November 27, 2024

History of Indian Flag in Assamese। ভাৰতৰ জাতীয় পতাকা

History of Indian Flag in Assamese

ভাৰতৰ জাতীয় পতাকা

জাতীয় পতাকা এটা জাতিৰ স্বাধীনতা আৰু আত্মমর্যাদাবােধৰ মূর্ত প্রতীক। দেশৰ ভৌগােলিক অখণ্ডতা, সার্বভৌমত্ব, সাংস্কৃতিক বৈশিষ্ট্য, জাতিৰ আশা-আকাঙ্ক্ষা, আৱেগ-অনুৰাগ, আনকি হৃদয়ৰ প্ৰতিটো স্পন্দন মূৰ্ত্তিমন্ত হৈ উঠে পতাকাৰ বুকুত। সেয়েহে জাতীয় পতাকাই বহন কৰে জাতীয় মর্যাদা আৰু এই মর্যাদা ৰক্ষাৰ কাৰণেই হাজাৰ হাজাৰ বীৰবীৰাংগনাই জাতীয় পতাকা বুকুত সাৱটি লৈ হাঁহি হাঁহি প্রাণ আহুতি দিয়ে।

History of Indian Flag in Assamese
ব্যৱহাৰজাতীয় পতাকা  
অনুপাত২:৩
গ্ৰহন কৰা তাৰিখ২২ জুলাই, ১৯৪৭
সজ্জাআনুভূমিক ত্ৰিবৰ্ণৰঞ্জিত পতাকা (গেৰুৱা, বগা আৰু সেউজীয়া)। সোঁমাজত চৌব্বিশডাল দণ্ডসম্বলিত এটি গাঢ় নীলা ৰঙৰ চক্ৰ।
সজ্জাৰ আৰ্হি প্ৰস্তুতকৰ্তা — পিঙ্গলি ভেংকয়া

ইতিহাস History of Indian Flag in Assamese

১৯৪৭ চনৰ ২২ জুলাইত গণ-পৰিষদে অশােক-চক্র সম্বলিত ত্রিবর্ণ ৰঞ্জিত পতাকাকেই জাতিৰ ঐতিহ্য, সংস্কৃতি, আশা-আকাঙ্ক্ষাৰ মূর্ত প্রতীক স্বৰূপে জাতীয় পতাকাৰ মর্যাদা দান কৰে। ভাৰতীয় জাতীয় পতাকাৰ ইতিহাস দীঘলীয়া অথচ গৌৰৱমণ্ডিত। ১৯০৬ চনত ইংলণ্ড আৰু ফৰাচী দেশত বাস কৰা প্রবাসী, স্বদেশপ্রেমিকসকলে ভাৰতীয় জাতীয় পতাকাৰ পৰিকল্পনা গ্রহণ কৰে। ওপৰভাগত ডাঠ হালধীয়া, মাজ ভাগত বগা আৰু তলৰ ভাগ ডাঠ সেউজীয়া। পতাকাখনৰ হালধীয়া ভাগত ওপৰত আঠোটা তৰা বছা হৈছিল; মাজ ভাগত “বন্দে মাতৰম্” লিখা হৈছিল। সেউজীয়া ভাগৰ বাঁহাতে সূর্য আৰু সোঁহাতে অর্ধচন্দ্র অংকিত হৈছিল। কিন্তু ই স্থায়ী নহ’ল।

স্বাধীনতাৰ আগৰ

১৯১৬ চনত পুনৰ এক নতুন পৰিকল্পনা লৈ এটা তেজী ৰঙা আৰু আনটো সেউজীয়া ৰং সন্নিৱিষ্ট কৰি এখনি পতাকা তৈয়াৰ কৰা হয়; তেজী ৰঙা বােল পাঁচটা আৰু সেউজীয়া বােলৰ চাৰিটা ৰেখা আঁকি বাঁওহাতে ওপৰ চুকত ইউনিয়ন্ জে, মাজত এটি তৰা আৰু তলৰ ফালে হাতীপটিৰ আৰ্হিত তৰা আৰু চন্দ্র অংকিত কৰা হৈছিল। ইও স্থায়ী নহ’ল।

১৯২১ চনত বিজয়ৱাড়াত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনৰ সময়ত অৰ্জৰ এজন যুৱকে গান্ধীজীক ৰঙা আৰু জেউজীয়া ৰঙৰ এখনি পতাকা উপহাৰ দিয়ে। গান্ধীজীয়ে তাৰ লগতে বগা ৰং আৰু যঁতৰ সন্নিৱিষ্ট কৰি পতাকাখন এনেদৰে সংস্কাৰ কৰে ঃ ওপৰ ভাগ বগা, মাজৰ ভাগ সেউজীয়া আৰু তলৰ ভাগ ৰঙা। সোঁমাজত, দৰিদ্ৰ ভাৰতীয় জনসাধাৰণৰ অর্থনৈতিক জীৱনৰ প্রাণকেন্দ্র” যঁতৰ অংকিত কৰা হৈছিল। কংগ্ৰেছ মহাসভাই আনুষ্ঠানিকভাৱে এই প্রতাকাখন গ্ৰহণ কৰা নাছিল যদিও ইয়ে ১৯৩১ চনলৈকে ৰাজহুৱাভাৱে ব্যৱহৃত হৈছিল।

পতাকা

১৯৩১ চনত কৰাচীত বহা কংগ্ৰেছ অধিৱেশনত জাতীয় পতাকা গ্ৰহণৰ প্ৰস্তাৱ গৃহীত হয়। ৱৰ্কিং কমিটীয়ে নিযুক্ত কৰি দিয়া সমিতিয়ে কেৱল ডাঠ হালধীয়া ৰং যুক্ত আৰু বাঁওহাতে ওপৰ চুকত যতৰ-চিত্র অংকিত এখনৰ আৰ্হি দাঙি ধৰে। কিন্তু ই ৱকিং কমিটীৰ পতাকা মনঃপূত নােহাৱাত সেই বছৰৰে আগষ্ট মাহত ৱৰ্কিং কমিটীৰ সকলাে সদস্যই সমূহীয়াভাৱে জাতীয় পতাকাৰ আঁচনি প্রস্তুত কৰে। সেই মতে তিনিটা ৰঙৰ সমাৱেশ ঘটোৱাৰ সিদ্ধান্ত লােৱা হয়। ওপৰত ডাঠ হালধীয়া, মাজত বগা, তলত সেউজীয়া ৰং থাকিব। মাজৰ বগা অংশত যঁতৰৰ চিহ্ন থাকিব। পতাকাৰ আকাৰ ৩ : ২ জোখৰ হ’ব। বােম্বাইত বহা কংগ্ৰেছ কমিটীৰ এই পতাকা জাতীয় পতাকা ৰূপে গ্রহণ কৰে। ৰং তিনিটাৰ অৰ্থ প্রতীকধর্মী বুলি গ্ৰহণ কৰা হৈছিল। সেই মতে ডাঠ হালধীয়া ৰঙটো ত্যাগ আৰু সাহসৰ, বগা ৰংটো সত্য আৰু শান্তিৰ, সেউজীয়া ৰঙটো বিশ্বাস আৰু শান্তিৰ আৰু যঁতৰটো সৰ্বসাধাৰণৰ আশা-আকাঙ্ক্ষাৰ প্রতীক। এইখনি পতাকাকে প্রবন্ধ সকলাে আন্দোলন আৰু অধিৱেশনত উত্তোলন কৰা হৈছিল। স্বাধীনতা সংগ্রাম তীব্রতৰ হােৱাৰ লগে লগে পতাকাখনিয়েও জনপ্রিয়তা অর্জন কৰিবলৈ ধৰে আৰু স্বাধীনতাৰ সৈনিকসকলেও ইয়াক জাতীয় মর্যাদা প্রতিভূ হিচাপে গ্রহণ কৰিছিল।

ইতিহাস (স্বাধীনতাৰ পাছত)

স্বাধীনতা লাভৰ পাছত এই পতাকাখনিকে যঁতৰৰ সলনি এটা চক্র দি জাতীয় পতাকাৰূপে গ্রহণ কৰা হৈছে। চক্ৰটো সাৰনাথত থকা অশােক স্তম্ভত সন্নিৱিষ্ট চক্ৰৰ আৰ্হিত কৰা হৈছে।

প্রতীকৰ অন্তর্নিহিত অর্থ

এই চক্ৰ ভাৰতীয় ঐতিহ্য আৰু কৃষ্টিৰ প্রতীক। জাতীয় পতাকাৰ ৰং আৰু চক্ৰৰ বিষয়ে বিশ্ববিখ্যাত ভাৰতীয় দার্শনিক, প্রাক্তন ৰাষ্ট্রপতি ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণনে এইদৰে ব্যাখ্যা দিছে ঃ গৈৰিক ৰং ত্যাগৰ প্রতীক; ভাৰতীয় জাতীয় জীৱনত ত্যাগৰ আদৰ্শই চিৰদিন প্রাধান্য লাভ কৰি আহিছে। বগা ৰং জ্ঞান-জ্যোতিৰ প্ৰতীক; জ্ঞান-জ্যোতিৰ অনাবিল শিখাই চিৰদিন ভাৰতক সনাতন সত্যৰ পথ প্রদর্শন কৰিব। সেউজীয়া ৰং উর্বৰা ভাৰত ভূমিৰ শস্য-সম্ভাৰৰ নিদের্শক; পাৰ্থিৱ জীৱনৰ ভিত্তি। চক্রটি ধর্ম-চক্র। ধর্ম-চক্র সম্বলিত পতাকাত নিহিত আদর্শ লৈ যিসকলে কর্মত ব্রতী হ’ব সেইসকলক ধর্মই সঠিক পথৰ নির্দেশ দিব। History of Indian Flag in Assamese

চক্ৰৰ অর্থ

বুৰঞ্জীবিদসকলৰ মতে অশােকৰ ৰাজত্বকালে যি দৰে এটা অন্ধকাৰ যুগৰ অন্ত পেলাই আন এটা নতুন আশা-আকাঙ্ক্ষাৰে পূৰ্ণ যুগৰ সূচনা কৰিছে, সেইদৰে এই চক্রইও প্ৰতীকৰূপে ভাৰতৰ বুৰঞ্জীৰ এক সন্ধিক্ষণত এটা শােষণেৰে ভৰা কলঙ্কিত যুগৰ মৃত্যু ঘােষণা কৰি, আন এটা জ্যোতির্ময় শান্তি, প্রগতিৰ যুগৰ সূচনা কৰিছে। বৌদ্ধ সাহিত্যত চক্ৰৰ অর্থ ন্যায় বা ধর্ম। কিন্তু এই ধর্ম সংকীর্ণ আনুষ্ঠানিক ধর্ম নহয়। এই ধর্ম বিশ্ব-জোৰা মানৱ-ধর্ম যিটো যুগে যুগে ভাৰতীয় জাতিৰ মহৎ আদর্শ হৈ আহিছে আৰু সিয়ে হৈছে বিশ্ব-প্রেম, বিশ্বশান্তি আৰু বিশ্ব-প্রগতিৰ ধর্ম।

দার্শনিকসকলৰ মতে চক্রটি হৈছে জাতিৰ জীৱন চক্র, ভাগ্যচক্র।“দেশৰ ভাগ্যচক্রই জীৱনচেতনাৰ সন্ধিক্ষণত ন-কৈ গতি কৰিছে। এই গতি পৰাধীনতাৰপৰা স্বাধীনতালৈ, এন্ধাৰৰপৰা পােহৰলৈ, গ্লানিৰপৰা গৌৰৱলৈ।….. জাতিৰ ভাগ্যচক্ৰৰ গতিশীল যাত্ৰাত অতীত ঐতিহ্য সঞ্জীৱিত হৈ উঠিব, দেশৰ গৌৰৱ বাঢ়িব।”

বহুতৰ মতে এই চক্ৰ সূৰ্যৰ প্রতীক। “ই ভাৰত আকাশত পৰাধীনতাৰ ডাৱৰ আঁতৰাই স্বাধীনতাৰ সূর্যোদয় বুজাইছে।”

বৈজ্ঞানিকসকলৰ মতে চক্ৰটো বৈজ্ঞানিক শক্তি সঞ্চাৰিত উৎপাদনৰ প্রতীক। বিজ্ঞানে স্বাস্থ্য, জ্ঞান আৰু কর্মশক্তি বৃদ্ধি কৰাৰ উপৰি সম্যক দৃষ্টিভংগী দিয়ে। গতিকে জাতীয় পতাকাত অংকিত এই চক্র-বিজ্ঞান চক্র; বিজ্ঞানৰ উত্তৰ্য আৰু প্ৰচাৰ চক্র।

নিজ নিজ দৃষ্টিভংগীৰে জাতীয় পতাকাত নিহিত অর্থ যিয়েইনকৰক লাগে এই কথা সঁচা যে পতাকাই জাতিৰ অতীতৰ ঐতিহ্য, বর্তমানৰ আশা-আকাঙ্ক্ষা আৰু ভৱিষ্যতৰ মধুময় কল্পনা, স্বপ্ন মূর্তভাৱে প্ৰকাশ কৰিছে। জাতীয় পতাকাৰ ছত্রছায়াত ভাৰত বিশ্বৰ বাবে শান্তি, প্রগতি আৰু স্বাধীনতাৰ মূৰ্ত্ত আদর্শ ৰূপে চিৰদিন ধ্ৰুৱতৰাৰ দৰে জিলিকি ৰব। History of Flag of India in Assamese

জাতীয় পতাকা জাতীয় জীৱনৰ প্রতীক। জাতীয় মর্যাদাৰ প্রতীক। সেয়েহে ইয়াৰ ব্যৱহাৰৰ নিয়ম সুনির্দিষ্ট কৰি দিয়া হৈছে।

ব্যৱহাৰৰ নিয়ম

জাতীয় পতাকাৰ ব্যৱহাৰ আৰু প্ৰদৰ্শনী সংক্ৰান্তত একাধিক প্ৰথা অনুসৰণ হয়। মুকলি আকাশৰ তলত সূৰ্যোদয়ৰ সময়ত পতাকা উত্তোলিত হয় আৰু সূৰ্যাস্তৰ সময়ত নমাই দিয়া হয়। বিশেষ বিশেষ ক্ষেত্ৰত চৰকাৰী ভৱনত ৰাতিও জাতীয় পতাকা উত্তোলনৰ ৰীতি আছে।

জাতীয় পতাকা কেতিয়াও ওভতা অৱস্থাত বৰ্ণনা কৰা, প্ৰদৰ্শিত কৰা, বা উত্তোলন কৰা অনুচিত। প্ৰথা অনুসৰি পতাকাখন ৯০ ডিগ্ৰীৰ বেছি আৱৰ্তিত কৰা নাযায়। যিকোনো ব্যক্তিয়ে পতাকাক ওপৰৰ পৰা তললৈ আৰু বাওঁফালৰ পৰা সোঁফাললৈ কিতাপৰ পাত পঢ়াৰ দৰে”পঢ়িব” পাৰে আৰু আবৰ্তিত হোৱাৰ পাছতো যেন এই বৈশিষ্ট্যৰ ব্যতিক্ৰম নহয়। ফটা-ছিঙা বা অপৰিষ্কাৰ অৱস্থাত পতাকাৰ প্ৰদৰ্শনী অপমানজনক। পতাকাদণ্ড বা উত্তোলন ৰছীৰ ক্ষেত্ৰতো একই নিয়ম প্ৰযোজ্য; এইবিলাক যথাযথভাবে ব্যবহাৰ কৰিব লাগে।

১। কোনাে বস্তু বা ব্যক্তিৰ গাত জাতীয় পতাকা লগাব নােৱাৰিব। অৱশ্যে ব্যক্তিগত বা আনুষ্ঠানিক পতাকা ব্যৱহাৰত বাধা নাই।

২। জাতীয় পতাকাৰ সোঁহাতে বা উদ্ধত কোনাে পতাকা উত্তোলন কৰিব নােৱাৰিব। একে শাৰীতে অন্য পতাকা উত্তোলন কৰাৰ প্রয়ােজন অনুভৱ কৰিলে তাক সদায় জাতীয় পতাকাৰ বাওঁহাতে আৰু কিছু চাপৰকৈ উত্তোলন কৰিব লাগিব।

৩। জাতীয় পতাকা বহন কৰি নিব লাগিলে—বাহকে সে কান্ধত ওখকৈ আৰু শােভাযাত্রাৰ সকলােৰে আগত নিব লাগিব।

৪। জাহাজ বা যানবাহন আদিত অন্য পতাকা থাকিলে জাতীয় পতাকা সকলােৰে উৰ্দ্ধত উত্তোলন কৰিব লাগিব।

৫। স্বাধীনতা দিৱস, গণতন্ত্র দিবস আৰু বিশেষ ৰাষ্ট্ৰীয় উৎসৱতহে জাতীয় পতাকা উত্তোলন কৰিব পাৰিব। এনে দিৱসত নিজ নিজ গৃহ। দোকান-পােহাৰ, চৰকাৰী, বেচৰকাৰী সকলাে অনুষ্ঠানতে জাতীয় পতাকা উত্তোলন কৰিব পাৰিব।

৬। চৰকাৰী কার্যালয়, আদালত আদিত জাতীয় পতাকা চিৰ উজ্জীয়ন হৈ থাকিব পাৰে। ৰাষ্ট্ৰীয় শােক দিৱসত অর্ধনমিত হ’ব।

৭। পতাকা ডাঙৰ বা সৰু যিয়েই নহওক, আকাৰ কিন্তু সদায় ৩:২ হ’ব লাগিব। গৈৰিক ভাগ সদায় ওপৰ ভাগত থাকিব। পতাকা উত্তোলনৰ খুটাৰ নির্দিষ্ট জোখ ৪০ ফুট (১৩ মিটাৰ)।

৮। পতাকা উত্তোলন কৰােতে জনতাই শ্রদ্ধা প্রদর্শন কৰিব লাগিব।

৯। ৰাষ্ট্রপতি আৰু ৰাজ্যপালে ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ নকৰি নিজ নিজ পতাকা গাড়ী, মটৰ আদিত ব্যৱহাৰ কৰিব পাৰে।

জাতীয় জীৱনৰ প্রতীক পতাকাৰ সন্মান ৰক্ষা কৰাতাে প্রতিজন নাগৰিকৰে মন্তব্য কর্তব্য।

সদৃশ ৰচনা ঃ ১। জাতীয় আশা-আকাঙক্ষা আৰু জাতীয় পতাকা; ২। জাতীয় পতাকাৰ মর্যাদা; ৩। স্বাধীন দেশৰ জাতীয় পতাকা; ৪। জাতীয় পতাকা জাতিৰ প্রতীক।

You can read also

References

  1. I collected from Wikipedia
  2. deepawali.co.in
  • Learning, Awareness and Education is the purpose of this Blog/Website.
  • If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *