June 30, 2022

Me Dam Me Phi History and Essay in Assamese | মে ডাম মে ফি ৰ ইতিহাস

Me Dam Me Phi History and Essay in Assamese

মে ডাম মে ফি ৰ ইতিহাস History of Me Dam Me Phi in Assamese

মে ডাম মে ফি  হ’ল টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱতআহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক তাঈ আহোম ভাষাতখ্য়েক-লাই বুলি জনা যায়।

Me Dam Me Phi History and Essay in Assamese
ডাম-ফীৰ বাবে দুজন ম’লৌঙৰ, সমুখত তৰ্পনৰ বাবে ৰখা কুকুৰাৰ কণী
তাৰিখ৩১ জানুৱাৰী
আৰম্ভআহোম ৰজাৰ শাসনকালত
অন্তৰএবছৰ
পৃষ্ঠপোষকআহোম

আৰম্ভণি

প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি নিয়ম সমূহ অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম’-মুন্-ম’-মাই দেওধায়ে। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ’-ফী (দেউশাল) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘’ফী’’ক উপাসনা কৰে। এই পূজাত ফুৰা-তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়। এই পৰম্পৰা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত। ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পৰম্পৰা আয়োজন কৰে। ঘৰুৱাভাৱে আয়োজিত এই পৰম্পৰাত পাকঘৰৰ দক্ষিণ দিশৰ খুটা যাক ফ’-কাম বোলা হয় তাৰ কাষত বাছনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়। 

তাৎপৰ্য্য Me Dam Me Phi and its significance in Assamese

টাই-আহোমসকলৰ এইটো এটাজন বিশ্বাস যে, পূৰ্ব্ব পুৰুষসকলে মৃত্যুৰ পিছত ’ডাম-ফী’ মানে দেৱতাৰ ৰূপত সাতখন স্বৰ্গৰ কোনোবা এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা তেওঁলোকৰ পো-নাতি-পৰিনাতি-জীয়ৰী-বোৱাৰী সকলোৰে অভিভাৱকত্ব গ্ৰহণ কৰে। টাই-আহোমসকলে আত্মাৰ পুনৰ জন্মৰ কথা বিশ্বাস নকৰে। তেওঁলোকে মৃতকৰ আত্মাই মাথোঁন কিছুদিনৰ বাবেহে ভ্ৰমি ফুৰিবলগীয়া হয়, উত্তৰ-পুৰুষৰ পৰা পূজা পোৱাৰ পিছতেই তেওঁলোক ’ফি’ বা দেৱতাৰ শাৰীলৈ উন্নীত হয়। ঘৰত বিয়া-বাৰু পতাৰ সময়ত, বিহু আদি উত্সৱত আৰু খেতি চপাই ন-খাওঁতে টাই-আহোমসকলে পূৰ্ব্ব পুৰুষসকলক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁলোকৰ পূজা কৰে। ঘৰুৱাকৈ পতা এনে পূজাক ‘মৃতকক দিয়া পূজা ’ বুলি কোৱা হয়। এনে মৃতকলৈ আগবঢ়োৱা পূজাত মাছ-মঙহৰে ৰন্ধা ভাত, পায়স, মিঠাই আৰু সাঁজ উসৰ্গা কৰা হয়। ‘মৃতকক দিয়াত’ জীৱিত পৰিয়ালটোৱে পূৰ্ব্ব পুৰুষৰ আশীৰ্ব্বাদ বিচাৰে। মৃতক সকলৰ জৰিয়তে দেৱ-দেৱতা আৰু পৰমেশ্বৰলৈও প্ৰাৰ্থনা জনোৱা হয়। টাই-আহোমসকলে বিশ্বাস কৰে যে, দেৱ-দেৱতাসকলক পূৰ্ব্ব পুৰুষৰ যোগেদিহে পাব পৰা যায়। প্ৰয়াত পূৰ্ব্ব পুৰুষৰ আত্মাই গৃহ-দেৱতাৰ ৰূপত পৰিয়ালৰ জীৱিত সদস্যসকলক সুৰক্ষা প্ৰদান কৰে। মৃতকক কৰা পূজাৰ সন্দৰ্ভত এইদৰে কোৱা হয়’ গৃহ-দেৱ্তাই ৰক্ষা নকৰিলে, ঘৰৰ বেৰবোৰে বা ছালখনে মানুহক ৰক্ষা কৰিব নোৱাৰে। মৃতকসকলে ৰক্ষা কৰিলে সাপেও নাকামোৰে, বাঘেও নাখায়, আনকি যমেও নিবলৈ ভয় খায়।

মৃতকসকলক কেবাবিধ দেৱতাত ভগোৱা হয়। এইবিলাক হ’ল- ঘাই ডাম, চি-ৰেণ-ডাম, জাকৰুৱা ডাম, ন ডাম।

  1. ঘাই ডাম: ঘাই মানে মূল আৰু ডাম মানে মৃতক, সেই অৰ্থত ঘাই ডাম মনে হ’ল ঘৰখনৰ আজু-ককা-আইতাসকল।
  2. চি-ৰেণ-ডাম: চি মানে চাৰি আৰু ৰেণ মানে ঘৰ। গতিকে চি-ৰেণ-ডাম মানে হ’ল জীৱিত পৰিয়ালটোৰ চাৰি পুৰুষ হৈ যোৱা আজু-ককা-আইতাসকল।
  3. জাকৰুৱা ডাম: পুত্ৰ সন্তান নথকা মৃতক, সৰুতে ঢুকুৱা, বিয়া নকৰাকৈ ঢুকুৱা আৰু দৈহিক বা মানসিক বিকলাঙ্গতা লৈ ঢুকুৱাসকলৰ জাকৰুৱা ডাম বুলি কোৱা হয়।
  4. ন ডাম: অলপতে ঢুকুৱা পৰিয়ালৰ মূল মানুহজন বা তেওঁৰ পৰিবাৰ বা তেওঁৰ পিতা-মাতাক ন ডাম বুলি কোৱা হয়।

জাকৰুৱা ডামক বাদ দি বাকীসকলক গৃহ ডাম বুলি কোৱা হয়। ’ মে ডাম মে ফি ’ত চাওফী (পূৰ্ব্ব-পুৰুষসকল) আৰু ’ডাম চাও-ফী’সকলক পূজা কৰা হয়। এইসকল হ’ল

  1. খাও খাম,
  2. আই লেংদিন,
  3. জা চিং ফা,
  4. জান-চাই-হাং,
  5. লেংদন,
  6. চিট-লাম-চাম,
  7. মুট-কাম টাই-কুম,
  8. ডাম চাও ফী বা চাও ফী ডাম (তেৰ পুৰুষৰ আগৰ ককা-আইতাসকল),
  9. ৰা-খিম,
  10. বা-খিন।

সেইদিনাখন গৃহ-ডাম আৰু চাংফীসকলক পূজা কৰা নহয় কাৰণ তেওঁলোক মৰ্ত্ত্যৰ দেৱতা। তেওঁলোকৰ পূজা কাতি মাহত আহুধান চপাওতে, আঘোন মাহৰ শালিধান চপাওতে আৰু বিহু আদি উত্‌সৱতহে কৰা হয়। ’মে ডাম মে ফি ’ত পূজাৰ ধৰ্মীয় কামখিনি দেওধাই, বাইলুং আৰু মহন আদি আহোম পুৰোহিতসকলে সম্পাদন কৰে। এই পূজাত ফ্ৰালুং আৰু বানফী আদি টাই পুথিৰপৰা মন্ত্ৰ পাঠ কৰা হয়। পূজা কৰিবলৈ ‘মে ডাম মে ফি ’ উদযাপন কৰা স্থানত খেৰ আৰু বাঁহেৰে এটা আঠ-কোণীয়া প্ৰাৰ্থনা-ঘৰ বনোৱা হয়। সাধাৰণতে তিনি প্ৰকাৰৰ ’মে ডাম মে ফি ’ উদযাপন কৰা দেখা যায় : ৰজা, দেশ আৰু প্ৰজাৰ বাবে ৰাজহুৱা উত্সিৱৰ ৰূপত, ঘৰুৱা ভাৱে বাঁহৰ চাং সাজি পাঁচখন মাইহাং দি আৰু ঘৰুৱা ভাবে তিনিখন মাইহাং দি। খাও-খামক মজিয়াৰ ওপৰত মাইহাং দি আৰু আই লেংদিন, লেংদন, লাং কুৰি আৰু জান-চাই-হাঙক চাঙৰ ওপৰত ৰখা মাইহাঙত পূজা আগবঢ়োৱা হয়। পূজাৰ বেদীত আহোমৰ পবিত্ৰ ধৰ্ম-পুথি ’পাক-পেন-কাকা’ স্থাপন কৰা হয়।

ঐতিহ্য Me Dam Me Phi History in Assamese

চুকাফাই অসমলৈ অহাৰ পথত ঈৰাৱতী নৈ পাৰ হৈয়েই ’মে ডাম মে ফি ’ উদযাপন কৰিছিল। নতুন ৰাজ্য এখন জয় কৰি তাত সুশাসন প্ৰৱৰ্ত্তন কৰিবলৈ পূৰ্ব্ব পুৰুষ, লেংদন আৰু অন্যান্য দেৱতাসকলৰ আশীৰ্ব্বাদ বিচাৰি দৈ-কাও-ৰং পাৰ হোৱাৰ লগে লগে নামৰূপত বুঢ়ী দিহিঙৰ পাৰত তেওঁ আকৌ ’মে ডাম মে ফি ’ পাতিছিল। এইখন পূজাৰ পিছত তেওঁ চৰাইদেইৰ নামনি ভাগত লাঙটেওকাটত ’মে ডাম মে ফি ’ পাতে। চৰাইদেউত ৰাজধানী পাতিবৰ সময়তো পূৰ্ব্ব-পুৰুষ আৰু দেৱতাসকলৰ আশীৰ্ব্বাদ বিচাৰি স্বৰ্গদেৱে ’মে ডাম মে ফি ’ পাতিছিল।

সেইদৰে পিছৰ স্বৰ্গদেউসকলেও বিভিন্ন সময়ত ’মে ডাম মে ফি ’ পাতিছিল। চ্যুহুং-মুঙে (দিহীঙ্গীয়া ৰজাই) (শাসন কাল ১৪৯৭-১৫৩৯) চুতীয়া আৰু কছাৰীসকলক পৰাজয় কৰাৰ পিছত ৰাজ্যজুৰি ’মে ডাম মে ফি ’ আৰু ৰিখন উত্সৱ পাতিছিল। চুখামফা (খোৰাৰজাই) কোঁচসকলৰ লগত সন্ধি স্থাপন হোৱাৰ লগে লগে মে ডাম মে ফি পাতিছিল। কছাৰীসকল আৰু মোগলক পৰাস্ত কৰি চ্যু-ক্লে-মুঙ (গড়-গঙা ৰজা) (১৫৩৯-১৫৫২) স্বৰ্গদেৱেও মে ডাম মে ফি উদযাপন কৰিছিল। চ্যু-চেংফা (প্ৰতাপ সিংহ) (১৬০৩-১৬৪১) কছাৰী দমনৰ বাবে আৰু মোগলৰ লগত যুঁজ দিয়াৰ আগতে আৰু যুদ্ধত জিকি উলহ-মালহেৰে এই ধৰ্মীয় উত্সদৱ তিনিবাৰকৈ পালন কৰিছিল।

হিন্দু ধৰ্মক অধিক প্ৰাধান্যতা দি স্বৰ্গদেউ চ্যু-টাম-লা (জয়ধ্বজ সিংহ)ই মে ডাম মে ফি পতা নাছিল। ফলত দেশখন সেইবাৰ মিৰজুমলাৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল। জয়ধ্বজ সিংহই অতি দুখ মনেৰে আতন বুঢ়াগোঁহাইক কৈছিল, ’বুঢ়াগোঁহাইদেউ, দেৱতাসকলে মোৰ লগ এৰিলে। ’ আতন বুঢ়াগোঁহাইয়ে জয়ধ্বজ সিংহক সান্তনা দি ক’লে, ’স্বৰ্গদেউ, দুখ নকৰিব। জয় আৰু পৰাজয় একেটা টকাৰে ইফাল আৰু সিফাল। যেতিয়া দেৱতাসকল আমাৰ প্ৰতি সদয় হ’ব, দেতিয়া স্বৰ্গদেৱে নিজ প্ৰৰাক্ৰমেৰে বিদেশী শত্ৰুক পৰাভূত কৰিব পাৰিব। ’ ইয়াতে আতন বুঢ়াগোঁহাইয়ে ’মে ডাম মে ফি ’ উদযাপন কৰাৰ কথাকেই পৰোক্ষভাৱে ইঙ্গিত দিছিল। জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ, চ্যু-পুং-মুং (চক্ৰধ্বজ সিংহ) শাসন ভাৰ লৈয়েই মে ডাম মে ফি পাতিবলৈ থিৰ কৰি মন্ত্ৰী পৰিষদৰ উপদেশ বিচাৰিলে ’মোৰ ককাইদেৱে পূৰ্ব্ব-পুৰুষক কোনো পূজা-অৰ্চনা নকৰিলে। সেইবাবেই মুছলমানবোৰে আহি দেশখন বিধ্বংসিত কৰিলে। কাঁড়ী আৰু হাজুৱাবোৰক লণ্ড ভণ্ড কৰিলে আৰু দেশৰ প্ৰজাই জীয়াতু ভুগিলে। বহু মানুহ গোটাব লাগে আৰু পূজা-ভাগ আগবঢ়াব লাগে মই আপোনালোকৰ মতামত জানিব বিচাৰোঁ। ’ বুঢ়াগোঁহাইয়ে ক’লে, ’আগৰ দিনত স্বৰ্গদেউৰ পূৰ্ব্ব-পুৰুষসকলেতো দূৰ্য্যোগৰ সময়ত তাকেই কৰিছিল। ’ ইয়াৰ পিছত চক্ৰধ্বজ সিংহ স্বৰ্গদেৱে অতি ধুম ধামেৰে চৰাইদেউত মে ডাম মে ফি পাতে আৰু তাৰ পিছতে মোগলৰ লগত শৰাইঘাটত কৰা যুদ্ধত জয় লাভ কৰে। এইদৰে আহোমৰ শেষৰজন স্বৰ্গ্দেউৰ দিনলৈকে ৰাজঘৰীয়া ’মে ডাম মে ফি ’ উদযাপিত হৈ আহিছিল।

পৌৰাণিক আখ্যান

এটা প্ৰবাদ আছে যে, স্বৰ্গৰ ৰজা লেংদনে তেওঁৰ দুই নাতি খুন-লুং আৰু খুন-লাইক সোণৰ জখলাৰে নামি আহি পৃথিৱীত ৰাজত্ব চলাবলৈ পঠোৱাৰ সময়ত জ্ঞানৰ অধিশ্বৰ ‘”জাছিংফা”ই তেওঁলোকক উপদেশ দিছিল—’তোমালোকৰ ককা, লেংদনে পৃথিৱীত ৰাজত্ব চলাবৰ বাবে তোমালোকক স্বৰ্গৰ পৰা মৰ্ত্ত্যলৈ পঠাইছে। –যেতিয়া ’ফিন-হা’ মাহ আহিব, পবিত্ৰ ’চিনকৰা’ ফুলবোৰ ফুলিব, তেতিয়া তোমালোকে সেইটো মাহত দিন এটা ঠিক কৰি তেওঁ অৰু অন্যান্য দেৱ-দেৱীসকলৰ নামত জীৱ-জন্তু আৰু আন ভাল ভাল বস্তু উছৰ্গা কৰি পূজা অৰ্চনা কৰিবা। তেতিয়া লেংদনে অন্যান্য আঠ হাজাৰ দেৱ-দেৱীৰ লগত মৰ্ত্ত্যলৈ নামি আহি তোমালোকক আশীৰ্ব্বাদ কৰিব। ’ এইটো বিশ্বাসকে শিৰোধাৰ্য্য কৰি খুন-লুং আৰু খুন-লাইৰ পৰা সৃষ্টি হোৱা পিছৰ বিভিন্ন টাই গোষ্ঠীয়ে নিজকে লেংদনৰ বংশ বুলি জ্ঞান কৰি আজিৰ দিনলৈকে লেংদন, দেৱতাসকল আৰু প্ৰয়াত পূৰ্ব্ব পুৰুষৰ বেলেগ বেলেগ নামেৰে পূজা-অৰ্চনা চলাই আহিছে। ‘”জাছিংফা”ই খুন-লুং আৰু খুন-লাইক আফা, ফুৰালুং, মে ডাম মে ফি আৰু ৰিকখন পূজা কৰিবলৈ উপদেশ দিছিল। ত্ৰয়োদশ শতিকাৰ শেষৰ ভাগত এছিয়াৰ প্ৰায়বোৰ টাই গোষ্ঠীয়ে বৌদ্ধ ধৰ্ম লৈছিল তথাপিতো পূৰ্ব্ব পুৰুষৰ পূজা-অৰ্চনাৰ পৰম্পৰাটো এৰি পেলোৱা নাছিল।

বৰ্তমান অৱস্থা

আহোমসকলৰ মাজত ঘৰুৱা ভাৱে বিহু বা অন্যান্য মাঙ্গলিক উৎসৱত মৃতকক দিয়াটো আৰু সামূহিক ভাৱে ৩১ জানুৱাৰী দিনটোত ’মে ডাম মে ফি ’ক ধৰ্মীয় উৎসৱ হিচাবে পালন কৰাটো এক সামাজিক পৰম্পৰা হৈ পৰিছে। আজিকালি ’মে ডাম মে ফি’ ধৰ্মীয় মাঙ্গলিক অনুষ্ঠানৰ লগতে এক সামাজিক উৎসৱো হৈ পৰিছে। টাইসকলৰ লগত অসমৰ অন্যান্য জাতি-গোষ্ঠীয়েও এই মাঙ্গলিক অনুষ্ঠানটোৰ আহি যোগ দিয়া দেখা গৈছে।

You can read also

References

  1. I collected from Wikipedia
  2. sentinelassam.com

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published.