December 3, 2022

Chora khel Utsab | চ’ৰাখেল উৎসৱ

হাজংসকলৰ চ’ৰাখেল উৎসৱ

কৃষিজীৱী হাজংসকলৰ জাতীয় চৰিত্ৰ প্ৰকাশক চ’ৰাখেল উৎসৱটি মূলতঃ তেওঁলোকৰ ব্যস্ততাপূৰ্ণ জীৱনৰ আংশিক অৱসৰ-বিনোদন আৰু অনাগত দিনৰ আশা-আকাংক্ষাৰ চমকপ্রদ প্রকাশ। হাজংসকলৰ লোক-বিশ্বাস অনুসৰি তেওঁলোকৰ সমাজত হেনো পূৰ্বতে বিয়া কৰাবলৈ ছোৱালী পোৱাত বৰ অসুবিধা হৈছিল। প্ৰধানকৈ ল’ৰাই কোনোপধ্যেই বিয়াৰ পূৰ্বে ছোৱালী চোৱা বা পছন্দ কৰাৰ কোনো নিয়ম হাজং সমাজত নাছিল। সেয়ে তেওঁলোকৰ সমাজত বিবাহ উপযুক্ত ডেকাসকলে এটি অভিনৱ পন্থাৰে নৃত্য—গীত কৰি হাজং গাঁৱৰ প্ৰত্যেক গৃহস্থৰ ঘৰলৈ গৈ আলাঙে-আলাঙে সেই গৃহস্থৰ বিবাহযোগ্য কন্যাৰ সন্ধান কৰিছিল, লগতে তাৰ পৰাই তেওঁলোকে (ডেকাসকলে) ভৱিষ্যতে নিজ নিজ লগৰীক বাছি ল’বলৈ প্ৰয়াস কৰিছিল। সেয়ে চ’ৰাখেল উৎসৱটি হাজংসকলৰ বিবাহযোগ্য ল’ৰা-ছোৱালীৰ বৈবাহিক যোগসূত্র স্থাপনৰ এটি উৎসৱ বুলি ধাৰণা কৰা গৈছিল৷

সাধাৰণতে এই চ’ৰাখেল উৎসৱ দীপাৱলী আঁউসীৰ দুই-তিনি দিন আগৰ পৰা আৰম্ভ হৈ প্ৰায় সপ্তাহ ধৰি উদযাপন কৰা হয়। উৎসৱ উপলক্ষে গাঁৱৰ ডেকাসকলে একাদিক্রমে হাজং গাঁৱৰ প্ৰত্যেক গৃহস্থৰ ঘৰলৈ গৈ তাত তেওঁলোকে তেওঁলোকৰ লগত লৈ যোৱা ঢাকী (ঢোল), তাল, বাঁহী আদি থলুৱা বাদ্যৰ বিনন্দীয়া সুৰৰ ধ্বনি তুলি সেই ধ্বনিৰ তালে তালে চ’ৰাখেল উৎসৱৰ বৈচিত্রময় নৃত্য-গীতবোৰ পৰিৱেশন কৰি গৃহস্থক আমোদ দিয়ে। এই চ’ৰাখেল উৎসৱত হাজংসকলে তেওঁলোকৰ লোক-বিশ্বাস পৰম্পৰাৰ ওপৰত আধাৰিত স্বকীয় বৈশিষ্ট্যসম্পন্ন নৃত্য-গীতবোৰ পৰিৱেশন কৰে। এইবোৰৰ ভিতৰত শ্ৰম, আনন্দ, প্ৰেম আৰু যৌৱনৰ উত্তাল তৰংগসূচক ‘লেৱাটানা’ (লতা টনা) নৃত্য-গীত অন্যতম। হাজং সমাজৰ জনশ্রুতি অনুসৰি হাজংসকলে হাবি-বন, গছ-লতা কাটি সমতল ভূমিত প্রথম বসতি স্থাপনৰ সময়তে সৃষ্ট ‘লেৱাটানা’ গীত তেওঁলোকৰ অতীত জীৱন-যৌৱন আৰু প্ৰেম-প্ৰীতিৰ জীৱন্ত প্ৰকাশ। নৃত্য-গীতত ব্যৱহৃত ঢাকী, বাঁহী, তাল আদিৰ শব্দ আৰু সুৰত মূৰ্ত হয় হাজং ডেকা-গাভৰুৰ অব্যক্ত মনৰ প্ৰেম-প্ৰণয়ৰ বিভিন্ন প্ৰসংগ৷ এইবোৰৰ বাহিৰেও জাখামাৰা, টেঙেলা গাহন, কুৰু-পাণ্ডৱ, দেৱী-যুদ্ধ প্রভৃতি নামৰ হাজংসকলৰ জীৱন প্ৰকাশক আৰু চিন্তাচৰ্চাৰ অনেক মনোমুগ্ধকাৰী নৃত্য-গীতৰ প্ৰচলন থকা দেখা যায়। চ’ৰাখেল উৎসৱৰ মাজেৰে ঐক্য-সংহতি-সমন্বয়ৰ সঁচা ৰূপ ব্যক্ত হয়। দিনৰ ভাগত উদ্যাপিত হোৱা এই অনুষ্ঠানত প্ৰথমে গাঁৱৰ সমূহ ৰাইজৰ কুশল কামনা কৰি ভগৱন্ত পুৰুষক ধুপধুনা, চাকি-বন্তি জ্বলাই নিৰ্দিষ্ট উপাচাৰেৰে (পিঠাগুৰি, কল, গাখীৰ আৰু গুৰ মিঠৈৰ মিশ্ৰণ) পূজা সেৱা কৰে, যাক সাধাৰণতে হাজংসকলে ‘ঠাকুৰ সেৱা’ বুলি কয়। হাজং সংস্কৃতিৰ স্বকীয় ‘ৰহী’, ‘কাচা,’ ‘ঘামানি’ আদি নিচাজাতীয় পানীয় এই উৎসৱত ব্যৱহাৰ কৰা দেখা যায়।

উল্লেখযোগ্য যে হাজং বৈষ্ণৱ পন্থীসকলে ‘চ’ৰাখেল খাৱনত’ মাথোন নিৰামিষ আহাৰহে গ্ৰহণ কৰে আৰু ইয়াৰ বাবে এওঁলোকৰ খাৱনৰ যোগাৰ বেলেগে কৰা হয়। সকলোৱে আনন্দ আৰু ফূৰ্তি-তামাচা কৰি খোৱা-লোৱা কৰাৰ পাছত বয়োবৃদ্ধসকলে ডেকাসকলক সুস্বাস্থ্য আৰু মংগল কামনা কৰে। তাৰ পাছত তেওঁলোকৰ বাপতি-সাহোন চ’ৰাখেল উৎসৱৰ স্মৃতি ৰোমন্থন কৰি নিজ নিজ ঘৰলৈ প্ৰত্যাগমন কৰে। ডেকাসকলেও বয়োবৃদ্ধসকলৰ এই আশীৰ্বাদ অন্তঃকৰণেৰে গ্ৰহণ কৰি মনত সীমাহীন আনন্দ লৈ তেওঁলোকৰ আগন্তুক দিনবোৰৰ সফলতাৰ কামনা কৰি নিজ নিজ ঘৰত প্ৰৱেশ কৰে। ইয়াৰ লগে লগে এক দীঘলীয়া পৰিক্ৰমাৰে হাজং গাঁৱৰ হাজং ডেকাসকলে হিয়া উজাৰি পালন কৰা আনন্দ, প্ৰেম আৰু সমন্বয়ৰ দৃঢ় উৎসৱ চ’ৰাখেল উৎসৱৰ যৱনিকা পৰে।

You can read also

References

  1. I collected from Wikipedia
  2. assam.gov.in

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *