Tusu Festival History Essay in Assamese | টুচু পৰব - assamintro.com
September 28, 2022

Tusu Festival History Essay in Assamese | টুচু পৰব

চাহ-জনগোষ্ঠীৰ টুচু পৰব

‘টুচু পৰব’ক চাহ-জনগোষ্ঠীৰ মাঘ বিহু বা ভোগালী বিহু বুলি ক’ব পাৰি। চাহ-জনগোষ্ঠীৰ লোকে নিজস্ব পৰম্পৰাৰে এই উৎসৱ পালন কৰিলেও ভোগালী বিহুৰ লগত ইয়াৰ ভালেমান সামঞ্জস্য আছে। টুচু পৰব মাঘ বিহুৰ উৰুকাৰ দিনা আৰম্ভ হয় আৰু মাঘ বিহুৰ অৰ্থাৎ মকৰ সংক্ৰান্তিৰ দিনা সমাপ্ত হয়। ‘টুচু পৰব’ত টুচু দেৱীক পূজা কৰাৰ পৰম্পৰা আছে। অসমীয়া সমাজত মাঘ বিহুৰ পৰম্পৰাৰ লগত জড়িত ভেলাঘৰ সজা, মেজি জ্বলোৱা, আনৰ বাৰীৰ পৰা বস্তু চুৰ কৰা আদি লোক-ধেমালিবোৰ টুচু পৰবতো দেখা যায়। বিভিন্ন প্ৰকাৰৰ পিঠা-পনা প্রস্তুত কৰাৰ জৰিয়তেই এই উৎসৱ মাঘ বিহুৰ লগত মিল দেখা যায়। টুচু পৰব উৎসৱত গীত-মাত পৰিৱেশনৰ সময়ত পুৰুষসকলে সহযোগিতা কৰিলেও টুচু পূজা প্রধানতঃ মহিলা প্রধান অনুষ্ঠানহে।

“পুহ মাহ আৰম্ভ হোৱাৰ লগে লগে কোনোবা এঘৰৰ এজনী অকুমাৰী ছোৱালীক ‘মা’ সাজি লয়। তেওঁক ‘টুচুমা’ বোলে। এই টুচুমাৰ ঘৰতে টুচুদেৱীক প্রতিষ্ঠা কৰা হয়। এখন দোলাৰ ভিতৰত টুচুদেৱীৰ চৌড়ল আৰু মূর্তি সাজি ৰখা হয়। দোলাখন সাধাৰণতে গছৰ পাতেৰে সজোৱা হয়— উপৰে পাতা নিচে পাতা তাৰ ভেতৰে চাহ জনগোষ্ঠীৰ লোকসকলে টুচুক শস্যৰ দেৱী হিচাপে জ্ঞান কৰে। ‘টুচুমা’ গৰাকীয়েই এই পূজা পৰিচালনা কৰে। এই মূৰ্তিটো পূজাৰ সময়ত গোবৰেৰে তৈয়াৰ কৰি লোৱা হয়। টুচু পৰবৰ গীতত আছে এনেদৰে— অশোক বনে পাতেৰ ঘৰে সীতাকে ৰামে ৰাখেছে, যোগীৰ বেশে ৰাৱন আসে সীতা হৰণ কৰেছি। টুচু পূজাৰ পৰম্পৰাৰ লগত বিভিন্ন কিংবদন্তিমূলক কাহিনী জড়িত হৈ টুচু গো।” আছে। দুটা পৰ্বৰ মাজেৰে টুচু পূজা সম্পন্ন হয়। এটা পৰ্ব ঘৰত আৰু আনটো নৈৰ ঘাটত অনুষ্ঠিত হয়। টুচু দেৱীক নৈৰ ঘাটলৈ লৈ যোৱা হয় আৰু নদীত টুচু দেৱীক বিসর্জন দিয়া হয়। দুগৰাকীমান তিৰোতাই দেৱীক নদীত বিসর্জন দিয়াৰ আগেয়ে পানীত ডুব মাৰি কলহত পানী ভৰাই আনে। সেই পানী থাপনাত থোৱা হয়। তেনে সময়ত গোৱা এফাঁকি টুচু গীত হয় “এক আনা দুই আনা পইচা জলে দিলে হয় দুইটা চখৈ চ’খে দেখা হ’লে মনে হয় আগৰ কথা টুচুৰ ঘাগৰা কাছে থাকে।” কোনোবাই ইচ্ছা কৰিলে টুচু দেৱীক নদীত বিসর্জন দিয়াৰ আগেয়ে নিজৰ ঘৰত পদার্পণ কৰাবও পাৰে। শনিবাৰ আৰু মংগলবাৰে টুচুদেৱীক বিসর্জন দিয়া নহয়। টুচু পৰৱৰ লগত বিভিন্ন লোকবিশ্বাস জড়িত হৈ আছে। “টুচু পূজাৰ দিনাখন সূর্যোদয়ৰ লগে লগে স্নান নকৰিলে পৰজনমত গাহৰি হৈ জন্মিব লাগে বুলি তেওঁলোকে বিশ্বাস কৰে। যি ঘৰে মানস কৰি টুচু পূজা পাতে, তেওঁলোকে একেৰাহে অতি কমেও তিনি বছৰ ধৰি এই পূজা পাতিব লাগে।”

টুচুৰ গীতবোৰ কেৱল টুচু পৰবতহে গোৱা হয়। আন সময়ত বা অনুষ্ঠানত গালে গাত খৰ খজুৱতি হয় বুলি তেওঁলোকৰ মাজত বিশ্বাস আছে। টুচু পৰবৰ লগত জড়িত লোকবিশ্বাসবোৰ মানি নচলিলে ঘৰত অপায়-অমংগলে দেখা দিয়ে বুলি বিশ্বাস কৰা হয়। টুচু উৎসৱ মূলতঃ কৃষক জীৱনৰ লগতেই জড়িত। “টুচুৰ উদ্ভৱক লৈ কেইবাটাও ‘মিথ’ জনগোষ্ঠীটোৰ মাজত প্ৰচলিত। মিথসমূহে টুচুক ঐশ্চর্যৰ বাহক আৰু পতিব্ৰতা নাৰী বুলি পতিয়ন নিয়ায়। টুচু পূজাক বংগত প্রচলিত ‘তুচলা’ বা ‘চুচলী’ পূজাৰ ৰূপান্তৰ বুলিও কিছুমানে মত প্রকাশ কৰিছে। এতিয়াও বংগদেশত এই পূজা অতি ধুমধামেৰে পালন কৰা হয়। টুচু পৰবক কিছুমানে কৃষি লক্ষ্মী বা নৱন্না উৎসৱ বুলিও অভিহিত কৰে। সংস্কৃত ভাষাৰ ‘তোষ্’ (তুষ?) ধাতুৰ পৰাও ‘টচ’ বা ‘টুচু’ শব্দৰ উৎপত্তি হৈছে বুলি ক’ব খোজে৷””

টুচুত ব্যৱহাৰ হোৱা গীতবোৰক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ’ল— টুচু পূজাৰ বন্দনা গীত, টুচুৰ আদৰণী গীত, জাগৰণী গীত, টুচু ঘুমোৱা গীত, যোৰানামৰ গীত, টুচুৰ ৰূপ-যৌৱন গুণানুকীৰ্তন কৰা গীত, আই-বোপাই, শাহু-শহুৰ, দেওৰ-ননদ আদিক লৈ গোৱা গীত, ফুলশয্যা বিষয়ক গীত, টুচু যাত্ৰাৰ ভাঁচান গীত আদি। টুচু পৰবে জনগোষ্ঠীটোৰ জাতীয় জীৱনৰ বহু ঠাই অধিকাৰ কৰি আছে। এফালে জনগোষ্ঠীটোৰ মাজত সমন্বয়ৰ বতৰা আৰু আনফালে নাৰীসকলক আদর্শময়ী হোৱাৰ বাবে যোগোৱা অনুপ্ৰেৰণা আদিয়ে টুচু পৰবক বৈশিষ্ট্যপূৰ্ণ কৰি তোলে। টুচু পৰবৰ সময়ত জনগোষ্ঠীটোৰ মাজত বাগিচাই বাগিচাই কুকুৰা যুঁজ অনুষ্ঠিত কৰাৰ পৰম্পৰাও আছে। তেওঁলোকৰ সমাজ জীৱনত এই খেলবিধৰ বিশেষ স্থান আছে। টুচু পৰব অনুষ্ঠিত কৰা মাহটোত তিল পিঠা খোৱা দেখা যায়। টুচু পৰবত ‘খাম আলু’ আৰু ‘মিঠা আলু’ খোৱাৰ পৰম্পৰা আছে। পূজাৰ পাছদিনা নাক-কাণ ফুটুৱাটো শুভ বুলি বিবেচনা কৰা হয়। নাৰীসকলৰ উপৰি চাহ জনগোষ্ঠীৰ পুৰুষসকলেও কাণ ফুটুৱা দেখা যায়। এই টুচু পৰৱতে ডেকা-গাভৰুসকলে জীৱনৰ লগৰী বিচৰাতো ব্ৰতী হয়। টুচু দেৱীক বিসর্জন দিয়াৰ দিনা সকলোৱে লগত লৈ যোৱা পিঠা-পনা ভগাই খাই সম্প্ৰীতিৰ চানেকি দাঙি ধৰে।

Leave a Reply

Your email address will not be published.