হাতীযু্ঁজ আহোম যুগৰ এক উল্লেখযোগ্য খেল । দেওধাই বুৰঞ্জী মতে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা এই খেলৰ প্ৰচলন হয় । যুঁজৰ বাবে হাতীবোৰক কিছুদিন আগৰেপৰা পুৱা-গধূলি বৰা চাউলৰ ভাত আৰু মাটিমাহ খুৱাই সাজু কৰা হৈছিল ।
অসমৰ অন্যতম এবিধ প্রাচীন খেল হ’ল হাতীযুঁজ ৷ আহোম যুগৰ খেলধেমালিবোৰৰ ভিতৰত হাতীযুঁজ অন্যতম। বুৰঞ্জীৰ তথ্য অনুসৰি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালৰে পৰা ৰংঘৰৰ বাকৰিত হাতীযুঁজ অনুষ্ঠিত হৈছিল। যুঁজৰ
বাবে ভালেমান দঁতাল হাতী মজুত ৰখা হৈছিল৷ হাতীবোৰক মদমত্ত কৰি ৰখাৰ বাবে বহুদিন আগৰে পৰাই সকলোধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল। যুঁজৰ সময়ত এজন পাকৈত মাউত হাতীৰ পিঠিত উঠি লৈছিল। হাতীযুঁজ কৰোৱাৰ আগতে হাতীৰ ডিঙিত এটা ঘণ্টা আঁৰি দিয়া হৈছিল। এই ঘণ্টাটোকে গজঘণ্টা বুলি কোৱা হৈছিল। এই হাতীযুঁজ মুকলি পথাৰত নাইবা কোঠৰ ভিতৰত নিৰ্মাণ কৰা ওখ মাটিৰ ভেঁটিত হয়। হাতীযুঁজত পৰাজিত হোৱা হাতীটো ভিৰাই লৰ মাৰে। গজঘণ্টা ওলোমাই দিয়াৰ বাবে গজঘণ্টা শব্দত প্ৰজাসকল সাৱধান হ’ব পাৰে। হাতীযুঁজ সম্পর্কে ‘দেওধাই অসম বুৰঞ্জীত উল্লেখ আছে এনেদৰে— “যেতিয়া ফাগুন-চ’ত মাহে হাতীৰ কুম্ভহুল বলিয়া হয়, তেতিয়া যুঁজ কৰাৰ কাৰণে শকতকৈ হাতীশালৰ নিচিনা নঙলা দি খোকতে এটা বলিয়া হোৱা হাতী মাউত সহিতে আনি সুমুৱাই বাহিৰলৈ উলিয়াই নঙলা দি থয়। সেই হাতী মাউতে আনি তাক দেখুৱাই দিয়া মাত্রকে খেদি গৈ যুঁজ লাগি দাঁতে দাঁতে থনথনাই থাকে, মুখে মুখেও মাৰে। হাতীযুঁজ প্রায় দুই-চাৰি দণ্ড পর্যন্ত হয়। ৰজাপ্ৰজা সকলোৱে খোকৰ ওপৰৰ পৰা বা ৰংঘৰৰ ওপৰৰ পৰা উঠি ৰং চায়।”
হাতীক মর্যাদাৰ প্রতীক হিচাপে বিবেচনা কৰা হয়। জয়ী হাতীৰ মাউতগৰাকীয়ে ৰজা ঘৰৰ পৰা পুৰস্কাৰ পাইছিল। আহোম ৰজাৰ দিনত হাতী চোৱা-চিতা কৰিবৰ বাবে হাতীবৰুৱা, হাতীফুকন আদি বিষয়বাব আছিল। বনৰীয়া হাতীবোৰ ধৰি আনি ঘৰচীয়া কৰিছিল। বর্তমানেও অসমৰ কোনো কোনো ঠাইত হাজীযুঁজৰ পৰম্পৰা কিছু পৰিমাণে বৰ্তাই ৰখা হৈছে।
You can read also
- ছট পূজাৰ ইতিহাস
- দেৱালীৰ ইতিহাস
- দেৱালী কিয় উদযাপন কৰা হয় তাৰ গুৰুত্ব কি
- Milad un Nabi Festival History in Assamese
References
- assam.gov.in
- Something I collected from Wikipedia
Learning, Awareness and Education is the purpose of this Blog/Website.
If any mistake or error please kindly inform us, thanks