September 8, 2024

Veer Chilarai Divas | বীৰ চিলাৰায় দিৱস

চিলাৰায় দিৱস মাঘী পূর্ণিমা

( অসমত ২০০৫ চনৰপৰা বীৰ চিলাৰায়ৰ জন্মদিনটো অর্থাৎ প্রতি বছৰৰ মাঘী পূৰ্ণিমাৰ দিনটো চিলাৰায় দিৱস হিচাপে পালন কৰা হয়। মহাবীৰ চিলাৰায়ক বিশেষভাৱে এই দিৱসৰ মাজেৰে স্মৰণ কৰা হয়। চিলাৰায়ৰ জন্ম ১৫৫০ চনত আৰু মৃত্যু ১৫৭৩ চনত হৈছিল।

চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। পিতৃ আছিল বিশ্বসিংহ। ষষ্ঠদশ শতিকাৰ কমতা সাম্ৰাজ্যৰ ৰজা নৰনাৰায়ণৰ কনিষ্ঠ ভাতৃ শুক্লধ্বজ আছিল নৰনাৰায়ণৰ প্ৰধান সেনাপতি। পিতৃৰ মৃত্যুৰ পাছত ৰজা হ’ব খোজা ককায়েক নৰসিংহক খেদি নৰনাৰায়ণক ৰজা হোৱাত চিলাৰায়ে সহায় কৰিছিল। বীৰ শুক্লধ্বজ ইমানেই দ্রুতবেগী আছিল যে তেওঁক এখন চিলাৰ সৈতে তুলনা কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁক চিলাৰায় হিচাপেই জনা গৈছিল।

১৫৫৬ চনত আহোমক প্ৰথমবাৰ পৰাস্ত কৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰ পায়গৈ। আৰু ভায়েক গোঁহাইকমলৰ তত্ত্বাৱধানত কেঁাঁচবিহাৰৰ পৰা তালৈকে চাৰে তিনিশ মাইল দীঘল এটা আলি সজায়। ১৫৬২ চনত আহোমক দ্বিতীয়বাৰ পৰাস্ত কৰি দিখৌ পর্যন্ত উজাই গৈছিল। কছাৰী, জয়ন্তীয়া, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্যসমূহ তেওঁৰ পৰাক্ৰমতেই কোচৰ কৰতলীয়া হৈছিল। ১৫৬৮ চনত গৌড়ৰ লগত যুদ্ধ কৰি পৰাস্ত আৰু বন্দী হয়। কিন্তু গৌড়ৰ ৰজা চুলেমান কৰৰানিৰ বেগমৰ সহায়ত তেওঁ মুক্তি লাভ কৰে। গৌড়ৰ বিৰুদ্ধে দ্বিতীয়বাৰ অভিযান চলোৱা সময়তে বসন্ত ওলাই গংগাৰ পাৰত চিলাৰায়ৰ মৃত্যু হয়।

চিলাৰায় আছিল নৰনাৰায়ণৰ লগত শংকৰদেৱৰ সদ্ভাৱ স্থাপনৰ প্ৰধান সহায়ক। তেওঁ শংকৰদেৱৰ ওচৰত শৰণ লয় আৰু তেওঁৰ সম্পৰ্কীয় ভতিজা ভুৱনেশ্বৰীক বিয়া কৰায়। তেওঁ বিদ্যোৎসাহী পুৰুষ আছিল। তদুপৰি পীতাম্বৰ সিদ্ধান্তবাগীশ আৰু পুৰুষোত্তম বিদ্যাবাগীশক নিজ ৰাজ্যলৈ অনাইছিল আৰু সিদ্ধান্তবাগীশক ৰাজগুৰু পদত বৰণ কৰিছিল।

চিলাৰায় অসম বুৰঞ্জীৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ। চিলাৰায় দিৱস উদ্‌যাপনে অসম বুৰঞ্জীৰ এছোৱা ইতিহাস সকলোকে মনত পেলাই দিয়ে।

You can read also

References

  1. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

Leave a Reply

Your email address will not be published. Required fields are marked *