March 29, 2024

Seven Bihus in Assamese | সাতবিহু

Seven Bihus in Assamese

অসমীয়াৰ বাপতিসাহােন ৰঙালী বিহু চ’তৰ সংক্ৰান্তিৰ দিনাৰপৰা বহাগ মাহৰ ছয় তাৰিখলৈকে সাত দিন ধৰি পালন কৰে। এই সাত দিন জুৰি পালন কৰা বিহুকে সাতবিহু বােলে। এই সাতবিহু হ’ল গৰু বিহু, মানুহ বিহু, গােসাঁই বিহু, চেনেহী বিহু বা তাত বিহু, নাঙল বিহু, মেলা বিহু বা হাট বিহু আৰু চেৰা বিহু। অৱশ্যে ঠাইভেদে এই সাতবিহুৰ নাম আৰু উদ্যাপন ৰীতিৰ পার্থক্য পৰিলক্ষিত হয়। কোনাে কোনাে ঠাইত মানুহ বিহুক চেনেহী বিহু বুলিও কয়। অন্যহাতে আকৌ কোনাে কোনাে ঠাইত মেলা বিহুৰ দিনা ঘৰচীয়া জীৱ-জন্তুৰ বিহুহে পাতে।

ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। সেয়া হ’ল-

  1. গৰু বিহু,
  2. মানুহ বিহু,
  3. গোসাঁই বিহু,
  4. তাঁতৰ বিহু,
  5. নাঙলৰ বিহু,
  6. জীয়ৰী বা চেনেহী বিহু আৰু
  7. চেৰা বিহু।

গৰু বিহু

সাতবিহুৰ প্ৰথম দিনাই গৰু বিহু। গৰু বিহুৰ দিনা পুৱাই বাঁহৰ শলাত লাও, বেঙেনা আদি সী ‘চাট’ সাজে। মাহ-হালধিৰে নােৱাই নৈ, বিল, পুখুৰী আদিত গৰুক গা ধুওৱাৰ পাছত ‘চাট’ৰপৰা খুলি গৰুৰ গালৈ লাও, বেঙেনা আদি দলিয়ায়। ইয়াৰ পাছত গৰুৰ গাৰ তলেদি পুৰণা পঘা সৰকায়। এনে কৰিলে গৰুৰ বেমাৰ-আজাৰ আদি আঁতৰ হয় বুলি বিশ্বাস আছে। গধুলি গৰুক তৰা আৰু মৰাপাটেৰে তৈয়াৰী নতুন পঘাৰে বান্ধে আৰু মাখিয়তী পাতেৰে গৰুৰ খুড়াবােৰত মাছ-জীয়াই থােৱা পানী ছটিয়ায়। ইয়াৰ উপৰি মহ-উঁহ, অপায়-অমংগল আদিৰপৰা ৰক্ষা পাবলৈ গগাহালিত খেৰ, উঁহ, হাতীশুৰীয়া, পথৰুৱা বিহলঙনি আদিৰে যাগ দিয়ে। গৰু বিহুৰ দিনাই গধূলি জীয়ৰী-বােৱাৰীয়ে হাতত জেতুকা বােলায়। জেতুকাই ছাল, নখ আদিৰ বেমাৰ নিয়ন্ত্রণ কৰে বুলি বিশ্বাস কৰে। সেইদিনা ৰাতিৰপৰাই হুঁচৰি গােৱা আৰম্ভ হয়।

মানুহ বিহু

সাতবিহুৰ দ্বিতীয় দিনা মানুহ বিহু। সেইদিনা ৰাতিপুৱা সকলােৱে গাত মাহ-হালধি সানি গা-পা ধুৱে। তাৰ পাছত নবস্ত্র পৰিধান কৰি সৰুৱে ডাঙৰক সেৱা জনায়। সকলােৱে মিলি জা-জলপান খায় আৰু নতুন বছৰ উপলক্ষে ‘বিহুৱান’ দি ইজনে সিজনক শুভেচ্ছা যাচে। মানুহ বিহুৰ দিনাই নামঘৰত বছৰটোৰ মংগল কামনাৰ বাবে নাম-কীর্তন কৰে।

গােসাঁই বিহু

সাতবিহুৰ তৃতীয় দিন গােসাঁই বিহু। এই দিনটোত নামঘৰ, মন্দিৰ আদিত পূজা-সেৱা আগবঢ়ায়।

চেনেহী বিহু বা তাত বিহু

চতুর্থ দিনা চেনেহী বিহু বা তাত বিহু। অসমীয়া শিপিনীৰ অতি আদৰৰ তঁতশালখনক লৈ এই বিহু আয়ােজন কৰে। সেইদিনা শিপিনীসকলে তাঁতশালৰ সঁজুলিবােৰ ধুই-পখালি চাফ-চিকুণ কৰে।

নাঙল বিহু

সাতবিহুৰ পঞ্চম দিনা অনুষ্ঠিত হয় নাঙল বিহু। সেই দিনা খেতিয়কসকলে খেতিৰ সঁজুলিসমূহ আগন্তুক কৃষিকৰ্মৰ কাৰণে সাজু কৰি তােলে।

মেলা বিহু বা হাট বিহু

মেলা বিহু বা হাট বিহু সাতবিহুৰ ষষ্ঠ দিন পালন কৰা হয়। এই দিনটোত মানুহে ইঘৰ-সিঘৰলৈ গৈ জা-জলপান খাই আন্তৰিকতা সুদৃঢ় কৰে। সেইদিনা বিহু উপলক্ষে বিভিন্ন খেল-ধেমালি, মেলা আদিও অনুষ্ঠিত কৰে।

চেৰা বিহু

সাতবিহুৰ অন্তিম দিনা চেৰা বিহু। সেইদিনা বৰগছৰ গুৰিত গামােচা মেৰিয়াই বিহু উৰুৱায়। সেই বাবেই ইয়াক চেৰা বিহু বােলে। সাতবিহুৰ দিনা ৰাতি সাতবিধ শাক খােৱাৰ নিয়ম আছে।

You can read also

References

  1. I collected from Wikipedia
  2. assam.gov.in

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *