্থানান্তৰত এই বস্ত্রখনৰ বিষদ বর্ণনা দিয়া হৈছে) চাৰিমাহ লাগি তাঁতীকুছিৰ তাঁতীৰ হতুৱাই বােৱাই ৰজা নৰনাৰায়ণৰ হাতত দিয়াত ৰজা আৰু তেওঁৰ ভাতৃ চিলাৰায়ে বস্ত্রখন দেখি আচৰিত হ’ল আৰু গুৰুজনাক ঈশ্বৰৰ অংশ বুলি মানি লৈ ‘মােৱামাৰি পশ্চিমে, মানচৈ দক্ষিণে, তােৰােচা উত্তৰে, ভেলা পূৱে, এই চাৰি হদ (সীমা) কৈ মাটি নানকাৰ (কোনাে ভাল কামৰ বঁটা স্বৰূপে দান দিয়া নিষ্কৰ মাটি) ব্রহ্মোত্তৰকৈ দিলে বিলে সৈতে গৃহ বাৰী ঢাপ কৰাই শস্যে সমে।

শঙ্কৰদেৱে চিলাৰায়ৰ অভ্যন্তৰত পাছত আতে মই নবীন গৃহ কৰি থকাৰ পাছত তােৰােচাৰ দক্ষিণ পাৰৰ ভেলাডােবালৈ গ’ল আৰু চিলাৰায়ে তাতে ঘৰ কৰাই দিলে। ইপিনে আকৌ শঙ্কৰদেৱ দ্বিতীয়বাৰ তীর্থভ্রমণ কৰিবলৈ যাওঁতে লগত যােৱা ভকতসকলে বেহাৰত গছৰ পৰা মৌ এবাহ পাৰি খাইছিল। মাধৱদেৱে ক’লে, হৰি-কথা, মধুপান, গুৰু ভক্তৰ ধূলা পৰা এইখিনি কি পুণ্যভূমিহু’ শঙ্কৰদেৱে কলে—‘বঢ়াৰ পাে, তােমাৰ আমাৰ মধুপুৰ নামে এখনি থান হ’ব।

এয়ে ভেলা মধুপুৰ সত্ৰ। মাধৱ। পুৰুষে জীৱনৰ শেষৰ দুটা বছৰ এই সত্ৰতে কটাইছিল। শ্রীশ্রীমাধৱ দেৱৰ গাৱৰ বদলেৰে বৰনদীৰ পৰা ব্ৰহ্মকুণ্ডলৈকে উজনিৰ ধর্মাচাৰ্যৰ দায়িত্ব পােৱা কমলাবাৰী সত্ৰ, ফুলনী থান আৰু বদুলা সত্ৰ প্ৰতিষ্ঠাৰ যােগেদি উজনি অসম নাম-ধৰ্মৰ বাণী প্ৰচাৰেৰে ধৰ্মসমাজক সমৃদ্ধ কৰি তােলা বদুলা পদ্ম আতাই ভাটৌকুছীয়া কেশৱচৰণ আতা, মনুৰ পাে জয়হৰি, জগন্নাথ চৰণ, যদুমণি, বললাভদ্র আতৈ আৰু লােগুটি দামােদৰ আতৈৰ লগত ভটিয়াই গৈ কোচবেহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমাধৱপুৰুষক লগ কৰিছিলগৈ। মাধৱদেৱে তেওঁক ‘উজনীয়া বাপুঘৰ বুলিছিল।

ভেলা নামটো আহিলেও ভেলা আৰু মধুপুৰ দুখন সত্র, ভেলা সত্ৰ তােৰােচা নৈয়ে খহােৱাত বীৰনাৰায়ণ ৰজাৰ সহায়ত গােবিন্দ আতৈয়েহে মধুপুৰ সত্ৰ পাতে আৰু পিছত চৰিত পুথিত এই সত্ৰকেই ভেলা মধুপুৰ সত্ৰ বুলি কোৱা হৈছে। অসমৰ ভূতপুর্ব মুখ্যমন্ত্রী বিমলাপ্রসাদ চলিহাক সভাপতি হিচাপে লৈ গঠিত মধুপুৰ সত্ৰ পুননিমাণ সমিতিয়ে অসম চৰকাৰৰ সহায়ত এই সত্ৰখন সাজি উলিয়ায় আৰু সত্ৰত শঙ্কৰদেৱৰ ন পদ আৰু মাধৱদেৱৰ ছয়পদ সেৱাৰ বস্তু’ ১০৫ ফুট ওখকৈ নির্মিত গুৰুগৃহত (মঠ) ১৯৬৪ চনৰ ২৬ জানুৱাৰীত কোচবেহাৰৰ মহাৰজাৰ উপস্থিতি আৰু হাজাৰ হাজাৰ ধর্মপ্রাণ ভক্তৰ উপস্থিতিত স্থাপন কৰা হয়।

অসমৰ ভৌগােলিক চাৰিসীমাৰ বাহিৰত হ’লেও কোচবেহাৰ অসমৰ লগত সাংস্কৃতিক এনাজৰীৰে বান্ধ খাই আছে। শঙ্কৰ, মাধৱ, দামােদৰ— তিনিজনা গুৰুৰ সমাধিস্থল এই কোচবেহাৰতেই আছে। গতিকে অসমীয়া মানুহৰ মনৰ মাজত এই মধুপুৰ সত্ৰ আৰু কোচবেহাৰ সদা বিৰাজমান।

সত্ৰাধিকাৰসকল

বুঢ়ীৰ-পো গোবিন্দ আতৈ শ্ৰীশ্ৰীভেলা মধুপুৰ সত্ৰৰ প্ৰথম অধিকাৰ হৈ ছয়কুৰি ভকত সমন্বিতে সত্ৰত অক্ষয় প্ৰদীপ প্ৰজ্জ্বলিত কৰি নাম-কীৰ্ত্তন কৰি থাকে। গোবিন্দ আতৈৰ পিছত ক্ৰমে নিৰঞ্জণ আতৈ, গোপীনাথ আতৈ আদিয়ে সত্ৰৰ দায়িত্ব লয়। পৰৱৰ্ত্তী কালত যিসকল সত্ৰীয়া আতৈ বুঢ়া ভকতে মধুপুৰ সত্ৰ পৰিচালনা কৰে সেই সকল হ’ল ক্ৰমে – কৃষ্ণ বাপু সত্ৰীয়া, ৰামনাথ বাপু সত্ৰীয়া, গোপীনাথ বাপু সত্ৰীয়া, গঙ্গাৰাম ভৰালী, পচাৰাম ভৰালী আতৈ, কিনাৰাম আতৈ, নিৰন আতৈ, তোলন আতৈ, লক্ষ্মীকান্ত আতৈ বুঢ়াভকত, ফটিক চন্দ্ৰ দেৱ গোস্বামী। যোৱা ইং ১৮ এপ্ৰিল ২০১২ চনত পূৰ্বৰ সত্ৰাধিকাৰ ফটিক চন্দ্ৰ দেৱ গোস্বামীৰ মৃত্যুৰ পিছত পূৰ্বৰ ডেকা সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তক সত্ৰাধিকাৰ হিচাপে অভিষেক কৰা হয়।

মধুপুৰ সত্ৰ সমিতি

তোলন আতৈৰ দিনত মধুপুৰ সত্ৰৰ অৱস্থা অতি শোচনীয় হৈ পৰে। কোচবিহাৰৰ ভক্তপ্ৰাণ স্বৰ্গীয় হৰমোহন পোদ্দাৰ আৰু তেওঁৰ পিছৰ পুত্ৰ-পৌত্ৰ সকলে মধুপুৰ সত্ৰৰ সংৰক্ষণ আৰু উন্নতিৰ হকে আহোপুৰুষাৰ্থ কৰিছিল। সত্ৰাধিকাৰ লক্ষ্মীকান্ত আতৈৰ দিনত মধুপুৰ সত্ৰৰ পুনঃনিৰ্মাণৰ কথা চিন্তা কৰি ‘মধুপুৰ সত্ৰ সমিতি’ নামে এখন সত্ৰ সমিতি গঠন কৰা হয়। এই সমিতিৰ জৰিয়তে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় মহেন্দ্ৰ মোহন চৌধুৰীৰ ঐকান্তিক প্ৰচেষ্টা আৰু ৰাইজৰ সহযোগত বৰ্ত্তমান সত্ৰৰ পকাৰ মন্দিৰ, পকা নামঘৰ, প্ৰাচীৰ, ৰাস্তা আদি নিৰ্মাণ কৰা হয়। ১৯৬৮ চনৰ জানুৱাৰী মাহত শঙ্কৰদেৱৰ সমাধি মন্দিৰৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন হয়।

সমল আদি

মধুপুৰ সত্ৰত প্ৰধানকৈ গুৰুজনাৰ সমাধি মন্দিৰ, কীৰ্ত্তনঘৰ আৰু মণিকূট আছে। গুৰু মন্দিৰৰ কাষে কাষে পাঁচটা আতাগৃহ বা ভকতৰ বাহা আছে। সত্ৰাধিকাৰৰ উপৰিও সত্ৰত উদাসীন আৰু কেৱলীয়া ভকত অনেক কেইজন আছে। সত্ৰৰ কাষতে যাত্ৰী সকল আহিলে থাকিব পৰাকৈ সকলো সা-সুবিধাৰে প্ৰায় তিনিশজন মানুহৰ বাবে এটা যাত্ৰীগৃহ আছে। সত্ৰৰ লগতে অসম চৰকাৰৰ এটা সাংস্কৃতিক কেন্দ্ৰ আছে। মূল সমাধি মন্দিৰত গুৰুজনাৰ দিনৰে কিছুমান সেৱাৰ বস্ত্ত সংৰক্ষিত হৈ আছে। সেইবোৰ হ’ল – গুৰুজনাৰ বহা কঠ, তেওঁৰ খৰম, ৰজাই দিয়া লাখুটি, গুৰুজনাৰ হাতৰ জাপ্যমালা, গুৰুজনাই নিজ হাতে লিখা সাঁচিপাতৰ গুণমালা পুথি, তেওঁৰ বৃন্দাৱনী বস্ত্ৰৰ অংশবিশেষ, গুৰুজনাই গুৱা-পাণ গ্ৰহণ কৰা টেমী-কটাৰী সহ সঁফুৰা, গুণমালা পুথিখন লিখা কাপ-মৈলাম ইত্যাদি। ইয়াৰ বাহিৰেও মাধৱদেৱে স্বহস্তে লিখা ঘোষাৰ পুথিখন, তেওঁ জলপান কৰা লোটা আৰু দুজনা গুৰুৰ শৰীৰৰ অংশ অস্থি আদিক সেৱাৰ বস্ত্ত হিচাপে পৰম্পৰাগতভাৱে ৰক্ষা কৰি অহা হৈছে।

ভেলা-মধুপুৰ সত্ৰৰ বিভিন্ন উত্‍সৱ / অনুষ্ঠাসমূহ

সত্ৰত চৈধ্য প্ৰসঙ্গ সম্পূৰ্ণৰূপে চলি থাকে। পুৱাবেলা পুৱাগীত প্ৰসঙ্গ হয়, দুপৰীয়াৰ পৰা আবেলিলৈ ভাগৱত পাঠ, ভাটিবেলা প্ৰসঙ্গ আৰু আই সকলৰ নাম আৰু সন্ধিয়া নাম-কীৰ্ত্তন কৰা হয়। ইয়াত বছৰেকীয়া উৎসৱ হিচাপে আহিন মাহত শঙ্কৰদেৱৰ জন্মোৎসৱ, আৰু কাতি- আঘোণ মাহত ৰাসোৎসৱ পালন কৰা হয়। ফাগুনত ফাকুৱা বা দৌলোৎসৱ, ভাদ মাহত গুৰু দুজনাৰ কীৰ্ত্তন মহোৎসৱ আৰু ব’হাগত ব’হাগ বিহু আদি পালন কৰা হয়। মাঘত প্ৰথমজন সত্ৰাধিকাৰ গোবিন্দ আতাৰ মৃত্যু তিথি মহা পয়োভৰেৰে পালন কৰা হয়।

ভেলা-মধুপুৰ সত্ৰৰ বৰ্তমান অৱস্থা

গুৰুজনাৰ স্মৃতি বিজড়িত এই মহাতীৰ্থভূমি আজি চৰম সংকটত। পূৰ্বতে ৰজাই দান কৰা মাটিৰ বহুখিনিত বেদখল হৈ আৰু বহু মাটি পশ্চিমবংগ চৰকাৰে অধিগ্ৰহণ কৰাৰ ফলত বৰ্ত্তমান সত্ৰৰ নামত ৬০ বিঘামান মাটিহে আছেগৈ। ইয়াৰ ১৯ বিঘা মাটিৰ ওপৰত সত্ৰখন আছে আৰু সত্ৰৰ বাহিৰত ৪১ বিঘা খেতিৰ মাটি আছে। ইয়াৰ পৰা হোৱা কিঞ্চিৎ আয় আৰু সত্ৰলৈ অহা তীৰ্থযাত্ৰী সকলৰ অনুদানেৰে সত্ৰখন চলি আছে।

You can read also

References

  1. I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published.