September 8, 2024

Mula Gabharu Biography in Assamese। মূলা গাভৰুৰ জীৱনী

Mula Gabharu Biography in Assamese

মূলা গাভৰুৰ জীৱনী Mula Gabharu Biography in Assamese

নাঙ ম’-লা বা মূলা কুঁৱৰী গাভৰু  এগৰাকী আহোম কুঁৱৰী আৰু এগৰাকী মহীয়সী আহোম যুঁজাৰু মহিলা যি আহোম সৈন্যৰ সেনা মুখ্য (নাঙ হান) আছিল। মূলা গাভৰুৱে মুছলমান আক্ৰমণকাৰী সেনাৰ বিৰুদ্ধে যুঁজ দি সাহসৰ পৰিচয় দিছিল। ১৫২৮ ৰ পৰা ১৫৩২ খ্ৰীষ্টাব্দলৈ চাৰি বছৰ মুছলমান সেনাই দুবাৰকৈ অসম দেশ আক্ৰমণ কৰিছিল। ১৫২৭ চনত স্বামীৰ মৃত্যুৰ পাছত ৫ বছৰ মূলা গাভৰুৱে যুদ্ধৰ প্ৰাৰম্ভিক কৌশল আয়ত্ত কৰিছিল। ১৫৩২ চনত তুৰ্বকে পুনৰ অসম আক্ৰমণ কৰোঁতে মূলা গাভৰুৱে যুঁজ দিবলৈ গৈছিল। আহোম নাৰী যুঁজ দিবলৈ যোৱা দেখি সকলো আহোম সৈন্য দুগুণে উত্‍সাহিত হৈ জয় আহোমৰ জয় ধ্বনিৰে শত্ৰু সৈন্যৰ ওপৰত জঁপিয়াই পৰিছিল। মূলা গাভৰুৰ যুদ্ধৰ সতীৰ্থ হৈছিল তিনিগৰাকী মহিলা যুঁজাৰু জয়ন্তী, পমিলা, ললিতা আদি গাভৰু সকল। Mula Gabharu Biography in Assamese

নাঙ ম’-লা
নাঙ মূলা কুঁৱৰী গাভৰু

জন্ম১৪৮৬
ৰংপুৰ , অসম
মৃত্যু১৫৩২
পেচাআহোম সৈন্যৰ সেনা মুখ্য (নাঙ হান) , ৰাজকোঁৱৰী
জনা যায়অসমৰ বাবে জীৱন ত্যাগ কৰিছিল।
দাম্পত্যসঙ্গীফ্ৰা চ্যেঙ মৌঙ
পিতৃ-মাতৃচাওফা চুপিমফা
সন্তানটন খাম

আত্মজীৱনী

নাঙ মূলা কুঁৱৰী চাওফা চুপিমফাৰ কন্যা অৰ্থাৎ অসমৰ ৰাজকুঁৱৰী আছিল আৰু তেখেতৰ স্বামীৰ নাম ফ্ৰা চ্যেঙ মৌঙ আছিল। মুছলমান সকলে আহোম ৰাজ্য আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল চুহুংমুং বা স্বৰ্গনাৰায়ণ। তেতিয়ালৈ মুছলমানে কেইবাবাৰো অসম আক্ৰমণ কৰিছিল। ফ্ৰাচেনমুং বৰগোহাঁয়ে শুনিলে যে আহোমৰ ৰাজমন্ত্ৰী খুনলুঙ্গ বৰগোহাঁই আদিকে ধৰি বহু আহোম বীৰে মুছলমানৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ হেৰুৱাইছে। এই কথা বৰগোহাঁয়ে আহি মূলা গাভৰুক কোৱাত, মূলাই কৈছিল-

কি কাজ প্ৰাণত নালাগে? যি প্ৰাণ দেশৰ কামত দেশৰ দুৰ্দিনত?
অসমৰ আকাশ ঘোৰ মেঘাচ্ছন্ন। যোৱা স্বামী যুঁজ দিয়া আৰু শত্ৰু সৈন্যক খেদি অসমৰ স্বাধীনতা অক্ষয় ৰাখা।

মূলাৰ কথাত স্বামী বৰগোহাঁয়ে য়ুঁজ দিয়াৰ সাহস পাই পত্নীক উদ্দেশ্যি –

তোমাৰ দৰে নাঙ ৰাই মূৰ্ত্তিমতী যাৰ পত্নী, তেওঁৰ জীৱনত কোনো ধৰণৰ ভয় নাই , চিন্তা নাই পৰাজয়ৰ।
তুমি আজি মোক যি সাহস দিছে তাৰ ফলত তোমাৰ নাম যুগ-যুগান্তৰলৈ থাকিব।
মৃত্যু আৰু জীৱনতকৈ বহু ডাঙৰ স্বাধীনতা অথবা দেশপ্ৰেম।

স্বামীৰ লগত মূলাও যুদ্ধক্ষেত্ৰলৈ যাবলৈ খেদ ধৰাত স্বামীয়ে তেওঁক কৈছিল যে-

যুদ্ধক্ষেত্ৰ নাৰীৰ বাবে নহয়, তুমি মোৰ চেংনাং, কিন্তু যুদ্ধৰ কথা বেলেগ।

তাৰ পাছত মূলা স্বামীৰ যাত্ৰাপথত থিয় হৈ বাধাও দিব নোৱাৰে। বৈ থোৱা কাপোৰ পেৰাত নাই, বৈ দিবও নোৱাৰে, গা- বিধুতি। অজানিত আশঙ্কাত মূলা গাভৰুৰ হৃদয় কঁপনি উঠিছিল। কবচ কাপোৰ আহোম সৈন্যৰ আত্মৰক্ষাৰ কৱচ। বিয়া চকলং কৰোঁতে কইনাই দৰাৰ হাতত হেংদাং তুলি দি কয়- এই অস্ত্ৰেৰে নিজৰ দেশ, নিজৰ পুত্ৰ-ভাৰ্য্যা, ঐশ্বৰ্য আৰু আত্মৰক্ষা কৰিবলৈ সমৰ্থ হওক। দৰাই এশ এগছি জ্বলন্ত চাকিক সাক্ষী কৰি দেশ-জাতি-পুত্ৰ ভাৰ্য্যা আৰু আত্মৰক্ষা কৰিবলৈ হাতত হেংদাং লৈ সঙ্কল্প গ্ৰহণ কৰে। একে ৰাতিৰ ভিতৰতে কপাহ নেওথি, পাঁজি-বাটি, সূতা কাটি , তাঁত লগাই, বৈ উলিয়াব লাগে কৱচ কাপোৰ। এই অনাকটা কাপোৰখন লেংডন দেৱতা আৰু উপৰি পুৰুষক সুঁৱৰি লব লাগে। এই কাপোৰখন টঙালি স্বৰূপে ব্যৱহাৰ কৰে, কৱচ কাপোৰ গাত থাকিলে আহোম সৈন্যই নিজকে অজেয় বুলি ভাবে। এই গভীৰ বিশ্বাস আৰু দৃঢ়তাৰেই খনে খনে ৰণত বিজয়ী হৈ আহোম সৈন্যই ৰাজ্যৰ সমৃদ্ধি বৃদ্ধি কৰিছিল। Mula Gabharu Biography in Assamese

মূলা গাভৰুৱে বঙহৰদেওক লগত কৱচ দি পঠিয়াব নোৱাৰিলে। ফ্ৰাচেংমুং যুদ্ধলৈ যোৱাৰ সাত দিনৰ পাছত মূলাই খৱৰ পালে তেওঁৰ স্বামী আৰু ইহজগতত নাই। শোকত ভাগি পৰিছিল, কিন্তু প্ৰতিজ্ঞাবদ্ধ হ’ল যে যি সকলে তেওঁৰ স্বামীক হত্যা কৰিছে, যিসকলে আহোমৰ স্বাধীনতা হস্তগত কৰিবলৈ উঠি পৰি লাগিছে, সেই শত্ৰু সেনাৰ বিৰুদ্ধে তেওঁ যুঁজ দিবলৈ যাব। সেয়া আছিল মুছলমান সকলে পঞ্চম বাৰ আহোম ৰাজ্য আক্ৰমণ। সেই যুদ্ধত মূলা গাভৰুৰ স্বামী চাও ফ্ৰাচেংমুঙৰ মৃত্যু হৈছিল।

অসম ৰাজ্য ৰক্ষা

ৰণ হুংকাৰ

নাং মূলাই ৰণৰ আগত আহোম ভাষাত এটা ৰণ হুংকাৰ দি সকলোকে ৰণলৈ আহিবলৈ কৈছিল। টাং লাই লে পাই ৰুপটাং হেংদান পই-আন ক্লাঙ-ফাই।
ৰাও খেয় ৰাও মৌঙ মৌঙ দুন চুন খাম টি চেক বান নাইঅসমীয়া ভাঙনি:আজি হেংদান আৰু ক্লাংফাইত মুঠি ধৰি সকলো আগুৱাই আহা।

নিজৰ সোণোৱালী দেশক ৰক্ষা কৰিৱৰ বাবে। Mula Gabharu Biography in Assamese

ৰণ

যুদ্ধ ক্ষেত্ৰলৈ মূলা, লগত সতীৰ্থ আছিল সাহসী যুঁজাৰু মহিলা জয়ন্তী, পমিলা, আৰু ললিতা গল। চাৰিদিন একেৰাহে যুদ্ধ কৰি মূলাই হাতত হেংদাং লৈ বহু শত্ৰু সৈন্যক হত্যা কৰিলে। চতুৰ্থ দিনা মূলাৰ দেখা হল ফ্ৰা চ্যেঙ মৌঙৰ হত্যাকাৰী মুছলমান সেনাপতি তুৰ্বক খানৰ সৈতে। স্বামী হত্যাকাৰী তুৰ্বক খানক দেখি গৰজী উঠিল। দুয়োৰে মাজত হেংদাঙেৰে তয়াময়া ৰণ লাগিল। সেইসময়তে তুৰ্বকৰ এক পাঠান যুদ্ধাই অলক্ষিতে আহি মূলাৰ বুকুৰ মাজেৰে শেল মাৰিলে। মূলা ঢলি পৰিল, যুদ্ধক্ষেত্ৰ তেজেৰে তুমুৰলি হল।

মূলাৰ মৃত্যুৰ পাছত নতুন শক্তিৰে জাগি উঠিছিল আহোম সৈন্য। কনচেং বৰপাত্ৰগোঁহাইৰ নেতৃত্বত আহোম সৈন্যই দিকৰাই মুখৰ ৰণত মুছলমানক পৰাস্ত কৰে আৰু তুৰ্বক খানক হত্যা কৰে। মূলা গাভৰুৰ পতি প্ৰেম, দেশপ্ৰেম নাৰী সমাজৰ উদাহৰণ।

স্মৃতি আৰু স্মৰণ দিৱস

বিদ্যালয়

মূলগাভৰু ছাত্ৰী এম.ই. বিদ্যালয় ১৯৮৭ চনত নাঙ মূলা কুঁৱৰীৰ স্মৃতিত অসমৰ শিৱসাগৰ জিলাৰ দিচাও বটোৱাত স্থাপন কৰা হৈছিল।

মূলগাভৰু দিৱস

মূলগাভৰু দিৱস (ইংৰাজী: Nang Mula Day) অসমৰ ৰাইজে প্ৰতি বছৰে ২৯ মে’ তাৰিখে মূলগাভৰু দিৱস পালন কৰে

বীৰাংগনা মূল গাভৰু বঁটা

প্ৰতিবছৰে টাই আহোম যুৱ পৰিষদ (TYPA) ই মূলগাভৰু দিৱসৰ অনুষ্ঠানত অসমৰ বিশিষ্ট মহিলা সকলক বীৰাংগনা মূল গাভৰু বঁটা প্ৰদান কৰে।

You can Read in English Language About Mula Gabharu Click Here

You also Read

Reference

  1. Asomar Swadhinata Sangrami by Hemanta Kumar Bharali
  2. And I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *