আহোম যুগৰ কেইবিধমান খেল-ধেমালি
আহোম স্বৰ্গদেউৰ দিনত সাধাৰণতে মাঘ বিহু উপলক্ষে ভালেমান ‘যুঁজ’ আয়োজন হৈছিল। সেইবোৰৰ ভিতৰত ম’হযুঁজ, শেনযুঁজ, হাতীযুঁজেই প্রধান। বুৰঞ্জীৰ তথ্য অনুসৰি আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই এই ধৰণৰ খেল চাবৰ বাবে পোন্ধৰ-ষোল্লহতীয়া শালকাঠৰ খুঁটাৰ ওপৰত একোখন চাং নিৰ্মাণ কৰিছিল। অৱশ্যে প্রমত্তসিংহই বৰ্তমানৰ ৰংঘৰটো নিৰ্মাণ কৰি প্ৰজাসকলক খেল-ধেমালি চাবলৈ সুবিধা কৰি দিছিল। পুৰণি অসমৰ ‘যুঁজ’ৰ সম্পৰ্কে বিৱৰণ দি লীলা গগৈয়ে লিখিছে— “ৰংঘৰৰ সমুখত সাধাৰণতে হাতীযুঁজ, মালযুঁজ, বাঘ-ঘোঙৰ যুঁজ, বৰাগাহৰি আৰু বাঘ আদিৰো যুঁজ হৈছে।… হাতীযুঁজ আৰু শেনযুঁজ ৰজাঘৰীয়া খেল-ধেমালিৰ বিশেষ উল্লেখযোগ্য কার্যসূচী।…দঁতাল হাতীকেই যুঁজলৈ অনা হয় আৰু যুঁজৰ বাবে অন্ততঃ দুশ হাতী ৰংঘৰৰ উত্তৰে থকা হাতী থোকত সততেই ৰখা হৈছিল।” তলত আহোম যুগৰ কেইবিধমান খেল-ধেমালিৰ বিষয়ে চমু বিৱৰণ দিয়া হৈছে।
ম’হযুঁজৰ ইতিহাস History of Mohjus in Assamese
মাঘ বিহুৰ সময়ত ম’হযুঁজ অনুষ্ঠিত হয়। এই যুঁজ অনুষ্ঠিত কৰাটো আহোম যুগৰ এক পৰম্পৰা। বুৰঞ্জীত উল্লেখ থকা অনুসৰি ৰংঘৰৰ বাকৰিত আহোম স্বৰ্গদেউসকলে ৰাণী-ৰাজমাউ, ডা-ডাঙৰীয়া, মন্ত্রী-পৰিষদবৰ্গৰে একেলগ হৈ বিহুৰ বতৰত ম’হযুঁজ পাতিছিল। ব’হাগ বিহুৰ সময়তো ম’হযুঁজ অনুষ্ঠিত হৈছিল। অৱশ্যে ব’হাগ বিহুত অনুষ্ঠিত হোৱা এই পৰম্পৰা বৰ্তমান লুপ্তপ্রায়। অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰি আৰু উজনি অসমৰ কোনো কোনো ঠাইত মাঘ বিহুৰ কেইদিনমানলৈ ম’হযুঁজ অনুষ্ঠিত কৰে।
এখন আহল-বহল পথাৰত ম’হযুঁজ অনুষ্ঠিত কৰা হয়। যুঁজ অনুষ্ঠিত হোৱা নিৰ্দিষ্ট দিনত স্বৰ্গদেউ ডা-ডাঙৰীয়া সহিতে প্ৰজাসকল সমবেত হয়। ম’হ
গুৱালবিলাকে যুঁজৰ বাবে সাজু কৰি ৰখা নিজৰ নিজৰ ম’হ লৈ পথাৰত প্ৰৱেশ কৰে। সেই পথাৰতে দুয়োটা ম’হক যুঁজ লাগিবলৈ দিয়া হয়। এটা সময়ত কোনোবা এটা ম’হ যুঁজত পৰাজিত হৈ পলাই পত্ৰং দিয়ে। দুয়োটা ম’হকে তেতিয়া ম’হ গোৱাৰ দুজনে চম্ভালিব লগা হয়। জয়ী ম’হটোৰ গৰাকীক ৰাইজে উৎসাহিত কৰে। কেতিয়াবা কেতিয়াবা ম’হযুঁজত ম’হ ঘাইল হোৱা দেখা যায়। নাইবা কেতিয়াবা ম’হৰ মৃত্যু হোৱাও দেখা যায়। ম’হযুঁজ যথেষ্ট আকর্ষণীয় হয়। বহু দূৰৰ পৰা ঢপলিয়াই আহি মূৰে মূৰে খুন্দা মৰা বা শিঙে শিঙে কৰা যুঁজ দৰ্শকৰ বাবে যথেষ্ট উত্তেজনাময়। ম’হযুঁজ সম্পর্কে ‘দেউধাই অসম বুৰঞ্জী’ত উল্লেখ আছে এনেদৰে— “পাচে সমান চাই গলধন ধৰা দুটা ম’হ নাকী সোলোকাই সেই কোঠৰ ভিতৰত সুমাই দিলে। সিহঁতৰ দেখা দেখি হোৱা মাত্ৰকে মূৰ-মূৰে খুন্দা মাৰি যুঁজ লাগিব। একেটা খুন্দা কাঠত মৰা দি মাৰি যুঁজ কৰি হৰাটো লৰ মাৰি কোঠৰ পৰা ওলাই যায়। জিকাটো পাছে পাছে খেদি অহাত নঙলা মাৰি কোঠৰ ভিতৰত ৰাখে।” 66
যুঁজ লগা দুয়োটা ম’হে বেছিকৈ যুঁজ লাগিলে বৰ গুৱালে টোকোন লৈ যুঁজ ভাঙিব লগা হয়। যদি এই যুঁজত কোনোবাটো ম’হৰ মৃত্যু হয়, তেতিয়া ম’হৰ গিৰীহঁতে যুঁজ অনুষ্ঠিত হোৱা পথাৰতে কাপোৰ পাৰি দিয়ে আৰু তাতে ম’হযুঁজ চোৱা ৰাইজে অৰিহণা আগবঢ়ায়। আজিৰ তাৰিখতো জেৰেঙা পথাৰ, ৰূপহী পথাৰ, মেটেকা পথাৰ, বগীদ’ল, কোঁৱৰপুৰ, আঁহতগুৰি আদি ঠাইত ম’হযুঁজ অনুষ্ঠিত হয়।
You can read also
- ছট পূজাৰ ইতিহাস
- দেৱালীৰ ইতিহাস
- দেৱালী কিয় উদযাপন কৰা হয় তাৰ গুৰুত্ব কি
- Milad un Nabi Festival History in Assamese
References
- assam.gov.in
- Something I collected from Wikipedia
Learning, Awareness and Education is the purpose of this Blog/Website.
If any mistake or error please kindly inform us, thanks